ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় M : বন্ধুসকলৰ স্মৃতি

MA পাতনিঃ

এই অধ্যায়টোত ৰামানুজনৰ জীৱিত বন্ধুকেইজনমান (সেই সময়ৰ) আৰু মিচেছ ৰামানুজনৰ স্মৃতিচাৰণ সামৰা হৈছে| এইসকল পাঁচটা দলত আছে স্কুল-বন্ধু, কলেজ-বন্ধু, কেম্ব্ৰিজৰ বন্ধু আৰু তেওঁৰ ঘৈণী| প্ৰতিটো স্মৃতিচাৰণ আৰম্ভ হৈছে নামেৰে আৰু লগতে সংযুক্ত ব্যক্তিজনৰ কিছু সবিশেষেৰে|

 

এম.বি / এম.চি.ৰ স্কুল-বন্ধু

 

MB মি. এন.ৰঘুনাথনৰ স্মৃতিচাৰণ

ৰামানুজনৰ স্কুল-বন্ধু আৰু অৱসৰপ্ৰাপ্ত গণিতৰ প্ৰফেচৰ

 

MB-1 গণিতত আগতীয়া পাৰ্গতালিঃ

১৮৯৯ চনত কুম্বাকোনমত, ৰামানুজন আৰু মই, ছেকেণ্ড ফৰ্মত দুয়ো একেশ্ৰেণীৰ একে ছেকশ্বনত আছিলোঁ| মই তেওঁৰ বিষয়ে শুনিবলৈ পাইছিলোঁ আনকি আগৰ বছৰতো এজন গাণিতিক প্ৰতিভাধৰ হিচাপে, পিছে তেওঁ বেলেগ ছেকশ্বনত আছিল| ছেকেণ্ড ফৰ্মত আমি সাধাৰণতে লগা-লগিকৈ বহিছিলোঁ| আমাৰ প্ৰায়ভাগ ছাত্ৰয়েই গণিতত সহায়ৰ বাবে তেওঁৰ ওচৰলৈ গৈছিল| ছেকেণ্ড ফৰ্মত ইংৰাজীত ইউক্লিড পঢ়োৱা হৈছিল| এইটো অতি ‘ফৰ্মেল’ বিষয় আছিল| ৰামানুজনত বাদে কোনেও স্বীকাৰ্য, স্বতঃসিদ্ধ আৰু সংজ্ঞা আদি কি বুজা নাছিল| ৰামানুজনে এই বিষয়ত আমাক সহায় কৰিবলৈ লৈছিল| পিছৰ বছৰ আমি বেলেগ হৈছিলোঁ| ১৯০৬ চনতহে মই মোৰ বি.এ.ৰ বাবে কুম্বাকোনমলৈ ফিৰি আহিছিলোঁ| কিন্তু কুম্বাকোনমত মোৰ অনুপস্থিতি স্ব্ত্বেও আমাৰ নিবিড়তাৰ মুঠেই অভাৱ হোৱা নছিল| যদিও মই ১৯৮৮ চনৰ কেইটামান মাহৰ বাহিৰে বেছি ওচৰত নাছিলোঁ| ১৯০৬-০৭ চনৰ সময়ছোৱাত মই ৰামানুজনক মাজে মাজে লগ ধৰা কৰিছিলোঁ গভৰ্ণমেণ্ট কলেজত, যেতিয়া তেওঁ কলেজ লাইব্ৰেৰীৰ পৰা কোনো কিতাপ উলিয়াবলৈ বা শিক্ষকক লগ ধৰিবলৈ আহিছিল| এনেবোৰ মুহূৰ্তত আমি সাধাৰণতে পুৰণি দিনৰ কথা কোৱা কৰিছিলোঁ| ৰামানুজন এনে এজন সৰল মানৱাত্মা আছিল যে কোনোৱেই তেওঁৰ প্ৰতি অ-বন্ধুভাৱাপন্ন হ’ব নোৱাৰিছিল| তেওঁৰ সদায়েই এক ভাৱ বিভোৰতা আছিল আৰু কিবা উপায়ে মই ধাৰণা কৰিব পাৰিছিলোঁ যে কোনোৱেই তেওঁৰ স’তে অন্তৰংগতা গঢ়ি তুলিব পৰা নাছিল| অৱশ্যে সেই সয়তেই হওক বা ইয়াৰ পিছতেই হওক, আমাৰ কোনোবাই তেওঁৰ প্ৰতিভাৰ প্ৰকৃতি বুজিব পৰা নাছিল| আমি পাটীগণিত, বীজগণিত আদিত তেওঁৰ জটিল সমস্যাসমূহ বা জ্যামিতিৰ ‘ৰাইডাৰ’ সমাধা কৰা কৌশল সমূহৰহে প্ৰশংসা কৰিছিলোঁ| ইয়াতেই আমাৰ প্ৰশংসা শেষ হৈছিল| খোলাভাবে ক’বলৈ হ’লে, প্ৰফেচৰ শেশু-আয়াৰ বা পাত্ৰচৰিয়াৰ বা সেই সময়ৰ ভাৰতৰ উচ্চ পৰ্যায় কোনো গণিতজ্ঞয়েই শুদ্ধকৈ তেওঁৰ সক্ষমতাৰ পৰিধি আৰু প্ৰকৃতিৰ জোখ ল’ব পৰা নাছিল|

 

MB-1 ইউৰোপীয় পোছাকত অ-সহজভাবঃ

মই প্ৰেছিডেন্সি কলেজৰ ষ্টাফ হৈ যোগদান কৰাৰ পাছতহে মাথোন পুনৰ তেওঁক লগ পাইছিলোঁ| তেওঁ তেতিয়া মাদ্ৰাজ পৰ্ট-ট্ৰাষ্টত নিযুক্তি পাইছিল| মই তেওঁৰ ঘৰলৈ এবাৰ কি দুবাৰ গৈছিলোঁ| শেষবাৰৰ বাবে মই তেওঁৰ সৈতে আছিলোঁ, যেতিয়া তেওঁ ইংলণ্ডলৈ বুলি দেশ এৰাৰ আগতে ইউৰোপীয় ধৰণত পোছাক পৰিধান কৰি, সেই পোছাকত অতি অসহজ হৈ কলেজলৈ আহিছিল| মাদ্ৰাজলৈ তেওঁ ফিৰি অহা কথাটো মই পিছতহে শুনিছিলোঁ, কিন্তু তেওঁৰ মৃত্যুৰ আগতে তেওঁক লগ ধৰিব পৰা নাছিলোঁ| কিছু বছৰ পিছত, শেশু আয়াৰে মোক মাতি পঠিয়াইছিল আৰু ৰামানুজনৰ দেউতাকৰ সত্‍কাৰ কৰিবলৈ যা-যোগাৰ কৰিবলৈ বুলি কৈছিল| ৰামানুজনৰ দেউতাক মাদ্ৰাজলৈ আহি নাৰায়ণৰ ঘৰত হঠাতে ঢুকাইছিল|

 

MC মি.এন.গোবিন্দৰাজনৰ স্মৃতিচাৰণঃ

মাদ্ৰাজৰ চীফ-ইঞ্জিনিয়াৰ আৰু ইউনিয়ন পাব্লিক-চাৰ্ভিচ কমিশ্যনৰ সদাস্যঃ

 

MC-1 গণিতত আগতীয়া তন্ময়তাঃ

১৯১১ চনৰ আগত ৰামানুজন মোৰ ওচৰচুবুৰীয়া আছিল আৰু বাস কৰিছিল মোৰ ঘৰৰ দহ দুৱাৰ পশ্চিমে, কুম্বাকোনমৰ শাৰংগপাণি-সান্নিধি-ষ্ট্ৰীটত| দক্ষিণৰ (বিশেষকৈ কুম্বাকোনমত) প্ৰায় প্ৰতি ঘৰতেই এক দুই-টায়াৰৰ ‘পিয়াল’ আছিল— ৰাস্তাৰ লেভেলৰ পৰা এটা প্ৰায় দুইফুট ওপৰত আৰু আনটো অন্য দুই ফুট আৰু ওখ| প্ৰায় প্ৰতিটো ৰাতিপুৱাতেই ৰামানুজন ওপৰৰ পিয়ালত বহা কৰিছিল আৰু তেওঁৰ চাৰিওকাষে তেওঁৰ স্কুল-শিক্ষকসকলে ঘেৰি ধৰিছিল আৰু লগতে অন্য সেইসকল, যিসকলে তেওঁলোকৰ গণিতৰ সমস্যা সমাধানৰ বাবে তেওঁ ওচৰ চাপিছিল| ৰামানুজনে পিয়াল মজিয়াৰ সোঁ-মাজত, ভৰি দুখন ভাঁজ কৰি লম্ভভাৱে ওপৰমুৱাকৈ থিয় কৰি বহিছিল আৰু বহুত কেইজন স্কুল-বন্ধুৱে নিজকে এক সফুৰ্ত্তিৰ মাজত সুমুৱাইছিল তেওঁৰ আন্দাৰৱেৰত সৰু শিলগুটি ভৰাই| ৰামানুজনে এয়া মন নকৰিছিল| এয়া আছিল এক নিদৰ্শন যিয়ে সাব্যস্ত কৰিছিল তেওঁ কি পৰিমাণে বাহিৰৰ পৃথিৱীৰ স’তে সম্পৰ্ক ৰহিত জীৱনৰ মাজত আছিল, তেওঁৰ অতি প্ৰিয় বিজ্ঞানৰ খাতিৰত|

 

MC-2 স্কুল-টাইমটেবুলৰ খচৰা প্ৰস্তুতিকৰণঃ

বোধকৰোঁ, ১৫০০ ছাত্ৰ ৰোল থকা আৰু ৩০ তকৈ অধিক শিক্ষক ষ্টাফ থকা কুম্বাকোনমৰ টাউন-হাইস্কুলত কোনো আন্তঃসংঘৰ্ষ নথকাকৈ টাইম-টেবুল তৈয়াৰ কৰাটো এটা সমস্যা আছিল| ৰামানুজনৰ বিশ্লেষণাত্মক আৰু সাংশ্লেষিক সমৰ্থতাত তেওঁৰ এনে বিশ্বাস আছিল যে, বছৰৰ পিছত বছৰ টাইম-টেবুল প্ৰস্তুতিত তেওঁ ৰামানুজনকে দায়িত্ব অৰ্পণ কৰিছিল|

 

MC-3 টিউটৰ হিচাবে বাধা আৰোপঃ

১৯০৮ চনত যেতিয়া মই এফ.এ. পাছ কৰোঁ, ৰামানুজন তেওঁৰ সমস্যাত কৰ্মৰত এজন মুক্ত যুঁজাৰু আছিল| মই ৰামানুজনক অনুৰোধ কৰিছিলোঁ, বি.এ.ত মোক টিউশ্যন দিবলৈ বুলি| বিশেষকৈ অৱকলন গণিতত| কিছুদিনৰ বাবে তেওঁ মোৰ টিউটৰ আছিল ধৰক, পোন্ধৰ দিনমান| পিছে প্ৰায় আটাইকেউটা দিনেই তেওঁ মোক অকল ‘ইনফিনিট’ আৰু ‘ইনফাইনাইটেছিমেল’ৰ বিষয়েহে কৈছিল| আৰু মই অনুভৱ কৰিছিলোঁ যে মোৰ পৰীক্ষাৰ খাটিৰত তেওঁৰ টিউশ্যনটো কোনো বাস্তৱ ব্যৱহাৰৰ নহ’ব| সেয়ে মই এয়া বাদ দিছিলোঁ| প্ৰতিভাধৰ এজনৰ দৈনিক ব্যৱসায়িক প্ৰয়োজন অনুপযুক্ত প্ৰতীয়মান হোৱা কথাটো নিশ্চিতভাৱে এয়া প্ৰথম উদাহৰণ নাছিল|

 

MC-4 ভৱিষ্যতৰ মহত্বৰ বিষয়ে ভৱিষ্যদ্বাণীঃ

মোৰ দেউতাই কিছু যুক্তিৰ ৰাস্তাত জ্যোতিষশাস্ত্ৰৰ বিকাশ ঘটাইছিল| ৰামানুজনৰ কোষ্ঠী চোৱাৰ পিছত, তেওঁ ভৱিষ্যতবাণী কৰিছিল যে, তেওঁৰ ৩২ বছৰত তেওঁ এজন শ্ৰেষ্ঠ পণ্ডিত হ’ব| তেওঁ এয়া কৈছিল ১৯১২ চনত যেতিয়া এই শতিকাৰ শ্ৰেষ্ঠতম গাণিতিক প্ৰতিভাটোক পৰ্টট্ৰাষ্টৰ লেবিৰিস্থত এজন কেৰেণী হিচাবে সমাধিস্থ কৰা হৈছিল|

 

এম.ডি / এম.কে. কলেজৰ বন্ধুসকলঃ

MD মি.কে.চন্দ্ৰ চেঙালৱাৰায়ন (এডভোকেট-চ্চিংলেপুট)ৰ স্মৃতিচাৰণ

 

MD-1 অমায়িকতা আৰু নিৰ্বোধতাঃ

মাদ্ৰাজৰ পাচ্চায়াপ্পা কলেজত চিনিয়ৰ এফ.এ ক্লাছত ৰামানুজন মোৰ সহপাঠী আছিল| ব্যক্তিগতভাৱে মই যি জানো, তাৰ পৰা মই ক’ব পাৰোঁ যে, তেওঁ এজন সমাজপ্ৰিয় লোক আছিল| নিৰ্বোধতা আৰু আত্মসচেতনতাৰ প্ৰতি অন্যমনস্কতা আছিল তেওঁৰ অন্য গুণ| নিজৰ সক্ষমতা আৰু সাফল্যৰ প্ৰতি তেওঁ অসচেতন আছিল| এয়া ভুল কোৱা নহ’ব যে, যদি কোৱা হয় যে অন্যান্য প্ৰখ্যাত গণিতজ্ঞই ৰামানুজনক তেওঁৰ নিজৰ বাবে আৱিষ্কাৰ কৰিছিল| পৰীক্ষাৰ পিছত যেতিয়া আমি ক্লাছ কৰিছিলোঁ, মোৰ কামৰ ধাৰাত বহুত সন্দেহ আৰু কঠিনতাৰ সন্মুখীন হৈছিলোঁ| প্ৰায়েই মই সহপাঠীসকলৰ সহায় ল’বলৈ খুজিছিলোঁ| কিন্তু মই বৰঞ্চ অনুভৱ কৰিছিলোঁ যে, ক্লাছত অতি কম সংখ্যক উপস্থিত থকা, গণিতত অতি পাকৈত ছাত্ৰসকলৰ সন্মুখত মোৰ পশ্চাদভিত্তি প্ৰকাশ হোৱাটো মোৰ বাবে অপমানজনক হ’ব| সেয়ে, মই মোৰ অসমৰ্থতাৰ ঠিক ওপৰত থকা এজন সাধাৰণ ছাত্ৰৰ স’তে আলোচনা কৰাটো বিচাৰিছিলোঁ| এদিনাখন কলেজৰ সন্মুখৰ খোলা ঠাইত মই এনেয়ে ৰামানুজনক সুধিছিলোঁ, ৰাধাকৃষ্ণণ আয়াৰে দিয়া এলজেব্ৰাৰ হোমৱৰ্কৰ অধ্যায় শেষ কৰিছেনে নাই|

 

MD-2 মোৰ বাবে ৰহস্যঃ

চি. আৰ. কৃষ্ণস্বামীৰ পৰা মোৰ প্ৰশ্নৰ উত্তৰ আহিছিল| তেওঁ আক্ষেপ কৰি কৈছিল ‘কি, তুমি এই প্ৰশ্নটো ৰামানুজনক কৰিছা|’ উত্তৰটো মই এনে অৰ্থত পাইছিলোঁ যে, ৰামানুজনে সেই অধ্যায়টো আৰু অন্য অধ্যায়বোৰো শেষ কৰিছে| সেই ঘটনাৰ পিছত যেতিয়া বি.এ. শ্ৰেণীৰ গণিতৰ কিছুমান ছাত্ৰই বিষয়বোৰত তেওঁৰ সহায় বিচাৰিছিল আৰু মই যেতিয়া দেখিছিলো বা শুনিছিলো— তেওঁক এন.ৰামানুজচাৰী আৰু আমাৰ কলেজৰ লগতে অইন কলেজৰ প্ৰফেচৰবোৰেও কেনেধৰণ লৈছিল, তেতিয়া ৰামানুজন মোৰ বাবে এক ৰহস্য যেন হৈ পৰিছিল|

 

MD-3 ইংলণ্ডত জীৱনঃ

ৰামানুজনৰ পিছৰ কেৰিয়াৰ সম্পৰ্কত আমি ছাত্ৰৰ মাজত হোৱা আলোচনাৰ পৰাহে মাথোন শুনিছিলোঁ| বহু সময়ৰ অন্তত, যেতিয়াই মই সহপাঠীসকলক লগ পাইছিলোঁ, সেয়া খ্যাতিলৈ বুলি ৰামানুজনৰ প্ৰকাশখিনি আছিল এক আলোচনাৰ বিষয়| এনে আলোচনাৰ মূৰত মই শুনিছিলো যে, কিছু সময়ৰ বাবে ইংলণ্ডত ৰামানুজন সূৰ্যনাৰায়ণৰ লগত আছিল আৰু দুয়োজনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিছিল| সূৰ্যনাৰায়ণ দৰ্শনৰ এজন অতি প্ৰখৰ মগজৰ ছাত্ৰ আছিল|

 

ME মি. টি. মুদালিয়াৰ (ইণ্ডিয়ান পুলিচ ছাৰ্ভিছ (অৱসৰপ্ৰাপ্ত), মাদ্ৰাজ) স্মৃতিচাৰণঃ

ME-1:

মি. এছ. ৰামানুজনে পাচ্চায়াপ্পা কলেজত চিনিয়ৰ এফ.এ. ক্লাছত যোগ দিছিল ১৯০৭ চনত| এবাৰ এফ. এ. পৰীক্ষাত ফেইল কৰাৰ পিছত, টাঞ্জোৰৰ এডভোকেট, মি. ৰাধাকৃষ্ণন আৰু মই আছিলোঁ সহপাঠীসকলৰ ভিৰতৰ| ৰামানুজন অতি নম্ৰ আছিল| তেওঁ ইংৰাজী আৰু ফিজিঅ’লজিৰ দৰে বিষয়ত অলপ দুৰ্বল আছিল| তেওঁ এইকেইটা বিষয়ত সহজতেই পাৰ্গত হৈ উঠিব পাৰিলেহঁতেন, কিন্তু গণিতত হোৱা অতি উত্‍সৰ্গৰ বাবে তেওঁ এইকেইটা বিষয় পঢ়িব নোৱাৰিলে|

 

ME-2 এন. ৰামানুজাছাৰীৰ প্ৰশংসা:

