ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় C : অতি সক্ৰিয় কাল-১

 

C-0 সূচনা গ্ৰন্থ :

ৰামনুজনৰ গাণিতিক সাহসোদ্যমলৈ বুলি উদগোৱা কিতাপখন কোনো সু-বিখ্যাত বা প্ৰেৰণাদায়ক কিতাপ নাছিল। এইখন আছিল লণ্ডন আৰু কেম্ব্ৰিজৰ জৰ্জ-শ্বুব্ৰিজকাৰৰ ‘কোচ্চিং-নোটচ’ৰ এখন ‘বালিৰ দৰে শুকান’ সংস্কৰণ। শিৰোনাম আছিল ‘চিনোপচিচ্ অব্ এলিমেণ্টেৰী ৰিজাল্টচ ইন্ পিওৰ এণ্ড এপ্লাইড্-মেথেমেটিক্স’। এইখন আছিল দুটা খণ্ডৰ ক্ৰমে ১৮৮০ আৰু ১৮৮৬ চনত প্ৰকাশিত। কিতাপখনে সামৰি লৈছিল ১৮৬০ পৃষ্ঠা। হাৰ্ডিয়ে কোৱাৰ দৰে ৰামানুজনৰ বিশ্লেষণাত্মক জ্ঞান আৰু আৱিস্কাৰৰ অট্টালিকাটো আছিল ‘কাৰ’এ তালিকাভুক্ত কৰা বীজগণিত, ত্ৰিকোণমিতি, কলন আৰু বিশ্লেষণ জ্যামিতিৰ ৬০০০ টা উপপাদ্যৰ ভেঁটিটোত। যদি আমি মনত ৰাখো যে, ৰামানুজনে অকল উনৈশ শতিকাৰ ইউৰোপৰ তেওঁৰ নিৰ্বাচিত ক্ষেত্ৰখনত অৱসৰ বিনোদনেই কৰা নাছিল, বিপৰীতে সমসাময়িক গণিতীয় জ্ঞানত তাতোকৈ আগলৈ গৈছিল, তেওঁৰ গাণিতিক সক্ষমতাৰ বিস্ফোৰকখিনি মুক্ত কৰি দিবলৈ বুলি ইয়াত ‘কাৰ’ৰ সাৰ-কিতাপখন এখন সূচনা গ্ৰন্থত বাদে আন একোৱেই নহয়।

 

C-1 বিনোদন-ৰ : ‘কাৰ’ৰ ‘চিনোপচিচ্’ৰ পাতনি :

ৰামানুজনৰ কুম্বাকোনমত এজন ছাত্ৰ হৈ থকাৰ কালৰ কথা এয়া। ৰামানুজনৰ এজন জ্যেষ্ঠ বন্ধুৰ স’তে হোৱা এসময়ৰ এই আলোচনাখিনিৰ ৰংগনাথনে আগবঢ়োৱা নাটকীয় উপস্থাপনে এই জীৱনীক নিশ্চয়কৈ এক অনন্য মাত্ৰা প্ৰদান কৰিছে। আমি তাকেই ৰক্ষা কৰিবলৈ মাথোন চেষ্টা কৰিছোঁ।

ৰামানুজন :            এই ডাঙৰ কিতাপখন কি কিতাপ?

ৰামানুজনৰ জ্যেষ্ঠ বন্ধু :    মই ইচ্ছা কৰিয়েই এইখন তোমাক দেখুৱাইছোঁ।

ৰামানুজন :            এইখন কিনো খুৰা?

জ্যেষ্ঠ বন্ধু :            ১২ বছৰ বয়সতে তুমি ‘লোনি’ৰ ত্ৰিকোনমিতিত পাৰ্গত হৈ নুঠিছিলানে? তুমিয়েই সেই ল’ৰাজন নহয়নে, যিয়ে পৃথিৱীৰ বিষুৱৰ দৈৰ্ঘ্য উলিয়াইছিলা?

ৰামানুজন :            (বিনয়েৰে) আপুনি মোৰ ভৰিত ধৰি টানিব লাগিছে দেখোন। সেয়া এৰকচোন। মোক কিতাপখনৰ বিষয়ে কওক।

জ্যেষ্ঠ বন্ধু :            ‘কাৰ’ৰ পিওৰ এণ্ড এপ্লাইড মেথেমেটিক্স’ৰ ‘চিনোপচিচ্’।

ৰামানুজন :            কিতাপখনত অলপ চকু ফুৰাবলৈ দিবনে?

