ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় B : ৰামানুজন এটা সাঁথৰ

 

B-1 মনস্তত্বত এটা প্ৰপঞ্চ :

১৯১৩ চনৰ আগষ্ট মাহৰ কথা। এখন কলেজত এটা আড্ডা বহিছে কেইজনমান অধ্যাপকৰ।লগত আছে কেইজনমান ছাত্ৰও। বিষয়বস্তু হৈছে এজন প্ৰতিভাধৰ। প্ৰতিভাধৰৰ প্ৰতিভা ৰৈ-বৈ গৈছে সেইসময়ৰ শিক্ষিতচামৰ মাজত। এয়া এজন গণিতৰ ছাত্ৰ কথা। ছাত্ৰজনৰ গণিতৰ চিন্তা-চৰ্চা বা তেওঁৰ চিন্তা-চৰ্চাৰ ধৰণ-প্ৰক্ৰিয়াই জনমানসত এক আমোদ পাবলগীয়া বাতাবৰণ সৃষ্টি কৰে। চিন্তা-চৰ্চাৰ ধৰণ-প্ৰক্ৰিয়া সেই সময়ৰ গণিতৰ (আনকি আজিও) পুৰোধাসকলৰ কাৰো লগতেই নিমিলে। মানুহে শুনে বহুতো কথা। আচৰিত হয় শুনি। এক আশ্চৰ্যৰ ৰেশ আৰু ব্যাখ্যাৰ অতীত অনুভৱেৰে মাথোন গ্ৰহণ কৰিবলৈ বাধ্য হয়, বিৰোধ নকৰা অভিজ্ঞতাবোৰ। উল্লিখিত আড্ডাখনত গণিতৰ ছাত্ৰ আৰু অধ্যাপকসকলৰ লগতে এজন ইংৰাজীৰ অধ্যাপকো আছে। এজনে অধ্যাপকসকলক কৈ আছে প্ৰতিভাধৰৰ আৱিষ্কাৰৰ সম্পৰ্কত চৰ্চিত হোৱা গল্পৰ কিছু সবিশেষ। কোনো কিতাপ বা শিক্ষকৰ সহায় নোলোৱাকৈ বিষয়টোত হোৱা তেওঁৰ তীব্ৰ সাফল্যৰ ঘটনা ব্যাখ্যাৰ চেষ্টা চলিছে। বহুতো আলাপ-আলোচনাৰ মূৰত ইংৰাজীৰ অধ্যাপকজনে কৈ উঠিছিল, “আমি এয়া ব্যাখ্যা কৰিব নোৱাৰোঁ। তেওঁ এটা প্ৰপঞ্চ।” আৰু সেই আপ্তবাক্য সদৃশ কথাখিনি এটা সময়ত যুগমীয়া হৈ ৰৈ গৈছিল। প্ৰকৃততে ১৯১৩ চনৰ পৰা ১৯১৪ চনলৈ মাদ্ৰাজৰ ‘এইলীট’ (Elite) সকলৰ মাজত এই প্ৰতিভাধৰ হৈ পৰিছিল আলোচনাৰ বিষয়।

এৰা এইজনেই আছিল শ্ৰীনিবাস ৰামানুজন। ১৮৮৭ চনৰ ২২ ডিচেম্বৰত দাক্ষিণাত্যৰ এৰোদত এইজন প্ৰতিভাধৰে জন্ম লৈছিল তেওঁৰ মোমায়েকৰ ফালৰ ককাদেউতাকৰ ঘৰত। দেউতাক আছিল এৰোদৰ জিলা মুঞ্চিফৰ ক’ৰ্টত আমিন।

ওপৰৰ আড্ডাখনত আছিল মাদ্ৰাজৰ প্ৰেছিডেন্সি কলেজৰ অধ্যাপক পি.ভি. শেশু আয়াৰ, খৃষ্টীয়ান কলেজৰ গণিতৰ অধ্যাপক এডৱাৰ্ড বি. ৰছ আৰু পদাৰ্থবিজ্ঞানৰ অধ্যাপক আলেকজেণ্ডাৰ মোফফ। ইংৰাজীৰ অধ্যাপকজন আছিল জৰ্জ পিট্ৰেনড্ৰিগ। ছাত্ৰকেইজনৰ মাজত আছিল এছ. ৰংগনাথন (পিছলৈ গণিতৰ প্ৰফেছৰ)। বহুতো আলাপ-আলোচনাৰ মূৰত ইংৰাজীৰ অধ্যাপক জৰ্জ পিট্ৰেনড্ৰিগে কৈ উঠিছিল, সেই বিশেষ কথাখিনি এটা সময়ত ই যুগমীয়া হৈ ৰৈ গৈছিল।

B-2 এজন প’লিশ গণিতজ্ঞৰ পূৰ্বধাৰণা :

