‘‘মই অসমখন ভাল পাওঁ, এয়া মোৰ মাটি; সেই কাৰণেই মই পৃথিৱীখনো ভাল পাওঁ ’’

— অধ্যাপক দিলীপ কুমাৰ দত্ত

 

সাক্ষাৎ গ্ৰহণ : কুশল দত্ত

 

 

শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত চৰ্চা আৰু সত্য অন্বেষণ

এই চৰিত্ৰটোহে আমাৰ বাবে বৰ বেছি প্ৰয়োজন

 

ইমানদিনে আপোনাৰ কথা আমি শুনি আছিলোঁ আপোনাৰ লেখা-মেলাৰ জৰিয়তে অৱশ্যে ইতিমধ্যেই আপোনাক পাই আহিছোঁ কিন্তু ২০০৩ চনৰ বসন্ত কালৰ ঠিক এনেকুৱা এটা দিনতে আকস্মিকভাৱে হঠাৎ আপোনাক লগ পাই গৈছিলোঁ চেনিকুঠীত আপুনি আবেলি চেনিকুঠিৰ পাহাৰীয়া পথেৰে খোজকাঢ়ি থকা অৱস্থাত সম্পূৰ্ণ দুটা বছৰৰ বিৰতিত এয়া আপোনাৰ সৈতে মোৰ পুনৰ দেখাদেখি আপুনি এই সময়ছোৱাত কি প্ৰত্যেক বছৰেই অসমলৈ আহে?

► আজি পাঁচ বছৰৰপৰা মই নিয়মীয়াকৈ আহিছোঁ— জানুৱাৰীত আহোঁ, মাঘ বিহুৰ আগে আগে, আৰু উভতি যাওঁ ব’হাগ বিহুৰ পিছত। অৰ্থাৎ এটা ছেমিষ্টাৰ মই ছুটী লৈ অহাৰ নিচিনা। প্ৰথম অৱস্থাত মই ছুটী লৈছিলোঁ, কিন্তু এতিয়া হৈছে কি— তাত এটা নিয়ম আছে যে যিসকলে ত্ৰিছ বছৰৰ ওপৰ চাকৰি কৰিছে বিশ্ববিদ্যালয়ত, তেওঁলোকে এটা ছেমিষ্টাৰ ছুটী ল’ব পাৰে আৰু এটা ছেমিষ্টাৰ কাম কৰিব পাৰে। মই সেইটো বেছ সুবিধাজনক পালোঁ— মই দেখোন ছুটীৰ সময়ছোৱাত কিছু কাম কৰিব পাৰোঁ! আৰু বিত্তীয় দিশৰপৰাও বিশেষ একো ক্ষতি নহয়। এতিয়া আমাৰ বেছি প্ৰয়োজনো নাই আৰু মই নিজেও ইমান স্বচ্ছন্দভাৱে নাথাকোঁ ঘৰত, কম খৰচতে চলোঁ। সেই কাৰণে এই ব্যৱস্থাটো মোৰ বৰ ভাল লাগিছে আৰু মই তাকে কৰিছোঁ।

 

Dr-Dilip-Duttaএই যে আপুনি কলে ত্ৰিছ বছৰ চাকৰি কৰাৰ পিছত এটা ছেমিষ্টাৰ ছুটী লব পাৰি, তাৰ যিটো ব্যৱস্থা, তাত অৱসৰ বোলা কথাটো নাথাকে নেকি? আমাৰ ইয়াততো ৫৮ বা ৬০ বা ৬২ বছৰত বিভিন্ন চাকৰিয়ালে অৱসৰ লোৱাৰ ব্যৱস্থা

► আমাৰ তাত অৱসৰৰ কোনো নিৰ্দ্ধাৰিত বয়স নাই। অৱশ্যে বিশ্ববিদ্যালয় বা বেলেগ বেলেগ ক্ষেত্ৰৰ বেলেগ বেলেগ নিয়ম। সাধাৰণতে বিশ্ববিদ্যালয় এখনৰ নিয়ম হৈছে যিমান দিন সক্ষম আৰু যিমান দিন মই ইচ্ছা কৰোঁ সিমান দিন মই পঢ়াই থাকিব পাৰোঁ। আমেৰিকাৰ সেই কথাবিলাক অৱশ্যে যথেষ্ট প্ৰগতিমূলক। চৰকাৰেও সেইটো ভাল পায়। চৰকাৰে এই কাৰণে ভাল পায় যে মই অৱসৰ ল’লে বা বুঢ়া এজনে অৱসৰ ল’লে, তেওঁলোকক চৰকাৰে পইচা দিয়ে আৰু তেওঁলোকৰ যত্নও ল’ব লাগে, মানে কেন্দ্ৰীয় চৰকাৰে। কিন্তু মই যদি চাকৰি কৰি থাকোঁ, তেনেহ’লে মোৰ ওপৰত সেইখিনি খৰচ কৰিব নালাগে চৰকাৰে। আনহাতে, মই যিবিলাক আয়কৰ আদি দি আছোঁ তাৰপৰা চৰকাৰৰ লাভ হৈছে। আৰু বহুতে ক’ব বিচাৰে যে ইয়াৰ যিটো ধাৰণা যে বুঢ়াবিলাকে সোনকালে অৱসৰ নল’লে নিবনুৱা সমস্যা বেছি হ’ব— সেইটো মই ভাবোঁ একদম ভুল ধাৰণা আৰু তাহাঁতেও সেইটো নাভাবে। তেওঁলোকৰ কথা হৈছে কি যদি নিবনুৱা সমস্যা আছে তাৰ সমাধান আন প্ৰকাৰেহে হ’ব; বুঢ়াবিলাকক বা অভিজ্ঞ শিক্ষক, অভিজ্ঞ ডাক্তৰ আদিক আঁতৰাই নিবনুৱা সমস্যাৰ সমাধান নহয়। এইটো খুব মুষ্টিমেয় হ’ব আৰু ই নিবনুৱা সমস্যাৰ সমাধানত কোনো অৰিহণা নোযোগায়।

 

এইটো দেখোন ছাৰ আমাৰ দেশৰ সৈতে সম্পূৰ্ণ বিপৰীতধৰ্মী এটা ধাৰণা

► হয়, একদম বিপৰীতধৰ্মী। আমাৰ ভাব যে এই বুঢ়াটো গ’লে তলৰ কোনোবা এটাই হয়তো প্ৰমোচন পাব পাৰে। কিন্তু আচলতে নিবনুৱা সমস্যাটোৰ সমাধান এনেদৰে নহয়।

 

এইখিনিতে আৰু এটা কথা আহে ছাৰ আমাৰ যিটোব্ৰেইন-ড্ৰেইনবোলা কথা এটা চলি থাকে, ধৰক আমাৰ তৃতীয় বিশ্বৰ দেশবিলাকৰ পৰা আমেৰিকালে বা উন্নত দেশবিলাকলৈ ভাল ভাল বছা বছা মানুহখিনিক লৈ যায় বুলি এটা ধাৰণা প্ৰচলিত হৈ আছে এইক্ষেত্ৰত আপুনি কি ভাবে?

► সেইটো একেবাৰে এটা ভুল ধাৰণা। দুখ লগা কথা এইটোৱেই যে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে, যেনে আই আই টি-বিলাকৰ কথা চোৱা, এইবিলাকত চৰকাৰে বহু ধন ব্যয় কৰিছে, কিন্তু সেইবিলাকৰ পৰা দেশখনে একো সুফল, একো বিশেষ সেৱা নাপায়।

 

মানে শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত, কৰ্মক্ষম হৈ উঠাৰ পিছত কৰ্মক্ষেত্ৰ নিৰ্বাচনৰ বাবে ভাল পৰিৱেশৰ অভাৱৰ অজুহাততেই তেওঁলোকৰ অধিকাংশই দেশতকৈ উন্নত দেশৰ কৰ্মক্ষেত্ৰ নিৰ্বাচন কৰে

► অ’ সেইটোৱেই। শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত পৰৱৰ্তী সময়ত দেশে তেওঁলোকৰ পৰা বিশেষ একোৱেই নাপায়। আৰু আটাইতকৈ বেয়া কথাটোও সেইটোৱেই। আনহাতে, যিটো ব্ৰেইন-ড্ৰেইনৰ কথা কয় সেইটো কোনো চিন্তাৰ কথা নহয়। আমাৰ বহুতে গৈ তাত ভাল কৰে, সেইটো পৰিৱেশটো পোৱাৰ কাৰণে। কিন্তু যিকেইজন গৈছে তেনেকুৱা ধৰণৰ প্ৰতিভা থকা বহুত ইয়াত আছে। আৰু ভাল পৰিৱেশ পালে তেওঁলোকো ইয়াতে উঠিব পাৰিব। কিন্তু ক্ষতি হৈছে বা দুখ লগা কথা হৈছে যদি চৰকাৰে বহু ক্ষেত্ৰত লাখ লাখ, কোটি কোটি টকা খৰচ কৰে এজন ছাত্ৰৰ লগতে, আই আই টিৰ দৰে প্ৰতিষ্ঠানৰ ছাত্ৰৰ লগত, সেইবিলাকো যদি গুচি গৈছে তাৰ মানে দেশখনৰ প্ৰতি ভীষণ অন্যায় কৰা হৈছে। আচলতে যেতিয়া আই আই টিবিলাক পাতে, আমি এতিয়াহে বুজিছোঁ, তেতিয়া অশোক মেহ্‌তা, কৃপালনী আদি নেতাসকলে কিছু আপত্তি কৰিছিল আৰু তেওঁলোকে ঠিক এই কথাটোকে কৈছিল যে এইটো কিছুমান মুষ্টিমেয় লোকৰ সুবিধাৰ বাবেহে হ’ব আৰু বিশেষকৈ শাসনত থকা বা উচ্চ বিত্তশালী শ্ৰেণীৰ চহকীসকলেহে ইয়াৰ পৰা বেছি লাভৱান হ’ব, সাধাৰণ ৰাইজৰ ইয়াৰ পৰা একো উপকাৰ নহয়। সেই কথা এতিয়া দেখিছোঁ বহুদূৰ সঁচা হৈছে। আমাৰ যিমান ধন ব্যয় কৰে আৰু যিসকল ভাল ছাত্ৰ, তেওঁলোক ওলাইছে হয়, কিন্তু তেওঁলোকে দেশৰ কাৰণে একো কৰা নাই। সেইটোহে আচলতে চিন্তা কৰিবলগীয়া কথা। কিন্তু আন যিসকল গৈছে তেওঁলোকক বাধা দি ৰাখিব নোৱাৰে, ৰাখিও লাভ নাই, আৰু মই ভাবোঁ তেওঁলোকৰ কাৰণে একো ক্ষতিও হোৱা নাই। ইয়াত থকাসকলেও ভাল পৰিৱেশ পালে ভাল ফলেই দেখুৱাব। যেনে ধৰা কম্পিউটাৰ ছায়েন্সলৈকে চোৱা ছফ্‌টৱেৰবিলাক, ইয়াত থকাবিলাকেও বহুত কাম কৰিছে।

 

আমাৰ গুৱাহাটী আই আই টিৰ কম্পিউটাৰ ছায়েন্স বিভাগটোও বহুত নাম কৰা বিভাগ বুলিয়েই আমি শুনিছোঁ

► এইবিলাক শুনা কথাহে— নাম কৰা বা বদনাম কৰা, এইবিলাক কোনো ডাঙৰ কথা নহয়। বাতৰি-কাগজৰ কিছুমান শিৰোনামেৰে আমি সেয়া থিৰাং কৰিব নোৱাৰোঁ আৰু সেইবিলাক লৈ যহাই থকাৰো কোনো কথা নাই। চৰকাৰী পৃষ্ঠপোষকতাত ভাল আন্তঃগাঁথনিৰ প্ৰতিষ্ঠান হিচাপে খ্যাত হৈ একো এটা কৰিব নোৱৰাটোহে আচলতে বিচাৰ্যৰ বিষয় হ’ব লাগে। মুঠতে চৰ্চাটো হ’ব লাগে, চৰ্চাটো কৰি থাকিব পাৰিলে ভাল। আচল কথা হ’ল কাম হ’ব লাগে। বিশেষকৈ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত চৰ্চা আৰু সত্য অন্বেষণ— এইটো চৰিত্ৰৰ। ইংৰাজীত যিটো কয়— integrity। মানে ঐক্য, মানে সজ আৰু সৎ— দুয়োটা বুজায়— সেই চৰিত্ৰটোহে আমাৰ বাবে বৰ বেছি প্ৰয়োজন।

 

দায়িত্ব বৰ গধুৰ আছিল নিজেই কিতাপ বাছি লব লাগিব,

নিজেই পাঠ্যক্রম অনুযায়ী পঢ়াই যাব লাগিব, নিজেই পৰীক্ষা-পাতিও লব লাগিব

 

ড° দিলীপ কুমাৰ দত্ত। ১৯৬০ চনত।

ড° দিলীপ কুমাৰ দত্ত। ১৯৬০ চনত।

আপোনাৰ আত্মজীৱনীমূলক গ্ৰন্থ মোৰ শিক্ষা আৰু শিক্ষক যিসকলে পঢ়িছে তেওঁলোকৰ মনত আপোনাৰ বিষয়ে মোটামুটি এটা ধাৰণা গঢ় লৈ উঠিছে মোৰ শিক্ষা আৰু শিক্ষকত ইতিমধ্যে আপোনাৰ প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চ শিক্ষা, দিল্লী বিশ্ববিদ্যালয় আৰু ইংলেণ্ডৰ ছাউথাম্পটন বিশ্ববিদ্যালয়ত কৰা গৱেষণা আৰু জীৱনৰ প্ৰথমটো চাকৰি গুৱাহাটীৰ অসম ইঞ্জিনীয়াৰিং কলেজত শিক্ষক জীৱনৰ লগতে প্ৰৱাসত কানাডাৰইউনিভাৰ্ছিটী অব্কেল্গেৰীত ভিজিটিং লেক্চাৰাৰ হিচাপে যোগদান কৰালৈকে এইছোৱা জীৱনৰ ঘটনাৱলী, মূলতঃ আপোনাৰ ছাত্ৰ আৰু গৱেষক জীৱনৰ সাধনা, সংগ্ৰাম, সংঘাত আৰু সাফল্যৰ ছবিখন আহিছে কিন্তু ইয়াৰ পাছৰছোৱা জীৱনৰ বিষয়ে আমাৰ পাঠক সমাজে নিশ্চয়কৈ জানিবলৈ ইচ্ছা প্ৰকাশ কৰিব কেল্গেৰী বিশ্ববিদ্যালয়ৰ এবছৰীয়া অতিথি প্ৰবক্তাৰ অভিজ্ঞতা, কেল্গেৰীৰ পৰিৱেশ আদিৰ বিষয়ে অকণমান কওকচোন

► কেল্‌গেৰী বিশ্ববিদ্যালয়ত মই আচলতে দুবছৰ কটাইছিলোঁ। প্ৰথম বছৰত ভিজিটিং লেক্‌চাৰাৰ হিচাপে আৰু দ্বিতীয় বছৰত স্থায়ী প্ৰবক্তা হিচাপে। কেল্‌গেৰীখন বৰ ধুনীয়া ঠাই। শিলাময়, পাহাৰ আৰু ৰকি পাহাৰৰ নামনিত সমতল। তাতে বান্‌ফ বুলি এখন ঠাই আছে, অতি ধুনীয়া ঠাই, ছুইজাৰলেণ্ডৰ নিচিনা ধুনীয়া বুলি কয় আৰু তাৰ নামনিতে কেল্‌গেৰী চহৰখন। চহৰখন খুব চহকীও। তাত তেলৰ এতিয়া খুব ডাঙৰ কেন্দ্ৰ হৈছে। শীতকালত যথেষ্ট ঠাণ্ডা, কিন্তু তাৰ মাজে মাজে আকৌ গৰমো আহে। ছিনুক বুলি মাজে মাজে এটা গৰম বায়ু আহি যায় হঠাৎ আৰু খুব ঠাণ্ডা দিনতো মাজে মাজে হঠাৎ গৰম পৰি যায়। সেয়ে থাকিবলৈ বৰ ভাল। বিশ্ববিদ্যালয়খনো তেতিয়া নতুন আছিলে, খুব চহকী ৰাজ্যখন, থাকিবলৈ বেছ ভাল। কিন্তু তাত যিকেইদিন ঠাণ্ডা পৰে, খুব সাংঘাতিক ঠাণ্ডা পৰে। একেবাৰে ২০ ডিগ্ৰীৰ তললৈ আমি যায়। মানে ফ্ৰিজিং পইণ্টৰ ২০ ডিগ্ৰী তললৈ।

 

মানে -২০ ডিগ্ৰী?

► হয় -২০ ডিগ্ৰী। শূন্য ডিগ্ৰীত বৰফ হয় নহয়, তাতকৈও ২০ ডিগ্ৰী কম। প্ৰথম বছৰৰ ভিজিটিং লেক্‌চাৰাৰ সময়সীমা শেষ হোৱাত দ্বিতীয় বছৰত স্থায়ী পদবীত তেওঁলোকে মোক নিযুক্তি দিলে। তাত কিন্তু সেই দুবছৰহে থাকিলোঁ। বৰ ভাল লাগিছিলে সেই দুবছৰ তাত থাকি। কিন্তু শীতৰ প্ৰকোপত, বিশেষকৈ মই বাহিৰত থাকি ভাল পাওঁ, খেলা-ধূলা কৰি, সেয়ে বছৰৰ বেছিভাগ সময় ঘৰৰ ভিতৰতে থাকিব লগা হোৱাত অৱশেষত তাৰ পৰা গুচি আহিবলৈ চিন্তা কৰিবলৈ বাধ্য হ’লোঁ। ঘৰ-দুৱাৰ গৰম কৰিয়ে ৰাখে, গাড়ীও আনকি গৰম কৰি ৰাখে। তথাপি সামগ্ৰিকভাৱে ঠাণ্ডাই যথেষ্ট প্ৰভাৱ পেলালে মোৰ ওপৰত। সেই কাৰণেই কেল্‌গেৰী এৰি আহিলোঁ। কিন্তু শিক্ষকতা, বিশেষকৈ পশ্চিমীয়া সমাজত শিক্ষকতা কৰা সেয়াই মোৰ প্ৰথম অভিজ্ঞতা। প্ৰথমে বৰ ভয় খাইছিলোঁ, কিয়নো দায়িত্ব বৰ গধুৰ আছিল— নিজেই কিতাপ বাছি ল’ব লাগিব, নিজেই পাঠ্যক্রম অনুযায়ী পঢ়াই যাব লাগিব, নিজেই পৰীক্ষা-পাতিও ল’ব লাগিব আৰু তেওঁলোকে (কৰ্তৃপক্ষই) চায়— ল’ৰা-ছোৱালী সন্তুষ্ট হৈছে নে নাই আৰু তাৰ পাছত ল’ৰা-ছোৱালীবিলাকৰ কোন কেনেকুৱা হৈছে সেয়া লিখিতভাৱে অভিমত দিবও লাগিব বছৰটোৰ শেষত, ছেমিষ্টাৰ শেষ হোৱাৰ পাছত। বেছ দায়িত্বপূৰ্ণ বাবে প্ৰথমে ভয়েই লাগিছিল। কিন্তু অতি সোনকালে কেল্‌গেৰীৰ সুন্দৰ পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত বেছ আন্তৰিকতাপূৰ্ণ সহযোগিতাই, সেই অভিজ্ঞতাই শিক্ষকতা সম্বন্ধে এটা বেলেগ ধাৰণাৰ, এটা নতুন ধাৰণাৰ জন্ম দিলে মোৰ মনত। গতিকে কেল্‌গেৰীৰ স্মৃতি খুবেই মধুৰ মোৰ মনত।

 

ইয়াৰ পাছতেই আপুনি ৰড আইলেণ্ড বিশ্ববিদ্যালয়ত যোগদান কৰিছিল?

► অ’ ইয়াৰ পাছতেই মই ৰ’ড আইলেণ্ডত যোগদান কৰিছিলোঁগৈ। সেই দিনত যাৰ দুই-এখন গৱেষণা-পত্ৰ ওলাইছে তেওঁলোকৰ বাবে চাকৰি পোৱাটো বেছ সহজ আছিলে। মই তাৰ ‘এমেৰিকান মেথ্‌মেটিকেল ছ’চাইটীৰ বছৰেকীয়া অধিৱেশনলৈ গৈছিলোঁ, তাত মই দিল্লীত লগ পোৱা, মানে আমেৰিকাৰ পৰা দিল্লীলৈ যাওঁতে লগ পোৱা কেইবাজনো অধ্যাপকক লগ পালোঁ, তেওঁলোকৰ কেইবাজনেও মোক মাতিলে— ‘আহা, আমাৰ বিশ্ববিদ্যালয়তে যোগদান কৰা।’ আৰু ব্যক্তিগত সম্পৰ্ক বুলিয়ে নহয়, ডেকা অধ্যাপক, গৱেষণা কৰা, অলপ আন্তৰিকতা থকা দেখিলে তেওঁলোকে ভাল পায়। মই তাৰ তিনিখন বিশ্ববিদ্যালয়ৰ পৰা তেনেকৈ নিমন্ত্ৰণ পাইছিলোঁ।

 

আচৰিত কথা আমাৰ ইয়াত আপুনি বিচাৰি বিচাৰিও চাকৰি এটা নাপালে, আমেৰিকাৰ দৰে মহাদেশৰ তিনিখন বিশ্ববিদ্যালয়ৰ পৰা নিমন্ত্ৰণ পাইছিল অধ্যাপনাৰ বাবে

► অ’ অসমত মই বহুত বিচাৰিও চাকৰি এটা নাপালোঁ। মই বহুত চেষ্টা কৰিছিলোঁ, তথাপি নাপালোঁ। কিন্তু ইয়াত নিবিচৰাকৈয়ে তিনিখনকৈ বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ পাইছিলোঁ। মই আনকি কোনো বিশ্ববিদ্যালয়লৈ দৰ্খাস্তও কৰা নাছিলোঁ বা কৰিবলগীয়াও হোৱা নাছিল।

ৰ’ড আইলেণ্ড ঠাইখনলৈ গৈ মোৰ বৰ ভাল লাগিলে আৰু মই সৰুৰে পৰাই অক্ষাংশবোৰ চাওঁ— কোনটো অক্ষাংশত থাকিবলৈ ভাল হ’ব? এনেয়ে এটা চখতে চাইছিলোঁ সেয়া আৰু এনেকৈ চায়ে ভাবিছিলোঁ যে অসমতকৈ অলপ উত্তৰত হ’লে বৰ ভাল হ’ব— মানে গৰমটো কম হ’ব। মই সৰুৰে পৰা যিটো ভাবি আছিলোঁ সেই অক্ষাংশতে ৰ’ড আইলেণ্ডো পৰে। তদুপৰি মোৰ খুব ইচ্ছা আছিল যে মই এখন সৰু চহৰত থাকিম, কিন্তু এখন ডাঙৰ চহৰৰ ওচৰত। আমাৰ জালুকবাৰীও বেছ ভাল, কাৰণ জালুকবাৰী এখন সৰু চহৰ, ডাঙৰ চহৰ গুৱাহাটীৰ লগতে। সেয়ে জালুকবাৰীত থাকিবলৈ ভাল। এই ধৰণৰ এটা কাৰণো আছিল মোৰ। কিংছ চহৰখন এখন ধুনীয়া সৰু চহৰ। আৰু মই এটা কথা কপ্লনা কৰি কেতিয়াও পাৰ পোৱা নাছিলোঁ— সাগৰৰ পাৰত থাকিবলৈনো কেনেকুৱা হ’ব? এই চহৰখন হ’ল একেবাৰে সাগৰৰ পাৰত আৰু সেয়ে ঠিক কৰিলোঁ মোৰ কল্পনাৰ সৈতে ইয়াতে খোপনি পুতিবলৈ আৰু তেওঁলোকে যিহেতু মোক চাকৰিটো যাচিলে সেয়ে মই তৎক্ষণাৎ সেয়া গ্ৰহণ কৰিলোঁ। বহুতে ক’লে পদবীটো স্থায়ী নোহোৱালৈকে তই ইয়াত ঘৰ নিকিনিবি। মানে বহুত ক্ষেত্ৰত কিছুমান শিক্ষকক ইয়াত স্থায়ীৰূপে নলয়। মই বোলোঁ খেদিলেও খেদক— মই আৰু বহিলোঁ ইয়াতে। চাকৰিটো পোৱাৰ পিছতে সেয়ে তৎক্ষণাত ঘৰ কিনি ৰ’ড আইলেণ্ডতে থাকিবলৈ আৰম্ভ কৰি দিলোঁ।

 

ড আইলেণ্ডৰ ভৌগোলিক অৱস্থানটো কেনে?