(কিতাপখনত চকু ফুৰাই থাকি)

- সকলোখিনিয়েই বৰ আমোদজনক।

জ্যেষ্ঠ বন্ধু :                 তোমাৰ এইখন ভাল লগা দেখি মোৰো ভাল লাগিছে। এইখন তুমি কিছুদিন তোমাৰ লগতে ৰাখা।

 

এয়া ৰামানুজনৰ স্কুলীয়া জীৱনৰ কথা।

 

C-2 স্কুলৰ জীৱন :

কেবাদিনো ধৰি ৰামানুজনে এই কিতাপখনত নিমগ্ন হৈ থাকিল। কিতাপখনত থকা ভালেকেইটা ৰিজাল্ট তেওঁ সত্যাপন কৰি চালে। তেওঁ আলোড়িত হৈ উঠিল। নিজাকৈও তেওঁ কেইবাটাও ৰিজাল্ট উলিয়ালে। এইসকলোখিনি তেওঁৰ সাধাৰণ স্কুলীয়া কৰিবলগীয়াখিনিত কোনো বাধা নপৰাকৈয়ে কৰিলে। প্ৰকৃততেই ১৯০৩ চনৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ মেট্ৰিকুলেশ্যন পৰীক্ষাত ‘প্ৰথম শ্ৰেণী’ৰ স্থান পালে। সেই সময়ত ‘প্ৰথম শ্ৰেণী’ পোৱাটো কঠিন আছিল। ইয়াৰ পিছত আৰম্ভ হ’ল তেওঁৰ কলেজীয়া জীৱন।

 

C-3 কলেজীয়া জীৱন :

স্কুলৰ পৰীক্ষাত তেওঁ দেখুওৱা কৃতিত্বৰ বাবে তেওঁ সুব্ৰমনিয়াম বৃত্তি পাবৰ বাবে নিৰাপদ হ’ল। ইয়েই তেওঁক কুম্বাকোনমৰ চৰকাৰী কলেজৰ এফ. এ. (ফাৰ্ষ্ট এগজামিনেশ্বন ইন্ আৰ্টচ্) শ্ৰেণীত ভৰ্তি হোৱাত সহায় কৰে। সেই সময়ত এফ. এ. শ্ৰেণীৰ অধ্যয়নৰ কোৰ্চটো এটা মিশ্ৰিত কোৰ্চ আছিল। ইয়াত অকল গণিতেই নাছিল, ইয়াৰ উপৰি ইংৰাজীত বাদেও ফিজিওল’জি, ৰোম আৰু গ্ৰীচৰ বুৰঞ্জীও আছিল। পিছে তেওঁৰ মন সদায়েই গণিতেহে বেছি দখল কৰি আছিল। আংশিকভাৱে এই কাৰণটো লগতে আংশিকভাৱে পৰিয়ালৰ পৰিস্থিতিৰ বাবে তেওঁ প্ৰথম বছৰৰ শেষত কলেজ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। সেয়ে তেওঁ বৃত্তিটো হেৰুৱালে। ফলস্বৰূপে তেওঁ কুম্বাকোনম এৰিব লগা হ’ল। ১৯০৬ চনত দ্বিতীয় বছৰৰ কোৰ্চ সম্পূৰ্ণ কৰিলে পাচিয়াপ্পা কলেজত আৰু বিশ্ববিদ্যালয়ৰ (এফ.এ.) পৰীক্ষাত অৱতীৰ্ণ হ’ল ১৯০৭ চনত। কিন্তু তেওঁ অনুত্তীৰ্ণ হ’ল।

পঠনীয়:  ভেনচিত্ৰ

 

C-4 এটা মিছা গল্প :

পাঁছ বছৰ পিছত তেওঁৰ গণিতৰ সক্ষমতাই স্বীকৃতি পোৱাৰ পিছত এটা মিছা গল্প প্ৰচাৰ হ’ল যে, ৰামানুজনে গণিতত হেনো ফেইল কৰিছিল। ‘চিনিক’সকলক এই গল্পটোৱে আমাৰ বিশ্ববিদ্যালয়ৰ পদ্ধতিটোক কৰায়ত্ব কৰিবলৈ বুলি এক সহজ উপায় দিছিল। আনকি এই উৰাবাতৰি সদৃশ গল্পটোৱে টি. বিজয়ৰাঘৱন নামৰ এজন প্ৰতিভাশালী ডেকা গণিতজ্ঞৰ বাবে এক বিপৰ্যয় হিচাপে দেখা দিছিল। পদ্ধতিগতভাৱেই তেওঁ গণিতৰ অনাৰ্চৰ কৰিবলগীয়া কামবোৰ উপেক্ষা কৰি গৈছিল, ওপৰত বৰ্ণোৱা ৰামানুজনৰ এই মিছা গল্পটোৰে ৰামানুজনৰ সমান ভাব আনিবলৈ বুলিয়েই যেনিবা।

 

C-5 সঁচা গল্পটো :

গল্পটোৰ অসত্যতা আৱিস্কাৰ কৰিবলৈ ৰংগনাথনৰ এটা অপ্ৰত্যাশিত সুবিধা মিলিছিল। এয়া ১৯২২ চনৰ কথা। মাদ্ৰাজ বিশ্ববিদ্যালয়ে ‘ষ্ট্যাটিস্টিকেল-মেথড্’ শীৰ্ষক এটা বিশেষ বিষয় আৰম্ভ কৰিছিল গণিতৰ অনাৰ্চ কোৰ্চত। শেশু আয়াৰে বিষয়টো শিকাইছিল। ৰংগনাথনেও বিষয়টোত মন দিছিল। তেওঁলোক দুয়োজনে শিক্ষা সম্পৰ্কীয় কিছু বিষয়ত এই ‘ষ্ট্যাটিস্টিকেল-মেথড্’ খটুৱাবলৈ ইচ্ছা কৰিছিল। শেষত, তেওঁলোকে সিদ্ধান্ত লৈছিল, মাদ্ৰাজ বিশ্ববিদ্যালয়ত চলি থকা মাৰ্কিং পদ্ধতি অধ্যয়ন কৰিবলৈ বুলি। শেশু আয়াৰ সেই সময়ত বিশ্ববিদ্যালয়ৰ চিণ্ডিকেটৰ এজন সদস্য আছিল। সেয়ে তেওঁ ৰংগনাথনৰ বাবে, অনুমতি লৈছিল বিশ্ববি্যালয়ৰ পুৰণি পৰীক্ষাৰ বহীবোৰ যাতে পাব পাৰে। এয়া আছিল ১৯২২ চনৰ কথা। এই মাৰ্ক কৰা বহীবোৰ আছিল ১৯১১ চনৰ পৰা পিছলৈ ইণ্টাৰমিডিয়েট পৰীক্ষাৰ আৰু ইয়াৰ আগৰ এফ.এ. পৰীক্ষাৰ কিছু আগৰ বছৰৰ। ৰংগনাথনৰ ‘ষ্ট্যাটিস্টিকেল’ অধ্যয়নৰ বাবে তেওঁ নম্বৰসমূহ সাধাৰণতে কৰাৰ দৰে ১২৫mm×৭৫mm কাৰ্ডলৈ লৈ যাব লাগিছিল। অৱশ্যে পৰীক্ষাৰ্থীৰ নাম বিনে। কিন্তু পৰীক্ষাৰ নম্বৰবহীবোৰত নাম আছিল। এইবোৰৰ এটা খণ্ডত তেওঁ ৰামানুজনৰ এফ.এ. ৰ নম্বৰ পাইছিল। তেওঁ সঁচাকৈয়ে গণিতত বহু শতাংশ নম্বৰ পাইছিল। তেওঁ ‘ফেইল’ৰ প্ৰধান কাৰণটো আছিল অইন বিষয়বোৰত কম নম্বৰ পোৱা বাবে।


C-6 গণিতৰ এজন ভৱিষ্যত দ্ৰষ্টা :

১৯০৭-১৯১১ চনটো আছিল ৰামানুজনৰ অতি সক্ৰিয় জীৱনৰ প্ৰথমটো কাল। অন্তঃপোহৰে তেওঁক চলাই লৈ যাবলৈ আৰম্ভ কৰিছিল। এই পোহৰেৰেই জ্ঞানান্বেষণৰ বাবে কৰ্ষিত আনন্দই তেওঁক সততে উৎসাহিত কৰিছিল। গণিতৰ অন্বেষণৰ ইচ্ছাটো হৈ পৰিছিল নিয়ন্ত্ৰ অসাধ্য। এফ.এ. পৰীক্ষাত অকৃতকাৰ্য হোৱা ঘটনাটোৱে তেওঁক বাধা দিব নোৱাৰিলে। চাকৰি নোপোৱাকৈ থকা ঘটনাই তেওঁক কঁপাব নোৱাৰিলে। টলাব নোৱাৰিলে তেওঁক দৰিদ্ৰতা আৰু নিঃস্বতায়ো। যিকোনো পাৰিপাৰ্শ্বিক কাৰক— ই ভৌতিকেই হওক, ব্যক্তিগতই হওক, আৰ্থিকেই হওক বা সামাজিকেই হওক, সকলোকেই নেওচি তেওঁৰ গৱেষণা চলি থাকিল। মেজিক বৰ্গ, অবিৰত ভগ্নাংশ, সংখ্যাৰ ধৰ্ম, মৌলিক আৰু যৌগিক, সংখ্যাৰ পাৰ্টিশ্যন, উপবৃত্তীয় অনুকূল আৰু অইন কিছুমান এনেধৰণৰ গণিতৰ বিভাগত তেওঁ নিজৰ চিন্তাক ব্যস্ত ৰাখিছিল। কিন্তু সেই সময়ৰ আগত বা মাজত আমাৰ দেশত, এনে গণিতীয় সমস্যাৰ কোনো ধৰণৰ চিন্তা-চৰ্চায়েই হোৱা নাছিল। পশ্চিমত সৃষ্টি হোৱা এনে চিন্তাখিনিৰ বীজও আনকি আমাৰ দেশখনত ৰোপিত হোৱা নাছিল। প্ৰতিটোৱেই তেওঁ নিজেই (de-novo) আৱিস্কাৰ কৰিব লগা হৈছিল। ৰামানুজনে এক অসাধাৰণ অভ্যাস কৰ্ষণ কৰিছিল। তেওঁ পোৱা প্ৰতিটো ‘ৰিজাল্ট’কেই এক চতুৰ্থাংশ আকাৰৰ বহীত টুকি থৈছিল। প্ৰায় ক্ষেত্ৰতেই প্ৰমাণ নাছিল। এয়া হয়তো দুটা কাৰণত হৈছিল। সম্ভৱতঃ তেওঁ দেখিছিল ইয়াৰ কিছুমান ফল নিয়মমাফিক প্ৰমাণেৰে চিধা-চিধি বিসংযোগকাৰী। পুনৰ, আনকি কঠোৰ চেষ্টাৰেও প্ৰমাণবোৰৰ যি অংশত তেওঁ উপনীত হৈছিল, তাত তেওঁ সেইবোৰ সকলো ঢাপকেই ক’পি কৰিবলৈ মানসিক সজ্জাটো নাপালে। ধাৰণাসমূহ এনে এটা হাৰত আহি আছিল যে, এইবোৰক জিৰণিত নকল কৰাৰ বিপৰীতে শাসনাবদ্ধ কৰিছিল। ইয়াৰ ফলতেই পোৱা গৈছিল তেওঁৰ অসাধাৰণ নোটবুক তিনিখনৰ প্ৰথমখন। এই নোটবুকখনৰ বিষয়বস্তুৰ গভীৰতা এতিয়াও বেচ কৌতূহল থকা। এই বিষয়বস্তুৱে এই বিষয়ত কাম কৰা বহুতকে যথেষ্ট উদগণি দিছে। ইয়াৰ বহুত প্ৰমাণ এতিয়াও কৰিবলৈ বাকী আছে। কোনো কিছুমানৰ সুক্ষ্মতাও সাব্যস্ত কৰিবলগীয়া আছে। নিশ্চিতভাৱেই, এই সকলোখিনিয়েই এই প্ৰতিভাধৰে অকলে কৰিবলগীয়া হ’ব নালাগিব। এই অতি সক্ৰিয় কালত ‘বোধ’ এ এক বৃহৎ ভাগ ল’বলগা আছে। ৰামানুজন সঁচাকৈয়ে গণিতত এজন দ্ৰষ্টা আছিল।

পঠনীয়:  ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় M : বন্ধুসকলৰ স্মৃতি

 

C-7 অতি সক্ৰিয় কাল :

ৰামানুজনৰ জীৱনৰ এই অতি সক্ৰিয় সময়ছোৱাৰ দৈনন্দিন জীৱনৰ কথা বা বছৰ একোটাৰ সবিশেষ বিশদভাৱে খুব কমেইহে জনা যায়। কোনোদিনত আহাৰ নোখোৱাকৈ থকাৰ দৰে মন ভৰাই তোলা ঘটনাও আছে। কাষৰ ঘৰৰ এগৰাকী বয়সস্থ মহিলাই তেওঁক দুপৰীয়াৰ আহাৰ খাবলৈ মাতিছিল, যেতিয়া পৰিয়ালৰ আন মানুহ গুচি গৈছিল। ৰংগনাথনে এই মহিলাগৰাকীক চিনি পাইছিল। তেওঁ গণিতৰ একোৱেই নাজানিছিল। এয়া আছিল কেৱল ৰামানুজনৰ চকুত থকা উজ্জলতাৰ প্ৰভাৱ, লগতে কোনো বিষয়ত তেওঁৰ আত্মমগনতাৰ প্ৰতিফলন আৰু এয়েই মহিলাগৰাকীক ৰামানুজনৰ প্ৰতি এক মৰমৰ ভাব আনি দিছিল। প্ৰকৃততে এই সময়চোৱাৰ বেছিভাগ সময়েই তেওঁ মাক-দেউতাকক এৰা নাছিল। বোধকৰোঁ এই কথাবোৰ আচলতে আশীৰ্বাদৰ দৰেই আছিল। কোনোধৰণৰ ঘৰুৱা কামে তেওঁৰ মনোযোগ আঁতৰাব পৰা নাছিল।

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন

 

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment