১৬২৩ খৃষ্টাব্দৰ ১৯ জুন তাৰিখে ফৰাচী দেশৰ ক্লেৰমন্ট-ফেৰান্দ নামৰ ঠাইত ব্লেইজ পাস্কেলৰ জন্ম হয়| তেওঁৰ দেউতাক এজন কৰ সংগ্ৰহকাৰী বিষয়া আছিল| পাস্কেল সৰুৰে পৰাই অতি তীক্ষ বুদ্ধিৰ আৰু অত্যন্ত মেধাবী আছিল| অতি সৰু কালতে তেওঁ বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰেৰে সকলোকে চমক খুৱাইছিল| তেওঁ পোনপ্ৰথমে প্ৰাকৃতিক আৰু...

বিংশ শতিকাৰ গণিতৰ ক্ৰমবিকাশত তেখেতৰ কামৰ এক প্ৰাথমিক স্থান আছিল আৰু এই শতিকাত তেখেতৰ শেষ লিখনিয়ে অনুপ্ৰেৰণা যোগায় শ্ৰীনিবাস ৰামানুজনৰ কাহিনীটো কুৰি শতিকাৰ এক “ক্ষুদ্ৰ কণাৰপৰা গাণিতীক দক্ষতা অৰ্জন”ৰ কাহিনী। তেখেতৰ এই সৰু জীৱনকালতে নিজৰ চিন্তাধাৰা আৰু জ্ঞানৰ ভঁড়ালৰ সহায়ত তেখেতে কুৰি শতিকাৰ গণিতৰ ৰূপ সলনি...

বিশ্বৰ গণিতজ্ঞসকলৰ জীৱন আৰু কৃতি যদি আমি পৰ্যালোচনা কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে তেওঁলোকৰ প্ৰতিভাৰ উন্মিলন একেবাৰে শৈশৱতে হয়। শৈশৱকালতে গাণিতিক প্ৰতিভাৰ উন্মিলন হোৱা এজন গণিতজ্ঞৰ বিষয়ে এই প্ৰৱন্ধটোত আলোচনা কৰিব খুজিছোঁ। যাৰ জীৱনগাথা জীৱনৰ কণ্টকময় পথেৰে খোজকঢ়াসকলৰ বাবে পৰম পাথেয়স্বৰূপ। ইউৰোপ মাহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্তত...

প্ৰাচীন ভাৰতত গণিত আৰু বিজ্ঞানৰ চিন্তা-চৰ্চাত নৱজাগৰণৰ সূচনা হয় খ্ৰিষ্টীয় পঞ্চম শতিকাত আৰু ইয়াৰ বাটকটীয়া হ’ল আৰ্য্যভট্ট[$$^{1}$$]। তেওঁক “Renaissance Man” আখ্যা দিব পাৰি[$$^{2}$$]। তেওঁৰ পূৰ্বসূৰীসকলে গণিত, জ্যোতিৰ্বিজ্ঞান, জ্যোতিষ, ধৰ্মীয় আচাৰ, বিজ্ঞান আৰু আধ্যাত্মিক জ্ঞান একেলগে লিপিৱদ্ধ কৰিছিল। সেই পৰম্পৰা ভংগ কৰিলে আৰ্য্যভট্টই। তেওঁ তদানীন্তন গণিত...

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক জি. এইচ. হাৰ্ডিয়ে উৎকণ্ঠা মিহলি মৰমিয়াল মাতেৰে সুধিলে: ‘কেনে আছা ?’ ‘ধন্যবাদ। ভালেই আছো।’ বিছনাত শুই থকা ৰোগীজনে উত্তৰ দিলে। হাৰ্ডি কিন্তু সন্তুষ্ট নহ’ল। ৰোগীৰ মুখত তেতিয়া প্ৰকট হৈ উঠাছে ভয়ানক ৰোগৰ বিৰুদ্ধে চলোৱা তীব্ৰ যুঁজ। কেইটামান মুহূৰ্তৰ পিছত হাৰ্ডিয়ে ক’লে-...