গণিত আৰু মানৱতাৰ এক তেঁজাল ঘোঁৰা এভাৰিষ্ট্ গেল্-ওৱা

পোনপ্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ গণিত বিভাগত হৈ যোৱা ৰাষ্ট্ৰীয় সন্মিলনখনিক লৈ বিভাগৰ আটাইখিনি মানুহেই অতি ব্যস্ত হৈ আছিলোঁ, যদিওবা শ্ৰেণীকোঠাৰ দায়ীত্বৰ পৰা আঁতৰি আছিলোঁ। এই সুযোগতে জন ষ্টিলৱেলৰ স্প্ৰিংগাৰৰ পৰা প্ৰকাশিত ‘মেথেমেটিক্স এণ্ড হিষ্টৰী’ শীৰ্ষক কিতাপখনি হঠাতে হাতত পৰিল। কিতাপখনৰ পাতনিটো পঢ়ি ভাল লাগিল। লিখা আছিল—

‘One of the disappointments experienced by most mathematics students is that they never got a course of mathematics. They get course in calculus, algebra, topology, and so on. But the division of labor in teaching seems to prevent these different topics being combined into a whole.’

প্ৰথমতেই আকৃষ্ট হৈ পাত লুটিয়াই গ’লোঁ, এই কথা মনত ৰাখি যে, সাধাৰণ পাঠকক দিব পৰা কিবা আছে নেকি? তাৰেই এটা চেষ্টা এনেদৰে আগবঢ়াইছোঁ।

আধুনিক শুদ্ধ বা বিমূৰ্ত গণিতৰ এটা শাখা ‘গ্ৰুপ-থিওৰি’ৰ ক্ষেত্ৰখনত এক অনন্য প্ৰতিভা ‘এভাৰিষ্ট গেল্-ওৱা’ৰ জীৱন কাহিনীনো কেনে উপন্যাসোপম তাকেই চাব খুজিছোঁ এই প্ৰবন্ধটিত।

মাথোঁ একৈশ বছৰীয়া জীৱন এটাৰে জগতক দি থৈ গৈছে এক অভূতপূৰ্ব অৱদান। পেৰিচৰ ওচৰৰ এখন নগৰত জনম লৈছিল এইজনা ক্ষণজন্মা গণিতৰ নায়কে, ১৮১১ চনত। গেল্-ওৱা সম্পৰ্কত জন ষ্টিলৱেলৰ এক মনোমোহা টিপ্পনী— “যদিওবা গেল্-ওৱাৰ জীৱন সম্বন্ধে জনা কথাখিনিয়ে আমাৰ এক নাটকীয় পৰিবাসনা তৃপ্ত কৰে, পিছে এই ক্ষণজন্মা নাযকজনৰ ট্ৰেজেডিখিনি বেছি ‘ক্লাছিকেল’ ধৰণৰ, যাৰ বীজ নিহিত হৈ আছে ‘ভিক্টিম’ জনৰেই জীৱনৰ মাজত, অৰ্থাৎ ময়েই মোৰ ভাগ্যনিয়ন্তা।” গেল্-ওৱা আছিল গণিতৰ জগতৰ আটাইতকৈ ৰোমান্তিক ব্যক্তিত্বৰ। কেবাজনো জীৱনীকাৰে গেল্-ওৱাক এক অশুদ্ধ প্ৰত্যায়িত প্ৰতিভা হিচাপেই চিহ্নিত কৰিব খোজে— যেনিবা নিজৰ প্ৰতিষ্ঠাৰেই এক চিকাৰ। ষোল্লবছৰ বয়সলৈ তেওঁৰ গণিতৰ কোনো স্কুলীয়া শিক্ষা নাছিল। ১৮২৭ চনলৈ তেনেদৰেই থাকিল। ইয়াৰ পিছত তেওঁ যিটো হাৰত গণিতৰ গ্ৰাসকৰণত মগন হৈছিল, সেয়া ইতিহাসত বিৰল— অৱশ্যে মহামতি নিউটনক বাদ দি। ষোল্ল বছৰ বয়সতে নিজকে লেজেণ্ডাৰৰ জ্যামিতি, সমীকৰণ-তত্বৰ লেগ্ৰেঞ্জৰ কৃতি আৰু বৈশ্লেষণিক ফলনৰ স’তে সাঙোৰে। ১৮২৮ চনত লুই পল এমিল ৰিচাৰ্ড নামৰ এজন শিক্ষকৰ সংস্পৰ্শলৈ আহে। তেৱেঁই পোনতে গেল্-ওৱাৰ প্ৰতিভাক চিনি লয়। ১৮২৯ চনত অবিৰত ভগ্নাংশৰ ওপৰত এখন গৱেষণা-পত্ৰ প্ৰকাশ কৰে। ৰিচাৰ্ডলৈ গণিতজগতৰ কৃতজ্ঞতাৰ শেষ নাই এই বুলিয়েই যে, এইজন শিক্ষকৰ বাবেই গেল্-ওৱাৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা বিশেষ বিশেষ গৱেষণা-প্ৰবন্ধ সযতনে সংৰক্ষিত হৈ আছিল। এয়া ছাত্ৰৰ প্ৰতি শিক্ষকৰ শ্ৰদ্ধা আৰু দায়ীত্ববোধৰ এক অনুকৰণীয় উদাহৰণ। ১৭ বছৰীয়া এজন ছাত্ৰৰ কাৰণে এখন অতি উচ্চ খাপৰ গৱেষণা আলোচনীত গৱেষণা-প্ৰবন্ধই স্থান পোৱাটো নিশ্চয়েই এক সন্মানীয় বিশেষ কথা যদিও, গেল্-ওৱাই মনতে পিচে এটা বেলেগ প্ৰতি-হিংসাৰ ভাৱহে সাৰ-পানী দি ৰাখিছিল। সেয়া আছিল, তেওঁ পোনপ্ৰথমে পঢ়িব খোজা পলিটেকনিকৰ প্ৰৱেশ পৰীক্ষাত পৰীক্ষকে যথাযথ পাঠ্যক্ৰমৰ ঘাটি থকা হেতু তেওঁক অনুত্তীৰ্ণ কৰি দিয়া বাবে। ৰিছাৰ্ডে, গেলৱাক বিনা পৰীক্ষাৰেই ভৰ্তি কৰাৰ পোষকতা কৰিছিল। উল্লেখ্য নিস্প্ৰয়োজন যে এয়া নঘটিল। পিচে তেওঁৰ জীৱনত ইয়াতকৈয়ো অধিক হতাশাই পিছ লৈছিল।

alfred-galois-evariste-galois-french-mathematicianগেল্-ওৱাই ইতিমধ্যে তেওঁৰ ‘সমীকৰণ তত্ব’ৰ কাম আৰম্ভ কৰে আৰু ১৮২৯ ৰ মে’ মাহত ‘পেৰিছ একাডেমী’ত প্ৰথমটো গৱেষণা-প্ৰবন্ধ দাখিল কৰে। প্ৰখ্যাত গণিতজ্ঞ ক’চ্চি আছিল প্ৰবন্ধ-পৰীক্ষক, আৰু তেওঁ প্ৰবন্ধটোৰ প্ৰকাশযোগ্যতাৰ সপক্ষতেই আছিল যদিও, শেহলৈ প্ৰবন্ধটি প্ৰকাশ নহ’ল। এনেতে ঘটিছিল অন্য এক দুৰ্ভাগ্যজনক ঘটনা। ১৮২৯ চনৰ জুলাই মাহত দেউতাক নিক’লাচ গেব্ৰিয়েল গেল্-ওৱাই আত্মহত্যা কৰে। কাৰণটো আছিল ৰাজনৈতিক। পুৰোহিত এজনৰ দ্বাৰা এক আকস্মিক আক্ৰমণ। এই ঘটনাক দেউতাকে সহজে ল’ব নোৱাৰিলে। এইফালে গেল্-ওৱা নিজেও দেউতাকৰ এই হানিত ভাগি পৰিল। এটা ৰাজনৈতিক আৰু আনটো শৈক্ষিক— এই দুটা ঘটনাই এই দুই বিভাগৰ প্ৰতি এক আস্থাহীনতাৰ ভাৱ দ’কৈ সিঁচি দিছিল আৰু গভীৰভাৱে ‘পেৰ’নিয়া’ (Paronia) লৈ গৈছিল। ইয়েই তেওঁৰ নিজ জীৱনৰ মোহ নোহোৱা কৰি, জীৱনকে ত্যাগ কৰাৰ হঠাৎ পৰিকল্পনাই বাস্তৱ ৰূপৰ ফালে লৈ গৈছিল। আৰু শেষত তেওঁৰ হাতত থকা শেষ খেৰ-কূটাডালিও হাতৰ পৰা সৰি পৰিছিল, যেতিয়া দেউতাকৰ মৃত্যুৰ কিছুদিন পাছতেই পলিটেকনিকৰ প্ৰৱেশ পৰীক্ষাত গেল্-ওৱা দ্বিতীয়বাৰৰ বাবে ফেইল কৰিছিল। এনে প্ৰচণ্ড হতাশাজনক আঘাট সত্বেও তেওঁৰ অধ্যৱসায়ৰ অৱসান হোৱা নাছিল। এই গুণেই তেওঁক শেষত সহায় কৰিলে। অলপ কম খ্যাত পলিটেকনিক এখনত (ইক’ল নৰ্মাল) তেওঁ পঢ়িবলৈ সুযোগ পালে। ১৮৩০ চনত তেওঁৰ সমীকৰণৰ তত্ব ছপা হৈ ওলায় তিনিখন গৱেষণা প্ৰবন্ধৰ আকাৰত, যদিওবা ‘একাডেমী’ৰ মাধ্যমত নোলাল। ১৮৩০ চনত ঘটিল ‘বউৰ্ব’ন’ ৰাজত্বৰ বিৰুদ্ধে ‘জুলাই-বিপ্লৱ’। ইয়েই গেল্-ওৱাক দিলে দেউতাকৰ দুৰ্ভাগ্য আৰু নিজৰ অপমানৰ ক্ষেত্ৰত ৰৈ যোৱা আক্ৰোশটোৰ প্ৰকাশ ঘটোৱাৰ এক সুযোগ। গেল্-ওৱা লগ লাগিল ‘ৰিপাব্লিকান অগ্নি-বাহিনী’ দলৰ। নিজৰ ‘ইক’ল নৰ্মাল’ত আন্দোলন আৰম্ভ কৰিলে। শেহত, ডিৰেক্টৰৰ বিৰুদ্ধে লিখাৰ অপৰাধত বহিস্কৃত হ’ল। সেই একেই মাহতেই ‘বউৰ্ব’ন’বোৰ ফৰাচীৰ পৰা পলাল, লগত গুচি গৈছিল গণিতজ্ঞ ক’চ্চিও। ইক’ল নৰ্মালৰ পৰা ওলাই গেল্-ওৱা ভৰ্তি হ’ল জাতীয় বাহিনীৰ আৰ্টিলাৰীত, বিপ্লৱী কৰ্মকাণ্ডত ভাগ ল’বলৈ বুলি।

পঠনীয়:  মাৰিয়াম মিৰ্জাখানী

১৮৩১ চনৰ ৯ মে’ত ৰিপাব্লিকান দলৰ ভোজসভাত হাতত ছুৰী লৈ ‘টোষ্ট্’ এটা প্ৰস্তাৱ কৰাৰ অপৰাধত ‘এৰেষ্ট’ কৰা হৈছিল— কাৰণ আছিল এটাই যে, এয়া আছিল নতুন ৰজা লুই ফিলিপৰ জীৱনলৈ বুলি ভীতি প্ৰদৰ্শন। গেল্-ওৱাক জেলত ভৰাই থোৱা হ’ল। অৱশ্যে তেওঁক শীঘ্ৰেই মুকলি কৰি দিয়া হ’ল। বিচাৰৰ ৰায় আছিল এই যে, তেওঁ এজন কম বয়সীয়া মুৰ্খ। গেল্-ওৱাই পিচে খুলি কৈছিল যে বিশ্বাসঘাটকতা কৰিলে এতিয়াও তেওঁক হত্যা কৰিবলৈ ইচ্ছুক। গেল্-ওৱাৰ মতামত আছিল এই যে, ৰজাই পিছত হ’লেও বিশ্বাসঘাটকতা কৰিব। ১৮৩১ চনৰ বেষ্টাইল দিৱসত গেল্-ওৱাক দ্বিতীয়বাৰৰ বাবে এৰেষ্ট কৰা হৈছিল, বে-আইনীভাৱে অস্ত্ৰ-শস্ত্ৰ ৰখাৰ অপৰাধত। ‘ছেইণ্ট পেলেগি’ বন্দীশালত অক্টোবৰলৈ ৰখাৰ পিছত পুনৰ ছয়মাহৰ বাবে শাস্তিৰ ম্যাদ বঢ়োৱা হৈছিল।

হতাশ হৈ পৰা গেল্-ওৱাই, দেউতাকক অনুসৰণ কৰি আত্মহত্যাৰ পথ বাছি ল’ব খুজিলে। এনে অৱস্থাত তেওঁ খবৰ পালে যে, তেওঁৰ পাণ্ডুলিপি ফিৰাই দিয়া হৈছে— অৱশ্যে লগতে খুজি পঠিয়াইছে তেওঁৰ তত্ত্বৰ আৰু সবিশেষ ব্যাখ্যা। তেওঁ ইতিমধ্যে তেওঁৰ কৃতখিনি পুনৰীক্ষণ কৰা আৰম্ভ কৰিছে, যদিও পিছে পাতনিতহে বেছি মনোযোগ দিছে— বৈজ্ঞানিক প্ৰতিস্থা আৰু বিশেষকৈ একাডেমিচিয়ান সকললৈ বুলি এক গ্লানিযুক্ত তিৰস্কাৰেৰে, যিসকলে ইতিমধ্যে গণিতজ্ঞ এবেলক এনেদৰেই মাৰি পেলাইছে। বন্দীত্বৰ শেষৰ ছয়মাহ তেওঁ কটাবলগীয়া হৈছিল এখন নাৰ্ছিংহোমত। সেই সময়ত পেৰিছত দেখা দিয়া কলেৰা-মহামাৰীৰ বাবে, তালৈকে কিছু ৰোগীক স্থানান্তৰ কৰা হৈছিল। অপেক্ষাকৃতভাৱে কিছু আৰামৰ বাতাৱৰণত গেল্-ওৱাই পুনৰ গৱেষণাত মন দিলে। এইবাৰ তেওঁ কেইখনমান দৰ্শন সম্পৰ্কীয় ৰচনা লিখি উলিয়ালে।

১৮৩২ চনৰ এপ্ৰিলৰ ২৯ তাৰিখত তেওঁক জেলৰ পৰা এৰি দিয়া হ’ল। ইয়াৰ পিছত গেল্-ওৱাৰ জীৱনৰ শেষ মাহটোৰ সম্পৰ্কত সবিশেষ একো জনা নাযায়। ২৫ মে’ত তেওঁৰ বন্ধু চ্ছেভেলিয়েৰলৈ লিখা চিঠিত প্ৰকাশ পাইছিল তেওঁৰ, জীৱন সম্পৰ্কত সম্পূৰ্ণ হতাশাৰ কথা। আৰু এই হতাশাৰ কাৰণ গণিত বা পাৰ হৈ যোৱা বছৰকেইটাত ঘটি যোৱা সংঘাটপূৰ্ণ সংঘটনবোৰৰ এটাও নহয়। ইয়াৰ বিপৰীতে আছিল এক অসফল প্ৰেমৰ কাহিনী। নাৰীগৰাকী আছিল তেওঁ থাকি অহা নাৰ্ছিংহোমখনৰ আৱাসিক ডাক্টৰজনৰ দুহিতা ষ্টিফেন ডিউম’টেল্। গেল্-ওৱালৈ বুলি লিখা এওঁৰ দুখন চিঠি (আংশিক ভাৱেহে পঢ়িব পৰা অৱস্থাত) পোৱা গৈছিল।

গেল্-ওৱাই নিজেই চিঠি দুখন এনে অৱস্থাত থোৱা বুলি ধাৰণা কৰা হয়। এখন আছিল— ১৪ মে’ত দিয়া। লিখা আছিল ‘অনুগ্ৰহ কৰি আমাৰ এই সম্পৰ্ক ছিঙো আহা’ (‘Please let us break this affair’)। আনখন আছিল অইন কোনোবা এজনে তেওঁলৈ বুলি কঢ়িয়াই লৈ অহা দুখৰ সন্দৰ্ভত। এনেধৰণে লিখা আছিল যে— ‘যদি গেল্-ওৱাই তেওঁক ৰক্ষা কৰিবলৈ বুলি আহিলহেঁতেন!’ ইয়েই যদি গেল্-ওৱাৰ জীৱনৰ শেষ কৰি দিয়া সেই দ্বন্দ্ব যুদ্ধখনৰ প্ৰধান কৰাণ আছিল, তাকো একো নিশ্চয়কৈ ক’ব নোৱাৰি। এয়াও হ’ব পাৰে যে যুদ্ধখন বহুদিন ধৰি গেল্-ওৱাৰ মূৰৰ ওপৰত ওলমিয়েই আছিল (মানে পুহি ৰাখিছিল)। তেওঁ যেতিয়া প্ৰথম জেলত সোমায়, তেতিয়াৰ এজন সংগী আছিল ৰাছ পেইল। ৰাছ পেইলে জুলাই মাহৰ ২৫ তাৰিখে লিখা এখন চিঠিত গেল্-ওৱাই কোৱা এষাৰি কথা উল্লেখ আছিল এনেদৰে— ‘মই তোমাক আৰু কওঁ যে, মোৰ মৃত্যু হ’ব কোনো নিম্নখাপৰ প্ৰেম সম্পৰ্কীয় এখন দ্বন্দ্ব যুদ্ধত। কাৰণ তেওঁ, আন এজনে তেওঁলৈ বুলি কৰা সন্মানহানিৰ পোতক তুলিবলৈ মোক আহ্বান কৰিব।’ দ্বন্দ্বযুদ্ধখনৰ আগদিনাখনৰ ৰাতি, তেওঁৰ বন্ধু কেইজনমানলৈ লিখা চিঠি কেইখনমানতো এই ‘নিম্ন-পৰ্যবসিত নাৰী’ৰ উল্লেখ আছে।

পঠনীয়:  ৰামানুজন সংখ্যাৰ আঁৰত

তেওঁ আৰু লিখিছিল— ‘মোক মাৰি পেলোৱাসকলক ক্ষমা কৰিবা, কিয়নো তেওঁলোক সু-বিশ্বাসীসকলৰেই মাজৰ।’ আচলতে তেওঁৰ এজন বিৰোধী আছিল ৰিপাব্লিকান। গণিতৰ ভাষাৰেই গেল্-ওৱাৰ মৃত্যু সম্পৰ্কত মতামত আগবঢ়োৱাসকলে, এই বিষয়ত এক ‘যড়যন্ত্ৰ-তত্ত্ব’ (conspiracy theory) ব্যাখ্যা কৰিব খোজে এনেদৰে যে, এইজন প্ৰকৃততে আছিল পুলিচৰ এজেণ্ট (যদিও ইয়াৰ কোনো প্ৰমাণ নাই)। তেওঁৰ বিপ্লৱী কৰ্মকাণ্ডখিনি গেল্-ওৱাৰ দৰেই প্ৰশংসনীয়। ‘পুলিচ-এজেণ্ট-তত্ত্ব’ই বৰঞ্চ কুৰি শতিকাৰ দ্বন্দ্বযুদ্ধৰ গোলমলীয়া খেলৰ কথাকেই প্ৰতিফলন কৰে। এয়া আমি ঠিকমতে হজম কৰিব নোৱাৰা তথা সহানুভূতি সহকাৰে মানি ল’ব নোৱাৰা ধৰণৰ কথা। (এয়াও সঁচা যে, গণিতজ্ঞ ‘বল্যাই’ বা ৱেইৰষ্ট্ৰাছৰ লেখীয়া দ্বন্দ্বযুদ্ধৰ সুনিপুণ খেলুৱৈসকলক আমি অতি উল্লাসেৰে অভিবাদনো জনাইছোঁ।) এয়া সঁচা যে দ্বন্দ্বযুদ্ধখনৰ প্ৰয়োজনৰ কোনো ‘ৰেশ্যনেল’ ব্যাখ্যা নাছিল, পিচে এয়াও অসত্য নহয় যে, দেউতাকৰ আত্মহত্যাৰ ঘটনাটোৱে গেল্-ওৱাক আত্মহননৰ পথ লোৱাত উদগাইছিল। গেল্-ওৱাৰ মনে সুনিশ্চিতকৈ কৈছিল যে, তেওঁৰ মৃত্যু হ’ব কোনো উপেক্ষিত এক অসন্মানজনক কাৰণত। আৰু আটাইতকৈ ডাঙৰ ট্ৰেজেদিটো আছিল এয়ে যে, তেৱেঁই স্ব-ইচ্ছাই ইয়াক ঘটাইছিল।

galoisআনহাতে গণিতৰ জগতৰ ট্ৰেজেদিটো আছিল, মৃত্যুৰ সময়ত ‘গেল্-ওৱা তত্ত্ব’ৰ অসম্পূৰ্ণতাখিনিক লৈ। দ্বন্দ্বযুদ্ধখনৰ আগদিনাখন ৰাতি চ্ছেভিলিয়েৰলৈ লিখা সেই বিখ্যাত চিঠিখনত উল্লেখ কৰিছিল— কোনোবাই তেওঁৰ আৱিস্কাৰৰ মাজত থকা মলিনতাখিনি (mess) পৰিস্কাৰ কৰি দিব। গেল্-ওৱাৰ এই স্বীকৃতিযোগ্য অভিনৱ কৃতিখিনিক প্ৰথমে অধ্যয়ন কৰিবলৈ লয়— লিওভিলে, ১৮৪৩ চনত। আৰু প্ৰকাশৰ বাবে সাজু কৰি উলিয়ায়। ১৮৪৬ চনত ই প্ৰকাশ পায়। ১৮৫০ চনত এই তত্ত্বৰ বীজগণিতীয় অংশখিনি পাঠ্যপুথিৰ অন্তৰ্গত হয়। এভাৰিষ্ট গেল্-ওৱাৰ তত্ত্বৰ মাজত থকা উপবৃত্তীয় ‘মডুলাৰ’-ফলনৰ দ্বাৰা ‘কুইণ্টিক-সমীকৰণ’ সমাধান সম্পৰ্কত সম্পূৰ্ণতা দিয়ে। ১৮৭০ ত জৰ্ডানে এনে ফলনৰ ক্ষেত্ৰত ‘গ্ৰুপ-থিওৰি’ৰ সদৰীকৰণ কৰে। পিচে এয়া ব্যাখ্যাৰ উৰ্ধ্বত যে, এই ফলাফল উপৰিতলৰ এক বিচ্ছিন্ন ব্যাখ্যাহে। এতিয়াও সম্ভৱণাপূৰ্ণ এক বৃহৎ গেল্-ওৱা তত্ত্ব উন্মোচিত হোৱাৰ বাবে ৰৈ আছে।

গেল্-ওৱাৰ জীৱন কাহিনী পঢ়ি থাকোঁতে আমাৰ স্মৃতিৰ মণি-কোঠাত থকা কেইটামান বিশেষ চৰিত্ৰ কিয় জানো ধুঁৱলী-ধূসৰহৈ প্ৰকাশৰ বাট বিচাৰিছে! চকুৰ আগত ভাঁহি থকা যেন লাগিছে— ‘ইস্মাইল শেখৰ সন্ধানত’ ঘূৰি ফুৰা আমাৰ প্ৰিয় গল্পকাৰৰ নায়কজন। আমাৰ নায়ক..... বিছনাত উপৱিষ্ট, সন্মুখত ম’ৰাভিয়াৰ উপন্যাস। ....আৰু ভাঁহি থকা যেন লাগিছে সময় কাল-সন্ধিয়া,... চিনো-নিচিনো পোহৰত মহাকবি মহাৰত্ন-কালিদাস.... কিনো ভুল হৈ গ’ল। ....সন্মুখত হাতত ছুৰী লৈ গোপনে,— ললিতা। অলপ পিছত ৰক্তাক্ত দেহ মহাকবি মহাৰত্নৰ— বিক্ৰমাদিত্যৰ ৰাজসভাত— ‘অভিজ্ঞানম শকুন্তলম’ ৰচয়িতাৰ! বাস্তৱ, কিম্বদন্তী-গল্প-বাস্তৱ, এনেদৰেই ইতিহাস ৰচিত হয়, এয়েই মানৱ সভ্যতা, সভ্যতাও যে নদীৰ দৰে। এনেদৰেই ধাবিত হয় সন্মুখলৈ, লগত কঢ়িয়াই লৈ যায় অলেখ-অনেক স্বপ্ন-দুঃস্বপ্ন, সংঘটন-অঘটন, ক্ৰমে-ক্ৰমে অধঃক্ষিপ্ত হৈ পৰি ৰৈ থাকে কোনো অটলত— কোনো ক’লা-গহ্বৰত (black hole)। কি যে নিৰূপায় আমি, কেনে মূল্য এই জীৱনৰ! শেষত, দ্য মেথেমেটিকেল ইণ্টেলিজেঞ্চাৰ আলোচনীত (volume 23, number 4, fall 2001) নিউয়ৰ্কৰ ৱাশিংটন এভিনিউৰ হাৰ্বাৰ্ট ই ছেইজ্জাৰে লিখা গেল্-ওৱা প্ৰশস্তিৰ দুটা ফাঁকিৰ সহজ অসমীয়া অনুবাদ আগবঢ়াইছোঁ, পাঠকৰ মনোযোগ আকৰ্ষণ কৰি—

‘সমীকৰণৰ প্ৰতিটো সংস্কৰণত

আজিও ৰৈ আছা তুমি

সংঘৰ্ষৰ চিকাৰ, হে সন্মানিত

চিৰকালৰ- !

বীজগণিত আৰু মানৱ সম্পৰ্কৰ

বিপ্লৱী গভীৰতম, হে সত্বা, বিদ্ৰোহী,

সত্যান্বেষী, সত্যপ্ৰেমী,

পতিত- জীৱন বিৰুদ্ধ

দৃঢ়কামী, সাহসী-মৌলিক,

আৰু অ-সম, মানসিক,

সংশ্লেষণ-বিশ্লেষণৰ

গঢ়ণ আৰু পিতনৰ তুমি

অমৃতময় স্ৰষ্টা- হে, নতুনৰ ফলকামী।।’

 

লেখক:— ড° খনীন চৌধুৰী।

[২০০৮ চনৰ ২৮ ছেপ্তেম্বৰৰ ‘আমাৰ অসম’ কাকতত প্ৰকাশিত প্ৰবন্ধটি লেখকৰ ‘মহাগান অবিৰাম’ শীৰ্ষক গ্ৰন্থখনৰ পৰা ‘গণিত চ’ৰা’ত প্ৰকাশ কৰা হ’ল। উক্ত গ্ৰন্থখনত সন্নিবিষ্ট প্ৰবন্ধসমূহৰ গণিত বিষয়ক মুঠ ৯ টা প্ৰবন্ধ লেখকৰ অনুমতি সাপেক্ষে গণিত চ’ৰাত প্ৰকাশ কৰা হৈছে।]

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment