ষ্টিফেন হকিঙৰ বিশেষ চকীখন

আধুনিক কালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত অন্যতম এজন হৈছে ষ্টিফেন হকিং৷ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যসমূহ বৈজ্ঞানিক পদ্ধতিৰে অনুধাৱন কৰিবলৈ যত্ন কৰা বিজ্ঞানীগৰাকীয়ে জীৱন্ত কালতেই “চেলিব্ৰিটি ষ্টেটাজ” লাভ কৰিছে৷ বিজ্ঞানৰ উল্লেখযোগ্য তত্ত্বসমূহৰ উপৰি একৈশ বছৰ বয়সতেই ‘মটৰ নিউৰন’ নামৰ দুৰাৰোগ্য ব্যাধিয়ে কোঙা কৰি পেলোৱা নিষ্প্ৰাণ শৰীৰটোৰ লগত তেওঁৰ তেজস্বী মনৰ যি অক্লান্ত যুঁজ, সেই যুঁজেও তেওঁক এক চমৎকাৰী সত্বাৰূপে প্ৰতিষ্ঠা কৰিছে৷ নিঃসন্দেহেই এই জনপ্ৰিয় ব্ৰিটিছ বিজ্ঞানীগৰাকী সকলোৰে অনুপ্ৰেৰণাৰ উৎস৷

ষ্টিফেন হকিং বুলি ক’লেই সেই বিশেষ কম্পিউটাৰ-সংযুক্ত চকীখনৰ অবিহনে যেন কল্পনাই নহয়! প্ৰকৃতাৰ্থত কি আছেনো হকিঙৰ সেই বিশেষ চকীখনত? প্ৰতিজন অনুসন্ধিৎসু মনৰ কাৰণে ই এক বিষ্ময়!

চকীখনৰ সকলো নিয়ন্ত্ৰণ, চকীখনৰ এটা বাহুত সংস্থাপন কৰা উচ্চ ক্ষমতা সম্পন্ন এক ‘টেবলেট’ কম্পিউটাৰৰ দ্বাৰা হয়৷ শক্তিৰ উৎস হিচাপে এটা শক্তিশালী বেটাৰী চকীখনৰ তলৰ অংশত, অৰ্থাৎ চকা চাৰিটাৰ ঠিক ওপৰতে ৰখা হয়৷ সেই বেটাৰীয়েই সাধাৰণতে কম্পিউটাৰকে ধৰি চকীখনৰ সকলো ইলেক্ট্ৰিকেল সঁজুলীৰ শক্তিৰ উৎস৷ ‘টেবলেট’ কম্পিউটাৰটোৰ কাৰণে অবশ্যে এটা বেলেগ বেটাৰীও সংলগ্ন হৈ আছে৷ চকীখনৰ ঠিক পাছফালৰ ওপৰৰ অংশত সংলগ্ন হৈ আছে উন্নতমানৰ তিনিটা ‘ধ্বনি সংশ্লেষক’ (স্পিছ ছিনথেছাইজাৰ)৷ ‘টেবলেট’ কম্পিউটাৰটোৰ ঠিক তলতেই সংলগ্ন কৰা আছে Universal remote নামৰ এটা IR remote. যাৰ সহায়ত Universal remote ৰ লগত বিশেষ প্ৰযুক্তিৰে বান্ধ খাই থকা ঘৰৰ লাইট, টেলিভিচনকে ধৰি কোঠাৰ দুৱাৰ খনলৈকে চকীখনৰ পৰাই প্ৰয়োজন সাপেক্ষে তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে৷ ইয়াৰ উপৰি চকীখনৰ তলত ভৰি থোৱা অংশটোৰ ওচৰতে সংযুক্ত কৰা আছে এটা peripheral box. য’ত USB, audio jeek আদি সংযোগ কৰিব পৰা সুব্যৱস্থা আছে৷ ইয়াৰ উপৰি এই বিশেষ প্ৰযুক্তিৰ দ্বাৰাই চকীখনত সংযুক্ত বিভিন্ন ইলেক্ট্ৰনিক সঁজুলিসমূহৰ ‘ভল্টেজ’ নিয়ন্ত্ৰণ কৰা হয়৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আশীৰ্বাদ স্বৰূপ এই চকীখনেই হকিঙৰ বৰ্তমান আধুনিক জীৱন৷

প্ৰথম অৱস্থাত তেওঁ এখন সাধাৰণ (চকা লগোৱা চকী) হুইল চেয়াৰৰ সহায়তেই বিভিন্ন সভা, চেমিনাৰ আদিত অংশগ্ৰহণ কৰিছিল৷ সময়ৰ লগে লগে হকিঙৰ দেহৰ ওপৰত ৰোগবিধৰ প্ৰকোপো বেছি বাঢ়ি আহিল৷ ১৯৮৫ চনত জেনেভাৰ এখন সভাত অংশ গ্ৰহণ কৰিবলৈ যাওঁতেই তেওঁৰ কণ্ঠস্বৰ অত্যাধিক দুৰ্বল হৈ পৰিল৷ যাৰ ফলত বিয়াল্লিছ বছৰ বয়সতেই হকিঙে নিজৰ কণ্ঠস্বৰ হেৰুৱাব লগা হ’ল৷ সেই সময়তেই কেলিফৰ্নিয়াৰ wordplus নামৰ এটা প্ৰতিষ্ঠানে AMD processor যুক্ত এটা আধুনিক কম্পিউটাৰৰ লগত এক বিশেষ ধৰণৰ ‘স্পিছ-ছিনথেছাইজাৰ’ চকীখনৰ লগত সংযোগ কৰি দিছিল৷ কিন্তু পাছৰ সময়চোৱাত হকিঙৰ শৰীৰৰ অধিক অৱনতি ঘটাত ১৯৯৭ চনত Intelৰ এটা অভিযন্তা দলে চকীখনত সংযুক্ত পুৰণি ‘স্পিছ-ছিনথেছাইজাৰ’ সলনি নতুন উন্নত মানৰ এটা ‘স্পিছ-ছিনথেছাইজাৰ’ লগতে কম্পিউটাৰ-ছিছটেমটোৰ বহুখিনি সালসলনি কৰিলে৷ কিছুবছৰ আগলৈকে ‘স্পিছ-ছিনথেছাইজাৰ’ সংযুক্ত ‘ক’ছটিউম ইলেক্ট্ৰিক হুইল চেয়াৰ’খন, তেওঁৰ কাৰ্যক্ষম হৈ থকা এখন হাতৰ এটা আঙুলিয়ে পৰিচালনা কৰিছিল৷ কিন্তু ২০০৮ চনৰ পাছৰ পৰা তেওঁৰ শৰীৰ ইমানেই দুৰ্বল হৈ পৰিল যে সেই আঙুলিটোও কাৰ্যক্ষম নোহোৱা হৈ পৰিল৷ বৰ্তমান কাৰ্যক্ষম হৈ থকা একমাত্ৰ মুখৰ কিছু অংশৰ মাংসপেশীৰেই তেওঁ চকীখনত সংযুক্ত সেই আধুনিক কম্পিউটাৰটো নিয়ন্ত্ৰণ কৰিব পাৰে৷ আচৰিত যেন লাগিলেও বিজ্ঞান-প্ৰযুক্তিবিদ্যাই এইয়াও সম্ভৱ কৰি তুলিলে৷

চকীখনৰ এটা বাহুত সংযুক্ত হৈ থকা বাৰ ইঞ্চি ডিছপ্লে (display) সংযুক্ত উচ্চ-ক্ষমতাসম্পন্ন কম্পিউটাৰটোত EZ KEY নামৰ এক বিশেষধৰণৰ ‘ইন্টাৰফেছ’ ব্যৱহাৰ কৰা হৈছে৷ EZ KEY হৈছে এখন ‘অন-স্ক্ৰীণ চফ্টৱেৰ কী-ব’ৰ্ড’৷ যাৰ সহায়ত হকিঙে অনায়াসে কম্পিউটাৰৰ “মাউছ” ৰ পৰা বাকী ‘এপ্লিকেইছন’সমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰে৷ কম্পিউটাৰ স্ক্ৰীণত এক নিয়ন্ত্ৰিত গতিত ‘অন-স্ক্ৰীণ কী-ব’ৰ্ড’খনৰ ওপৰত ভাঁহি থকা cursor ডাল হকিঙৰ মুখমণ্ডলৰ কিছু মাংস-পেশীৰ দ্বাৰা নিয়ন্ত্ৰিত৷ হকিঙৰ ঠিক চকুৰ তলৰ মাংস-পেশীবোৰ লৰচৰ হ’লেই (cheek movement) তেওঁৰ চশমাত সংযুক্ত এক বিশেষ ধৰণৰ Infrared sensorবিধ সক্ৰিয় হৈ পৰে, যি ‘scanner’লৈ এক সংকেত প্ৰেৰণ কৰে৷ যাৰ ফলত ‘scanner’য়ে হকিঙে বিচৰা আখৰটো ‘অন-স্ক্ৰীণ কী-ব’ৰ্ড’ৰ পৰা বছি দিব পাৰে৷ অৰ্থাৎ তেওঁ যিটো আখৰ বাছি ল’বলৈ চেষ্টা কৰে সেই ঠাইতে cheek movementৰ সহায়ত cursorডাল ৰখাই দিয়ে৷ এই বিশেষ প্ৰযুক্তিৰ দ্বাৰাই তেওঁ এখন মেনুৰ পৰা আন এখন মেনুলৈ যাব পাৰে আৰু এইদৰেই তেওঁ ক’ব বিচৰা এটা এটা বাক্য সাজি ‘স্পিছ-ছিনথেছাইজা’ৰলৈ প্ৰেৰণ কৰে৷ শেষত ‘স্পিছ-ছিনথেছাইজাৰ’য়ে কম্পিউটাৰৰ পৰা পোৱা ইনপুটক ইলেক্ট্ৰনিক শব্দলৈ ৰূপান্তৰ কৰে৷

হকিঙৰ শাৰীৰিক দুৰ্বলতা ইমান জটিল যে এটা বা দুটা আখৰ লিখিবলৈ তেওঁক প্ৰয়োজন হয় এক মিনিট পৰ্যন্ত৷ ইনটেলৰ অভিযন্তাসকলে এই সমস্যাৰ সৰলীকৰণ কৰিছে এক বিশেষ প্ৰযুক্তিৰদ্বাৰা৷ তেওঁলোকে Predictive -word process নামৰ এক বিশেষ ধৰণৰ আধুনিক প্ৰযুক্তি হকিঙৰ কম্পিউটাৰত সংযোগ কৰিছে৷ যদি হকিঙে কম্পিউটাৰ স্ক্ৰীণত ভাঁহি থকা ‘অন-স্ক্ৰীণ কী-ব’ৰ্ড’ৰ পৰা “The” শব্দটো বাচি লয়, তেন্তে সেই Predictive-word process ছিছটেমটোৱে পৰৱৰ্তী ৱৰ্ডটো “Black” হ’ব বুলি স্ক্ৰীণত দেখুৱায় আৰু যদি স্ক্ৰীনত দেখাই থকা “Black” শব্দটোকে হকিঙে “cheek movement”ৰ সহায়ত বাছি লয়, তেন্তে পৰৱৰ্তী শব্দটো যে  “Hole” হ’ব তাক ছিছটেমটোৱে তাৎক্ষণিতভাৱে নিশ্চিত কৰে৷ অৰ্থাৎ হকিঙে যে ‘The Black hole ‘ বাক্যটো সাঁজিব বিচাৰিছে তাক ছিছটেমটোৱে এইদৰেই নিশ্চিত কৰে ৷ এইদৰেই দুই-তিনিটা শব্দ হকিঙে ‘অন-স্ক্ৰীণ কী-ব’ৰ্ড’ত লিখিলেই ছিছটেমটোৱে হকিঙে বিচৰা সম্পূৰ্ণ বাক্যটো সাঁজি দিয়ে৷ বৰ্তমান হকিঙৰ চকীখনত ‘Windows 10’ সংযোজিত আধুনিক কম্পিউটাৰটোৰ ‘কনফিগাৰেচন’ এনেধৰণৰ—

Lenovo Yoga 260 Intel® Core™i7-6600U CPU, 512GB ‘চলিড-ষ্টেট ড্ৰাইভ’ (solid-state drive) আৰু ‘আউটপুট’ ইলেক্ট্ৰনিক শব্দৰ বাবে ‘টেবলেট কম্পিটাৰটো’ত Speech Plus নামৰ প্ৰতিষ্ঠানটোৰ পৰা তৈয়াৰী তিনিটা স্পিছ-ছিনথেছাইজাৰ সংযুক্ত হৈ আছে৷ হকিঙৰ এই ‘ক’ছটিউম ইলেক্ট্ৰিক হুইল চেয়াৰ’ ছিছটেমটোক এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত অভিযন্তাৰ এটা বিশেষ দলে ‘আপগ্ৰেড’ কৰি থকে৷

‘মটৰ নিউৰন’ৰ দৰে মৰাত্মক ব্যাধিৰ লগত সহনিবাস কৰিও এই ধৰণৰ আধুনিক প্ৰযুক্তিৰ দ্বাৰাই তেওঁ বিশ্বচৰ্চিত কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ লিখাকে ধৰি বিভিন্ন সভা, চেমিনাৰ আদিত বক্তৃতা প্ৰদান কৰি আহিছে৷ মহাকাশ বিজ্ঞানৰ নিৰলস সাধকজনক প্ৰযুক্তিবিদ্যায়ে এক নৱজীৱন দিছে সেই বিশেষ চকীখনেৰেই৷ অদ্ভুত যেন লাগিলেও প্ৰযুক্তিবিদ্যাই ইয়াকো সহজ কৰি তুলিলে৷ মস্তিষ্কৰ বাহিৰে শৰীৰৰ সকলো অংগ পেৰেলাইছিছ অৱস্থাত থকা হকিঙৰ সম্বল এই চকীখনেই৷ এনেদৰেই হকিঙে বৰ্তমান ৭৫টা বসন্ত অতিক্ৰম কৰিছে৷

ফটো উৎস: HowItWorksDaily

No Comments

Post A Comment