16 May বিজ্ঞান সম্পৰ্কে সকলোৱে কি শিকা উচিত
যদি বিজ্ঞান সম্পৰ্কে অন্ততঃ এটা কথা সকলোৱেই শিকা উচিত, তেন্তে সেই কথাটো কি? “স্পাইক” নামৰ ব্ৰিটিছ আলোচনীখনৰ পৰা পদাৰ্থ-বিজ্ঞান, গণিত, চিকিৎসা-বিজ্ঞান, ভূগোল-বিজ্ঞান আদি বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ২৫০ গৰাকী বিজ্ঞানীক এই প্ৰশ্নটো কৰা হৈছিল। ইয়াৰে সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু চিন্তা-উদ্ৰেককাৰী উত্তৰসমূহক লৈ “দ্য গাৰ্ডিয়েন” কাকতত এটা লেখা প্ৰকাশ পাইছিল। লেখাটোত প্ৰকাশিত সেই উত্তৰসমূহৰে কেইটামান তলত অসমীয়া অনুদিত ৰূপত আগবঢ়োৱা হ’ল—
চেঠ লয়ড (২ আগষ্ট, ১৯৬০ —)
মেকানিকেল ইঞ্জিনিয়াৰিং আৰু পদাৰ্থ-বিজ্ঞানৰ অধ্যাপক, মাচাছ্যুচেটছ্ ইনষ্টিটিউট অৱ টেকন’ল’জি
বিজ্ঞান-চৰ্চা কৰিবলৈ তুমি বিজ্ঞানী হোৱাৰ প্ৰয়োজন নাই। তুমি এটি শিশু হ’ব পাৰা, কম্পিউটাৰ হ’ব পাৰা বা চতুৰ এন্দুৰ এটাও হ’ব পাৰা। যেতিয়ালৈ তুমি ফলাফল এটাৰ সত্যতা প্ৰমাণ কৰিব পাৰিবা, সেয়া বিজ্ঞানৰ অংশ হৈ ৰ’ব।
ফ্ৰিমে’ন ডাইছন (১৫ ডিচেম্বৰ, ১৯২৩ – ২৮ ফেব্ৰুৱাৰী, ২০২০)
আমেৰিকান গণিতজ্ঞ আৰু তাত্ত্বিক পদাৰ্থ-বিজ্ঞানী
বিজ্ঞান মানেই অনিশ্চয়তা। অধিকাংশ গুৰুত্বপূৰ্ণ প্ৰশ্নৰে উত্তৰ আমি এতিয়াও নাজানোঁ— প্ৰকৃতি আমাতকৈ বেছি বুধিয়ক। কিন্তু যদি আমি ধৈৰ্য্য ধৰোঁ আৰু বৰকৈ খৰখেদা নকৰোঁ, তেনেক্ষেত্ৰত বিজ্ঞানে আমাক সেই উত্তৰসমূহ সন্ধান কৰাৰ সঠিক পথ দেখুৱাই দিয়ে।
ৰিচাৰ্ড ড’কিন্স্ (২৬ মাৰ্চ, ১৯৪১ —)
ইংৰাজ বিৱৰ্তনমূলক জীৱবিজ্ঞানী, এথল’জিষ্ট্ (প্ৰাণীৰ আচৰণ সম্পৰ্কীয় অধ্যয়নৰ বিশেষজ্ঞ), বিজ্ঞান লেখক আৰু সম্প্ৰচাৰক
ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচনবাদ আৰু ইয়াৰ অপৰিসীম ব্যাখ্যাকৰী শক্তিক এতিয়ালৈকে জানিব পৰা একমাত্ৰ চানেকি হিচাপে সকলোৱে যদি বুজি পালেহেঁতেন। পৃথিৱীখন চানেকিত থকা আৰু নথকা বস্তুৰ মাজত বিভক্ত হৈ আছে। যেনে চৰাই আৰু আকাশীযানবোৰ নিৰ্দিষ্ট চানেকিযুক্ত। আকৌ শিল বা পাহাৰ-পৰ্বতৰ দৰে বস্তুবোৰৰ কোনো চানেকি নাই। চানেকি থকা বস্তুবোৰৰ মাজতো কিছুমান বস্তু সঁচাকৈয়ে চানেকিযুক্ত। যেনে চাবমেৰিন আৰু পাত্ৰৰ ঢাকনি খোলা সঁজুলি (টিন অপেনাৰ)। আৰু আন কিছুমান আচলতে চানেকিযুক্ত নহয়। যেনে শ্বাৰ্ক্ আৰু হেজহগ্ (কেটেলাপহুৰ দৰে গাত কাঁইট থকা, কিন্তু তাতকৈ সৰু আকাৰৰ এশ্ৰেণী স্তন্যপায়ী প্ৰাণী)। ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচনৰো সঁচা অৰ্থত কোনো চানেকি নাথাকিলেও ই প্ৰকৃত চানেকিৰ বিস্ময়কৰ প্ৰতিচ্ছবি আগবঢ়াব পাৰে। বায়ু-গতিবিজ্ঞানৰ দিশৰ পৰা চৰাই নে উৰাজাহাজ এখনৰ আৰ্হিটো বেছি সঠিক, সেয়া বিচাৰ কৰাটো অভিযন্তা এজনৰ বাবেও কঠিন হ’ব।
লুইছ ৱ’লপাৰ্ট (১৯ অক্টোবৰ, ১৯২৯ —)
ব্ৰিটিছ জীৱবিজ্ঞানী, লেখক আৰু সম্প্ৰচাৰক
