ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় F : ৰামানুজনৰ প্ৰবাসী জীৱন

 

F-1 কেম্ব্ৰিজৰ জীৱনৰ বাবে ৰামানুজনৰ সাজোন-কাচোন :

F-1.1 কেম্ব্ৰিজলৈ যোৱাৰ বাবে সন্মতি :

ৰামানুজনৰ যাত্ৰাৰ বাবে প্ৰস্তুতিখিনিৰ প্ৰথম ঢাপটো আছিল সাগৰ পাৰ হোৱাৰ দৰে সেই সময়ত প্ৰচলিত সামাজিক আৰু ৰক্ষণশীলতাৰ বাধাখিনি জোকাৰি পেলোৱাটো। শেশু আয়াৰে ৰামানুজনৰ মাকক সন্মতি প্ৰদানৰ বাবে পুনৰাবেদন কৰিছিল। ৰামস্বামী আয়াৰে ৰামানুজনক পুনৰাবেদন কৰিছিল। তেনে কৰিছিল ৰামচন্দ্ৰ ৰাওৱেও। ৰামানুজনৰ বাবে আটাইতকৈ ডাঙৰ হেঁচাটো আহিছিল বাংগালোৰৰ ‘চেন্ট্ৰেল কলেজ’ৰ প্ৰফেচৰ আৰু ‘জাৰ্ণেল অব্ ইণ্ডিয়ান মেথেমেটিকেল ছ’চাইটি’ৰ সম্পাদক এম. টি. নাৰায়ণ আয়েংগাৰ আৰু লগতে ব’ৰ্ড অব্ ষ্টাডিজৰ এজন সভ্যৰ পৰা। পিছৰজন ভদ্ৰলোক বৰ বেছি ৰক্ষণশীল মনোভাবৰ আছিল। তৎসত্বেও তেওঁ ৰামানুজনক কৈছিল, যে সাগৰ পাৰ হোৱা সম্পৰ্কীয় ৰক্ষণশীলতাটো বাদ দিব লাগিব গণিতৰ খাতিৰত। শেষত, ৰামানুজনক মাকক বলাব পৰা গ’ল আৰু ৰামানুজন কেম্ব্ৰিজলৈ যাবলৈ সন্মত হ’ল। (অনুচ্ছেদ B-2.3 দ্ৰষ্টব্য।)

 

F-1.2 ইংলণ্ডৰ জীৱনৰ বাবে প্ৰস্তুতি :

ইয়াৰ পিছত আহিছিল ইংলেণ্ডৰ জীৱনৰ বাবে প্ৰয়োজনীয়খিনিৰ বাবে সাজোন-কাচোনখিনি। সেই সময়ত, লিটল্ হেইলে স্বাভাৱিক গৌৰৱেৰে ৰামানুজনক চাইড্ কাৰখনত তুলি লৈ, তেওঁৰ প্ৰয়োজনীয়খিনি সংগ্ৰহৰ বাবে মটৰ-চাইকেল চলোৱা কৰিছিল। তেওঁ আৰু নেভিল দুয়োজনে ইংলণ্ডৰ জীৱন সম্পৰ্কত লাহে লাহে তেওঁক অৱগত কৰি আনিছিল। ৰামানুজনে ইউৰোপীয় কাপোৰ পিন্ধিবলৈ শিকিব লগীয়া হ’ল। সেই সময়ৰ, সাধাৰণতে দক্ষিণ-ভাৰতীয় দীঘল চুলিকোচাৰ থোঁপাটো এক সমস্যা যেন আছিল। ৰামচন্দ্ৰ ৰাওৱে এই ক্ষেত্ৰত ইংৰাজী ধৰণটোৰ স’তে সন্মত কাৰোবাৰ বাবে ৰাজী কৰোৱাব লগা বা বাধ্য কৰাব লগা হৈছিল (সঠিকটো কোৱা টান)। পিছে ৰামানুজনক তেওঁৰ নিৰামিষহাৰী অভ্যাস সলনি কৰাত কোনোৱে কৃতকাৰ্য নহ’ল। এতিয়া হয়তোবা এইবোৰ অতি সাধাৰণ যেন লাগে। পিছে সাধাৰণ হিন্দু ডেকাৰ বাবে এইবোৰ সেই সময়ত অতি ডাঙৰ সমস্যায়েই আছিল।

 

F-1.3 পৰিয়ালৰ ভাট্টা :

ইয়াৰ পিছত আহিছিল তেওঁৰ মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্য সম্পৰ্কত। এই কৰ্তব্য পালনৰ বাবে মাদ্ৰাজ বিশ্ববিদ্যালয়ক অনুৰোধ কৰিছিল যাতে তেওঁৰ মাক-দেউতাকক ৫০ পাউণ্ডৰ এক বছৰেকীয়া অনুদান দিয়ে।

 

F-1.4 যাত্ৰাটোৰ খাদ্য :

১১ মাৰ্চত ষ্টীমাৰ এজেণ্টলৈ ফ্ৰেন্সিচ স্প্ৰীঙে লিখিছিল ৰামানুজনক গোটেই যাত্ৰাটোত নিৰামিষ খাদ্যৰ যোগান ধৰিবলৈ বুলি।

এইখিনিত আমি মন কৰো যে সমাজখনৰ চাৰিওফালৰ পৰায়েই এই প্ৰতিভাধৰক এক অনুকূল বাতাবৰণ তথা পৰিৱেশৰ উপস্থিতিৰে তেওঁৰ জ্ঞানৰ অন্বেষণৰ বাবে কৰিব খোজা যাত্ৰাটোত সকলো ধৰণৰ সহায় আগবঢ়াইছিল।

 

F-1.5 যাত্ৰা আৰম্ভ :

এনেদৰে ৰামানুজন ইংলণ্ডৰ জীৱনৰ বাবে সু-সজ্জিত হৈ উঠিছিল তেওঁৰ বন্ধু আৰু শুভাকাংক্ষীসকলৰ যোগে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সমস্ত শুভেচ্ছা কঢ়িয়াই নিছিল। মাদ্ৰাজৰ পৰা ৰামানুজনে সাগৰত পাৰি দিছিল ‘এচ. এচ. নেভেচা’ত ১৯১৪ চনৰ ১৭ মাৰ্চত। এক মহান যাত্ৰা আৰম্ভ হৈছিল, উদ্দেশ্য আছিল এক মহান জ্ঞানৰ অন্বেষণ।

 

F-1.6 ৰামানুজন কেম্ব্ৰিজ পালেহি :

১৯১৪ চনৰ ১৩ মে’ৰ ‘মাদ্ৰাজ-দেইলী’ত তলৰ বাতৰিটো ওলাল—

“Mr. S. Ramanujan of Madras, whose work in higher mathematics has excited the wonder of Cambridge, is now in residence at Trinity. He will read mainly with two fellows of the college— Mr. Hardy and Mr. Littlewood. They are going through masses of work he has already done, and are making some surprising discovering in it!”

এক শিহৰণকাৰী ভৱিষ্যতৰ সম্ভাৱনাৰ ইংগিত।

পঠনীয়:  ৰামানুজনৰ কেটোৰময় ক’লা কিলাকুটিটো

 

F-2 সহজতেই বেমাৰী :

ৰামানুজনে লগত লৈ গৈছিল গণিতজ্ঞসকলৰ আৰু মাদ্ৰাজৰ অইন বন্ধু-বান্ধৱসকলৰ শুভেচ্ছা। কেম্ব্ৰিজত তেওঁক অতি প্ৰশংসা আৰু উল্লাসেৰে আদৰা হৈছিল। এই সকলো সত্বেও পিছে, যাত্ৰাটোত আৰু ইংলেণ্ডত থকা সময়চোৱাত সহজতেই বেমাৰী হৈ পৰিল। এই বিষয়ে ৰংগনাথন ১৯১৫ চনৰ আদি ভাগতেই অৱগত হৈছিল। সেই বছৰৰে জানুৱাৰীৰ কোনো এদিন তেওঁ বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীৰ কাম সম্পৰ্কীয় অধ্যয়নৰ বাবে গৈছিল। সেই কলেজৰ শিক্ষক-ফেকাল্টিৰ সভ্যসকলে তেওঁক দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ দিছিল। এওঁলোকৰ মাজত মি. নেভিল আছিল। তাত তেওঁ আৰু তেওঁৰ পাগুৰীটো দেখি তেওঁৰ মাদ্ৰাজৰ পুৰণি স্মৃতিয়ে উক দিছিল। নেভিলে আহি ৰংগনাথনক সম্ভাষণ জনালে আৰু আহি ৰংগনাথনৰ কাষতেই এখন ছিট লৈ বহিল। ৰংগনাথনৰ পৰা তেওঁ বাহিৰ কৰিলে যে যেতিয়া তেওঁ তাত এজন পৰিদৰ্শনকাৰী প্ৰবক্তা হৈ আছিল, তেতিয়া ৰংগনাথন মাদ্ৰাজত এজন স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ আছিল। সময়, স্থান আৰু বিষয়ৰ এই ৰোমন্থনে তেওঁক সেই সন্ধিয়া তেওঁৰ বাসলৈ বুলি নিমন্ত্ৰণ দিয়াইছিল। তেওঁলোকে তাত স্মৃতি ৰোমন্থনকাৰী এক সুদীৰ্ঘ আলোচনাত মগণ হৈছিল।

 

F-3 পাগুৰী সমস্যা :

মিছেছ্ নেভিলে ৰংগনাথনক কৈছিল যে, গোটেই যাত্ৰাটোত বা ইংলণ্ডত থকা সময়ছোৱাত টুপী পিন্ধাটো ৰমানুজনৰ বাবে যেনিবা এক শাস্তি আছিল। তেওঁ ৰংগনাথনক পুনৰ কৈছিল, মানুহবোৰে ৰামানুজনক পাগুৰিৰ ঠাইত টুপী পিন্ধিবলৈ কিয় জোৰ কৰিছিল? এইখিনিতে এগৰাকী বিদেশী নাৰীৰ প্ৰকৃত মূল্যায়নখিনি প্ৰশংসনীয়। তেওঁ কৈছিল যে, ই চাগে পৰাধীনতাৰ এক সন্মোহিত মনস্তত্ব অথবা লণ্ডন বা কেম্ব্ৰিজৰ ৰাস্তাত তেনেদৰে পাগুৰি পিন্ধি ঘূৰি ফুৰিলে আঘাত কৰাৰ সম্ভাৱনা বা হুযোগ-মনস্তত্বৰ বলি হোৱা জনতাৰ দ্বাৰা শিলগুটি দলিওৱাৰ সম্ভাৱনা থকাৰ এক ভ্ৰম ধাৰণা। তেওঁ ৰংগনাথনক সুধিছিল, ‘এই বিষয়ত তেওঁ কিবা পূৰ্ব অভিজ্ঞতা আছে জানো?’ ৰংগনাথনে এই বিষয়ে তেওঁক আগতেই উনুকিওৱা বুলি কৈছিল যে ই এক অন্ধবিশ্বাসহে। তেওঁৰ কেতিয়াও এনে কুৎসিৎ পূৰ্ব-অভিজ্ঞতা হোৱা নাই। মাথোন দুটা এনে ঘটনা মনত আছে, যিয়ে পাগুৰিটোৱে ইয়াৰ মানুহৰ ওপৰত কিবা উল্লেখ কৰিবলগীয়া গুৰুত্ব পাইছিল। এটা আছিল এক দেওবৰীয়া সন্ধিয়া, হাইড্ পাৰ্ক চুকত। এজন ৰাজনৈতিক নেতাই এখন প্লেটফৰ্মত উঠি শ্ৰোতাৰ সন্মুখত আয়াৰলেণ্ডৰ স্বাধীনতাৰ সম্পৰ্কত ভাষণ দি আছিল। ইংলণ্ডৰ আয়াৰলেণ্ডৰ ওপৰত কৰি থকা শোষণৰ সন্দৰ্ভত তেওঁ ৰংগনাথনৰ ফালে আঙুলিয়াই কৈছিল যে ইয়াত এজন ভাৰতৰ পৰা অহা বন্ধু আছে। তেওঁ বুজিব পাৰে কেনেকৈ ইংলণ্ডই এটা পৰাধীন জাতিক উৎপীড়ন কৰিব পাৰে। দ্বিতীয় ঘটনাটো আছিল তেওঁ লণ্ডনৰ পৰা ক্ৰয়ডনলৈ ট্ৰেইনেৰে গৈ থকাৰ সময়ত। ৰাস্তা মেৰামতি হৈ থকা বাবে ট্ৰেইনখনে এক ধীৰ গতিৰে গৈ আছিল। ৰংগনাথনে খিড়িকীৰ কাষৰ এখন আসনত আছিল। গেং-কুলিবোৰে তেওঁক মি. এ বুলি আঙুলিয়াইছিল। এয়া ঘটিছিল এইবাবেই যে, সেই সময়ত পাগুৰী মৰা ভাৰতীয় প্ৰিন্স এজন মোকৰ্দমাৰ স’তে জড়িত হৈছিল। বাতৰি কাকতসমূহে প্ৰট’কলৰ কাৰণত তেওংক মি. এ বুলি কোৱা কৰিছিল।

 

F-4 কেশ-গুচ্ছৰ সমস্যা :

তেতিয়া মিচেচ্ নেভিলে ৰংগনাথনক কৈছিল যে ৰামানুজনক অতি দুখ দিয়া কাৰকটো হৈছিল তেওঁ ইংলণ্ডলৈ যোৱাৰ সময়ত চুলিৰ গুচ্চ কাটি পেলাবলগীয়া হোৱাটো। তেওঁ ৰংগনাথনক সুধিছিল যে তেৱোঁ তেনে কৰিবলগীয়া হৈছিল নেকি? তেওঁ নহয় বুলি কৈছিল। তেওঁক সুধিছিল, তুমি এতিয়াও কেশ-গুচ্ছ ৰাখিছানে? ৰংগনাথনে ভাবিছিল যে কেৱল ‘হয়’ বুলি ক’লে তেওঁ বিশ্বাস নকৰিব। সেয়ে তেওঁ, তেওঁৰ পাগুৰীটো খুলি লৈ অলপ পৰৰ বাবে মেজৰ ওপৰত থৈছিল। এই কাৰ্যত মিচেচ্ নেভিল বৰ অনুভূতিপ্ৰবন হৈ পৰিছিল। তেওঁ কৈছিল— ‘তেনেহ’লে কিয় জগতখনে ৰামানুজনক তেওঁৰ কেশ-গুচ্ছ আঁতৰাবলৈ বাধ্য কৰাইছিল? তেওঁ আপুনি কৰাৰ দৰেই কৰিব পাৰিলেহঁতেন আৰু চিৰদিন এই বিষয়ত সুখী হৈ থাকিব পাৰিলেহেঁতেন।’ বিদেশীনীৰ প্ৰতি আমাৰ শ্ৰদ্ধাত মন উপচি পৰে এই ভাবি যে প্ৰতিভাধৰৰ সৰলতা আৰু বিনয়ে কেনেকৈ মুহিছিল এই ‘পৰ’ বুলি ভবাজনকো। এনে ‘পৰ’জন ইমানেই আপোন আছিল। এৰা সঁচা মহানজন পৃথিৱীৰ সম্পত্তিহে যে!

পঠনীয়:  ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় R : শেহতীয়া গ্ৰন্থপঞ্জী

 

F-5 খাদ্য সমস্যা :

মিচেচ্ নেভিলে ৰংগনাথনক কৈছিল যে দুৰ্ভাগ্যৱশতঃ ৰামানুজন আহি পোৱাৰ কেইমাহমান পিছতেই প্ৰথম মহাসমৰ আৰম্ভ হয় আৰু খাদ্য প্ৰধানতঃ ফল আৰু শাক-পচলিৰ এক ভয়ংকৰ সমস্যাই দেখা দিয়ে। তেওঁ কৈছিল যে ৰামানুজনে তেওঁৰ খাদ্য নিজেই ৰন্ধা-বঢ়া কৰিছিল। যিহেতু তেওঁ গণিততেই সদায় মনোনিৱেশ কৰি আছিল, এদিন বা দুদিনৰ মূৰতহে এবাৰ ৰান্ধিছিল। ৰংগনাথনে তেওঁক কৈছিল যে তাৰ পিছৰ পৰা অৱস্থাটো বহুতেই সলনি হৈছে। বেছ সংখ্যক নিৰামিষ হোটেল লণ্ডনত হৈছে। কেম্ব্ৰিজ, লণ্ডন আৰু অক্সফ’ৰ্ডৰ কিছু সংখ্যক ঘৰত নিৰামিষ খানা বা আনকি ভাৰতীয় খানা দিয়াৰ ব্যৱস্থাও হৈছে। (টোকা— এয়া বহুত বছৰ আগৰ কথা। আজিৰ লণ্ডনৰ স’তে আমি ৰিজাব খোজা নাই।) তেওঁ অলপ দুখেৰে কৈছিল,— এয়া অতি পৰিতাপৰ কথা আছিল যে ৰামানুজন লণ্ডনত থকাৰ সময়ত এনে অৱস্থা নাছিল।

 

F-6 পোছাকৰ সমস্যা :

মিচেচ্ নেভিলে এয়াও ৰংগনাথনক অৱগত কৰিছিল যে ৰামানুজনৰ বাবে ইউৰোপীয় পোছাক পৰিধান কৰাটোও এক সমস্যা হৈছিল। তেওঁ তেওঁৰ ‘আউট্-লেণ্ডিচ্’ পোছাক সম্পৰ্কে অতি সচেতন আছিল। তেওঁ জোতা-মোজা পিন্ধা সাজটোৰ স’তে নিজক সন্মত কৰাব পৰা নাছিল। মিচেচ্ নেভিলে ৰংগনাথনক সুধিছিল যে, যিহেতু তেওঁ নিজৰ ভাৰতীয় সাজ-কেশ আছেই, সেয়ে নিশ্চয় তেওঁ অইন ভাৰতীয় পোচাক-পৰিচ্ছেদ আনিছে। ৰংগনাথনে কৈছিল যে তেওঁ তেওঁৰ লগত ধূতী লৈ আহিছে আৰু সাধাৰণতে ইয়াক তেওঁ ঘৰত থাকোতে পিন্ধে। তেওঁ তেতিয়া সুধিছিল যে ঘৰৰ মালিকনী বা অইন সহবাসীয়ে ইয়াত কিবা আপত্তি কৰিছে নেকি? ৰংগনাথনে নাই কৰা বুলিয়েই কৈছিল যে অতি স্বাভাৱিক যদিও এইটো এটা অন্য বিষয় য’ত ৰামানুজনে অনেক দুখৰ পৰা হাত সাৰি থাকিব পাৰিলেহেঁতেন। দুঃখজনকভাৱে ৰামানুজন এই বিষয়ত আওকণীয়া হৈ আছিল বাবেই দুখখিনিৰ সন্মুখীন হৈছিল।

 

F-7 অস্বাভাৱিক জলবায়ু :

মিচেচ্ নেভিলে ৰংগনাথনক কৈছিল যে ৰামানুজনে ইংলণ্ডৰ জলবায়ু খাপ খুৱাই লোৱাৰ বিপৰীতে আচহুৱা আৰু অচিনাকিহে পাইছিল। সেয়ে তেওঁ ঠাণ্ডাৰ স’তে খাপ খাব পৰা নাছিল। তেওঁৰ মনটো অহৰহ গণিত গৱেষণাৰ স’তে থাকিলেও বিশেষকৈ শীতকালৰ মাহকেইটাত তেওঁ বেচ শাৰিৰীক অসুবিধাৰ মাজত কটাইছিল।

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন

 

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment