গণিত শিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য

 

গণিত প্ৰকৃতি অধ্যয়নৰ এক বিস্তৃত আৰু পৰিশীলিত অধ্যায়। মানৱ জীৱনৰ সকলো ক্ষেত্ৰতে গণিতৰ প্ৰয়োগৰ বিশাল বিস্তৃতি লক্ষ্যণীয়। পুৱা উঠাৰ পৰা শোৱালৈকে আমি গণিতৰ প্ৰয়োগেৰে পৰিবৃত হৈ থাকোঁ। আজিকালি দেশৰ প্ৰগতি নিৰ্ভৰ কৰে আগতীয়াকৈ প্ৰস্তুত কৰা আঁচনিৰ ওপৰত। এই আঁচনিৰ সফল পৰিসমাপ্তি নিৰ্ভৰ কৰে শুদ্ধ আৰু নিয়াৰিকৈ কৰা গাণিতিক চিন্তাধাৰাৰ ওপৰত। গাণিতিক নমুনা বা model সাম্প্ৰতিক চিন্তাধাৰাৰ এক এৰাব নোৱাৰা অংগ। এনেদেৰই সময়ৰ সোঁতত বিজ্ঞানমুখী জন-জীৱনত গণিত বা গাণিতিক চিন্তাধাৰা হৈ পৰিছে এক নতুন কৃষ্টি।

সুনিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যৰ জড়িয়তেহে কোনো এটা বিষয়ৰ শিক্ষণ বা প্ৰশিক্ষণ সম্ভৱ। এই উদ্দেশ্য আৰু লক্ষ্য হ’ল শিক্ষা দান আৰু শিক্ষা গ্ৰহণৰ মূল চালিকা শক্তি। উদ্দেশ্যই আমাক লক্ষ্যত উপনীত হোৱাত সহায় কৰে। গণিত শিক্ষণৰ ক্ষেত্ৰতো ই প্ৰতিফলিত হয়। কোনো এটি বিশেষ লক্ষ্যৰ অন্তৰালত কেইবাটাও উদ্দেশ্য থাকিব পাৰে। এই আটাইবোৰ উদ্দেশ্য প্ৰতিফলিত হ’লেহে লক্ষ্যটোত উপনীত হোৱা বুলি ক’ব পাৰি।

Image Source : Shutterstock

Image Source : Shutterstock

গণিত শিক্ষণৰ ক্ষেত্ৰত মূলতঃ তিনিটা লক্ষ্য প্ৰতিফলিত হয়—

(১) কৃষ্টিমূলক আৰু নৈতিক লক্ষ্য :

বৈজ্ঞানিক কৃষ্টি বিকাশত গণিতৰ জ্ঞান হ’ল প্ৰাণকেন্দ্ৰ। মানৱ সমাজখন, সুন্দৰ, সুষম তথা কৰ্মক্ষম কৰি তুলিবলৈ আৱশ্যকীয় অভ্যাসসমূহ গণিত শিক্ষণে আনি দিব পাৰে, যিয়ে শিকাৰুক শুদ্ধ পথৰ সন্ধান দিয়ে আৰু সভ্য অৰ্থাৎ, প্ৰকৃত অৰ্থত জ্ঞানী কৰি তোলাত সহায় কৰে। দক্ষতা, পাৰদৰ্শিতা, যুক্তিপ্ৰৱনতা, সু-নিৰূপন কৰাৰ দক্ষতা, নিৰ্দিষ্টতা বিচাৰ আদি গুণৰ অধিকাৰী কৰি গণিত শিক্ষণে শিকাৰুৰ চৰিত্ৰ গঠনতো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।

(২) অনুশাসনমূলক লক্ষ্য :

শিক্ষাৰ লক্ষ্য হ’ল সমাজৰ বিশৃংখলতাসমূহ আঁতৰাই এক নিয়ন্ত্ৰিত অৱস্থা গঢ়ি তোলা যাতে সমাজখনে বিকাশৰ পথত খোজ পেলাওঁতে কোনো সমস্যাৰ সন্মুখীন হ’ব লগা নহয়। দৈনন্দিন জীৱনত সন্মুখীন হোৱা যিকোনো সমস্যাৰ সমাধান পাবলৈ গণিতৰ বিশ্লেষণ পদ্ধতি অতি আৱশ্যক, কাৰণ গণিত শিক্ষণে ব্যক্তিৰ চৰিত্ৰক প্ৰভাৱাম্বিত কৰে। শিক্ষানুষ্ঠানত যি বৌদ্ধিক বিষয়ৰ শিক্ষা দিয়া হয়, তাক মানসিক অনুশাসন ক্ৰিয়া বুলি কোৱা হয় আৰু গণিত শিক্ষণে এনে ক্ৰিয়া কৰে। প্ৰকৃততে গণিত শিক্ষণে ব্যক্তি বিশেষৰ আভ্যন্তৰীণ অনুশাসন নিয়ন্ত্ৰণ কৰে। এইখিনিতে দুজন মনিষীৰ বক্তব্য প্ৰাসংগিক—