এন. ৰামানুজাছাৰীয়ে এফ.এ. শ্ৰেণীত গণিত শিকাই আছিল| তেওঁ দুখন শ্লাইডিং ব্লেকবোৰ্ডৰ গোটেইখিনি লৈছিল| বীজগণিত বা ত্ৰিকোণোমিতিৰ এটা অংক কৰিবলৈ লওঁতে দহ নম্বৰ বা এঘাৰ নম্বৰ খাপতেই উত্তৰটো পোৱা গৈছিল| তেওঁ প্ৰতিটো খাপ দুবাৰ বা তিনিবাৰ বুজাই নিদিয়া পৰ্যন্ত এয়া সাধাৰণ মানৰ ছাত্ৰৰ বুজাতো কঠিন আছিল| তেতিয়া অংকটো এক চুটি নিয়মেৰে সমাধানৰ বাবে ৰামানুজন থিয় হ্য়| তেওঁৰ অনুমতি বিচাৰে| প্ৰফেছৰে অনুমতি দিয়াৰ পিছত তেওঁ চতুৰ্থ খাপত এটা উত্তৰত আহি উপনীত হয়| ৰামানুজাছাৰী আছিল অলপ কলা| তেওঁৰ অভ্যাস আছিল, শব্দটো ধৰিবলৈ বুলি তেওঁৰ মূৰটো কোৱাজনৰফালে অলপ হাউলি যোৱাটো| যেতিয়া ৰামানুজনে খাপৰ পিছত খাপটো কৈ গৈছিল, ৰামানুজাছাৰীয়ে বাৰে বাৰে কৈছিল কি কি| ৰামানুজনে ক’ব খোজা সূত্ৰটো কৈ দিলেহে আৰু দুবাৰ বা তিনিবাৰ ব্যাখ্যা কৰাৰ পিছতহে তেওঁ বুজিব পাৰিছিল| এয়া সকলো আনৰ বাবে লেটিন বা গ্ৰীক যেন আছিল|

 

ME-3 পি. চিংগাৰাৱেলু মুদালিয়াৰৰ প্ৰশংসাঃ

গণিতৰ প্ৰধান প্ৰফেচৰ আছিল পি. চিংগাৰাৱেলু মুদালিয়াৰ| তেওঁ অকল বি.এ. শ্ৰেণীৰ ছাত্ৰকহে শিকাইছিল| তেওঁক পাচায়াপ্পা কলেজৰ বাবে বিশেষ ভাবে মাতি অনা হৈছিল| তেওঁ আদিতে প্ৰেচিডেন্সি কলেজৰ গণিতৰ সহকাৰী প্ৰফেচৰ আছিল আৰু পাচ্চায়াপ্পা কলেজত গণিত বিভাগটো খোলাৰ বিষয়ত প্ৰথম আছিল| কৃতি প্ৰফেচৰ হিচাবে, তেওঁৰ সন্মানটোৱে এক প্ৰসাৰ লভিছিল| ৰামানুজনে সাধাৰণতে তেওঁৰ টিফিন আনিছিল এটা ‘ব্ৰাছ’ৰ বাকচত, বিশেষকৈ দৈ, ভাত আৰু আচাৰ সহ| এয়া মুঠেই সুস্বাদু নাছিল| খৰধৰকৈ এয়া শেষ কৰাৰ পিছত, তেওঁ চিংগাৰাৱেলু মুদালিয়াৰ ওচৰলৈ গৈছিল| চিংগাৰাৱেলু মুদালিয়াৰে ৰমানুজনৰ সহায়ৰ বাবে প্ৰচলিত গণিতৰ জাৰ্ণেলত থকা কঠিন সমস্যা কেতবোৰ সমাধানৰ বাবে অপেক্ষা কৰি ৰৈছিল| তেওঁলোকে লগে-ভাগে এইবোৰ সমাধা কৰিছিল|

 

ME-4 দৈহিক গঠনঃ

ৰামানুজন আছিল কিছু পৰিমাণে গাঠলু চেহেৰাৰ| কিন্তু তেওঁক শেঁতা আৰু তেজহীন দেখা গৈছিল| মুদালিয়াৰে কৈছিল যে তেওঁ যদি ৰামানুজনৰ অন্তৰংগ বন্ধু হ’লহেঁতেন, তেনেহ’লে ৰামানুজনক প্ৰতি দিনে ৰাতিপুৱা দুটাকৈ কণী খাবলৈ উপদেশ দিলেহেঁতেন| পিছে, ৰামানুজনে এয়া প্ৰত্যাখান কৰিলেহেঁতেন| কাৰণ তেওঁ আছিল তেওঁৰ আদবকায়দাত ৰক্ষণশীল| ইংলণ্ডত থাকোঁতে, তেওঁ টিউবাৰ-কিউলোচিছৰ আক্ৰমণ ঘটিছিল আৰু হস্পিতেলত ভৰ্ত্তি হৈছিল| তেওঁ ডাক্তৰসকলক পশু-খাদ্যৰ বাহিৰে তেওঁলোকে দিব খোজা যিকোনো ঔষধকেই দিবলৈ খাটনি ধৰিছিল|

 

ME-5 ধৰ্মীয় সোঁতটিত তেওঁৰ শিক্ষাঃ

আমাৰ এজন সহপাঠী আৰু ৰামানুজনৰ নিকটতম বন্ধু মি. ৰাধাকৃষ্ণনে তেওঁক কৈছিল যে, এক জোনাক নিশা দুয়োজনে কুম্বাকোনমৰ পৰা নাচ্চিয়াৰকোইললৈ খোজ কাঢ়ি আহি আচিল, এক ধৰ্মীয় উত্‍সৱ চাবলৈ বুলি| তেওঁলোকৰ অহাৰ পথত, ৰামানুজনে বেদ আৰু শাস্ত্ৰৰ কেইপৃষ্ঠামান গাই গৈছিল আৰু অতি উপদেশমূলকভাৱে তেওঁলৈ ইয়াৰ অৰ্থ ব্যাখ্যা কৰি গৈছিল|

 

MF মি. কৃষ্ণস্বামী আয়াৰৰ (উকীল, টিৰুপট্টুৰ) স্মৃতিচাৰণঃ

MF-1 স্কলাৰশ্বিপৰ ভাগঃ

আয়াৰে ১৯০৬ চনত পাচ্চায়াপ্পা কলেজত জুলিয়ৰ এফ.এ. শ্ৰেণীত স্বৰ্গীয় ৰামানুজনৰ সহপাঠী আছিল| কিছুদিন পিছত জুনিয়ৰ এফ.এ. ক্লাছত এটা পুৰা ফ্ৰি-স্কলাৰশ্বিপৰ বাবে তেওঁ পাচ্চায়াপ্পা কলেজৰ প্ৰিন্সিপাল জে. এ. য়েটচ্‌ক লগ ধৰিছিল| তেওঁ আয়াৰৰ অনুৰোধত অনুমোদন জনাইছিল আৰু পিছদিনাখন মাথোন আঠ অনাৰ লাইব্ৰেৰীৰ ফিজটো লৈ আহিবলৈ কৈছিল| পিছদিনাখন পুৱা কোৱাৰ দৰে প্ৰিন্সিপালৰ ওচৰলৈ গৈছিল| তেতিয়া ৰামানুজনক এফ.এ. ক্লাছত শিকাই থকা প্ৰফেচৰ ৰামানুজাছাৰীয়ে তেওঁৰ স’তে পৰিচয় কৰাই দিছে মাথোন| তেওঁ প্ৰিন্সিপালক কৈছিল যে, ৰামানুজনৰ গণিতৰ বিষয়ত এক বিশেষ ক্ষমতা আছে আৰু তেওঁৰ নোটবুকত ৰামানুজনে সমাধা কৰা ইয়াৰে কিছুমান প্ৰব্লেম আৰু উপপাদ্য তেওঁ (প্ৰফেচৰ) নিজে শিহৰণকাৰী আৰু বুজি পোৱাটো কঠিন যেন পাইছে| সেয়ে, প্ৰিন্সিপালে আয়াৰলৈ দিব খোজা ফ্ৰি স্কলাৰশ্বিপটো দুই-আধাত ভগালে| আৰু প্ৰতিজনকে এক-আধা ল’ব পৰা কৰিলে|

 

MF-2 এন. ৰানুজাচ্চাৰিয়াৰ প্ৰশংসাঃ

গণিতৰ ক্লাছৰ মাজত, ওপৰ গেলেৰীৰ এটা চুকত ৰামানুজনে তেওঁ নিজৰ গণিতীয় সমস্যাত ব্যস্ত আছিল| যেতিয়া প্ৰফেচৰ ৰামানুজাচ্চাৰিয়াৰে কোনো এটা সমস্যা তেওঁ কৰি থকা ব্লেকব’ৰ্ডত ৰামানুজনৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু পিছৰ ষ্টেপটো বা সমস্যাটো আগবঢ়াই নিবলৈ বুলি তেওঁক সুধিছিল, তেতিয়া ৰামানুজনে সাহসেৰে কৈছিল যে প্ৰফেচৰে কৰা মাজৰ কেবাটাও ষ্টেপ অদৰকাৰী আৰু তেওঁ জাঁপ মাৰি গৈছে শেষ ষ্টেপলৈ| উত্তৰটো দিছিল গোটেই ক্লাছটোৰ বাবে আচৰিত হোৱাকৈ, বেছিকৈ প্ৰফেচৰৰ বাবে| প্ৰফেচৰে তেতিয়া তেওঁ কেনেকৈ উত্তৰটো পালে, সেয়া ক্লাছটোক ব্যাখ্যা কৰিবলৈ বুলি তেওঁক ব্লেকব’ৰ্ডলৈ নামি আহিবলৈ কৈছিল|

 

MF-3 এটা কেপ কিনিবলৈ অতি দুখীয়াঃ

ৰামানুজন আৰু ৰামনুজাচ্চাৰিয়াৰ ছেকেণ্ড লেংগুৱেজ আছিল সংস্কৃত| এদিনাখন ৰাতিপুৱা তেওঁৰ সাধাৰণ উলেৰে বোৱা ৰঙা হাছান-কেপ বিনা, ক’লা কালিকটীয়া ৰেখাৰে (Calicut-check) তেওঁৰ সাধাৰণ কোটচোলাটো পিন্ধি, সংস্কৃত ক্লাছলৈ আহিছিল| তেওঁ কোৱামতে, যেতিয়া তেওঁ ট্ৰামৰ ভিতৰত সোমাইছিল তেতিয়া এই চোলাটো হেনো এজাক বতাহে উৰুৱাই নিছিল| আমাৰ সংস্কৃত পণ্ডিত কৃষ্ণ শাস্ত্ৰীয়াৰে পেতঞ্জলি শাস্ত্ৰীয়াৰৰ দেউতাক, (ভাৰতৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ) তেওঁক বাহিৰলৈ গৈ ওচৰৰ চীনা বজাৰৰ পৰা এটা কেপ যোগাৰ কৰি ল’বলৈ কৈছিল, কাৰণ হেড ড্ৰেছ আৱৰণেৰে চুলি নঢকাকৈ ক্লাছ কৰাটো শৃংখলা বিৰোধী আছিল| ৰামানুজনে মাফ বিচাৰিছিল এই বুলি যে, তেওঁ অন্য এটা কেপ কিনিবলৈ বুলি অতি দুখীয়া আছিল| যদিওবা ইয়াৰ দাম আঠঅনাতকৈয়ো কম আছিল|

 

MF-4 মূৰত পানী ঢলা হৈছিলঃ

১৯১২ চনত ৰামানুজনে ৰামনুজাচ্চাৰিয়াৰ স’তে ট্ৰিপ্লিকেনৰ চামিপিল্লাই ষ্ট্ৰীটৰ ওপৰ খলপৰ ৰূম এটাৰ অংশীদাৰ আছিল আৰু আছিল ছাউথ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চৰ ৰামনুজাচ্চাৰিয়াৰ এজন সম্বন্ধীয় কেৰেণী| এবাৰ নিশাৰ কথা| ৰামানুজনে ৰামনুজাচ্চাৰিয়াৰক জ্যোতিৰ্বিজ্ঞানৰ আশ্চৰ্যতাৰ সম্পৰ্কে কৈ আছিল| তেওঁৰ সম্বন্ধীয় এজনে, যিজনে তেওঁৰ টোপনিত ব্যঘাত পাইছিল, তেওঁ ৰামানুজনৰ মূৰত একপাত্ৰ পানী ঢালি দিছিল| পানী ঢালি দি এইবুলি কৈছিল যে ইয়াৰে তেওঁৰ গৰম হোৱা মগজ শীতল হ’ব| তেতিয়া এজন গণিতজ্ঞৰ ধৈৰ্যৰে ৰামানুজনে আনন্দৰে ভাৱগধূৰ ব্যক্তব্য ৰাখিছিল যে ই আছিল এক গংগাস্নান আৰু বিচাৰিছিল আৰু অন্য এক তেনে বৃষ্টি|

 

MF-5 পি.চিংগাৰাৱেল মুদালিয়াৰৰ দ্বাৰা মূল্যায়নঃ

ৰামানুজনে গণিতৰ কিছুমান সমস্যা চীফ প্ৰফেচৰ চিংগাৰাৱেলু মুদালিয়াৰক দেখুওৱা কৰিছিল| তেওঁ বি.এ. ক্লাছতহে গণিত লৈছিল| তেওঁ প্ৰব্লেমসমূহ অথবা ৰামানুজনৰ বিশেষ প্ৰশ্ন কেতবোৰ ঘৰলৈ লৈ যোৱা কৰিছিল আৰু পিছদিনাখন ঘূৰাই লৈ আহিছিল মুক্তভাৱে স্বীকাৰ কৰি যে, তেওঁ সমাধান উলিয়াবলৈ সক্ষম নহয় আৰু পুনৰ এই কাম তেওঁ কৰি থাকিব| তেওঁৰ বাবে আৰু জুনিয়ৰ প্ৰফেচৰ এন. ৰামানুজাচ্চাৰীৰ বাবে যেন তেওঁ এক ৰহস্য আছিল|

 

MF-6 ফিজিঅ’লজিৰ প্ৰতি বিৰক্তিঃ

এফ.এ. পৰীক্ষাৰ বাবে তেওঁলোকে ফিজিঅ’লজি বিষয়টো এটা বাধ্যতামূলক বিষয় হিচাবে অধ্যয়ন কৰিব লাগিছিল, বহুতো ছাত্ৰ এফ.এ. পৰীক্ষাত অনুত্তীৰ্ণ হ’ব লগা হৈছিল| আনকি শতকৰা ২০ ভাগ ছাত্ৰ উত্তীৰ্ণ হোৱা নাছিল এনে এটা কম দৰ্কাৰী বিষয় এটাৰ মূল্যায়নৰ কঠোৰতাৰ বাবে| কাৰণ পৰীক্ষক আছিল মাদ্ৰাজ খৃষ্টিয়ান কলেজৰ ফিজিঅ’লজিৰ এজন ইউৰোপীয় প্ৰফেচৰ| তেওঁলোকৰ ফিজিঅ’লজিৰ টেক্সট বুক আছিল ফষ্টাৰ আৰু শ্যোৰে লিখা|

 

MF-6.1 সাগৰৰ ভেকুলী আৰু কুঁৱাৰ ভেকুলীঃ

ফিজিঅ’লজিৰ প্ৰফেছৰ আছিল বি.জি. ডুৰাইস্বামী পিল্লাই| তেওঁ ‘ডাইছেকশ্বন’ টেবুললৈ বৰ ডাঙৰ কেইটামান সাগৰীয় ভেকুলী অনা কৰিছিল| ছাত্ৰবোৰে ‘ডাইছেক্ট’ কৰি থাকোঁতে তেওঁ ভেকুলীৰ গঠনৰ বিভিন্ন অংশবোৰ ব্যাখ্যা কৰি গৈছিল| তেওঁ বিশেষকৰি কৈ গৈছিল যে, ভেকুলীৰ গঠন বহুক্ষেত্ৰত মানুহৰ স’তে ওচৰৰ| ৰামানুজন আৰু মুদালিয়াৰে ভেকুলীৰ ডাইছেকশ্যন ঘিণ কৰিছিল| ভেকুলীক ক্ল’ৰফৰ্ম দিয়াৰ পিছত, আচৰিত ধৰণে, ৰামানুজনে প্ৰফেছৰক সুধিছিল ছাৰ, সাগৰীয় ভেকুলী এইবাবেই লোৱা হৈছে নেকি যে আমিবোৰ কুঁৱাৰ ভেকুলী| সেয়েহে, ‘ইনচিনুৱেটেড’ মানৱৰ ক্ষুদ্ৰতা এই বিশ্বব্ৰহ্মাণ্ডৰ পৰিধিৰ মহা-বিশালতাৰ বিপৰীতে| প্ৰফেচৰে হাঁহিছিল আৰু অন্য উপদেশসমূহ দি গৈছিল, ভেকুলীৰ গঠন সম্পৰ্কীয়| ইয়ে মুদালিয়াৰক এতিয়া সোঁৱৰাই দিয়ে, স্বামী বিবেকানন্দৰ তেওঁৰ এটা বক্তৃতাত উল্লেখ কৰা সাগৰীয় ভেকুলী আৰু কুঁৱাৰ ভেকুলীৰ কথোপকথনৰ কথা|

 

MF-6.2 যোগৰ চাপেৰ্ণ্ট তত্বঃ

তেতিয়া পুনৰ ৰামানুজনে প্ৰফেছৰৰ ওপৰত অন্য এটা প্ৰশ্ন চাপিছিল, “মহাশয়, ভেকুলীৰ গঠনত ক’ত বাৰু চাপেৰ্ণ্ট (তুমি যদি কোৱা যে ই মানুহৰ সদৃশ), যিয়ে ভেকুলী নিজকে গিলি থ’ব?” ৰামানুজনে স্পষ্টতঃ বুজাইছিল, মানুহৰ মাজত থকা ‘চাৰ্পেণ্ট’ শক্তি বা ‘নাডি’ক কুণ্ডলিনী শক্তিক যি ছয়টা কেন্দ্ৰসহ এটাৰ ওপৰত আন এটা অৱস্থান কৰি ভাৰ্মিফৰ্ম এপেণ্ডিক্সৰ ভেঁটিৰ পৰা আৰম্ভ কৰি মানৱ গঠনৰ শিখৰলৈ আগবাঢ়ে| পিছলৈ আৰ্থাৰ এভালন (ছদ্মনাম জনৱুড-ৰাফ)এ ইংৰাজীত লিখা পতঞ্জলিৰ যোগ-শাস্ত্ৰৰ স’তে ৰামানুজন চিনাকি হৈছিল|

 

