ড° জ্যোতি প্ৰসাদ মেধি : এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ

গণিত-বিজ্ঞানৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়োৱা বা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰা অসমীয়া ব্যক্তিৰ তালিকাখন তেনেই তাকৰ। সেইবাবে অসমৰ কোনো ব্যক্তিয়ে বিজ্ঞান ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু মেধাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰাৰ সংবাদ ওলালে সদায়েই দৃষ্টি আকৰ্ষণ কৰে। তেওঁলোকৰ সাফল্যই অসমৰ বা দেশৰ নাম কেৱল যে বাহিৰতহে উজলাই তোলে তেনে নহয়, তেওঁলোকৰ পদাংক লৈ পিছৰ প্ৰজন্ময়ো আগবাঢ়ি যাবলৈ প্ৰেৰণা পায়। আজি বিশেষভাৱে ক’বলৈ ওলোৱা তেনে এগৰাকী বিৰল প্ৰতিভাৱান অসম সন্তান হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিসংখ্যাবিদ ° জ্যোতি প্ৰসাদ মেধি

জ্যোতি প্ৰসাদ মেধিৰ নামটো প্ৰথম শুনাৰ পৰাই তেখেতক লৈ এটা আগ্ৰহৰ সৃষ্টি হৈছিল। এবাৰ এ.পি.জে. আব্দুল কালাম আৰু জ্যোতি প্ৰসাদ মেধিক তেজপুৰ বিশ্ববিদ্যালয়ে একেলগে সন্মানিত কৰাৰ ফটো এখনে দৃষ্টি আকৰ্ষণ কৰিছিল। সেয়াই আছিল জ্যোতি প্ৰসাদ মেধি নামটোৰ সৈতে মোৰ প্ৰথম পৰিচয়। যিমান দূৰ মনত পৰে, সেই ফটোখন ছবছৰমান পূৰ্বে হয়তো ‘আমাৰ অসম’ কাকতখনৰ পৰিপূৰিকা ‘বহুমুখ’ত প্ৰকাশ পাইছিল। আচলতে সেই ফটোখন আছিল ২০০১ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত এ.পি.জে. আব্দুল কালাম আৰু ড° জ্যোতি প্ৰসাদ মেধিক একেলগে সন্মানীয় উপাধি (যথাক্ৰমে ডি. লিট. আৰু ডি. এছ. ছি.) প্ৰদান কৰা মুহূৰ্তৰ সেই দিনটোৰ ফটোসম্বলিত প্ৰৱন্ধটোৱে মনত এটা সাঁচ বহুৱাই ৰাখিছিল আৰু তেতিয়াৰ পৰাই মানুহজনৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ সৃষ্টি হৈছিল। বিশেষকৈ অসমতে কৰ্মজীৱন অব্যাহত ৰাখিও বিশ্বমানৰ গৱেষণা আৰু গ্ৰন্থ ৰচনাৰে আন্তৰ্জাতিক খ্যাতি লাভ কৰা বুলি জানি অসমীয়া হিচাপে তেখেতক লৈ মনত এক গৌৰৱ অনুভৱ কৰিছিলোঁ

জ্যোতি প্ৰসাদ মেধিদেৱৰ জন্ম হৈছিল ১৯২৪ চনত কামৰূপ জিলাৰ ৰামদিয়াত। পিতৃ বিনন্দী চন্দ্ৰ মেধি আৰু মাতৃ কাদম্বৰী মেধি। এটা অতি শিক্ষিত পৰিয়ালত জন্ম লোৱা ড° জ্যোতি প্ৰসাদ মেধিৰ পৰিয়ালটোৰ অসমীয়া সাহিত্য-শিক্ষাক্ষেত্ৰখনলৈ থকা অৱদান উল্লেখনীয়। তেখেতৰ মামাকৰ ফালৰ ককাক কালিৰাম মেধি অসমীয়া সাহিত্যৰ এগৰাকী নমস্য সাহিত্যিক কালিৰাম মেধিৰ পুত্ৰ তথা জ্যোতি প্ৰসাদ মেধিৰ মোমায়েক সুৰেন্দ্ৰ নাথ মেধি অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ আৰু বিজ্ঞান লেখক পঢ়ুৱৈৰ মাজত সৌৰভ কুমাৰ চলিহাছদ্মনামটোৰে অধিক পৰিচিত সুৰেন্দ্ৰ নাথ মেধিয়ে তেওঁৰ গল্প সংকলন অশান্ত ইলেকট্ৰনখন ভাগিন জ্যোতি প্ৰসাদ মেধিলৈ উৎসৰ্গা কৰিছে