“গণিত শিক্ষণৰ ঘাই লক্ষ্য হ’ল ব্যক্তিৰ নৈতিক শিক্ষা আহৰণ।” — চ্যুচে।

“গণিত শিক্ষণে মনৰ মাজত যুক্তি প্ৰদৰ্শনৰ অভ্যাস আয়ত্ত কৰায়।” — ল’ক।

(৩) উপযোগীবাদী বা বৃত্তিমূলক লক্ষ্য :

গণিত শিক্ষণৰ মাজেদি যুক্তি আৰু চিন্তাৰ ভেঁটি সুদৃঢ় কৰিব পাৰি। সমাজৰ সৰ্বাঙ্গীন উন্নতিকল্পে সম্প্ৰতিক বিজ্ঞান আৰু কাৰিকৰী দিশত এই দুটা ধাৰা অপৰিহাৰ্য। সেয়েহে গণিতৰ প্ৰয়োগ অনুক্ৰমে বাঢ়ি আহিছে। বিজ্ঞানৰ উপৰি সমাজ-বিজ্ঞান, জীৱবিজ্ঞান, পৰিৱেশ-প্ৰকৃতি সকলোৰে বিশ্লেষণ বা অধ্যয়নৰ ক্ষেত্ৰত, আনকি সুকুমাৰ কলাৰ মাজতো গণিতৰ প্ৰয়োগ পৰিলক্ষিত হৈছে। ব্যৱসায়-বানিজ্যৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই গণিতৰ ব্যৱহাৰ হোৱা দেখা যায়। এজন মিস্ত্ৰীৰ পৰা ৰান্ধনিলৈ, মিঠাই বেপৰীৰ পৰা হাটত বস্তু বিক্ৰী কৰা ব্যৱসায়ীলৈ সকলোৱে নিজ নিজ বৃত্তিত গণিত প্ৰয়োগ কৰিবলগীয়া হয়। এইবাবেই গণিত শিক্ষণ উপযোগীবাদী লক্ষ্যৰ দ্বাৰা প্ৰভাৱিত।

পঠনীয়:  শূন্য সম্বন্ধে ৰবীন্দ্ৰনাথৰ ৰসাল ধাৰণা

এই তিনিটা মূল লক্ষ্য আগত ৰাখি মাধ্যমিক স্তৰত গণিতৰ শিক্ষাদানৰ উদ্দেশ্যক ‘স্থুল উদ্দেশ্য’ আৰু ‘বিশিষ্ট উদ্দেশ্য’ হিচাপে আন দুটা ভাগত ভাগ কৰা হয়। ইয়াৰ ভিতৰতে সোমাই আছে আহৰণ, আদৰকৰণ, আচৰণগত তিনিটা কথা। চিন্তাৰ বিকাশ ঘটোৱা, বিশ্লেষণ ক্ষমতা অৰ্জন কৰোৱা, যুক্তিৰ দক্ষতা দেখুওৱা, মৌলিক প্ৰচেষ্টা প্ৰদৰ্শন কৰোৱা, নতুন ধ্যান-ধাৰণা আয়ত্ব কৰোৱা, প্ৰাপ্ত তথ্য পদ্ধতিগতভাৱে বিশ্লেষণ কৰিব পৰা, স্বজ্ঞান আৰু পদ্ধতিগতভাৱে চিন্তা কৰিবলৈ শিকা, স্বাধীনচিতীয়াভাৱে অধ্যয়নত মনোনিৱেশকৰণ, মনক যুক্তিপ্ৰৱন কৰা, পৰিশুদ্ধতা আৰু অনুশাসনমূলক নিয়ন্ত্ৰণ ক্ষমতা অৰ্জন কৰা, জ্ঞান অৰ্জনৰ বাবে ধাউতি দেখুওৱা, আত্মবিশ্বাস প্ৰদৰ্শন কৰা আদি গুণ আয়ত্ব কৰাটো আচৰণ অংশৰ অন্তৰ্ভূক্ত। আনহাতে গণিতক প্ৰশংসা কৰা, বৃত্তিমূলক প্ৰয়োগ জনা, গণিতত পোৱা সাথৰ, কুইজ আদিৰ প্ৰতি আগ্ৰহী হোৱা কথাবোৰক আদৰকৰণৰ অন্তৰ্ভূক্ত কৰিব পাৰি। চমুকৈ ক’বলৈ হ’লে তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—