মই বিশ্ববাসীক শিকাম যে পৃথিৱীখনক বুজিবলৈ বিজ্ঞানেই শ্ৰেষ্ঠ উপায়, আৰু যিকোনো কেইটামান পৰ্য্যৱেক্ষণৰ বাবে এটাই মাত্ৰ শুদ্ধ ব্যাখ্যা আছে। তদুপৰি বিজ্ঞান কোনোধৰণৰ মতাদৰ্শৰ পৰা মুক্ত; কাৰণ পৃথিৱীখন যেনে, ই তেনেভাৱেই ব্যাখ্যা কৰে। নীতিগত দিশটোৰ কথা তেতিয়াহে উত্থাপন হয় যেতিয়া বিজ্ঞানক দৰৱ, উদ্যোগকে ধৰি বিভিন্ন প্ৰযুক্তিক্ষেত্ৰত প্ৰয়োগ কৰা হয়।
কেথি চাইকছ্ (২০ ডিচেম্বৰ, ১৯৬৬ —)
ব্ৰিটিছ পদাৰ্থ-বিজ্ঞানী, সম্প্ৰচাৰক, ইউনিভাৰ্ছিটী অৱ্ ব্ৰিষ্টলৰ অধ্যাপক
মই সকলোকে শিকাম যে বিজ্ঞান মানেই যে সত্য, তেনে নহয়। বিজ্ঞান মানে সত্যৰ ওচৰ চাপিবলৈ প্ৰয়াস কৰাহে। এই কথাটো বৰ গুৰুত্বপূৰ্ণ, কাৰণ মানুহে প্ৰায়েই বিজ্ঞানীসকলক এনে দৃষ্টিৰে চায় যেন তেওঁলোকৰ হাতত সত্যটো আছে। আমাৰ যি আছে; সেয়া অনিশ্চয়তা, সীমাবদ্ধতা আৰু সৰলীকৰণে আৱৰি আছে।
জন গ্ৰিবিন (১৯ মাৰ্চ, ১৯৪৬ —)
ব্ৰিটিছ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী, বিজ্ঞান লেখক
আমেৰিকান পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফাইনমেনে দিয়া মন্তব্যটোতকৈ বেছি ভালদৰে মই একো ক’ব নোৱাৰিম : “আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হৈছে পাৰমাণৱিক প্ৰাকল্পিকটো (hypothesis) যিটো অনুসৰি সকলো বস্তুই পৰমাণুৰ দ্বাৰা গঠিত। সেই অবিৰামভাৱে গতি কৰি থকা ক্ষুদ্ৰ কণাবোৰ, যিবোৰ কিছু ব্যৱধানত থাকিলে এটাই আনটোক আকৰ্ষণ কৰে, কিন্তু এটাৰ লগত আনটো লগ লগাব খুজিলে বিকৰ্ষণ কৰে।”
বাৰ্ণাৰ্ড লভেল (৩১ আগষ্ট, ১৯১৩ – ৬ আগষ্ট, ২০১২)
ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, জড্ৰে’ল বেংক অৱজাৰ্ভেটৰীৰ প্ৰতিষ্ঠাপক
মই বিশ্ববাসীক শিকাম যে বিজ্ঞানৰ মৌলিক গৱেষণাসমূহ নিৰপেক্ষ, কিন্তু ইয়াৰ ফলাফলৰ সৰ্বশেষ ব্যৱহাৰিক দিশটোৰ ভাল আৰু বেয়াৰ মাজৰ বিভাজন ৰেখাডাল অতি পাতল।
কুৰি শতিকাৰ প্ৰথমাৰ্ধত পদাৰ্থৰ গঠন সম্পৰ্কীয় গৱেষণাত পৰমাণুৰ গঠন সম্পৰ্কে বিতংকৈ জানিব পৰা গ’ল। এয়াও জনা গ’ল যে কিছুমান মৌলান্তৰত (এটা মৌলৰ পৰা আন এটা মৌললৈ সলনি হোৱা প্ৰক্ৰিয়া) ভৰৰ মানো হ্ৰাস পায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাৰমাণৱিক শক্তিৰ জৰিয়তে মানৱজাতিৰ ভালৰ বাবে চিন্তা কৰাৰ পৰিৱৰ্তে এই জ্ঞান প্ৰয়োগেৰে কিদৰে গণহত্যা কৰা মাৰণাস্ত্ৰ প্ৰস্তুত কৰিব পাৰি, তাৰ কাৰিকৰী দিশতহে বেছি গুৰুত্ব দিয়া হ’ল। গৱেষণাৰ ব্যৱহাৰিক দিশত থকা এই ভাল আৰু বেয়াৰ মাজৰ বৈপৰীত্যৰ সৈতে আমি এতিয়াও মোকাবিলা কৰি আহিছোঁ।
চাইমন বেৰন-কহেন (১৫ আগষ্ট, ১৯৫৮ —)
“মানসিক বিকাৰৰ বিকাশ অধ্যয়ন বিভাগ”ৰ অধ্যাপক, কেমব্ৰিজ বিশ্ববিদ্যালয়; “অটিজম ৰিচাৰ্ছ্ চেন্টাৰ”ৰ সঞ্চালক
মই শিকাম যে বিজ্ঞানীসকল পৰীক্ষা-নিৰীক্ষাৰ প্ৰেমত পৰে। একোটা পৰীক্ষা অত্যন্ত ধুনীয়া আৰু আকৰ্ষণীয় হ’ব পাৰে। ব্যৱহাৰিক পৰীক্ষা মানে কেৱল প্ৰমাণ নহয় — ইয়াৰে কিছুমানৰ এক অন্তৰ্নিহিত সৌন্দৰ্য্য আছে, যাৰ বাবে তোমাৰ বাৰে বাৰে পৰীক্ষাটো কৰি চাবৰ মন যাব। দুটা X ক্ৰম’জ’মৰ এজন পুৰুষৰ কথাই ধৰা। প্ৰকৃতিৰ এই সাঁথৰটো ভেদ কৰিবলৈ ১৯৯০ চনত পৰীক্ষা সম্পন্ন কৰা হৈছিল— এনে ব্যক্তিৰ X ক্ৰম’জ’ম দুটাৰ মাজত Y ক্ৰম’জ’মৰ সামান্য হ’লেও অৱশেষ আছে নেকি সন্ধান কৰা হৈছিল। হয়তো Y ক্ৰম’জ’মটো ভাঙি X ক্ৰম’জ’মৰ লগত সম্পূৰ্ণৰূপে বিলীন হৈ যাবও পাৰে। কিন্তু ই পুৰুষৰ দেহত থাকিবই লাগিব। আৰু সঁচাকৈ সেয়াই দেখা গৈছিল। যিটোক এতিয়া আমি SRY (Sex Related Y) জিন বুলি জানোঁ, সেইটো X ক্ৰম’জ’মলৈ গৈছিল। আৰু এই জিনটোৱেই পিছলৈ অণ্ডকোষ গঠন কৰে আৰু পুৰুষত পৰিণত হয়।
এণ্টনি হৱাৰে’ (১১ জানুৱাৰী, ১৯৩৪ —)
ব্ৰিটিছ কম্পিউটাৰ-বিজ্ঞানী, মাইক্ৰ’ছফট্ কৰ্পৰেশ্বনৰ জ্যেষ্ঠ গৱেষক
মই বিশ্ববাসীক শিকাম যে বিজ্ঞানীসকলে যিটো সত্য বুলি আশা কৰে, প্ৰথমে সেইটোকে মিছা বুলি প্ৰমাণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে। যেতিয়া এইক্ষেত্ৰত বিফল হয়, তেওঁলোকে ভবা কথাটো সত্য বুলি বিশ্বাস কৰিবলৈ যুক্তি বিচাৰি পায়। আনকি ইয়াৰ সত্যতা সম্পৰ্কে আনকো পতিয়ন নিয়াব পাৰে। এজন বিজ্ঞানীয়ে ভুলৰ সম্ভাৱনীয়তাক সদায় স্বীকাৰ কৰি লয়। ফলত যিসকলে সদায় শুদ্ধ বুলি দাবী কৰে, তেওঁলোকতকৈ সাধাৰণতে কমহে ভুল কৰে।
মাইকেল বাম (১৯৩৭ —)
ব্ৰিটিছ কৰ্কটৰোগ বিশেষজ্ঞ, শল্য-চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু চিকিৎসা মানৱীয়তাৰ অতিথি অধ্যাপক, ইউনিভাৰ্ছিটী কলেজ লণ্ডন
মই বিশ্ববাসীক শিকাম যে বিজ্ঞান = কল্পনা + বিনয়তা²। যদি কেৱল ৰাজনীতিবিদকেইজনো পূৰ্বানুমান (অনুমান সৃষ্টি) আৰু অসত্য প্ৰমাণকৰণৰ (নিয়ন্ত্ৰিত ব্যৱহাৰিক পৰীক্ষা) বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা পৰিচালিত হ’লহেঁতেন, তেতিয়া পৃথিৱীখন এতিয়াতকৈ বহুগুণে ভাল হ’লহেঁতেন। ঊনবিংশ শতিকাৰ ব্ৰিটিছ জীৱবিজ্ঞানী থমাছ হেনৰি হাক্সলিৰ উদ্ধৃতিৰে ক’ব পাৰি : “বিজ্ঞানৰ কৰুণ পৰিণতি হৈছে সুন্দৰ অনুমান এটা অপ্ৰিয় সত্য এটাৰে নাকচ হোৱা”।
চুছান ব্লেকম’ৰ (২৯ জুলাই, ১৯৫১ —)
ব্ৰিটিছ লেখক, সম্প্ৰচাৰক, সংশয়বাদী, ইউনিভাৰ্ছিটী অৱ প্লে’মাউথৰ অতিথি অধ্যাপক
শংকাৰ বিষয় যে অধিকাংশ মানুহেই ডাৰউইনৰ মহৎ অন্তৰ্দৃষ্টি বুজি নাপায়। মানুহে সৃষ্টি প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ অৱশ্যম্ভাৱিতাক ধৰিব নোৱাৰে। এবাৰ যেতিয়া তুমি ক্ৰমটো লক্ষ্য কৰিবা – প্ৰতিলিপি প্ৰস্তুত, সালসলনি, নিৰ্বাচন, প্ৰতিলিপি প্ৰস্তুত, সালসলনি, নিৰ্বাচন — তুমি বুজিবা যে একমাত্ৰ প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰাই চানেকি প্ৰস্তুত হ’ব লাগিব। এইটো আইজাক নিউটনৰ সূত্ৰ, কোৱাণ্টাম তত্ত্ব, বা বিজ্ঞানৰ আন কোনো বিখ্যাত তত্ত্বৰ নিচিনা নহয়, যিবোৰত সুধিব পাৰি, “এইটো এনেকুৱা কিয় হ’ল?”, এইটো তেনেকুৱাই হ’ব লাগিব। এই উপলব্ধিৰ পিছতহে আহিব ইয়াৰ বিভীষিকাময় পৰিণামবোৰ। যদি সকলোৱেই বিৱৰ্তনবাদ কি বুজি উঠে, ধৰ্মীয় আচৰণৰ স্বৈৰাচাৰতন্ত্ৰ কমি যাব; আৰু আমি ক্ষুদ্ৰ মানুহবোৰে হয়তো এই সীমাহীন বিশ্বব্ৰহ্মাণ্ডখনত জীয়াই থকাৰ উৎকৃষ্ট উপায় বিচাৰি পাম।
জন চালছ্টন (২৭ মাৰ্চ, ১৯৪২ – ৬ মাৰ্চ, ২০১৮)
ব্ৰিটিছ জীৱবিজ্ঞানী, “হিউমেন জিন’ম প্ৰজেক্ট”ৰ অন্যতম নেতৃত্বদায়ী, চিকিৎসাবিজ্ঞান শাখাত দুই সহকৰ্মীৰ সৈতে যুটীয়াভাৱে নোবেল বঁটা বিজয়ী (২০০২ চন)
মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে সেই দায়িত্ব আমি নিজেই ল’ব লাগিব। যদি আমি এই মানৱমুখী দৰ্শনক আকোঁৱালি ল’ব পাৰোঁ, ইয়াৰ ফলাফলস্বৰূপে আমি আমাৰ সন্মুখত পাম এক অসীম আৰু অবিশ্বাস্যভাৱে আকৰ্ষণীয় যাত্ৰা।
ব্ৰায়ান ডেভিছ (১৩ জুন, ১৯৪৪ —)
গণিতৰ অধ্যাপক, কিংছ্ কলেজ লণ্ডন
কোনো সন্দেহ নাই যে বিদ্যুৎ আৰু চুম্বকৰ মাজৰ সম্পৰ্ক আৱিষ্কাৰেই আছিল সবাতোকৈ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ। ইয়াক উনবিংশ শতিকাৰ ব্ৰিটিছ পদাৰ্থবিদ আৰু ৰসায়নবিজ্ঞানী মাইকেল ফেৰাডেই লণ্ডনৰ ৰয়েল ইনষ্টিটিউটত আৱিষ্কাৰ কৰিছিল। ইয়াক উনবিংশ শতিকাৰ স্কটিছ পদাৰ্থবিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলে কিংছ্ কলেজ লণ্ডনত প্ৰণালীৱদ্ধ ৰূপ দিছিল। এই আৱিষ্কাৰৰ পৰাই পোনপটীয়াকৈ বৈদ্যুতিক মটৰ আৰু ডাইনেম’ৰ উদ্ভাৱন হ’ল, যি সকলো বৈদ্যুতিক শক্তিৰ মূল ভেটি। লগতে টেলিফোন, ৰেডিঅ’, দূৰদৰ্শন আৰু কম্পিউটাৰৰো জন্ম হ’ল; যাৰ ওপৰতেই আজিৰ উন্নত সভ্যতা নিৰ্ভৰশীল।
মাৰ্কাছ ডু ছুটই (২৬ আগষ্ট, ১৯৬৫ —)
ব্ৰিটিছ গণিতজ্ঞ; অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক, গণিত আৰু বিজ্ঞান জনপ্ৰিয়কৰণকাৰী লেখক
২০০০ বছৰৰো আগতেই গ্ৰীকসকলে কেনেদৰে অসীম সংখ্যক মৌলিক সংখ্যা আছে বুলি প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছিল, মই সেইটো শিকাম। মোৰ দৃষ্টিত এই আৱিষ্কাৰটোৱেই গণিতৰ আৰম্ভণি— যেতিয়া মানৱজাতিয়ে উপলব্ধি কৰিলে যে কেৱল বিশুদ্ধ চিন্তাৰ দ্বাৰাই চিৰন্তন সত্য আৱিষ্কাৰ কৰিব পাৰি। মৌলিক সংখ্যাবোৰ অবিভাজ্য সংখ্যা, যি কেৱল সংখ্যাটো নিজে আৰু একেৰেহে বিভাজ্য। সেইবোৰেই গণিতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংখ্যা, কাৰণ যিকোনো সংখ্যাই মৌলিক সংখ্যাৰ পূৰণফলৰ দ্বাৰা গঠন হৈছে। যেনে, ৬০= ২×২×৩×৫। সেইবোৰ পাটীগণিতৰ বাবে পৰমাণু, সংখ্যাৰ জগতখনৰ বাবে হাইড্ৰ’জেন আৰু অক্সিজেনৰ নিচিনা।
ষ্টেনলি ফেল্ডমেন
ব্ৰিটিছ সংজ্ঞাহাৰক-প্ৰয়োগ বিশেষজ্ঞ (anaesthetist)
মই এই কথাটো সমগ্ৰ বিশ্ববাসীয়ে জনাটো বিচাৰো যে আমি যিয়েই খাওঁ, ইয়াক তেজে শোষণ কৰি ল’ব পৰাৰ পূৰ্বেই পৌষ্টিকনলীত খাদ্যৰ প্ৰাথমিক উপাদানসমূহলৈ ভাঙি যায়। তোমাৰ খাদ্যত থকা কলেষ্টেৰল আৰু তোমাৰ তেজৰ কলেষ্টেৰল একে নহয়। তুমি যি মাংসই নোখোৱা — সি উন্নত মানদণ্ডৰ এংগাচেই (মূলতঃ স্কটলেণ্ডত পোৱা এবিধ সৰু প্ৰজাতিৰ গৰু) হওঁক বা বুঢ়া গৰু এটাৰ ডিঙি অংশৰ টুকুৰাই হওক— তোমাৰ তেজত সি একেধৰণৰ এমিন’ এচিড হিচাপেই মিহলি হয়। চৰ্বিৰ উৎস যিয়েই নহওক, ই শেষলৈ একে এমিন’ এচিড হিচাপেই তেজৰ সোঁতত মিহলি হয়। আমি যি খাওঁ, সেই মানুহজন আমি নহয়।
ৰিচাৰ্ড ফৰ্টে’ (১৫ ফেব্ৰুৱাৰী, ১৯৪৬ —)
ব্ৰিটিছ জীৱাশ্মবিদ, প্ৰাকৃতিক-বুৰঞ্জীবিদ, লেখক
সকলো মানুহে ফলক বিৱৰ্তনৰ বিষয়ে জনা উচিত। আমি সকলোৱে নিজৰ চৌপাশৰ পৰিৱেশটোৰ লগত আত্মীয়তা অনুভৱ কৰোঁ — কাৰণ ইয়ে আমাক গৃহভূমিৰ অনুভূতি এটা জগাই তোলে। তৎসত্ত্বেও পৃথিৱীৰ চূড়ান্ত আকৃতিটো নিৰ্ভৰ কৰিছে এই ফলকসমূহৰ লেহেমীয়া গতিৰ ওপৰত। এই ভূতাত্ত্বিক বলসমূহৰ বিষয়ে লাভ কৰা জ্ঞানে পৃথিৱীখনৰ প্ৰতি আমাৰ এক নতুন শ্ৰদ্ধাৰ ভাৱ জগাই তোলে। ৪০০০ নিযুত বছৰ ধৰি কিদৰে পৃথিৱীয়ে নিজকে চিলাই ৰাখিছে আৰু এতিয়াও নতুন সাঁচত গঢ় দিছে, সেই সম্পৰ্কে সজাগ কৰি তোলে। ভূতত্ত্ববিজ্ঞানৰ জৰিয়তে আমি নিজৰ পৰিচয়টো বুজিব পাৰোঁ। এইটো দুৰ্ভাগ্যজনক যে ভূতত্ত্ববিজ্ঞানক বহুসময়ত ৰসহীন বিজ্ঞান বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ আটাইখিনি থাকে মাটিৰ তলত। ভূতত্ত্ববিজ্ঞান পৃথিৱীখনৰ বাবে একধৰণৰ অচেতন মনটোৰ নিচিনা।
লীন ফ্ৰষ্টিক (২ ফেব্ৰুৱাৰী, ১৯৪৯ —)
ব্ৰিটিছ ভূগোলবিদ, ইউনিভাৰ্ছিটী অৱ হালৰ ভৌতিক ভূগোলবিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক
মই সকলোকে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আৰু এইক্ষেত্ৰত প্ৰতিজন মানুহে যোগোৱা অৰিহণাৰ বিষয়ে শিকাব খোজোঁ। দূৰ-দূৰান্তৰলৈ এইটোৱেই আমাৰ বাবে সবাতোকৈ ডাঙৰ ভাবুকি। জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ পৰিণামবোৰৰ সৈতে আমি তেতিয়াহে মুখামুখি হ’ব পাৰিম, যেতিয়া প্ৰতিজন লোকেই নিজৰ দায়িত্ব স্বীকাৰ কৰি ল’ব আৰু নিজৰ স্বভাৱৰ পৰিৱৰ্তন ঘটাব।
ৰবাৰ্ট গাৰফিংক্লে
“ব্ৰিটিছ এষ্ট্ৰ’ন’মিকেল এশ্ব’চিয়েশ্বন”ৰ চন্দ্ৰ শাখাৰ ইতিহাসবিদ
মই গেলিলিঅ’ৰ বিখ্যাত লেটিন উক্তি “eppur si muove” শিকাম, যাৰ অৰ্থ “কিন্তু তথাপিও ই ঘূৰে”। ইয়াতেই পৃথিৱী-চন্দ্ৰ-সূৰ্য্য প্ৰণালীক বুজাৰ মূল ভেটিটো নিহিত হৈ আছে। এই পৰিভ্ৰমণশীল ত্ৰিভুজটোৰ অবিহনে পৃথিৱীত আমাৰ পৰিচিত জীৱন প্ৰক্ৰিয়া হয়তো সম্ভৱেই নহ’লহেঁতেন। মোৰ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে বুজি উঠাটো বিচাৰোঁ যে সপ্তদশ শতিকাৰ এই সৰল উক্তিটোৱেই স্থানীয় বিশ্বব্ৰহ্মাণ্ডখনত আমাৰ স্থিতি সম্পৰ্কীয় সকলো জ্ঞানৰ বাট মুকলি কৰি দিছে। সূৰ্য্যৰ চৌদিশে আমাৰ গতিয়ে ঋতুৰ জন্ম দিয়ে আৰু পৰিৱৰ্তনশীল ৰাতিৰ আকাশ উপভোগৰ আনন্দ দিয়ে। ঋতু পৰিৱৰ্তনৰ লগতে পৃথিৱীৰ চৌদিশে চন্দ্ৰৰ গতি, আৰু কিছুপৰিমাণে সূৰ্য্যৰ চৌদিশে হোৱা গতিৰ বাবেও ভাটা আৰু সামুদ্ৰিক সোঁতৰ সৃষ্টি হয়, সমগ্ৰ পৃথিৱীৰ তাপমাত্ৰা আৰু বায়ুমণ্ডলীয় চাপৰ পৰিৱৰ্তন হয়। ইয়াৰ ফলত বতৰ আৰু সামুদ্ৰিক গতিৰ সৃষ্টি হয়। এই গতিয়ে সাগৰ-মহাসাগৰকো জীৱৰ বসতিৰ বাবে অনুকুল কৰি তোলে, আৰু সকলো জীৱৰ বাবে প্ৰাথমিক আৱশ্যকতা মেঘৰ সৃষ্টিত সহায় কৰে।
পে’গি লেমাক্স্
উদ্ভিদ জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ “অতিৰিক্ত সহযোগী বিশেষজ্ঞ”, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে
মই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ প্ৰাথমিক সূত্ৰটো নিৰ্বাচন কৰিম— CO₂ + H₂O + সূৰ্য্যৰ ৰশ্মি/ক্ল’ৰ’ফিল —> O₂ + C₆H₁₂O₆। এইটো কিয় খুব গুৰুত্বপূৰ্ণ? কাৰণ এই ৰাসায়নিক বিক্ৰিয়াটোৰ অবিহনে পৃথিৱীত জীৱৰ অস্তিত্ব সম্ভৱেই নহ’লহেঁতেন। সকলো জীৱিত প্ৰাণীৰ বাবে গ্লুক’জ (C₆H₁₂O₆) শক্তি আহৰণৰ প্ৰাথমিক উৎস। সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উপজাত পদাৰ্থ হিচাপে প্ৰস্তুত হোৱা অক্সিজেনে প্ৰাণী আৰু উদ্ভিদৰ শ্বসনৰ বাবে প্ৰয়োজনীয় বায়ুমণ্ডলৰ সৰহখিনি অক্সিজেন যোগান ধৰে। ইয়াৰে অধিকাংশ আহে ফাইট’প্লাংকটনৰ পৰা। আনফালে প্ৰাণীয়ে উদ্ভিদৰ বাবে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড (C0₂) প্ৰস্তুত কৰে। প্ৰায় সকলো প্ৰাণী আৰু উদ্ভিদৰ পাচনক্ৰিয়াৰ বাবে শক্তি যোগান ধৰা সালোক সংশ্লেষণকে সেইবাবে জীৱনৰ মূল উৎস বুলি ধৰা হয়। এই গুৰুত্বপূৰ্ণ বিক্ৰিয়াটোৰ অবিহনে পৃথিৱীত জীৱৰ অস্তিত্ব নাইকিয়া হ’ব।
ড° ৰবাৰ্ট মে’ইনাৰ্ড (১৯৫১ —)
ব্ৰিটিছ বিষবিজ্ঞানী (toxicologist)
দাৰ্শনিক কাৰ্ল পপাৰে তেওঁৰ “দ্য ল’জিক অৱ চায়েন্টিফিক ডিস্ক’ভাৰি এণ্ড্ কনজেকচাৰ্ছ্ এণ্ড্ ৰিফিউট্যেশ্বন” কিতাপখনত দাঙি ধৰা অসত্য প্ৰমাণকৰণৰ নীতিটো মোৰ পছন্দৰ। পপাৰে যুক্তি দৰ্শাইছিল যে বৈজ্ঞানিক জ্ঞান মূলতঃ অনুমানৰ বিকাশ আৰু ইয়াক অসত্য প্ৰমাণৰ দ্বাৰাহে হয়। তত্ত্ব এটাৰ সমৰ্থনত সাক্ষ্য আহৰণতকৈও ই বেছি নিৰ্ভৰযোগ্য।
তেওঁ কৈছিল যে তুমি বগা ৰাজহাঁহ গণনা কৰি সকলো ৰাজহাঁহেই বগা বুলি প্ৰমাণ কৰিব নোৱাৰা। কিন্তু এটা মাত্ৰ ক’লা ৰাজহাঁহ গণনা কৰিলেই তুমি প্ৰমাণ কৰিব পাৰিবা যে সকলো ৰাজহাঁহ বগা নহয়। নীতিগতভাৱে পপাৰৰ পদ্ধতিটো এতিয়া বহু বিজ্ঞানীয়ে আদৰি লৈছে। তথাপি অধিকাংশ গৱেষণাই এতিয়াও আৱেশৰ ভিত্তিত হয়— সেয়া কৰা হয় তোমাৰ ধাৰণাটোৰ সমৰ্থনত তথ্য সংগ্ৰহৰ জৰিয়তে। নতুন অনুমান সৃষ্টি, যাক অসত্য বুলি দেখুৱাব পাৰি আৰু তাকে কৰিবলৈ সঠিক পৰীক্ষা-নিৰীক্ষাৰ বিকাশ কৰাটো এজন প্ৰকৃত বিজ্ঞানীৰ মূল লক্ষণ। আচলতে ইয়েই এজন বিজ্ঞানীক অবিজ্ঞানীৰ পৰা পৃথক কৰে।
জন মেক্কাৰ্থি (৪ ছেপ্টেম্বৰ, ১৯২৭ – ২৪ অক্টোবৰ, ২০১১)
আমেৰিকান কম্পিউটাৰ বিজ্ঞানী, “আৰ্টিফিচিয়েল ইন্টেলিজেন্স্” (কৃত্ৰিম বুদ্ধিমত্তা) শব্দটোৰ সৃষ্টিকৰ্তা
সংখ্যাবোৰ বিচাৰি উলিওৱা আৰু তুলনা কৰা। “ইনষ্টিটিউট অৱ চিভিল ইঞ্জিনিয়াৰ্ছ”ত দিয়া বক্তৃতা এটাত পদাৰ্থবিজ্ঞানী লৰ্ড কেলভিনে কৈছিল, “তুমি যি বিষয়ে কথা কৈছা তাক যেতিয়া জুখিব পাৰা আৰু সংখ্যাত প্ৰকাশ কৰিব পাৰা, তুমি সেইবিষয়ে কিছু কথা জানা। কিন্তু যদি তুমি তাক জুখিব নোৱাৰা, যদি তাক সংখ্যাত প্ৰকাশ কৰিব নোৱাৰা; তোমাৰ বিষয়টো সম্পৰ্কীয় জ্ঞান নগণ্য আৰু সন্তোষজনক নহয়।”
ছান্নাপাটনা এছ প্ৰকাশ
টাস্কিগী বিশ্ববিদ্যালয়
মই শিকাম যে মানুহে জিনীয়ভাৱে বিকশিত ফচলৰ বিষয়ে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। যিহেতু ই পৰিৱেশৰ বহনক্ষমতা অক্ষুণ্ণ ৰাখি পৃথিৱীৰ বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰাত সহায় কৰিব পাৰে, মই ইয়াক গ্ৰহণ কৰিবলৈ শিকাম। বিশেষকৈ ইউৰোপত এই প্ৰযুক্তিক লৈ যথেষ্ট শংকা আৰু বিভ্ৰান্তি দেখা গৈছে। ফলত কৃষিক্ষেত্ৰত জৈৱপ্ৰযুক্তিবিদ্যাৰ প্ৰয়োগত অনাহকত মন্থৰতা আহি পৰিছে। যদি সমগ্ৰ বিশ্বই জিনীয়ভাৱে বিকশিত ফচল আঁকোৱালি লয়; আমি বৰ সহজেই ভোক আৰু দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰিম, শস্যত ৰাসায়নিক সাৰৰ প্ৰয়োগ কমাব পাৰিম, খেতি-মাটি বঢ়াবলৈ ক্ৰান্তীয় বনাঞ্চল ধ্বংসৰ প্ৰক্ৰিয়া কমাব পাৰিম, কৃষিৰ নিৰ্ভৰযোগ্যতা বঢ়াব পাৰিম, কৃষিক অধিক লাভজনক বৃত্তি কৰিব পাৰিম, অনাবৃষ্টিৰ সৈতে যুঁজি থকা উন্নয়নশীল দেশসমূহক শস্যৰ যোগানেৰে সহায় কৰিব পাৰিম, খাদ্যসুৰক্ষা বঢ়াব পাৰিম আৰু খাদ্যৰ পুষ্টি বঢ়াব পাৰিম। জিনীয়ভাৱে বিকশিত শস্যসমূহ পৰম্পৰাগত শস্যসমূহৰ সমানেই নিৰাপদ। এই প্ৰযুক্তি সম্পৰ্কে থকা ভয়ে অনাহক উন্নতিত বাধা দি আছে; আৰু উন্নয়নশীল দেশসমূহৰ প্ৰগতিতো ভেটা দিছে, য’ত ইয়াৰ প্ৰয়োজনীয়তা সবাতোকৈ বেছি।
মাৰ্টিন ৰীজ (২৩ জুন, ১৯৪২ —)
ব্ৰিটিছ ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু তাত্ত্বিক জ্যোতিৰ্পদাৰ্থবিজ্ঞানী, ৰয়েল চ’ছাইটিৰ প্ৰাক্তন অধ্যক্ষ
আমাৰ গ্ৰহটোৰ বাবে, আৰু জীৱনৰ বাবে সন্মুখত পৰি থকা সুদীৰ্ঘ সময়কালৰ বিষয়ে মই মানুহৰ চিন্তাধাৰাৰ প্ৰসাৰ ঘটাব বিচাৰিম। অধিকাংশ শিক্ষিত মানুহেই জানে যে আমি প্ৰায় ৪ বিলিয়ন বছৰজোৰা ডাৰউইনীয় নিৰ্বাচনৰ ফল। কিন্তু বহুতে ভাবিব বিচাৰে যে আমি মানুহবোৰেই কেনেবাকৈ পূৰ্ণ বিকশিত প্ৰাণী। আমাৰ সূৰ্য্যটোৱে ইয়াৰ জীৱনকালৰ আধাতকৈ কম সময় অতিক্ৰম কৰিছে। আজিৰ পৰা ৬ বিলিয়ন বছৰ পাছত সূৰ্য্যৰ মৃত্যু চাবলৈ মানৱজাতি নাথাকিব। তেতিয়া থাকিব পৰা যিকোনো জীৱই আমাতকৈ বেলেগ ধৰণৰ হ’ব, যিদৰে আমি বেক্টেৰিয়া আৰু এমিবাতকৈ বেলেগ। পৃথিৱীৰ ভৱিষ্যতক লৈ আমাৰ চিন্তা-ভাৱনা খুব বেছি আগন্তুক এশ বছৰৰ ভিতৰতে কেন্দ্ৰীভূত — সেয়া আমাৰ সন্তান আৰু নাতি-নাতিনীকেইটাৰ জীৱনকাললৈ। কিন্তু এই সুদীৰ্ঘ সময়কাল সম্পৰ্কে থকা আমাৰ সচেতনতা, আৰু এই শতিকাৰ মানুহৰ কাম-কাজে পেলাব পৰা অপৰিসীম প্ৰভাৱৰ বাবেই পৃথিৱীখনক ভালদৰে যত্ন ল’বলৈ আমাক অতিৰিক্ত প্ৰেৰণা যোগাব পাৰে।
মে’ট্ ৰিডলি (৭ ফেব্ৰুৱাৰী, ১৯৫৮ —)
ব্ৰিটিছ সংবাদকৰ্মী, ব্যৱসায়ী আৰু বিজ্ঞান লেখক
বিজ্ঞান মানে সত্য কথাৰ তালিকা এখন নহয়, ই নতুন ৰহস্যৰ সন্ধান প্ৰক্ৰিয়াহে। বিজ্ঞানে পৃথিৱীত আশ্চৰ্য্য আৰু বিস্ময়ৰ বৃদ্ধি কৰে, মচি নেপেলায়। বিজ্ঞানে ৰহস্য বা বিস্ময়ৰ পৰা মুক্ত কৰে বুলি ৰোমান কবিসকলে আৰম্ভ কৰা ভুল ধাৰণাটো এলবাৰ্ট আইনষ্টাইনে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল, যাৰ আপেক্ষিকতাবাদ সম্পৰ্কীয় চিন্তা-পৰীক্ষাবোৰ কবিয়ে কল্পনা কৰা যিকোনো বস্তুতকৈয়ো এখন বেছি অজান পৃথিৱীৰ, কঠিন, শিহৰণকাৰী আৰু বিভ্ৰান্তিকৰ।
আইজাক নিউটনে আমাক গভীৰ মহাকাশৰ ৰহস্য দেখুৱালে, ডাৰউইনে প্ৰাচীন সময়ৰ ৰহস্য ভেদ কৰি দেখুৱালে, ফ্ৰান্সিছ ক্ৰিক আৰু জেমছ ডি ৱাটছনে জটিল সংকেতসৃষ্টিৰ ৰহস্য ভাঙি দেখুৱালে। এনেকুৱা অন্তৰ্দৃষ্টিসমূহৰ পৰা আঁতৰি থাকিব বিচৰা মানে পৃথিৱীৰ উপলব্ধ আশ্চৰ্য্যৰ ভঁৰালটো হ্ৰাস কৰাৰ নিচিনা হ’ব।
ৰডে’ৰিচ্ছ্ তুমুল্কা (১২ জানুৱাৰী, ১৯৭২ —)
সহকাৰী অধ্যাপক, ৰাটগাৰ্ছ্ বিশ্ববিদ্যালয়
অলৌকিক ঘটনাবোৰৰ কোনো অস্তিত্ব নাই। যাদুমন্ত্ৰ, ডাইনী বিশ্বাস, অতীন্দ্ৰিয় দৃষ্টি, স্তুতি-মিনতিৰে ৰোগ নিৰাময়, আৰু এনেধৰণৰ আন চৰ্চাবোৰে কাম নিদিয়ে আৰু কাহানিও কাম দিয়া নাই। আমি নিজকে অতিপ্ৰাকৃতিক বস্তু আৰু ঘটনাৰে আগুৰি থকা বিশ্ব এখনত চাব বিচাৰোঁ, নে বিজ্ঞানে বুজাত সহায় কৰা বিশ্ব এখনৰ বাসিন্দা হ’ব বিচাৰোঁ; তাৰ ওপৰতে ডাঙৰ পাৰ্থক্য আহি পৰে। গুৰুত্বপূৰ্ণ হ’লেও বহুতো বৈজ্ঞানিক নীতি, ধাৰণা আৰু আৱিষ্কাৰ জনসাধাৰণে বুজি উঠাটো প্ৰয়োজনীয় নহয়; সেয়া বিশেষজ্ঞসকলে জানিলেই হয়। কিন্তু এইক্ষেত্ৰত অতিপ্ৰাকৃতিক ঘটনাবোৰৰ কথাটো সুকীয়া।
ষ্টুৱাৰ্ট জ’লা
মানসিক ৰোগ আৰু আচৰণগত বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, ইম’ৰী বিশ্ববিদ্যালয়; “য়াৰ্কছ্ নেশ্বনেল প্ৰাইমেট ৰিচাৰ্ছ চেন্টাৰ”ৰ প্ৰাক্তন সঞ্চালক
মানুহে গোটেই জীৱন বৌদ্ধিকভাৱে সক্ৰিয় হৈ থকাৰ প্ৰয়োজনীয়তাৰ কথা মই শিকাম, বিশেষকৈ আমাৰ বাৰ্ধক্য বয়সত যে ই প্ৰয়োজন। এতিয়া সত্য বুলি সাৱ্যস্ত কৰিবলৈ উপযুক্ত তথ্য আছে যে পিছৰ বয়সতো নানা প্ৰত্যাহ্বান লৈ আগবাঢ়ি গ’লে — নতুন হবি এটা বাছি লোৱা, নতুন বাদ্যযন্ত্ৰ এটা বজাবলৈ শিকা, শব্দৰ সাঁথৰ সমাধান কৰা— ইত্যাদিয়ে আমাৰ চিন্তাশক্তি বৰ্তাই ৰখাত সহায় কৰে আৰু চিন্তাশক্তি লোপ পোৱাৰ প্ৰক্ৰিয়াক বাধা দিয়ে।
No Comments