এয়া ভাল কথাই যে মানৱজাতিয়ে কেৱল ব্যৱহাৰিক প্ৰয়োগৰ কথা ভাবিয়েই সময় কটোৱা নাই

Anupam-Saikiaবৰ্তমান ভাৰতীয় প্ৰযুক্তি-বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত (iitg) অধ্যাপনা কৰি থকা ড° অনুপম শইকীয়া প্ৰথমজন আৰু এতিয়ালৈকে একমাত্ৰ অসমীয়া ৰেংলাৰ। ছাত্ৰাৱস্থাৰ পৰাই তেখেত অনন্য কৃতিত্বৰ অধিকাৰী আৰু বৰ্তমান শিক্ষক হিচাপেও অতিকে জনপ্ৰিয়। তেখেতৰ ৱেবচাইট  http://www.iitg.ernet.in/a.saikia/গণিত চ’ৰাৰ  লগত হোৱা এটা সাক্ষাৎকাৰত তেখেতে তেখেতৰ শিক্ষাজীৱন, গৱেষণা আৰু বিভিন্ন বিষয়ত তেখেতৰ চিন্তাধাৰাৰ সম্পৰ্কে প্ৰকাশ কৰে।

এই সাক্ষাৎকাৰটো লওঁতে বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰা বাবে প্লাৱন দাস, ধ্ৰুৱ জ্যোতি ওজা আৰু মানসপ্ৰতীম ৰাজকোঁৱৰক কৃতজ্ঞতা জনালো।

 

আপুনি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এক প্ৰেৰণাৰ উৎস আৰু গণিতৰ অতি গ্লেমাৰাছ অধ্যাপকসকলৰ ভিতৰত আপুনিও অন্যতম। আপোনাৰ কৰ্মশালা বা চেমিনাৰত উপস্থিত থাকিবলৈ পোৱাটো ছাত্ৰ-ছাত্ৰীয়ে সৌভাগ্যৰ কথা বুলি ভাৱে। আপুনি কৈশোৰত, ডাঙৰ হৈ কি হোৱাৰ কথা ভাবিছিল আৰু তেতিয়া কি কামত অধিক ব্যস্ত হৈছিল?

► সৰুৰে পৰাই মই গণিত বিষয়টোৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিলো। গণিতৰ লগত সময় অতিবাহিত কৰি খুবেই ভাল লাগিছিল। ভৱিষ্যতলৈয়ো এই বিষয়টোৱেই অধ্যয়ন কৰি যাম বুলিয়েই মনস্থ কৰিছিলো। সেই সময়ত অৱশ্যে গৱেষণা শব্দটোৰ আধাৰ লৈ ভবা নাছিলো।

অসম গণিত শিক্ষায়তনৰ দ্বাৰা আয়োজিত গণিত অলিম্পিয়াদৰ ড° সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ-পদক এটা অতি সন্মানীয় আৰু ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱক সকলোৰে বাবে আগ্ৰহৰ পদক। আপুনি সেই পদক দুবাৰ লাভ কৰিছিল। সেই সময়ত আপুনি কেনেকুৱা ধৰণৰ গণিত শিকিছিল আৰু এই পদকে পিছৰ কালত আগবাঢ়ি যোৱাত উৎসাহ যোগাইছিলনে?

► নৱম-দশমমানত মোৰ হাতত পৰা যিকোনো গণিতৰ কিতাপেই পঢ়িবলৈ লৈছিলো আৰু সেইবিলাকত থকা সমস্যাবোৰ সমাধান কৰি ভাল পাইছিলো। যিহেতু আশীৰ দশকৰ গোলাঘাটত পাঠ্যপুথিৰ বাহিৰে গণিত সম্পৰ্কীয় কিতাপ-পত্ৰ বিশেষ পোৱা নগৈছিল, গতিকে একাদশ-দ্বাদশমানৰ কিতাপবোৰৰ পৰাই হেপাহ পূৰাব লগা হৈছিল। দুই-একে মোৰ আগ্ৰহৰ কথা জানি কেতিয়াবা কেতিয়াবা গণিতৰ ব্যতিক্ৰমী দুই-এখন কিতাপো দিছিল। মথেমেটিকচ টুডে নামৰ আলোচনীখন পঢ়িছিলো আৰু অসম গণিত শিক্ষায়তনে সেই সময়তে উলিয়াবলৈ আৰম্ভ কৰা গণিত বিকাশ নামৰ ষাণ্মাসিকখনলৈয়ো অতি আগ্ৰহেৰে বাট চাইছিলো।

গণিতৰ উচ্চশিক্ষা লোৱাৰ প্ৰতি আপোনাৰ আগ্ৰহ কেনেকৈ বঢ়িল আৰু এই দিশত আপুনি কেনেকৈ আগবাঢ়ি গৈছিল?

► মই যেতিয়া প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ আছিলো, দেউতাই ধেমালিৰ চলৰে বিভিন্ন মৌখিক বা গাণিতিক সমস্যা আদি কৰিবলৈ দিছিল। তেতিয়াৰ পৰাই মোৰ মনটো গণিতৰ প্ৰতি ঢাল খাইছিল। অষ্টমমানৰ পৰা দশমমানলৈকে সময়চোৱাত জেহিৰুল হুচেইন চাৰে পাঠ্যপুথিৰ বাহিৰেও হাততে পোৱা যিকোনো কিতাপৰে পৰা গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ দিয়া উদগনিৰ বাবেও মই বিশেষভাৱে উপকৃত হৈছিলো।

আপোনাৰ শিক্ষাজীৱনৰ সফলতাসমূহত কাৰ অৰিহণা সকলোতকৈ বেছি?

► স্কুলীয়া অৱস্থাত যিসকল শিক্ষাগুৰুৱে মোৰ মনত বিশেষভৱে প্ৰভাৱ পেলাইছিল তাৰ ভিতৰত জেহিৰুল হুচেইন চাৰ, দেবেন গগৈ চাৰ, ভাৰত নাথ চাৰ, নিৰুপমা ৰাজখোৱা বাইদেউ আদিৰ কথা উল্লেখ কৰিবই লাগিব। কেম্ব্ৰিজৰ প্ৰথম সময়চোৱাত ড° পেলহাম উইলচনে দেখুওৱা আস্থাই মোক বিশেষভাৱে উদগনি যোগাইছিল। পৰৱৰ্তী সময়চোৱাত জন কটচে মোক বাট দেখুৱাইছিল। তদুপৰি যোৱা দহ বছৰ ধৰি মোৰ গৱেষণাৰ কামত অহৰ্নিশে উৎসাহ দি অহা মোৰ সহধৰ্মিণী পাঞ্চালীৰ(পাহি) ভূমিকাও মোৰ বাবে অতি গুৰুত্বপূৰ্ণ।

আপুনি কেম্ব্ৰিজলৈ যোৱাৰ সিদ্ধান্ত কিয় লৈছিল? তাত কটোৱা সাত বছৰৰ অভিজ্ঞতাৰে আপুনি ভাৰতীয় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আৰু শিক্ষাব্যৱস্থাৰ লগত কেম্ব্ৰিজৰ কি কি পাৰ্থক্য লক্ষ্য কৰিছিল?

► সৰুৰেপৰাই কেম্ব্ৰিজৰ কথা শুনি আহিছিলো। নিউটন, ৰামানুজন আদি কিংবদন্তিৰ কথা পঢ়িবলৈ পাইছিলো। গতিকে কেম্ব্ৰিজত পঢ়িবলৈ পালে যে অতি সৌভাগ্যৰ কথা হ’ব সেয়া সৰুৰেপৰাই উপলব্ধি কৰিছিলো। কেম্ব্ৰিজত দেখিছিলো যে সকলোৱে নিজৰ আগ্ৰহৰ মতেহে অগ্ৰসৰ হয়। তাৰ ছাত্ৰ-ছাত্ৰীসকলে বিষয় একোটা নিজৰ আগ্ৰহ অনুযায়ী সহজেই সলাব পাৰে। তাত তথ্য সংগ্ৰহতকৈয়ো চিন্তাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়া হয়। পৰীক্ষাৰ ফলাফলেই তাত শেষ কথা নহয়। পৰীক্ষাবিলাকতো যান্ত্ৰিকভাৱে কৰিব পৰা প্ৰশ্ন সমূলি নাথাকে। প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে তাত যথেষ্ট সন্মান দিয়া হয়, তেওঁলোকৰ বিচাৰ-বিবেচনা গুৰুত্ব সহকাৰে লোৱা হয়। বৌদ্ধিক বিকাশৰ বাবে কেম্ব্ৰিজৰ পৰিবেশ অতি অনুকূল।

anupam-saikia-convocation আপুনি বিশ্ববিশ্ৰুত গণিতজ্ঞ, ৰয়েল চছাইটিৰ ফেল’ জন কটছৰ তত্বাৱধানত গৱেষণা কৰিছিল। তেখেতৰ লগত কটোৱা দিনবোৰৰ সম্পৰ্কে অলপ কওকচোন।

► কটছ যিদৰে এগৰাকী মহান গণিতজ্ঞ, সেইদৰে এগৰাকী মহান শিক্ষকো। গণিতৰ সুগভীৰ তত্বও তেখেতে অতি সহজভাৱে উপস্থাপন কৰিব পাৰে আৰু তাৰ সাৰমৰ্ম ছাত্ৰ-ছাত্ৰীসকলৰ বোধগম্য কৰি তোলে। ব্যক্তি হিচাপে তেখেত মৰমিয়াল, অতি অমায়িক। কোনো কথাই তেখেতে ধৰাবন্ধা কৰি নিদিয়ে, তেখেতে পৰামৰ্শহে দিয়ে। তেখেতৰ সূক্ষ্ম হাস্যৰসাত্মকবোধে তেখেতৰ পৰিচিত সকলোকে মোহিত কৰি ৰাখে। তেখেতে বিশ্বৰ চুকে-কোণে পৰিভ্ৰমণ কৰি ভাল পায়, তেখেতৰ অনুসন্ধিৎসাৰ তুলনা নাই। তেখেতৰ দৰে ব্যক্তি এগৰাকীৰ লগত গৱেষক-ছাত্ৰৰূপে কাম কৰিবলৈ পোৱাটো মই পৰম সৌভাগ্য বুলি গণ্য কৰোঁ।

আপুনি কেম্ব্ৰিজত থকা সময়তে এন্ড্ৰু ৱাইলছে ফাৰ্মাৰ অন্তিম উপপাদ্যটো প্ৰমাণ কৰিছিল। তেখেত জন কটছৰে ছাত্ৰ আছিল। সেই সময়ৰ কেম্ব্ৰিজৰ পৰিৱেশে আপোনাৰ মনত কি প্ৰভাৱ পেলাইছিল?

► কেম্ব্ৰিজৰ পৰিবেশে মোক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল। মনলৈ ঋণাত্মক চিন্তা আহিলে মই ট্ৰিনিটি কলেজৰ ভিতৰতে এপাক মাৰিবলৈ লৈছিলো, আৰু লগে লগেই বহুত উৎসাহ পাইছিলো। ৱাইলছৰ প্ৰমাণটো কেম্ব্ৰিজত দাঙি ধৰাৰ পিছৰ বছৰহে মই তাত উপস্থিত হৈছিলো।

সংখ্যা-তত্বৰ লগত জড়িত আপোনাৰ দুটা প্ৰিয় বিষয় হ’ল এলিপ্তিক কাৰ্ভ (Elliptic curve) আৰু ইৱাচাৱা তত্ব (Iwasawa theory)। বিষয় দুটাৰ সম্পৰ্কে আলপ বহলাই ক’বনে? এলিপ্তিক কাৰ্ভ সংখ্যা-তত্বৰ লগত কেনেকৈ জড়িত? গণিতৰ আন কি কি ভাগ আপোনাৰ প্ৰিয়?

► এলিপ্তিক কাৰ্ভৰ বিশেষত্ব এয়ে যে ইয়াৰ বিন্দুবিলাক যোগ কৰি সেই কাৰ্ভৰে আন এটা বিন্দু পাব পাৰি। ইয়াৰ বাবে এনে কাৰ্ভৰ সুকীয়া কেতবোৰ ধৰ্ম আছে। সংখ্যা-তত্বৰ লগত ইয়াৰ নিবিড় সম্পৰ্ক আছে। এলিপ্তিক কাৰ্ভৰ তত্বৰ প্ৰয়োগেৰেই ফাৰ্মাৰ অন্তিম উপপাদ্য প্ৰমাণিত হৈছিল। ইৱাচাৱা তত্বত বিষয়বস্তুটো সসীমৰ পৰা অসীম পৰ্য্যায়লৈ যোৱা হয়, সেই পৰ্য্যায়ত সমাধান বিচৰা হয় আৰু শেষত পুনৰ অসীম পৰ্য্যায়ৰ পৰা সসীমলৈ অহা হয়। ইৱাচাৱা তত্ব হৈছে এনে এবিধ আহিলা যাৰ যোগেদি এলিপ্তিক কাৰ্ভ সম্বন্ধীয় বহুতো জটিল প্ৰশ্নৰ সমাধানো সুন্দৰকৈ পাব পাৰি।

কেনকিছি ইৱাচাৱা (Kenkichi Iwasawa)ক আপুনি লগ পাইছিল নেকি? তেখেতক আপুনি কেনেদৰে জানিছিল?

► ইৱাচাৱাক লগ পোৱাৰ সৌভাগ্য মোৰ নঘটিল। মই ইৱাচাৱা তত্বৰ সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিবলৈ লোৱাৰ এবছৰ পিছতে ১৯৯৮ চনত তেখেতৰ দেহাৱসান ঘটে। অৱশ্যে তেখেতৰ লগত গৱেষক ছাত্ৰ হিচাপে এসময়ত কাম কৰা কেইবাজনো গণিতজ্ঞক লগ পাইছো, তাৰ ভিতৰত গ্ৰীণবাৰ্গ উল্লেখযোগ্য। শুনিছিলো যে ইৱাচাৱাৰ পোহনীয়া কুকুৰটোকো তেওঁ জিটা বুলি মাতিছিল, যিহেতু জিটা ফাংচন তেওঁৰ গৱেষণাৰ এক কেন্দ্ৰবিন্দু আছিল।

ফাৰ্মাৰ অন্তিম উপপাদ্যটো প্ৰমাণ হোৱাৰ পাছত এটা সক্ষাৎকাৰত এন্ড্ৰু ৱাইলছক সোধা হৈছিল যে প্ৰমেয়টোৰ কোনো ব্যৱহাৰিক প্ৰয়োগ নাই, ই এটা কেৱল বিমূৰ্ত প্ৰশ্ন মাথোঁ, অথচ এনে এটা প্ৰমাণৰ বাবে মানুহে কিয় ইমান চেষ্টা কৰে? একেটা প্ৰশ্নৰে উত্তৰ আপুনি কি বুলি দিব বিচাৰে আৰু এই প্ৰমাণটো ব্যৱহাৰ কৰি বৰ্তমান কিবা নতুন দিশ আবিষ্কৃত হৈছে নেকি?

► মোৰ মতে এয়া ভাল কথাই যে মানৱজাতিয়ে কেৱল ব্যৱহাৰিক প্ৰয়োগৰ কথা ভাবিয়েই সময় কটোৱা নাই। বহুতো মনীষীয়ে কেৱল সত্যৰ সন্ধান কৰে, গণিতৰেই হওক বা দৰ্শনৰে হওক। জ্ঞানৰ তৃষ্ণাই তেওঁলোকক আকুল কৰে, সত্যৰ সম্ভেদ নোপোৱালৈকে তেওঁলোক তৃপ্ত নহয়। জ্ঞানৰ পৰিধি বঢ়াবলৈ বিমূৰ্ত ধাৰণাৰ অতীৱ প্ৰয়োজন আছে। তদুপৰি বিমূৰ্তৰূপেৰে আৰম্ভ হোৱা বহুতো ধাৰণাৰে প্ৰায়োগিক দিশো পিছলৈ আবিষ্কাৰ হোৱাৰ উদাহৰণ বহুতেই আছে। ফাৰ্মাৰ প্ৰমেয়ৰ ব্যৱহাৰিক কোনো প্ৰয়োগ এতিয়ালৈকে ঘটা নাই, কিন্তু গণিত বিষয়টোৰ উত্তৰণত ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

Anupam-saikia-with-Dr.-Bhupen-Hazarikaইংলেণ্ডত থকা সময়তে আপুনি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক অন্তৰংগভাৱে লগ পাইছিল। তেখেতক কেনেকৈ লগ পালে আৰু সেই দিনবোৰৰ কথা অলপ বহলাই ক’বনে? আন কোনো প্ৰখ্যাত অসমীয়া ব্যক্তিৰ সংস্পৰ্শলৈ আপুনি সেই সময়ত আহিছিল নেকি?

►  ইংলেণ্ডৰ প্ৰবাসী অসমীয়া ৰাইজে বহাগ বিহু উপলক্ষে ভূপেনদাক ২০০০ চনত ব্ৰেডফোৰ্ড চহৰলৈ আমন্ত্ৰণ কৰি আনিছিল। তেখেত আছিলহি ডাঃ কৰুণা দাসৰ গৃহত। ডাঃ দাসৰ আমন্ত্ৰণক্ৰমে ময়ো তেখেতৰ ঘৰলৈ দুৰাতি থকাকৈ গৈছিলো। তেতিয়াই ভূপেনদাক অতি ঘনিষ্ঠভাবে লগ পাইছিলো। মই স্কুলীয়া অৱস্থাৰ পৰাই তেখেতৰ গীতবোৰ বৰ ভাল পাইছিলো, আৰু তেখেতৰ কেইখনমান কেচেট সদায়েই লগত ৰাখিছিলো। কেম্ব্ৰিজৰ সময়চোৱাতো তেখেতৰ গীতবোৰ শুনি প্ৰেৰণা লৈছিলো। এইখিনি কথা শুনি তেখেতে সন্তোষ পাইছিল। তেখেতে পোৱা ৰাভা আৰু জ্যোতিপ্ৰসাদৰ সান্নিধ্যৰ কথা কৈছিল। বিশেষভাবে উপদেশ দিয়াৰ লেখীয়াকৈ তেখেতে কোৱা এটা কথা এতিয়াও কাণত বাজি থাকে- জীৱনত কোনো কাম কৰিবলৈয়ে ভয় নকৰিবা। তেখেত ইমান মৰমিয়াল হ’ব বুলি ভবা নাছিলো। অসমীয়া ভাষাৰ ওপৰত তেখেতৰ কেনে দখল আছে তেখেতৰ কথাবোৰ শুনি শুনি বাৰম্বাৰ উপলব্ধি কৰিছিলো। তেখেতে আমাক সকলোকে প্ৰাতঃভোজনত অমলেট বনাই খুৱাইছিল। দাসৰ ঘৰত তেখেতে হাৰম’নিয়াম বজাই গীত জুৰোতে বহুসময়ত একমাত্ৰ শ্ৰোতা ময়েই আছিলো, যিহেতু ঘৰৰ মানুহ সকলো কামে কামে ব্যস্ত আছিল। গীতৰ কলিবোৰ তেখেতে মাজে মাজে পাহৰি গৈছিল আৰু মোৰ মুখলৈ এনেকৈ চাইছিল যেন ময়ো গোৱাটোহে বিচাৰিছে। পিছে তেখেতৰ সাংগীতিক প্ৰতিভাৰ প্ৰতি থকা সীমাহীন শ্ৰদ্ধাৰ বাবেই মোৰ মুখখন মেল খোৱা নাছিল। যদিও কেইবাগৰাকীও নোবেল বঁটা পোৱা বা (গণিতৰ) ফিল্ডচ পদক পোৱা মনীষীক, আনকি এন্ড্ৰু ৱাইলছকো কম-বেছি পৰিমাণে ঘনিষ্ঠভাবে লগ পোৱাৰ সৌভাগ্য হৈছে, ভূপেনদাক ওচৰৰ পৰা পোৱাৰ অভিজ্ঞতা মোৰ বাবে তুলনাহীন।

আপুনি প্ৰখ্যাত ভাৰতীয় গণিতজ্ঞ সুজাথা ৰামদৰাইৰ লগত কাম কৰিছে। ২০১২ চনতো তেখেতৰ সৈতে দুখন কৰ্মশালা আয়োজন কৰিছে। তেখেতৰ লগত কাম কৰাৰ অভিজ্ঞতাৰ কথা কওকচোন। তেখেতৰ দক্ষতা আৰু ব্যক্তিত্বৰ কোনকেইটা দিশ আপোনাৰ বেছি ভাল লাগে?

► সুজাথা অতি উদ্যমী, আৰু তেখেতৰ দৃষ্টিভংগী সদায়েই গঠনমূলক। তেখেতৰ অনুসন্ধিৎসাও অতি প্ৰবল। গণিতৰ বিমূৰ্ত ধাৰণাবোৰো তেখেতে অতি স্পষ্টভাৱে ব্যক্ত কৰিব পাৰে। তেখেত এগৰাকী সুবক্তাও। তেখেতৰ ব্যক্তিত্বৰ এই কেইটা দিশৰ কথাই এই মুহূৰ্তত মনলৈ আহিছে।

২০০৪ চনৰ পৰা আপুনি আই আই টিত অধ্যাপনা কৰি আছে আৰু বিভিন্ন কৰ্মশালা আৰু চেমিনাৰৰ জড়িয়তে আপুনি অসম তথা ভাৰতৰ বহুতো বিশ্ববিদ্যালয় আৰু গণিত প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক লগ পাইছে। গণিতৰ উচ্চশিক্ষা প্ৰতিষ্ঠানত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি সীমিত বুলি আপুনি ভাবে নেকি? যদি ভাবে এনেকুৱা হোৱাৰ কাৰণ কি বুলি ক’ব বিচাৰে?

►  দিল্লী বিশ্ববিদ্যালয় আৰু দুই-এখন শিক্ষা-প্ৰতিষ্ঠানক এৰি অসমৰ বাহিৰৰ প্ৰায়বোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানতে অসমীয়া ছাত্ৰ-ছাত্ৰী বা গৱেষকৰ সংখ্যা নিসন্দেহে অতি সীমিত। মোৰ মতে ইয়াৰ এটা মূল কাৰণ সঠিক মাৰ্গ প্ৰদৰ্শনৰ অভাৱ। আত্মবিশ্বাসৰো অভাৱ। লগতে এনে প্ৰতিষ্ঠানত অন্তৰ্ভূক্ত হ’লে কিদৰে উপকৃত হ’ব পাৰি সেই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী, অভিভাৱক, স্কুল-কলেজৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো অৱহিত নহয়। অসমৰ প্ৰচাৰ মাধ্যমবিলাকেও এই ক্ষেত্ৰত সজাগতা আনিবলৈ সচেষ্ট হ’ব পাৰে। আই.আই.টি.ৰ গণিতৰ স্নাতকোত্তৰ পৰ্য্যায়ত অসমৰ ছাত্ৰ-ছাত্ৰী নগণ্যসংখ্যক, কিন্তু তেওঁলোকে ভাল ফলেই দেখুৱাই আহিছে। তেওঁলোকৰ দৰে আই.আই.টি.ত চীট পাব পৰা ছাত্ৰ-ছাত্ৰী অসমৰ চুকে-কোণে বহুতেই আছে বুলি মোৰ বিশ্বাস, কিন্তু কোনটো পৰ্য্যায়ত কিদৰে প্ৰস্তুতি চলাব লাগিব তেওঁলোকে তাৰ উৱাদিহ হয়তো পোৱা নাই।

অসমত CMI, IMSC আদিৰ দৰে এটা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ কথা কিয় ভাবিব নোৱাৰি?

► গণিতৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান অসমতো নিশ্চয় হ’ব পাৰে। তাৰ আগতে আমি অসমৰ পৰা এক বুজনসংখ্যক গৱেষক ছাত্ৰ ওলাই অহাৰ পৰিৱেশ তৈয়াৰ কৰিব পাৰিলেহে আমি বেছি লাভৱান হ’ব পাৰিম। গতিকে উচ্চপৰ্য্যায়তকৈয়ো সকলোকে সামৰি লোৱাকৈ নিম্নপৰ্য্যায়তহে আমি সদ্যহতে বেছি মনোনিৱেশ কৰাতো প্ৰয়োজনীয় বুলি মই ভাবোঁ।

Anupam-Saikia-r-sujatha গণিত অধ্যয়নত আগবাঢ়ি যাবলৈ আপুনি ছাত্ৰ-ছাত্ৰীক কি উপদেশ দিব বিচাৰে? ছাত্ৰ-ছাত্ৰীৰ কি গুণ আপোনাৰ আটাইতকৈ বেছি ভাল লাগে?

► খৰচি মাৰি বুজি ল’বলৈ সচেষ্ট হ’ব লাগে। বিষয়বস্তুৰ গভীৰতালৈ ক্ৰমান্বয়ে সোমাই পৰিবলৈ চাব লাগে। উপৰোৱাকৈ শিকা কথাবিলাক ভৱিষ্যতলৈ সহায়ক নহয়েই, বৰং হেঙাৰহে হয়গৈ। বিষয়বস্তু আয়ত্ব কৰাৰ ক্ষেত্ৰতে হওক বা গাণিতিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতে হওক, পাৰ্যমানে আত্মনিৰ্ভৰশীল হ’ব লাগে। যিকোনো গাণিতিক প্ৰমাণ প্ৰথমবাৰৰ পৰাই নিজে কৰিবলৈ চাব লাগে, সফলভাবে কৰিব নোৱাৰিলেও এনে প্ৰচেষ্টাতহে বৌদ্ধিক বিকাশৰ থল বেছি থাকে। কাৰণ এবাৰ কিতাপ চাই লোৱাৰ পিছত অনুকৰণহে হয়।

 আজিকালি ছাত্ৰ-ছাত্ৰী মৌলিক অধ্যয়নৰ পৰিবৰ্তে ইঞ্জিনিয়াৰিং, ব্যৱস্থাপনা আদিৰ প্ৰতি অধিক আগ্ৰহী হোৱা দেখা যায়। তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীসকলক মৌলিক অধ্যয়নৰ অগ্ৰহী কৰাৰ উপায় কি?

► এই প্ৰশ্নটোৰ উত্তৰ কিছুপৰিমাণে পৰৱৰ্তী প্ৰশ্নৰ উত্তৰতো সোমাই আছে। আমাৰ সমাজত অভিযন্তা, চিকিৎসক বা ব্যৱস্থাপকৰ যি আদৰ আজিকালি দেখা গৈছে, তাৰ ফলতো ছাত্ৰ-ছাত্ৰীসকলে সহজাতভাবেই সেইধৰণৰ বৃত্তিৰ প্ৰতি আকৃষ্ট হয়। তদুপৰি যোৱা কেইবাটাও দশকলৈকে অভিযন্তা বা ব্যৱস্থাপকৰ তুলনাত গৱেষক বা শিক্ষকৰ দৰমহা অতি নগণ্য হোৱাটোও বোধকৰোঁ এটা কাৰণ হৈ পৰিছিল। স্কুলীয়া অৱস্থাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক মৌলিক অধ্যয়নৰ প্ৰতি অনুৰাগ জন্মাব নোৱাৰিলে এনে হোৱাটোৱেই স্বাভাৱিক।

স্কুলীয়া ছাত্ৰ-ছাত্ৰীক গণিতৰ প্ৰতি আগ্ৰহী কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰা উচিত?

► স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বহুতেই গণিত এটা জটিল বিষয় বুলি তথাকথিত ধাৰণাটোৰ গৰাহত পৰে, যাৰ বাবে তেওঁলোকে গণিত বিষয়টো বোজা হিচাপেহে লয়, বিষয়টোৰ আমেজ ল’ব নোৱাৰা হয়। গতিকে তেওঁলোকক বিষয়টোৰ ৰস আস্বাদন কৰাৰ মানসিকতা আৰু সুবিধা সৰুৰেপৰাই দিব লাগিব। তেওঁলোকৰ মনোগ্ৰাহীকৈ গণিতৰ কথাবোৰ পাঠ্যপুথিত আৰু শ্ৰেণীকোঠালীত উপস্থাপন কৰিব লাগিব। খৰচি মাৰি বুজি লোৱাত গুৰুত্ব আৰোপ কৰিব লাগিব। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবেও কৰ্মশালা আদি নিয়মিতভাৱে অনুষ্ঠিত হ’ব লাগিব।

সৰহ সংখ্যাক ছাত্ৰ-ছাত্ৰীয়ে আজিকালি ভবিব নিবিচাৰে; তেওঁলোকে কেৱল মুখস্থ কৰি নিজৰ কেৰিয়াৰটো বনাই ল’ব বিচাৰে। এনে হ’লে আমাৰ দেশৰ বৌদ্ধিক উৎকৰ্ষতা কিমান দূৰ সম্ভৱ হ’ব বুলি আপুনি ভাবে? এই সমস্যা দূৰ কৰা সম্ভৱ হ’বনে?

► এই প্ৰশ্নটোও আগৰ দুটাৰ লগত জড়িত। মুখস্থ কৰাটো এটা অতি হ্ৰস্বম্যাদী প্ৰক্ৰিয়া। মই মুখস্থ বিদ্যাৰ ঘোৰ বিৰোধিতা কৰোঁ। মুখস্থই যান্ত্ৰিক হোৱাৰ প্ৰশিক্ষণহে দিয়ে। ই জ্ঞান আহৰণত মুঠেই সহায় নকৰে, বৌদ্ধিক উৎকৰ্ষসাধন দূৰৰ কথা। স্কুলীয়া অৱস্থাৰপৰাই আমি এই পদ্ধতিক হেয় চকুৰে চাবলৈ শিকাব লাগিব। স্কুলৰপৰা পৰীক্ষা প্ৰক্ৰিয়াটোৱেই আঁতৰাই লৈ যোৱাৰ যি আঁচনি লোৱা হৈছে, সেয়া আন নহলেও মুখস্থ কৰাৰ এটা উদ্দেশ্য হয়তো কমাব পাৰে।

আপুনি ছাত্ৰাৱস্থাত খেলাধূলাৰ লগতো জড়িত আছিল। বৰ্তমান আপুনি খেলাধূলাত জড়িত হয়নে? আজৰি সময় আপুনি কেনেদৰে পাৰ কৰে?

► স্কুলীয়া অৱস্থাৰ পৰাই ক্ৰিকেট, বেডমিণ্টন, কেৰম, ডবা আদি সঘনাই খেলিছিলো আৰু সেই আগ্ৰহ এতিয়াও অটুট আছে বুলিব পাৰি। বিশেষকৈ নিয়মীয়াকৈ বেডমিণ্টন আৰু কিছু পৰিমাণে টেনিচ এতিয়াও খেলি থাকোঁ। আজৰি সময়ত কিতাপ পঢ়ি, গীত শুনি, ভায়লিন বজাই ভাল পাওঁ। পৰিবাৰ আৰু আমাৰ ছোৱালী দুজনীৰ লগত সময় কটায়ো ভাল পাওঁ।

গণিত চৰাৰ (http://gonitsora.com) সম্পৰ্কে আপোনাৰ মতামত কি? ইয়াৰ উৎকৰ্ষতাৰ বাবে আমি কি কি কৰা উচিত?

► গণিত চৰা এটা অতি প্ৰশংসনীয় পদক্ষেপ। নৱ-প্ৰজন্মৰ মাজত গণিতৰ প্ৰতি আগ্ৰহ জন্মোৱা আৰু ভৱিষ্যতে সেই আগ্ৰহক দিকদৰ্শোৱাৰ ক্ষেত্ৰত গণিত চৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। গণিত চৰা যিহেতু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই পৰিচালিত, গতিকে এই চ’ৰাই উঠি অহা চামৰ মনোজগতত সহজে প্ৰৱেশ কৰিব পাৰিব বুলি মই ভাবোঁ। এই চ’ৰাৰ উদ্যোক্তাসকললৈ মোৰ হিয়াভৰা অভিনন্দন তথা শুভেচ্ছা থাকিল।

2 Comments
  • RAKESH JANA
    Posted at 20:20h, 24 May Reply

    can any one explain this in English?

    • Gonit Sora
      Posted at 13:00h, 29 May Reply

      We are thinking of doing an English translation of this article very soon.

Post A Comment