সৰুৰে পৰাই অত্যন্ত মেধাৱী আৰু তীক্ষ্ণধী মনৰ অধিকাৰী জ্যোতি প্ৰসাদ মেধিৰ আনুষ্ঠানিক শিক্ষাজীৱনো যথেষ্ট সাফল্যমণ্ডিত। দেউতাকৰ কৰ্মসূত্ৰে তেওঁ ডিব্ৰুগড়ত শিক্ষাজীৱনৰ পাতনি মেলিছিল। ১৯৪০ চনত ডিব্ৰুগড় চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জ্যোতি প্ৰসাদ মেধিয়ে কটন কলেজত নামভৰ্তি কৰে। ইয়াৰ পৰা গণিতত অনাৰ্ছসহ বি. এছ. ছি. সম্পূৰ্ণ কৰাৰ লগতে তেওঁৰ অসাধাৰণ কৃতিত্বৰ চিনস্বৰূপে চুডমাৰ্ছন স্বৰ্ণপদক আৰু ৰজনী কান্ত বৰা স্বৰ্ণ পদক লাভ কৰে। ১৯৪৮ চনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা মৌলিক গণিতত এম. এছ. ছি. ডিগ্ৰি লাভ কৰে। এনে সফলতাৰ বাবে তেখেতে দেবেন্দ্ৰ নাথ গংগোপাধ্যায় স্বৰ্ণপদক আৰু প্ৰথম শ্ৰেণীৰ প্ৰথম হোৱা হেতুকে স্নাতকোত্তৰ স্বৰ্ণপদক লাভ কৰে।

ইয়াৰ পিছতে ১৯৪৮ চনত জ্যোতি প্ৰসাদ মেধিয়ে কটন কলেজৰ পৰিসংখ্যা বিজ্ঞান বিভাগত অধ্যাপক ৰূপে যোগদান কৰে। কিন্তু কিছুদিন পিছতে তেখেত নতুনকৈ স্থাপিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত আৰু পৰিসংখ্যা বিজ্ঞান বিভাগত যোগদান কৰিবলৈ আমন্ত্ৰিত হয়। সেইবাবে কটন কলেজৰ পৰা আহি তেওঁ ১৯৪৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপকৰ দায়িত্ব লয় আৰু নতুনকৈ গঢ়ি উঠা বিশ্ববিদ্যালয়খনৰ বিভাগ এটাক সুচাৰুৰূপে গঢ়ি তোলাত অহোপুৰুষাৰ্থ কৰে।

কৰ্মজীৱনত সোমায়ো উচ্চশিক্ষা লাভৰ প্ৰতি থকা আগ্ৰহৰ বাবে ১৯৫২ চনত জ্যোতি প্ৰসাদ মেধিয়ে বিদেশলৈ যাত্ৰা কৰে আৰু মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৪ চনত মাষ্টাৰ অৱ ষ্টেটিছটিক্ছ্ উপাধি লাভ কৰে। সেই সময়তে তেওঁ ফ্ৰান্স চৰকাৰলৈ এটা বৃত্তিৰ বাবে আৱেদন জনাইছিল। ফ্ৰান্স চৰকাৰে তেওঁৰ আৱেদন মঞ্জুৰ কৰে আৰু তেওঁক গৱেষণাৰ বাবে আমন্ত্ৰণ জনায়। ফান্সত সেই সময়ৰ প্ৰচলিত নিয়ম অনুসৰি গৱেষণা কৰিবলৈ গৱেষণাৰ লগত জড়িত পুথিবোৰ ফৰাছী ভাষাত পঢ়িব জনাই নহয়, নিজৰ গৱেষণাপত্ৰখনো সেই ভাষাতে দাখিল কৰিব লাগিছিল। গতিকে তেওঁ ফৰাছী ভাষা শিকিবলৈ ফৰাছী ভাষাৰ ডিপ্লমা এটা সম্পূৰ্ণ কৰে। এইদৰে ফৰাছী মাধ্যমতে গৱেষণা কৰি তেখেতে পেৰিছৰ ছৰবন বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৬ চনত ডি. এছ. ছি. ডিগ্ৰি লাভ কৰে। এইখিনিতে ড° চন্দ্ৰকান্ত চেতিয়াৰ প্ৰৱন্ধ এটাৰ পৰা প্ৰাসংগিক উদ্ধৃতি এটা উল্লেখ কৰাটো ভাল হ’ব- “প্ৰণিধানযোগ্য যে ফৰাছী ভাষাত আনুষ্ঠানিক শিক্ষা লৈ ফৰাছী ভাষাৰে গৱেষণা কৰা কৃষ্ণকান্ত সন্দিকৈৰ পাছতে জে মেধি দ্বিতীয়জন অসমীয়া পণ্ডিত”