► নিউয়ৰ্কতকৈ অলপ উত্তৰত। নিউয়ৰ্কত কিন্তু বেছ গৰম। এতিয়া আমাৰ ৰ’ড আইলেণ্ডৰ পৰা অলপ দক্ষিণলৈ যদি যোৱা হয় বেছ গৰম ঠাইবোৰ। কিন্তু আমাৰ কিংষ্টনত তেনেকুৱা বেয়া গৰম, এয়াৰ কণ্ডিচনাৰ ল’বলগীয়া জাতীয় গৰম নহয়। সেই ক’ৰবাত দুই-এদিন হয়তো গৰম হয়, তেতিয়া সাগৰৰ পাৰত গৈ বহিলেই হ’ল। কিন্তু ৰ’ড আইলেণ্ডৰ পৰা অলপ উত্তৰলৈ গ’লে, যেনে ব’ষ্টন, ব’ষ্টন আমাতকৈ অলপ উত্তৰত, তাত আকৌ খুব ঠাণ্ডা। ঠাণ্ডা মানে ঠাণ্ডা দিনত বৰফ-চৰফ পৰে। গতিকে বেছ ঠাণ্ডা। আমাৰ ৰ’ড আইলেণ্ডতো বৰফ পৰে, কিন্তু বেছি দিনলৈ নহয়, আৰু খুব কমকৈ পৰে, পৰিলেও সোনকালেই গলি যায়।

 

বিশ্ববিদ্যালয়ৰ পৰা আপোনাৰ বাসস্থানৰ দূৰত্ব কিমান?

► মোৰ ঘৰলৈ এমাইলমানতকৈও কম। খোজ কাঢ়িয়েই যাব পাৰি। আগেয়ে চাইকেল চলাই গৈছিলোঁ, পিছত খোজ কাঢ়িয়ে গৈছোঁ। এতিয়া যাওঁতে গাড়ীৰে যাওঁ, খোজো কাঢোঁ, আহোঁতেও তেনেকৈ গাড়ীৰে বা মাজে মাজে খোজকাঢ়ি আহোঁ, ডাক্তৰৰ উপদেশ মানি।

 

কুশল দত্ত আৰু ড° দিলীপ কুমাৰ দত্ত। (ফটো: বিকাশ বৰুৱা)

কুশল দত্ত আৰু ড° দিলীপ কুমাৰ দত্ত। (ফটো: বিকাশ বৰুৱা)

আমাৰ গুৱাহাটীৰ পৰা ৰড আইলেণ্ডলৈ এই সুদীৰ্ঘ বিমান পৰিবহণ পৰিক্রমাটোৰ বিষয়ে অকনমান কব নেকি?

► আজিকালি খুব ভাল। ইমান সমস্যা একো নাই। গুৱাহাটীৰ পৰা দিল্লীলৈ আঢ়ৈ ঘণ্টাৰ যাত্ৰা। আৰু দিল্লীৰ পৰা সাধাৰণতে একে দিনাই যাব পাৰি। বাহিৰলৈ যোৱা যিবিলাক আকাশী জাহাজ— সেইবিলাক সাধাৰণতে ৰাতি দেৰিকৈ যায়। এই ধৰা নিশা ১২ বজাৰ পিছত। কিন্তু গুৱাহাটীৰ পৰা মই সদায় এদিন বা দুদিন আগেয়েই যাওঁ। মোৰ ভাগিন-ভতিজা আছে দিল্লীত, বহুদিন হ’ল তাত থকা, তাত থাকোঁগৈ। সেই কাৰণে এটা দিন অন্ততঃ হাতত লৈ যাওঁ। কেতিয়াবা এয়াৰ ছিডিউলিং সমস্যাত এদিন ৰ’ব লগা হ’ব পাৰে বুলি, আগেয়ে ঘটিছে এনেকুৱা ঘটনা, সেয়ে মই এটা বা দুটা দিন হাতত ৰাখি আগেয়েই দিল্লীলৈ যাওঁ। আৰু দিল্লীত উঠাৰ পিছত আৰু প্ৰায় ১৪ বা ১৫ ঘণ্টাৰ পিছত ব’ষ্টন পাওঁগৈ। পোনপটীয়াকৈ নাযায়— দিল্লীৰ পৰা গৈ ইউৰোপৰ ক’ৰবাত ৰ’বগৈ, সাধাৰণতে ৩-৪ ঘণ্টা ৰয়। ৩-৪ ঘণ্টা ৰ’বলৈ বৰ ভাল। অলপ খোজ-তোজ কঢ়া হয়, ভাল লাগে। একেৰাহে বহুত সময় আহি থাকিলে আমনি লাগি যায়গৈ। সাত ঘণ্টাটো যাবই লাগে ইউৰোপ পাবলৈ। সেই সাত ঘণ্টা যোৱাৰ পিছত অলপ ৰৈ, আজিকালি কৰিব লাগে কি, এইটো এটা ভাল কথা— অলপ এয়াৰপ’ৰ্টতে খোজ-চোজ কাঢ়ি তেজ চলাচল ভালদৰে হৈ থাকিলে বৰ ভাল। মই সাধাৰণতে আম্‌ষ্টাৰডাম হৈ যাওঁ। আম্‌ষ্টাৰডামতে ৰৈ খোজ-চোজ কাঢ়ি অলপ ফ্ৰেছ হওঁ। এয়াৰপ’ৰ্টবিলাকো যথেষ্ট ডাঙৰ আজিকালি। আৰু সৱ বস্তু থাকে তাতে, থকা-খোৱা-ধোৱা আদি সকলো। সেই কাৰণে প্ৰয়োজনীয়খিনি কৰি তাতে খোজ-চোজ কাঢ়ি আকৌ উঠোঁ আৰু তাৰ পৰা একদম পোনে পোনে গৈ একেবাৰে ব’ষ্টন পাওঁগৈ। আৰু ব’ষ্টনৰ পৰা ৰে’লগাড়ীৰে গৈ আমাৰ ঘৰ পাওঁগৈ। একো দিগ্‌দাৰ নাই। খুব ভাল ব্যৱস্থা।

 

ড আইলেণ্ডত চাকৰিত যোগদান কৰাৰে পৰা তাত এতিয়ালৈকে কিমান বছৰ হল আপোনাৰ?

► মই ৰ’ড আইলেণ্ডত যোগদান কৰিছিলো ৬৭ত। এতিয়া তাৰ মানে প্ৰায় ৩৮ বছৰ হৈ গ’ল।

 

আপোনাৰ সংসাৰ তাতেই আৰম্ভ হৈছিল?

► অ’, তাতেই আৰম্ভ হৈছিল।

 

বিয়া-বাৰু, পৰিয়াল-পৰিজনৰ বিষয়ে অকণমান কব নেকি?

► বিয়া-বাৰু— মই দুবাৰ বিয়া কৰাইছোঁ। প্ৰথমগৰাকী আছিল কানাডাৰ। কানাডাত লগ পোৱা। তেওঁ ৰ’ড আইলেণ্ডলে আহিলে পিছত, মই চাকৰিত জইন কৰাৰ পিছত। তেৱোঁ মেথেমেটিক্সৰ এম এ। সেই তাতে বিয়া হৈছোঁ প্ৰথমবাৰ। সেইখন বিবাহ বিচ্ছেদ হ’ল মোৰ। সেইখিনি কথা মই প্ৰেম আৰু জীৱন সংগীত লিখিছোঁ ইতিমধ্যে। মোৰ ল’ৰাটো তেওঁৰ ফালৰ পৰাই জন্ম হৈছিল। সেইখিনিও সম্ভৱতঃ শুভ দিনৰ নিৰ্ঘণ্টত লিখা আছে, ল’ৰাটোৰ কথা। যা হওক— তাৰ পিছত, তেওঁৰে সৈতে বিবাহ বিচ্ছেদ হোৱাৰ তিনি বছৰৰ পিছত মই অসমীয়া ছোৱালীক বিয়া কৰালোঁ। আমি দুয়ো এতিয়াও ৰ’ড আইলেণ্ডতে থাকোঁ। তেওঁৰ ফালৰ পৰা মোৰ এজনী ছোৱালী আছে। তাই এতিয়া বি এ পাছ কৰিলে আৰু কাম কৰি আছে, সমাজসেৱাৰ কাম।

 

আৰু আপোনাৰ লৰা কত থাকে, কি কাম কৰে?

► সি কানাডাত থাকে। কাম কৰে কম্পিউটাৰ ছায়েন্সত। আমাৰ আটাইৰে লগত খুব ভাল ভাব। আহিছিলে এবাৰ ইয়ালে। এতিয়া মই বাৰে বাৰে আহি থাকিবলৈ চেষ্টা কৰোঁ বাবে সিও আহিব বিচাৰে, কিন্তু হঠাৎ ইয়াত ইমানবোৰ বোমা-চোমাৰ কাৰণে বৰ চিন্তা হৈ যায় আৰু সেইটো কথাৰ কাৰণেই তাৰ অহা হোৱা নাই।

 

এই এনেকুৱা পৰিস্থিতিবিলাকত আপোনাৰ মনত বাৰু কেনে প্ৰতিক্রিয়া হয়? এই যে সন্ত্ৰাসবাদ চলি থাকে, প্ৰায় নিয়মীয়াভাৱে?

► স্বাভাৱিকতেই বৰ বেয়া লাগে। কাৰণ গোটেই ৰাজ্যখনৰ বাতাৱৰণেই দূষিত হৈ যায়। আমাৰ এতিয়া ভয় নালাগে, যিহেতু মই সদায়েই আহোঁ। কিন্তু এদিনীয়াকৈ অহাসকলৰ বাবে নিশ্চয়কৈ কথাটো চিন্তাৰ বিষয়। এতিয়া মোৰ বাহিৰা অধ্যাপক আনিবলৈ বৰ মন, কিন্তু আনিবলৈ মোৰ বৰ চিন্তা হয়। কাৰণ মই ডাঠি ক’ব নোৱাৰোঁ যে ইয়াত একো নহ’ব। সেই কাৰণে কিছুমান অধ্যাপক ইয়ালৈ আহি বক্তৃতা দিবলৈ বিচাৰে যদিও কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠেগৈ আৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো সেই একেটাই কথা। নিজৰ কাৰণে ৰিস্ক ল’ব পাৰি। কিন্তু আনৰ কাৰণে— দুৰ্ঘটনাৰ সম্ভাৱনাটোৰ কাৰণে তেওঁলোকক লৈ আহিব নোৱাৰোঁ। ভয় লাগে। সংশয় হয়।

 

ককাৰ দৰেই দেউতাৰো সেই একেই কথা শিক্ষাই সকলো

 

ড° দিলীপ কুমাৰ দত্ত। ১৯৪৮ চনত।

ড° দিলীপ কুমাৰ দত্ত। ১৯৪৮ চনত।

আমেৰিকাৰ পৰা আকৌ অসমৰ প্ৰসংগলৈ উভতি আহিব খুজিছোঁ আমেৰিকাৰ পৰাজন্মভূমিৰ টানএটাই যিদৰে বাৰে বাৰে আপোনাক টানি আনে, বাৰে বাৰে আপুনি অসমলৈ যিদৰে ঘূৰি আহে, সেইদৰে আমিও আকৌ ঘূৰি আহিব খুজিছোঁ আপোনাৰ শৈশৱলৈ আপোনাৰ উপৰিপুৰুষৰ ঘৰ আছিল যোৰহাটৰ গায়ন গাঁৱত গায়ন গাঁৱৰ পৰা গুৱাহাটীৰ চেনিকুঠীলৈ আজি আমি কথা পাতি থকা ঘৰটোলৈ যিটো পৰিক্রমা তাৰ এটা চমু খতিয়ান দিব নেকি?

► দেউতা আছিল যোৰহাটৰ (এতিয়াৰ) গায়ন গাঁৱৰ আৰু মা আছিল শিৱসাগৰৰ। কিন্তু আমি বেছিভাগ সময় গুৱাহাটীতে থকা হৈছিল। আৰু মোৰ জন্ম হৈছিল যোৰহাটত। কিন্তু প্ৰাথমিক শিক্ষা আদি হৈছিল গুৱাহাটীতে। সেই কাৰণে গুৱাহাটীৰ উজান বজাৰৰ লগতে মোৰ সম্পৰ্কটো বেছি। কিন্তু যোৰহাটৰ গায়ন গাঁৱৰ লগতো এতিয়া আকৌ টানটো বৰ বেছি হৈছে এটা কাৰণে— মোৰ ককাদেউতাই, তেওঁ বেছ চহকী, ভাল চাকৰি, বেছ ভাল অৱস্থা আছিলে; চাহ বাগানৰ বৰ মহৰী আছিলে সেই দিনত। কিন্তু দেউতা যেতিয়া জন্ম হ’ল, পণ্ডিতসকলে ক’লে যে এই ল’ৰাটোৰ খুব বিদ্যা হ’ব আৰু সমাজৰ উপকাৰ কৰিব। সেই কথাটোকে মানি তেওঁ বাগানৰ চাকৰি এৰি দিলে, কাৰণ বাগানত সাধাৰণতে পঢ়া-শুনা কৰিব নোৱাৰে (এই কথাখিনি মই ফলি লোৱা বুৰঞ্জীত লিখিছোঁ অৱশ্যে)। সেই কাৰণে তেওঁ সেই চাকৰি এৰি দিলে আৰু এৰি দি আইি ভালকৈ অলপ খেতি-বাতি কৰিবলে গায়ন গাঁৱতে আৰু অলপ মাটি ল’লে। ১৯০৫ চনত আহিছিলে তেওঁ। আহি নতুনকৈ মাটি-বাৰী লৈ খেতি-বাতি কৰি দেউতাক পঢ়াম বুলি ক’লে। আৰু সঁচাকে মই যিমান দেখিছোঁ, সকলোৰে পৰা শুনিছোঁ— এইটো এটা ডাঙৰ ত্যাগ। মানে আজিও হয়তো বহুতে নকৰিব এইটো যে সন্তানৰ শিক্ষাৰ কাৰণে নিজৰ চাকৰি এৰি আহি হালৰ মুঠিত ধৰিবহি— সেই কথাটো ভাবি একপ্ৰকাৰে মোৰ খুব গৌৰৱো হয় আৰু একপ্ৰকাৰে খুব দুখো লাগে যে ককাদেউতাই আচল সুফল দেখিবলৈ নাপালে। কাৰণ গায়ন গাঁৱলৈ অহাৰ ৭-৮ বছৰমান পিছতেই তেওঁ ঢুকাল। যদিও মাটি-বাৰী গোটাই থৈ গৈছিল ককাই বাগানৰ পৰা পোৱা টকাৰে, তথাপি দেউতা আৰু বৰদেউতাই যথেষ্ট কষ্ট কৰিবলগীয়া হ’ল। বিশেষকৈ পঢ়া-শুনাত। সেয়ে দেউতায়ো মনতে এটা সাহস বান্ধি ল’লে যে মোৰ কাৰণেই ককাৰ ইমান, নিজৰ দেউতাৰ ইমান ত্যাগ যেতিয়া তেওঁ পঢ়া-শুনা ভালকৈ কৰিব লাগিব। সেই কাৰণে বহুত বাধা পায়ো দেউতাই সেই গায়ন গাঁৱতে খেতি-বাতি কৰি হাল বায়েই পঢ়া-শুনা কৰিছিল আৰু ১৯৩০ চনত, জগন্নাথ বৰুৱা কলেজ পাতোঁতে কলেজত বেতন নোলোৱাকৈয়ে অধ্যাপনাও কৰিছিল। তেতিয়া সেই হাল বাই বায়েই নিজৰ লগতে পৰিয়ালৰো খোৰাক যোগাইছিল। অৱশ্যে ওকালতিও কৰিছিল। কিন্তু ওকালতিৰ পৰা সিমান আয় হোৱা নাছিল। কিন্তু শিক্ষাৰ প্ৰতি অৱহেলা কৰা নাছিল। ককাৰ দৰেই দেউতাৰো সেই একেই কথা— শিক্ষাই সকলো। আমাৰ কেৱল শিক্ষাটোৰ ওপৰতে গুৰুত্ব দিছিল। সেই কাৰণে মোৰ এতিয়া এটা দায়বদ্ধতা আহিছে যে মোৰ দেউতা, ককাদেউতাই ইমানকৈ যেতিয়া শিক্ষাৰ কাৰণে ভাবিছিলে, আৰু ইমানকৈ শিক্ষাৰ কাৰণে কৰিও গৈছে, অকল নিজৰ বুলিয়ে নহয় আনৰ কাৰণেও, সেই কাৰণে মোৰো যোৰহাটতে কিবা এটা কৰিবলৈ মন গ’ল। ককাদেউতাই যোৰহাটতে যিখিনি মাটি-বাৰী কিনিছিলে, দেউতায়ো পিছত অলপ যোগ দিছিল, সেই মাটি-বাৰীখিনি এতিয়া এনেয়ে পৰি আছিলে। তাকে বোলো মই অন্ততঃ শিক্ষাৰ কামতে লগাওঁ। সেইখিনি কৰিবলৈ গৈ মোৰ যথেষ্ট পুৰণি দিনলৈ ঘূৰি যোৱা যেন লাগিছে। দেউতা-ককাদেউতাহঁতৰ মাটিখিনিলৈ আজিৰ পৰা ৬-৭ বছৰমানৰ আগতে প্ৰথমবাৰৰ বাবে যাওঁতে মোৰ তাত থিয় হৈ সৰাসৰে চকুপানী ওলাই আহিবলৈ ধৰিলে। আৱেগত ঠিক নহয়, দুখতো নহয়, গৌৰৱতে বুলি ক’ব লাগিব। সেই তেতিয়াৰে পৰা মোৰ মনলে’ এটা চিন্তা আহিল— কিবা এটা শিক্ষাৰ কাৰণে কৰাৰ। স্কুল এখনকে ধৰি অন্যান্য কৰ্মসূচী। সেই চিন্তাটোৰ আধাৰতে মই এতিয়া তাত এখন স্কুল খুলিছোঁ মাৰ নামত। তাৰ উপৰি ককাদেউতাৰ নামতো এখন খুলিবলৈ চেষ্টা এটা কৰি আছোঁ। সেইবিলাক কৰি থাকিম আৰু যিমান দূৰ আগবাঢ়িব পাৰোঁ ৰাইজৰ সহযোগত।

 

সঁচায়ে ইমান এটা মহৎ কামৰ পৰিকল্পনাৰে আপুনি আগবাঢ়িছে এই আপাহতে আপোনালৈ আমাৰ অন্তৰভৰা শুভকামনা যাচিলোঁ

► ধন্যবাদ।

 

পিতৃ ফণীধৰ দত্ত, আইতাক আৰু বায়েকৰ সৈতে।

পিতৃ ফণীধৰ দত্ত, আইতাক আৰু বায়েকৰ সৈতে।

আপুনি অসমৰ এটা প্ৰসিদ্ধ বৌদ্ধিকভাৱে সমৃদ্ধ পৰিয়ালৰ সন্তান আপোনাৰ দেউতা ফণীধৰ দত্ত আছিল জে বি কলেজ, কটন কলেজৰ অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক পঞ্জীয়ক তথা বিশ্ববিদ্যালয়খনৰ চতুৰ্থগৰাকী উপাচাৰ্য তেনেকৈ আপোনাৰ মাতৃ ৰত্নেশ্বৰী দত্তও আছিল শিক্ষাৰ প্ৰতি অনুৰক্ত এগৰাকী মহিলা আপুনি আজিৰ যিজনদিলীপ দত্ত মই ভাবোঁ এই সত্তাটোক গঢ় দিবলৈ, কেৱল পিতৃ-মাতৃ হিচাপেই নহয়, দুগৰাকী বিদ্যোৎসাহী ব্যক্তিৰূপেও এওঁলোকৰ ভূমিকাই নিঃসন্দেহে আপোনাৰ ওপৰত সৰ্বাধিক আছিল আপোনাৰ অনুভৱ?

► সেয়াতো হয়েই। সেই বিষয়ে মই ইতিমধ্যে বিভিন্ন প্ৰসংগত উল্লেখ কৰিছোঁৱেই। সেয়া স্বাভাৱিক কাৰণতেই। মোৰ ওপৰত মোৰ মা-দেউতাৰ ভূমিকাই আছিল সৰ্বাধিক। তথাপি এই বিষয়ে মই নিজেই বিচাৰ কৰাতকৈ আন কোনোবাই যদি কৰে তেতিয়া কথাটো আৰু বেছি নিৰ্মোহ হ’ব বুলি মই ভাবিছোঁ।

 

আপুনি ছাত্ৰাৱস্থাত এন চি চিৰ প্ৰশিক্ষণ লোৱাৰ পৰা বিশ্ববিদ্যালয়ত গৱেষণা কৰাৰ সময়লৈকে বিদ্যায়তনিক দিশৰ লগতে ক্রিকেট, ফুটবল, টেনিছ আদিৰ সৈতেও নিবিড়ভাৱে জড়িত হৈ আছিল কেৱল জড়িত থকাই নহয় এগৰাকী পাৰদৰ্শী খেলুৱৈৰূপে বিভিন্ন সময়ত আপুনি সুনামো অৰ্জন কৰিছিল আপোনাৰ খেলুৱৈ জীৱনৰ বিষয়ে অকণমান কওকচোন

Dr-Dilip-Kumar-Dutta-Tennis► মই ক্রিকেট, ফুটবল, টেনিছ, ভলীবল— আটাইকেইটাই খেলিছোঁ। কেৱল খেলাই নহয়, ভালদৰেই খেলিছোঁ। মই এতিয়াও টেনিছ খেলোঁ। মোৰ লগত মোৰ বয়সৰ বহুকেইগৰাকী বুঢ়া বুঢ়া মানুহে টেনিছ খেলে। কোনোবাজন ডাক্তৰ, কোনোবাজন ইঞ্জিনীয়াৰ, কোনোবাজন প্ৰখ্যাত মনোবিজ্ঞানী আদি। আৰু আমি খুব স্ফূৰ্তি কৰি টেনিছ খেলোঁ। টেনিছ খেলা আৰম্ভ হৈছিল সেই কটন কলেজত পঢ়া দিনৰ পৰাই। তাৰো আগৰ পৰা, কটন কলেজিয়েটত পঢ়াৰ পৰা খেলিছোঁ ফুটবল, ভলীবল, ক্রিকেট। একেবাৰে সৰুতে লতাশিল এল পি-ত পঢ়ি থাকোঁতে খেলিছিলোঁ বেডমিণ্টন। ছাত্ৰ জীৱনৰে পৰা এতিয়ালৈকে খেলা-ধূলা মোৰ জীৱনত ভীষণ প্ৰভাৱশীল হৈ আহিছে। আমাৰ দেউতা বৰ খেলপ্ৰিয় আছিল। তেওঁ নিজেই খুব ভাল ফুটবল, টেনিছ আৰু ক্রিকেট খেলিছিল আৰু আমাকো সেইমতে উৎসাহ দিছিল। দেউতাৰ কাৰণে খেলা-ধূলা আছিল শিক্ষাৰ এক অবিচ্ছেদ্য অংগ। মই লতাশিল প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই তেখেতে আমাক ফুটবল, ক্রিকেট, বেডমিণ্টন আদি খেল খেলিবলৈ ব্যৱস্থা কৰি দিছিল। মোৰ এতিয়াও মনত আছে— উজান বজাৰৰ আমাৰ ঘৰৰ চোতালত তেখেতে জোখ-মাপ লৈ নিজ হাতেৰে বেডমিণ্টন ক’ৰ্ট বনাই দিছিল, আৰু নেট, ৰেকেট, কক্‌ আনি আমাৰ লগত খেলিছিল। কটন কলেজিয়েটত পঢ়ি থাকোঁতেও মই আৰু মোৰ ককাইদেৱে স্কুল দলৰ হৈ স্কুল টুৰ্ণামেণ্টত প্ৰায় সকলো খেলতে ভাগ লোৱাটো আমাৰ বাবে অতি আনন্দৰ কথা আছিল। কলেজিয়েটৰ পিছত কটন কলেজত পঢ়ি থকাৰ সময়ছোৱাতো পঢ়া-শুনা পিছতে মোৰ অন্যতম ৰাপ আছিল এন চি চি আৰু খেলা-ধূলাত। কটন কলেজত মই ক্রিকেট, টেনিছ আদি কেইবাটাও খেলত ভাগ লৈ সফলতাও অৰ্জন কৰিছিলোঁ। তুমি জানি ভাল পাবা যে এটা বছৰ মই কটন কলেজ ক্রিকেট দলৰ অধিনায়কো আছিলোঁ। সেই বছৰ মোৰ নেতৃত্বতে আন্তঃকলেজ ক্রিকেট প্ৰতিযোগিতাত কটন কলেজে ফাইনেল পালেগৈ। পিছে এটা নীতিত মই বৰ দৃঢ় আছিলোঁ যে পঢ়া-শুনা খতি কৰি খেলা-ধূলাত মই কেতিয়াও সৰ্বোচ্চ উজাৰি দিয়া নাছিলোঁ। এইক্ষেত্ৰত মই বৰ সতৰ্ক আছিলোঁ আৰু সেয়ে সেই বছৰত ইণ্টাৰ কলেজ ক্রিকেট টুৰ্ণামেণ্টৰ ফাইনেলখন গুৱাহাটীৰ পৰা বহুত দূৰত ডিব্ৰুগড়ত হোৱাত মই দলটোৰ কেপ্টেইন হোৱা সত্ত্বেও অংশগ্ৰহণ নকৰিবলৈ সিদ্ধান্ত লৈছিলোঁ। অৱশ্যেই সেইবাৰ আমাৰ দলেই চেম্পিয়ন হৈছিল। দিল্লীত ৰামজাচ কলেজত পঢ়ি থাকোঁতেও বিশ্ববিদ্যালয়ৰ টেনিছ চেম্পিয়ন হোৱাৰ উপৰি অন্যান্য ক্রীড়া পুৰস্কাৰো পাইছিলোঁ। তেনেকৈ ইংলেণ্ডৰ ছাউথাম্পটন বিশ্ববিদ্যালয়তো বিশ্ববিদ্যালয়ৰ টেনিছ আৰু ক্রিকেট দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছিলোঁ। আকৰ্ষণীয় কথাটো কি জানা— আমাৰ ৰ’ড আইলেণ্ডৰ স্থানীয় বাসিন্দাসকলৰ সৰহভাগেই মোক বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ সলনি টেনিছ আৰু ফুটবলৰ প্ৰশিক্ষক বুলিহে বেছিকৈ জানে। কাৰণ মই ইয়াৰ বহুতো আগ্ৰহী ল’ৰা-ছোৱালীক এই খেলৰ প্ৰশিক্ষণ এতিয়ালৈকে স্থানীয় বিভিন্ন সংগঠন বা মোৰ নিজা উদ্যোগত দি আহিছোঁ।

 

এইটোতো একপ্ৰকাৰৰ সমাজ দায়বদ্ধতাৰে পৰিচায়ক এই ধৰণৰ সমাজসেৱাই নিশ্চয় আপোনাক মনত বিমল আনন্দ প্ৰদান কৰি আহিছে!

► সঁচাই, সেই আনন্দৰ কথা প্ৰকাশ কৰিব নোৱাৰি। মুঠতে মোৰ অকণমান ত্যাগেৰে মই সেই সমাজখনক আপোন কৰি ল’ব পৰা বাবেই তেওঁলোকেও মোক আপোন কৰি লৈছে।

 

খেলা-ধূলাৰ লগতে ছাত্ৰাৱস্থাত আপুনি এন চি চিৰো প্ৰশিক্ষাৰ্থী আছিল এন চি চিৰ প্ৰশিক্ষণে পৰৱৰ্তী কালত এটা শৃংখলিত জীৱন যাপন কৰিবলৈ নিশ্চয় প্ৰভাৱান্বিত কৰিছিল!

► খুব বাৰুকৈয়ে কৰিছিল। আজিকালি এন চি চি আছে নে নাই?

 

আছে, আটাইকেইটা বিভাগেই আছে

► আমাৰ দিনত এন চি চিৰ পাঠ্যক্রম নতুনকৈ প্ৰৱৰ্তন কৰিছিল। প্ৰথম অৱস্থাত আছিল বাবে আমাৰ ছাত্ৰ-ছাত্ৰীৰ উৎসাহো যথেষ্ট আছিল। আৰু মই ভাবোঁ এইটোও বৰ ভাল কথা— এন চি চিৰ পৰা শৃংখলাবদ্ধ এটা জীৱনৰ শিক্ষা লাভ কৰিব পাৰি। বিশেষকৈ সময়ানুৱৰ্তিতাৰ কথা। সময়মতে অহা, সময়মতে কৰা আদি। সময়মতে চলাৰ কথাটো ভাৰতীয়সকলৰ নাই বুলিলেই হয়। কিন্তু মোৰ এমেৰিকান বন্ধুসকলে মোৰ সময়ানুৱৰ্তিতা দেখি আচৰিত মানে আৰু সেইটোও মই এন চি চিৰ পৰাই আচলতে শিকা হ’ল আৰু তাৰ উপকাৰিতা আজিও পাই আছোঁ। দ্বিতীয়তে, নায়কৰ কথা— যিটো ‘লীডাৰশ্বিপ’ বুলি কয়। আমাৰ বহুতে লীডাৰশ্বিপ বুলিলে ৰাজনৈতিক নেতাসকলৰ কথা ভাবে। মই কেৱল সেই নেতাসকলৰ কথা কোৱা নাই। আন ক্ষেত্ৰতো নায়ক হোৱা মানে কেৱল আনক হুকুম দি চলোৱা— এইটোৱেই বুজে। কিন্তু আচলতে নায়ক হোৱা মানে যে আনৰো হুকুম মানিবলগীয়া হ’ব পাৰে— সেইটোহে বেছি প্ৰয়োজনীয় কথা। আৰু বিশেষকৈ নিজৰ অধীনত থকা লোকসকলৰ সকলো প্ৰকাৰৰ দায়িত্ব ল’ব পৰাটোহে আচলতে নায়কত্বৰ চিন। এইবিলাক কথা খুব ভালদৰে শিকা হ’ল। সেইকাৰণে মই তেনেদৰে বহুত ক্ষেত্ৰত আগৰণুৱাও হ’ব পাৰিছিলোঁ কিছুমান কামত। সেইদৰে আন লোকৰ প্ৰতি সমবেদনা, তেওঁলোকৰ কষ্ট বা তেওঁলোকৰ পৰিশ্ৰম— সেইবিলাকৰো মূল্যবোধ হ’ল যথেষ্ট। আৰু মই ভাবোঁ অতি প্ৰয়োজনীয় এইবোৰ কথা। কাৰণ আমি গোটেই জীৱন আন মানুহৰ লগতে আদান-প্ৰদান কৰিব লাগে। সেয়ে এই নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা বা নায়কত্বৰ কথা— এইকেইটা গুণ থাকিলে আদান-প্ৰদান কৰাত যথেষ্ট সুবিধা হয়। যেনে— যিজন মানুহ সময়ানুৱৰ্তী, তেওঁ সময়ৰ মূল্য বুজে আৰু তেওঁ সময়মতে গৈ উপস্থিত হয় নিৰ্দিষ্ট ক্ষেত্ৰত। আৰু তেওঁ যদি সময় মতে নগৈ দেৰি কৰে, তেতিয়া হ’লে ইজন মানুহক অপমান কৰাৰ নিচিনা হয়। আৰু দেখা যায়— বহুতে এইটো ইচ্ছা কৰিয়ে কৰে। ভাবে, ই মোতকৈ তলৰ, ই এনেকুৱাহে, মই যাওঁ অলপ দেৰিকৈ, কোনো ক্ষতি নাই। কিন্তু ওপৰৱালাবিলাকৰ ওচৰলৈ যাবলগীয়া হ’লে এঘণ্টা আগেয়েই গৈ ৰৈ থাকিবগৈ। মই ভাবোঁ এইটো খুব বেয়া কথা— দুয়োপিনেই মানুহজন আচলতে ক্ষতিগ্ৰস্ত হয়। অৰ্থাৎ নিয়মানুৱৰ্তী আৰু সময়ানুৱৰ্তী হোৱাতো যে কেৱল নিজৰ চৰিত্ৰৰ এটা গুণ সেইটোৱেই নহয়, ই আন লোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা বা তেওঁলোকক সময়ৰ মূল্য দিবলৈ শিকাটোও হয়। এতিয়া মই যদি কোনোবা সৰু ল’ৰা-ছোৱালীকো সময় দিওঁ মই সেই সময় ৰাখিমেই। মই যদি কোনোবা নিম্ন শ্ৰেণীৰ কাম কৰা, চকীদাৰ-ঠিকাদাৰেই হওক, কাম কৰা মিস্ত্ৰীয়েই হওক, মই যদি সময় দিওঁ সেইটো মই ৰাখিমেই। আৰু এইটো কাৰণেই তেওঁলোকে তেতিয়া বুজে যে আমাক এওঁ সন্মান কৰে, আমাৰ সময়ৰ মূল্য তেওঁ বুজি পায়— সেই তেনেকুৱা ধৰণৰ কথা। এইবিলাক আহৰণ কৰিব পাৰিলে গোটেই জীৱনত আনৰ লগত আদান-প্ৰদান কৰাত, আনৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰাত সহায় হয়। আমাৰ বহুতে ল’ৰা-ছোৱালীৰ প্ৰতি অকণো ভ্ৰূক্ষেপ নকৰে। সিহঁতৰ যে কিবা এটা চিন্তাধাৰা থাকিব পাৰে, সিহঁতৰো যে আত্মসন্মান থাকিব পাৰে সেইটো নাভাবে। সেই কাৰণে, এইবিলাক কথাৰ কাৰণে এন চি চিৰ প্ৰশিক্ষণে মোক ভাবিব নোৱাৰাকৈ সহায় কৰিছে। আৰু মই সঁচাকৈ কৃতজ্ঞ সেইকেইজন বিষয়াৰ ওচৰত যিকেইজনে ইয়াৰ শিক্ষা দিছিল। বিশেষকৈ আমাৰ নেভিৰ, মোৰ নেভি আছিল বিষয়, লেফ্‌টেনেণ্ট কমাণ্ডাৰ চুলাই— তেওঁক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁ মোক জীৱনত প্ৰেৰণা দিয়াই নহয়, তেওঁ নানান প্ৰকাৰে জীৱন যুঁজৰ ৰূপো চাক্ষুষভাৱে দেখুৱাইছিল। তেওঁ আছিল কটন কলেজৰ এন চি চিৰ নেভিৰ বিষয়া। তেওঁ সদায় মোক নিজৰ ল’ৰাৰ নিচিনাকৈ আচৰণ কৰিছিলে আৰু সদায় সকলো ক্ষেত্ৰতে খুব ভাল ভাল কথা শিকাইছিলে। মানুহজন খাচীয়া মানুহ আছিলে। তেওঁ নিজকে আমাৰ অসমৰ ল’ৰা-ছোৱালী সকলোকে খুব আপোন বুলি ভাবিছিলে। কিন্তু পিছত তেওঁ এক মটৰ দুৰ্ঘটনাত ঢুকাল। তেওঁৰ পৰা মই বহুত কথাই শিকিলোঁ। শিক্ষকতাৰ কথা, নায়কত্বৰ কথা আৰু তেওঁ যেনেকৈ প্ৰতিজনৰে দায়িত্ব লৈছিল সেইটো সঁচাই আচৰিত মানিবলগীয়া। কোনে কি খাইছে, কাৰ কি সমস্যা সকলো। কোনোবা এজনে কান্দিলেও তেওঁ সেইটো বুজ ল’ব— এনেকুৱা ধৰণৰ। আৰু সেইটোকহে আচল নায়ক বোলে। নিজৰ দায়িত্ব থকা সকলোৰে সুখ-দুখ, আত্মসন্মানৰ খবৰ ৰখাটো। সেই কাৰণে এন চি চি আমাৰ জীৱনৰ বাবে বহুত উপকাৰী বস্তু আচলতে। মই সেয়ে সকলোকে কওঁ যে এন চি চি নিশ্চয় ল’ব লাগে। আন এটা কথা হ’ল কি— স্কুলৰ পাঠ্যক্রমত নথকা বহুতো কথাই তাত শিকিবলৈ সুযোগ পোৱা যায়। এই কথাটোত অৱশ্যে উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ আৰু মোৰ দেউতায়ো মোক খুব উৎসাহ দিছিল। সেই কাৰণে মই লিখিছোঁৱেই যে এইটো কিমানদূৰ সত্য মই ডাঠি ক’ব নোৱাৰোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বপ্ৰথম এন চি চিক সহ শৈক্ষিক পাঠ্যক্রম হিচাপে অন্তৰ্ভুক্তি দিছিল। আৰু সেইটো হৈছিল কৃষ্ণকান্ত সন্দিকৈ আৰু দেউতাই মোৰ ওপৰত এন চি চিৰ যিটো প্ৰভাৱ দেখিলে সেয়া দেখি আৰু এন চি চিৰ বিষয়াসকলৰ সৈতে যথেষ্ট সমিলমিলেৰে আলোচনা কৰি। এইটো সঁচাকৈয়ে এটা গৌৰৱৰ বিষয় যে এন চি চিক গুৱাহাটী বিশ্ববিদ্যালয়ে এটা পাঠ্যক্রম হিচাপে অৰ্ন্তভুক্ত কৰিছিল। এতিয়া অৱশ্যে ই কেনেদৰে চলি আছে নাজানো, কিন্তু সেই সময়ত কৃষ্ণকান্ত সন্দিকৈৰ এইখিনি সাহস আছিল ইয়াক বিশ্ববিদ্যালয়ৰ পাঠ্যক্রম হিচাপে প্ৰৱৰ্তন কৰাৰ। আন বিশ্ববিদ্যালয়বোৰে কিন্তু মই জনাত পিছতহে এই কাম কৰিছে।

 

কৃষ্ণকান্ত সন্দিকৈৰ সৈতে আপোনাৰ সান্নিধ্যৰ অকণমান স্মৃতিচাৰণ কৰিব নেকি?

► তেওঁৰ লগত কথা পাতিবলৈ মই ছাত্ৰ জীৱনত নাই পোৱা বুলিয়ে ক’ব লাগিব। তেওঁ আমাৰ ঘৰৰ কাষতে থাকে, কিন্তু তেৱেঁ সকলো খবৰ ৰাখে। তেওঁ দুই-এবাৰ আমাৰ ঘৰলে আহিছে। এবাৰ মই বৰ ভালকৈ পাছ কৰা বুলি চাহ খাবলৈ আহিছিল। তেতিয়াও সেই দুই-এটা কথাহে পতা হৈছিল। তেওঁ বৰ বেছি কথা নকয়— ‘‘কি পঢ়িছ, কি কৰিছ’’— এনেকে সোধে। মোৰ সৈতে বিশেষ ঘনিষ্ঠতা সেই সময়ত নাছিল। কিন্তু যেতিয়া তেওঁ অৱসৰ ল’লে, তেওঁৰ লগত আমাৰ অলপমান পাৰিবাৰিক সম্বন্ধও হ’ল— তেওঁৰ ল’ৰা বিজয় সন্দিকৈয়ে বিয়া কৰাইছে মোৰ ভিন্‌দেউৰ নিজা ভাগিনীক। অৰ্থাৎ বাইদেউ তেওঁলোকৰ তালৈ গৈ থাকে, সেই সূত্ৰে ময়ো তালৈ যাওঁ। এবাৰ তেনেকৈ যাওঁতে তেওঁতো মোক লগ পাবলৈ ৰৈ থাকিব মই ভবাই নাছিলোঁ— তেওঁ যেতিয়া গম পালে ময়ো গৈছোঁ তেতিয়া জীয়েকক মোৰ ওচৰলৈ পঠাই দিলে যে মাতি লৈ আন মই অলপ কথা পাতোঁ। সেইবাৰ ভালকৈ কথা পাতিলোঁ। তাৰ পিছত অৱশ্যে গ’লেই মই তেওঁক দেখা কৰোঁ, তেৱোঁ কথা পাতে। আৰু তেওঁ তেতিয়াও সদায় শিক্ষাক লৈয়ে বেছ চিন্তিত— বিশ্ববিদ্যালয়খন বেয়া হৈ গৈছে বুলি, বেয়া মানুহ সোমাইছে বুলি আৰু ৰাজনীতি— কেইবাবাৰো সেইটোকে তেওঁ উল্লেখ কৰিছে। বিশেষকে ৰাজনীতি; ৰাজনৈতিক স্বাৰ্থ থকা মানুহ কিছুমান সোমালে। পিছলৈ তেনে এজন লোক উপাচাৰ্য হ’লগৈ— দেৱ প্ৰসাদ বৰুৱা, তেওঁ সেই সময়ৰ পৰাই বহুত গণ্ডগোল আৰম্ভ কৰিছিলে, নানা ধৰণেৰে, বাতাৱৰণটো বৰ নষ্ট কৰিব ধৰিছিল ৰাজনীতিৰে। গণতান্ত্ৰিক দেশত লাগে কিছুমান ৰাজনৈতিক কথা, কিন্তু মই ভাবোঁ শিক্ষা প্ৰতিষ্ঠানত ৰাজনৈতিক মঞ্চ গঢ়িবলৈ চেষ্টা কৰাটো গৰ্ঢ়িত কাম, অতি অনুচিত।

 

হঠাতে মোৰ মনলৈ কথা এটা আহিছে ধৰক, অসম চৰকাৰে আপোনাক গুৱাহাটী বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আমন্ত্ৰণ কৰিলে, আপুনি দায়িত্বভাৰ লবনে? যদি লয় কেনেধৰণৰ নতুন কাৰ্যব্যৱস্থা হাতত ল?

► এতিয়া বহুত দেৰি হৈ গ’ল। প্ৰথম কথা— উপাচাৰ্য হ’বলৈ মই ইচ্ছুক নহওঁ। কিন্তু উপদেষ্টা বা আন কিবা পদবী পালে তেতিয়া অৱশ্যে বেলেগ কথা। তেতিয়া হয়তো কিছুমান পথ মই দেখুৱাব পাৰোঁ। কিন্তু এতিয়া আৰু হাতে-কামে কৰিব পৰাৰ সেই উদ্যম নাই। তথাপি কোনোবাই যদি তেনেকৈ বিচাৰে কিছু উপদেশ, কিছু পথ মই দেখুৱাব পাৰোঁ।

 

চিন্তা কৰিবলৈ তুমি পঢ়িবই লাগিব সেয়ে পঢ়িবলৈ, বাৰে বাৰে পঢ়িবলৈ অভ্যাস কৰাটো এতিয়া বৰ প্ৰয়োজন হৈ পৰিছে

 

আপোনাৰ জীৱন-চয়নলৈ দৃষ্টি দিলে দেখা যায় যে খেলা-ধূলা আৰু অংকশাস্ত্ৰ দুয়োটাকে যদিও আপুনি ভাল পাইছিল তাৰ ভিতৰত বোধকৰোঁ আপোনাৰ প্ৰথম পছন্দৰ বিষয় আছিল গণিত গণিতৰ প্ৰতি আপোনাৰ যি ঔৎসুক্য সেয়া বাৰু প্ৰথম কিদৰে সৃষ্টি হৈছিল? বাল্যকালৰ গণিত চৰ্চাই নিশ্চয় পৰৱৰ্তী কালতো আপোনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল?

► অ’, সেইটোৱেই হ’ব লাগিব। কিন্তু সেই যে ক’লোঁ সৰুৰে পৰাই অংকবিলাক কৰি, কিবা সমস্যা এটা দিয়ে আৰু তাৰ সিদ্ধান্তলৈ আহিব লাগে। সেইখিনি যে চিন্তা কৰোঁ সেই কথাটো মোৰ বৰ ভাল লাগে, মূৰটো যে ঘমাব পাৰোঁ। মোৰ বোধেৰে তেনেকুৱাকৈয়ে ল’ৰা-ছোৱালীক শিক্ষা দিব লাগে। অলপ মূৰটো ঘমাবলৈ দিব লাগে। খেলিলে যেনেকৈ ভাল লাগে, দৌৰি ঘামিছোঁ, প্ৰথমে হয়তো ল’ৰা-ছোৱালীয়েও অলপমান বেয়া পায়, কিন্তু যেতিয়া দৌৰি এটা আনন্দ পায়, ঘামিলে যে, ব্যায়াম হ’ল এটা, তেনেকৈয়ে অংকৰ ক্ষেত্ৰটো মগজুটো খটোৱা হয়। তেনেকৈ আন পঢ়া-শুনাৰ ক্ষেত্ৰটো। তেতিয়া শিক্ষাটোও নিজৰ বাবে বেছ আমোদজনক হয়। নিজৰ ভাল লগা বস্তু এটা অনুশীলন কৰিবলৈনো কোনে বেয়া পায়? এতিয়া ধৰা কবিতা এটা বহুতে আওৰাই আওৰাই, আবৃত্তি কৰি পঢ়ি বৰ ভাল পায়। তেনে কৰিবলৈ দিবও লাগে। সেইটো বৰ ভাল কথা। মই ভাবোঁ সেইটোৱেও মোক বৰ সহায় কৰিছে। সেই কাৰণেই পিছলৈ মই অসমীয়া পঢ়িবলৈ ল’লোঁ। কাৰণ কবিতাবিলাক সদায় মুখস্থ কৰিবলৈ ভাল। সৰুৰে পৰাই, এতিয়াও কিছুমান কবিতাৰ নামেই নাজানো, কিন্তু এতিয়াও মনত আছে মোৰ।

 

Dr-Dilip-Kumar-Dutta-With-Darikযিসকলে অংক নোৱাৰে তেওঁলোকৰ বাবে অংক নিৰস আৰু বাকীসকলৰ বাবে পৃথিৱীৰ আটাইতকৈ ৰসাল বিষয়টোৱেই হৈছে অংক তেওঁলোকৰ বাবে অংকত আত্মমগ্ন হৈ থকা সময়খিনিত ভোক-পিয়াহ, টোপনি সকলো পলায় এই অংকশাস্ত্ৰৰ সৈতে জড়িত আপোনাৰ জীৱনৰ দুটামান ৰোমাঞ্চকৰ ঘটনাৰ বিষয়ে কওকচোন

► ৰোমাঞ্চকৰ? আচলতে এতিয়া মই বেছিকে অংক শিকোৱা পদ্ধতি বা অংক কেনেদৰে ভালদৰে শিকিব পাৰি এইবিলাকৰ বিষয়ে যথেষ্ট গৱেষণা কৰা হ’ল আৰু মই এই গৱেষণা-পত্ৰৰ উপৰি কিতাপ এখনো লিখিছো এই বিষয়ত। এমেৰিকাত যদি কোনোবাই মোক অংকৰ অধ্যাপক বুলি জানে মই সেই গণিত শিকাৰ বিষয়ে লিখা কিতাপখনৰ কাৰণেহে জানে।

 

কি নাম আছিল কিতাপখনৰ?

► কিতাপখনৰ নাম হৈছে Math Education At Its Best: The Potsdam Model (1993). এইখন কলেজৰ অংক শিক্ষা পদ্ধতিৰ এখন কিতাপ, মই ভাবোঁ এইখন এখন বিশেষভাৱে উল্লেখযোগ্য কিতাপ। পট্‌ছডামৰ ল’ৰা-ছোৱালীবিলাকে খুব মনোযোগেৰে, খুব ভাল পাই অংক শিকে। মানে এমেৰিকাৰ কোনোবা কলেজ বা বিশ্ববিদ্যালয়ত যদি তুমি যোৱা আৰু সোধা— হয়তো শতকৰা ৮০জনেই ক’ব অংক বেয়া পাওঁ। কিন্তু এই পট্‌ছডাম কলেজৰ শতকৰা ৯৯জনেই কয়— মই অংক বৰ ভাল পাওঁ। এইটো এটা সাধাৰণ কথা নহয়। মই সেই কলেজখনত গৈ এবছৰ কটাই কি কাৰণেনো তেওঁলোক এনেকৈ সফল আদি বিষয় বিশ্লেষণেৰে কিতাপখন লিখি পেলালোঁ। সেই কলেজখনৰ যিবিলাক পদ্ধতি মোৰ অভিজ্ঞতাৰ লগত খুব মিলি গ’ল, ময়ো তেনেকুৱা ধৰণৰ কিছুমান কাম কৰিছিলোঁ, সেই কাৰণে বৰ ভাল লাগিলে।

আৰু ৰোমাঞ্চকৰ বুলি যিটো কথা কৈছা— প্ৰথমে মই খুব আনন্দ পাইছিলোঁ এই কাৰণে যে মোৰ সৰহভাগ লগৰীয়া আছিল খেলাৰ লগ আৰু সিহঁত বেছিভাগেই আছিল অংকত গাধা। গাধা মানে কি— নকৰেই অংক, পঢ়া-শুনা নকৰে। আনবিলাকততো গাধাই, অংকত একেবাৰে গাধা। সেই সিহঁতক মই অংক শিকাবলগীয়া হয়। আৰু কেতিয়া যেতিয়া পৰীক্ষা আহি ওচৰ পায়হি, তেতিয়া। তেতিয়া মই প্ৰায়েই সিহঁতক অংক শিকাবলগীয়া হয়। তেতিয়া মই দেখোঁ যে বহুত কথাই মই সিহঁতক বুজাব পাৰিছোঁ। আৰু কলেজত আহিতো মোৰ তাতোকৈও ডাঙৰ এটা অভিজ্ঞতা হ’ল— কলেজৰ ল’ৰা-ছোৱালীবিলাকে বহুতেইতো অংক একেবাৰেই টান পায়। আৰু সিহঁতক মই অংক শিকাবলগীয়া হয়। তেতিয়া মই সিহঁতক কওঁ— চা, অংকত খালি যোগ, বিয়োগ, পূৰণ, হৰণ আছে, আৰু একোৱেই কৰিব নালাগে। সঁচাকৈ যোগ, বিয়োগ, পূৰণ, হৰণেই অংকৰ সত্তাটো নিৰূপণ কৰে। কিন্তু কেতিয়া যোগ কৰিব লাগে, কেতিয়া পূৰণ কৰিব লাগে সেইটো নিৰ্ধাৰণ কৰাটোহে আচল কথা। আৰু তাহাঁতে যেতিয়া সমস্যাটো মোৰ ওচৰলৈ আনে মই তেতিয়া বাৰে বাৰে সিহঁতক সেইটো পঢ়িবলৈ দিওঁ। কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় সেইবোৰ ইংৰাজীত থকাৰ কাৰণে ইংৰাজীটো সিহঁতে বুজি নাপায়। আৰু সিহঁতে পঢ়াৰ পিছত মই যেতিয়া সিহঁতক অসমীয়াত সেইটো বুজাই দিওঁ তেতিয়া সিহঁতে সেইটো নিজেই কৰিব পৰা হয়। মোৰ বিশেষকে মনত পৰে— অনিল মৈত্ৰ বুলি এজন ল’ৰা আছিলে, গুৱাহাটীৰে ল’ৰা, বৰ পালোৱান আছিল, সি বেচেৰা বৰ চেষ্টা কৰে, আৰু তাক যেতিয়া মই অসমীয়াত অংকটো বুজাই দিওঁ সি তেতিয়া কয়— ‘ছেঃ এইটোৱেই আছিল নেকি! মইতো এইটো পাৰোঁ!’ কথা হ’ল সি অংকটো অৰ্থাৎ প্ৰটোৱেই বুজি নাপায়। ঠিক তেনেকৈ এইটো আচলতে এটা পদ্ধতিয়েই— ল’ৰা-ছোৱালীয়ে অংক নোৱাৰিলে কেতিয়াও অংকটো কৰি দিব নাপায়। সিহঁতক অংকটো পঢ়িবলৈ দিব লাগে। বাৰে বাৰে পঢ়িলে বহুত সময়ৰ পিছত দেখিবা যে সেইটো বুজা যায়। কিনো কৈছে সেই কথাটো বুজা হৈ যায়। আৰু বাকীখিনিতো খালি যোগ-বিয়োগ, পূৰণ-হৰণৰ কাম। কেতিয়া যোগ কৰিব লাগে, কেতিয়া বিয়োগ কৰিব লাগে, কেতিয়া পূৰণ কৰিব লাগে, কেতিয়া হৰণ কৰিব লাগে— সেই কথাটো জানিব লাগে।

 

তাৰ মানে অংকটো কৰাৰ আগেয়ে অংকটো পঢ়িব লাগিব যিটো কাম আমাৰ অনেকেই নকৰে

► অ’, পঢ়িব লাগিব। পঢ়াটোৱেই হৈছে আটাইতকৈ ডাঙৰ আৰু প্ৰথম কথা। অংকটো বুজিব লাগিব প্ৰথমে, কি কৰিবলৈ দিছে বা বস্তুটোনো কি! সেইটো বুজিলেই আচলতে আধাআধি উত্তৰ হাতলে আহিয়ে যায়।

 

আমাৰ লৰা-ছোৱালীয়ে সেই কথাটোত প্ৰায়ে গুৰুত্ব নিদিয়ে

► ল’ৰা-ছোৱালীয়েতো ভাবি নাপায়েই, শিক্ষকেও আনকি গুৰুত্ব নিদিয়ে। আজিকালি ল’ৰা-ছোৱালীয়ে এনেয়েও বেছিকৈ পঢ়িবলৈ বৰ ভাল নাপায়। অংক বুলিয়ে নহয়, যিকোনো বিষয়েই পঢ়িবলৈ ভাল নাপায়। এই টেলিভিছন চাই চাই চোৱাত ইমান অভ্যস্ত হৈ যায় যে পঢ়াতো যেন গৌণ কথাহে। বাকীবিলাকেই যদি নপঢ়ে অংক এটা কৰাৰ আগেয়ে পঢ়ি চাবলৈ ক’ত ধৈৰ্য হ’ব কোৱাচোন? পঢ়াৰ অভ্যাসটো সেয়ে আজিকালি বহুত কমি গ’ল। ল’ৰা-ছোৱালীৰ ওপৰত ক্রিকেট, টিভিৰ সেয়া এটা অতি বেয়া প্ৰভাৱ। চকুৰে চাই, টিভিত কিবা এটা দেখিছে, একেবাৰে যান্ত্ৰিকভাৱে, সিমান এটা গুৰুত্ব নাই, গৈ আছে, এফালৰ পৰা ওলাই গৈ আছে। কিন্তু কিতাপৰ কথাটো সুকীয়া। কিতাপখন পঢ়ি আকৌ চিন্তা কৰিব পাৰি। টেলিভিছন চাই সেইদৰে চিন্তা কৰিব নোৱাৰি। চিন্তা কৰিবলৈ তুমি পঢ়িবই লাগিব। সেয়ে পঢ়িবলৈ, বাৰে বাৰে পঢ়িবলৈ অভ্যাস কৰাটো এতিয়া বৰ প্ৰয়োজন হৈ পৰিছে। আৰু অংকৰ এইটো এটা বৰ ডাঙৰ দিশ। সেই এটা উপলব্ধি।

আৰু মোৰ নানান ধৰণৰ অভিজ্ঞতা হৈছে। তুমি যে ‘ৰোমাঞ্চকৰ’ বুলি কৈছা— বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ লগত অংকটো পঢ়িবলৈ দিয়া বা শুনিবলৈ দিয়া, তেনেকে বহুত ছাত্ৰ-ছাত্ৰীৰ লগত বেছ প্ৰেৰণাদায়ক বহু ঘটনাই ঘটিছে। এইবিলাক মই আগলৈ লিখিম। দুই-এটা মোৰ গৱেষণা-পত্ৰটো উল্লেখ কৰিছোঁ।

 

আপুনি ডক্টৰেট ডিগ্ৰী পাইছিল দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপক ড০ এম কে ছিংগলৰ অধীনত গৱেষণা কৰি আৰু ইয়াৰ পিছতেই আপুনি পষ্ট ডক্টৰেটৰ বাবে গৈছিল ইংলেণ্ডৰ ছাউথাম্পটন বিশ্ববিদ্যালয়লৈ তাত আপোনাৰ গৱেষণাৰ গুৰু কোন আছিল?

► প্ৰফেছাৰ ই টি ডেভিছ আছিল মোৰ প’ষ্ট ডক্টৰেলৰ নিৰ্দেশক।  

 

তাৰ পিছত আপুনি যেতিয়া পষ্ট ডক্টৰেট সম্পূৰ্ণ কৰিলে আপোনাৰ অধীনত, আপোনাৰ নিৰ্দেশত আজিলৈকে কিমানজনে ডক্টৰেট ডিগ্ৰী ললে?

► মোৰ তলত কোনেও ডক্টৰেটৰ গৱেষণা কৰা নাই। কাৰণ হ’ল কি মই যিটো বিষয়ত গৱেষণা কৰিছিলোঁ সেইটো হ’ল শুদ্ধ গণিত। বোধ গণিত বুলি হয়তো ক’ব পৰা যায়— পিউৰ মেথেমেটিক্স। পিউৰ মেথেমেটিক্সৰ কথা হ’ল কি এইবিলাক প্ৰয়োগতকৈ তাৰ সূত্ৰবিলাকৰ ওপৰতহে গুৰুত্ব বেছি। এতিয়া এমেৰিকাত, বিশেষকে আমাৰ নিচিনা বিশ্ববিদ্যালয়ত সেই বিষয়ত গৱেষণা কৰিবলৈ ছাত্ৰ-ছাত্ৰী পোৱা বৰ টান। কিন্তু, তাত এম এ, এম এছ চি পঢ়ি থাকোঁতেও গৱেষণা আৰম্ভ কৰে। সেইবিলাকৰ বিশেষ কথা নাথাকে, কিন্তু যথেষ্ট গৱেষণা কৰে। তাত মোৰ এম এ, এম এছ চি-ৰ ছাত্ৰই যথেষ্ট, কিন্তু ডক্টৰেটৰ ছাত্ৰ নাই। আৰু আজিকালি আচলতে যিবিলাকে পিউৰ মেথেমেটিক্সত গৱেষণা কৰে, সেইবিলাক বেছিভাগেই চহকী বিশ্ববিদ্যালয়ৰ চহকী ছাত্ৰ-ছাত্ৰী হ’ব লাগিব— তেনেকুৱা ধৰণৰ কথা এটাও আছে। ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ত সেইটো এটা বৰ বেয়া কথা যে পি এইচ ডিৰ ষ্টুডেণ্ট সকলোবিলাকেই এপ্লাইড মেথেমেটিক্সৰ। কিন্তু সেই ফালৰ পৰা আন এটা উপকাৰো আছে অৱশ্যে যে বিষয়বিলাক পঢ়াবলৈ আমি যথেষ্ট সুবিধা পাওঁ। পিউৰ মেথেমেটিক্সৰ নানা আধুনিক বিষয়, ছাত্ৰ-ছাত্ৰীবিলাক, যিবিলাকে টান পায়, আন বিষয়তকৈ— সেইবোৰ বিষয় আমি নিৰ্বাচন কৰি মুকলিমূৰীয়াকৈ গৱেষণা কৰিবলৈ কিন্তু তাত যথেষ্ট সুবিধা পাইছোঁ।

 

আপোনাৰ দৃষ্টিত সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ গণিতজ্ঞকেইগৰাকী কোন কোন আৰু তেখেতসকল কোন কোন বিশ্ববিদ্যালয়ত কি কি বিষয়ত কৰ্মৰত? এই বিষয়ে অকণমান জনাব নেকি?

► তেনেকুৱা প্ৰশ্নৰ উত্তৰ দিয়া আচলতে বৰ টান। অৱশ্যে আমি তেনেকুৱা ধৰণৰ প্ৰশ্ন নকৰোঁৱেই। মনলেই নাহে। কোন শ্ৰেষ্ঠ, কোন নিকৃষ্ট— তেনেকুৱাধৰণৰ কথাবোৰ। কিন্তু কেইবাগৰাকীয়েও খুব ভাল গৱেষণা কৰি আছে। সেই প্ৰসিদ্ধসকলৰ নাম দুই-এটা মনলে’ আহে— জন মাইনৰ (John W Milnor) বুলি এজন, তেওঁ এম আই টিৰ পৰা গৈ কিছুদিন প্ৰিন্সষ্টনত গৈ আছিলগৈ। তেতিয়া ষ্টনিবুকলৈ গৈছে। আমাৰ বিশ্ববিদ্যালয়তো লাডাছ (Prof. Gerry Ladas) বুলি এজন প্ৰফেছৰ আছে, মোৰ বন্ধু, তেওঁ বিশেষকৈ এটা বিষয়ত এতিয়া খুব নাম কৰা, পৃথিৱীৰ ভিতৰতে এজন আগশাৰীৰ গণিতজ্ঞ। তাৰ পিছত কালিফৰ্নিয়াত আছে বীজগণিতৰ এজন। মই অৱশ্যে বেছিকে পিউৰ মেথেমেটিক্সৰ বিলাককহে জানো। কিন্তু নানা বিষয়ৰ বহুত আছে। তেনেকে বহুতেই ঐকান্তিকভাৱে গৱেষণা কৰি আছে। এতিয়া কোন শ্ৰেষ্ঠ, কোন কম শ্ৰেষ্ঠ— সেইটো বাছনি কৰাটো সঁচাই এটা জটিল নাম।

 

মানে প্ৰশ্নটোৱেই এটা অবান্তৰ প্ৰশ্ন নেকি?

► নহয়, বহুতে কথাটো অৱশ্যে ভাবে, কিবা মাপকাঠীৰে জুখি চাবলৈ বিচাৰে, কিন্তু আমি সেইদৰে নাভাবোঁ। বা এমেৰিকাতো তেনেকৈ নাভাবে— নাম্বাৰ ৱান গণিতজ্ঞ কোনজন? বিশেষকৈ বুদ্ধিজীৱীসকলে। কিন্তু আনসকলে অৱশ্যে কৈ থাকে— ‘আই এম দ্য গ্ৰেটেষ্ট, ‘দিছ ইজ দ্য বেষ্ট’ এইদৰে। কিন্তু আচল যিসকলে অলপমান চিন্তা-ভাবনা কৰে, সেইসকলে এনেকৈ মাপকাঠী লগাই নুফুৰে আৰু চৰ্চাটো বা গৱেষণাটোহে গুৰুত্বপূৰ্ণ কথা তেওঁলোকৰ কাৰণে।

 

ভাল চিনেমা চাই ভালেই পাওঁ

 

১৯৭৪ চনত। পত্নী ৰাণীমা দত্তৰ সৈতে।

১৯৭৪ চনত। পত্নী ৰাণীমা দত্তৰ সৈতে।

আপুনিকমলৱেলথ বৃত্তিৰ প্ৰাৰ্থী চোৱা পৰীক্ষাবুলি এখন বৰ ধুনীয়া ৰচনা লিখিছিলে ৰচনাখনত চিনেমাৰ সৈতে আপোনাৰ এটা বীতশ্ৰদ্ধ ভাবৰ প্ৰসংগ উল্লেখ কৰিছিল চিনেমা চাই কি আপুনি একেবাৰেই বেয়া পায় নেকি?

► নাই নাই, ভাল চিনেমা চাই ভালেই পাওঁ। কিন্তু মই যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়া আমি খুব কম চিনেমা চাইছিলোঁ। তাৰ দুটা প্ৰধান কাৰণ হৈছে— খেলা-ধূলা কৰোঁতে বহুত সময় যায়। খেলা-ধূলাতো যিহেতু আমাৰ শাৰীৰিক বিকাশৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়, চিনেমা চাই আমোদ-প্ৰমোদ কৰাৰ কি দৰকাৰ? দ্বিতীয়তে, সেই সময়ত চিনেমাৰ টিকেটৰ দাম আছিল দুটকা। আমাৰ ছাত্ৰৰ কাৰণে বহুত বেছি। আমি ভাবিছিলোঁ সেয়া এক প্ৰকাৰৰ অপব্যয়। আমি যদি খেলিয়েই সেইখিনি আনন্দ পাব পাৰোঁ, কিয় আৰু বেলেগ খৰচ কৰোঁ? সেই কাৰণে মই নিজা উদ্যোগত তেতিয়া চিনেমা প্ৰায় নাচাইছিলোঁৱেই। কিন্তু কোনোবাই, মামা বা কোনো ডাঙৰ মানুহে লৈ গ’লে তেতিয়া চাওঁ। চিনেমা চাই যে বৰ ভাল পোৱা নাছিলোঁ সেইটোও ঠিক কথা। দুই-এখন চাই অৱশ্যেই বৰ ভাল লাগিছিল। মোগল--আজমখন চাই তেনেকে বৰ ভাল লাগিছিল, আকবৰৰ কথাবিলাক মনত পৰাত। বুৰঞ্জীমূলক আছিলে সেইখন।

 

ছাত্ৰ জীৱনৰ পিছত, পৰৱৰ্তী কালত আপুনি চোৱা আৰু আপোনাৰ জীৱনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা চলচ্চিত্ৰকেইখনৰ বিষয়ে অকণমান কব নেকি?

► অ’ আজিকালি মই কিছুমান চিনেমা চাই খুব ভাল পাওঁ। অৱশ্যে আধুনিক চিনেমাত বৰ ৰাপ নাই। কিন্তু চাৰ্লি চেপ্‌লিন বৰ ভাল পাওঁ। মই নিজেই চাৰ্লি চেপ্‌লিনৰ সকলোবিলাক চিনেমা গোটাই লৈছোঁ। কেতিয়াবা টেলিভিছন বা আন ক’ৰবাত চাবলৈ লৈ বীতশ্ৰদ্ধ হ’লে লাহেকৈ মই চাৰ্লি চেপ্‌লিন উলিয়াই লওঁ। মোৰ তালৈ কোনোবা ল’ৰা-ছোৱালী আহিলেও মই সদায় কওঁ যে তহঁতে চাৰ্লি চেপ্‌লিন চাবি। মই তেওঁৰ যিবোৰ মৌলিক চিন্তাধাৰা সঁচাকে আচৰিত মানো। মানৱীয় দিশতেই হওক বা এজন শিপ্লী হিচাপেই হওক। আমাৰ জাহ্নু বৰুৱাৰ চিনেমাও খুব ভাল পাওঁ মই। তেওঁৰ চিনেমা ফিৰিঙতি আৰু সাগৰলৈ বহু দূৰ প্ৰায়ে চাওঁ আৰু আমাৰ বিশ্ববিদ্যালয় পৰা বহুতকে মই মাতি আনি সেইবোৰ দেখুৱাইছোঁ। সেইকেইখনো মই ভাবোঁ অতি উচ্চ মানৰ চিনেমা। কাহিনীয়েই হওক, অভিনয়েই হওক, পৰিচালনাই হওক— সকলো দিশতে পাৰফেক্ট। তেনেকৈ সত্যজিৎ ৰায়ৰো গোটেইবিলাক চিনেমাই চাই ভাল পাইছিলোঁ। বিশেষকৈ অপুৰ সংসাৰ, পথেৰ পাঁচালী আদি। সেইবিলাকো মই চাওঁ। তেনেকৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দুই-এখন ভাল চিনেমাও চাইছোঁ। চিনেমাখন ভাল পালে তাৰ ডিস্ক মই কিনি লওঁ আৰু আকৌ চাওঁ। সেইকাৰণে নাপাহৰোঁ আৰু।

 

২০০১ চনৰ শ্ৰেষ্ঠ ছবিৰ একাডেমী বিজয়ীএ বিউটিফুল মাইণ্ডশীৰ্ষক ছবিখন নিৰ্মিত হৈছিল জগদ্বিখ্যাত গণিতজ্ঞ প্ৰফেছৰ জন ফৰবেজ নাশ্ব (জুনিয়ৰ)ৰ জীৱনক লৈ এই ছবিখন আপুনি চাইছে নিশ্চয়?

► অ’ চাইছোঁ। চিনেমাখন ভাল লাগিছে মোৰ।

 

প্ৰিন্সষ্টন বিশ্ববিদ্যালয়ৰ এইগৰাকী গণিতজ্ঞক আপুনি বাস্তৱ জীৱনত লগ পাইছে নেকি?

► মই প্ৰিন্সষ্টন ইউনিভাৰ্ছিটীলৈ গৈছোঁ, কিন্তু মোৰ বিষয়ৰ লগত সম্পৰ্ক থকা অধ্যাপকসকলকহে বেছিকে লগ পাইছোঁ। তেওঁলোকক লগ পোৱাটোৱেই যিহেতু মোৰ প্ৰথম প্ৰয়োজন, সেয়ে দৌৰাদৌৰিকৈ তেওঁলোকক লগ পোৱাটোৱেই ডাঙৰ কথা। সেইকাৰণে তেখেতক মই লগ পোৱা নাই।

 

মাধ্যম লৈ বা পদ্ধতি লৈ মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই

 

আপোনাৰ দৃষ্টিত ধৰা পৰা ভাৰতীয় শিক্ষা ব্যৱস্থা আৰু এমেৰিকান তথা পশ্চিমীয়া শিক্ষা ব্যৱস্থাৰ মূল পাৰ্থক্যবিলাক কোনবিলাক?

► ভাৰতীয়ৰ ভিতৰত মই দিল্লী বিশ্ববিদ্যালয় আৰু অসমৰহে দেখিছোঁ। মই ভাবোঁ শিক্ষাটো হ’ব লাগে খুব মুকলিমূৰীয়া। শিক্ষক-ছাত্ৰ আটায়ে খুব মুকলিমূৰীয়াভাৱে, অতি স্বাধীনভাৱে, যিটো ‘একাডেমিক ফ্ৰীডম’ বুলি কয়, স্বাধীন আৰু সচ্ছল বুলি ক’ব পাৰি, সেইটোৱেই আটাইতকৈ প্ৰয়োজনীয়। আৰু এমেৰিকাত সেইটোৱেই নানা প্ৰকাৰে বেছিকৈ পোৱা যায়। কিন্তু আমাৰ ইয়াত এমেৰিকাৰ সেই দৃষ্টিভংগীৰ সম্পূৰ্ণ বিপৰীত ৰূপ দেখা যায়। বিশেষকে চৰকাৰে স্কুলেই হওক, কলেজেই হওক অযথা হস্তক্ষেপ, অযথা ৰাজনীতি কৰে। যিটো ব্ৰিটিছৰ দিনটো নাছিল। এতিয়া মানে সাংঘাতিক ধৰণেৰে হৈছে সেইটো। এতিয়া যদি মন্ত্ৰী-এম এল এ-বিলাকে ভাবে যে শিক্ষক নিযুক্তি দিয়াটোৱেই তেওঁলোকৰ একমাত্ৰ কাম, একমাত্ৰ ক্ষমতা প্ৰদৰ্শনৰ সুযোগ, তেতিয়া হ’লে বাৰু কেনেকৈ হয়? তাৰ উপৰি এতিয়া দেখা যায় চৰকাৰে যিবিলাক গাইগুটীয়া প্ৰচেষ্টা আছে, ভেন্সাৰ স্কুল আছে, ইংৰাজী মাধ্যমৰ স্কুল আছে— সেইবিলাকৰ ওপৰতহে নানা ধৰণৰ হস্তুক্ষেপ কৰিবলৈ বিচাৰে। কাকতে-পত্ৰই সেইবিলাক মই লিখা পঢ়িছোঁ। মই ভাবোঁ সেইবিলাক একদম অবান্তৰ কথা। মানে ভুল লক্ষ্য। যিখন চৰকাৰে নিজৰ স্কুল-কলেজবিলাককে ঠিক কৰিব পৰা নাই, সেইখনে বাৰু আনৰবিলাক কেনেকৈ ঠিক কৰিব? আমি সেইটো আশা কৰাই ভুল। সেই কাৰণে তেওঁলোকে কিবা কৰিবলৈ যোৱাৰ আগতে, চৰকাৰেই হওক, ৰাইজেই হওক, যিয়েই হওক— প্ৰথমে আমাৰ আগৰ যিবিলাক চৰকাৰী বিদ্যালয় বা আজিকালি কি কয় প্ৰভিন্‌চিয়েলাইজ্‌ড্‌, প্ৰাদেশীকৃত— সেই স্কুলবিলাককে ঠিক কৰকচোন আগতে। আৰু শিক্ষাটো যদি কোনোবাই মুকলিমূৰীয়াভাৱে বেলেগে কিবা প্ৰচেষ্টা চলাইছে সেইবিলাক লৈ অযথা মূৰ ঘমোৱাৰ কোনো কাৰণ নেদেখোঁ। কোনো প্ৰয়োজন নাই। মাধ্যম লৈ বা পদ্ধতি লৈ মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই। আকৌ সিদিনা দেখিলোঁ কাগজত চি বি এছ ই সোমাব খুজিছে অসমৰ কিছুমান স্কুলত, তাৰ বাবে ‘ন’ অব্‌জেক্‌চন চাৰ্টিফিকেট’ ল’ব লাগে নেকি অসম চৰকাৰৰ পৰা। এইবোৰ মানে একেবাৰে অবান্তৰ কথা। কোনোবাই যদি চি বি এছ ইলৈ যাব খোজে যাব দিয়ক। ধৰি-বান্ধি ৰখাৰ কি দৰকাৰ আছে? শিক্ষা মুঠতে মুক্ত হ’ব লাগে। তোমালোকে প্ৰথমে নিজৰ স্কুলবিলাক ভাল কৰা। তেতিয়া ভাল স্কুল এৰিনো বেয়া স্কুললৈ ল’ৰা যাব কিয়? মুঠৰ ওপৰত মই ইয়াকে ক’ব খুজিছোঁ যে আমাৰ ইয়াত চৰকাৰ, ৰাজনীতি, ৰাজনৈতিক দলবিলাকৰ মানে ভাবিব নোৱৰা হস্তক্ষেপ।

 

শিক্ষাৰ সংস্কাৰ সাধনৰ কাৰণে তেনেহলে ৰাজনীতিক শিক্ষানুষ্ঠানৰ কেম্পাছৰ পৰা বাহিৰ কৰিবই লাগিব?

► অ’, এই প্ৰভাৱটো নুগুচোৱালৈকে ইয়াৰ অন্য কিবা সংস্কাৰ যে সাধিত হ’ব মই সেইটো একেবাৰেই নাভাবোঁ। আৰু এই প্ৰভাৱটো গুচোৱাটো একেবাৰে সহজ। মই অলপ আগতে যিটো উল্লেখ কৰিলোঁ— পংকজ বৰায়ো প্ৰথমে ভাবিছিলে এই কথাটো, তেওঁ শিক্ষামন্ত্ৰী হৈ থাকোঁতে। আৰু সেইটোৱেই প্ৰথম পদক্ষেপ, যিটো আছিল প্ৰত্যেকখন স্কুলৰ শিক্ষক নিযুক্তি, তাৰ সুস্থ পৰিৱেশৰ কাৰণে স্থানীয় ৰাইজ, শিক্ষক আৰু অভিভাৱকসকলেই দায়বদ্ধ হ’ব লাগিব। আৰু গৱৰ্নিং ব’ডীতো থাকিব লাগিব স্থানীয় ৰাইজেই। তেতিয়াহে পৰিৱেশটো ভাল হোৱাৰ অকণমান আশা কৰিব পাৰি। এতিয়া ইয়াৰ পৰা, দিছপুৰৰ পৰা তোমাৰ ঢকুৱাখনাৰ স্কুলত কি হৈছে নহৈছে সেয়া ইন্সপেক্টৰৰ চহীৰে একো নহয়। আৰু গোটেই বস্তুটো এনেকুৱা হৈ পৰিছে, পাঠ্যপুথিৰ লগত— এটা পইচা খোৱা কাৰবাৰ, টকা খোৱাৰ কাৰবাৰ। যান্ত্ৰিক একেবাৰে। যান্ত্ৰিকতকৈও আচলতে অতি জঘন্য কাৰবাৰ কিছুমান একেবাৰে। আজিৰ প্ৰতিদিনতো দেখিছোঁ। কেনেকৈ পৰিৱেশৰ বিষয়ে পাঠ্যপুথি নিজৰ মানুহক দিবলৈ গৈ মানে নানাধৰণৰ ছল-চাতুৰি চলাইছে। বাতৰিটো সঁচাই হওক, মিছাই হওক— তাত নিশ্চয় কিবা এটা আছে। কিন্তু প্ৰক্রিয়াটো সেইটোৱেই। সেই তেনেধৰণেৰেই হৈ আছে। এইবিলাক বৰ বেয়া কথা। এইবিলাক কিন্তু অতি সহজেই সংশোধন কৰিব পাৰি।

 

সকলো পক্ষৰ সদিচ্ছা থাকিলে নিশ্চয় সংশোধন কৰিব পৰা যাব ব্যৱস্থাৰ এই কেৰোণবোৰ

► হয়, সদিচ্ছাটো প্ৰধান কথা। আৰু এয়া কৰিবলে একেবাৰে সহজ। এতিয়া চোৱা, আগৰ ব্ৰিটিছৰ দিনত আমি ইমান ভাল ভাল শিক্ষক পাইছিলোঁ, ওলাইছিল, কাৰণ ব্ৰিটিছ চৰকাৰৰ দিনত শিক্ষাৰ চৰিত্ৰটো বহুত ভাল আছিলে। কিন্তু আজিকালি ইমান এই ৰাজনৈতিক হস্তক্ষেপ। আমাৰ নেতাসকলে বৰ বেয়া অৱস্থা কৰি দিছে।

 

যৌন শিক্ষা বহুখিনি পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু নিৰ্ভৰ কৰা উচিতো

 

ব্যৱস্থাৰপৰাবিষয়লৈ অকণমান আহিব খুজিছোঁ, আপুনিও ইতিমধ্যে বিভিন্ন ঠাইত আলোচনা কৰিছে বিষয়টো, সেয়া হৈছে যৌন শিক্ষা এই বিষয়ে এটা কথা সুধিবৰ মন গৈছে মোৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত ছাত্ৰাৱস্থাৰ পৰাই বিজ্ঞানসন্মত পাঠ্যক্রমেৰে যৌন শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিলে আমাৰ সমাজখনত ছাত্ৰ-ছাত্ৰীসকলৰ পৰৱৰ্তী জীৱনকালত এক ইতিবাচক প্ৰভাৱ নপৰিবনে?

► যৌন শিক্ষা বহুখিনি পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু নিৰ্ভৰ কৰা উচিতো। তুমি যিটো বিজ্ঞানসন্মতৰ কথা কৈছা, যিবিলাক বিজ্ঞানসন্মত কথা আছে, সেইবিলাকো মই ভাবোঁ স্কুলতো থাকিব লাগে কিছু। কিন্তু স্কুল এখনেই বা পঢ়াশালিয়েই তাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিবলগীয়াটো উচিত নহয়। পশ্চিমীয়া দেশত কিছুমান পৰম্পৰা নাই, কিন্তু আমাৰ দেশত কিছুমান পৰম্পৰা আছে। পৰম্পৰাগতভাৱে কিছুমান যৌন শিক্ষা দিয়া হয়। তাৰ কিছুমান হয়তো ভুল সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। আজিকালি বিজ্ঞানৰ যোগেদি সেইবিলাকৰ সংশোধন কৰাব লাগে। মানে মাক-বাপেকবিলাক, অভিভাৱকসকলে যাতে সেইবিলাক জানে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু সমাজত চলি থকা কিছুমান বেয়া কথা বা কামৰ প্ৰতি সদা-সচেতন হৈ থাকিব লাগে। মই বিশেষকৈ ভাবোঁ, মোৰ ব্যক্তিগতভাৱে ধৰ্ম আৰু যৌন শিক্ষা হ’ব লাগে ঘৰত বা সমাজত। আগৰ আমাৰ সেইটোৱেই প্ৰথা আছিল। তোলনি বিয়াৰ সময়ত বা ব্ৰহ্মচাৰী ব্ৰতৰ বিষয়ে কওঁতে বা লগুণ দিবৰ সময়ত সেইবিলাক সময়েই যৌন শিক্ষা দিয়াৰ খুব ভাল সময় বুলি আজিকালিৰ মনোবিজ্ঞানীসকলেও কয়। আৰু এইটো ইমান ডাঙৰ কথা নহয় যে একেবাৰে শ্ৰেণীকোঠাত গৈ পেলাইহে সেই পাঠ আহৰণ কৰিব লাগিব। কিন্তু কিছুমান তথ্য-পাতি, তুমি যিটো কৈছা বিজ্ঞানসন্মত সেই কথাবিলাক প্ৰথমে অভিভাৱকসকলেই শিকি ল’ব লাগে। আৰু সেইমতে নিজৰ সন্তানক প্ৰয়োজনীয়খিনি শিকাব লাগে। তেনেকৈ স্কুলতো সেইদৰে শিক্ষকসকলে যাতে এই অভিভাৱসকলৰ দৰে একেধৰণৰ কথাকে শিকাইছে বা ঠাৰে-চিয়াঁৰে হ’লেও একে ধৰণৰে ব্যৱহাৰ কৰিছে সেইটোহে বেছি প্ৰয়োজনীয়। যাতে ঘৰত এটা, স্কুলত এটা নহয়। সেই কাৰণেই শিক্ষক আৰু অভিভাৱকৰ যে আদান-প্ৰদানৰ বিশেষ প্ৰয়োজন সেইটো স্পষ্ট। আন ঠাইত কিন্তু, এমেৰিকাত সেইটো আছে। যদিও তেওঁলোকৰ মতভেদ আছে কিছুমান কথাত, আৰু তেওঁলোকৰ কিছুমান সমস্যাও আছে, সেইবিলাক সামাজিক সমস্যা আচলতে, শিক্ষাৰ সমস্যা নহয়— সেই সামাজিক সমস্যাবিলাকেও তেওঁলোকক যথেষ্ট ক্ষতি কৰে। কিন্তু তেওঁলোকৰ আকৌ সমৃদ্ধ শক্তি-সামৰ্থ্যৰে সেইবিলাকৰ মোকাবিলা কৰিবও পাৰে। কিন্তু আমাৰ ইয়াত তেনেকুৱা এতিয়ালৈকে হৈ উঠা নাই। এতিয়া ধৰা, মই কথাটো স্পষ্টকৈয়ে কওঁ— তাত খুব বুজনসংখ্যক ছোৱালী খুব কম বয়সতে গৰ্ভৱতী হয়। কিন্তু তেনেকুৱা ধৰণে আমাৰ ইয়াত হ’ব লাগিলে এইটো বৰ ডাঙৰ সমস্যা হ’ব। কাৰণ তাত সেইবিলাক সমস্যাৰ সন্মুখীন হ’বলৈ নিজৰ সামৰ্থ্য আছে, বিভিন্ন প্ৰতিৰোধমূলক উপায়ো আছে। তাত যেতিয়া ছোৱালী এজনীয়ে কেঁচুৱা জন্ম দিয়ে সেই কেঁচুৱাৰ দায়িত্ব ল’বলৈ সমাজো আছে। মানে সমাজ প্ৰস্তুত। কিন্তু আমাৰ সমাজ প্ৰস্তুত নহয়। আৰু সেইদৰে যদি কেনেবাকে কিবা দুৰ্ঘটনাতো পৰিছে সেইটোৰ কাৰণেও তাত ব্যৱস্থা আছে। আৰু কোনোবাই ধৰা বলাৎকাৰ কৰিছে কাৰোবাক, আৰু ছোৱালীজনী তাৰ ফলত গৰ্ভৱতী হৈছে— সেইবিলাকো যথাযথ ব্যৱস্থা ল’বলৈ সেই সমাজ প্ৰস্তুত। তেনেকৈ আইনো কঠোৰ। সেই তেনেকুৱা ধৰণৰ কথা। কিন্তু আমাৰ ইয়াৰ তেনেধৰণৰ সমস্যাবিলাক তাৰ দৃষ্টিভংগীৰে সমাধান কৰিবলৈ যাব নোৱাৰোঁ। এতিয়া ধৰা ফৰাচী দেশত— অপ্ৰিয় যদিও কথাৰ মাজতে কওঁ, তাতো নাবালিকা বা সৰু ছোৱালী কেতিয়াবা গৰ্ভৱতী হয়। তেওঁলোকে সেই সমস্যা সমাধান কৰিবলৈ কৰে কি স্কুল কলেজবিলাকত জন্মনিৰোধক আদি বিনামূলীয়াকে বিতৰণ কৰে। সেইটোৱে অৱশ্যে কাম কৰিছে। কিন্তু আমি তেনেকুৱা কৰিব নোৱাৰোঁ। একপ্ৰকাৰে আমি তেনেকে ধনো ব্যয় কৰিব নোৱাৰোঁ আৰু আমাৰ পৰম্পৰাত সেইটো এটা আঘাতো হ’ব। কাৰণ তেওঁলোকৰ সমস্যাটো হৈছে— চৰিত্ৰৰ কথা বা ভৱিষ্যতৰ কথা ইমান গুৰুত্বপূৰ্ণ কথা নহয়। হয়, কেৰিয়াৰৰ কাৰণে হয়, কিন্তু অন্য দিশবোৰ ইমান গুৰুত্বপূৰ্ণ নহয় তেওঁলোকৰ সমাজ ব্যৱস্থাত। কিন্তু আমাৰ ইয়াতটো সেইটো নহ’ব। আমাৰ ইয়াত তেনেকুৱা কিবা এটা হ’লেতো আৰু ছোৱালীজনীৰ সৰ্বনাশ হ’ব! তেনেকে ল’ৰা-ছোৱালী জন্ম দিলেও ভৱিষ্যতে আমাৰ সমাজ ব্যৱস্থাটোত পদে পদে বিপদ। আৰু এনে এটা দুৰ্ঘটনা ঘটিলে জীৱনটোৱেই তাৰ বাবে এটা অভিশাপৰ নিচিনা হৈ পৰিব। সেইকাৰণে আমি পোনেই পশ্চিমীয়া সমাজৰ ৰীতিবিলাক অনুসৰণ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ পৰম্পৰাৰ লগত সংগতি ৰাখিহে তেনে শিক্ষা দিব লাগে। সেই কাৰণে মই ভাবোঁ যৌন শিক্ষাৰ কাৰণে বা এনেয়েও খুব ভাল বুজা-পৰাৰ, আলোচনা-বিলোচনাৰ প্ৰয়োজন হৈছে। ছাত্ৰ-শিক্ষক-অভিভাৱক-বিশেষজ্ঞ সকলোৰে মাজত মুকলি আলোচনাৰ। সকলোৰে কাৰণে কিছুমান গৃহীত কথা আছে এতিয়া। সেইবিলাক হয়তো নতুন চামে নাজানে, তেওঁলোকক সেইবিলাক শিক্ষা মুকলিমূৰীয়াকৈ নিশ্চয় দিব পাৰি। যেনে ধৰা সংযমৰ কিয় প্ৰয়োজন? অনুশাসনৰ কথা আদি। এতিয়া তাতো এইবোৰ বিষয়ৰ আলোচনা খুব সঘনাই হৈছে। ইয়াৰ উপৰি হ’ব পৰা দুৰ্গতিৰ বিষয়ে, কেৱল স্বাস্থ্যজনিতই নহয়, মানসিক যিটো কষ্ট হয় তাৰ বিষয়েও আলোচনা কৰিব পাৰি। আৰু বহুতে ভাবে অবৈধ সম্পৰ্ক এটা হ’ল— তাৰ কাৰণে কেৱল ছোৱালীজনীহে ক্ষতিগ্ৰস্ত হ’ল। যিটোক কয় ল’ৰাৰ কাৰণে লাভ, ছোৱালীজনীৰ কাৰণে লোকচান। কিন্তু সেইটোও সম্পূৰ্ণ সঁচা নহয়। কাৰণ এনে ঘটনাই ল’ৰাজনকো মানসিকভাৱে এনেকুৱাকৈ ৰোগাক্রান্ত কৰে যে তেৱোঁ বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়। জীৱনত তেওঁ এটা সজ পথ বা সৎ পথ ল’বলৈ অসমৰ্থ হৈ পৰে, কিবা এক জন্তুৰ নিচিনা হৈ পৰে। আৰু সেই মানসিক দ্বন্দ্বও আমি দেখিছোঁ। কলেজত খুব বেছিকৈয়ে হয় তাৰ ল’ৰাৰ ক্ষেত্ৰটো। আমাৰ ইয়াত এনেকৈ ভাবে যেন ল’ৰাৰ কাৰণে এইটো এটা বিজয়ৰ চিন, গৌৰৱৰ কথা। হয়তো প্ৰথমে বন্ধু-বান্ধৱৰ আগত তেনেকুৱাই কৰিব সি আৰু নিজেও ভাবিব। কিন্তু অতি কম সময়তে তাৰ সম্পূৰ্ণ পৰিৱৰ্তন হৈ যায়। আৰু সেই মানসিক দ্বন্দ্ব অতিক্রম কৰা সহজ কথা নহয়। সেইকাৰণে ল’ৰাৰ ক্ষেত্ৰটো ইয়াৰ কি বিষময় প্ৰভাৱ সেইবিলাকো মনোবিজ্ঞানৰ ফালৰ পৰা আজিকালি চালি-জাৰি শিকোৱাৰ বৰ প্ৰয়োজন হৈ পৰিছে। আৰু সেইবিলাক অকল স্কুলৰ পাঠ্যপুথিত লিখিলেই নহ’ব। মুকলিকৈ সকলো মিলি আলোচনা-বিলোচনাও কৰিব লাগিব।

 

Dr-Dilip-Kumar-Dutta-With-Darik1তাৰ এমেৰিকান যিখন সমাজ, তাততো ১৮ বছৰমানৰ ওপৰৰ লৰা-ছোৱালীয়ে প্ৰধানতঃ স্বাৱলম্বী হবৰ বাবে পৰিয়ালৰ লগত সম্পৰ্ক ছেদ কৰে?

► হয়, সম্পূৰ্ণ বেলেগে স্বাধীনভাৱে নিজাকৈ চলিবলৈ আৰম্ভ কৰে সিহঁতে।

 

এতিয়া কথা হ সেই একেখন এমেৰিকান সমাজত আমাৰ ভাৰতৰ পৰা গৈ বা অন্যান্য দেশৰ পৰা গৈ বাস কৰা পৰিয়ালবিলাকৰ সন্তানবিলাকৰ ক্ষেত্ৰত ইয়ে এটা সংঘাতৰ পৰিৱেশ সৃষ্টি নকৰেনে?

► অ’ হয় হয়, আমাৰ ল’ৰা-ছোৱালীৰ ভীষণ সংঘাত হয়। আমাৰ ল’ৰা-ছোৱালী বহুতৰে নানা দুৰ্গতি হয়। ল’ৰা-ছোৱালী উভয়ৰে হয়। কিছুমান ল’ৰাই দায়িত্বহীনভাৱে বিভিন্ন ক্ষেত্ৰত সোমাই পৰে, তেওঁলোকৰো ক্ষতি হয়। আৰু কিছুমান ছোৱালীয়েও কৰে তেনেকৈ। আৰু কিছুমানে অৱশ্যে খুব বুজি-বাজি সোমাই পৰে। সেইটো অৱশ্যে ভাল। দায়িত্বপূৰ্ণভাৱে কৰে। কিছুমানে আকৌ— যাৰ আত্মসন্মান নাই, নিজৰ সৎ বিবেচনা নাই, সেইবিলাক গৈ যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ভীষণ ক্ষতিগ্ৰস্ত হয়। বহুত ল’ৰা-ছোৱালীয়ে তাত ছুইচাইড কৰে। আৰু নিজে গম নোপোৱাকৈয়ে ঘপ্‌কে সিদ্ধান্তবোৰ লয়। আমাৰ বিশ্ববিদ্যালয়ত ঘটা ঘটনা এটাৰ মই উদাহৰণেই দিব পাৰোঁ— এজন ছাত্ৰ গৈছিল ইয়াৰ পৰা গৱেষণা কৰিবলৈ। তাৰ পিছত ল’ৰাজনে গৈ তাৰ ছোৱালী এজনীৰ লগত ভাল পোৱা হ’ল। সি ভাবিলে যে এমেৰিকাৰ ছোৱালী এজনীক তাৰ গালফ্ৰেণ্ড হিচাপে পোৱাটো তাৰ কাৰণে ডাঙৰ কৃতিত্ব। সেয়ে সি ভাৰতীয়বিলাকৰ লগত বেছি যোগযোগ নৰখাই হ’ল। আৰু যোগাযোগ কৰিলেও এটা বিশেষ অহং ভাবেৰেহে আচৰণ কৰে যে চা মই এনেকুৱা। যা হওক, সি তাত দেখাক দেখি ছোৱালীজনীৰ লগত একেলগে থাকিবলৈ ল’লে। পিছত ছোৱালীজনীয়ে তাক এৰি থৈ তাৰ যিজন ডেকা অধ্যাপক গাইড আছিল সেই অধ্যাপকজনৰ লগত তথাকথিত ‘ডেট’ কৰিবলৈ ধৰিলে। সেই কথাটোতে সি মনত ভীষণ আঘাত পালে আৰু সি আত্মহত্যা কৰিলে। কৰোঁতে সি এটা নোট লিখি থৈ গ’ল যে মোৰ অধ্যাপকে এনে এনে কাম কৰিছে। এইটো বৰ ঘৃণনীয় কথা হৈছে। এনেকৈ ছোৱালীজনী আৰু অধ্যাপকক দোষ দি সি আত্মহত্যা কৰিলে। তাৰ পিছত তাৰ যিবিলাক ভাৰতীয় ল’ৰা-ছোৱালী আছিলে তেওঁলোকৰ লগতে তাৰ মাক-দেউতাককো খবৰ দিলে। ব’ম্বেৰ আছিল হ’ব পায়। একমাত্ৰ সন্তান আছিলে সি। তেওঁলোক সকলো আহিলে। আহি সেই অধ্যাপকজনৰ বিৰুদ্ধে মোকৰ্দমা তৰিব খুজিলে। তেতিয়া মই আৰু আমাৰ পুৰণি দুই-এজনে লগ লাগি ক’লোঁ যে চোৱা এইটোত কোনো মোকৰ্দমা কৰাৰ প্ৰই নুঠে। ইয়াত চিধা হাকিমে ক’ব— ‘‘তাই জানো তাৰ ঘৈণীয়েক আছিলে? একেলগে থাকিলেইতো ঘৈণীয়েক নহয়!’’ ...নাই, বিয়া কৰোৱা নাই, গতিকে ঘৈণীয়েক নহয়। ‘‘যদি বিয়া কৰোৱা নাই, যদি ঘৈণীয়েক নহয়, তেনেহ’লে তাইৰ সম্পূৰ্ণ অধিকাৰ আছে, যাৰ লগতে ইচ্ছা তাৰ লগতে যাব পাৰে।’’ তাত চিধা ক’ব— ‘‘ছি হেজ হাৰ অ’ন ৰাইট্‌ছ।’’ সেইকাৰণে তোমালোকে এইটো নাভাবিবাই। অযথা লটি-ঘটিহে হ’ব। আৰু সি যদি ইমানেই ভাল পাইছিল তাইক, বিয়া কৰাই ল’ব লাগিছিল! ...সেই তেনেকুৱা ধৰণৰ কথা। ই, সেই ল’ৰাজন এটা দুৰ্গতিত পৰিলে। মাক-দেউতাকৰ একমাত্ৰ সন্তান আছিল। পিছত সি আত্মহত্যা কৰিলে। হয়তো সি তাৰ আত্মসন্মানটো নুবুজিলে। নিজৰ দায়িত্ব নুবুজিলে। আৰু সেইখন সমাজৰ কথা কিছুমানো সি উপলব্ধি নকৰিলে। তাত ল’ৰা-ছোৱালী সবেই সমানে মুকলিকৈ মিলা-মিছা কৰে। উভয়ৰে প্ৰতি প্ৰত্যেকৰে দায়িত্ব সমান। আৰু দায়বদ্ধতাৰ কথাটো আহে সাধাৰণতে বিয়াৰ পিছতহে। তাৰো কিছুমান আকৌ আইনো আছে, আছে পৰম্পৰাও। সেইবিলাক কথাও বুজিব লাগিব।

 

ভাৰতীয় চিন্তাৰ সেই আধাৰটো কৰি লৈহে মই লিখিবলৈ সাহস কৰিছোঁ

 

১৯৬৬ চনত।

১৯৬৬ চনত।

অন্য এটা প্ৰসংগলে আহিব খুজিছোঁ আপোনাৰ ছাত্ৰ আৰু শিক্ষক জীৱনৰ লগে লগে আৰু এটা জীৱনো আপোনাৰ সৈতে সম্পৃক্ত সেয়া হৈছে আপোনাৰ পাঠক আৰু লেখক জীৱন আপোনাৰ ব্যক্তিত্বক গঢ় দিয়া বুলি ভবা, শৈশৱৰ পৰা আজি পৰ্যন্ত আপোনাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থকেইখনৰ বিষয়ে অকণমান কওকচোন

► মই অৱশ্যে ছাত্ৰ জীৱনত, বিশেষকে দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে বহুত বাহিৰা কিতাপ পঢ়িছিলোঁ। সকলোৱেই কম-বেছি পৰিমানে প্ৰভাৱ পেলাইছে। প্ৰথম অৱস্থাত মই খুব অসমীয়া কিতাপ পঢ়িছিলোঁ। বাণী কাকতি আৰু সূৰ্য ভূঞাক মই খুব ভাল পাইছিলোঁ তেওঁলোকৰ গদ্যৰ কাৰণে। অসমীয়া গদ্যৰ কাৰণে। অসমীয়া কবিতাও খুব ভাল পাইছিলোঁ— ৰঘুনাথ চৌধাৰী, নলিনীবালা দেৱীৰ কবিতা। সেইবিলাক লগতেই লৈ ফুৰিছিলোঁ। বি এ মহলা পাছ কৰাৰ পিছত মই শ্বেইক্সপীয়েৰৰ প্ৰতি খুব আকৃষ্ট হ’লোঁ। উপন্যাসত মোৰ বৰ বেছি ৰাপ নাছিলে অৱশ্যে। শ্বেইক্সপীয়েৰৰ নাটকবিলাক উৰাই-ঘূৰাই ৰাতিয়ে-দিনে পঢ়িবলৈ ল’লোঁ। তাৰ পিছত অন্যান্য নাটকৰ প্ৰতিও ৰাপ বাঢ়ি গ’ল। তেনেকৈ বাৰ্ণাড শ্ব’ পঢ়িলোঁ। তাৰ পিছত ইউৰোপীয় অন্যান্য নাটকবিলাক পঢ়িবলৈ ল’লোঁ। বিশেষকে ম’লেয়াৰ, ইব্‌ছেন আদি। তাৰ পিছত মোৰ গ্ৰীক নাটক পঢ়িবলৈ খুব মন গ’ল। তেনেকে বহুত নাটক পঢ়া হ’ল। এতিয়াও মই সেইবোৰ মাজে মাজে পঢোঁ আৰু খুব ভাল লাগে। ঈডিপাছ, আগামেম আদি। নাটকহে মই খুব বেছিকৈ পঢ়িছিলোঁ। তাৰ পাছত মই যেতিয়া সমালোচনা কৰিবলৈ আৰম্ভ কৰিলোঁ, গণেশ গগৈৰ নাটকৰ পৰাই আৰম্ভ হ’ল সেয়া। সম্ভৱ অভিনয় কৰিবলৈ মোৰ এটা হেঁপাহ থাকি গ’ল। স্কুলত থাকোঁতে অৱশ্যে অভিনয় কৰিছিলোঁ। নাটকীয় পৰিস্থিতিবিলাক সেয়ে সদায় মই ভাল পাওঁ। নাটকৰ পিছতে ইংৰাজী ৰোমাণ্টিক কবিতাবিলাক মই খুব ভাল পাইছিলোঁ। এতিয়াও মাজে মাজে পঢ়োঁ সেই কবিতাবোৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ অৱশ্যে মই বহুত পিছতহে পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ বিলাতত গৈ। তাত গৈহে ৰবীন্দ্ৰনাথ ঠাকুৰ মই বেছি সোৱাদ পোৱা হ’লোঁ। অৱশ্যে তাৰ আগৰ পৰাই পঢ়িম বুলি, বাংলাতে পঢ়িম বুলি ভাবি আছিলোঁ মই।

 

এই মুহূৰ্তত নতুন কিতাপ কি পঢ়ি আছে?

► আজিকালি অৱশ্যে মই পঢ়িবলে তেনেকে বৰ সময়েই নাপাওঁ। সিদিনা অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁৰ এটোপোলা কিতাপ মোক দি গ’লহি। তাৰ দুই-এখন মই আৰম্ভ কৰিছিলোঁ পঢ়িবলে। বিশেষকে তেওঁৰ অটগ্ৰাফিখন অলপমান পঢ়িলোঁ, ভাল লাগিছে মোৰ। তেনেকে হৰেকৃষ্ণ ডেকাৰ কবিতা এখন পঢ়িবলে আৰম্ভ কৰিছোঁ। পঢ়িম মই। কবিতা মই আমেৰিকাত গৈ চিঞৰি চিঞৰি পঢ়িম। মই কবিতা— আবৃত্তি নহ’লেও ফুটাই পঢ়ি ভাল পাওঁ। সৰুৰে পৰাই। কবিতাৰ কিতাপ পঢোঁ মই। অসমীয়া কবিতাৰ কিতাপেই পঢ়োঁ বেছিকে। ইংৰাজীৰ খালি এতিয়াও সেই ৰোমাণ্টিক কবিতাবোৰেই ভাল লাগে মোৰ। আধুনিকবোৰ মই সিমান ভাল পোৱা নাই। অৱশ্যে সেইটো তেওঁলোকৰ দোষ নহয়। মইহে মনপূতি অধ্যয়ন কৰিবলৈ সময় দিব পৰা নাই।

 

আপোনাৰ পাঠক জীৱন আৰম্ভ হোৱাৰ আগেয়েই আপোনাৰ লেখক জীৱন আৰম্ভ হৈছিলনে?

► পাছত পাছত, বহুত পাছত। প্ৰথমে মোৰ এটা ধাৰণা হৈছিল যে এটা উপলব্ধি হৈছিল যে মই লিখিব পাৰিম আৰু তাৰ কাৰণে মই ভাষাটো শিকিব লাগে ভালধৰণে। মোক তাৰিণী ভট্ট ছাৰেই কৈছিলে যে ভৱিষ্যতে যদি লিখিব খোজ তাৰ কাৰণে বহুত কথা জানিব লাগিব। তাৰ কাৰণে বহুত কিতাপ পঢ়িব লাগিব। আৰু পিছত মই উপলব্ধি কৰিলোঁ যে আমি লিখিবলৈ গ’লে ভাৰতীয় হিচাপেহে মোক জানিব। সেই কাৰণে মই ভাৰতীয় দৰ্শন আদি খুব ভালকৈ জানিব লাগিব। ভাৰতীয় জাতি সত্তা বা অসমৰ জাতি সত্তা আদি। সেই কাৰণে মই সেইবিলাক অধ্যয়ন কৰোঁতে যথেষ্টখিনি সময় গ’ল। অৰ্থাৎ মই মহাভাৰত, ৰামায়ণ, ভাগৱত, সাংখ্য দৰ্শন আদি পঢ়িবলৈ ল’লোঁ।

 

মানে ভাৰতীয় চিন্তা বুলিলে আমি যি বুজোঁ সেইখিনি?

► অ’ অ’, সেইখিনি। মানে ভাৰতীয় ঐতিহ্যৰ অলপ গভীৰ শ্ৰেণীৰ যিখিনি গ্ৰন্থ, সেইখিনি। সেইবিলাক যথেষ্টখিনি পঢ়া হ’ল। পঢ়ি উঠি যিখিনি সাৰতত্ত্ব পালোঁ সেইবিলাকে মোৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। ভাৰতীয় চিন্তাৰ সেই আধাৰটো কৰি লৈহে মই লিখিবলৈ সাহস কৰিছোঁ।

 

লেখক দিলীপ দত্তৰ জন্ম কাহিনীটো অকণমান কব নেকি? প্ৰথম আপুনি কেতিয়া লিখিবলৈ আৰম্ভ কৰিছিলে?

► মোৰ লিখাৰ প্ৰথম উপলব্ধি— এবাৰ কটন কলেজিয়েটত থাকোঁতে ৰচনা এখন লিখিবলে দিছিলে, ভ্ৰমণ কাহিনী। মই ভাবিলোঁ গুৱাহাটীৰ পৰা শ্বিলঙলৈ ভ্ৰমণ কাহিনী লিখিম। যেতিয়া মই আৰম্ভ কৰিলোঁ লিখিবলৈ, সেই সময়তে দেখিলোঁ ভগনীয়াবিলাক আহিছিল গুৱাহাটীলৈ। একোটা সৰু সৰু টোপোলা লৈ। সেইবিলাক প্ৰথমে আহি চাৰ্চ ফিল্ডতে গোট খাইছিলেহি। মই সেই মানুহবিলাক দেখিছিলোঁ আৰু মোৰ কি মন গ’ল নাজানো নিজকে এজন ভগনীয়াৰ ৰূপত মই ভাবিবলৈ ল’লোঁ যে ময়ো এজন ভগনীয়া হৈ শ্বিলঙলৈ যাম সৰু টোপোলা এটা লৈ। সেই বুলি ওলাই আহিলোঁ যাবলৈ আৰু বাটত কি দেখিলোঁ এটা এটাকে বৰ্ণনা কৰিবলে ধৰিলোঁ। আলিবাটৰ কাষত কিনো হৈছে এনেকে তেনেকে। গৈ গৈ মানে এক প্ৰকাৰৰ কল্পনাত সোমাই পৰিলোঁ আৰু। বাটত কি দেখিলোঁ, কি কি ঘটিছে, নঘটিছে, মানে ষ্টেচন পোৱাৰ আগতে। আৰু ষ্টেচন পাওঁগৈ মানে পৰীক্ষাৰ ৱাৰ্নিং বেল বাজিলেই। ইতিমধ্যে যথেষ্টখিনি লিখাও গৈ গ’ল, অথচ মই বাছ ষ্টেচনেই গৈ পোৱাগৈ নাই। শেষত আৰু বেল বজাত টিকট নাপাই উভতি অহা বুলি লিখি থৈ গুচি আহিলোঁ আৰু। মোৰ শিক্ষক হৰেশ্বৰ গোস্বামী ছাৰ আছিলে। তেখেতে আকৌ ৰচনাখন পঢ়ি খুব ভাল পালে। তেওঁ ভাল নম্বৰেই দিলে। দি কৈছে— ‘‘দিলীপ, তুমিচোন লিখিব পাৰা, অলপ লিখিবা আৰু পঢ়া-শুনা কৰিবা।’’ সেইটোৱে মোক যথেষ্ট প্ৰেৰণা দিলে। তথাপি, তেতিয়াও মোৰ লেখক জীৱন আৰম্ভ হোৱা নাই। তাৰ পিছত মই কলেজত আহোঁতেও অসমীয়া বেছ পঢ়োঁ। বাণী কাকতি আদি খুব পঢ়োঁ আৰু দুই-এবাৰ অসমীয়াত কলেজৰ পৰীক্ষাত মই হাইয়েষ্ট মাৰ্ক পাইছোঁ। মই আন বিষয়ত ইমান গুৰুত্ব দিয়া নাই। কিন্তু সেই সময়ত আমাৰ মাজত বহুত কবি আছিলে, বহুত লেখক আছিলে। তাত আমাক পাত্তাই নিদিয়ে। তেওঁলোকে নিজকে ইণ্টেলেক্সুৱেল বুলি ভাবে। কিছুমানে হাতত এটা বেগ লৈ, কিতাপ লৈ আৰু এইবিলাক খুব একেবাৰে দাৰ্শনিক কথা পাতে। আমি ওচৰলৈ গ’লেও আমাক সিমান গুৰুত্ব দিব নোখোজে। কিন্তু পিছলৈ অৱশ্যে তেওঁলোকৰ দুজনমান মোৰ খুব ভাল বন্ধুৱেই হৈছিলগৈ।

 

কটন কলেজত সেই সময়ত আপোনাৰ সহপাঠী বা সমসাময়িক লেখক-লেখিকা কোন কোন আছিলনো?

► সেই সময়ত বহুতকেইজন আছিল— পদ্মবিকাশ বুঢ়াগোহাঁই বুলি এজন, হোমেন বৰগোহাঞিৰ সম্পৰ্কীয় ভায়েক। লীলা গোহাঁই বুলি এগৰাকী ছাত্ৰী আছিলে। গল্পকাৰ ছাইদুল ইছলাম আছিল। খুব ভাল গপ্ল লিখিছিল। তাৰ পিছত আছিল বীৰেন বৰগোহাঞি, মাণিক গগৈ— তেওঁলোকে তেতিয়াই কবিতাৰ কিতাপ লিখিছিল। আৰু বহুতো আছিলে— শ্যামভদ্ৰ মেধি। পিছত তেওঁ হাকিম হ’লগৈ হ’ব পায়। তেৱোঁ তেতিয়াই নিজকে কিন্তু সাহিত্যিক বুলি ভাবিছিল। কালীৰাম মেধিৰ পুতেক। তেওঁ কটনিয়ানৰ সম্পাদকো আছিল। মুঠতে অসমৰ বিদগ্ধ পণ্ডিত ঢেৰ আছিলে। আমি খেলাবিলাকে বাকীবিলাকক সেই সময়ত বিদগ্ধ বুলিয়েই ভাবিছিলোঁ। সেই কাৰণে মই যেতিয়া পৰীক্ষাত ভাল নম্বৰ পাওঁ তেতিয়া সবৰে চকু মোৰ ওপৰত পৰে আৰু তেতিয়া মোৰ এটা আত্মগৌৰৱো হয়। যা হওক, তেতিয়া মোৰ এটা সাহস হৈছিল যে মই লিখিব পাৰিম আৰু। কিন্তু মই লিখিবলৈ আৰম্ভ কৰিছোঁ বিলাতলৈ যোৱাৰ পিছতহে। সতীশ কাকতিয়ে মোলৈ লিখিলে যে তুমি লণ্ডনৰ পৰা চিঠি এখন লিখা।

পঠনীয়:  গণিতৰ মোৎজাৰ্ট : টেৰেন্স টাও

 

ট্ৰিবিউনলৈ?

► নহয়, অসম বাণীলৈ। এই অসম বাণীতেই আৰম্ভ হৈছে মোৰ প্ৰথম লেখক জীৱন।

 

সেয়া কোন চনত?

► এইটো ১৯৬৪ চনত। অসম বাণীত মই ধাৰাবাহিকভাৱে বহুত কথা বহুত দিন ধৰি লিখি আছিলোঁ। প্ৰথমে মই এনেয়ে এটা প্ৰৱন্ধ পঠাইছিলোঁ ‘ষ্টাৰ্টফ’ৰ্ডৰ শ্বেইক্সপীয়েৰ’ বিষয়ত। ষ্টাৰ্টফ’ৰ্ডত শ্বেইক্সপীয়েৰৰ জন্ম হৈছিল। আৰু তুমিটো জানাই যে মই আগৰে পৰাই শ্বেইক্সপীয়েৰ খুব ভাল পাইছিলোঁ। তেতিয়া তেওঁ সেইটো পঢ়ি মোলৈ নিয়মীয়াকৈ লিখিবলৈ চিঠি দিছিল। তাৰ পিছতে মই ছিৰিয়াছ্‌লি লিখাৰ কথা ভাবিলোঁ আৰু ভূপেন হাজৰিকাৰ কিতাপখনৰ কাম আৰম্ভ কৰিলোঁ। ইতিমধ্যেই মোৰ ভাৰতীয় আৰু অসমীয়া পৰম্পৰাৰ কিতাপবিলাক পঢ়াই হৈছিলে। সেইবিলাকো সংগতি ৰাখি যেতিয়া ভাবিলোঁ যে আমাৰ সংগীতৰ পৰম্পৰাটোনো কি? সেইবিলাকো চালি-জাৰি চাই ডাঙৰকৈ কামটো হাতত ল’লোঁ। ছিৰিয়াছ্‌লি কৰা সেইখনেই মোৰ প্ৰথম কিতাপ। ...অ’ তাৰ আগতেও এখন কিতাপ কৰিছিলোঁ, সৰুকে। আমাৰ বিশ্ববিদ্যালয়লৈ সেই সময়তে এজন ন’বেল বঁটা বিজয়ী আহিছিলে— চিংগাৰ। তেওঁ কিবা এটা প্ৰশ্নৰ উত্তৰত কৈছিলে যে সাহিত্যিকসকলে নিজকে আমোদ শিল্পী বুলি ভাবিব লাগে। এন্‌টাৰটেইনাৰ বুলি ভাবিব লাগে। আৰু পাঠকক যদি আমোদ দিব নোৱাৰে তেনেহ’লে সেই সাহিত্য সফল নহয়। কথাষাৰ মোৰ বৰকৈ মনত লাগিলে। সেই কাৰণে মই আমোদ দিব পৰা কিবা এটা লিখিবলৈ চেষ্টা কৰিলোঁ আৰু সেই শুভ দিনৰ নিৰ্ঘণ্টখন লিখিলোঁ। সেইখনটো খুব জনপ্ৰিয় হ’ল। তাৰ পিছতেই ভূপেন হাজৰিকাৰ কিতাপখন ওলালে। সেইখন পট্‌কৈ ওলাই গ’ল। ভূপেন হাজৰিকাৰখন অলপ পিছত।

 

ড° ভূপেন হাজৰিকাৰ সৈতে। ১৯৮২ চনত।

ড° ভূপেন হাজৰিকাৰ সৈতে। ১৯৮২ চনত।

তাৰ মানে আপোনাৰ প্ৰথম কিতাপ শুভ দিনৰ নিৰ্ঘণ্ট? কেতিয়া প্ৰকাশ হৈছিল গ্ৰন্থখন?

► হয়, শুভ দিনৰ নিৰ্ঘণ্টখন। এইখন ১৯৭৯ হ’ব পায়। ভূপেন হাজৰিকাখন পিছত প্ৰকাশ হ’লেও কাম আৰম্ভ কৰিছিলোঁ কিন্তু বহুদিনৰ আগৰ পৰাই। সেইখন সময় লাগিলে প্ৰকাশক পাওঁতে। অসমীয়া প্ৰকাশকে ল’বলে সাহস নকৰিলে। মোৰ শুভ দিনৰ নিৰ্ঘণ্টখন পট্‌কৈ লয়াৰ্ছ বুক ষ্টলে দেখিয়েই প্ৰকাশ কৰি দিলে। কিন্তু ভূপেন হাজৰিকাৰ গীতখন দেখিয়েই ভয় খালে— ভলিউমটোও ডাঙৰ আৰু সেই সময়ত বহুতেই ভূপেনদাৰ বিপক্ষে লিখে। আজিকালি যেনেকৈ জুবিন গাৰ্গক পালেই থেকেচিবলৈ চায়, সেইদৰে ভূপেনদাকো যে কিমানবাৰ আক্রমণ কৰিছে হিচাপ নাই। কিন্তু মই একদম দৃঢ়প্ৰতিজ্ঞ যে তেওঁৰ প্ৰতিভাখিনি মই গ্ৰন্থবদ্ধ কৰিমেই। সেইকাৰণে আৰু দুই-চাৰিজনক সোধাৰ পিছত কলিকতালৈ আহিলোঁ আৰু ‘শ্ৰীভূমি’য়ে প্ৰকাশ কৰিলে কিতাপখন।

 

বাণী মন্দিৰেও একেধৰণৰ কিতাপ এখন উলিয়াইছিল দেখোন?

► বাণী মন্দিৰে চুৰ কৰিছে। বাণী মন্দিৰৰ খেলটো এনেকুৱা— বাণী মন্দিৰৰ সূৰ্য হাজৰিকাই, তুমি লিখিব পাৰা— একদম দালালীৰ নিচিনা কৰিলে। গীতবিলাক মই খুব কষ্ট কৰি উলিয়াইছিলোঁ। খুব কষ্ট কৰি সংগ্ৰহ কৰা ভূপেনদাৰ কিছুমান গীত। তেওঁ নিজেও কিছুমান পাহৰিলে। এইখিনি মই গোটেইখিনি লিখিছোঁ— কোনে কোনে মোক সহায় কৰিলে, কৃতজ্ঞতাও জনাইছোঁ। বাণী মন্দিৰে যিখন কিতাপ উলিয়াইছে, তেওঁলোকে কৰিলে কি— গীতখিনিতো মোৰ নহয়, সেইখিনি ভূপেনদাৰহে, সেয়ে ভূপেনদাৰ অনুমতি লৈ গীতখিনি ছপা কৰিলে। আৰু গীতখিনি, কথা অৱশ্যে তেওঁলোকে একো উলিওৱা নাই, খালি তাত গীতখিনিহে আছে। সেইটোও উলিয়াইছিলে সেই প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত কিবা অনুদান পাইছিলে। সেয়ে খুব দাম কৰি পেলাই এডাল্ট এডুকেচন নে অপাৰেচন ব্লেক্‌ ব’ৰ্ডত বিক্রী কৰিবলৈ নে কি— সেই তেনেকুৱা কাৰবাৰ এটা। সেইটো দুই নম্বৰী ধান্দা আৰু। ভূপেনদাই দিব নালাগিছিল অনুমতি, কিন্তু দিলে। আৰু তেওঁলোকে ক’ব পাৰে যে এইখিনি তেওঁলোকে গোটাইছে; কিন্তু সেইটো একদম মিছা কথা। মোৰ কিতাপখনত যিকেইটা ভুল আছিল সেই ভুলে সৈতেই তাতো ওলাইছে। আচ্ছা— মই এতিয়া একো কৰিব নোৱাৰোঁ। আৰু এনেয়েও কৰিবলৈ নাযাওঁ। এখন সভ্য সমাজত এইসব বৰ ভাল নেদেখি। সেইদৰে তেওঁলোকে সেই গীতাৱলী উলিয়ালে। সেইখন এশ নে ডেৰশ টকা কৰিলে। অৰ্থাৎ বেছি দাম দেখুৱাই পেলাই চৰকাৰৰ পৰা পইচা সৰকালে। তেতিয়া মোৰ শ্ৰীভূমিয়ে উলিওৱাখনৰ দাম আছিলে পঁইত্ৰিছ টকা মাত্ৰ, আৰু বহুত ডাঙৰো। এফালৰ পৰা সেইখনেই মোৰ প্ৰথম কিতাপ। কিন্তু প্ৰথম প্ৰকাশিত কিতাপ শুভ দিনৰ নিৰ্ঘণ্ট

 

লেখক দিলীপ দত্তৰ সৃষ্টিৰাজিলৈ লক্ষ্য কৰিলে দেখা যায় যে ইবোৰ প্ৰধানকৈ গৱেষণা গ্ৰন্থৰ পৰা আৰম্ভ কৰি ব্যক্তিগত ৰচনা, ভ্ৰমণ কাহিনী তথা সংকলন গ্ৰন্থলৈ পৰিব্যাপ্ত সৃজনশীল সাহিত্যত আপোনাৰ বিচৰণ সম্বন্ধে অকণমান কওকচোন প্ৰথম সৃষ্টি কি আছিলনো?