১৯১৩ চনৰ নবেম্বৰত মাদ্ৰাজ খৃষ্টীয়ান কলেজত স্নাতকোত্তৰ অনাৰ্চ শ্ৰেণীত ৰংগনাথন একমাত্ৰ ছাত্ৰ আছিল। ৰছ্ আছিল একমাত্ৰ প্ৰফেচৰ। তেওঁলোক দুয়োজনে দিনে প্ৰায় তিনিঘণ্টা ধৰি লগ লাগিছিল। এদিনাখন ৰাতিপুৱাৰ কথা। দুটা তিৰবিৰোৱা চকু আৰু অস্বাভাৱিক ধৰণে কঁপি থকা মুখখনেৰে তেওঁ শ্ৰেণীত সোমাইছিল। তেওঁ আহিয়েই ৰংগনাথনক প্ৰশ্ন কৰিছিল, ৰামানুজনে প’লিশ্ জানিছিলনে? ৰংগনাথনৰ স্বাভাৱিক উত্তৰ আছিল, নজনাটোৱেই খুব স্বাভাৱিক। প্ৰফেচৰে উত্তৰ দিছিল, যদি তেওঁ জানিছিলেও, তেন্তে ই একো বিশেষ পাৰ্থক্য নানে। ৰংগনাথনে প্ৰফেচৰৰ এই মিতভাষী মন্তব্যত বিভ্ৰান্ত হৈছিল। ইয়াৰ পাছত তেওঁ পকেটৰ পৰা কিছু কাকতেৰে ঠাহ খাই থকা বিশ্ববিদ্যালয়ৰ নামৰ এটা খাম উলিয়াইছিল। কাকতখিনি তেওঁৰ সমুখত উলিয়াই দলিয়াই খুলি দিলে আৰু ক’লে- এয়া হৈছে এজন গৱেষণাৰ ছাত্ৰ হিচাবে ৰামানুজনৰ সম্পৰ্কত বিশ্ববিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক ৰিপ’ৰ্ট। ইয়াত এই ধুনীয়া উপপাদ্যটিলৈ চোৱা। বিপৰীতে আজি ডাকত অহা এখন প’লিশ্ পিৰিয়দিকেল’-অৰ এটা সংখ্যাত এনেধৰণৰ ভাবনাৰেই ওলাইছে। প’লিশ্ গণিতজ্ঞজনে কি ভাবিছিল, সেয়া ৰামানুজনে যুক্তিৰ উৰ্দ্ধলৈ গৈ অনুমান কৰিব পৰা নাছিল আৰু এয়ে যে, ৰামানুজনৰ উপপাদ্যটো অধিক গভীৰ। ৰামানুজনে নিশ্চয়কৈ প’লিশ্ গণিতজ্ঞজনক পূৰ্ণধাৰণা কৰিব পাৰিছিল। তেওঁ অসাধাৰণ, নহয়নে বাৰু?

B-2.1 অতি-যৌক্তিক প্ৰাকৃতিৰ তথ্য :

জীৱনীখনৰ বাবে সংগ্ৰহ কৰা কিছু তথ্য আৰু আগতে তেওঁ সংগ্ৰহ কৰা তথ্যসমূহ আছিল একধৰণৰ অতি-যৌক্তিক প্ৰকৃতিৰ তথ্য। এইবোৰ তথ্যই ৰামানুজনৰ অকালপক্কতাৰ উদ্যোগৰ ইংগিতটো বহন কৰে। এয়া ৰংগনাথনৰ কিতাপত থকা কথাখিনিহে আমি মাথোন পাঠকৰ জ্ঞাতাৰ্থে আগবঢ়াইছোঁ। ইয়াত আমাৰ নিজস্ব একো মতামত নাই।

B-2.2 অকালপক্কতাৰ সূচনা :

এইবোৰৰ মাজৰ এটা হ’ল, ৰামানুজনৰ সপোন। এই সপোন অনুসৰি নামাক্কালৰ দেৱী নামগিৰিয়ে তেওঁৰ জিভাত লিখিছিল। ইয়াৰ পিছৰ পৰা হঠাতে তেওঁৰ অকালপক্কতাই বিকাশ লভে। তেওঁৰ মাকে কোৱা মতে, ৰামানুজন জন্মিছিল তেওঁৰ মাক-দেউতাকে তেওঁলোকক পুত্ৰসন্তান প্ৰাপ্তিৰ বৰেৰে আশীষ-ধন্য কবিৰ লাগে বুলি প্ৰাৰ্থনা কৰাৰ পিছত। ৰামানুজনৰ পৰিয়ালত অন্য এটা প্ৰচলিত তথ্যও অৱশ্যে আছিল। সেয়া হ’ল, তেওঁৰ মোমায়েকৰ ফালৰ আইতাক আছিল দেৱী নামাগিৰিৰ অতি ভক্ত। তেওঁ প্ৰায়েই অৰ্ধচেতন অৱস্থাপ্ৰাপ্তৰে নামাগিৰি হৈ কৈছিল। এনে এক অৱস্থাত ৰামানুজনৰ জন্মৰ আগত তেওঁ চিৎকাৰ কৰি কৈছিল যে, তেওঁৰ মৃত্যুৰ পিছত নামগিৰিয়ে তেওঁৰ ছোৱালীৰ পুত্ৰৰ যোগে কথা ক’ব।

B-2.3 বিদেশলৈ যাবলৈ অনুমতি :

অন্য এক অতি-যৌক্তিক প্ৰকৃতিৰ তথ্য আছিল ৰামানুজন বিদেশলৈ যোৱা সংক্ৰান্তত মাকে দেখা এটা সপোনৰ কথাক লৈ। সেই সময়ত প্ৰচলিত ভাৰতীয় সামাজিক নিয়মানুসৰি মাকে পুতেকক সাগৰ পাৰ হৈ যোৱাটো বিচৰা নাছিল। পিছে হ’লেও, ১৯১৪ চনত তেওঁ সপোনত দেখিলে যে, পুতেকে বগা মানুহৰ স’তে বহি আছে আৰু পুতেকৰ পিছফালৰ পৰা বিচ্ছুৰিত হৈছে স্বৰ্গীয়জ্যোতি। অতি ৰক্ষণশীল ৰামানুজৰ পৰিয়ালটোক এই সপোনটোৱেই ৰামানুজনৰ ইংলেণ্ডলৈ বুলি সাগৰত পাৰি দিয়াৰ সন্মতিৰ সপক্ষলৈ লৈ আহিছিল। এচ. নাৰায়ণ আয়াৰৰ (যিজনে ৰামানুজনৰ আৱিস্কাৰত একেবাৰে কম ভাগ লোৱা নাছিল) পুত্ৰ মি. এন. চুব্বানাৰায়ণৰ পৰা সংগ্ৰহ কৰা তথ্যানুসৰি সেই বিষয়ত নামগিৰিৰ দিশ-নিৰ্দেশনা পাবলৈ বুলি, নাৰায়ণ আয়াৰ নিজে আৰু ৰামানুজনে একেৰাহে তিনিদিন নামাক্কালত আছিল। আৰু ইয়াৰ পিছতহে ৰামানুজনৰ মাকে ওপৰত বৰ্ণোৱা সপোনটো দেখে। (টোকা– ইয়াৰ ভিতৰত কোনো মনস্তাত্বিক ব্যাখ্যা থাকিব নোৱৰা কথাটো আমি প্ৰকাশ্যে নুই নকৰোঁ যে সেয়া ঠিক।)

B-2.4 মৃত্যু দেখি :

অতি যৌক্তিক প্ৰকৃতিৰ তথ্যৰ তৃতীয় টুকুৰাটো আছিল এটা দুঃখজনক ঘটনা। এয়া ৰংগনাথনক বৰ্ণাইছিল তেওঁৰ এজন নিকট বন্ধু জি.ভি. নাৰায়ণ স্বামীয় আয়াৰে। তেওঁ আছিল হিন্দী হাইস্কুলৰ (ত্ৰিপ্লিকেনৰ) শিক্ষক আৰু এজন নাম থকা জ্যোতিষবিদ। তেওঁ প্ৰফেচৰ শেশু আয়াৰৰ এজন পুৰণি ছাত্ৰ অছিল।

এয়া আছিল ১৯২০ চনৰ কথা। এগৰাকী বয়সস্থ ভদ্ৰ মহিলা আহিছিল নাৰায়ণস্বামী আয়াৰৰ ওচৰলৈ প্ৰফেচৰৰ পৰা এটা টোকা লৈ। টোকাটো পঢ়ি উঠি নাৰায়ণস্বামী আয়াৰে মহিলাগৰাকীক কোষ্ঠীৰ কথা সুধিলে। মহিলাগৰাকীয়ে তেওঁক আচৰিত কৰি দি নাৰায়ণস্বামীক কোষ্ঠীখন পঢ়ি শুনাই গৈ থাকিল। তেওঁ কোষ্ঠীখন বুজি লওঁতে কিছু সময় লৈছিল। তাৰ পিছত তেওঁ সুধিছিল এতিয়া আপুনি কি জানিব বিচাৰেনো? বয়োজেষ্ঠ মহিলাগৰাকীয়ে মানুহজনৰ আয়ুসকাল সম্পৰ্কে সুধিছিল। কিছুসময় গভীৰ চিন্তা কৰাৰ পিছত নাৰায়ণস্বামী আয়াৰে কৈছিল, কোষ্ঠীখনত এটা বৰ অসমাধাৰণ ইংগিত আছে। তেওঁ বিশ্বজোৰা খ্যাতি আৰ্জিব লাগে আৰু খ্যাতিৰ উচ্চতম শিখৰত থাকোতেই মৃত্যুবৰণ কৰিব লাগে। আনহাতে তেওঁ যদি বেছি দিন জীয়াই থাকিব লগা হয়, তেন্তে তেওঁ এজন স্বল্পখ্যাত লোকহে হ’ব। মই পিছে এই দুটাৰ মাজত বিচাৰি ল’বলৈ টান পাইছোঁ। পিছে ভদ্ৰলোকজন কোন বাৰু? নাম কি? মোক জনাব পাৰেনে? তেতিয়া বয়োজেষ্ঠাই ৰামানুজনৰ নাম কৈছিল। তেতিয়া জ্যোতিষীজন অপ্ৰস্তুতিৰে আশ্চৰ্যাম্বিত হৈছিল এই ভাবি যে, তেওঁ যথেষ্ঠ অসতৰ্কভাৱে আৰু বাক-সংযমহীনতাৰে বহুতো ক’লে। সোনকালেই তেওঁৰ সম্বিত ঘুৰি আহিছিল আৰু তেওঁ কোৱা কথাখিনিক অলপ বেকা কৰি নি প্ৰশমিত কৰাৰ চেষ্টা কৰিলে। তেতিয়া মহিলাগৰাকীয়ে ক’লে, মহাশয়, আপুনি মোৰ পৰা একোৱে লুকুৱাৰ প্ৰয়োজন নাই। মই নিজেই সকলোখিনিয়েই সন্দেহ কৰিছিলোঁ। জ্যোতিষীজনৰ বাবে এয়া পুনৰ এক আশ্চৰ্য যেন লাগিল। মহিলাগৰাকীয়ে কোনো কাগজ এখিলা নোহোৱাকৈয়ে গোটেই কোষ্ঠীখন অকল মুখস্থ ৰখা নাছিল, তেওঁ সেইখন বিচাৰ কৰি ফলাফল উলিয়াবও পাৰিছিল। তেতিয়া জ্যোতিষীজনে প্ৰতিক্ৰিয়া দেখুৱাই কৈছিল, মই বৰ দুখ পাইছোঁ যে অতি খৰখেদাকৈয়ে মই আপোনাক ক’লোঁ। এনে এজন অসাধাৰণ সফলতা আৰু সন্মানৰ বিষয়ত মই পুৰামাত্ৰাই উটি গৈছিলোঁ। ইয়ে জ্যোতিষী এজনৰ আচৰণবিধি সম্পৰ্কে মোক পাহৰাই দিছিল। মোৰ অনুৰোধ আপুনি যে এই কথা ৰামানুজনৰ কোনো সম্পৰ্কীয়ক নকয়। তেতিয়া বয়োজ্যেষ্ঠাই চকুত চকুপানীৰে কৈছিল যে ময়েই ৰামানুজন নামৰ এই দুৰ্ভগীয়া প্ৰতিভাৰ মাকজনী। এইবুলি তেওঁ ৰাখি থ’ব নোৱাৰা উচুপনিৰে ফেঁকুৰি উঠিছিল। এই উচুপনি শেষ হোৱাৰ পিছত জ্যোতিষীজনে কৈছিল, সম্ভৱতঃ তেওঁৰ ঘৈণীয়েকৰ কোষ্ঠীয়ে এক প্ৰশমিত কৰিব পৰা কিবা প্ৰভাৱ পেলাব পাৰে কিজানি। তেওঁ পিছৰবাৰ কোষ্ঠীখন আনিব পাৰিবনে? তেতিয়া মাকে বোৱাৰীয়েক জানকীৰ কোষ্ঠীখনো মুখস্থ গাই দিছিল। জ্যোতিষীজনে দুয়োখন কোষ্ঠী তুলনা কৰি চাইছিল। প্ৰায় আধাঘণ্টামান মন দিয়াৰ পিছত তেওঁ কৈছিল যে, তেওঁ কিছুদিন তেওঁৰ ঘৈণীয়েকৰ লগত নথকাটোৱে ভাল হ’ব। মাকে কৈছিল, মই নিজে ইয়াকেই কোষ্ঠীত পাইছিলোঁ। ঘৈণীয়েকৰ কোষ্ঠীয়ে পুতেকৰ অৱস্থা আৰু বেছি বেয়ালৈ নি আছে। সেয়ে মই মোৰ পুত্ৰক কৈ আছিলোঁ যাতে তাইক কিছু দিন মাকৰ ঘৰলৈ পঠিয়ায়। পিছে, হায়! তেওঁ খাটাং না কৰিছিল। প্ৰায় ক্ষেত্ৰতেই তেওঁ মোৰ একান্ত বাধ্য আছিল যদিও এই বিশেষ বিষয়টোত তেওঁৰ অকৰামী দুৰ্বাৰ। আৰু ৰামানুজন ঢুকাইছিল ১৯২০ ৰ ২৬ এপ্ৰিলত।

পঠনীয়:  গণিত - জীৱন যাপনৰ প্ৰণালী

B-3 অতি-যৌক্তিকতাৰ প্ৰতি সাধাৰণ বিৰাগ :

এয়া ১৯২৯ চনৰ জানুৱাৰীৰ কোনো এটা ৰাতিপুৱাৰ কথা। প্ৰেছিডেণ্সি কলেজৰ ৰংগনাথনৰ এজন প্ৰাক্তন ছাত্ৰ ইণ্ডিয়ান চিভিল চাৰ্ভিচৰ এজন আৱেক্ষণাধীন লোকে এবাৰ তেওঁক বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত দেখা কৰিলে। তেওঁলোকৰ আলোচনা ক্ৰমে তেওঁৰ ইংলেণ্ডৰ দিনলৈ বুলি ঢাপলি মেলিছিল। তেওঁ তালৈ গৈছিল ইণ্ডিয়ান চিভিল চাৰ্ভিচৰ পৰীক্ষা দিম বুলি। তেওঁ সেই সময়ত তাত তেওঁৰ লগত থকা মাদ্ৰাজী মানুহৰ কথা উল্লেখ কৰিছিল। বৰ্ণাই আছিল তেওঁ অক্সফ’ৰ্ড আৰু কেম্ব্ৰিজত থকা দিনবোৰৰ কথা। তেওঁ কৈছিল যে, ‘ৰামানুজন পৰম্পৰা’ এতিয়াও কেম্ব্ৰিজত সজীৱ। ইয়াৰ পিছত তেওঁ এটা ঘটনা বৰ্ণাইছিল। এয়া ঘটিছিল, ১৯২৭ চনত ৰামানুজনৰ গৱেষণাকাকতৰ সংগ্ৰহ প্ৰকাশ হৈ ওলোৱাৰ সময়ত। এজন ভাৰতীয় ছাত্ৰই ৰামানুজনৰ জীৱনীত ওলোৱা কিছু ব্যাখ্যাত বিৰোধীতা বা প্ৰতিবাদ কৰিছিল। এখন গুৰুত্বপূৰ্ণ জীৱনীত এনে কিছুমান ‘গাজাখুৰী গল্প’ৰে ভাৰতীয়ৰ অসন্মান আনিছে। তেওঁ এই সন্দৰ্ভত আগৰ অধ্যায়ত বৰ্ণোৱা অতিযৌক্তিক তথ্যলৈ আঙুলিয়াইছিল। ৰংগনাথনে তেতিয়া কৈছিল যে, এজন জীৱনীকাৰৰ এটা প্ৰধান কৰণীয় হৈছে, সংগৃহিত তথ্যৰ বিশ্বাসযোগ্য লিপিবদ্ধন। এইটো নিশ্চিতভাবে অবৈজ্ঞানিক হ’ব যদি তেওঁৰ এই বিষয়ত নিজস্ব বিশ্বাস বা সেইবোৰৰ প্ৰতি অবিশ্বাসৰ বাবে ইয়াক বাদ দিয়া হয়। তেওঁৰ এই ছাত্ৰজনে তেওঁৰ কেম্ব্ৰিজৰ আই.চি.এছ. আৱেক্ষণাধীন সহকৰ্মীসকলৰ মনোভাৱক ৰক্ষণাবেক্ষণ দি গৈ থাকিল। শেষত তেওঁ ক’লে যে, প্ৰফেচৰ শেশু আয়াৰ আৰু দেৱান বাহাদুৰ ৰামচন্দ্ৰ ৰাওৰ দৰে মানুহে এনেধৰণৰ সবিশেষবোৰ প্ৰকাশ কৰিব নালাগিছিল। ৰংগনাথনে এই ভদ্ৰলোকসকলক দোষমুক্ত কৰাটো তেওঁৰ দায়িত্ব বুলি লৈছিল। গতিকে তেওঁ খুলি ক’ব লগা হৈছিল কোনে এইখনৰ খচৰা কৰিছিল। তেতিয়া তেওঁৰ এই পুৰণি ছাত্ৰজন ক্ষমাপ্ৰাৰ্থী হ’ল আৰু ক’লে, মই যদি জানিলোহেঁতেন যে, আপুনিয়েই ইয়াৰ লেখক, তেনেহ’লে মই ইমান সজোৰ নহ’লোহেঁতেন। মই মাথোন কেম্ব্ৰিজৰ মোৰ এজন বন্ধুৱে এই বিষয়ত কৰা হৈ-চৈখিনিৰ কথাহে উল্লেখ কৰিছিলোঁ। গ্ৰুপটোৰ কিছুমানে তেওঁলৈ চকুৱে-চকুৱেই নাচাইছিল। যি নহওক, ৰংগনাথনে তেতিয়া বুজিছিল যে, তেনে ধৰণৰ খবৰৰ মূল্যমাপখিনি অইনলৈ এৰি লিপিবদ্ধ কৰা উচিত।

B-4 বন্ধুৰ সাক্ষী :

ৰামানুজনৰ কিছুসংখ্যক অন্তৰংগ বন্ধুৱে তেওঁৰ অতি-প্ৰাকৃত প্ৰপঞ্চৰ প্ৰতি থকা বিশ্বাসৰ কথা প্ৰায়েই কোৱা-মেলা কৰিছিল। ত্ৰিপ্লিকেনৰ তীৰৰ বালিত বহি তেওঁ, তেওঁৰ অতি-প্ৰাকৃত অভিজ্ঞতাৰ কথা বৰ্ণাইছিল। নক্ষত্ৰ আৰু অইন নভোমণ্ডলীয় বস্তুৰ ৰহস্যাবৃত আৰু অতি-প্ৰাকৃত বিৱৰণ দিছিল। আমাৰ মহাকাব্যসমূহৰো অতি-প্ৰাকৃত বৰ্ণনা বা ভাষ্য আগবঢ়াইছিল। এই সকলোখিনি তেওঁ আগবঢ়াইছিল অতি নিষ্ঠামিহলি আৰু বিশ্বাসজড়িতভাৱে।

B-5 মৰণোত্তৰ প্ৰপঞ্চ :

ৰংগনাথনে এই সম্পৰ্কত এটা অতি অদ্ভূত অতি-প্ৰাকৃত ঘটনা উল্লেখ কৰিছে। সেয়া আছিল ১৯৩৪ চনৰ কথা। সেই সময়ত তেওঁ আছিল মাদ্ৰাজ হাইকৰ্টৰ এজন আগশাৰীৰ এডভোকেট আৰু পিছলৈ মাদ্ৰাজ হাইকৰ্টৰ জাজ-কে. কৃষ্ণস্বামী আয়ংগাৰৰ স’তে। তেওঁ কুম্বাকোনোমত ল’ৰাকালৰ ৰামানুজন জনক জানিছিল। ‘ওউজা-বৰ্ড’ৰ সহায়ত তেওঁ ৰামানুজনক আহ্বান কৰিছিল। সঁহাৰি পোৱা গৈছিল। তেওঁ তেওঁৰ গণিত আগবঢ়াই লৈ গৈ আছিলনে বুলি সোধা প্ৰশ্নৰ উত্তৰত সঁহাৰি পাইছিল এই বুলি- নাই, গণিতৰ প্ৰতি থকা সকলো আকৰ্ষণ ‘পাৰ হৈ অহাৰ লগে লগে’ (এক ৰহস্যজনক প্ৰক্ষেপণ!) এৰি অহা হৈছে। তেতিয়া তেওঁ সুধিছিল যে, তেওঁ তেনেহ’লে এতিয়া কি কৰি আছে। উত্তৰটো আছিল, ধ্যান, বিষ্ণুৰ সহস্ৰ নামৰ অধ্যয়ন (ভগৱানৰ ১০০৮ নামৰ স্তোত্ৰ)। (টোকা- এই সম্পৰ্কত পাঠকক আমি ক’ব খোজো যে এয়া অকল কিতাপখনৰ খাতিৰতেই লৈ থোৱা যুগুত, ইয়াৰ যুক্তি-যুক্ততাৰ সম্পৰ্কত কোনো প্ৰশ্নৰ অৱতাৰনা নকৰাকৈয়ে।) তেওঁ তেতিয়া তেওঁক তেওঁৰ তৃতীয় নোটবুকটোৰ বিষয়ে সুধিছিল, যিটো বিশ্ববিদ্যালয়ৰ পুথিভঁড়ালত তেওঁৰ স্বত্বত আছিল। এইখনৰ মাথোন কেইখিলামান পাতহে ভৰোৱা আছিল। এই সকলোবোৰ আছিল তালিকাভুক্ত কেতবোৰ সংখ্যাৰ শ্ৰেণী মাথোন। কোনোৱেই নাজানিছিল এইবোৰ কি বিষয়ত আছিল। তেওঁ এইবোৰৰ ওপৰত কিবা ক’ব পাৰিবনে? ৰামানুজনে উত্তৰ দিছিল, ‘মোৰ ইয়াৰ বিষয়ে একো মনত নাই। অহা সপ্তাহত নোটবুকটো এই সময়ত এই ঠাইলৈ লৈ আহিব। মই এইটো চাম। যদি মই কিবা মনত পেলাব পাৰোঁ, তেনহ’লে মই আপোনাক ক’ম।’ নোটবুকটো যথাসময়ত কৃষ্ণস্বামী আয়াৰৰ ঘৰলৈ লৈ অহা হৈছিল। ৰামানুজনক আহ্বান কৰা হ’ল। তেওঁ তেওঁক লাহে লাহে পাতবোৰ লুটিয়াবলৈ ক’লে। তাৰ পিছত উত্তৰটো আহিছিল এনেধৰণে, ‘মোৰ এতিয়া মনত পৰিছে, মই ‘মক-থিটা’ ফলনৰ ওপৰত কাম কৰি আছিলোঁ।’ এই ঘটনাই মনত পেলাই দিছিল ১৯১৯ চনত কেম্ব্ৰিজ এৰাৰ আগতে ৰামানুজনৰ ‘মক-থিটা’ ফলনৰ আৰম্ভণীৰ কামখিনিৰ কথা সম্পৰ্কত প্ৰফেচৰ জি.এইচ্. হাৰ্ডিৰ উল্লেখ্যখিনি।

পঠনীয়:  শ্ৰীনিবাস ৰামানুজনৰ আখ্যান

B-6 আধিভৌতিক বংশানুক্ৰমিক শক্তি :

১৯২৩ চনত ৰংগনাথনে ৰামানুজনৰ খচৰা জীৱনীখন সম্পূৰ্ণ কৰিছিল, গৱেষণাকাকতৰ সংগ্ৰহত ভৰাবলৈ বুলি। ১৯২৪ ৰ ৪ ফেব্ৰুৱাৰীত তেওঁ মাদ্ৰাজত থকা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ দায়িত্ব লৈছিল। দুমাহ পিছত শেশু আয়াৰে তেওঁক উপাচাৰ্য ডঃ মেকফেইলক লগ ধৰিবলৈ গৈ ৰামানুজনৰ জীৱনীখনৰ খচৰাখন অনুমোদন কৰি ল’ব কৈছিল। উপাচাৰ্যই তেওঁৰ স’তে ৰামানুজনৰ জীৱনীখন পঢ়িছিল। গোটেই জীৱনীখন এবাৰ পঢ়ি, অ’ত ত’ত থকা i-ৰ ডট্ বা t-ৰ ‘কাট’খিনিৰ শোধনৰ পিছত তেওঁ পুনৰ ফিৰি আহিছিল প্ৰথম ফাঁকিটোলৈ। এই ফাঁকিটোত এটা অনুমানৰ ৰেশ্ আছিল। ই আঙুলিয়াইছিল চকুত নপৰা পৰিয়াল একোটিৰ মাজত সোমাই থকা প্ৰতিভাসম্পন্ন লোকৰ আবিৰ্ভাৱৰ কথা। এই সন্দৰ্ভত ৰামানুজনৰ পিতৃৰ কথা আহিছিল, যিজন মানুহ সাধাৰণ এখন কাপোৰৰ দোকানত কেৰাণী কাম কৰিছিল। অতি নিম্ন পৰ্যায়ৰ সংখ্যাৰ হিচাব-নিকাচৰ অংকৰ বাদে গণিতৰ স’তে আন কোনো ধৰণৰ সংস্পৰ্শ নাছিল। লগতে ওলাইছিল, অতি কম সময়ৰ পৰিসৰ তথা পৰিৱেশেৰে ইয়াৰ মাজত ভুমুকি মৰা এই প্ৰতিভাধৰৰ কথা। এই সন্দৰ্ভত উল্লিখিত হৈছিল যে, বিংশ শতিকাৰ আৰম্ভ কালত ভাৰতবৰ্ষত উচ্চ গণিতৰ কোনো পৰম্পৰা নাছিল। কাৰণ আধুনিক গণিতে ইউৰোপত সকাৰ অৱস্থাপ্ৰাপ্ত হওঁতে ই ইয়াত এটা সাংস্কৃতিক ভাগৰুৱা আৰু সুপ্ত অৱস্থাপ্ৰাপ্ত হৈছিল। ছেদটো এনে এটা ইংগিতেৰে শেষ হৈছিল, ৰামানুজন প্ৰপঞ্চটো এটা আত্মাৰ যাত্ৰাৰ মাজেৰে মূৰ্ত্তৰূপৰ পৰা আন এটা মূৰ্ত্তৰূপলৈ গতি আহৰণৰ ক্ষমতা লভি চিৰ-ক্ৰমৱৰ্ধমান এটা ‘পূৰ্বজন্ম বাসনা’ বা ‘অধিভৌতিক বংশানুক্ৰমিক শক্তি’ৰ দৰে কল্পনা এটাত বাহিৰে আনৰ দ্বাৰা ব্যাখ্যাত নহয়। আৰু ইয়াত কোৱা হৈছিল যে, এনে এটা প্ৰপঞ্চ-ভুক্ত কৰিব পৰা প্ৰতিভাসম্পন্ন ব্যক্তিৰ যথেষ্ট পৰিসাংখ্যিক বাৰংবাৰতা পুঞ্জীভুত হৈ থকা নাই অথবা এই বিষয়টো সম্পৰ্কত কোনো যৌক্তিক সূত্ৰ সম্ভৱ কৰি তুলিবলৈ এইবোৰক বহন কৰা সামাজিক আৰু বংশানুক্ৰমিক কাৰণো নাই। ডঃ মেকফেইলে এয়া পঢ়িছিল। ৰংগনাথনৰ ফালে চাই হাঁহি এটা মাৰি কৈছিল, ‘মই ছেদটোত পাইছোঁ, তোমাৰ হিন্দু হোৱাৰ তথ্য আৰু পাইছোঁ গণিতৰ ছাত্ৰ হোৱাৰ, বিশেষকৈ পৰিসংখ্যিক বিজ্ঞানৰ। এজন বুৰঞ্জীবিদ হিচাবে মই তথ্য অৰ্থাৎ সুপ্ৰতিস্থিত তথ্য সম্পৰ্কতহে চিন্তিত। মই এই ছেদটো আঁতৰাই দিলোঁ।’