সৰল, নম্ৰ আৰু বিৰল ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী অসম সন্তানে আজীৱন নিজ ৰাজ্যকে কৰ্মস্থলী হিচাপে বাছি ল’লে। বিদেশত উচ্চশিক্ষা গ্ৰহণ কৰি আহি তেওঁ পুনৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যাবিজ্ঞান বিভাগত যোগদান কৰে আৰু পিছলৈ বিভাগটোৰ মুৰব্বীৰ দায়িত্ব লয়। ইয়াৰ পৰাই ১৯৮৫ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। পৰিসংখ্যা বিজ্ঞানত থকা অগাধ পাণ্ডিত্যৰ বাবে তেওঁৰ গৱেষণা-পত্ৰ বহুতো আন্তঃৰাষ্ট্ৰীয় মানৰ আলোচনীত প্ৰকাশ পাইছে আৰু ইয়ে তেখেতক সমগ্ৰ বিশ্বতে এগৰাকী আগশাৰীৰ পৰিসংখ্যাবিদ ৰূপে প্ৰতিষ্ঠা কৰিছিল। আমেৰিকা, কানাডা, ব্ৰিটেইন আদি দেশৰ ভালেমান বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰূপে আমন্ত্ৰিত হৈ তেওঁ শিক্ষাদান কৰিছে। ভাৰতবৰ্ষৰো বিভিন্ন আই. আই. টি., বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানত তেওঁ পৰিসংখ্যাবিজ্ঞানৰ বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰিত হৈছিল। ইউ. জি. ছি., ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলা বহুতো প্ৰকল্প সঠিকভাৱে ৰূপায়ণত আগভাগ লোৱাৰ উপৰি ১৯৭৯-৮১ চনত তেওঁ দুবাৰকৈ ‘অসম বিজ্ঞান সমিতি’ৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। তদুপৰি ১৯৭৯ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ সভাপতিৰূপেও মনোনীত হৈছিল

ফটো উৎস: The Assam Tribune

জ্যোতি প্ৰসাদ মেধিৰ পৰিসংখ্যা বিজ্ঞানত থকা অসাধাৰণ দখলৰ প্ৰতিফলন ঘটিছে তেওঁ ৰচনা কৰা গ্ৰন্থকেইখনত, যিকেইখন গোটেই বিশ্বজুৰি সমাদৃত। তেওঁৰ সুবিখ্যাত কিতাপ ‘Stochastic Process‘ (১৯৮২) আৰু ‘Stochastic Models in Queueing Theory‘ (১৯৯১) নিউয়ৰ্কৰ একাডেমিক প্ৰেছ আৰু হলটেড প্ৰেছে প্ৰকাশ কৰি উলিয়াইছে। তেনেদৰে আন দুখন কিতাপ নতুন দিল্লীৰ উইলি-ইষ্টাৰ্নে প্ৰকাশ কৰিছে। পৰিসংখ্যা বিজ্ঞানৰ ছাত্ৰ নহয় বাবে তেখেতৰ গৱেষণাৰাজি বা কিতাপৰ বিষয়বস্তু সম্পৰ্কে বিতংকৈ আলোচনা কৰাটো মোৰ বাবে সাধ্যাতীত। অৱশ্যে এই লেখাটোৰ উদ্দেশ্যও সেইটো নহয়। মাথো উল্লেখ কৰিব পাৰি যে এই গ্ৰন্থকেইখনেও জ্যোতি প্ৰসাদ মেধিক সমগ্ৰ বিশ্বৰ পৰিসংখ্যা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক সুকীয়া স্থান দিছে। গুগলত তেখেতৰ নামটো চাৰ্ছ্ কৰোঁতে ইংৰাজী-অসমীয়া কোনো এটা ভাষাতে তেখেতৰ বিষয়ে সবিশেষ তথ্যসম্বলিত লেখা চকুত নপৰিল এই বিৰল মেধাৱী অসম সন্তান গৰাকীক ভালদৰে পৰিচয় কৰি দিয়াত এতিয়াও সঠিক পদক্ষেপৰ অভাৱ! কিন্তু এইমুহূৰ্তলৈ ইণ্টাৰনেটৰ জগতখনতো এই গ্ৰন্থকেইখনেই তেখেতৰ স্থান সুদৃঢ় কৰি ৰাখিছে। আমাজন ডট কম, গুড ৰিড্ছ্ আদিৰ দৰে ৱেবচাইটতো তেখেতৰ গ্ৰন্থকেইখন সম্পৰ্কে কিছু পঢ়ুৱৈয়ে মতামত আগবঢ়োৱা পৰিলক্ষিত হৈছে।

অৱশ্যে ইণ্টাৰনেটৰ কথা বাদ দি সাধাৰণভাৱে দুই এখন কিতাপ-পত্ৰৰ জৰিয়তে তেখেতৰ পাণ্ডিত্য আৰু মেধাক নতুন প্ৰজন্মৰ লগত পৰিচয় কৰাই দিবলৈ কিছু উদ্যোগ নোলোৱাও নহয়। জ্যোতি প্ৰসাদ মেধিৰ বিষয়ে নতুন দিল্লীৰ ‘বিজ্ঞান প্ৰসাৰ’ৰ হৈ ড° চন্দ্ৰকান্ত চেতিয়াই “Glimpses into the Life and Works of J Medhi” নামৰ জীৱনী এখন লিখিছিল (কিতাপখন অনলাইনত উপলব্ধ)। বন্দিতা ফুকনেও ‘ষ্টেট ৰিচ’ৰ্ছ চেন্টাৰ’ৰ হৈ তেখেতৰ বিষয়ে সৰু জীৱনী এখন প্ৰকাশ কৰি উলিয়াইছিল। তথাপি কব পাৰি যে এনেধৰণৰ পদক্ষেপ অধিক ব্যাপক ৰূপত হোৱা প্ৰয়োজন, যাতে অসমৰ ৰাইজে সাহিত্য-সংস্কৃতিৰ লগত জড়িত মানুহখিনিৰ নিচিনাকৈ জ্যোতি প্ৰসাদ মেধিৰ দৰে গণিত-বিজ্ঞানৰ নিৰৱ সাধকসকলকো ভালদৰে চিনি পোৱা হয়

ওপৰত উল্লেখ কৰা নিজৰ গৱেষণাক্ষেত্ৰখনৰ উচ্চস্তৰৰ কিতাপকেইখনক বাদ দিও তেখেতে অতি সহজবোধ্য ভাষাৰে “এক-দুই যোগ-বিয়োগ : সসীম গণিতৰ আদি কথা” নামৰ এখন অসমীয়া কিতাপ লিখি উলিয়াইছিল। অৱশ্যে কোনো গ্ৰন্থমেলা বা বিপণীত চকুত পৰা নাই বাবে এতিয়ালৈ কিতাপখন পঢ়াৰ সুযোগ পোৱা নাই অথচ দুৰ্ভাগ্যৰ কথা যে কিতাপখন ১৯৯৫ চনত প্ৰকাশৰ পিছত জ্যোতি প্ৰসাদ মেধিদেৱৰ নিজৰ ঘৰতে হেনো দুশতকৈ অধিক কপী বিক্ৰী নোহোৱাকৈ পৰি আছিল এনেধৰণৰ পৰিঘটনাই অসমত গণিত-বিজ্ঞান সম্পৰ্কীয় কিতাপৰ সঠিক প্ৰচাৰৰ অভাৱ আৰু সাধাৰণ পঢ়ুৱৈৰ মাজত এতিয়াও ব্যাপক পৰিসৰত বিজ্ঞান বা গণিত সম্পৰ্কে থকা অনীহাকে উদঙাই দিয়ে! (কিতাপখনৰ এটা ই-সংস্কৰণ গণিত চৰাত উপলব্ধ হলে আগ্ৰহী পঢ়ুৱৈখিনিৰ বাবে সুবিধা হব।)

যোৱা ২০১৭ বৰ্ষৰ ৩ ফেব্ৰুৱাৰীৰ দিনা ৯৩ বছৰ বয়সত জ্যোতি প্ৰসাদ মেধিদেৱৰ মৃত্যু হয়। অৱশ্যে এটা কথা ঠিক যে তেখেতৰ আৰু তেখেতৰ পৰিয়ালৰ গৰিমা পিছৰ প্ৰজন্ময়ো অক্ষুণ্ণ নৰখাকৈ থকা নাই। তেওঁৰ দুই সুপুত্ৰ দীপংকৰ মেধি আৰু শুভংকৰ মেধিয়েও নিজ প্ৰতিভা আৰু মেধাৰ গুণত কৰ্মজীৱনত উচ্চ আসন লাভ কৰিছে। ড° দীপকৰ মেধি ইউনিভাৰ্ছিটী অৱ্ মিছৌৰী-কানচাছ চিটীৰ কম্পিউটাৰ চায়েন্স বিভাগৰ অধ্যাপক আৰু শুভংকৰ মেধি এগৰাকী অভিযন্তা।

আজীৱন খ্যাতি, প্ৰচাৰৰ পৰা আঁতৰত থাকি নিৰৱে নিজৰ ক্ষেত্ৰখনলৈ অৰিহণা যোগোৱা জ্যোতি প্ৰসাদ মেধিক জীৱনকালত বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা-সন্মান যাঁচিছে। ব্যক্তিগতভাৱে মোৰ অনুভৱ হয় যে সৌৰভ কুমাৰ চলিহাৰ নিচিনাকৈ ভাগিন জ্যোতি প্ৰসাদ মেধিও খ্যাতি, সন্মানৰ পৰা আঁতৰি থকা একে পৰ্য্যায়ৰ নিৰৱ সাধক আছিল যি কি নহওক, পৰিসংখ্যা বিজ্ঞানলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেখেতক ‘প্ৰফেছৰ এমেৰিটাছ’ সন্মান (১৯৮৭ চন); ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, আই. আই. টি. গুৱাহাটী আদি বহুকেইখন অনুষ্ঠানে ডি. এছ. ছি. ডিগ্ৰিৰে সন্মানিত কৰিছে। আই. আই. টি. গুৱাহাটীৰ উত্তৰণৰ নামত আগবঢ়োৱা অৱদানৰ বাবে অনুষ্ঠানখনৰ গণিত বিভাগে তেখেতৰ স্মৃতিত যোৱা বছৰৰ পৰা “জ্যোতি প্ৰসাদ মেধি এনুৱেল মেমৰিয়েল লেকচাৰ” নামৰ বাৰ্ষিক বক্তৃতানুষ্ঠানটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে

শেষত এটা বিশেষ প্ৰসংগৰ উল্লেখেৰে এই লেখাটো সামৰিম। প্ৰায় এবছৰ পূৰ্বে ‘কথাবাৰ্তা‘ অনুষ্ঠানত হোমেন বৰগোহাঞিদেৱে সেইদিনাৰ অতিথি ° নিৰ্মল কুমাৰ চৌধুৰীক সুধিছিল— “আপুনি ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ত দক্ষতাৰে উপাচাৰ্য্যৰ দায়িত্বভাৰ পালন কৰিছে, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত সুদীৰ্ঘকাল নিষ্ঠাৰে অধ্যাপনা কৰিছে গতিকে সমাজৰ দৃষ্টিত বা মোৰ দৃষ্টিত আপুনি জীৱনত সম্পূৰ্ণৰূপে সফল তথাপি আপোনাৰ জীৱনত কিবা আক্ষেপ থাকি গৈছে নেকি?” তেতিয়া চৌধুৰীদেৱে সামান্য আক্ষেপৰ সুৰত কৈছিল— “মই ড° জ্যোতি প্ৰসাদ মেধিৰ দৰে এজন গণিতৰ গৱেষক শিক্ষক হবলৈ পালে বেছি ভাল পালোঁহেঁতেন” এয়া মোৰ দৃষ্টিত ড° জ্যোতি প্ৰসাদ মেধিৰ কৰ্মৰাজিৰ প্ৰতি আন এগৰাকী কৃতবিদ্য লোকৰ এক সৰল অথচ মহান স্বীকৃতি; গণিত আৰু বিজ্ঞানৰ মৌলিক গৱেষণাক্ষেত্ৰখনে দখল কৰা উচ্চতম তথা ঈৰ্ষণীয় স্থানখনৰ প্ৰতি স্বীকৃতি।

(° জ্যোতি প্ৰসাদ মেধিদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ চমু আভাসৰ লগত মোৰ অনুভৱৰ সংমিশ্ৰণেৰে আগবঢ়োৱা এই লেখাটোৰ জৰিয়তে প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ।)

তথ্যসূত্ৰ:

১) প্ৰান্তিক (১৬-৩১ আগষ্ট, ২০১৩ সংখ্যা আৰু ১৬-২৮ ফেব্ৰুৱাৰি ২০১৭ সংখ্যা)

২) প্ৰকাশ (মাৰ্চ, ২০১৭ সংখ্যা)

৩) আমাৰ অসম (২০১৭ চনত তেখেতৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা এটা লেখা)

৪) দা আচাম ট্ৰিবিউন (৪ ফেব্ৰুৱাৰী আৰু ২৭ আগষ্ট, ২০১৭)

৫) ইণ্টাৰনেটত উপলব্ধ কেইটিমান উৎস।

 

1Comment
  • D. Medhi
    Posted at 03:38h, 03 February Reply

    ভাল লিখিছে – ধন্যবাদ

Post A Comment