এমি নইথাৰ

ঊনবিংশ শতিকাৰ শেষৰ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ জাৰ্মান। যি সময়ত আনুস্থানিকভাৱে নাৰীৰ উচ্চ শিক্ষাৰ প্ৰচলন নাছিল, সেই সময়ত ফৰাছী আৰু ইংৰাজী ভাষাৰ শিক্ষাদানৰ অৰ্হতা লাভ কৰিয়েই এগৰাকী বিদূষী মহিলাই গণিত বিষয়ত উচ্চ শিক্ষা গ্ৰহণৰ সিদ্ধান্ত লৈ এক বিৰল নিদৰ্শন দাঙি ধৰে। সেইগৰাকী মহিলা আছিল এমি নইথাৰ, যাৰ সম্পূৰ্ণ নাম— এমিলি এমি নইথাৰ।

১৮৮২ চনৰ ২৩ মাৰ্চত জন্মগ্ৰহণ কৰা এমিৰ দেউতাক আৰ্লেনজেন বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক আছিল। শৈশৱতে যদিও এমিৰ দৃষ্টিশক্তি আৰু কথনশৈলীত অলপ দুৰ্বলতা প্ৰকাশ পাইছিল তথাপি তেতিয়াই তেওঁ নিজৰ যুক্তি, বুদ্ধি আৰু কৌশলগত প্ৰখৰতাৰ পৰিচয় দিছিল। ছোৱালী হিচাপে এমিয়ে পৰম্পৰাগতভাৱে ৰন্ধা-বঢ়াৰ লগতে পিয়ানো বজাবলৈয়ো শিকিছিল। তথাপি নৃত্যৰ প্ৰতিহে তেওঁ অধিক আৰ্কষিত আছিল।

গণিতত উচ্চশিক্ষা লাভৰ অনুমতিসূচক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো তেওঁ আনুস্থানিক শিক্ষা লাভৰ পৰা বঞ্চিত হৈছিল। কাৰণ তেতিয়া সহ-শিক্ষাৰ প্ৰচলন নাছিল। প্ৰথমে আৰ্লেনজেন বিশ্ববিদ্যালয় আৰু পিছত গটিনজেন বিশ্ববিদ্যালয়— দুয়োখনতে তেওঁ মাত্ৰ শ্ৰৱণ-পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। অৱশেষত ১৯০৪ চনত আৰ্লেনজেন বিশ্ববিদ্যালয়ে নাৰী-শিক্ষাক আনুস্থানিকতা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত তেওঁ পুনৰ সেইখন বিশ্ববিদ্যালয়লৈ উভতি যায়। তাৰপৰাই ১৯০৮ চনত বীজগণিত বিষয়ক গৱেষণাৰ যোগেদি এমিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰে। আৰ্লেনজেন বিশ্ববিদ্যালয়তে এমিয়ে তেওঁৰ শিক্ষক জীৱনৰ পাতনি মেলে। কিন্তু সেয়া আছিল সম্পূৰ্ণ অবৈতনিক। কেতিয়াবা শাৰিৰীকভাৱে পক্ষাগ্ৰস্ত দেউতাকৰ ঠাইত তেওঁ পঢ়াবলৈ গৈছিল। এনেদৰেই আৰম্ভ হৈছিল অৰ্থনৈতিকভাৱে অনিশ্চিত তেওঁৰ এটা কৰ্মজীৱন। গণিতৰ প্ৰতি থকা দুৰ্বাৰ আৰ্কষণৰ বাবেই তেওঁ হাজাৰ বাধা-বিঘিনি নেওঁচি আগবাঢ়ি গৈছিল। ১৯০৮ চনত তেওঁ Circolo Matematico di Palemoলৈ আৰু ১৯০৯ চনত জাৰ্মান মেথমেটিকেল চছাইটীলৈ নিমন্ত্ৰিত হয়। তথাপি সেয়াও আছিল অবৈতনিক।

১৯১৫ চনত নইথাৰে ফেলিক্স ক্লেইন আৰু ডেভিদ হিলবাৰ্টৰ আমন্ত্ৰণক্ৰমে মেথমেটিকেল ইনষ্টিটিউট অব গটিনজেনলৈ যায়। তাতে তেওঁ সাধাৰণ আপেক্ষিকতাবাদ সূত্ৰৰ কিছুমান গুৰুত্ত্বপূৰ্ণ সমস্যাৰ সমাধান আগবঢ়ায়। হিলবাৰ্টে এমিৰ যোগ্যতা অনুসৰি বৈতনিক অধ্যাপকৰ সন্মান যাঁচিবলৈ যথেষ্ট চেষ্ঠা কৰিছিল। কিন্তু সেই সময়ৰ নাৰী-শিক্ষা বিৰোধী সামাজিক পৰিস্থিতিক তেওঁ ওফৰাব নোৱাৰিলে। ১৯১৯ চনত তেওঁ ছাত্ৰসকলৰ ব্যক্তিগত শিক্ষক হোৱাৰ স্বাধীনতা লাভ কৰে। ফলস্বৰূপে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা একো বেতন নাপালেও ছাত্ৰসকলে তেওঁক প্ৰত্যক্ষভাৱে পাৰিতোষিক দিব পাৰিছিল। ফলত অৰ্থনৈতিক ক্ষেত্ৰত পৰিয়ালৰ ওপৰত তেওঁৰ নিৰ্ভৰশীলতা কমি গৈছিল।

এমিয়ে তেওঁৰ সহকৰ্মী আৰু ছাত্ৰসকলৰ এটা গোট সৃষ্টি কৰি লৈছিল। তেওঁলোকৰ মাজতে অহৰহ চলি আছিল গাণিতীক আলোচনা-বিলোচনা। আনকি বন্ধৰ দিনত তেওঁ কফি-চপতো পাঠদান কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল। গণিতৰ ওচৰত সম্পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰা এমি নিজৰ ব্যাহিক সৌন্দৰ্যৰ প্ৰতি একেবাৰে উদাসীন আছিল।

১৯২০ চনত তেওঁ বলয় তত্ত্ব আৰু আদৰ্শ বলয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান বিমূৰ্ত বীজগণিতৰ জগতখনলৈ এক উল্লেখযোগ্য মৌলিক অৱদান। বহু গণিতজ্ঞৰ মতে সেয়া আছিল বৈপ্লৱিক। পিছলৈ তাক নইথাৰিয়ান বা নইথাৰ ৰিং বুলি আখ্যা দিয়া হয়। এমিৰ এই উদ্ভাৱণে বিজ্ঞ মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। যাৰ ফলত তেওঁ ১৯২৮-১৯২৯ চনত মস্কো বিশ্ববিদ্যালয় আৰু ১৯৩০ চনত ফ্ৰেইমকুৰ বিশ্ববিদ্যালয়লৈ অতিথি হিচাপে আমন্ত্ৰিত হয়।

সময়ৰ লগে লগে নইথাৰৰ কাৰ্যক্ষেত্ৰৰ পৰিসৰ বাঢ়ি গৈ থাকে। ভৌতিক তত্ত্বসমূহ যে একাদিক্ৰমে সমপৰিমিত তাৰ সহায়ত তেওঁ পদাৰ্থ বিজ্ঞানৰ শক্তি সংৰক্ষণ নীতিৰ এক সৰল ব্যাখ্যা আগবঢ়ায়। এই ব্যাখ্যা দেখি আইনষ্টাইন অভিভূত হৈ পৰে। তেওঁ এমিক প্ৰশংসাৰে বুৰাই পেলায়। ১৯২০-১৯৩৫ চনলৈ তেওঁ বিমূৰ্ত বীজগণিত, সংস্থিতি বিজ্ঞান (টপল’জী) আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰলৈ অতুলনীয় অৱদান আগবঢ়াই যায়। অৱশেষত ১৯৩৪ চনত আমেৰিকাৰ এখন মহাবিদ্যালয়ে তেওঁৰ যোগ্যতাৰ পুৰস্কাৰ হিচাপে পূৰ্ণ অধ্যাপকৰ পদবী যাঁচে। কিন্তু সেই সুখ ভালদৰে উপভোগ কৰাৰ আগতেই ১৯৩৫ চনত ৫৩ বয়সত তেওঁ ইহসংসাৰ ত্যাগ কৰে। বীজগণিত আৰু সংস্থিতি বিজ্ঞানলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে এমি নইথাৰ বিশ্বত চিৰস্মৰণীয় হৈ থাকিব।

– শিল্পীশিখা গোস্বামী।

1Comment
  • Debraj Chakrabarti
    Posted at 19:01h, 09 July Reply

    Dear Ganit Sora, this is a very nice account of the life of the “mother of algebra”. However, it misses the reason why Emmy Noether had to leave Germany. She lost her job because of the law made by the Nazis that Jews cannot hold government jobs. It should also be noted that she was working in Goettingen which was at that time the world’s most important center for mathematics, and the job she took in America was at Bryn Mawr College, a small women’s college.

    This is not meant to be a criticism, but I think one misses something important if we don’t know the double suffering of Emmy Noether, first because she was a woman and second because she was Jewish.

    Keep up the good work!

    Regards,
    Debraj

Post A Comment