বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উত্তৰ পূৰ্বাঞ্চল

Image Source : Shutterstock

Image Source : Shutterstock

বৰ্ত্তমান যুগটো হ’ল প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতাত নিজকে জিলিকাই তুলিবলৈ চেষ্টা কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়েও। কলা-সংস্কৃতিত পূৰ্বৰে পৰা দক্ষ ছাত্ৰ-ছাত্ৰীসকল যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাটো পাৰদৰ্শী সেইয়া প্ৰমাণ কৰি আহিছে যদিও সংখ্যাটো তেনেই তাকৰ। সেইবাবেই বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চৰকাৰেও এখন উন্নত প্ৰযুক্তিবিদ্যাৰে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চল গঢ়িবলৈ চেষ্টা কৰিছে।

আমাৰ জীৱনৰ আৰম্ভণিৰে পৰাই আমি দেখোঁ সুন্দৰ মোহনীয় প্ৰকৃতি, গ্ৰীষ্ম-বসন্ত-শীতৰ সন্তুলিত মিশ্ৰণ, বসন্তৰ কোমল সেউজীয়া পাত, কুলি কেতেকীৰ মৌ-মিঠা মাত, বৰ্ষাৰ সেউজী পথাৰখন, শৰতৰ ৰাতিৰ সেমেকা শেৱালীৰ স্নিগ্ধ সুবাসিত নিয়ৰকণা, শীতৰ ৰোমান্তিক শিহৰণ।তাৰ মাজে মাজে উদযাপন কৰোঁ প্ৰকৃতিৰ লগত জড়িত আৱেগেৰে আমাৰ উৎসৱবোৰ। এই প্ৰেমৰ মাজতেই আমি সময়ৰ সোঁতত আগবাঢ়ো। সংস্কৃতিৰ চিৰ প্ৰবাহিত তেজ আমাৰ শিৰাই শিৰাই। কিন্তু সময়ৰ আহ্বানে আমাকো টানি লৈ যায় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৰিসৰৰ ভিতৰলৈ। নহ’লে জীৱনটো যে কিমান কষ্টকৰ হ’ব! সেই উদ্দেশ্যতেই পৃথিৱীৰ আন আন ঠাইৰ যুৱক-যুৱতীৰ লগত ফেৰ মাৰিবলৈ আগবাঢ়ি আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতী। ইয়াৰ বাবে সহায় কৰিছে বিভিন্ন প্ৰতিষ্ঠানবোৰে শিক্ষানুষ্ঠানবোৰৰ লগত। উদাহৰণস্বৰূপে, IITG, NIT (Silchar), NEHU, School of Engineering (Tezpur University), NERIST, NIT (Agartala), AEC, JEC ইত্যাদি শিক্ষানুষ্ঠান আৰু বহুতো বাণিজ্যিক প্ৰতিষ্ঠান। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ কষ্টকো উপেক্ষা কৰিব নোৱাৰি। বিভিন্ন ধৰণৰ প্ৰতিযোগীতাৰ আয়োজন আৰু সফল অংশগ্ৰহণত তাৰ প্ৰতিফলন ঘটিছে।

তথাপি এটা কথা নুই কৰিব নোৱাৰি যে আমি তুলনামূলকভাৱে পিছ পৰি আছো। কিন্তু কিয়? এই কিয়ৰ পম খেদি যদি আমি বিচাৰ কৰো তেন্তে দেখিম যে উত্তৰ-পূৰ্বাঞ্চলত পোৱা সুবিধাৰ অভাৱে এনে অৱস্থাৰ সৃষ্টি কৰিছে। যাতায়তৰ অসুবিধা ইয়াৰ এটা মূল কাৰণ। তাৰ পাছতে গুৰু উদ্যোগৰ অভাৱ আন এটা মূল কাৰণ, যাৰ ফলস্বৰূপে যথেষ্ঠ পৰিমাণে প্ৰযুক্তিগত অভাৱৰ আমি মুখামুখি হওঁ। তৃতীয়তে, আমাৰ মাজত উপলব্ধ সম্পদৰ উচিত আৰু সদ প্ৰয়োগ প্ৰয়োজনীয় হাৰত কৰিব পৰা হোৱা নাই বৰ্তমানেও। কিন্তু তথাপিও, এই সকলোবোৰ সমস্যাৰ এটা ভাল ফল আমি পাই আছো যে আমাৰ প্ৰকৃতি এতিয়াও বহুত শক্তিশালী ৰূপত আছে।

Image Source : Shutterstock

Image Source : Shutterstock

প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ উত্তৰ-পূৰ্বাঞ্চলত বাৰুকৈয়ে প্ৰয়োজনীয়। অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্য ইমানেই মোহনীয় আৰু বিচিত্ৰ যে বহুতো দেশে আৰু প্ৰতিষ্ঠানে পৰ্যটন ক্ষেত্ৰত বিনিয়োগ কৰাৰ বাবে সঁহাৰি আগবঢ়াইছে। গতিকে প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা ব্যৱহাৰ কৰি এই বিষয়ত যথেষ্ঠ সংখ্যক কৰ্মনিয়োগ সৃষ্টি কৰিব পাৰে। ঠিক তেনেদৰে পেট্ৰলজাত সামগ্ৰীৰ উচিত আৰু কাৰিকৰী প্ৰয়োগ তেওঁলোকৰ আন এক প্ৰকল্প হ’ব পাৰে। অৱশ্যে চৰকাৰে এটা গেছ ক্ৰেকাৰৰ নিৰ্মাণ ইতিমধ্যে আৰম্ভ কৰিছে। সম্পদৰ ফালৰ পৰা চাবলৈ গ’লে বাঁহৰ সুপ্ৰয়োগ এতিয়ালৈকে হোৱা নাই। বাঁহৰ অভিযান্ত্ৰিক ডিজাইন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ডিজাইন পাৰ্গত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কৰ্মসংস্থাপন কৰিব পাৰে। তেনেদৰে বিভিন্ন ঔষধৰ লগত জড়িত গৱেষণাত অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীয়ে কাৰিকৰী সহযোগ দিব পাৰে, যিহেতু অঞ্চলটো ঔষধি দ্ৰৱ্যৰে ভৰপূৰ। তাৰোপৰি ধ্বংসকাৰী ব্ৰহ্মপুত্ৰক সৃষ্টিকাৰী উদ্যোগ হিচাপে পৰিণত কৰাটো উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আটাইতকৈ প্ৰত্যহ্বানমূলক সমস্যা। যদি এই ক্ষেত্ৰত সফল হ’ব পৰা যায় তেন্তে অঞ্চলটোৱে হাৰাশাস্তিৰ পৰা মুক্তি পোৱাৰ লগতে পাব যথেষ্ট পৰিমাণৰ প্ৰাচুৰ্য্য।

মানদণ্ড আৰু জ্ঞানৰ ফালৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী বহু পৰিমাণে আগবঢ়া। কেৱল অন্যান্য সুবিধাৰ অভাৱ। সেইকাৰণে বাহিৰলৈ উচ্চ শিক্ষাৰ বাবে গ’লে তেওঁলোকে দাঙি ধৰে অনন্য প্ৰতিভাৰ নিদৰ্শন। এই সকলোবোৰ সফলতা বিফলতা বিশ্লেষণ কৰি দেখা যায় যে বৰ্তমান যুৱচাম নিজে আগবাঢ়ি অহা উচিত। যিমান সম্ভৱ এটা চামে নিজৰ বাবে আৰু তাৰ পাছত অনুজসকলৰ কাৰণে বাট মুকলি কৰি গৈ থাকিলে ই এটা পৰম্পৰা হৈ যাব আৰু অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় উন্নতি হ’ব। বিভিন্ন ক্ষেত্ৰত অগ্ৰণী ব্যক্তিৰ সহায় আৰু মূলত: ছাত্ৰ-ছাত্ৰীৰ প্ৰতিজ্ঞাবদ্ধ স্বাধীন চিন্তাই নিজৰ আৰু ভৱিষ্যত প্ৰজন্মৰ উন্নতি সাধিব। এয়াই হ’ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃত প্ৰত্যাহ্বান।

(২০১০ চনৰ টেকক্ষেত্ৰ উপলক্ষে প্ৰকাশিত আলোচনীৰ পৰা।)

 

লেখক:- নৱজিৎ শইকীয়া।

তৃতীয় ষান্মাসিক, সংগণক বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ,

তেজপুৰ বিশ্ববিদ্যালয়।

No Comments

Post A Comment