B-7  চুটি জীৱন এটাৰ সাফল্য :

ৰামানুজনে জন্ম গ্ৰহণ কৰিছিল ১৮৮৭ চনত, মাদ্ৰাজ প্ৰেছিডেণ্সিৰ এৰোডত আৰু মৃত্যু হৈছিল ১৯২৬ চনৰ ২৬ এপ্ৰিলত। এই ৩২ বছৰ আৰু ৪ মাহৰ চুটি জীৱনটোত তেওঁ এজন প্ৰতিভাশালী গণিতজ্ঞ হিচাবে সু-বৈশিষ্ট্যৰ অধিকাৰী হয়। লণ্ডনৰ ৰয়েল চ’ছাইটীৰ এজন ফেল’ নিৰ্বাচিত হৈছিল তেওঁৰ একত্ৰিশ বছৰ বয়সতে। তেওঁৰ এই খ্যাতি অকল তামিলনাডু বা ভাৰততেই আৱদ্ধ নাথাকিল। গণিতক মূল্য প্ৰদান কৰা পৃথিৱীৰ সৰ্বত্ৰ ই বিয়পি পৰিল। তেওঁ সন্মানখিনি ভাসমান নাছিল। এয়া এনে চৰিত্ৰৰ আছিল যে ই সিমানদিনেই টিকি থাকিব যিমানদিন গণিতৰ গুৰুত্ব চলমান হৈ থাকিব।

B-7.1 ৰয়েল চ’ছাইটীৰ এজন ফেল’ :

লণ্ডনৰ ৰয়েল চ’ছাইটীৰ এজন ফেল’ নিৰ্বাচিত হৈছিল তেওঁৰ একত্ৰিশ বছৰ বয়সতে। তেওঁৰ পূৰ্বে খুব কমেইহে এই সন্মান পাবলৈ সক্ষম হৈছিল। এই সন্মানৰ অধিকাৰী হোৱা তেওঁ আছিল দ্বিতীয় ভাৰতীয়। প্ৰথমজন আছিল আৰ্দাছীৰ কোৰ্ছেটৰ্জী।

B-7.2 প্ৰকাশিত গৱেষণা কাকত :

১৯১৮ চনৰ পৰা ১৯১৮ চনলৈ এই পাঁছ বছৰৰ ভিতৰত ৰামানুজনৰ ২৬ খন গৱেষণাকাকত প্ৰকাশ পাইছিল ‘বৃটিছ জাৰ্ণেল’ত আৰু ৬ খন প্ৰকাশ হৈছিল ‘ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটী’ৰ ‘জাৰ্ণেল’ত। এই আটাইকেইখনেই আছিল অতি গভীৰ তথা উচ্চখাপৰ। তেওঁৰ মৃত্যুৰ অতি কম দিনৰ ভিতৰতেই মাদ্ৰাজ বিশ্ববিদ্যালয়ে থিৰ কৰে যে, এই সকলোবোৰ কাকতৰ সংগ্ৰহ প্ৰকাশ হৈ ওলোৱা উচিত। এই খণ্ডটো প্ৰকাশ হয় ১৯২৭ চনত। ৩৫৫ পৃষ্ঠাৰ এই সংগ্ৰহটোৱে তেওঁৰ আটাইকেইখন কাকতকেই সামৰিছিল। লগতে ই সামৰিছিল ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটীৰ জাৰ্ণেললৈ বুলি ৰামানুজনে আগবঢ়োৱা প্ৰশ্ন আৰু উত্তৰসমূহ।

B-8 ক্ষুদ্ৰ আমোদজনক কাহিনী :

ৰামানুজনৰ জীৱনীৰ কামত নিয়োজিত হৈ ৰংগনাথনৰ এক বৰ্ণিল অভিজ্ঞতা হৈছিল। এই সন্দৰ্ভত তেওঁ কেইবাটাও ক্ষুদ্ৰ আমোদজনক কাহিনী বৰ্ণাইছে। ইয়াৰ কেইটামান ঘটিছিল গ্ৰেট বৃটেইনত। কেইটামান অৱশ্যে বৰ্ণনাৰ খাতিৰত। এইবোৰ এই কিতাপখনৰ বিভিন্ন স্থানত সন্নিৱিষ্ট কৰা হৈছে।

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন

[ad#ad-2]

No Comments

Sorry, the comment form is closed at this time.