(ক) স্থুল উদ্দেশ্য :

(শিকাৰুক) গাণিতিক পদ, ধাৰণা, সূত্ৰ, তত্ত্ব, পদ্ধতি আদিৰ জ্ঞান দিয়া, যাতে দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা গণিতৰ জ্ঞান সমুচিতভাৱে প্ৰয়োগ কৰিব পাৰি।

গণিত অধ্যয়নৰদ্বাৰা অন্যান্য পঠনীয় বিষয়সমূহত থকা গণিতসমূহ বুজি সেই বিষয়সমূহ অধ্যয়ন কৰিব পৰা কৰোৱা, যাতে শিকাৰু গণিতৰ প্ৰতি আগ্ৰহী হয় আৰু গণিতৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰি গণিত-ভ্ৰীতি দূৰ কৰিব পাৰে।

গাণিতিক জ্ঞানৰ প্ৰয়োগ কৰি শুদ্ধতা বিচাৰ ক্ষমতা, সাধাৰণীকৰণ, নিৰীক্ষণ দক্ষতা, নিৰূপিত কৰিব পৰা, যুক্তিযুক্ততা আদি প্ৰদৰ্শন কৰোৱা।

(খ) বিশিষ্ট উদ্দেশ্য :

বিভিন্ন জোখ-মাপৰ ওপৰত জ্ঞান দিয়া যাতে শিকাৰুৱে তাক জীৱনৰ কৰ্মক্ষেত্ৰত ভালদৰে প্ৰয়োগ কৰিব পাৰে।

বানিজ্যিক গণিতৰ ওপৰত জ্ঞান দিয়া।

প্ৰতীকধৰ্মী গাণিতিক ভাষাৰ সৈতে চিনাকী কৰি দি ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিবলৈ শিকোৱা। (লেখ, সমীকৰণ, সূত্ৰাৱলী আদিৰ ওপৰত সম্যক জ্ঞান দিয়া)

কোনো এটি ডাটা বা তথ্যৰ প্ৰকৰণ, প্ৰদৰ্শন বিচাৰ-বিশ্লেষণ কৰি তাৰ ওপৰত যথাযথ মন্তব্য দিব পৰা।

গণিতৰ ওপৰত বিশ্বাস আৰু আস্থা প্ৰতিষ্ঠা কৰা যাতে শিকাৰুৱে গণিতৰ কথাবোৰ প্ৰয়োজনীয় বুলি সমাদৰ কৰি গণিতৰ প্ৰতি অনুৰাগী হয়।

ইয়াৰ পৰা বুজা যায় যে গণিত শিক্ষণ সকলোৰে বাবে অতি প্ৰয়োজনীয়, কিয়নো গণিত শিক্ষণে জীৱনটোক বহুতো ক্ষেত্ৰত সহজভাৱে আগুৱাই নিয়াত সহায় কৰে। আমি এইখিনিতে পুনৰ কেইগৰাকীমান মনিষীৰ বক্তব্য মন কৰিব পাৰোঁ—

“Mathematics is the door and key to the sciences.” — ৰ’জাৰ বেকন।

“বিজ্ঞান সঠিক হয় গণিত প্ৰয়োগৰ দ্বাৰাহে।” — ইমানুৱেল কাণ্ট।

“গণিত হ’ল সভ্যতাৰ ৰাজহাড়। ইয়াক আঁতৰালে আমাৰ সকলো বস্তুবাদী জগতৰ সভ্যতা পঙ্গু হৈ পৰিব।” — ইয়ং।

 

(উৎস:— “গণিত শিক্ষণ”, বিজয় কৃষ্ণ দেৱশৰ্মা।)

 

পৰীস্মিতা কাকতী।

প্ৰথম যান্মাসিক, গণিত বিজ্ঞান বিভাগ,

তেজপুৰ বিশ্ববিদ্যালয়।

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment