দৈৰ্ঘ্য, কালি, আয়তন ওজন বা বৈদ্যুতিক আধান ইত্যাদি সম্পৰ্কীয় জোখ বুজাবলৈ প্ৰয়োজন হোৱা চিহ্নবোৰেই প্ৰকৃততে মানৱ মনক বাস্তৱ সংখ্যাৰ ধাৰণাৰ ফালে লৈ আহিল। এই জোখবোৰক অতি স্বাভাৱিক অৰ্থত সিহঁতক নিজৰ মাজত যোগ কৰিব পৰাটো এটা সাধাৰণ বৈশিষ্ট্য যেনে— এডাল সৰল ৰেখাৰ ওপৰত দুটা খণ্ড মূৰামূৰিকৈ...

গণিতত কল্পনা! সঁচাকৈয়ে যুক্তিৰ বাহিৰত যেনেই লাগে। পিছে গাণিতিক যুক্তিৰ নিছিগা হাৰডালিত গণিতৰ নানা হীৰা মৰকত গাঁথি যাঁওতে গণিতজ্ঞসকলে যিধৰণৰ সমস্যাৰ সমুখীন হ’ব লগা হয় সেই সকলোবোৰেই গণিতৰ অগ্ৰগতিৰ ইতিহাসত নিজে নিজে সোমাই পৰে আৰু কিছুদূৰ আগবাঢ়ি আহি পিছলৈ উভটি চালে কোনো কোনো গাণিতিক সংঘটন...

  L-1 মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ দ্বাৰা অধিগ্ৰহণ : আৰ. লিটল্-হেইলছচৰ উদ্যোগত ১৯১৯ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ে ৰামানুজনে ল’ব পৰাকৈ এখন গণিত আসন স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছিল (অধ্যায় H-5)। কিন্তু ১৯২০ চনত তেওঁৰ মৃত্যুৱে এই সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিলে। পিছে, বিশ্ববিদ্যালয়ে তেওঁৰ নোটবুক কেইটাকে ধৰি সকলো গৱেষণা প্ৰবন্ধ তেওঁৰ পৰিয়ালৰ...

  K-1 প্ৰতিকৃতি : ৩৩ বছৰীয়া কেঁচা জীৱনতে ৰামানুজনে এই জীৱনৰ পৰা বিদায় লোৱাত গণিতজ্ঞসকল আৰু মাদ্ৰাজ বিশ্ববিদ্যালয় শোকত আকুল হৈ পৰিছিল। পোন-প্ৰথম স্মৃতি হিচাবে লোৱা হৈছিল ৰামানুজনৰ এখন তৈলচিত্ৰ। মাদ্ৰাজত তেওঁৰ কোনো ভাল প্ৰতিকৃতি পোৱাটো বৰ দুৰুহ আছিল। সেয়ে পাছপৰ্টত থকা ছবিকেই ব্যৱহাৰ কৰা হৈছিল। ৰংগনাথনে...

  J-1 আৱেগিক হেঁচা : অধ্যায় F-ত কোৱাৰ দৰে ৰামানুজনৰ ‘আৱেগিক তৰপটো’ৱে তেওঁ ইংলেণ্ডত থকা দিনকেইটাৰ সময়ত ভালেখিনি হেঁচাৰ সন্মুখীন হৈছিল। এয়া আছিল দুটা কাৰণত। প্ৰথম কাৰণটো আছিল সেই যুগ বা কালটো, যিটো কালত ৰামানুজনে অৱস্থান কৰি আছিল। সেই সময়ত ভাৰতীয় সমাজত, প্ৰধানতঃ দক্ষিণ-ভাৰতীয় সমাজখনত, সামাজিক-মতামতৰ ধাৰণাটো...

  H-1 প্ৰথম প্ৰস্তাৱতেই ৰয়েল ছ’চাইটিৰ ফেল’ : ১৯১৮ চনৰ ১৮ ফেব্ৰুৱাৰীত ত্ৰিশ বছৰ বয়সতে ৰামানুজনৰ নাম ৰয়েল ছ’চাইটিৰ ফেল’শ্বিপৰ বাবে প্ৰস্তাৱ কৰা হয়। এয়া গৃহীতও হয়। এই ভাষ্য শুনা যায় যে আধুনিক কালত প্ৰথম প্ৰস্তাৱতেই ৰয়েল ছ’চাইটিলৈ বুলি নিৰ্বাচিত হোৱা এইটোৱে প্ৰথম ঘটনা আছিল। নিল্-বোৰ আছিল...

  G-1 হাৰ্ডিৰ ধাৰণাৰ পাৰস্পৰিক শিক্ষা : স্বাভাৱিকতে ৰামানুজনক নতুন পাৰিপাৰ্শ্বিকতাৰ স’তে খাপ খুৱাবলৈ কেইসপ্তাহমান লাগিছিল। হাৰ্ডি আৰু লিটল্-উডৰ মৰমে এই কালছোৱা যথেষ্টভাৱে চুটি কৰি দিছিল। এয়া এটা অতি গুৰুত্বপূৰ্ণ কথা, এইবাবেই যে এই বিদেশী বন্ধু দুজনে বুকুৰ উম দি ৰামানুজনক ‘ফুৰিবলৈ’ সুবিধা কৰি দিছিল। ঘটনাটোৱে আমাৰ...

  F-1 কেম্ব্ৰিজৰ জীৱনৰ বাবে ৰামানুজনৰ সাজোন-কাচোন : F-1.1 কেম্ব্ৰিজলৈ যোৱাৰ বাবে সন্মতি : ৰামানুজনৰ যাত্ৰাৰ বাবে প্ৰস্তুতিখিনিৰ প্ৰথম ঢাপটো আছিল সাগৰ পাৰ হোৱাৰ দৰে সেই সময়ত প্ৰচলিত সামাজিক আৰু ৰক্ষণশীলতাৰ বাধাখিনি জোকাৰি পেলোৱাটো। শেশু আয়াৰে ৰামানুজনৰ মাকক সন্মতি প্ৰদানৰ বাবে পুনৰাবেদন কৰিছিল। ৰামস্বামী আয়াৰে ৰামানুজনক পুনৰাবেদন কৰিছিল।...