► মোক এবাৰ ভূপেনদাই ক’লে, মই ভূপেদাৰ পিছত নিৰ্মলপ্ৰভাৰ কিতাপখনৰ কাম হাতত ল’লোঁ। ভূপেনদাই ক’লে তুমি অলপ ক্রিয়েটিভ লেখা-মেলা কৰা। এখন উপন্যাস লিখা। মই তেতিয়া ভূপনদাক ক’লোঁ— ভূপেনদা, উপন্যাস বহিলেই লিখিব পাৰি। কিন্তু মোৰ মনটো ইমান শান্ত নহয় উপন্যাস লিখিব পৰাকৈ। আমোদ দিয়াকে লিখিব পাৰোঁ, কিন্তু মই বেছি ভাল পাওঁ কিবা অলপ গৱেষণা কৰি, বেছি গধুৰ কিবা এটা লিখি। তেওঁ ক’লে— লিখি দেখুওৱাচোন তুমি মোক। তেতিয়া মই তেওঁৰ কাৰণেই কেইদিনমানৰ ভিতৰতে সেই মিছ গুৱাহাটীখন লিখিলোঁ। এইখন খুব চলিল। তেতিয়াও চলিছিল, এতিয়াও বহুত চলে বুলি শুনিছোঁ। কিন্তু মোৰ ইমান প্ৰিয় বস্তু নহয় আৰু! উপন্যাস, মনোৰঞ্জক উপন্যাস বা মনোৰঞ্জক চৰিত্ৰও সৃষ্টি কৰিব পাৰি অলপ কষ্ট কৰিলেই। আকৌ কেতিয়াবা লিখিম আজৰি পালে। কিন্তু মই অলপ অনুসন্ধান কৰিহে লিখিবলৈ ভাল পাওঁ। এতিয়া মনে মোৰ কইনা বিচাৰে— সেইবিলাক ঠিক উপন্যাসৰ নিচিনা নহয় আৰু, কিন্তু সেইবিলাকত মই যথেষ্ট সমল দিছোঁ পাঠকৰ কাৰণে। যথেষ্ট চিন্তাৰ খোৰাক দিছোঁ। মই যে কৈছিলোঁ চিংগাৰ, তেওঁৰ সূত্ৰটো মই মানি লৈছোঁ। অলপ মই আমোদজনক কৰিবই লাগিব। আমোদ দিবলৈ চেষ্টা কৰাৰ উপৰি তাত যথেষ্ট গহীন কথাও আছে। মনে মোৰ কইনা বিচাৰেখন হিউমেন ছেক্সুৱেলিটী বা সঁচাকৈনো জীৱন সংগী অন্বেষণটো কি হোৱা উচিত— সেইবিলাক বিষয়ৰ আধাৰত আছিল। সেইখন বহুখিনি তথ্যনিৰ্ভৰো আছিল। কিন্তু অলপমান আমোদজনক কৰি সেইখন লিখিছিলোঁ।

 

কিন্তু আপোনাৰ শেহতীয়া গ্ৰন্থখনৰ বিষয়বস্তু, আপোনাৰ দৃষ্টিভংগী কিছু সলনি হোৱা যেন লাগে

► স্বাভাৱিকভাৱেই সেয়া সলনি হৈছে। এতিয়া মোৰ দৃষ্টিভংগী সেইটো যে কিতাপ এখন লিখিব লাগিলে তাত পাঠকক আমোদ যে দিবই লাগিব সেইটো হয়। দ্বিতীয়তে, কিবা এটা সাৰুৱা কথা থাকিব লাগিব; যাতে পাঠকে পঢ়ি জীৱনটোত অলপ উপকৃত হয়। আৰু তৃতীয়তে, পাঠকক নতুন কিবা এটা পথো দেখুৱাব পাৰিব লাগিব জীৱন সম্বন্ধে। সম্পূৰ্ণ দাৰ্শনিক নহ’লেও কিবা এটা। এইটো আচলতে দাৰ্শনিকেই, কিন্তু বুজিব পৰাকৈ উপস্থাপন কৰিব পাৰিব লাগিব। আমাৰ আকৌ বহুতেই দৰ্শন বুলিলে বুজিব পৰা বুলি নাভাবেই নহয়!

 

ইতিমধ্যে আপুনি পট্ছডাম কলেজৰ ক্ষেত্ৰ অধ্যয়নৰ আধাৰত লিখা Math Education at its best : The Potsdam Model শীৰ্ষক গৱেষণা-গ্ৰন্থখনৰ কথা উল্লেখ কৰিছে; সৃজনশীল গ্ৰন্থৰ উপৰি আপোনাৰ বিদ্যায়তনিক অন্যান্য কি কি গ্ৰন্থ আছে?

► আছে, অংকৰ মই লিখা আৰু দুখন টেক্স বুক তাত চলে।

 

কি কি নাম সেইকেইখনৰ? এই দুয়োখন পিউৰ মেথেমেটিক্সৰ?

► এখন Finite Math For Liberal Arts আৰু আনখন Concepts of Geometry। এখন বোধ গণিতৰ আৰু এখন জ্যামিতিৰ।

 

কোন কোন বিশ্ববিদ্যালয়ত চলে সেইকেইখন?

► আমাৰ বিশ্ববিদ্যালয়ত, মিছিগান ষ্টেট ইউনিভাৰ্ছিটীত আৰু তাৰ উপৰি ওচৰৰ আৰু কেইবাখনো কলেজত।

 

বহু দিনৰ মূৰত গানকেইটা শুনি যে মই একেবাৰে বলিয়া হোৱাৰ নিচিনা হৈছিলোঁ

 

সাহিত্য সাধনাৰ লগতে আপুনি গীত ভাল পায় বুলিও জানো ভূপেন হাজৰিকা, নিৰ্মলপ্ৰভা, গণেশ গগৈ (ৰচনা সমগ্ৰ)ৰ গীতৰ দুৰ্লভ সংকলন সম্পূৰ্ণ কৰাৰ লগে লগে আপুনি ব্যক্তিগত প্ৰচেষ্টাত যথেষ্টসংখ্যক পুৰণি অসমীয়া গীত সংগ্ৰহ কৰি কম্পেক্ট ডিস্কত ৰেকডিং কৰি সংৰক্ষণো কৰিছে আৰু তাৰ এখন আপুনি মোক উপহাৰো দিছে

► অ’, কেনে পালা সেইকেইটা?   

 

Dr-Dilip-Kumar-Duttaকেনে পালোঁ এতিয়া কেনেকৈ কম ইমান দুষ্প্ৰাপ্য বস্তু এটা দিলে আপুনি! বহুত বহুত ধন্যবাদ ছাৰ আপোনাক কমলানন্দ ভট্টৰ গীত তেওঁৰ নিজৰ কণ্ঠত শুনিছিলোঁ গুৱাহাটী ৰেডিঅৰ অনুগ্ৰহত তেনেকৈ নিৰ্মল মজুমদাৰ, ৰাণী পাল আদিৰ কিন্তু আপোনাৰ সংগ্ৰহৰ পৰা বিষ্ণু ৰাভাৰ কণ্ঠৰ গীত প্ৰথম শুনিলোঁ কথা হ আপোনাৰ গান ভাল পোৱাৰ এই ৰুচিবোধটো গঢ় লৈ উঠিল কেনেকৈ? বিশেষকৈ পুৰণি অসমীয়া গীতৰ?

► গীত ভাল পোৱাৰ কথাটো বেছিকৈ ওলাল বিলাতলৈ যোৱাৰ পিছত। কাৰণ অসমলৈ মনত পৰে। অসমীয়া মাত-কথা, গীতবিলাক শুনিবলৈ মন যায়। তেতিয়াৰ দিনত কেছেটতো ওলোৱাই নাই, টে’প ৰেক’ৰ্ডাৰ অৱশ্যে ওলাইছিলে। ৰেক’ৰ্ডাৰটোতো লৈ যাবই নোৱাৰি, ডাঙৰ ডাঙৰ ৰেক’ৰ্ডবিলাক। তথাপি দুই-চাৰিজনে লগত লৈ গৈছিলে। মই কিন্তু নিয়া নাছিলোঁ। মই এবাৰ মানচেষ্টাৰত গৈছিলোঁ, মোৰ বন্ধুকেইজনমান তাত আছিলে— বিমল ফুকন, আৰু অনিল ভট্ট বুলি এজন। তেওঁ ঢুকালে বেচেৰা। তেওঁলোকৰ তাত দুটামান গান আছিলে। ভূপেনদা আৰু কাৰোবাৰ। বহু দিনৰ মূৰত গানকেইটা শুনি যে মই একেবাৰে বলিয়া হোৱাৰ নিচিনা হৈছিলোঁ। তেওঁলোকে তেতিয়া বহুত কষ্ট কৰি ৰীলটোৰ পৰা আন এটা টে’প বনাই দিলে মোক। তাৰ পিছত সেইটোকে লৈ আহি মই টে’প ৰেক’ৰ্ডাৰ এটা কিনি আৰু মাজে মাজে শুনি থাকোঁ। তেতিয়াৰ পৰাই মই ভাবিলোঁ যে এইবাৰৰ পৰা মই অসমলৈ গ’লেই অসমীয়া গীতবোৰ সংগ্ৰহ কৰিম।

 

সেইটো কোন চনৰ কথা?

► ১৯৬৪ চনৰ কথা। সেই তেনেকৈ মই এবাৰ স্কটলেণ্ডলৈ যাওঁতে মনত খেলাল যে মই ভূপেনদাৰ সকলো গীত সংগ্ৰহ কৰিম আৰু কৰি পেলাই লিখিম। সেই তেতিয়াই আৰম্ভ হৈছিলে এই সংগ্ৰহৰ কাম।

 

সেই তেতিয়াৰ পৰা এতিয়ালৈকে কিমানমান অসমীয়া গীত সংগ্ৰহ কৰিলে বাৰু? তাৰে কিছুমানৰটো আপুনি এলবামৰ নিচিনাকৈ শিৰোনামো দিছিলে!

► সংখ্যাটো সঠিককৈ ক’ব নোৱাৰিম। এতিয়া সংগ্ৰহ কৰাৰ ভিতৰত, মানে মই এতিয়া এটা কাম কৰি আছোঁ— কুৰি শতিকাৰ এশটা শ্ৰেষ্ঠ অসমীয়া গীত উলিয়াবলৈ বিচাৰিছোঁ। কুৰি শতিকা শেষ হোৱাত লগে লগে মোৰ মনলে সেই ধাৰণাটো আহিলে। অন্ততঃ এশটা আধুনিক গীত উলিয়াই থৈ যাওঁ। সকলোৱেই হয়তো একমত নহ’বও পাৰে, যা হওক, এটা বস্তু উলিয়াই থৈ যাওঁ। সেইবুলি মই আজি কেইবছৰমানৰ পৰা পুৰণি গীতবিলাক বেছিকৈ বিচাৰ-খোচাৰ কৰিছোঁ। অধ্যয়নো কৰিছোঁ তেনেকৈ। জ্যোতি আগৰৱালাৰ বিষয়ে বা আনন্দিৰাম দাসৰ বিষয়ে বা নৱ বৰুৱাৰ গীতৰ বিষয়ে। নিৰ্মলপ্ৰভা বৰদলৈ আৰু ভূপেন হাজৰিকাৰ গীতৰ বিষয়ে ইতিমধ্যে জনা আছিলেই। গীতবিলাক পোৱাটো বৰ টান। বহুতো গীতৰ খবৰ পাইছোঁ। গোটাব লাগিব। মানে এতিয়া এটা গতত লাগিছে আৰু।

 

এই কামটো, মানে বিংশ শতাব্দীত এশটা অসমীয়া আধুনিক গীত নিৰ্বাচনৰ যিটো কাম আপুনি কৰিবলৈ গৈছে তাতে জ্যোতিপ্ৰসাদৰগছে গছেৰ পৰা আৰম্ভ কৰি আজিৰ কুমাৰ ভৱেশৰনাযাবা নাযাবালৈকে অন্তৰ্ভুক্ত হব বুলি আপুনি এদিন মোক কৈছিলে আপোনাৰ প্ৰস্তাৱিত এই তালিকাখনৰ গীতবোৰ কি কি লক্ষণ আৰু বৈশিষ্ট্যৰ আধাৰতনো নিৰ্বাচন কৰা হ?

► প্ৰথম কথা হৈছে ভাব-আৱেগ। ভাবৰ ক্ষেত্ৰত যুগ-চেতনা থাকিব লাগিব। অৰ্থাৎ কুৰি শতিকাৰ আমাৰ যুগ-চেতনা কিছুমান হৈছে সাম্যবাদী, ৰোমাণ্টিক চিন্তাধাৰা আমাৰ অসমীয়া জীৱনলৈ আহিছে, তাৰ পিছত গণতান্ত্ৰিক চিন্তাধাৰা। সেই যিবিলাক যুগ-চেতনাৰ কথা সেইবিলাক থাকিব লাগিব।

দ্বিতীয় কথা সুৰৰ ক্ষেত্ৰত। সুৰ আমাৰ থলুৱা পৰিৱেশ, থলুৱা জীৱনৰ আধাৰত প্ৰতিষ্ঠিত হ’ব লাগিব। অৰ্থাৎ আমাৰ ইয়াত কুলিৰ মাত শুনো, তাত এতিয়া স্কাইলাৰ্কৰ মাত লগাই দিলে অসমীয়া গীত নহ’ব আৰু— তেনেকুৱা ধৰণৰ কথা। আৰু ব্ৰহ্মপুত্ৰৰ সোঁতৰ আৱেগ থাকিব পাৰে, সোঁতৰ দৃশ্যপট থাকিব পাৰে; কিন্তু সাগৰৰ ঢৌ আমাৰ অসমীয়া নহ’ব কিন্তু। নেদেখা সাগৰখন বেলেগ কথা, দেখা সাগৰ অসমীয়া গীতত থকা হ’ব নালাগে। মানে মই কথাটো কৈছোঁ সুৰত সেইবিলাক প্ৰতিধ্বনিত হ’ব লাগিব।

তৃতীয়তে, গীত যেতিয়া আনক আমোদ দিব পৰাটো হ’বই লাগিব। গতিকে জনপ্ৰিয়তাৰ কথাটোও আহিব। গতিকে জনপ্ৰিয়তাটোও ইয়াৰ এটা লক্ষণ হ’ব লাগিব। বাকীবিলাক থাকিলেও যদি জনপ্ৰিয় নহয় তেন্তে সেই গীত মোৰ তালিকালৈ নাহিব। জনপ্ৰিয়তাটো গতিকে এই তালিকা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ লক্ষণ। জনপ্ৰিয় হ’ব পৰাটো বৰ সহজ নহয়। সেই কাৰণে ‘নাযাবা নাযাবা’টো বহুতে ভাল নাপালেও জনপ্ৰিয়তাৰ ফালৰ পৰা মোৰ তালিকাত থাকিবই। এইকেইটা প্ৰধান লক্ষণ।

ইয়াৰ উপৰি সুৰৰ লগত অৱশ্যে নিজৰ স্থানীয় থলুৱা পৰিৱেশৰ লগত সামঞ্জম্য থকাৰ উপৰি যদি বাহিৰৰ, আধুনিকতাৰ সমন্বয় ঘটাব পাৰিছে, যিটো ভূপেনদাই কৰিছে, বিষ্ণু ৰাভাই কৰিছিলে, সেই সমন্বয়টো ঘটাই যদি কৰিব পৰিছে সেইটো মোৰ তালিকাত থাকিব। কিন্তু এনেয়ে পশ্চিমীয়া সুৰ এটা ৰক এন্‌ ৰল বা আজিকালি বহুতে কৰাৰ দৰে কৰিলে সেইবিলাক মোৰ তালিকাত নাহিব। সমন্বয় কৰাটো এটা কথা আৰু অনুকৰণ কৰাটো অন্য এটা কথা। অনুকৰণত কোনো সৃষ্টি সত্তাৰ পৰিচয় নাথাকে।

এইকেইটাই প্ৰধান। তদুপৰি মই আনৰো মতামত লৈ আছোঁ যিমান পাৰোঁ।

 

আপোনাৰ প্ৰস্তাৱিত তালিকাখন অকণমান কব নেকি?

► এতিয়াও চূড়ান্ত কৰা নাই যদিও মোটামুটি এখন তালিকা মই সম্পূৰ্ণ কৰি উলিয়াইছোঁ। মোৰ নিৰ্বাচিত বিংশ শতাব্দীৰ এশ গীতৰ প্ৰথম কুৰিটা গীত এনে ধৰণৰ—

 

১. সুৰৰে দেউলৰে ৰূপৰে পূজাৰী (কথা-সুৰ : বিষ্ণু প্ৰসাদ ৰাভা, শিল্পী : শিশু ভূপেন হাজৰিকা)।

২. আজি জাগা মোৰ মাতৃ (কথা-সুৰ : জ্যোতি প্ৰসাদ আগৰৱালা, শিল্পী : পুলক বেনাৰ্জী)।

৩. দেখা যদি দিয়া আই (কথা : গণেশ চন্দ্ৰ গগৈ, সুৰ : চন্দ্ৰ কমল, শিল্পী : মনীষা হাজৰিকা)।

৪. তুমি নুশুনা গানৰ (কথা-সুৰ : আনন্দিৰাম দাস, শিল্পী : নিৰ্মল মজুমদাৰ)।

৫. কাৰ পৰশত মোৰ (কথা : নলিনীবালা দেৱী, সুৰ : হীৰালাল বেনাৰ্জী, শিল্পী : অমিয় মোহন দাস)।

৬. স্নেহে আমাৰ শত শ্ৰাৱণৰ (কথা-সুৰ-শিল্পী : ভূপেন হাজৰিকা)।

৭. আকাশৰ পাৰ ভাঙি আহে (কথা : অজিৎ বৰুৱা, সুৰ : ব্ৰজেন বৰুৱা, শিল্পী : মনজ্যোৎস্না গোস্বামী মহন্ত)।

৮. সেইদিনা নিৰলাৰ মধু জ্যোৎস্নাত (কথা-সুৰ : দৰ্প শৰ্মা, শিল্পী : আইভি বৰুৱা)।

৯. নিবিড় বনে যে মাতিছে (কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-শিল্পী : জয়ন্ত হাজৰিকা)।

১০. বৰ্ষা তোমাৰ চকুত (কথা : নৱকান্ত বৰুৱা, সুৰ- শিল্পী : বীৰেন দত্ত)।

১১. অজান বেথাৰ (কথা : কেশৱ মহন্ত, সুৰ : ব্ৰজেন বৰুৱা, শিল্পী : ৰমেন বৰুৱা)।

১২. কপৌ পাহি তোমাৰ (কথা : ফণী তালুকদাৰ, সুৰ : সলিল চৌধুৰী, শিল্পী : সৱিতা চৌধুৰী )।

১৩. খোজ লাহেকৈ দিবি সখী (কথা : আলিমুন নিছা পিয়াৰ, সুৰ : বীৰেন ফুকন, শিল্পী : পাৰবীন চুলতানা)।

১৪. ইমান ধুনীয়া মুকুতাৰ মালা (কথা : মলিন চন্দ্ৰ বৰা, সুৰ : দুৰ্গা ভূঞা, শিল্পী : তাৰিকুদ্দিন আহমেদ)।

১৫. কাউৰী পৰে (কথা : কেশৱ মহন্ত, সুৰ : ৰুদ্ৰ বৰুৱা, শিল্পী : খগেন মহন্ত)।

১৬. মোৰ চোতালৰ তুলসী তলৰ (কথা : ভৱগিৰী ৰায় চৌধুৰী, সুৰ : জিতেন দেৱ, শিল্পী : নমিতা ভট্টাচাৰ্য)।

১৭. এই নিৰিবিলি জোনোৱালী ৰাতি (কথা : হিমাদ্ৰী দেৱী, সুৰ : জ্যোতি চক্রৱৰ্তী, শিল্পী : দুৰ্গাময়ী বৰা)।

১৮. চেনাই মই যাওঁ (কথা-সুৰ : কমল হাজৰিকা, শিল্পী : দীপালি বৰঠাকুৰ)।

১৯. নাযাবা নাযাবা (কথা-সুৰ-শিল্পী : কুমাৰ ভৱেশ)।

২০. আজি পুৱা (কথা-সুৰ-শিল্পী : সত্য বৰুৱা)।

 

অংক, খেলা-ধূলা, সাহিত্য, গীতৰ উপৰি আপোনাৰ আৰু অন্যান্য কি কি ৰুচি আছে?

► এইখিনিয়েই যথেষ্ট। ইয়াৰ উপৰি মই মানুহৰ লগত আদান-প্ৰদান কৰি ভাল পাওঁ। বিশেষকৈ ল’ৰা-ছোৱালীৰ লগত। তেনেকে মোকো ল’ৰা-ছোৱালীয়েও ভাল পায় অতি সহজে।

 

মনৰ পৰিসৰটো বহলাবলৈ গৈ শিপাডাল ছিঙি পেলোৱাৰ কোনো দৰকাৰ নাই

 

ড° দিলীপ কুমাৰ দত্ত। ১৯৬৮ চনত।

ড° দিলীপ কুমাৰ দত্ত। ১৯৬৮ চনত।

আপুনি এহাতে জন্মসূত্ৰে অসমীয়া বা ভাৰতীয়; আনহাতে কৰ্মসূত্ৰে এমেৰিকান যোৱা কেইবাটাও দশকজুৰি আপুনি স্বদেশ আৰু প্ৰৱাস উভয়তে জীৱন কটাই আহিছে এটা কথা সত্য যে যিমানে ওলাই যোৱা যায় মনৰ পৰিধিও বহল হয় সিমানে কেতিয়াবা বাৰু আপোনাৰ কবি-দাৰ্শনিকসকলে কবৰ দৰে ভাবিবৰ মন নাযায়নে যে পৃথিৱীখনেই মোৰ ঘৰ এনেকুৱা বিশ্ব নাগৰিকজাতীয় এটা ভাব?

► আহে, তলৰ পৰা। অৰ্থাৎ শিপাৰ পৰা। মই অসমখন ভাল পাওঁ, এয়া মোৰ মাটি; সেই কাৰণেই মই পৃথিৱীখনো ভাল পাওঁ। আৰু আনেও যদি তেওঁৰ নিজৰ মাটিখিনি ভাল পাইছে সেইটোতো মই একে আৱেগেই দেখোঁ, একে চিন্তাধাৰাই দেখোঁ। কিন্তু মনৰ পৰিসৰটো বহলাবলৈ গৈ শিপাডাল ছিঙি পেলোৱাৰ কোনো দৰকাৰ নাই।

 

আপুনি বিদ্যায়তনিক প্ৰয়োজনতেই হওক বা ভ্ৰমণৰ কাৰণে কৰা ভ্ৰমণেই হওক পৃথিৱীৰ কিমানখনমান দেশ এতিয়ালৈকে আপুনি ভ্ৰমণ কৰিলে?

► মই কিমান দেশ ভ্ৰমণ কৰা নাই তাৰহে তালিকা দিব পাৰোঁ। কাৰণ মই পৃথিৱীৰ বেছিভাগ দেশেই ঘূৰা হ’ল। এই ইউৰোপেই হওক, অষ্ট্ৰেলিয়াই হওক আদি। কিন্তু কিছুমানলে মই ইচ্ছাকৃতভাৱেই যোৱা নাই। যেনে— দক্ষিণ আমেৰিকা। খালি মেক্সিকোলৈ যাবলৈ ইচ্ছা এটা আছিলে, তালৈ গৈছোঁ। কলম্বাছেনো প্ৰথমে গৈ কোনখিনি ওলাইছিলগৈ সেইখিনি চাবলে। বাকীবিলাক দেশৰ প্ৰতি মোৰ কিন্তু ইমান ৰাপ নাই। আৰু কি কাৰণে ক’ব নোৱাৰো ছোভিয়েট ৰাছিয়া আৰু চাইনাৰ প্ৰতিও মোৰ বৰ আকৰ্ষণ নাই। সেই দুখনলেও যোৱা নাই মই। তেনেকে দুই-এখনলেহে যোৱা নাই। বাকী বেছিভাগ দেশলৈকে যোৱা হৈছে। আৰু মোৰ এই সৰহভাগ ভ্ৰমণেই আছিল বিদ্যায়তনিক দিশৰ সৈতে জড়িত। বত্তৃতা দিবৰ কাৰণে বা কিবা কন্‌ফাৰেন্স আদিত যোগ দিবৰ বাবে। আৰু অষ্ট্ৰেলিয়াত গৈ মই ছমাহ আছিলোঁ অতিথি অধ্যাপক হিচাপে।

 

আপুনি ভূত-প্ৰেত, ঈশ্বৰ-দেৱতা আদিত বিশ্বাস কৰেনে?

► ঈশ্বৰত মোৰ গভীৰ বিশ্বাস। ভূত-প্ৰেত— মাজে মাজে কৰোঁ; কিন্তু সেইটো এতিয়াও ঠিক সঠিক ৰূপত প্ৰকাশ কৰিব নোৱাৰিম। কিন্তু অলপ বিশ্বাস কৰোঁ। ঈশ্বৰত গভীৰ, ভূত-প্ৰেতত অলপ-চলপ আছে।

 

আপুনি বিশ্বৰ সৰ্বাধুনিক মনৰ ব্যক্তি হিচাপে নিজকে গঢ় দিব খোজাসকলক, বিশেষকৈ উত্তৰ প্ৰজন্মক আপুনি কি উপদেশ দিব? আপোনাৰ দৃষ্টিত সৰ্বাধুনিক মনৰ ব্যক্তিজনৰ থাকিবলগীয়া গুণাৱলী কি কি হব পাৰে?

► প্ৰথম কথা, আত্মসন্মান। আত্মসন্মান জাগিবলে বহুত সৎ চিন্তা, সজ ভাব লাগিব। নিঃস্বাৰ্থ হ’ব লাগিব। আৰু বান্ধোনমুক্ত হ’ব লাগিব। যেনে ধৰ্মৰ গোড়ামীৰ পৰা মুক্ত হ’ব লাগিব। ধৰ্ম থাকিব লাগিব, কিন্তু আন ধৰ্মৰ লোকৰ প্ৰতিও সন্মান কৰিব পাৰিব লাগিব। তেওঁলোকৰো যে নিজৰ এটা ব্যক্তিগত অধিকাৰ আছে তাক উপলব্ধি কৰিব পাৰিব লাগিব।

তাৰ উপৰি সকলো মুক্তভাৱে— শিক্ষাই কওক, জ্ঞানেই কওক, সকলোৱে যাতে মুক্তভাৱে বিচৰণ কৰি পাৰে। নিজকো মু্‌ক্ত কৰিব পাৰিব লাগে। সেইদৰে আনকো মুক্ত হোৱাটো ভাবিব লাগিব। সেইটো আত্মসন্মানৰো এটা ডাঙৰ পৰীক্ষা।

আন এটা কথা হৈছে যে অলপ জ্ঞানান্বেষী হ’ব লাগে। আধুনিক নাগৰিকৰ বাবে জ্ঞানান্বেষণ, সজ চিন্তা, আত্মসন্মান বোধ আৰু সততা মোটামুটি এইকেইটা আহৰণ কৰিব পাৰিব লাগিব।

 

Dr-Dilp-Dutta-Kushal-Dutta-Photo-Bikash-Baruaআৰু আপুনি জীৱনত এইখিনি পাইছোঁ বুলি ভাবেনে?

► অ’ মই পাইছোঁ। মই নিজে সদায় এইখিনি চেষ্টা কৰিছোঁ। মোক এমেৰিকানবিলাকে কয় ‘‘ইউ আৰ ম’ৰ এমেৰিকান দেন দ্য এমেৰিকান্‌ছ।’’ আকৌ ইয়াত বহুতেই মোক ‘বহুত অসমীয়াতকৈ বেছি অসমীয়া’ বুলিয়েই জানে। সেইদৰে দিল্লীতো মই সম্পূৰ্ণ ভাৰতীয়। তেনেকে ইংলেণ্ডত থাকোঁতে বহুতে কয়— ‘‘তই বেছি ইংলিছ।’’ মোৰ ইংৰাজ বন্ধু এজন আছে, সি মোক মাজে মাজে ধম্‌কিয়েই দিয়ে— ‘‘তই বৰ প্ৰ’ ইংলিছ’’ বুলি। এনেবোৰ বিষয়তেই এখন কিতাপ ওলাব এতিয়া, মোৰ ফলি লোৱা বুৰঞ্জীৰেই একেপ্ৰকাৰৰ ইংৰাজী— Tales of Western Inspiration and Indian Karma.

 

Tales of Western Inspiration and Indian Karma*-ৰ বিষয়ে আমাৰ আজিৰ দৈনিক বাতৰিত ওলাইছিল কেতিয়া ওলাব কিতাপখন?

► ‘অথৰ হাউছ’ বুলি এটা প্ৰকাশনে উলিয়াব। এই ওলাবই এতিয়া, মই গৈ পোৱাৰ লগে লগেই ওলাব। মই প্ৰুফখনি দিব পৰা নাই বাবেই ওলোৱা নাই। যা-হওক, তাত মই বিশেষকে অসমৰ ক্ষেত্ৰত কেইজনমান ইংৰাজৰ অৱদানৰ কথা— হেন্‌ৰী কটন, উইলিয়াম গ্ৰিফিট, ব্ৰাউন, ছুডমাৰ্ছন এনেকে যিকেইজন ব্যক্তিয়ে সঁচাকে নানা ধৰণেৰে আমাৰ উপৰিপুৰুষসকলক প্ৰেৰণা দি গ’ল, দিক্‌-দৰ্শন দিলে, সেইবিলাক কথা মই কিতাপখনত আনিবলৈ চাইছোঁ। তাত যেতিয়া মই ইংৰাজ অধ্যাপক এজনক পঢ়িবলৈ দিলোঁ স্ক্ৰিটো, তেওঁ মোক পঢ়ি গালিয়েই পাৰিলে যে তই বেছি প্ৰ’ ইংলিছ। ঠিক এই ধৰণৰ কথা আৰু। মই সেইখিনি কৰিব পাৰিছোঁ মানে একপ্ৰকাৰ নিজকে অলপ মুক্ত কৰিব পাৰিছোঁ। মই অসমীয়া যদিও অসমীয়াই বেয়া দেখিলেই মই তাত থাকিবলৈ যাম সেইটো নহয় বা ইংৰাজ এজনৰ ভালটো দেখিলেও চকু মুদি থাকিম সেইটো নহয়। আৰু মই ভাবোঁ সেইটোৱেই প্ৰয়োজনীয় কথা।

 

আপোনাৰ জন্ম ১৯৩৯ চনৰ ২ জানুৱাৰী আছিল?

► সেইটো চৰকাৰীভাৱেহে।

 

প্ৰকৃত জন্মদিনটো কি আছিলনো আপোনাৰ?

► আচলটো আছিল ১৯৩৭ চনৰ ৩০ এপ্ৰিল। সেইটোও লিখিছোঁ মই ক’ৰবাত। সেইটোৱেও মোক বেছ অনিষ্ট কৰিলে; কিন্তু বেছ আমোদজনক কাহিনী। সেই যে ‘লিপ্‌ ইয়েৰ জাঁপ’— তুমি পঢ়িছা চাগে’, তাত আছে কাহিনীটো। মোৰ শিক্ষাগুৰু শান্তিৰাম দাস, ডিব্ৰুগড় ইউনিভাৰ্ছিটীৰ ভি চি দেৱদাস কাকতিৰ দেউতাক, তেওঁ মোক দিছিল চাৰ্টিফিকেটখন। খুব গুণী শিক্ষক আৰু মোকো খুব মৰম কৰিছিল। তেওঁ মৰমতে মোৰ ভালৰ কাৰণেই, মোৰ বয়স দুবছৰ কমাই দিছিল আৰু চাকৰিত সুবিধা হ’বৰ কাৰণে জানুৱাৰীৰ প্ৰথম সপ্তাহটো দিছিল। কিন্তু ই মোৰ বহুত টকা লোকচানহে কৰিলে। কাৰণ এমেৰিকান ইউনিভাৰ্ছিটীত ৬৫ বছৰ হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ ভাত্তা দিয়ে, এতিয়া সেইখিনি পোৱাত মোৰ দেৰি হৈছে। কিন্তু তেওঁ আকৌ মোৰ শুভকামনা কৰিয়েই মোৰ বয়সটো কমাই দিছিলে।

 

১৯৩৭ চনত যদি আপোনাৰ জন্ম, আজি ২০০৫ চনত আপোনাৰ বয়সে ৬৭ বছৰ সম্পূৰ্ণ কৰি ৬৮ত ভৰি দিলে তথাপি দেখাই-শুনাই চফল ডেকাৰ দৰেই আপুনি আজিও প্ৰাণৱন্ত

► বৰ ভাল কথা।              

 

ইয়াৰ আঁৰৰ যিখিনি কৰণীয় সেইখিনি আপুনি কেনেদৰে পালন কৰেনো?

► এইটো বৰ ভাল কথা সুধিছা। আজি মই যোৱা ২৫ বছৰমানৰ পৰা নিৰামিষ ভোজী হৈছোঁ। সেইটোৱে মোৰ স্বাস্থ্যত যথেষ্ট সহায় কৰিছে বুলি মই ভাবোঁ। আনটো হৈছে মোৰ বদ অভ্যাস নাই। চিগাৰেট খোৱা, মদ খোৱা বা ৰাতি বেছি দেৰিলৈকে নাচি-বাগি ফুৰা এইসব মোৰ নাই। মুঠতে মই এই ধৰণৰ অনুশাসন মানি চলোঁ। খুব কষ্ট কৰি নহয়, সাধাৰণভাৱে। আৰু তৃতীয় এটা ডাঙৰ কথা হৈছে মই খুব আনন্দ কৰি থাকোঁ। সেই আনন্দ অহাৰ এটা কাৰণ হৈছে মই আনক খুব সন্মান কৰি চলোঁ। সকলোধৰণৰ লোকৰ প্ৰতি মই বেছ সন্মানীয় ব্যৱহাৰ কৰোঁ। সেই কাৰণে মই বেছি আনন্দ পাওঁ।

 

আপোনাৰ দৈনিক ৰুটিনখন কব নেকি ইয়াৰখন আৰু কিংষ্টনৰ খন?

► মোৰ দুইখন প্ৰায় একেই। মই পুৱা খুব সোনকালে উঠি নিজে চাহ বনাই খাওঁ। ফিকা চাহ, আৰু দাৰ্জিলিং টী বেছি ভাল পাওঁ। চেনি-গাখীৰ নিদিয়াকে। আৰু লগত কিবা এটা খাওঁ। মই উঠি সদায় কিবা এখন পঢ়িবলৈ লাগিবই। তেতিয়া সেই সময়তে পঢ়োঁ আৰু ভাবোঁ দিনটো মই কি কৰিম।

 

সেয়া বাতৰি-কাকত নে অন্য কিবা গ্ৰন্থ?

► বাতৰি-কাকতো হয়, অন্য বেলেগ গ্ৰন্থও হয়। কেতিয়াবা অংকৰ কিতাপো হয়। তাৰ পিছত আৰু কিবাকিবি সৰু-সুৰা কাম কৰোঁ। কৰি দিনৰ ১২ বজাত আহাৰ খাওঁ। আহাৰ খাই মই এঘুমটি মাৰিবই লাগিব দিনত। এই অভ্যাসটো মোৰ একেবাৰে ছাত্ৰ দিনৰে পৰা আছে। এইখিনিতে মই এটা ৰস লগা কথা ক’ব পাৰোঁ। মই যেতিয়া বিলাতলৈ কমনৱেল্‌থ বৃত্তি পাই যাওঁ, আমাক একেখন প্লেনতে গোটেই কমনৱেল্‌থ বৃত্তিধাৰী ভাৰত, পাকিস্তান, হংকং আদি ঠাইৰ গোটেইবিলাককে একেলগে লৈ গৈছে। আৰু সকলোৱে চিন্তা কৰে কোন কেম্ব্ৰিজলে’ যাব, কোন অক্সফ’ৰ্ড যাব, কি কৰিব— সেইবিলাক চিন্তা কৰে। কিন্তু মোৰ এটা চিন্তাই আছিল, মোৰ দুপৰীয়া শোৱাটো কি হ’ব? বিলাতত গৈ দুপৰীয়া মই শুব পাৰিম নে নাই? সেইটো চিন্তাতে গোটেই বাটটো কথাই কথাই সুধোঁ লগৰবোৰক। পিছে গৈ দেখোঁ যে তাতো সেই সুবিধাটো কৰি ল’ব পাৰিলোঁ। আৰু এমেৰিকাতো, ঘৰটো সেই এমাইল দূৰত যেতিয়া সদায় দিনৰ আহাৰ খাবলৈ আহোঁ আৰু এঘুমটি মাৰি যাওঁ। আৰু মোক কোনোদিনে ১১ বজাৰ পৰা ২ বজাৰ ভিতৰত পঢ়াবলে ক্লাছ নিদিয়ে আৰু চেয়াৰমেনে।

 

ড° দিলীপ কুমাৰ দত্ত। ১৯৮১ চনত।

ড° দিলীপ কুমাৰ দত্ত। ১৯৮১ চনত।

আপোনাৰ আত্মজৈৱনিক গ্ৰন্থ মোৰ শিক্ষা আৰু শিক্ষকৰ পাতনিত এখন গ্ৰন্থ প্ৰণয়নৰ নেপথ্যৰ তিনিটা প্ৰধান কাৰক উল্লেখ কৰি আপুনি এটা বৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে সেয়া আছিল প্ৰথমে, পুথি এখন পাঠকে পঢ়ি উপভোগ কৰিব পৰা বস্তু হব লাগে দ্বিতীয়তে, কিছু সাৰুৱা কথা থাকিব লাগে তৃতীয়তে, পুথিখন তৃপ্তিদায়ক আৰু আনন্দদায়ক হব লাগে কথা হ কিতাপৰ প্ৰসংগৰ পৰা অলপ আঁতৰি এনেকুৱা এটা জীৱন-দৰ্শনেই বাৰু আপোনাকো প্ৰতিনিয়ত চালিত নকৰেনে?

► কথাটো অলপমান হয়। কিন্তু মই সকলো ক্ষেত্ৰতে যাক লগ পাইছোঁ আমোদ দিবলে কথাটো ভবা নাই বা তেওঁ কি বিচাৰিছে, কেনেকৈ সন্তুষ্ট হয় তেনেধৰণৰ ভাব হয়তো আহিব পাৰে। সেই কাৰণে কিতাপৰ প্ৰসংগটো অলপমান সুকীয়া হয় এইক্ষেত্ৰত। কিন্তু বহুদূৰ সেইকেইটাৰ দ্বাৰাই প্ৰভাৱান্বিত বুলি ক’ব পাৰা তুমি।

 

প্ৰতিবাৰেই আপুনি কিংষ্টনৰ পৰা ঘৰলৈ প্ৰত্যাৱৰ্তন কৰোঁতে নিশ্চয় কিছুমান আশা কঢ়িয়াই আনে, কিছু পৰিকল্পনা যুগুতাই আহে আপোনাৰ সেই প্ৰত্যাশাখিনি ইয়াত আহি বাস্তৱ ৰূপ পায়নে? আকৌ উভতি যাওঁতে বাৰু আপোনাৰ কেনে অনুভৱ হয়?

► ঠিক ভবা ধৰণে নাপালেওঁ মই সদায় ভাবোঁ কি কৰিব পাৰোঁ— সেয়া কৰিহে থাকোঁ। ফলাফল কেনেকুৱা পাইছোঁ সিমান চিন্তা নকৰোঁ। কিন্তু যিটো ভাবেৰে কাৰ্যটো কৰিবলৈ লওঁ সেইটো ভাবেৰে কাৰ্যখিনি কৰি থাকিব বিচাৰোঁ। যিমান পাৰোঁ নানা প্ৰকাৰে, নানা উপায়েৰে কাৰ্যখিনি কৰি থাকিবলৈ চেষ্টা কৰোঁ। আৰু এইটো এনেকুৱা এটা পৰ্যায়ত আছে যে মোৰ কাৰ্য সিদ্ধি হৈছে নে নাই সেইটো আৰু সময়েহে ঠিক কৰিব।

 

আপুনি ছাত্ৰ হ, গৱেষক হ, শিক্ষক হ, খেলুৱৈ হ, লেখক হ, লগতে সংগীতৰ উপাসকো হ ইয়াৰ বাৰু কোনটো জীৱনে আপোনাক আটাইতকৈ বেছি আকৰ্ষিত কৰে; যিটো জীৱনক আপোনাৰ জীৱন-দৰ্শনৰ সামগ্ৰিক প্ৰতিফলক বুলি ভাবে?

► এক কথাত ক’বলৈ হ’লে শিক্ষকতা। অৰ্থাৎ ডেকা ল’ৰা-ছোৱালী বা সৰু ল’ৰা-ছোৱালী দেখিলে তাহাঁতক কিবা এটা ভাল কথা শিকোৱা। যিটোৱে তাহাঁতক গোটেই জীৱন উপকাৰ কৰিব পাৰে। বাকী গোটেইবিলাক প্ৰায় সমানেই। সকলোৱেই মই উপভোগ কৰিছোঁ। কিন্তু এইটো প্ৰধান। মানে এতিয়া মই হাড়ে-হিমজুৱেই শিক্ষক।

 

* টোকা : Tales of Western Inspiration and Indian Karma গ্ৰন্থখনৰ প্ৰথম তাঙৰণ ২০০৩ চনতে আমেৰিকাত প্ৰকাশ হৈ গ’ল। তাৰ দ্বিতীয় তাঙৰণ প্ৰকাশ কৰিছে দিল্লীৰ Low price publication নামৰ প্ৰকাশন প্ৰতিষ্ঠানটোৱে।

 

সাক্ষাৎ গ্ৰহণ : এপ্ৰিল ২০০৫, স্থান : ডঃ দিলীপ কুমাৰ দত্তৰ নিজা বাসভৱন, কুশল কোঁৱৰ পথ, চেনিকুঠী হিলছাইড, গুৱাহাটী-১।

 

 

ডঃ দিলীপ কুমাৰ দত্তৰ চমু জীৱনপঞ্জী:

১৯৩৯ : যোৰহাটত ২ জানুৱাৰীত জন্ম। পিতৃ : ফণীধৰ দত্ত, মাতৃ : ৰত্নেশ্বৰী দত্ত (১৯০৩-১৯৮৮)।

১৯৪৩-৪৭ : গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ।

১৯৪৭-৫০ : উজান বজাৰৰ মাণিক চন্দ্ৰ বৰুৱা মজলীয়া বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা গ্ৰহণ।

১৯৫০-৫৪ : পাণবজাৰৰ কটন কলেজিয়েট হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ।

১৯৫৪-৫৮ : কটন কলেজৰ পৰা ইণ্টাৰমেডিয়েট আৰু স্নাতক ডিগ্ৰী লাভ।

১৯৫৮-৬০ : দিল্লীৰ ৰামজাছ কলেজৰ পৰা অংকশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ।

১৯৬০-৬৩ : দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ (ডঃ দত্ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰীপ্ৰাপক প্ৰথমগৰাকী অসমীয়া)।

১৯৬৩-৬৫ : ইংলেণ্ডৰ ছাউথাম্পটন বিশ্ববিদ্যালয়ৰ পৰা প’ষ্ট ডক্টৰেট ডিগ্ৰী লাভ।

১৯৬৫-৬৭ : কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত অংকশাস্ত্ৰৰ প্ৰৱক্তাৰূপে কাৰ্যনিৰ্বাহ।

১৯৬৭-২০০৭ : আমেৰিকা যুক্তৰাজ্যৰ কিংষ্টনস্থিত ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ত অংকশাস্ত্ৰৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ আৰু অৱসৰ।

২০০৭- বৰ্তমানলৈকে : বিশ্ববিদ্যালয়ৰ শিক্ষক জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ ল’লেও এতিয়াও শৈক্ষিক জীৱনকে ধৰি সাহিত্য, সংস্কৃতি, সামাজিক আদি বিভিন্ন ক্ষেত্ৰত কিংষ্টন আৰু অসম উভয়তে কৰ্মৰত।

 

ডঃ দিলীপ কুমাৰ দত্তৰ প্ৰকাশিত গ্ৰন্থপঞ্জী:

 

সাহিত্য:

১. শুভ দিনৰ নিৰ্ঘণ্ট, লয়াৰ্ছ বুক ষ্টল, ১৯৭৯

২. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, শ্ৰীভূমি, ১৯৮১

৩. নীলাৰ সুৰভি ভাঙি, লয়াৰ্ছ বুক ষ্টল, ১৯৮২

৪. মনে মোৰ কইনা বিচাৰে, লিপিকা প্ৰকাশন, ১৯৮৩

৫. নিৰ্মলপ্ৰভাৰ গীত আৰু জীৱন নদী, শ্ৰীভূমি, ১৯৮৫

৬. মিছ গৌহাটী, চিত্ৰলেখা প্ৰকাশন, ১৯৮৬

৭. ফলি লোৱা বুৰঞ্জী, চিত্ৰলেখা প্ৰকাশন, ১৯৮৬

৮. শংকৰদেৱ বিৰচিত কালিয় দমন নাট, বাণী মন্দিৰ, ১৯৮৭

৯. প্ৰেমত পৰিলোঁ নেকি?, অসমী প্ৰকাশন, ১৯৮৭

১০. খোঁচা-বিন্ধা বুৰঞ্জী, অসমী প্ৰকাশন, ১৯৮৯

১১. গণেশ গগৈ ৰচনা সম্ভাৰ, বনলতা, ১৯৯১, দ্বিতীয় সংস্কৰণ : বনলতা, ১৯৯৯

১২. প্ৰেম আৰু জীৱন সংগিনী, জ্যোতি প্ৰকাশন, ১৯৯৯

১৩. মোৰ শিক্ষা আৰু মোৰ শিক্ষক, বনলতা, ২০০২

 

পাঠ্যপুথি:

১. Finite Math For Liberal Arts, RI. Desktop, Kingston, USA, 1995.

২. Concepts of Geometry, RI. Desktop, Kingston, USA, 2003.

 

প্ৰসংগ পুথি:

১. Math Education At Its Best: The Potsdam Model, The Center for Teaching and Learning of Mathematics, Framingham, Massachusetts, USA, 1993.

 

অন্যান্য:

১. Tales of Western Inspiration and Indian Karma.

Author House, USA, 2003 & Low Price Publication, New Delhi, 2005.

২. Creative Math Teaching (Ed, Journal, 1994 - Fifteen issues till now; Joint Editor Catherine Roberts)

 

পঠনীয়:  আই আই টি গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ সৈতে এটি সাক্ষাৎকাৰ — ড° স্তুতি ৰঞ্জিত কোঁৱৰ
(টোকা : এই সাক্ষাৎকাৰটি গ্ৰহণ কৰাৰ কিছুদিন পাছতে সংক্ষিপ্ত ৰূপত বিহু সংখ্যাৰ 'সাদিন' আলোচনীত প্ৰকাশ পাইছিল। সাক্ষাৎকাৰটি সম্পূৰ্ণৰূপত প্ৰকাশ কৰিবলৈ 'গণিত চ'ৰা'লৈ প্ৰেৰণ কৰা বাবে কুশল দত্তদেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। - পৰিচালন সম্পাদক, গণিত চ'ৰা।)
Print Friendly, PDF & Email
No Comments

Post A Comment