এলবাৰ্ট আইনষ্টাইন

১৯৫২ চন। ইজৰাইলৰ প্ৰথম ৰাষ্ট্ৰপতি চেইম ৱাইজমেনৰ মৃত্যু হ’ল। এজন নতুন ৰাষ্ট্ৰপতিৰ প্ৰয়োজন। দেশৰ এই সৰ্বোচ্চ পদটি কাক যাঁচিব এই লৈ ইজৰাইলীসকলৰ মাজত বহুত গুণাগঁথা চলিল। সকলোৰে কিন্তু মত একেটাই, যিজন ইহুদীয়ে বিজ্ঞান জগতলৈ অলেখ বৰঙণি আগবঢ়াই বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীৰূপে স্বীকৃতি পাইছে, তেওঁকেই এই আসনত অধিস্থিত কৰাব লাগে। তেতিয়া সুদূৰ প্ৰিন্সটনৰ ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিত গৱেষণাৰত বিজ্ঞানীগৰাকীলৈ খবৰ পঠোৱা হ’ল। কিন্তু সকলোকে আচৰিত কৰি তেওঁ প্ৰস্তাৱটো গ্ৰহণ নকৰিলে আৰু সেই পদৰ কাৰণে আন যোগ্য ব্যক্তি ল’বলৈহে ইজৰাইলবাসীক অনুৰোধ জনালে। ৰাষ্ট্ৰপতিৰ দৰে পদকো নেওচা দিয়া সেই বিজ্ঞানীগৰাকী কোন? তেৱেঁই হ’ল সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইন।

আইনষ্টাইনৰ জন্ম হয় ১৮৭৯ চনৰ ১৪ মাৰ্চত জাৰ্মানীৰ উল্ম চহৰত। তেওঁ বুৰঞ্জী, সাহিত্য আদি বিষয়বোৰ পঢ়ি বেয়া পাইছিল বাবে বিদ্যালয়ৰ পৰীক্ষাত ভাল ফল দেখুৱাব পৰা নাছিল। ছাত্ৰ জীৱনত বিফল হোৱাৰ পিছত আইনষ্টাইনে যথেষ্ঠ কষ্ট কৰি চুইজ পেটেণ্ট অফিচৰ ৰেজিষ্টাৰী কৰা চাকৰি এটা যোগাৰ কৰিলে। চাকৰিত থকা কালছোৱাত তেওঁ আজৰি সময় উলিয়াই গৱেষণা কৰিবলৈ ধৰিলে।

তেতিয়া আছিল ১৯০৫ চন। আইনষ্টাইনৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। সেই বছৰতে তেওঁ চাৰিখন গৱেষণা পত্ৰ প্ৰকাশ কৰিলে যিয়ে গোটেই বিশ্বত আলোড়ন সৃষ্টি কৰিলে। সেই পত্ৰকেইখন আছিল ক্ৰমে— আলোকবিদ্যুৎ প্ৰভাৱ, ব্ৰাউনীয় গতি, বিশেষ আপেক্ষিকতাবাদ, ভৰ আৰু শক্তিৰ সমতুল্যতা বিষয়ক।

আইনষ্টাইনৰ আগলৈকে বিজ্ঞানীসকলৰ ধাৰণা আছিল যে কোনো বস্তুৰ দীঘ, প্ৰস্থ আৰু বেৰহে থাকে। এই তিনিটা লক্ষণ থকা বস্তুবোৰকো সেই কালত স্থিৰ বুলি ভবা হৈছিল। কিন্তু আইনষ্টাইনে ক’লে যে এই পৃথিৱীত স্থিৰ বুলি একো নাই। গোটেই বিশ্বব্ৰহ্মাণ্ড গতিশীল। গতিকে গতিশীল বস্তুৰ ওপৰত স্থিৰ বস্তু থাকিব কেনেকৈ? তেনেকৈ স্থিৰ স্থানো থাকিব নোৱাৰে, ই সময়ৰ ওপৰতহে নিৰ্ভৰ কৰিব। আকৌ সময়ো নিৰ্ভৰ কৰিব স্থানৰ ওপৰতহে। কোনো নক্ষত্ৰৰ পৰা যদি আমাৰ এটা দিন জোখা হয়, আৰু সেইটো দিনকে আমাৰ পৃথিৱীৰপৰাও জোখা হয় – দুয়োটা দিন সমান নহয়। এইদৰেই গতি, স্থান আৰু সময়ৰ মাজত আইনষ্টাইনে এক নতুন সম্পৰ্ক স্থাপন কৰিলে। আগতে কেৱল দীঘ, প্ৰষ্ঠ আৰু বেৰৰ কথাহে কোৱা হৈছিল। কিন্তু আইনষ্টাইনে তাৰ মাজত সময়ো যোগ দিলে। এয়াই হ’ল ফ’ৰ্থ ডাইমেনচন।

১৯১৬ চনত আইনষ্টাইনে তেওঁৰ আপেক্ষিকতাবাদ সূত্ৰৰে বিশ্বৰ সকলো গতিশীল বস্তুকে সামৰি ল’লে আৰু তাক নাম দিলে আপেক্ষিকতাবাদৰ সাধাৰণ সূত্ৰ। তেওঁ কৈছিল যে পদাৰ্থ আৰু শক্তি একেই। এই সম্পৰ্কে তেওঁৰ সূত্ৰটো হ’ল— $$E=mc^2$$। যত E মানে শক্তি, m মানে ভৰ আৰু c মানে ভেকুৱামত পোহৰৰ বেগ। এই সূত্ৰ অনুসৰি কোৱা হয় যে এক গ্ৰাম ওজনৰ কোনো বস্তু শক্তিলৈ ৰূপান্তৰিত কৰিলে যথেষ্ট পৰিমাণে শক্তি উৎপাদন হয়।

১৯২১ চনত আইনষ্টাইনক তেওঁৰ আলোকবিদ্যুৎ প্ৰভাৱ আৱিষ্কাৰ আৰু তাত্বিক পদাৰ্থবিজ্ঞানলৈ আগবঢ়োৱা অপৰিসীম বৰঙণিৰ বাবে নোবেল বঁটা প্ৰদান কৰা হয়। সেই সময়ৰ প্ৰায়বোৰ পদাৰ্থবিদে আপেক্ষিকতাবাদ সূত্ৰ বুজি পোৱা নাছিল। এবাৰ সাংবাদিক এজনে আৰ্থাৰ এডিংটন নামৰ প্ৰখ্যাত সৌৰবিদগৰাকীক সুধিছিল— “আপোনাক লৈ হেনো পৃথিৱীৰ তিনিগৰাকী বিজ্ঞানীয়েহে আইনষ্টাইনৰ আপেক্ষিকতাবাদ সূত্ৰ বুজি পায়। কথাষাৰ সচাঁ নেকি?” আৰ্থাৰে হেনো খঙতে কৈ উঠিছিল— “তৃতীয়জননো কোন?”

পৰমাণু বোমা সৃষ্টিৰ ক্ষেত্ৰত আইনষ্টাইনৰো অৰিহণা আছিল। কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ সদায় বিৰোধিতা কৰিছিল। পৰমাণু বোমা ব্যৱহাৰ নকৰিবলৈ তেওঁ আমেৰিকাৰ চৰকাৰক অনুৰোধ কৰিছিল। কিন্তু তেওঁৰ অনুৰোধ উপেক্ষা কৰি যেতিয়া হিৰোছিমা আৰু নাগাছাকিত বোমা বিস্ফোৰণ ঘটোৱা হৈছিল, তেতিয়া দুখত মৰ্মাহত হৈ তেওঁ কৈছিল— “পুনৰ জন্ম যদি সঁচাকৈয়ে হয়, বিজ্ঞানী হৈ জন্ম নোলোৱাই ভাল। জন্ম ল’ব লাগে কমাৰ বা কুমাৰ হৈ, যাতে কথা আৰু কামৰ কিছু স্বাধীনতা থাকে।”

জীৱনৰ শেষৰফালে তেওঁ আপেক্ষিকতাবাদ সূত্ৰ আৰু কোৱাণ্টাম সূত্ৰৰ সমন্বয় সাধন কৰি এটা সূত্ৰ আৱিষ্কাৰ কৰিব বিচাৰিছিল যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ সকলো শক্তি, বল তথা নিয়ম নিয়ন্ত্ৰণ কৰিব। কিন্তু গৱেষণা আধা নহওঁতেই ১৯৫৫ চনত আইনষ্টাইনে নশ্বৰ দেহ ত্যাগ কৰিলে।

বিঃদ্ৰঃ— শেহতীয়াকৈ আইনষ্টাইনৰ আপেক্ষিকতাবাদ সূত্ৰ প্ৰমাণ কৰিছে ligo (laser inferometer and gravitational wave observatory) ৰ বিজ্ঞানীয়ে।

অঞ্জন জ্যোতি ডেকা।

কটন মহাবিদ্যালয়, পদাৰ্থ বিজ্ঞান বিভাগ, স্নাতক প্ৰথম ষান্মাসিক।

No Comments

Post A Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.