MF-6.3 বদহজমীয় হজমীঃ

ফিজিঅ’লজি সম্পৰ্কত তৃতীয় ঘটনা আছিল এইটো| ৰামানুজনে এই বিষয়টোত কোনো প্ৰকৃত আকৰ্ষণৰ ভাব লোৱা নাছিল বা ফৰ্ষ্টাৰ আৰু শ্যোৰৰ ফিজিঅ’লজিৰ প্ৰতি কোনো আকৰ্ষণ নাছিল বা বিষয়টোৰ ওপৰত অন্য কোনো কিতাপৰ প্ৰতিও, সেয়ে এই বিষয়ত তেওঁ ভাল ফল দেখুওৱা নাছিল| ফিজিঅ’লজিৰ প্ৰফেছৰ গৰাকীয়ে ফিজিঅ’লজিৰ এটা অধ্যায়ৰ পাঠ শেষ কৰাৰ পিছত শ্ৰেণীটোৰ এটা পৰীক্ষা লৈছিল| এবাৰ এটা পৰীক্ষাত প্ৰশ্ন এটা আছিল ‘ডাইজেষ্টিভ’ পদ্ধতিৰ ওপৰত| ৰামানুজনে প্ৰশ্ন কাকত পোৱাৰ পিছত, ‘ডাইজেশ্বন’ৰ ওপৰত কেইটামান শাৰী লিখি তলত এনেদৰে লিখি শেষ কৰিছিল— ছাৰ, ‘ডাইজেষ্টিভ’ অধ্যায়ৰ এয়া মোৰ ‘আনডাইজেষ্টিভ প্ৰডাক্ট’, মোক অনুগ্ৰহ কৰি ক্ষমা কৰিব| তেওঁ ইচ্ছাকৃতভাৱেই বহীখনত চহী কৰা নাছিল, যদিও প্ৰফেছৰজনে ৰামানুজনক ঠিকেই সন্দেহ কৰিছিল আৰু সুধিছিল যে এইখন ৰামানুজনৰ বহী হয়নে| ৰামানুজনে নীৰৱ নম্ৰতাৰে তেওঁৰ দোষ স্বীকাৰ কৰিছিল|

 

MF-7 ৰাজ্যপালৰ ট্ৰিবিউট্‌:

১৯১৫ চনত, প্ৰেছিডেন্সি কলেজৰ মেথেমেটিক্স এছ’চিয়েচনৰ সভাত সভাপতিত্ব কৰি মাদ্ৰাজৰ ৰাজ্যপাল লৰ্ড পেণ্টলেণ্ডে কৈচিল যে, ‘মাদ্ৰাজ প্ৰেছিডেন্সি বৰ ভাগ্যৱান যে, ৰামানুজনৰ দৰে প্ৰতিভাধৰক উলিয়াই দেখুৱাইছে| ৰামানুজনে আৰু অধিক সময় ধৰি যি মূল্যৱান সেৱা আগবঢ়াইছিল, এনে এজন প্ৰতিভাধৰৰ তেনে সেৱা ইংলণ্ডই বিচাৰিছিল| তেওঁক ভাৰতলৈ ইমান সোনকালে ফিৰাই পঠিয়াব নোৱাৰি|

 

MF-8 ৰামানুজনৰ প্ৰতিচ্ছবি দেখিঃ

১৯৩৭ চনত তেওঁ যেতিয়া ইউনিভাৰ্চিটি লাইব্ৰেৰী চাবলৈ গৈছিল, পঢ়া-ৰূমৰ বেৰত তেওঁ তেওঁৰ বন্ধু ৰামানুজনৰ প্ৰতিকৃতি দেখিছিল| তেওঁৰ চকুৱেদি বাধা দিব নোৱাৰাকৈয়ে চকুপানী ওলাই আহিছিল|

 

MG মি. কে. নাৰাছিমহা আয়েংগাৰ, এডভোকেট কুম্বাকোনমঃ

MG-1 ৰামানুজনৰ দ্বাৰা কোচ্চিং:

এয়া নাৰাছিমহা আয়েংগাৰৰ ভাষাৰেই—

১৯১১ চনত, ৰামানুজনে মাদ্ৰাজৰ পাৰ্ক টাউনৰ পি. আৰ. স্কোৱেৰৰ ৯ ভেংকটাৰায়ন লেনত মোৰ স’তে আছিল| মোৰ ভাইটো আৰু মই তেওঁৰ স’তে ভাই-ককাইৰ দৰেই আছিলোঁ| তেওঁ এজন মৰমিয়াল আৰু দয়ালু ব্যক্তি আছিল| উদাহৰণস্বৰূপে, সেই সময়ছোৱাত মই ইণ্টাৰমেডিয়েট পৰীক্ষাৰ সময়ত ৰামানুজনৰ দ্বাৰা কোচ্চ পাবৰ সৌভাগ্য হৈছিল| মোৰ গণিতৰ পৰীক্ষাৰ দিনাখন, তেওঁ আনুভূতিক ভাৱেই অনুভৱ কৰিছিল যে, আবেলিৰ পৰীক্ষাত নিশ্চিতভাৱে বহিবৰ বাবে তেওঁ মোক উদগাবলৈ মোক লগ ধৰাটো উচিত বুলি লৈছিল| সেয়ে তেওঁ আমাৰ ঘৰৰ পৰা প্ৰেছিডেন্সি কলেজলৈ প্ৰায় চাৰিমাইল ৰাস্তা— এই গোটেই পথছোৱা খোজকাঢ়ি আহিছিল| তেওঁ মোক হতাশ হৈ থকা আৰু আবেলিৰ পৰীক্ষা দিয়াৰ পৰা আঁতৰি থাকিবলৈ সংকোচ কৰা দেখিছিল| তেওঁ মোক উত্‍সাহ দিছিল আৰু শেষবাৰৰ বাবে কিছুমান টিপ দিছিল, যেনিবা ভৱিষ্যত দ্ৰষ্টাৰ দৰে বা বোধৰ যোগে পোৱা যেন কৰি আৰু মোক পৰীক্ষাত বহিবৰ বাবে খাটনি ধৰিছিল| মই তেওঁৰ ‘প্ৰফেচি’ ফলপ্ৰসু  হিচাপেই পাইছিলো| এইবোৰে নিশ্চিতভাৱে মোক পৰীক্ষা পাছ কৰাত সহায় কৰিছিল|

 

MG-2 পাৰম্পৰিক ধাৰাৰ প্ৰতি আকৰ্ষণ:

ঘটনা বশতঃ এয়া উল্লেখনীয় যে, ৰামানুজন জ্যোতিৰ্বিজ্ঞান, বেদান্ত, দৰ্শন আৰু আপেক্ষিকতাৰ দৰে বিভিন্ন তত্ব জানিছিল আৰু এইবোৰৰ বিষয়ত আকৰ্ষিতও আছিল| তেওঁৰ ইবোৰত হোৱা আলোচনাবোৰ আশ্চৰ্যজনক আৰু আমোদদায়ক আছিল|

 

MG-3 কেম্ব্ৰিজলৈ আমন্ত্ৰণ অসন্মতিঃ

যেতিয়া ৰামানুজন মোৰ স’তে আছিল, তেওঁ নিবনুৱা আছিল আৰু আমাৰ ঘৰত বেচিখিনি সময়েই তেওঁৰ গণিতৰ গৱেষণাৰ কামত ব্যস্ত হৈ আছিল| সেই সময়ছোৱাত মই তেওঁক মোৰ নিজৰ প্ৰফেচৰ এডৱাৰ্ড ৰছকে ধৰি উচ্চ গণিতৰ প্ৰতি আকৰ্ষিত কেবাজনো ব্যক্তিৰ ঘৰলৈ লৈ যাব লগা হৈছিল| ১৯১২ চনত ট্ৰিপ্লিকেনত তেওঁৰ পৰিয়ালৰ সৈতে তেওঁ বেলেগ আছিল| সেই সময়লৈ যিহেতু ময়ো ট্ৰিপ্লিকেনলৈ বদলি হৈছিলোঁ, আমি পৰস্পৰ নিৰন্তৰ সংস্পৰ্শত আছিলো| কিছুমানে উত্‍সুক হৈ পৰিছিল যাতে তেওঁক কেম্ব্ৰিজৰ গণিতজ্ঞসকলৰ স’তে চিনাকি কৰি দিয়া হয়| আমি সেয়ে তেওঁৰ কেতবোৰ ৰিজাল্ট প্ৰফেচৰ হাৰ্ডিলৈ পঠিয়াবলৈ তেওঁক খাটনি ধৰিছিলোঁ| সেয়েই হাৰ্ডিয়ে, গৱেষক হিচাপে ৰামানুজন কেম্ব্ৰিজলৈ যাবনে, এই কথা সুধিবলৈ আগবাঢ়িছিল| কিন্তু আমাক কোনো এজনকে নোকোৱাকৈ তেওঁ এই প্ৰস্তাৱত অসন্মতি জনোৱা দেখা গৈছিল|

 

MG-4 সাগৰ-সিপাৰ বৃত্তিৰ সন্মতিঃ

১৯১৪ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ে তেওঁক এটা সাগৰ সিপাৰ বৃত্তি দিয়ে| এইবাৰ তেওঁ এই প্ৰস্তাৱটোৰ কথা আমাক কৈছিল আৰু আমাৰ উপদেশ বিচাৰিছিল| প্ৰস্তাৱটো গ্ৰহণ কৰা উত্তৰপত্ৰখন আমি লিখিছিলোঁ আৰু তেওঁৰ চহী লৈ ডাকত দিছিলোঁ|

 

MG-5 ইংলণ্ডলৈ বুলি সাগৰত পাড়িঃ

মাদ্ৰাজ পৰ্টট্ৰাষ্টৰ চেয়াৰমেন আৰু তেওঁৰ এসময়ৰ গৰাকী আৰু দাতা ছাৰ ফ্ৰেন্সিচ স্পীঙে খাটনি ধৰিছিল যে ৰামানুজনে অকল মাদ্ৰাজ হাৰ্বাৰতহে উঠিব লাগে আৰু প্ৰফেছৰ নেইভিল্ল, যিজন মাদ্ৰাজ বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ বুলি কেম্ব্ৰিজৰ পৰা মাদ্ৰাজলৈ আহিব লগা হৈছিল, তেওঁ নাওখন বোম্বাইৰ ঠাইত মাদ্ৰাজলৈ আনিবলৈ সন্মত হৈছিল| টিউবাৰকিউল’ছিছৰ এজন বিশেষজ্ঞ ডাক্তৰ মুথু, তেৱোঁ একেখন নাওৰে ভ্ৰমণ কৰি আছিল| তেওঁ এই খবৰ লৈ আহিছিল যে, গ্লোবেল বিষয়ত খুব কমেই সিদ্ধহস্ত আৰু অতি মুক্তভাৱে চলা-ফুৰা কৰিবলৈ অতি কম ক্ষমতা থকা বা বেলেগৰ স’তে বা নিজৰেই চোৱা-চিতা কৰিব নোৱাৰা ৰামানুজনক সাগৰ যাত্ৰাৰ সমৰছোৱাত আৰু ইংলণ্ডত পোৱাৰ পিছত তেওঁক চাবলৈ বুলি তেওঁৰ দুজন বন্ধু সাজু আছিল| তেওঁৰ সাগৰ যাত্ৰাৰ আগদিনাখন, তেওঁৰ সম্বন্ধীয় আৰাভোমুদা আয়েংগাৰ আৰু তেওঁ নিজে তেওঁক ট্ৰিপ্লিকেনৰ ৰূমত পোৱাৰ সুবিধাটো লৈছিল আৰু গোটেই নিশাটো মানুহৰ বিষয়ে আৰু বস্তুৰ বিষয়ে আৰু ইংলণ্ডত তেখেতৰ থকাৰ সম্ভাৱনাৰ বিষয়ে তেওঁলোকে কথা কৈ কটাইছিল| পিছদিনা ৰাতিপুৰা ৯ বজাত তেওঁলোকে নাওঁ এৰা দেখিছিল| আনকি সাগৰ যাত্ৰাৰ মাজত তেওঁ নিজৰ ইংৰাজী উন্নত কৰি লৈছিল| কাৰণ সাগৰ যাত্ৰাৰ মাজত তেওঁ তেওঁলৈ লিখা দুখন চিঠি ভাল ইংৰাজীত আছিল| দুৰ্ভাগ্যৰ কথা যে এই দুখন সংৰক্ষণ কৰা নহ’ল|

 

MG-6 কেম্ব্ৰিজত অভিজ্ঞতাঃ

কেম্ব্ৰিজ পোৱাৰ পিছত ৰামানুজনে মোলৈ এইবুলি লিখিছিল যে প্ৰথম কেইদিন এই বিষয়ত বৰ সুখদায়কভাৱে তেওঁ বিশ্ববিদ্যালয়ৰ অইন ছাত্ৰৰ স’তে ভাব বিনিময়ত বৰ কৃতকাৰ্য হোৱা নাছিল| ইয়ে কিছু পাৰস্পৰিক বিৰক্তিৰ ভাব জগাইছিল| যি কি নহওক কম সময়ৰ ভিতৰতে ছাত্ৰসকলে তেওঁক অতি সন্মানেৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে|

 

MG-7 শেষ লগঃ

তেওঁ যেতিয়া মাদ্ৰাজ চেণ্ট্ৰেল ষ্টেশ্যন পাইছিল, মই তেওঁক প্লেটফৰ্মত লগ ধৰিছিলোঁ, কিন্তু হায়! মই

উৎফুল্লিত, সুখী আৰু চেনেহী ৰামানুজনক দেখা নাছিলোঁ। অন্ততঃ মোৰ স’তে তেওঁ যেনে আছিল তাৰ বিপৰীতে এক নিৰন্তৰ হতাশগ্ৰস্ত, দুখী আৰু চেঁচাপৰা ৰামানুজনকহে দেখিছিলোঁ| এইটো ঘটিছিল আনকি মোৰ দৰে তেওঁৰ এজন অতি ওচৰৰ আৰু চেনেহৰ বন্ধু পোৱা স্বত্বেও| কিছুদিনৰ পিছত, চিকিত্‍সাৰ বাবে তেওঁ যেতিয়া পুনৰ মাদ্ৰাজলৈ আহিছিল, মই তেওঁক লগ ধৰিছিলোঁ| মই তেওঁক চ্চেটপেটৰ হেৰিংটন ৰোডত তেওঁৰ ঘৰত লগ ধৰিছিলোঁ আৰু অতি গভীৰ দুখেৰে মন কৰিছিলোঁ যে, যদিও তেওঁ শাৰীৰিকভাৱে জীয়াই আছিল তথাপি এনে দেখা গৈছিল যে তেওঁ যেনিবা এই পৃথিৱী এৰিবলৈ বুলি সাজু হৈছিল| সোনকালেই তেওঁৰ দুখজনক অন্তিমটো কাষ চাপি আহিছিল আৰু এনেদৰে এটা ‘কেৰিয়াৰ’ৰ অকাল সমাপ্তি ঘটিছিল, যি ‘কেৰিয়াৰ’এ নিশ্চিতভাৱে নিজৰ বাবে, লগতে তেওঁৰ দেশৰ বাবেও বিশাল গৌৰৱ কঢ়িয়াই আনিলেহেঁতেন|

 

MH শ্ৰী. এম. পতঞ্জলি শাস্ত্ৰী (ভাৰতৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ)ৰ স্মৃতিচাৰণঃ

এয়াও আমি শাস্ত্ৰীৰ নিজৰ ভাষাতেই আগবঢ়াইছোঁ|

 

MH-1 সাতৰ গুৰুত্বঃ

ৰামানুজন পাচ্চাইয়াপ্পা কলেজত মোৰ এজন কণিষ্ঠৰ সমসাময়িক আছিল, কিন্তু মোৰ স’তে বিশেষ (চিনা-জনা) সংস্পৰ্শ নাছিল| তেওঁ মোৰ শেষ সম্পৰ্কীয় এম. ৰামস্বামী শাস্ত্ৰীৰ সহপাঠী (পিছলৈ পাচ্চাইয়াপ্পা হাইস্কুলৰ গণিত সহকাৰী) আছিল| এবাৰ ৰামানুজনে সংখ্যা-তত্বত আমাৰ পূৰ্বসূৰীয়ে বুজাৰ দৰে সংখ্যা “৭”ৰ গুৰুত্ব ব্যাখ্যা কৰা মোৰ মনত আছে— তেওঁ কৈছিল— সপ্তঋষি, সপ্ত, দ্বীপ, ৰথ, সপ্তমী আদি যাৰ বেছিভাগেই মই বুজিবলৈ সক্ষম নাছিলোঁ| মই নাভাবোঁ যে তেওঁৰ বিখ্যাত নোটবুকত ইয়াৰ কিবা উল্লেখ আছে|

পঠনীয়:  এটা জন্মদিনৰ এক অভিনৱ উপহাৰ

 

MH-2 গণিতৰ বাবে প্ৰতিভাঃ

মোৰ প্ৰফেছৰ ছিংগাৰাভেলুৱে (পাচ্চাইয়াপ্পা কলেজৰ তদানীন্তন গণিতৰ অধ্যাপক) এবাৰ মোক কৈছিল যে, তেওঁ ৰামানুজনৰ কিছুমান সমীকৰণ বুজিবলৈ টান পাইছিল আৰু কৈছিল যে যুৱক ডেকাজনৰ প্ৰতিভা আছিল অসাধাৰণ|

 

MJ মি. আৰ. ৰাধাকৃষ্ণণ আয়াৰ, এডভোকেট, টেঞ্জোৰঃ

আমি ৰাধাকৃষ্ণনৰ ভাষাতেই বৰ্ণাইছোঁ তেওঁৰ অভিজ্ঞতাখিনি|

 

MJ-1 এজন সাধাৰণ ছাত্ৰ বুলি ধৰিঃ

মই ৰামানুজনক জানিছিলোঁ জীৱনৰ কেইটামান সৌভাগ্যজনক আকস্মিক ঘটনাৰ মাজৰ এটাৰ জৰিয়তে| ১৯০৬-০৭ চনত মই পাচ্চাইয়াপ্পা কলেজৰ ছাত্ৰ আছিলোঁ যেতিয়া ৰামানুজন মোৰ ঠিক কাষতেই বহিছিল বা সম্ভৱতঃ মোৰ পৰা দ্বিতীয় হৈ| যিহেতু দীৰ্ঘদিন ধৰি আমি এনেধৰণে একেলগ হৈ আছিলো, আমাৰ একাত্মীয়তা বাঢ়িছিল আৰু শেষত বন্ধুত্বলৈ বিকশিত হৈছিল| মই যদি এয়া ভৱিষ্য দৰ্শন নকৰিলোঁহেঁতেন যে, মই এনে এজন প্ৰতিভাধৰৰ লগত আছোঁ, যাক পৃথিৱীয়ে চিনি পাইছিল, তেনেহ’লে সেয়া মোৰেই দুৰ্ভাগ্য হ’লহেঁতেন| কিন্তু মই এই ক্ষেত্ৰত সান্ত্বনা ল’ব পাৰো যে, সেই সময়ত কেইজনমানত বাদে এজন প্ৰতিভাধৰ আহি থকা কথাটো কোনেও গম পোৱা নাছিল|

 

MJ-2 শাৰীৰিক গঠনঃ

ৰামানুজন আছিল পৰিস্কাৰ আৰু থোলোকা চেহেৰাৰ আৰু তেওঁৰ গঠনে মনত পেলায় এজনী মহিলাক, কিয়নো তেওঁৰ হাতৰ তলুৱা আছিল মিহি, মতা মানুহৰ কোনো খহটা বৈশিষ্ট্য নোহোৱা| যেতিয়া তেওঁ গভীৰভাৱে ভাবে, তেওঁৰ চকুৰ মণি দুটা নোহোৱা যেন হৈ যায়, এনেহেন দেখায় যেনিবা তেওঁ কেঁৰা বা তেনেধৰণৰহে| তেওঁ উল্লেখযোগ্য কোনো খেল খেলাৰ কথা মই একো নাজানো|

 

MJ-3 দাৰিদ্ৰতাঃ

কুম্বাকোনমে যি প্ৰতিভা দেশখনলৈ দিছিল, সেয়া আহিছিল এটা দৰিদ্ৰ পৰিয়ালৰ পৰা| মই যেতিয়া এনেকৈ কওঁ, মই কোনো আন্দাজৰ পৰা নকওঁ| সেই দিনবোৰত কলেজ-ছাত্ৰৰ বুটাম বন্ধ কোট-চোলা পিন্ধা আৰু কোনো ‘হেড-গিয়াৰ’ পিন্ধা প্ৰয়োজন আছিল| ৰামানুজনে স্বাভাৱিকতে এটা বুটামবন্ধ কোট-চোলা পিন্ধিছিল, যিটোৱে তলত কোনো চাৰ্ট লুকাই ৰখা নাছিল| প্ৰায়েই এটা টহাছান-কেপ’ আছিল তেওঁৰ এটা বৈশিষ্ট্য| তেওঁ বাস কৰিছিল ‘ব্ৰডৱে’ৰ ফলৰ বজাৰৰ ওচৰৰ এটা সৰু ‘লেন’ত| নিমাখিত কোঠাটো আছিল তেওঁৰ ঘৰ| ই আছিল তেওঁৰ আইতাকৰ দ্বাৰা পৰিচালিত| ই কয় তেওঁৰ জীৱন-ষ্টেশ্যনটোৰ কথা| ই অকল মাত্ৰ আন্ধাৰ আৰু লেতেৰাই নাছিল| তেওঁৰ ৰূমত মাজে সময়ে মই তেওঁক দেখা কৰাটো মোৰ মনত আছে, যদিওবা আমি বেছিভাগ কলেজতেই লগ হৈছিলোঁ|

 

MJ-4 সামাজিকতাৰ গুণঃ

জনপ্ৰিয় ভাব এটা মই নাকচ কৰিবলৈ বিচাৰিছিলোঁ যে, ৰামানুজন হয়তোবা দুখী আছিল নহয়তো আছিল অকলশৰীয়া| তেওঁ ধেমেলীয়া বিনোদনৰ আদান-প্ৰদান উপভোগ কৰিছিল আৰু তেওঁৰ বৰ্ণনাৰ নিজস্ব ধৰণ আছিল কিবা প্ৰকাশ কৰিবলৈ যেনিবা| ই দিছিল এক আন্তৰিক হাঁহিৰ অধীৰতা, যিটো তেওঁ সাধাৰণতে কৰিছিল এখন হাতৰ তলুৱাৰে মুখখন ঢাকি|

 

MJ-5 প্ৰফেছৰলৈ বুলি সহায়ঃ

ৰামানুজনে প্ৰতিভা প্ৰকাশৰ কিবা ইংগিত বহন কৰিছিল জানো? এইটো আছিল এটা প্ৰশ্ন যিটো তেওঁক ওচৰৰ পৰা জনা বুলি দাবী কৰাজনক স্বাভাৱিকতে কৰা হয়| এন. ৰামানুজাচাৰী আছিল গণিতৰ প্ৰবক্তা| যেতিয়াই তেওঁ শ্ৰেণীত কোনো সমস্যাৰ সন্মুখীন হৈছিল, তেওঁ ৰামানুজনৰ ফালে চাইছিল আৰু সুধিছিল, “আপুনি এই বিষয়ে কি ভাবে?”

 

MJ-6 ভগৱান নাৰাছিমহাৰ নিৰ্দেশঃ

মই, ৰামানুজনে গনিতৰ প্ৰফেছৰ মি. পি. ছিংগাৰাভেলু মুদালিয়াৰক কোৱা আৰু তেওঁৰ গৱেষণা সম্পৰ্কীয় কাকত তেওঁৰ আগত ৰখাটো জানো| ইয়াৰ পিছত যেতিয়া মই তেওঁক দেখা কৰিছিলোঁ, তেওঁক গৱেষণাৰ বিষয়ে সুধিছিলো| তেওঁ কৈছিল যে সপোনত ভগৱান-নাৰাছিমহা তেওঁৰ সন্মুখত দেখা দিছিল আৰু কৈছিল যে, তেওঁৰ গৱেষণাৰ ফলখিনি দেখুৱাৰ সময় অহা নাই আৰু কৈছিল যে, তেওঁ নিশ্চয়কৈ আহি থকা সুযোগটোলৈ অপেক্ষা কৰিব লাগিব| সেয়ে এয়া সহজবোধ্য আছিল যে, ভগৱান নাৰাছিমহা আছিল তেওঁৰ প্ৰিয় দেৱতা| ৰামানুজন আছিল অতি উত্‍সৰ্গিত মনৰ| (ভক্তপ্ৰাণ)

 

MJ-7 পুৰণি ধাৰাৰ জ্ঞানঃ

বহুত সময়ত, মোৰ সৌভাগ্য হৈছিল, ৰামায়ণ আৰু মহাভাৰতৰ তেওঁৰ দাৰ্শনিক আলোচনা শুনাৰ, য’ত তেওঁ অতি সৰৱ আছিল|

 

MJ-8 আচহুৱা অঁকৰা-বেমাৰীজনঃ

১৯০৯ চনত, মই মোৰ বি.এ. পৰীক্ষা পাছ কৰিছিলো আৰু মোৰ এফ.এল. কৰি আছিলো| মই ট্ৰিপ্লিকেনৰ সুন্দৰমূৰ্ত্তি ভিনয়াগৰ কোলি ষ্ট্ৰীটত আছিলো| কিছুমান বন্ধুৱে সমবায় ভিত্তিত এটা মেছ চলাই আছিল| জৰ্জ টাউনত থকা সেই সময়খিনিত ৰামানুজন বিপদজনকভাৱে বেমাৰত পৰিছিল| ‘লেণ্ড-লৰ্ডে’ তেওঁক তাৰ পৰা লৈ গৈ অইন কোনো বন্ধুৰ লগত থকাটো বিচাৰিছিল| আৰু এয়া ঘটিছিল যে যেতিয়া মই কলেজলৈ বুলি ওলাইছিলো ৰামানুজন এখন ঘোঁৰাৰ গাড়ীৰে মোৰ ঠাইলৈ আহিছিল| মই তেওঁক বেয়া অৱস্থাত দেখিছিলোঁ আৰু তেওঁক গাড়ীৰ পৰা উলিয়াই মোৰ বিছনাত থৈছিলোঁ| আমাৰ ৰান্ধনীজনক তেওঁক চোৱা-চিতা কৰিবলৈ বুলি কোৱা হৈছিল| বেমাৰী হিচাপে ৰামানুজন যথাযথ নাছিল| তেওঁ অঁকৰা আছিল, গৰম পানী নাখাইছিল, আঙুৰৰ বাবে জোৰ কৰিছিল| আঙুৰবোৰ আছিল টেঙা, যি তেওঁৰ বাবে বেয়া আছিল| মই ডঃ নাৰায়নস্বামীক দেখা কৰিছিলোঁ| তেওঁ তেওঁক পৰীক্ষা কৰাৰ পিছত মোক, তেওঁক মাক-দেউতাকৰ ওচৰলৈ পঠিয়াই দিবলৈ বুলি কৈছিল| কাৰণ অৱস্থাটো এনে আছিল যাতে তেওঁ নিৰন্তৰ শুশ্ৰষাৰ মাজত থাকে|

 

MJ-9.1 তেওঁৰ নোটবুককেইখনৰ সন্দৰ্ভত উদ্বিগ্নতাঃ

ৰামানুজনক বিচ্চ-ৰেইলৱে ষ্টেশ্যনলৈ লৈ যোৱা আৰু তেওঁক বন্ধু আৰ.এম.এছ.ৰ চুপাৰিণ্টেণ্ডেণ্টৰ দায়িত্বত দিয়া মোৰ মনত পৰে| কুম্বাকোনমলৈ যোৱাৰ আগত, ৰামানুজনে মোক মই কমকৈ জনা, দুখন নোটবুক দিছিল, যিকেইখনে ভৰাই ৰাখিছিল এজন প্ৰতিভাধৰৰ এক বহুল প্ৰকাশ| এইকেইখন বৰ ঘনকৈ লিখা আছিল| চকুপানী নুলুকুৱাকৈ তেওঁ মোক কি কৈছিল, মই মনত পেলাব নোৱাৰোঁ| তেওঁ কৈছিল এইবোৰৰ নিৰাপদ ৰক্ষাৰ বাবে| তেওঁ কৈছিল, “যদি মই মৰোঁ, এইকেইখন অনুগ্ৰহ কৰি প্ৰফেছৰ ছিংগাৰাভেলু মুদালিয়াৰৰ হাত পোৱাব অথবা মাদ্ৰাজ খৃষ্টিয়ান কলেজৰ বৃটিছ প্ৰফেছৰ বি. ৰছলৈ দিব| ভগৱানক ধন্যবাদ যে, তেওঁ ঘূৰাই নিবলৈ বুলি জীয়াই আছিল আৰু মোৰ পৰা নোটবুক দুখন লৈ গৈছিল|

 

MJ-9.2 আৰ. ৰামচন্দ্ৰ ৰাওৰ স’তে চিনাকীকৰণঃ

অন্য এটা কথা যিটো মোৰ স্মৃতিত ঠাই পাই আহিছে, সেয়া হ’ল ১৯১১ চনত তেওঁৰ জীৱন মৰণ যুদ্ধ চলি থকাৰ সময়ত মই আগবঢ়াবলৈ সক্ষম হোৱা অকণি সহায়| মই মোৰ শহুৰ, নেল্লোৰৰ ডিষ্ট্ৰিক্ট ব’ৰ্ড ইঞ্জিনিয়াৰ মি. গোপালা আয়াৰ, বি.এ.বি.ই.লৈ লিখি ৰামানুজনক সহায় কৰিবলৈ বুলি তেওঁক অনুৰোধ কৰিছিলোঁ| মই জানিছিলোঁ যে, তেতিয়াৰ নেল্লোৰৰ কলেক্টৰ আছিল দেৱান বাহাদুৰ ৰামাচন্দ্ৰ ৰাও, যি গণিতৰ প্ৰতি অতি আগ্ৰহী আছিল| পিছত মই জানিছিলোঁ, মি. ৰাওৱে খোলা-খুলিকৈ স্বীকাৰ কৰিছিল যে, তেওঁ গণিতৰ সংস্পৰ্শৰ বাহিৰত| কিন্তু তেওঁক সহায় কৰিম বুলি প্ৰতিজ্ঞা কৰিছিল মাহিলী ২০ টকা বা ২৫ টকাৰে যি তেওঁ কোৱাৰ দৰে ৰামানুজনে সংগ্ৰহ কৰিব পাৰিব মাইলাপুৰৰ তেওঁৰ পৰিয়ালৰ পৰা (কলেক্টৰৰ)| নিঃসন্দেহে ই কিছু সময়ৰ বাবে তেওঁক সহায় কৰিছিল|

 

MJ-9.3 শেষ সাক্ষাৎ:

ইংলণ্ডলৈ বুলি দেশ এৰাৰ আগতে মই তেওঁক দেখা নাছিলো| মই শুনিছিলো যে তেওঁ কান্দিছিল যেতিয়া তেওঁ তেওঁৰ চুলিত কোচাখিনি ক্লিপ লগাব লগা হৈছিল| ভাগ্যই সাব্যস্ত কৰিছিল যে মই কুম্বাকোনমত তেওঁক প্ৰায় মৃত্যুবিছনাতহে চাব লগা হ’ম| তেওঁ টি.বি.ৰ সৈতে শেষ হৈছিল আৰু অতি দুখলগা অৱস্থালৈ নামি আহিছিল| তেওঁৰ ভাতৃয়ে মোক কৈছিল যে, তেওঁ বেলেগক দেখা কৰিব পৰা অৱস্থাত নাছিল| কিন্তু যেতিয়া তেওঁ মোক সোমাবলৈ অনুমতি দিছিল, মই এখন ভঙা খাটৰ ওচৰত ঠিয় হৈছিলোঁ| তাত গণিতৰ পৃথিৱীখনৰ শ্ৰদ্ধা পোৱা যাদুকৰজন পৰি ৰৈছিল হাড়কেইডালিমানৰ এটা থুপ হিচাপে| ৰামানুজনৰ শক্তিশালী, তীক্ষ্ণ চকু এযোৰ আছিল| এক মুহূৰ্তৰ বাবে, তেওঁৰ চকুযুৰিয়ে চমকলগোৱা এটা বুজি পোৱা দৃষ্টি দিছিল| তেওঁ প্ৰায় অস্পষ্টভাৱে কৈছিল, “ৰাধাকৃষ্ণন?” মই সুখী যে, মই এজন বন্ধুৰ দৰ্শন পাইছিলোঁ যাক এক আপেক্ষিকভাৱে চুটিকালৰ জীৱনৰ বাবে মই জানিছিলোঁ| তেওঁক জানিবলৈ মোক দিয়া হৈছিল| মই তেওঁৰ সংগ আৰু বন্ধুত্বৰ উস্মতা উপভোগ কৰিছিলোঁ|

 

MK ৰামায়ণ ৰত্নাকৰ টি. শ্ৰীনিবাস ৰাঘৱাচাৰ্যৰ স্মৃতিঃ

 

MK-1 শাৰীৰিক অৱয়বঃ

১৯০৬ চনত মাদ্ৰাজৰ পাচ্চাইয়াপ্পা কলেজত ছিনিয়ৰ এফ.এ. শ্ৰেণীত ৰামানুজন মোৰ সহপাঠী আছিল| মই ঠিক প্ৰায় তেওঁৰ কাষতেই বহিছিলোঁ| তেওঁক অধিকভাৱে স্বৰ্গীয় ডঃ কে. এছ. কৃষ্ণনৰ দৰে দেখা গৈছিল| পোষ্টেল ষ্টেম্পত তেওঁৰ ছবিৰ মই অনুমতি দিয়া নাছিলোঁ| সেই বছৰবোৰৰ মাজত তেওঁ ‘হেল’ আৰু স্বাস্থ্যৱান আছিল| সম্ভৱতঃ তেওঁৰ পোছাক কিছু পৰিমাণে দৰিদ্ৰতাৰ বাবেই মলিন আছিল|

 

MK-2 গণিতত মানসিক তন্ময়তাঃ

তেওঁ প্ৰায়েই অন্যমনস্ক আছিল, গভীৰভাৱে গাণিতিক গৱেষণাত নিমগ্ন, যিয়ে বেছিভাগকেই ভবাই তুলিছিল যে, তেওঁ ‘মগজ-বেমাৰী’ আছিল| আমাৰ জিওমেট্ৰি, এলজেব্ৰা আৰু ট্ৰিগন’মিতিৰ পাঠ্যপুথিত থকা গণিতীয় সমস্যাবোৰক তেওঁ কৈছিল যে, এই সকলোবোৰ মৌখিক গণিতীয় সমস্যা| ফিজিঅ’লজিত তেওঁ ১০% নম্বৰেই পোৱা নাছিল, যিটো তেওঁ প্ৰিয় বিষয় নাছিল, গ্ৰীক আৰু ৰোমান বিষয়ত পাইছিল ক্ৰমে ১৫% আৰু ২০%| কিন্তু ইংৰাজীত ২৫% পাবলৈ সক্ষম হৈছিল| তেওঁ কৈছিল, “মই তোমাক অলপতে সংখ্যাৰ এক চমকলগোৱা তত্ব দিম|” কিন্তু তেওঁ মোক এই বিষয়ে একো কোৱা নাছিল|

 

MK-3 লিখিবৰ বাবে পেকিং-কাগজ সংগ্ৰহঃ

ইমান পৰে উল্লেখ কৰা হ’ল তেওঁৰ স’তে মোৰ সহকৰ্মীসকলৰ অভিজ্ঞতাৰ কথা| প্ৰায় কিছু বছৰ পিছত, মই হঠাতে তেওঁক মাদ্ৰাজ হাৰ্বাৰৰ ওচৰত পাইছিলোঁ, যেতিয়া তেওঁ মাদ্ৰাজ প’ৰ্ট ট্ৰাষ্টত নিযুক্তি পাইছিল| তাত তেওঁ পেকিং কাগজৰ টুকুৰা বুটলি আছিল| ৰংগনাথনে এই দৃশ্যটি তলত দিয়া ধৰণে অৱতাৰনা কৰিছে—

শ্ৰীনিবাস ৰাঘৱাচাৰ্য : তুমি কি কৰি আছা?

ৰামানুজন : মই পেকিঙৰ বাবে ব্যৱহাৰ কৰা নিলিখাকৈ থাকি যোৱা কাগজৰ টুকুৰা বুটলিছোঁ| কাৰণ, মোক গণিতৰ সমস্যাবোৰ সমাধা কৰিবলৈ বুলি কাগজ লাগে|

কেতিয়াবা আকৌ তেওঁ ইতিমধ্যে লিখি থোৱা কাগজখনত ৰঙা চিঞাহীৰে লিখি গৈছিল তেওঁৰ নোট আৰু গণিতীয় সমস্যাসমূহ|

 

ML কেম্ব্ৰিজৰ বন্ধুঃ

ML-1 মি.কে. আনন্দ ৰাওৰ স্মৃতিচাৰণঃ

এয়া আনন্দ ৰাওৰ ভাষাৰেই আগবঢ়োৱা হৈছে—

এজন মানুহ আছিল, সিমান জনা-শুনা নহয়, যিজন ৰামানুজনৰ দুখৰ দিনত ছাঁটোৰ দৰে আছিল আৰু তেওঁৰ বহু সহায়ত আহিছিল| তেওঁ আছিল আৰ. কৃষ্ণৰাও| তেওঁ মোৰ এজন সম্পৰ্কীয়ৰ মাক আছিল| মই জানো, ৰামানুজনক কৃষ্ণৰাওৰ সংগখিনিৰ কথা ভালদৰে জনাটোৰ এক মূল্য আছে|

 

ML-2 কেম্ব্ৰিজৰ জীৱনঃ

ৰামানুজন মই যোৱাৰ কিছু দিন আগেয়ে ইংলণ্ডলৈ গৈছিল আৰু ভাৰতলৈ ফিৰি আহিছিল মই অহাৰ কিছুদিন পিছত| কেম্ব্ৰিজত, তেওঁ ট্ৰিনিটি কলেজত আছিল আৰু মই আছিলোঁ কিং-অত| এই সময়ছোৱাত মই তেওঁক প্ৰায়েই লগ ধৰিছিলোঁ| বন্ধৰ দিনত তেওঁ প্ৰায়েই কেম্ব্ৰিজত থকা কৰিছিল| তেওঁ কোঠাটোত ইলেক্ট্ৰিচিটি আছিল আৰু এটা গেছ-ষ্টোভ দিয়া হৈছিল| নিজৰ খাদ্য তেওঁ নিজেই ৰান্ধিছিল| তেওঁৰ খাদ্যৰ ‘মেনু’ আছিল, সাধাৰণতে ভাত, ফল, চম্বৰ, আলু সহিতে আন শাক-পাচলি|

 

ML-3 সামাজিকতাঃ

প্ৰকৃতিগত ভাৱেই তেওঁ সৰল আছিল আৰু আছিল মিছা ভেমৰ পৰা সম্পূৰ্ণভাৱে মুক্ত| সমৰ্থতা বা সক্ষমতাৰ বিষয়ত আত্ম-সচেতনতাৰ তেওঁৰ কোনো চিন নাছিল| তেওঁ আছিল এজন ৰসেৰে ভৰা মানুহ আৰু এজন ভাল কথোপকথনৰ অধিকাৰী| সদায়েই তেওঁৰ কথা আমনি নলগা ধৰণৰ আছিল| কেম্ব্ৰিজত ভাৰতীয় ছাত্ৰ সমাজত অতি জনপ্ৰিয় আছিল, তেওঁৰ বহুত ইংৰাজ বন্ধুও আছিল যাৰ স’তে তেওঁ মুক্ত মনেৰে ভাব বিনিময় কৰিছিল| চাহ-মেল আৰু অইন সামাজিক অনুষ্ঠানত তেওঁক প্ৰায়েই পোৱা গৈছিল, অৱশ্যে তেওঁ সেইবোৰতো কেতিয়াও নিৰামিষ চৰিত্ৰ এৰা নাছিল|

 

ML-4 মাকৰ প্ৰতি চেনেহঃ

কেতিয়াবা তেওঁৰ অতি চেনেহৰ মাকৰ উল্লেখত বাদে পৰিয়ালৰ কথা কমেইহে কৈছিল| তেওঁ মোক এনেকি এবাৰৰ বাবেও তেওঁৰ ভায়েকৰ কথা উল্লেখ কৰা নাছিল|

 

ML-5 আকৰ্ষণৰ পৰিসৰঃ

মই লগ ধৰা মুহূৰ্তবোৰত, আমি সাধাৰণতে ঘৰুৱা তামিলত কথা-বতৰা হৈছিলোঁ| গণিতত বাহিৰেও, তেওঁ অইন বহুতো বিষয়ৰ ওপৰত ক’ব পাৰিছিল| বিশেষকৈ মনস্তত্বৰ গৱেষণাৰ সম্পৰ্কত তেওঁৰ আকৰ্ষণ আছিল আৰু লগতে আছিল ‘অলিভাৰ লজ’ আৰু আন কেতবোৰৰ পৰীক্ষাৰ ওপৰত|

 

ML-6 ধৰিব নোৱাৰা প্ৰকৃতিঃ

মই এনে এটা ঘটনা মনত পেলাইছোঁ যি তেওঁৰ ধৰিব নোৱাৰা প্ৰকৃতিৰ কথা কয়| মই যেতিয়া তেওঁক কৈছিলোঁ যে মই এটা প্ৰবন্ধ লিখি আছোঁ স্মিথ পুৰস্কাৰৰ বাবে, তেওঁ হাৰ্ডিৰ ওচৰলৈ গৈ সুধিছিল মুৰামুৰিকৈ, যে তেওঁ সেই পুৰস্কাৰৰ বাবে চেষ্টা কৰিব পাৰিব নে নাই| হাৰ্ডিয়ে তেতিয়া তেওঁ প্ৰশ্নৰ ওপৰত এক আন্তৰিকতাৰ হাঁহি মাৰিছিল আৰু সুনিশ্চিত কৰি কৈছিল যে তেওঁ যিখিনি কৰিছে, সেয়া এটা স্মিথ পুৰস্কাৰতকৈ বেছি দাবী কৰে|

 

ML-7 ৰামানুজনৰ কন্‌জেক্‌চাৰ বা অনুমানৰ গভীৰতাঃ

তেওঁৰ শ্ৰেষ্ঠতম কামখিনিয়ে উল্লেখনীয় মৌলিকতা বহন কৰে| কেনেকৈ তেওঁ সক্ষম হৈছিল তেওঁৰ কন্‌জেক্‌চাৰ বা অনুমানত উপনীত হ’বলৈ সেয়া এতিয়াও এক ৰহস্যযেন| ইয়াৰ কেতবোৰ অতি গভীৰ ৰিজাল্ট| ৰামানুজনৰ কামৰ একক নিহিত চৰিত্ৰ আছিল প্ৰায় এক আশ্চৰ্যকাৰী আমোদজনক চৰিত্ৰৰ| এই সক্ষমতাত হাৰ্ডিয়ে ৰামানুজনক অইলাৰ আৰু জেক’বীৰ স’তেহে তুলনা কৰে| ৰামানুজনৰ উদাহৰণে এনে আশা দিব পাৰে যে এনেধৰণৰ যোগ্যতাৰ কৰ্ষণ আৰু অনুশীলনীবোৰ এতিয়াও এইবোৰৰ শেহৰূপত উপনীত হোৱা নাই| মই এনে অনুভৱ নকৰাকৈ থাকিব নোৱাৰোঁ যে, যদি ৰামানুজন জীয়াই থাকিলেহেঁতেন, তেনেহ’লে গণিতত আৰু অধিক বিশাল আৰু বেছি আচৰিত ৰিজাল্ট তেওঁ পাব পাৰিলেহেঁতেন|

 

MM ডঃ চি. ডি. দেশমুখ, প্ৰাক্তন বিত্তমন্ত্ৰী, ভাৰত চৰকাৰ; চেয়াৰমেন, য়ুনিভাৰ্চিটি গ্ৰ্যাণ্ট কমিশ্যন (ইণ্ডিয়া) আৰু দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ স্মৃতিচাৰণঃ

 

MM-1 কেম্ব্ৰিজৰ এজন সমসাময়িক হোৱাৰ আনন্দঃ

ডঃ চি. ডি. দেশমুখে পাৰ হৈ যোৱা শতিকাটোৰ দ্বিতীয় দশকৰ আদিকালত মেট্ৰিক পাছ কৰিছিল| বাতৰিকাকতৰ পৰা তেখেৰত জ্ঞাত হৈছিল ৰামানুজন আৱিস্কাৰ বুলি ক’ব পৰা সেই সময়ৰ ভাৰতৰ এক উল্লেখযোগ্য ঘটনাটি| এই ঘটনাত সোমাই আছিল সেইখিনি কথা, তেওঁ কেনেকৈনো গণিত অধ্যয়নৰ বাবে কেম্ব্ৰিজ পালেগৈ| ১৯১৫ চনৰ জুলাইত ডঃ দেশমুখ ৰামানুজনৰ এজন সমসাময়িক হ’বলৈ গৈ কেম্ব্ৰিজ পাইছিল| এক শিহৰণকাৰী অভিজ্ঞতাৰে ৰামানুজনক আৱিস্কাৰ কৰিবলৈ সক্ষম হৈছিল| এক আকস্মিক ঘটনাযোগে ডঃ দেশমুখে প্ৰফেছৰ মূলাৰৰ সহায়ত জেছাছ কলেজত এডমিশ্যন ল’বলৈ পালে| প্ৰফেছৰ মূলাৰ এসময়ত বোম্বেৰ এলিফিনষ্টোন’ কলেজত বুৰঞ্জী শিকাইছিল| এই ঘটনাটি নঘতিলে দেশমুখে সি ট্ৰিনিটি কলেজতে থাকিলেহেঁতেন, য’ত ৰামানুজন পঢ়িছিল|

 

MM-2 কেম্ব্ৰিজৰ জীৱনঃ

সেই সময়ত, মহাসমৰৰ বাবে কেম্ব্ৰিজ আছিল ইয়াৰ স্বাভাৱিক সত্ত্বাটোৰ এটা প্ৰেতাত্মা যেন আৰু বিভিন্ন কলেজত সেই হেতু, ইয়াত থকা অতি কম সংখ্যক ছাত্ৰই এজনে আনজনক জানিবলৈ উজু পাইছিল| কেম্ব্ৰিজত থকা ভাৰতীয়সকলৰ ক্ষেত্ৰত এয়া বিশেষকৈ সত্য আছিল| সেয়ে ৰামানুজনক জানিবলৈ দেশমুখৰ বৰ বেছি সময় লগা নাছিল| তেওঁলোকৰ ওচৰ সম্পৰ্কটো সোনকালেই গাঢ় বন্ধুত্বৰ ফালে আগবাঢ়িছিল| ভাৰতীয়সকলৰ মাজত ৰামানুজন চলন্ত কৃতিখিনিৰ বিষয়টো আছিল সাধাৰণ আলোচনাৰ বিষয়|

 

MM-3 ৰামানুজনঃ তেওঁ নিজৰে ৰান্ধনীঃ

ৰামানুজনৰ স্মৃতিচাৰণত দেশমুখে লিখিছে— ‘কেতিয়াবা মই দেওবাৰে একোদিন তেওঁৰ স’তে আহাৰ খাইছিলোঁ, য’ত তেওঁ তেওঁৰ বন্ধুসকলৰ বাবে ৰন্ধা মছলাযুক্ত ৰসমৰ বাবে অস্বস্তিকৰ হৈ উদ্বিগ্নতাৰে ক্ষমা খুজিছিল| ইয়াতে এইটো কৈ থোৱা প্ৰয়োজন যে, ৰামানুজন এজন কঢ়া নিৰামিষভোজী আছিল| কাৰণ তেওঁ সন্দেহ কৰিছিল যে, কলেজ ৰান্ধনিশালৰ পৰা অৰ্ডাৰ দি লৈ অহা আনকি নিৰামিষ খাদ্যও অচিনাকি জন্তুৰ চৰ্বীৰে ভেঁজাল হ’ব পাৰে| সেয়ে তেওঁ তেওঁৰ আলহীৰ খাদ্য নিজেই ৰান্ধিছিল| এনেদৰে প্ৰস্তুত কৰা খাদ্যখিনি বৰ সোৱাদলগা হৈছিল, বিশেষকৈ যেতিয়া ৰামানুজনে আমাক আনকি ‘অগাণিতিক বন্ধুবোৰ’ৰ মগজেও বুজি পোৱাকৈ বৰ্ণোৱা গাণিতিক সাঁথৰ আৰু কুট-প্ৰ্শ্নৰে আনন্দ দিছিলে|’

 

MM-4 নিৰামিষ অভ্যাসত ৰামানুজনৰ কঢ়া ভাবঃ

নিৰামিষ খাদ্যাভাসৰ সম্পৰ্কত ৰামানুজনে এক অতি কঢ়া মনোভাৱ ৰাখি থৈছিল| এজন গণিতজ্ঞৰ কি বা কেনেধৰণৰ যুক্তিয়ে ক্ৰিয়া কৰিছিল তাৰ হয়তো একো ধাৰণাই আমি কৰিব নোৱাৰোঁ|

এয়া এনেকুৱা ঘটিছিল যে লণ্ডনত দেশমুখ যিটো ঘৰত আছিল, পিছৰ বছৰবোৰত ৰামানুজনে সেই একে ঘৰতেই আছিল| দেশমুখ আৰু তেওঁৰ বন্ধুসকলে পিছত গম পাইছিল যে এইখন ঘৰত ঘটনাক্ৰমে ভিথলভাই পেটেল আৰু ভল্লভভাই পেটেলো থকাৰ দৰে এক সন্মানৰ ঘটনাও ঘটিছিল| ঘৰৰ মালিকনীয়ে তেওঁলোকক (আটাইতকৈ বেয়া) এটা দুৰ্ঘটনাৰ কথা কৈছিল| ই ঘটিছিল ১৯১৮ চনত| ৰামানুজন এই ঠাইলৈ অহাৰ দৰে ঘটনাবোৰৰ মাজৰ এটাত যেতিয়া জেপেলিনে লণ্ডন ৰেইড কৰিছিল|

এক সাময়িক পৰিভ্ৰমণ হেতু ৰামানুজন ঠাইখনলৈ আহিব লগা হৈছিল| তেওঁ তাত ব্ৰেকফাষ্ট কৰিব লগা হৈছিল| তেওঁ কৰা ব্ৰেকফাষ্টখিনি পুৰা নিৰামিষ বুলিয়েই কোৱা হৈছিল| পিছত জনা গৈছিল যে, তেওঁক দিয়া পানীয়খিনিত ‘ওভালটিন’ আছিল| এক এলাহ-উত্‍সুকতাৰে ৰামানুজনে টিনটোৰ ফালে চাই থকাৰ পিছত টিনটোৰ ওপৰত লিখাখিনিৰ পৰা এইটো জানি বৰ ভয় পাইছিল যে, পানীয়খিনিত উপাদান হিচাবে অলপ পাউদাৰ-কণী আছে| ই তেওঁক ইমান উত্তেজিত কৰি তুলিছিল যে, তত্‍ক্ষণাত তেওঁ বিছনা বান্ধি লিভাৰপুল ষ্টেশ্যন উদ্দেশ্যি কেম্ব্ৰিজলৈ ফিৰি যোৱাৰ বাবে সেই ঠাই এৰে| পিছত মালিকনীয়ে তেওঁৰ পৰা এখন চিঠি পায়| চিঠিখনেৰে তেওঁক এই বাতৰিটো দিয়ে যে, তেওঁ ষ্টেশ্যনলৈ বুলি আগবঢ়াৰ সময়ত, ওচৰে-পাজৰে প্ৰচণ্ড বোমাবৰ্ষণ হৈছিল| ফলস্বৰূপে তেওঁ কিম্ব্ৰিজলৈ বুলি ট্ৰেইন পোৱা নাছিল আৰু লণ্ডনৰ পৰা আঁতৰি থাকিব লগা হৈছিল| তেওঁ আকৌ যোগ দি লিখিছিল— তেওঁ এয়া মানি লোৱাত বাদে অইন উপায় নাছিল যে ৰেইডটো আছিল আমিষ খাদ্য গ্ৰহণ কৰাব বাবে ভগৱানৰ দ্বাৰা এটা শাস্তি| (টোকা— এইখিনিতে স্মৰ্তব্য যে বিহাৰৰ ভূমিকম্পত গান্ধীজীৰ সেই বিশেষ মন্তব্য বিহাৰৰ মানুহৰ পাপৰ বাবে এই ভূইকঁপ হৈছিল| ইয়াত আমাৰ বন্তব্য একো নাই যদিও গণিতৰ বৈজ্ঞানিক ভেঁটিটোৰ সন্দৰ্ভত আলোচনা কৰিবলগীয়া এনেক কথায়েই থকা কথাটো আমি পিছে উপলব্ধি কৰিছোঁ, বিশেষকৈ এনেধৰণৰ আপ্তবাক্যসমূহৰ এক গুৰুত্বও আছে যে, গণিতৰ বিষয়বস্তু কিছুমান সত্যুক্তিহে| Mathematics is nothing but a discussion on some tautological statements!)

 

MM-5 ৰামানুজনৰ শিশুসুলভ সৰলতাঃ

এই ঘটনাটোৱে স্পষ্টভাৱে ৰামানুজনৰ শিশুসুলভ সৰলতাৰ কথা ব্যাখ্যা কৰে| যিটো ৰামানুজনৰ এক আত্ম-মগনকাৰী ধাৰা আছিল| তেওঁৰ আছিল ঈশ্বৰৰ শংকাযুক্ত মানসিকতাৰে এক অতি সুপ্ৰিয় ব্যক্তিত্ব আৰু এক নম্ৰতাভৰা মানসিকতা যি এনে ধৰণৰ প্ৰতিভাধৰৰ ক্ষেত্ৰত কমেই দেখা যায়|

 

MM-6 ৰামানুজনৰ বেমাৰঃ

১৯১৮ চনৰ আৰম্ভণীতে কেম্ব্ৰিজ এৰাৰ পিছত ৰামানুজনক লগ পোৱাৰ খুব বেছি সুযোগ পোৱা নাছিল| কিন্তু যেতিয়া বন্ধুসকলৰ পৰা শুনিছিল যে, ৰামানুজন অসুখত পৰি হস্পিতেলত আছে, দেশমুখে তেওঁক তাত দেখা কৰিছিলগৈ| ৰামানুজন বিছনাত টি.বি.ৰ শুশ্ৰষা পাই আছিল| দেশমুখে সন্দেহ কৰিছিল তেওঁ যে এক আশাহীন অৱস্থাত আছিল সেই কথা তেওঁক এয়া জনোৱা হৈছিল নে নাই| তেওঁ অযথা হতাশ হোৱা নাছিল| দেশমুখে মনত পেলাইছিল যে বোধহয় তেওঁ কৈছিল, যেতিয়াই তেওঁ ভ্ৰমণ কৰিবলৈ বুলি এটা উপযুক্ত অৱস্থা পায়, ভাৰতলৈ ফিৰি যোৱাৰ বাবে বাট চাব| কিন্তু তেওঁৰ অৱস্থা লাহে লাহে পৰি আহিছিল অৰু আক্ৰমণ কৰা বেমাৰটোৱে তেওঁক সোনকালেই আঁতৰাই লৈ গৈছিল, দেশখনক বঞ্চিত কৰিছিল, ইয়াৰ অত্যুজ্জ্বল গাণিতিক প্ৰতিভা এটাৰ পৰা|

 

MN প. চি. মহলানবিশ, এফ.আৰ.এছ. (ভাৰতৰ পৰিকল্পনা আয়োগৰ সদস্য)ৰ স্মৃতিচাৰণঃ

 

MN-1 ৰামানুজনৰ বোধ বা ইন্‌-টিউশ্যনঃ

১৯১৩ চনৰ অক্টোবৰত পি.চি. মহলানবিশে কেম্ব্ৰিজৰ কিংছ কলেজত যোগদান কৰিছিল| সেই সময়ত তেওঁ কেইটামান গণিতৰ পাঠ্যক্ৰম কৰি আছিল, তাৰে এটা হাৰ্ডিৰো আছিল| কিছুদিন পিছত শুনিছিল যে, এক গাণিতিক বিস্ময় এছ. ৰামানুজন কেম্ব্ৰিজলৈ আহিব| মহলানবিশে কিংছ কলেজৰ গণিতৰ টিউটৰ ছাৰ আৰ্থাৰ বেৰীৰ লগত তেওঁৰ টিউটৰিয়েল কাম কৰি আছিল| এদিনাখন যেতিয়া তেওঁ ‘ইলিপ্তিক-ইণ্টিগ্ৰেল’ৰ ক্লাছ এটালৈ সোমাই আহিছিল, মহলানবিশৰ টিউটৰিয়েলৰ বাবে তেওঁ তেওঁৰ ৰূমত অপেক্ষা কৰি আছিল| সেইখিনি সময়ত তেওঁলোকৰ মাজত হোৱা কথোপকথনখিনিৰ প্ৰকাশখিনি ৰংগনাথনে আগবঢ়াইছে এনেধৰণে—

বেৰী : তুমি তোমাৰ আচৰিত “দেশীয় মানুহজন”ক লগ ধৰিছানে?

মহলানবিশ : মই শুনিছিলোঁ যে তেওঁ আহি পাইছেহি, কিন্তু মই এতিয়ালৈ তেওঁক লগ পোৱা নাই|

বেৰী : তেওঁ এই ৰাতিপুৱা মোৰ ইলিপ্তিক ইণ্টিগ্ৰেলৰ ক্লাছলৈ আহিছিল|

এয়া আছিল, এটা পুৰা টাৰ্ম আৰম্ভ হোৱাৰ পিছত আৰু মই পাইছিলোঁ যে ইতিমধ্যে বেৰীয়ে সেই বিষয়ত কেইটামান বক্তৃতা দিছে|

মহলানবিশ : কি ঘটিল? তেওঁ তোমাৰ বক্তৃতা বুজি পালেনে?

বেৰী : মই ব্লেক-ব’ৰ্ডত কিছু সূত্ৰ প্ৰমাণ কৰি আছিলোঁ| মই মাজে মাজে ৰামানুজনৰ ফালে চাই আছিলোঁ এই ভাবি যে মই যি কৰি আছোঁ, তেওঁ সেয়া ধৰিব পাৰিছেনে নাই| এটা পৰ্যায়ত, ৰামানুজন মুখখন উজলি উঠিল আৰু উত্তেজিত হৈ উঠিছিল| তেওঁ কিবা ক’ব নেকি বুলি মই সুধিছিলোঁ| তেওঁ তেওঁৰ ছিটৰ পৰা ঠিয় হৈ উঠিছিল আৰু ব্লেক ব’ৰ্ডৰ ফালে গৈ কিছু ৰিজাল্ট লিখিছিল, যি মই তেতিয়াও প্ৰমাণ কৰা নাছিলোঁ| ৰামানুজনে নিশ্চয় সেয়া পাইছিল পুৰা বোধৰ দ্বাৰা| সংখ্যাতত্বত তেওঁ ক্ষমতাখিনি বোধপুষ্টহে আছিল| অন্য শুদ্ধ বা বিমুৰ্ত্ত গণিতজ্ঞৰ দৰে তেওঁ অসংখ্য অনুমান আগবঢ়াইছিল| ইয়াৰ বহুতো ফল কোনো কষ্ট নকৰাকৈয়ে তেওঁৰ মনলৈ আহিছিল| হ’লেও তেওঁ সচেতন আছিল যে, তেওঁৰ সেই দাৰ্শনিক তত্বসমূহ সাব্যস্ত কৰিবলৈ বুলি এক ভাল বৌদ্ধিক প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব|

 

MN-2 শয্যাগতঃ

মহলানবিশে ৰামানুজনৰ স’তে বহুত সোনকালেই এক ভাল বন্ধুত্ব গঢ়ি তুলি নিজকে ভাগ্যৱানজনৰ শাৰীলৈ আনিছিল| এয়া ঘটিছিল প্ৰায় এক আচৰিত ধৰণেই| এদিনাখন তেওঁ আহি পোৱাৰ ঠিক পিছতেই মহলানবিশে ট্ৰিনিটি কলেজৰ তেওঁৰ কোঠাত ৰামানুজনক চাবলৈ গৈছিল| তেওঁ গৈ যি দেখা পালে সেই দৃশ্যই তেওঁক প্ৰায় ঠাণ্ডা কৰি দিছিল| ৰামানুজন আছিল জুইৰ বহুত ওচৰত বহি| মহলানবিশে তেওঁক সুধিছিল ৰাতি তেওঁ গৰম পাইছিল নে নাই| তেওঁ কৈছিল যে তেওঁ ঠাণ্ডা পাই আছে যদিও তেওঁ তেওঁৰ ওভাৰকোটটো গাৰ ওপৰত মেলি লৈ শুই আছিল, লগতে শ্বলখনেৰেও গাটো মেৰিয়াই লৈছিল| তেওঁৰ লগাখিনি পৰিমাণৰ ব্লেংকেট আছে নে নাই সেয়া চাবলৈ বুলি মহলানবিশে তেওঁৰ শোৱা কোঠালৈকে গৈছিল| ভিতৰ সোমাই দেখিছিল যে তেওঁ বিছনাত ভালেকেইখন ব্লেংকেট আছিল, কিন্তু সকলোকেইখন টানকৈ বন্ধা আছিল আৰু তাৰে ওপৰত এখন বেড-কভাৰেৰে ঢকা আছিল| ব্লেংকেট কিখন লুটিয়াই লৈ বিছনাত ল’ব লাগে যে সেয়া তেওঁ জনা নাছিল| তেওঁ সেই লিনেন ক’ভাৰৰ তলতে শুই আছিল, লগত আছিল তেওঁৰ অভাৰ-কোট আৰু শ্বলখন| তেতিয়া মহলানবিশে কেনেকৈ ব্লেংকেটৰ তলত সোমাব লাগে তেওঁক দেখুৱাই দিছিল| এই ব্যৱহাৰত তেওঁ অতিকৈ অভিভূত হৈ পৰিছিল| মহলানবিশে ভাবে যে এই কাৰণেই তেওঁ, তেওঁৰ বাবে ইমান মৰমৰ হৈ পৰিছিল| বাস্তৱতাৰ প্ৰতি ইমানেই আওকণীয়া আছিল এইজন প্ৰতিভাধৰ|

 

MN-3 প্ৰায়োগিক গণিতঃ

দেওবাৰৰ ৰাতিপুৱাবোৰত ৰামানুজন আৰু মহলানবিশ প্ৰায়েই প্ৰাতঃভ্ৰমণলৈ গৈছিল| এদিনাখন দেওবাৰে তেওঁলোকৰ ব্ৰেকফাষ্ট মহলানবিশৰ কোঠাত সাজু কৰা হৈছিল| ব্ৰেক-ফাষ্ট কৰি উঠি তেওঁলোক ফুৰিবলৈ যোৱাৰ কথা| সেয়া আছিল কিছু বৰফ-পাত হোৱা এটা শীতৰ ৰাতিপুৱা| শুই উঠোতে মহলানবিশৰ অলপ দেৰী হৈছিল| যেতিয়া ৰামানুজন আহি পাইছিলহি, তেওঁ শোৱা কোঠাত দাড়ি খুৰাই আছিল| তেওঁ ৰামানুজনক বহাকোঠাত অপেক্ষা কৰিবলৈ কৈছিল| অলপ পিছত মহলানবিশ ওলাই অহাত, তেওঁ দেখে যে ৰামানুজনে লনিৰ ডাইনামিক্স অফ এ পাৰ্টিকল্‌ পঢ়ি আছে অতি মনোযোগেৰে| তেওঁ কেতিয়াও ডাইনামিক্স পঢ়া নাছিল কিন্তু যিখিনি পঢ়ি আছিল তাতেই আমোদ পাইছিল|

 

MN-4 ৰামানুজন ফ্ল্যাশ্‌:

অন্য এক কাৰণত আৰু এবাৰ মহলানবিশ তেওঁৰ কোঠালৈ গৈছিল তেওঁৰ স’তে দুপৰীয়া আহাৰ কৰিবলৈ| তেতিয়া প্ৰথম মহাসমৰ আৰম্ভ হৈছে| মহলানবিশৰ হাতত আছিল কিছু পূৰ্বৰ মাহেকীয়া ‘ষ্ট্ৰ্যাণ্ড-মেগাজিন’ৰ এটা ক’পি| সেই সময়ৰ সেইখনত বেছ কিছু সংখ্যক ‘পাজলছ্‌’ প্ৰকাশ কৰিছিল পাঠকৰ বাবে সমাধা কৰিবলৈ বুলি| ৰামানুজনে জুইৰ ওপৰত এখন ‘পেন’ত কিবা লৰাই আছিল| তেওঁলোকৰ দুপৰীয়াৰ আহাৰৰ বাবে তেওঁ টেবুলৰ ওচৰত বহি আছিল, মেগাজিনৰ পাতবোৰ লুটিয়াই| তেওঁ দুটা সংখ্যাৰ সম্পৰ্ক জড়িত হৈ থকা এটা সমস্যাত আমোদ পাই মন দি আছিল| সমস্যাটোৰ সবিশেষ পাহৰিছিল কিন্তু ধৰণটো মনত আছিল| সমস্যাটো আছিল তলত দিয়া ধৰণৰ—

পঠনীয়:  ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় S : জীৱনভিত্তিক তথ্য

দুজন বৃটিছ অফিচাৰক পেৰিছত থাকিবলৈ দিয়া হৈছিল এটা দীঘল ৰাস্তাৰ দুটা বেলেগ ঘৰত| এই ঘৰকেইটাৰ দুৱাৰৰ সংখ্যা এক বিশেষ ধৰণে জড়িত হৈ আছিল| সমস্যাটো আছিল সংখ্যা দুটা উলিওৱা| এয়া মুঠেই কঠিন নাছিল| তেওঁ ‘ট্ৰায়েল এণ্ড এৰৰ’ পদ্ধতিৰে কেইমিনিট মানতেই সমাধানটো পাইছিল| এইখিনিৰ এক নাটকীয় উপস্থাপন আগবঢ়াইছে ৰংগনাথনে এনেদৰে—

 

ৰামানুজন : কি সমস্যা হৈছে মোক কোৱাচোন| (তেওঁ ’প্যা‌ন্‌’ লৰাই গৈছিল)

(মহলানবিশে ‘ষ্ট্ৰ্যাণ্ড-মেগাজিন’ৰ পৰা প্ৰশ্নটো পঢ়ি দিছিল| প্ৰথম পদটো আছিল সমাধান যিটো তেওঁ পাইছিল| প্ৰতিটো পৰৱৰ্তী পদে সূচাইছিল পৰৱৰ্তী সমাধান, একেধৰণৰ সম্পৰ্কৰ দুটা সংখ্যাৰ মাজত| যিহেতু ৰাস্তাৰ ঘৰৰ সংখ্যা অনিদিৰ্ষ্টভাৱে বাঢ়ে| তেওঁ বৰ মজা পাইছিল|)

মহলানবিশঃ তুমি সমাধানটো এটা জলকতেই (ফ্ল্যাশতে) পাইছা নেকি?

ৰামানুজনঃ মই প্ৰব্লেমটো শুনাৰ লগে লগেই এয়া স্পষ্ট হৈছিল যে সমাধানটোত নিশ্চিতভাৱে এটা অবিৰত ভগ্নাংশ সোমাই আছে| মই তেতিয়া ভাবিছিলোঁ ‘কি ধৰণৰ অবিৰত ভগ্নাংশ’? আৰু মোৰ মনত উত্তৰটো আহিছিল| এয়া এইটোৰ দৰেই সৰল|

 

MN-5 শূন্য আৰু অসীমৰ পূৰণ আৰু প্ৰপঞ্চৰ জগতঃ

মহলানবিশৰ ভাষাৰেই আমি কিছু কথা মন কৰোঁচোন এতিয়া—

‘মই উল্লেখ কৰিছিলোঁ যে ৰামানুজন আৰু মই প্ৰায়ে দেওবাৰৰ ৰাতিপুৱাবোৰত দীৰ্ঘ ভ্ৰমণৰ বাবে বাহিৰলৈ যোৱা কৰিছিলোঁ| এই প্ৰাতঃভ্ৰমণত আমাৰ আলোচলাই বিশাল পৰিসৰ সামৰি লৈছিল| তেওঁৰ কিছুমান প্ৰগতিশীল ধাৰণা আছিল জীৱন আৰু সমাজ সম্বন্ধে, কিন্তু কোনো সংস্কাৰকামীৰ দৃষ্টিভংগী নাছিল| নিজাববীয়াকৈ জীৱন সম্পৰ্কে তেওঁ প্ৰায়েই কিছু দাৰ্শনিক প্ৰশ্নৰ অৱতাৰণা কৰিছিল| তেওঁ বাস্তৱৰ স’তে জড়িত এটা তত্বৰ ওপৰত কাম কৰাৰ হাবিয়াস কৰিছিল যে যিটো ‘শূন্য’, ‘অসীম’ আৰু সীমিত সংখ্যাৰ সংহতিৰ ধাৰণাৰ ওপৰত ভিত্তি কৰিছিল| মই সাধাৰণতে অনুসৰণ কৰিছিলোঁ সাধাৰণ পথেৰে| কিন্তু মই কেতিয়াও স্পষ্টকৈ বুজা নাছিলোঁ, তেওঁৰ মনত কি আছিল| তেওঁ মাজে সময়ে ‘শূন্য’ৰ কথা কৈছিল হিন্দু দৰ্শনৰ অতি-অদ্বৈতবাদী (monistic) শাখাটোৰ ‘পৰমটো’ (absolute), (নিৰ্গুণ-ব্ৰহ্ম) হিচাপে| অৰ্থাৎ সেই নোৱাৰি অথবা শব্দেৰে বৰ্ণাব নোৱাৰি| আৰু যিটো সম্পূৰ্ণভাৱে মানৱ মনে ঢুকি পোৱাৰ বাহিৰত| ৰামানুজনৰ মতে, সকলো গুণৰ ‘পৰম-নঞাত্মক’টোৱেই হ’ল শূন্য| তেওঁ সংখ্যা ‘অসীম’ক লৈছিল, সকলো সম্ভাৱনাৰ ‘গোটটো (totality) হিচাপে, যি বাস্তৱত স্পষ্ট কৰিবলৈ সক্ষম আছিল আৰু যি আছিল শেষ নোহোৱা| ৰামানুজনৰ মতানুসৰি ‘অসীম’ আৰু ‘শূন্য’ৰ পূৰণে দিব ‘সসীম’ সংখ্যাৰ সম্পূৰ্ণ সংহতিটো| সৃষ্টিৰ প্ৰতিটো কৰ্ম, মই য’তদূৰ বুজোঁ, অসীম আৰু শূন্যৰ একোটা বিশেষ পূৰণ হিচাপে চিহ্নযুক্ত কৰিব পৰা যায়| আৰু এনেকুৱা প্ৰতিটো পূৰণৰ পৰা বিশেষ একোটা ওলাই পৰিব যাৰ স’তে জড়িত বিশিষ্ট চিহ্নটোৱে এটা বিশিষ্ট সসীম সংখ্যা হয়| মোৰ যিমানখিনি মনত আছিল, ৰামানুজনৰ সেই দৃষ্টিভংগী মই টুকি থৈছিলোঁ| মই ইয়াৰ সঠিক ইংগিতটো নাজানো| তেওঁ বোধকৰোঁ, তেওঁৰ গাণিতিক কৃতিতকৈ, তেওঁৰ দাৰ্শনিক ধাৰণাবোৰত আৱেগিকভাৱে অধিক আকৰ্ষিত হৈ আছিল| দাৰ্শনিক প্ৰশ্নসমূহৰ বিষয়ে তেওঁ অতি উত্‍সাহিতভাৱে কৈ গৈছিল| কেতিয়াবা মই ভাবিছিলোঁ যে, তেওঁ তেওঁৰ গণিতৰ অনুমান (ক’নজেকচাৰ)বোৰৰ কঢ়া প্ৰমাণসমূহ আগবঢ়োৱাতকৈ বেছি ভাল কৃতকাৰ্যতাৰে তেওঁৰ দৰ্শনৰ তত্ববোৰ প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন|

 

MN-6 ৰামানুজনৰ ব্যক্তিত্বঃ

ৰামানুজনৰ আছিল এক লাজুক আৰু শান্ত তথা নীৰৱ প্ৰকৃতি, এক সন্মানযুক্ত সহনশীলতা আৰু মিঠা আচৰণ| তেওঁ অইন মানুহে কি কৈছিল, সেয়া সাৱধানে শুনি গৈছিল, কিন্তু সাধাৰণতে নীৰৱে আছিল| যদি তেওঁক কোনো প্ৰশ্ন সোধা হয়, বা কোনো এৰাব নোৱৰা কাৰণত কোনো সাধাৰণ আলাপ আলোচনাত যোগ দিয়ে, তেওঁ খোলা-খুলিভাৱে কিন্তু সংক্ষেপে কয়| আনহাতে বন্ধুৰ লগত বা কোনো সৰু দলৰ স’তে ক’লে, পিছে তেওঁৰ ধাৰণাসমূহ অতি উত্‍সাহেৰে ব্যাখ্যা কৰিছিল| এয়া ঘটিছিল অকল দাৰ্শনিক প্ৰশ্নবোৰৰ ক্ষেত্ৰতেই নহয়, মাজে মাজে অইন বিষয়বোৰৰ ক্ষেত্ৰতো, যিবোৰত তেওঁ চিৰিয়াচ আমোদ পাইছিল| যদিওবা মহলানবিশে তেওঁৰ গণিত বুজা নাছিল, তেওঁ মহলানবিশৰ মনত এক চিৰস্থায়ী ছাপ এৰি গৈছিল| এক বন্ধুত্বসুলভ হাঁহিৰে তেওঁৰ উজ্জ্বল চকু, শান্ত মুখমণ্ডল মহলানবিশে সদায়েই সুঁৱৰিছিল|

 

MP/MS  অ-সহপাঠীসকলঃ

MP মি. কে. গোপালাচাৰীৰ স্মৃতিচাৰণ (ৰেভিনিউ ব’ৰ্ড, মাদ্ৰাজ, অৱসৰপ্ৰাপ্ত):

 

MP-1 ভগৱান, শূন্য আৰু অসীমঃ

কোনোবা এজনে ৰামানুজনক কোৱাৰ দৰে— কোনো এজনে নিজকে পাহৰে (one would forget oneself)| ১৯০৯ চনত চাইদাপেতৰ টিচাৰ্চ কলেজত গোপালাচাৰীয়ে তেওঁৰ ভায়েক গণিতৰ প্ৰবক্তা কে.এছ. পাত্ৰচৰিয়াৰৰ স’তে একেলগে আছিল| সেয়া আছিল কোনো এটা ৮ তাৰিখৰ সন্ধিয়া| তেওঁৰ ভাইটিৰ কেইজনমান পোষ্ট-গ্ৰেজুৱেট ছাত্ৰ তেওঁলোকৰ ঘৰলৈ আহিছিল| ৰামানুজনো আহি পাইছিলহি| আহি তেওঁ আৰম্ভ কৰিছিল ‘ভগৱান, শূন্য আৰু অসীম’ৰ ওপৰত এটা বক্তৃতা| তেওঁলোকে সকলোৱে সন্মোহিত হৈ আছিল| দলটো ৰাতি দুই বজাতহে ভাঙিছিল| পিছদিনাখন পুৱা গোপালাচাৰীয়ে তেওঁৰ ভাইটিৰ স’তে এই বিষয় এক আলোচনাত মিলিত হৈছিল| ৰংগনাথনৰ বাবে বাস্তৱিক মূল্য থকা এয়া এক অন্য ‘ডায়েলগ’—

 

গোপালাচাৰী : মই যোৱা ৰাতি আশ্চৰ্য অনুভৱ কৰিছিলোঁ| মই তেওঁৰ কথা বেছি বুজা নাছিলোঁ| তেওঁ কিনো কৈছিল?

পাত্ৰচৰিয়াৰ : তেওঁৰ কথালৈ মন কৰি, তেওঁৰ কথা বুজিব পৰা নাছিলোঁ, কিন্তু এতিয়া সেই সকলোখিনি এটা সপোনৰ দৰেহে যেন| মই সঠিকভাৱে একোৱেই মনত পেলাব নোৱাৰোঁ|

MP-2 এই সকলো কেনেদৰে আৰম্ভ হৈছিলঃ

 

গোপালাচাৰী : ৰামানুজন তুমি গণিতত ইমান জ্ঞান কেনেকৈ পালা?

ৰামানুজন : মই বেলেগ ধৰণে আগবঢ়াইছিলোঁ| তাৰে এটা মই আপোনাক কৈ আছোঁ| এদিনাখন ৰাতি, মই এটা সপোন দেখিছিলোঁ| মই শুনিছিলোঁ এজন পথচাৰীৰ মাত ৰাস্তাত, তেওঁ পিল বিক্ৰী কৰি আছে| প্ৰতিটো পিলৰ দাম এক অনাতকৈ কম আছিল, কিন্তু মাত্ৰ এটাৰ দাম আছিল ৫০ পইচা| মই তেওঁক সুধিছিলোঁ ইয়াৰ বিশেষ ব্যৱহাৰনো কি? তেওঁ কৈছিল যে, তেওঁ এই বিষয়ে নাজানে| মই লগে লগে কিনি আনিছিলোঁ| পিছদিনাখন মোৰ মনত ‘এৰিথমেটিক প্ৰগ্ৰেছন’, ‘জিঅ’মেট্ৰিক-প্ৰগ্ৰেছন’ আৰু ‘হাৰমনিক প্ৰগ্ৰেছ’ৰ ধাৰণাই মোৰ মনত প্ৰসাৰ লভিব ধৰে|

 

MP-3 আকৰ্ষণৰ পৰিসৰঃ

এফালে এনেধৰণৰ ৰহস্যজনক অভিজ্ঞতা সত্বেও, তেওঁৰ সূক্ষ্ম-বৌদ্ধিক আলোচনা উপভোগত অভ্যস্ত হৈছিল, বিশেষকৈ দৰ্শনৰ ভাৰতীয় শাখাটোৰ ওপৰত| এদিনাখন তেওঁলোক দুয়োজনে মাৰূৰ গণেশ শাস্ত্ৰীৰ সংখ্যা-দৰ্শনৰ ‘নাস্তিকতা’ৰ ওপৰত এক আলোচনা শুনিবলৈ গৈছিল| কথাখিনি ৰংগনাথনে তলত দিয়া ধৰণে বৰ্ণাইছে—

 

বক্তা : যদি এক আৰম্ভ আছে, ইয়াৰ শেষো থাকিব লাগিব| আৰু যদি কোনো আৰম্ভ নাই, তেনেহ’লে ইয়াৰ কোনো শেষো নাথাকিব| ‘কৰ্মৰ’ (casual action-chain) কোনো আৰম্ভ নাই|

ৰামানুজন : (স্বতঃস্ফুৰ্তভাৱে জঁপিয়াই) যদি এয়া তেনেই হয়, তেনেহ’লে মোক্ষ নাই মুঠেই (release from the cycle of births and from casual action-chain) দৰ্শনৰ এই স্কুল অনুসৰি|

বক্তাজনে এই প্ৰশ্নটোৰ উত্তৰ দিব পৰা নাছিল| কিন্তু ৰামানুজনে ব্যাখ্যা কৰিছিল কেনেকৈ ‘মোক্ষ ধাৰণা’ আৰু ‘কৰ্ম ধাৰণা’ সংযুক্ত কৰিব পাৰি| দৰ্শকে তেওঁৰ এই সক্ষমতাত হতভম্ব হৈছিল|

 

MP-4 দৈৱিক ব্যাখ্যাঃ

ৰামানুজনে গ্ৰহ, নক্ষত্ৰ, বৰ্ণান্ধ (কালাৰ-ব্লাইণ্ডনেছ) আদিৰ দৈৱিক ব্যাখ্যা স্বাভাৱিকতে দিছিল| তেওঁ ‘মৃত্যুৰ পিছত জীৱন’, ‘জ্যোতিষ-শাস্ত্ৰ’ আৰু ‘অতিপ্ৰাকৃতিক-প্ৰপঞ্চ’ আদিৰ দৰে দৈৱিক বিষয়বোৰত গভীৰভাৱে আকৰ্ষিত হৈ আছিল| ইয়াত দুটা উদাহৰণ দিয়া হ’ল|

 

MP-4.1 উচ্চ-বিকশিত আত্মাৰ বীক্ষণঃ

সত্যপ্ৰিয়াৰায়াৰ আছিল স্কুলত তেওঁৰ পুৰণি ড্ৰিল-মাষ্টাৰ| পিছত তেওঁ পাগল হয়| তেওঁ যেতিয়াই শাসনাতীত হৈছিল, তেওঁক শিকলি লগাই থোৱা হৈছিল| ইতিমধ্যে তেওঁ ভাল হয় মানে তেওঁ তেওঁৰ নিযুক্তি হেৰুৱাইছিল| আনকি দৈনিক খাদ্যও তেওঁৰ বাবে সমস্যা হৈ পৰিছিল| ৰামানুজনে ঘৰৰ পৰা তেওঁৰ বাবে যোগাৰ কৰা খাদ্য তেওঁক দিয়া কৰিছিল|

গোপালাচাৰী : এই পাগল মানুহজনৰ বাবে তুমি কিয় চিন্তিত হৈছা?

ৰামানুজন : এই ‘ড্ৰিল-মাষ্টাৰ’জন এদিনাখন তেওঁ ঘৰৰ ভিতৰৰ বাৰান্দাত বহি আছিল| তেওঁৰ হঠাৎ এক ভ্ৰমৰ (illusion) অভিজ্ঞতা হ’ল যে তেওঁৰ চাৰিওকাষে এজাক বাওনা ‘লিলিপুটিয়ান’ৰ দৰে প্ৰাণী থিয় হৈ আছে| ইয়ে তেওঁক ভয় লগাইছিল আৰু তেওঁৰ মনক শৃংখলাৰ বাহিৰলৈ পঠিয়াইছিল| বাস্তৱত পূৰ্ব জন্মৰ ফলৰ বাবে তেওঁৰ সঁচাকৈ এক উচ্চ বিকশিত প্ৰাণীৰ বীক্ষণ আছিল| সেয়ে মই তেওঁক শ্ৰদ্ধা কৰোঁ|

 

MP-4.2 স্থান-সময়ৰ সংযোগ বিন্দুঃ

তেওঁ যেতিয়া পাচ্চাইয়াপ্পা কলেজত পঢ়ি আছিল, ৰামানুজন আছিল জৰ্জ টাউনত এজন ভাৰাতীয়া| এদিনাখন তেওঁ সপোন দেখিছিল এনেদৰে—

এটা পৰিয়ালৰ এটি শিশু একেটা ঘৰৰে অন্যকোঠাত শুই থাকোতে, মৃত্যুৰ বিপদ দেখা পালে| যি কি নহওক, যেতিয়া তেওঁ ৰাতিপুৱা শুই উঠিছিল, শিশুটি সম্পূৰ্ণ সুস্থ| কিন্তু যেতিয়া ৰামানুজন কলেজৰ ফিৰি আহিছিল, তেওঁ শুনিছিল যে, শিশুটিৰ জ্বৰ হৈছে| দুদিনৰ ভিতৰত উষ্ণতা বহু বাঢ়ি গৈছিল আৰু শিশুটি অজ্ঞান হৈ পৰিছিল| তাকে দেখি ৰামানুজনে মাক-দেউতাকক অনুৰোধ কৰি কৈছিল, শিশুটিক যাতে ঠাই সলনি কৰি আন ঘৰটিলৈ লৈ যায়, কাৰণ মানুহৰ মৃত্যু হয় কোনো স্থান-কালৰ সংযোগ বিন্দুতহে| সেয়ে তেওঁ কৈছিল— ‘আপুনি এই ঘৰটি কিছুদিনৰ বাবে এৰক| মাক-দেউতাকে শিশুটিক আনটো ঘৰলৈ লৈ গৈছিল| কেইমিনিটমানৰ পিছতেই শিশুটিৰ অজ্ঞান অৱস্থাৰ সমাপ্তি ঘটিছিল আৰু তেওঁৰ কোঠালৈ লৈ যোৱাৰ বাবে খাটনি ধৰিছিল| কিন্তু ৰামানুজনে মাক-দেউতাকক তেনে নকৰিবলৈ উপদেশ দিছিল| যি নহওক, মাক-দেউতাকে তেওঁৰ কথালৈ কাণ নিদিলে| তেওঁলোকে শিশুটিক তেওঁলোকৰ ঘৰলৈ ফিৰাই লৈ গ’ল| আৰু কিছু সময়ৰ পিছতেই শিশুটি ঢুকাল| ৰামানুজন ভয়ত একো নাই হৈছিল| সেয়ে তেওঁ সেই ঠাইৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিলে| কিন্তু শিশুটিয়ে তেওঁক অনুসৰণ কৰিলে| এটা মন্দিৰ পাই, ৰামানুজন ইয়াৰ ভিতৰ সোমাল এই ভাবি যে, শিশুটি ইয়াৰ ভিতৰত সোমাব নোৱাৰিব| কিন্তু কিছু সময় পিছত, মন্দিৰলৈ অহা অন্য ভকতসকলে চিঞৰ-বাখৰ লগালে এই কৈ যে তাত মন্দিৰৰ বাহিৰত এটা শিশুৰ মৃতদেহ আছে| ইয়ে ৰামানুজনক অনুভৱ আনি দিছিল যে, তেওঁ আৰু কোনোধৰণৰ ভয় কৰাৰ প্ৰয়োজন নাই|

কিন্তু যেতিয়া তেওঁ বাহিৰ হৈ আহিছিল, শিশুটি তেওঁৰ ওপৰত জঁপিয়াই পৰিছিল| এই অৱস্থাতেই ৰামানুজন সাৰ পাইছিল| তেওঁ দেখিছিল যে তেওঁ ভয়ত কঁপি আছে| পিছদিনাখন তেওঁৰ বহুত জ্বৰ উঠিছিল| ঔষধেও জ্বৰ কমোৱা নাছিল| ইয়াৰ উপৰিও ৰামানুজনে, দেৱী নামগিৰিক প্ৰাৰ্থনা কৰিছিল| অলপ পিছতেই তেওঁ টোপনিত পৰিছিল| দেৱী নামগিৰিয়ে সপোনত তেওঁক দেখা দি কৈছিল— ‘গোটেই নিশা যি সিজোৱা চাউলত পানী থোৱা হৈছে, সেই পানী খোৱা’| সাৰ পোৱাৰ পিছত, তেওঁ নামগিৰিয়ে কোৱাৰ দৰে কৰিছিল| তেতিয়া তেওঁ আৰোগ্য লাভ কৰিছিল|

(টোকা— এনে বিষয়ৰ কথাৰ সন্দৰ্ভত আমি পাঠকক, বিশেষকৈ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক এইখিনি জনাই থোৱা উচিত বিবেচনা কৰিছোঁ যে এইবোৰ কথাই ৰামানুজন মানুহজনৰ কোনটো ফালৰ প্ৰকাশ ঘটাইছে তাকে অনুধাৱনৰ বাবেহে এনেদৰে আগবঢ়োৱা হৈছে| ইয়াত বাদে বেলেগ একো ভাবিবলগীয়া আমাৰ যেনিবা একোৱেই নাই|)

 

MP-5 সাম্যলৈ আনিব পৰা ‘টেম্পাৰ’:

গোপালাচাৰীয়ে কেতিয়াও ৰামানুজনক মেজাজ (টেম্পাৰ) হেৰুৱাই পেলোৱা দেখা নাছিল| তেওঁক আন কোনোবাই যিমান বিৰোধেই নকৰক কিয়, আনকি নাহাঁহকো কিয়, তেওঁ এনেবোৰ কথাৰ প্ৰতি উদাসীন আছিল| কোনো সময়তেই তেওঁক যৌন আলোচনা কৰা মনত নপৰে|

 

MP-6 বিখ্যাত নোটবুকখনঃ

যেতিয়া ৰামানুজনে প্ৰথমে তেওঁৰ বিখ্যাত নোটবুকখন ১৯১০ চনত এজন গণিতৰ প্ৰফেছৰৰ ওচৰলৈ লৈ গৈছিল, প্ৰফেছৰে পাত লুটিয়াই উঠি ৰামানুজনৰ ফালে ধুমুহাৰ দৰে আগুৱাই গৈছিল| তেওঁ আমাৰ ঘৰলৈ ফিৰি আহিছিল পুৰা অন্যমনস্কভাৱে| সেইখন আমাৰ ষ্টোৰ ৰূমত বহুদিন ধৰি পৰি আছিল| জি.এইচ. ষ্টুৱাৰ্টৰ এজন পুৰণি ছাত্ৰ, মাদ্ৰাজ প্ৰেছিডেন্সি কলেজৰ গণিতৰ এজন বহুদিনীয়া প্ৰফেছৰ, আৰ. স্বামীনাথ আয়াৰে এইখিনি চাইছিল| ইয়াৰ বিষয়-বস্তুত আচৰিত হৈ বি. হনুমন্ত ৰাওক এই বিষয়ে উল্লেখ কৰিছিল|

 

MP-7 খাটৰ তলত গণিতঃ

ৰামানুজনক এবাৰ ফুৰাই লৈ আহিবলৈ বুলি এদিনাখন আবেলি তেওঁৰ ঘৰলৈ গোপালাচাৰীৰ সম্পৰ্কীয় এজন আৰু গোপালাচাৰী নিজে গৈছিল| তেওঁ সেই সময়ত, তেওঁক আন্ধাৰত এখন খাটৰ তলত বহি থকা আৰু শ্লেটত লিখি থকা দেখা পাইছিল| তেওঁৰ সম্পৰ্কীয়জনে খাটৰ তলত বহি থকাৰ কাৰণটো তেওঁক ব্যাখ্যা কৰিছিল| তেওঁ সদায় ব্যস্ত আছিল, কিবা নহয় কিবা গণিতৰ কামত| মাক-দেউতাকে পিছে ধন উপাৰ্জন নকৰাকৈ কোনো কাম নকৰাকৈ থাকি এনেদৰে ব্যস্ত হৈ থকাটো ভাল নাপাইছিল| গতিকে যেতিয়াই তেওঁৰ গণিত কৰিবলৈ লৈছিল নিজকে খাটৰ তলত লুকাই ৰাখিছিল|

 

MP-8 সাংখ্যঃ

তেওঁ ইংলণ্ডৰ পৰা ফিৰি অহাৰ পিছত মই তেওঁক লগ ধৰিছিলোঁ, মাত্ৰ দুবাৰ| এবাৰ তেওঁ কৈছিল যে সাংখ্য-দৰ্শনৰ নাস্তিক পুথিখন পঢ়িবলৈ তেওঁ আগ্ৰহী (অনুচ্ছেদ দ্ৰষ্টব্য MP-3)|

 

MQ  মি.টি.কে. ৰাজাগোপালন, অৱসৰপ্ৰাপ্ত একাউণ্টেণ্ট জেনেৰেল, মাদ্ৰাজঃ

MQ-1 সপোনত ইলিপ্টিক ইণ্টিগ্ৰেলঃ

১৯১১ চনৰ আগেয়ে যেতিয়া কুম্বাকোনমত ৰামানুজন এজন কিশোৰ হৈ আছিল, সেই সময়তেই ৰাজাগোপালনে ৰামানুজনক জানিছিল| সেই সময়ত কেইবছৰমান ধৰি তেওঁ মাদ্ৰাজ এছিছটেণ্ট একাউণ্টেণ্ট জেনেৰেল আছিল আৰু থকা কৰিছিল পুৰুছৱাক্কমৰ এটা বাংলোত| সেই সময়ত ৰামানুজন আছিল এজন নিবনুৱা| এদিনা সন্ধিয়া তেওঁ ৰাজাগোপালনৰ তালৈ আহি তেওঁৰ ঘৰত শুবলৈ বিচাৰিছিল| পিছে বিল্ডিঙৰ এটা কোঠাত বাদে আটাইকেউটাই তেতিয়া দখলত আছিল, মাত্ৰ এটা কোঠাহে খালী হৈ আছিল| তাত এজন সন্ন্যাসী আছিল| সেই কোঠাটোৰ কথাকৈ তেওঁ ৰামানুজনক সুধিছিল যে, তেওঁ বাহিৰৰ কোঠাটোত সন্ন্যাসীজনৰ স’তে শুবলৈ হ’লে কিবা ভাবিব নেকি? ৰামানুজনে ইয়াত সন্মতি দিছিল| পিছদিনাখন পুৱা তেওঁ আহি ৰাজাগোপালনক কৈছিল যে, সন্ন্যাসীজন এজন বিশেষ শক্তিসম্পন্ন আত্মা| তেওঁ অতি সুখী যে, তেওঁৰ স’তে কোঠা ভগাই লোৱাৰ সুবিধাকণ পালে| তেওঁৰ উপস্থিতিয়ে ৰামানুজনক বৰকৈ উত্‍সাহী কৰি তুলিছিল| শুই থাকোঁতে, ৰামানুজনে হেনো এক অসাধাৰণ অভিজ্ঞতা পাইছিল| তেওঁ এয়া পৰ্যবেক্ষণ কৰি পাইছিল, তাত তেজ বৈ থকা এখন ৰঙা পৰ্দা যেন আছিল| হঠাতে এখন হাতে পৰ্দাখনত লিখিবলৈ ধৰিছিল| তেওঁ সকলো লক্ষ্য কৰি আছিল| হাতখনে বেছ সংখ্যক ‘ইলিপ্তিক ইণ্টিগ্ৰেল’ৰ ৰিজাল্ট লিখিছিল| সেইবোৰ ৰামানুজনৰ মনত থাকি গৈছিল| শুই উঠাৰ লগে লগে ৰামানুজনে এইবোৰ লিখিবলৈ ধৰিছিল| (টোকা- এইখিনিতো আমি আমাৰ ছাত্ৰ-ছাত্ৰী পাঠক-পাঠিকাক ক’ব খোজোঁ যে, এয়া ৰামানুজন মানুহজনৰ একান্তই ব্যক্তিগৰ প্ৰতিফলন| ইয়াত সাৰ্জনীন একো ইংগিত নাই বুলিয়েই আমি ভাবোঁ|)

 

MQ-2 নাৰাছিমহাঃ

ৰাজাগোপালনে ইয়াত তেওঁৰ এখন কিতাপ ‘হিডেন-ট্ৰেজাৰ’ অফ যোগৰ পৰা এক অংশ কাঢ়ি তুলি দিছে এনেদৰে (যিটো ৰামানুজনৰ স’তে জড়িত|)

 

ৰামানুজন আৰু তেওঁৰ পৰিয়াল আছিল ভগৱান নাৰাছিমহাৰ উগ্ৰভক্ত, (সিংহমুখী অৱতাৰ (avasaru), যাৰ আশীৰ্বাদৰ চিন গঠিত হয় সপোনত দেখা পোৱা তেজৰ টোপালৰ মাজত| ৰামানুজনে কৈছিল যে, এনে টোপালবোৰ দেখাৰ পিছত অতি জটিল গণিত সোমাই থকা কাগজৰ নুৰাবোৰ তেওঁৰ সমুখত খোল খাব ধৰে| সাৰ পোৱাৰ পিছত, তেওঁক দেখুওৱাখিনিৰ মাত্ৰ কেইঅংশমানহে তেওঁ কাগজত বহুৱাব পাৰিছিল|

(টোকা—ৰামানুজন সম্পৰ্কীয় এনে ধৰণৰ প্ৰায়বোৰ কথাৰ মাজতেই একোটা মনস্তাত্বিক বিশ্লেষণৰ অৱকাশ ৰৈ থকা বুলি সচেতন পাঠকে নিশ্চয় ধৰিব পাৰিব| বিশেষকৈ আজিৰ এই বিশেষধৰণে সলনিৰ ফালে গৈ থকা পৃথিৱীখনৰ পৰিপ্ৰেক্ষিতত)|

 

MR মি. আৰ. শ্ৰীনিবাসনৰ স্মৃতিচাৰণ (অসৱৰপ্ৰাপ্ত গণিতৰ  প্ৰফেছৰ, ত্ৰিবান্দ্ৰম)|

MR-0 অজানা সবিশেষঃ

শ্ৰীনিবাসনে ইয়াত ৰামানুজনৰ এনে কিছু খবৰ আৰু ঘটনা দিছে, যিখিনি হয়তো অজানা অথবা অস্বীকৃত|

 

MR-1 ধৰ্মীয় অভ্যাসঃ

ৰামানুজনৰ অন্তঃগঠন আৰু তেওঁৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগী খুব কম মানুহেহে জানিবলৈ সুবিধা পাইছিল| তেওঁ এজন ৰহস্যবাদী (মিষ্টিক) আছিল, শব্দটিৰ পুৰা অৰ্থত এজন প্ৰকৃত ৰহস্যবাদী (মিষ্টিক)| তেওঁ আছিল গভীৰভাৱে ধৰ্মপৰায়ণ| দৈনিক পৰ্যবেক্ষণ কিছুমানত প্ৰায় অন্ধবিশ্বাসী| তেওঁ নিজে অনুমোদন নকৰা মানুহৰ দ্বাৰা ৰন্ধা খাদ্য তেওঁ কেতিয়াও নাখাইছিল| তদুপৰি তেওঁ আছিল এজন বৰ কঢ়া নিৰামিষাহাৰী| ইংলণ্ডত থাকোঁতে তেওঁ নিজৰ খাদ্য নিজেই ৰান্ধিছিল| কোনো কোনো মানুহে কৈছিল যে, এয়েই তেওঁৰ স্বাস্থ্য পৰি যোৱাৰ বাবে অধিকভাৱে দায়ী আছিল, যদিওবা শ্ৰীনিবাসনৰ ভাষাত ‘মই অৱশ্যে সম্পূৰ্ণ নিশ্চিত নাছিলোঁ|’

 

MR-2 অতিন্দ্ৰীয়ঃ

তেওঁ যে অতিকৈ ‘বোধভিত্তিক’ আছিল আৰু এটা জলকতে (ফ্ল্যাশতে) বিভিন্ন ক্ষেত্ৰৰ সত্য বিচাৰি পাইছিল, সেয়া নাকচ কৰিব নোৱাৰি| তেওঁ সত্য ‘দেখিছিল’ (saw) আৰু ইয়াক ‘জানিছিল’ (knew) যদিও তেওঁ ইয়াক অইনৰ বাবে যুক্তিৰ ক্ৰমত ব্যাখ্যা কৰিবলৈ টান পাইছিল| ১৯১৩ চনত শ্ৰীনিবাসনে ত্ৰিবান্দ্ৰমত থকাৰ সময়ত তেওঁ প্ৰায়েই মাদ্ৰাজলৈ গৈছিল| তেতিয়া মাদ্ৰাজ পৰ্টট্ৰাষ্টৰ এজন কেৰেণী ৰামানুজন কিবা উপায়ে তেওঁৰ প্ৰিয় হৈ পৰিছিল| যেতিয়াই তেওঁ মাদ্ৰাজলৈ আহিছিল তেওঁক ৰামানুজনে দেখা কৰা কৰিছিল|

বোধকৰোঁ তেওঁ যি ক’ব বিচাৰিছিল তাৰে এজন সহানুভূতিপূৰ্ণ শ্ৰোতা পাইছিল| তেওঁ নোটবোৰ শ্ৰীনিবাসনক দেখুওৱা কৰিছিল, কিন্তু লিখা এইবোৰৰ কোনো কোনো অংশৰ খুব কমখিনিৰহে তেওঁ মাথা-মুণ্ড ধৰিব পাৰিছিল| এদিনাখন, তেওঁ শ্ৰীনিবাসনক এটা সম্পৰ্ক ব্যাখ্যা কৰি থাকোঁতে তেওঁ হঠাতে ঘূৰি গৈ কৈছিল, ছাৰ, এটা সমীকৰণৰ মোৰ বাবে কোনো অৰ্থ নাথাকে, ‘যদিহে ই ঈশ্বৰ চিন্তাৰ এটা ধাৰণাৰ কথা নকয়’| কথা শুনি শ্ৰীনিবাসন মাথোন চক খাই উঠিছিল| তেতিয়াৰ পৰাই তেওঁ এই মন্তব্যৰ ওপৰত বেছ কিছু সংখ্যাকবাৰ নিমগ্ন হৈছিল| তেওঁ বাবে সেই অকলে কৰা মন্তব্যটো ভগৱান, মানৱ আৰু বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কত এটা সাৰযুক্ত ধাৰণা| সেই বাক্যটিৰ মাজত শ্ৰীনিবাসনে প্ৰকৃত দাৰ্শনিক আৰু ৰহস্যবাদী গণিতজ্ঞ ৰামানুজনক দেখিছিল|

 

MR-3 প্ৰাকসৰ্ত্বঃ

ৰামানুজনৰ আন আচৰিত অভিজ্ঞতাও আছে যাক অইন মানুহে অতি প্ৰাকৃতিক বুলি ক’ব| তেওঁ ঘটনাৰ ভৱিষ্যত দৰ্শন কৰিব পাৰিছিল বীক্ষণৰ দৰে| শ্ৰীনিবাসনৰ ভিতৰত এটা সহানুভূতিপূৰ্ণ ‘স্পিৰিট’ থকা যেন অনুভৱ কৰি ৰামানুজনে আনকি কিছুমান অতি ওচৰ-অভিজ্ঞতাও কোৱা কৰিছিল| তাৰেই কেইটামান শ্ৰীনিবাসনে উল্লেখ কৰিছে|

এদিনাখন সপোনত তেওঁৰ এক দৃশ্যৰ অভিজ্ঞতা হ’ল| তেওঁ আগেয়ে কোনোদিন নেদেখা এটা ঘৰৰ ভিতৰত আছিল| এখন বাৰান্দাৰ এটা স্তম্ভৰ তলত তেওঁ এজন দূৰ সম্পৰ্কীয় আত্মীয়ক মৃত অৱস্থাত দেখিছিল| চাৰিওফালে লোকে শোক কৰি আছিল| পিছত দৃশ্যটো নোহোৱা হৈ গৈছিল আৰু পিছত তেওঁ এই বিষয়ে সকলো পাহৰি গৈছিল| কিছুদিন পিছত তেওঁ দূৰৈৰ এখন ঠাইত নিযুক্তি পোৱা এজন সম্পৰ্কীয়ক দেখা কৰিব লগা হৈছিল| আচৰিতভাৱে এয়া ঘটিছিল, যেতিয়া গৈ তেওঁ দেখিছিল যে, তেওঁৰ সম্পৰ্কীয়ৰ ঘৰটো আছিল বছৰদিন আগত ঠিক সপোনত দেখা সেই ঘৰটো| যেতিয়া তেওঁ সম্পৰ্কীয়ৰ আগত কথাটো কৈ আছিল, তেওঁ গম পাইছিল যে, তাত এটা বেমাৰী আছিল আৰু তাত তেওঁৰ চিকিত্‍সা চলি আছিল| কিছুদিন পিছৰ কথা| তেওঁ দেখিছিল বেমাৰীজন এখন বিছনাত পৰি আছে, তেওঁ দেখা সেই একেখন বিছনাৰ তলত| আৰু সেই বেমাৰীজন তেওঁ সপোনত দেখা সেই একেজন মানুহেই| তেওঁক ফিৰাই লৈ যোৱা হৈছিল| কেই মুহূৰ্তমান পিছত বেমাৰীজনৰ মৃত্যু হৈছিল সেই বিশেষ খুটাটোৰ তলত|

 

MS মি.এছ.ভেংকটাৰমণ আয়াৰৰ (এডভোকেট মাদ্ৰাজ) স্মৃতিচাৰণঃ

MS-1 মায়াঃ

ৰামানুজন সদায়েই এই অন্তৰ্মুখী অৱস্থাত আছিল| এদিন সন্ধিয়া এখন ট্ৰাম্‌কাৰেৰে ড্ৰাইভাৰৰ পিছৰ ছিটৰ এখন দীঘলীয়া বেঞ্চত বহি তেওঁ আৰু ভেংকটাৰমণ আয়াৰ ত্ৰিপ্লিকেনলৈ ফিৰি আহি আছিল| ড্ৰাইভাৰজনে ঘনে ঘনে গাড়ীৰ স্পীড বঢ়াই আছিল বা ব্ৰেক মাৰি আছিল| ৰামানুজনৰ খং উঠি একো নাই হৈ কৈছিল— চোৱা, সেই মানুহজনে কেনেকৈ নিজে ভাবিছে যে তেওঁ ইচ্ছা কৰিলেই লাহে লাহে বা বেগাই যাব পাৰে| তেওঁ পাহৰিছে যে তেওঁ যাবলৈ শক্তি পাইছে, তেওঁৰ মূৰৰ ওপৰেৰে যোৱা তাঁৰেৰে, যিবোৰ তেওঁ ইচ্ছা নকৰিলে দেখা নাপায়| এনেদৰেই এই পৃথিৱীত মায়াই কাম কৰে|

 

MT মিচেছ জানকী ৰামানুজনৰ স্মৃতিচাৰণঃ

(দি হিন্দু কাকতৰ সৌজন্যত)

MT-1 মোৰ স্বামীৰ পৰিয়ালৰ স’তে প্ৰথম বছৰটোঃ

ৰামানুজনৰ স্ত্ৰীৰ স্মৃতিচাৰণখিনি তেওঁৰ ভাষাতেই বৰ্ণোৱা হ’ল| এয়া ৰামানুজনৰ স্ত্ৰী জানকীৰ ভাষাৰে—

আমাৰ দিনত, ছোৱালীৰ বিয়া শিশু অৱস্থাতেই হৈছিল| সঁচাকৈ ক’বলৈ হ’লে মোৰ বিয়া হৈছিল, মই যেতিয়া ৯ বছৰীয়া আছিলোঁ| স্বাভাৱিকতে মই মোৰ স্বামীৰ স’তে থাকি বিবাহিত জীৱন কটাবলৈ বুলি মই যথেষ্ট সৰু আছিলোঁ| যি কি নহওক সেই সময়ৰ নিয়ম অনুসৰি, মই তেওঁৰ ঘৰলৈ গৈ কিছুদিন থকা কৰিছিলোঁ| ১৯১৩ চনত, মোৰ স্বামী আৰু তেওঁৰ আইতাক ‘চাইভা মুথিয়াহ মুদালীষ্ট্ৰীত’ত বাস কৰিছিল| তেওঁলোকেই সেই ঘৰটো বাছনি কৰিছিল, কাৰণ ই প’ৰ্টট্ৰাষ্ট অফিচৰ ওচৰত আছিল, য’ত মোৰ স্বামীয়ে কাম কৰিছিল। মই সেই সময়ত মোৰ পৰিয়ালৰ স’তে আছিলোঁ| পিছলৈ ট্ৰিপ্লিকেনৰ হনুমন্থাৰায়ন কোইল ষ্ট্ৰীটত থকা এটা ঘৰলৈ আহিছিলোঁ। পিছত আমি পুনৰ ট্ৰিপ্লিকেনৰ থোপে ভেংকটাচ্চালা চ্চেটিষ্ট্ৰীটলৈ ঘৰ সলাইছিলোঁ| বছৰদিন পিছত, এইটো এটা গানৰ স্কুলৰ ঘৰ হৈছিলহি| আমি সেই ঘৰটোত থাকোতেই মোৰ স্বামীয়ে কেম্ৰিজলৈ বুলি ৰাওনা হৈছিল|

 

MT-2 দুয়োফালৰ প্ৰয়োজন পুৰাবলৈ বুলিঃ

মোৰ স্বামীৰ মাহিলী দৰমহা ২৫ টকাৰ বিপৰীতে পৰিয়ালটোৰ মানুহৰ সংখ্যা বহুত বেছি আছিল| গতিকে তেওঁ গণিতৰ টিউশ্যন কৰিছিল কিছু কলেজৰ ছাত্ৰক, দুয়োফালৰ প্ৰয়োজন পূৰাবলৈ বুলি| এনেদৰে তেওঁ দিনটোৰ বেছি ভাগেই ব্যস্ত আছিল| তেওঁ ধাৰণা কৰিব নোৱাৰা আৰু সৰল অভ্যাসৰ আছিল| সেই সময়ত পৰিয়ালটোত মোৰ অভিজ্ঞতা যদিওবা ছুটি সময়ৰ, (বছৰতকৈ কম) পিছে হ’লেও ই স্মৰণীয় আছিল, ইয়াক পাহৰিব নোৱাৰি|

 

MT-3 চিন্তাত মগনঃ

তেওঁ প্ৰায়েই গভীৰভাৱে গণিতত মগন হৈ আছিল আৰু তেওঁৰ খোৱাৰ কথা পাহৰিয়েই আছিল| এই অভ্যাসটো প্ৰায় স্বাভাৱিক যেনেই আছিল বিশেষকৈ তেওঁ বিশ্ববিদ্যালয়ত গৱেষক হিচাবে যোগদান কৰাৰ পিছত| তেওঁক খাদ্যৰ বাবে প্ৰায়েই মনত পেলাই দিব লগীয়া হৈছিল| কোনো কোনো ক্ষেত্ৰত তেওঁৰ মাক বা আইতাকে ক্ৰমে চম্বৰ, ৰসম আৰু দৈ আদিৰে তেওঁৰ হাতত, সিজোৱা চাউলেৰে তৈয়াৰ কৰা খাদ্য পৰিবেশন কৰিছিল| তেওঁলোকে এয়া কৰিছিল এই বাবেই যে যাতে তেওঁৰ চিন্তাৰ সোঁত নিছিঙে| তেওঁ তেওঁৰ মাক বা আইতাকক মধ্যৰাত্ৰিৰ পিছত সাৰ পোৱাই দিবলৈ বুলি কৈ থৈছিল, যাতে তেওঁ পিছৰাতিৰ নীৰৱ আৰু শান্ত পৰিবেশত তেওঁৰ কাম কৰিব পাৰে|

 

MT-4 ইংলণ্ডৰ জীৱনঃ

তেওঁ যেতিয়া কেম্ব্ৰিজত আছিল, তেওঁ তেওঁৰ মাক-দেউতাকলৈ লিখিছিল যে, তেওঁ কৰিবলগীয়া ধৰ্মীয় কাম-কাজখিনি কোনোধৰণৰ ব্যাঘাত নোহোৱাকৈ কৰি গৈ আছে| তেওঁ নিজৰ খাদ্য নিজেই কৰি খাইছে| তেওঁ ঘৰলৈ অহাৰ পিছত তেওঁ মোক কৈছিল যে, তেওঁ বৰ সুখী অনুভৱ কৰিছিল, যেতিয়া বিখ্যাত দি হিন্দু কাকতৰ সম্পাদক মি. কস্তুৰীৰাংগা আয়েংগাৰ তেওঁৰ ৰূমলৈ আহিছিল আৰু তেওঁ ৰন্ধা আৰু পৰিবেশন কৰা সুস্বাদু পোংগলৰ ভাগ লৈছিল| (এবিধ দক্ষিণ ভাৰতীয় সুস্বাদু চাউল, সেউজীয়া গ্ৰাম আৰু বিশেষ মছলাৰে প্ৰস্তুত কৰা)|

 

MT-5 জ্যোতিষবিদ হিচাবে ৰামানুজনঃ

মোৰ স্বামী জ্যোতিষবিদ হিচাবে ভাল আছিল| তেওঁৰ বহুতো বন্ধু আৰু আত্মীয় তেওঁৰ ওচৰলৈ আহিছিল, তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ, বিশেষকৈ বিভিন্ন উত্‍সৱ আৰু ধৰ্মীয় উত্‍সৱৰ বিশেষ মুহূৰ্তসমূহ নিদিৰ্ষ্ট কৰিবৰ বাবে| তেওঁ ইংলণ্ডলৈ যোৱাৰ আগতে মই এই ঘটনাসমূহ দেখা পাইছিলোঁ|

 

MT-6 তেওঁৰ শেষ দিনকেইটাঃ

কোৱা হয় যে, তেওঁ ইংলণ্ডৰ পৰা ঘূৰি আহিছিল অকল মৰিবলৈকে| তেওঁ এবছৰতকৈ কম দিন বাছি আছিল| এই সময়ছোৱাত মই তেওঁৰ স’তে বিচ্ছিন্ন নোহোৱাকৈ একেলগে আছিলোঁ| তেওঁৰ দেহত তেতিয়া অকল ছাল আৰু হাড়হে আছিল| তেওঁ প্ৰায়েই ভীষণ বিষ হোৱা বুলি কৈছিল| এই সত্বেও তেওঁ সদায়েই গণিত লৈয়ে ব্যস্ত আছিল| সেয়েই তেওঁক এই বিষৰ কথা পাহৰাই ৰাখিছিল| মই তেওঁ লিখি ভৰাই যোৱা কাগজসমুহ একেলগ কৰাত ব্যস্ত আছিলো| যেতিয়াই তেওঁ বিচাৰিছিল মই তেওঁক শ্লেটৰো যোগান ধৰিছিলোঁ| তেওঁ মোৰ ক্ষেত্ৰত সমভাৱেই মৰমিয়াল আছিল| তেওঁৰ স’তে হোৱা আলাপ আলোচনাত তেওঁ ব্যংগ ৰসঘনৰে পূৰ আছিল| আনকি মৃত্যুৰ সময়তো তেওঁ ৰগৰ কৰিছিল| এদিনাখন তেওঁ মোক কৈছিল যে তেওঁ ৩৫ বছৰৰ ওপৰত বাছি নাথাকিব পাৰে| তেওঁ মোক এই ঘটনাটো সাহস আৰু ধৈৰ্যৰে সমুখীন হ’বলৈ কৈছিল| তেওঁক তেওঁৰ বন্ধুসকলে ভালদৰে চোৱা-চিতা কৰিছিল| তেওঁ প্ৰায়েই তেওঁক জীৱনত সহায় কৰা সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল|

 

MT-7 মেমেণ্টাজঃ

আমাৰ ল’ৰা-ছোৱালী নাছিল| মোৰ লগত মাথোন দুখন স্মৃতিফলক আছিল| এক আছিল দুটা পাত্ৰ, য’ত তেওঁৰ খুব বেছি বিষ উঠিলে সেকিবৰ বাবে মই গৰম পানী কৰিছিলোঁ| দ্বিতীয়টো আছিল দুখন প্ৰতিকৃতি নিজৰ|

 

মূল : এছ. ৰংগনাথন

অনুবাদ : খনীন চৌধুৰী

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment