নেন’প্রযুক্তি : অন্য এটা শিল্প বিপ্লৱৰ অভিসূচনা

— ড° ৰমেশ চন্দ্ৰ গোস্বামী

“All the written words of history could fit on a cube of material measuring just one-hundredth of an inch wide, if the words were written with atoms.”

– Richard P. Feynman

বিজ্ঞানীৰ দলটো, আৰু লগতে দলটো কঢ়িয়াই নিয়া জাহাজখন এটা লোহিত ৰক্তকোষৰ সমান ক্ষুদ্ৰ কৰি পেলোৱা হৈছিল। দলটো জাহাজেৰে সৈতে এজন ৰোগীৰ তেজৰ সোঁতেদি উটি গৈ তেওঁৰ মগজুৰ ভিতৰত প্ৰৱেশ কৰিছিল। তেনেদৰে যাওঁতে দলটোৱে শৰীৰৰ ভিতৰত এলানি ভয়াৱহ বিপদসংকুল অৱস্থাৰ মুখামুখি হৈছিল।

এয়া ঠিক বাস্তৱ নহয়, ‘ফেণ্টাষ্টিক ভয়েজ’ নামৰ এখন কল্পবিজ্ঞান আধাৰিত চলচ্চিত্ৰৰহে কথা। একাধিক কল্পবিজ্ঞান কাহিনীকাৰে কেইবাবছৰ আগৰেপৰা কল্পনা কৰি আহিছে— তেজত উটি গৈ আছে এখন আণৱিক বাহন; বাহনখনে শৰীৰত কেনছাৰ সৃষ্টিকাৰী কোষবোৰ বিচাৰি ফুৰে, আৰু পালেই তেনে কোষ ধ্বংস কৰি পেলায়।

এনেকুৱা কাহিনী এতিয়া আৰু কাহিনীয়েই হৈ থকা নাই, বাস্তৱৰ পিনে ঢাপলি মেলিছে। মাত্ৰ আৰু কিছু গৱেষণা, কিছু প্রশস্ত সময়ৰ প্রয়োজন হ’ব। ১৯৯২ চনৰ কথা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাফেল’ বিশ্ববিদ্যালয়ৰ গৱেষক জেৰ’ম স্কেনটাগে (Jerome Schentag) এনে এটা ‘স্মার্টপিল’ আৱিষ্কাৰ কৰিছে যাৰ গতি-বিধি ইলেকট্রনিক ব্যৱস্থাৰে বাহিৰৰপৰাই পর্যবেক্ষণ কৰিব পাৰি। অকল সেয়াই নহয়, তাক নির্দেশ দি শৰীৰৰ ভিতৰৰ উপযুক্ত স্থানত দৰব প্রক্ষেপ কৰিব পৰাও যায়।

এয়া সম্ভৱ হ’ব পাৰে এটা বিশেষ প্রযুক্তিৰ আলমত, যাৰ নাম দিয়া হৈছে ‘নেন’প্রযুক্তি’। বিশ্বৰ চুকে-কোণে এতিয়া নেন’প্রযুক্তিৰ ভিন্নমুখী সম্ভাৱনীয়তাৰ সন্ধানত বিজ্ঞানী-প্রযুক্তিবিদসকল বাৰুকৈ ব্যস্ত হৈ পৰিছে।

উল্লিখিত ধৰণৰ ‘আণৱিক যন্ত্রৰ আহি প্রস্তুত আৰু নির্মাণ’ৰ বাবে ২০১৬ চনত তিনিগৰাকী বিজ্ঞানীলৈ ৰসায়নবিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে।

নেন’প্রযুক্তি কি?

আলোচ্য নেন’প্রযুক্তিনো কি? ইয়াৰ অভিসূচনা কোনো কেতিয়া কেনেকৈ কৰিছিল?

নেন’ (Nano) শব্দৰ অর্থ 10^{-9}, মানে ১ৰ এহেজাৰ নিযুত ভাগৰ এভাগ। কথাটো এনেদৰেও বুজিব পাৰি— আমাৰ দৈনন্দিন কাম-কাজত দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা ক্ষুদ্রতম একক হৈছে ১ মিলিমিটাৰ। ১ মিলিমিটাৰক এক নিযুত ভাগ কৰিলে যিমান হ’ব সেয়াই ১ নেন’মিটাৰ। ইমান সূক্ষ্ম দৈর্ঘ্য চকুৰে মনিব পৰাৰ প্রশ্নই নুঠে। মানুহৰ চুলি এডালেই কিমান সৰু, কিন্তু চুলি এডালৰ ব্যাস প্রায় আশী হাজাৰ নেন’মিটাৰ! পৰমাণু একোটাৰ ব্যাস ১ নেন’মিটাৰৰ দহ ভাগৰ এভাগমানহে।

নেন’ আকাৰৰ পদার্থ কণিকাবোৰক নেন’কণিকা আৰু নেন’কণিকাৰে গঠিত পদার্থক নেন’পদাৰ্থ বোলা হয়। নেন’পদার্থ প্রাকৃতিকভাৱেও কিছু পৰিমাণে পোৱা যায়, লগতে কৃত্রিমভাৱেও প্রস্তুত কৰিব পাৰি। বিজ্ঞানৰ যিটো শাখাত নেন’পদার্থৰ বিভিন্ন ধর্ম অধ্যয়ন কৰা হয়, সেয়া নেন’বিজ্ঞান। আকৌ বিজ্ঞানে প্ৰযুক্তিৰ জন্ম দিয়ে— নেন’বিজ্ঞানক প্রয়োগ ক্ষেত্ৰত খটুৱালে সি হৈ পৰে নেন’প্রযুক্তি বিজ্ঞান, অথবা চমুকৈ নেন’প্রযুক্তি।

আৰম্ভণিৰ কথা

নেন’প্রযুক্তি শব্দটোৰ জন্ম হয় জাপানৰ টকিঅ’ বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধ্যাপক নৰিঅ’ টানিগুছিৰ (Norio Taniguchi) হাতত। নেন’মিটাৰ আকাৰৰ কিছুমান বস্তুৰ বিৱৰণ দিয়াৰ উদ্দেশ্যে তেওঁ শব্দটো ব্যৱহাৰ কৰিছিল। বর্তমান সময়ত পদার্থবিজ্ঞান, ৰসায়নবিজ্ঞান প্রমুখ্যে বিজ্ঞানৰ প্ৰায় আটাইবোৰ শাখাতে নেন’প্রযুক্তিৰ প্রয়োগ চমকপ্রদভাৱে চলিবলৈ লৈছে। হয়তো অহা কেইদশকমানৰ ভিতৰতে নেন’প্রযুক্তিয়ে মানুহৰ জীৱন নির্বাহৰ ৰেহ-ৰূপ সলাই পেলাব।

এই বৈপ্লৱিক প্রযুক্তিবিদ্যাৰ ধাৰণা আগবঢ়াইছিল এগৰাকী তীক্ষ্নধী পদার্থবিজ্ঞানী, যথার্থতে কৃতী শিক্ষক, কৃতী বিজ্ঞান বক্তা ৰিচার্ড ফাইনমেনে। ১৯৫৯ চনৰ ২৯ ডিছেম্বৰৰ কথা— আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’র্নিয়া ইনষ্টিটিউট অব টেকন’লজিত আমেৰিকান ফিজিকেল ছছাইটিৰ এখন সন্মিলন অনুষ্ঠিত হৈছিল। তাত ফাইনমেনে এটা বিশেষ বক্তৃতা প্রদান কৰিছিল। বক্তৃতাৰ শিৰোনাম আছিল— “There’s Plenty of Room at the Bottom”. তাত তেওঁ উল্লেখ কৰিছিল যে ক্ষুদ্র আকাৰৰ পদার্থ কণা প্রস্তুত কৰিবলৈ নতুন প্রযুক্তিৰ জন্ম হ’বগৈ পাৰে। প্রসংগতঃ তেওঁ দুটা পুৰস্কাৰো ঘোষণা কৰে। ১৯৬০ চনত এগৰাকী বিজ্ঞানীয়ে এনেকুৱা এটা ক্ষুদ্র বৈদ্যুতিক মটৰ সাজি উলিয়াইছিল যাক এটা আলপিনৰ মূৰটোৰ ওপৰতে থ’ব পৰা গৈছিল। তাৰ বাবে তেওঁ উল্লিখিত দুটা পুৰস্কাৰৰ এটা লাভ কৰিছিল। পুৰস্কাৰটোৰ মূল্য আছিল (সেই কালত) এহেজাৰ ডলাৰ। দ্বিতীয় পুৰস্কাৰটো লাভ কৰিছিল ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ এটা দলে। তেওঁলোকে ১৯৮৫ চনত চাৰ্লছ ডিকেন্সৰ ‘A Tale of Two Cities’ নামৰ কিতাপখনৰ প্ৰথম পেৰাগ্রাফটো কল্পনাতীতভাৱে সৰুকৈ লিখি উলিয়াইছিল।

দৰাচলতে মানুহে নিজৰ অজ্ঞাতেই বহু পুৰণি কালৰপৰাই নেন’প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে। উদাহৰণস্বৰূপে—বহুতো পুৰণি গিৰ্জাৰ আইনাত ৰঙীন চিত্ৰ অংকন কৰা আছিল৷ সেইবোৰৰ ৰঙৰ উজ্জ্বলতা আজিও বৰ বেছি ম্লান হৈ যোৱা নাই৷ তেনে ৰঙত নজনাকৈয়ে নেন’প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল৷

ফাইনমেনে তেওঁৰ বক্তৃতাত উল্লেখ কৰাৰ সুদীর্ঘ ৩০ বছৰ পাছত এৰিক ড্ৰেক্সলাৰ (Eric Drexler) নামৰ এগৰাকী গৱেষকে নেন’প্রযুক্তিৰ বিভিন্ন সম্ভাৱনীয়তাৰ বিষয়ত এখন মূল্যবান গ্রন্থ যুগুতাই উলিয়াইছিল। তাত তেওঁ নেন’ আকাৰৰ বৈদ্যুতিক মটৰ, কম্পিউটাৰ, ৰবটৰ বাহু— এনেবোৰ সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰণালী সম্পর্কে লিখি উলিয়াইছিল।

নেন’প্রযুক্তিৰ বিষয়ে মানুহৰ ৰাপ ক্রমে বাঢ়ি আহিবলৈ ধৰে। প্রমাণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰত National Nanotechnology Institute নামৰ এটা প্ৰতিষ্ঠানৰ জন্ম হয়। ইউৰোপৰ ভালেকেইখন দেশ, জাপান, অষ্ট্রেলিয়া আদিত এই দিশৰ গৱেষণাই গুৰুত্ব লাভ কৰিবলৈ ধৰে। সাম্প্রতিক কালত বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো নেন’বিজ্ঞান আৰু নেন’প্রযুক্তিৰ শিক্ষা আৰু গৱেষণাই যথেষ্ট সমাদৰ পাইছে। এইখিনিতে উনুকিওৱা উচিত যে প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছি এন আৰ ৰাৱে ভাৰতৰ নেন’বিজ্ঞান গৱেষণালৈ বিশেষ গতি প্রদান কৰি গৈছে।

নেন’পদাৰ্থৰ বিশেষ ধর্ম

নেন’পদাৰ্থৰ কিছুমান ধর্ম সাধাৰণ পদার্থৰ ধৰ্মতকৈ বহু বেলেগ। উদাহৰণস্বৰূপে— কিছুমান পদার্থ নেন’ৰূপত থাকিলে সেইবোৰৰপৰা পোহৰ নিৰ্গত হয়, অথচ একেবোৰ পদার্থ সাধাৰণ অর্থাৎ স্বাভাৱিক ৰূপত থাকিলে পোহৰ নোলায়। তেনে এবিধ পদাৰ্থ হৈছে ছিলিকন। সেইবাবেই ইলেকট্রনিকছত ছিলিকনৰ মর্যাদা যথেষ্ট উচ্চ৷ আন এটা উদাহৰণ— সোণৰ স্বাভাৱিক ৰং সোণালী৷ পিছে সোণক যেতিয়া নেন’ আকাৰলৈ ৰূপান্তৰ কৰা হয়, তেতিয়া সি ৰঙাও হ’ব পাৰে, নীলা বা হালধীয়াও হ’ব পাৰে।

নেন’পদাৰ্থৰ বৈদ্যুতিক আৰু তাপীয় ধৰ্মও সলনি হয়, গলনাংক আৰু জ্বলনাংকও সলনি হয়৷ টিটেনিয়াম নামৰ পদাৰ্থবিধৰ জ্বলনাংক ১৪০০ ডিগ্ৰী ছেলছিয়াছ, কিন্তু নেন’ অৱস্থাত সেয়া মাত্ৰ ৬০০ ডেগ্ৰী ছেলছিয়াছহে৷

উষ্ণতা বাঢ়িলে সাধাৰণ পদাৰ্থৰ বৈদ্যুতিক ৰোধ বাঢ়ে (ব্যতিক্ৰম বাদে); আনহাতে নেন’ অৱস্থাত থাকিলে তাৰ বিপৰীতহে হয়৷

ফুলাৰিন বা বাকিবল

ফুলাৰিন নামৰ এবিধ অতি বিশেষ বৈশিষ্ট্য থকা পদার্থ আছে। ই কার্বন পৰমাণুৰে গঠিত বিশেষ ধৰণৰ অণু। সাধাৰণ ফুলাৰিনত ৬০টা কার্বন পৰমাণু থাকে। সেইবোৰে ২০টা ষড়ভুজ আৰু ১২টা পঞ্চভুজ সৃষ্টি কৰি এটা গোলক আকৃতিৰ গাঁথনিত আৱদ্ধ হৈ থাকে। তাক ফুটবল এটাৰ দৰেই বুলি ভাবিব পাৰি। (কার্বনৰ আৰু দুটা গাঁথনি আছে – গ্রেফাইট আৰু ডায়মণ্ড বা হীৰা)।

ফুলাৰিন ভূপৃষ্ঠৰ কোনো কোনো শিলত পোৱা যায়। মমৰ ধোঁৱা আৰু এলান্ধুতো থাকে। তদুপৰি আন্তঃনাক্ষত্রিক ধূলিতো ফুলাৰিন থাকে। সাধাৰণ অৱস্থাৰ ফুলাৰিন বিদ্যুতৰ কুপৰিবাহী। কিন্তু তাৰ ফুটবল আকৃতিৰ গাঁথনিটোৰ ভিতৰত যদি উপযুক্ত প্রকৃতিৰ অণু বা পৰমাণু সুমুৱাই দিয়া হয় তেন্তে সি পৰিবাহী, অর্ধপৰিবাহী, আনকি অতিপৰিবাহীও হৈ উঠিব পাৰে। এনেকুৱা অদ্ভুত প্রকৃতি সম্ভৱতঃ আন কোনো পদাৰ্থৰ বেলিকাই দেখা নাযায়।

ফুলাৰিন আৱিষ্কাৰ কৰিছিল এগৰাকী মাৰ্কিন বিজ্ঞানীয়ে৷ নাম ৰিচাৰ্ড বাকমিনিষ্টাৰ ফুলাৰ৷ সেয়ে তাক ‘ফুলাৰিন’ অথবা বাকমিনিষ্টাৰৰ অনুকৰণত ‘বাকিবল’ বোলা হয়৷ ফুলাৰিন গোলাকাৰেই নহয়, ষড়ভুজীও হ’ব পাৰে, অন্য আকৃতিৰো হ’ব পাৰে৷ ফুলাৰিনৰ আৱিষ্কাৰৰ বাবে ফুলাৰে ১৯৯৬ চনত ৰসায়নবিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল৷

ইলেকট্ৰনিকছত ছিলিকন নামৰ পদাৰ্থবিধ বহুল পৰিমাণে ব্যৱহাৰ কৰা হয়৷ একবিংশ শতিকাৰ ফুলাৰিনেই ছিলিকনৰ স্থান দখল কৰিব বুলি অনুমান কৰা হৈছে৷ বৰ্তমান কম্পিউটাৰ আৰু সংযোগ ব্যৱস্থাত ব্যৱহৃত অনেক সামগ্ৰীতে বাকিবল কামত লগোৱা হৈছে৷ ৰোগ নিৰূপণ, চিকিৎসা, আনকি নিচাযুক্ত বস্তু সেৱন কৰা লোকৰ চিকিৎসাতো ইয়াৰ ব্যৱহাৰৰ যথেষ্ট সম্ভাৱনীয়তা আছে। বাকিবলে ঘর্ষণ হ্ৰাসক (lubricant) হিচাপেও কাম কৰে৷

বিদ্যুৎ বৰ্তনীত বাকিবল ব্যৱহাৰ কৰি দেখা গৈছে যে তেনে বৰ্তনীৰ বৈদ্যুতিক ৰোধ সাধাৰণ বৰ্তনীৰ ৰোধতকৈ কেইবাগুণো কম হয়৷ ইয়াৰপৰা বুজিব পাৰি, শক্তি সংৰক্ষণত বাকিবলৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব৷ বাকিবলৰ গাঁথনিৰ ভিতৰত পটেছিয়াম আয়ন সুমুৱাই দিলে সি অতিপৰিবাহী হৈ উঠে৷ বাণিজ্যিক ভিত্তিত এই কাম সুচল হৈ উঠিলে শক্তি সংৰক্ষণত বাকিবলে অভাৱনীয় গুৰুত্ব লাভ কৰে৷

নেন’টিউব

ফুলাৰিন বা বাকিবলৰ নেন’টিউব (বা নেন’নলিকা) প্রস্তুত কৰা হৈছে৷ পোন প্রথমতে ১৯৯১ চনত জাপানৰ ছুমিঅ’ ইজিমা নামৰ এগৰাকী বিজ্ঞানীয়ে এনে নেন’টিউব প্ৰস্তুত কৰি উলিয়াইছিল৷ আজি পর্যন্ত পৃথিৱীত যিমান ধৰণৰ পদার্থ প্রস্তুত কৰিব পৰা গৈছে তাৰ ভিতৰত কার্বন নেন’টিউবেই আটাইতকৈ মজবুত। তীখাৰ তুলনাত ই এশগুণ বেছি মজবুত! নেন’টিউবৰ ৰছীৰ লগত অইন কোনো ৰচীয়েই ফেৰ মাৰিব পৰা নাই৷ অৱশ্যে ই যথেষ্ট ব্যয়বহুল।

সাধাৰণ পদার্থৰ ভিতৰত সর্বোত্তম বিদ্যুৎ পৰিবাহী হৈছে ছিলভাৰ। পিছে কার্বন নেন’টিউব তাৰ প্ৰায় এহেজাৰ গুণে ভাল পৰিবাহী। কার্বন নে’টিউবৰ এটা আচহুৱা ধর্ম আছে : নেন’টিউবৰ অক্ষৰ দিশত তাপ সুন্দৰভাৱে প্রবাহিত হয়; আনহাতে অক্ষৰ লম্ব দিশত তাপ প্রবাহিত প্রায় নহয়। নেন’টিউব অইন পদার্থৰো প্রস্তুত কৰা হৈছে।

কোৱাণ্টাম ডট

জার্মেনিৰ মেক্স প্লাংক ইনষ্টিটিউটে পোনতে বিশেষ ধৰণৰ এটা নেন’কণিকা সৃষ্টি কৰিছিল। তাৰ নাম দিছিল ‘কোৱাণ্টাম ডট’। ই এটা অর্ধপৰিবাহী স্ফটিক। তেনে কোৱাণ্টাম ডট এটাৰ ভিতৰত এটা ইলেকট্রন সুমুৱাই দিব পাৰি, নতুবা তাৰ ভিতৰৰপৰা এটা ইলেকট্রন বাহিৰো কৰি দিব পাৰি। তেনে কৰিলে তাৰ ধৰ্ম সাধাৰণ কোৱাণ্টাম ডটৰ তুলনাত ভালেখিনি বেলেগ হৈ পৰে। কোৱাণ্টাম ডটৰ ওপৰত যদি লেজাৰ ৰশ্মি পৰিবলৈ দিয়া হয়, তেন্তে সি কেইবাটাও ভিন ভিন ৰঙৰ হৈ জিলিকি উঠে।

ব্যৱহাৰিক ক্ষেত্ৰত নেন’কণিকা

অনেক ব্যতিক্রমী ধৰ্মৰ বাবে ভিন ভিন নেন’কণিকাক বিভিন্ন ক্ষেত্ৰত কামত লগোৱা হৈছে।

উদ্যোগ ক্ষেত্ৰত:- নেন’প্রযুক্তিৰে এনেকুৱা সূতা প্রস্তুত কৰিব পৰা গৈছে যে তাৰদ্বাৰা বোৱা কাপোৰ চাফা কৰাৰ প্রয়োজনেই নহয়। সেই সূতাৰে বোৱা কাপোৰত চাহ-কফিৰে দাগ লাগক বা ধূলিমাকতিয়েই লাগক, নিজে নিজেই চাফা হৈ যাব। বোকাৰ মাজতে থকা পদুমৰ পাত কেতিয়াও বোকাৰে লুতুৰি-পুতুৰি নহয়— ঠিক তেনেকুৱা। আচলতে কি—পদুমৰ পাত যিমানেই মসৃণ নহওক, তাত কিছু হ’লেও ওখোৰা-মোখোৰা আছেই। সেই ওখোৰামোখোৰাবোৰ নেন’ আকাৰৰ। আনহাতে বালি, বোকা বা মলিৰ কণিকাবোৰ ভালেখিনি ডাঙৰ। নিজৰ আকাৰতকৈ সৰু গাঁতবোৰত সেইবোৰ সোমাবই নোৱাৰে। উল্লিখিত কাপোৰৰ বেলিকাও একেই কথা। অৱশ্যে তেনে কাপোৰ সুলভ হ’বলৈ সময় লাগিব।

কোৰিয়াৰ বিখ্যাত ছেমছাং কোম্পানিয়ে কার্বন নেন’টিউবৰপৰা ইলেকট্রন নিৰ্গমন হোৱা পৰিঘটনাটোৰ আলমত ফ্লেট পেনেলৰ অর্থাৎ মেলাহি পাতৰ নিচিনা টিভি উৎপাদন কৰিছে। জাপানী কোম্পানি এটাই একেদৰে ভেকুৱাম টিউব লাইট প্রস্তুত কৰিছে। এনে টিউব আমাৰ প্রচলিত টিউব লাইটতকৈ অধিক কার্যদক্ষ আৰু দীর্ঘজীৱী। এই কৌশলেৰে বালিতকৈও সৰু এল ই ডি প্রস্তুত কৰা হৈছে। এনে এল ই ডিয়ে নিচেই কম শক্তি ব্যৱহাৰ কৰি অতি উজ্জ্বল পোহৰ দিব পাৰে।

জিংক অক্সাইডৰপৰা নেন’তাঁৰ প্ৰস্তুত কৰা হৈছে, সেই তাঁৰ আলোকীয় তন্তু (optical fibre) হিচাপে ব্যৱহাৰ কৰা হৈছে।

নেন’প্রযুক্তিয়ে এনেকুৱা ‘স্মার্ট পদার্থ’ প্রস্তুত কৰিব পাৰিব বুলি এচাম গৱেষকে বিশ্বাস কৰিছে যে সেই পদার্থই পূৰ্বৰ কথাবোৰ মনত ৰাখিব পাৰে। যেনে— ক’ৰবাত খুন্দা-খুন্দলি খাই গাড়ী এখনৰ কোনো অংশ পোটোকা পৰাটো এটা নিত্য-নৈমিত্তিক ঘটনা। যদি গাড়ীখনৰ ‘বডি’টো উল্লিখিত ধৰণৰ স্মার্ট পদার্থৰে তৈয়াৰী হয় তেন্তে পোটোকা পৰা অংশটো নিজে নিজে আগৰ দৰে হৈ পৰিব। অৱশ্যে সৰু-সুৰা পোটোকাৰ বেলিকাহে এয়া প্রযোজ্য হ’ব।

নেন’পদাৰ্থ ব্যৱহাৰৰ ফলত গাড়ীৰ বডি আৰু কাচত লাগি থকা কুঁৱলী নিজেই আঁতৰি পৰিব। ঘড়ী, ম’বাইল ফোন আদি কিছুমান দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ ওপৰত আঁচ পৰাটো প্ৰায়েই দেখা যায়। নেন’পদার্থৰ লেপন লগোৱা ষ্টিকাৰ ব্যৱহাৰ কৰি তেনে ত্রুটি এৰাই চলা সম্ভৱ হৈছে।

নেন’প্রযুক্তিৰে জার্মেনি আৰু জাপানে বিশেষ গুণসম্পন্ন এবিধ টাইলছ উদ্ভাৱন কৰিছে। তেনে টাইলছৰ ওপৰত ধূলি আৰু তেল-চিকটি কেতিয়াও জমা নহয়।

চিকিৎসাবিজ্ঞানত:- এল’পেথিক দৰবে অকল ৰুগ্ন কোষৰে নহয়, নিৰোগী কোষৰো ক্ষতি সাধে। এতিয়া নেন’ৰবট বা চমুকৈ নেন’বট ব্যৱহাৰ কৰি সেই আসোঁৱাহ দূৰ কৰিব পৰা গৈছে। ৰবাৰ্ট ফাইনমেনৰ ছাত্র এলবার্ট হিবছে নেন’ৰবটৰ ধাৰণাটো আগবঢ়াইছিল। নেন’ৰবট হৈছে এটা বিশেষ ৰূপত থকা নেন’কণিকা। ই মানুহৰ নিচিনাকৈ নিজেই কিছুমান কাম কৰিব পাৰে। কেম’থেৰাপি লোৱা কেনছাৰ ৰোগী প্ৰায়েই চুলিসৰা, মূৰ ঘূৰণি, দুর্বলতা আদিৰ দৰে পাশ্বক্রিয়াৰ চিকাৰ হৈ পৰে। এতিয়া উপযুক্ত নেন’ৰবটে তাৰ যাদুকৰী পৰিৱর্তন সাধন কৰিবলৈ ওলাইছে। এই ব্যৱস্থাত কেনছাৰ কোষ বিধ্বংসী দৰবটো কেপছুল আকৃতিৰ অণু এটাৰ ভিতৰত সুমুৱাই দি তাক ৰোগীৰ তেজৰ সোঁতত এৰি দিয়া হয়। কেনছাৰ হোৱা অংশৰ কোষবোৰৰ বেৰত এনে ধৰণৰ ছিদ্র থাকে যে দৰববাহী নেন’কণিকাবোৰ সেইবোৰৰ মাজেদি পাৰ হৈ যাব পাৰে, অথচ নিৰোগী কোষবোৰত প্ৰৱেশ কৰিবই নোৱাৰে। গতিকে নিৰোগী কোষ ধ্বংস হ’ব নোৱাৰে। ইনফ্লুৱেঞ্জা, কিছুমান ভাইৰাছজনিত ৰোগ, আনকি এইচ আই ভিৰ দৰে মাৰাত্মক ৰোগৰো প্ৰতিষেধক ছিটা এই ব্যৱস্থাৰেই দিয়া সম্ভৱ হৈছে।

লিউকেমিয়া এবিধ তেজৰ বেমাৰ। কেম’থেৰাপি পদ্ধতিৰে ইয়াৰ চিকিৎসা কৰি অহা হৈছে। এতিয়া কেম’থেৰাপিৰ লগতে কার্বন নেন’কণিকাৰ (বা নেন’ডায়মণ্ডৰ) সহায়তো তাৰ চিকিৎসা কৰা হয়।

মেডিকেল নেন’ৰবটে মানুহৰ চকুৰ ৰং আৰু নাকৰ গঢ় সলনি কৰিব পাৰে। অস্ত্ৰোপচাৰ নকৰাকৈও হেনো মানুহৰ লিংগৰ পৰিৱর্তন সম্ভৱ হ’ব পাৰে। গৱেষকৰ মন্তব্য যে এই প্রযুক্তিয়ে বয়স বৃদ্ধিৰ প্রক্রিয়াও কিছু মন্থৰ কৰিব পাৰে।

ছিলভাৰ নেন’কণিকাই পোৰা ঘা শুকোৱাৰ দক্ষতা বহুগুণে বঢ়ায়। প্রচলিত ব্যৱস্থাত নিতৌ যদি এবাৰকৈ ড্ৰেছিং কৰিব লাগে, ছিলভাৰ নেন’কণিকা ব্যৱহাৰ কৰিলে সপ্তাহতহে এদিন কৰিব লগীয়া হয়। জিনেটিক ইঞ্জিনিয়াৰিঙত নেন’ৰবট ব্যৱহাৰ কৰি জিনৰ আসোঁৱাহ সংশোধন কৰিব পাৰি।

শৰীৰত গ্লুক’জ আৰু ক’লেষ্টেৰলৰ পৰিমাণ নির্ণয় কৰিবৰ উদ্দেশ্যেও নেন’টিউবৰ সহায় লোৱা হৈছে।

জিংক ছালফাইডৰ প্ৰলেপ লগোৱা কেডমিয়াম ছেলেনাইডৰ কোৱাণ্টাম ডট ব্যৱহাৰ কৰি শৰীৰৰ ৰুগ্ন কোষবোৰ সুস্থ কোষৰপৰা সুকীয়াকৈ চিনি উলিয়াব পাৰি। পিছে কেডমিয়াম বিষাক্ত মৌল। সেয়ে এই দিশত অধিক গৱেষণাৰ প্রয়োজন হৈছে।

জনস্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত:- পৃথিবীৰ জনসংখ্যাৰ আধাতকৈ বেছি লোক খোৱাপানীৰ অনাটনত ভুগি আছে। সাগৰৰ লুণীয়া পানী পোনে পোনে খাব নোৱাৰি। প্রাকৃতিক দুর্যোগে সুলভ পানীখিনিৰো অভাৱ বঢ়ায়। ফিল্টাৰ কৰিলে খাব পৰা যায় ঠিকেই, কিন্তু ফিল্টাৰবিলাক যিমানেই চাফা কৰি ৰখা নাযাওক কিয়, এটা সময়ত সেইবোৰ বীজাণুৰ বাহ হ’বই। ছেকা নোযোৱা অৱস্থাও হয়। নেন’প্রযুক্তিয়ে এই দুয়োটা আসোঁৱাহ আঁতৰ কৰে৷

অসমৰে বহু অঞ্চলৰ পানী আৰ্ছেনিকযুক্ত। আৰ্ছেনিক বিষাক্ত পদার্থ। আমাৰ ভাৰতৰে খড়গপুৰ আই আই টিৰ  এদল গৱেষকে লক্ষ্য কৰিছে যে ছিলভাৰ নেন’কণিকাই কিছুমান ৰাসায়নিক পদার্থৰ সহযোগত পানীত থকা ০.০৫ নিযুতাংশতকৈও কম পৰিমাণৰ আৰ্ছেনিকৰ উপস্থিতিও ধৰা পেলাব পাৰে।

শক্তি উৎপাদনত:- নেন’প্রযুক্তিৰে পূৰ্বতকৈ বহু বেছি দক্ষতাৰ বেটাৰি তৈয়াৰ কৰিব পৰা গৈছে। তেনে বেটাৰিৰ ওজনো কম, বেছি দীঘলীয়া সময়ৰ বাবে কার্যক্ষমো হৈ থাকে। সৌৰ বেটাৰিবোৰতো নেন’কণিকা ব্যৱহাৰ কৰা হৈছে। এই প্রযুক্তিৰে একেবোৰ বেটাৰিকে কেইবাবাৰো পুনৰ ব্যৱহাৰ কৰিব পাৰি; সেয়ে বেটাৰিবোৰ আঁতৰোৱাৰ সমস্যাও কিছু লাঘৱ হয়।

আমেৰিকাৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ এদল গৱেষকে সূৰ্যৰ ৰশ্মিৰ সহায়ত পানীৰপৰা হাইড্ৰ’জেন পৃথক কৰাৰ এটা কৌশল উদ্ভাৱন কৰিছে৷ দলটোৱে ক’বাল্ট অক্সাইডৰ নেন’কণিকা কামত লগাইছে৷ হাইড্ৰ’জেনৰপৰা বিশেষ কৌশলেৰে পুনৰ নৱীকৰণৰক্ষম শক্তি আহৰণ কৰিব পৰা যাব৷

পৰিৱেশ সংৰক্ষণত:- বিশ্বৰ সকলো লোকেই এতিয়া জানে যে পৃথিৱীখনৰ সামগ্ৰিক উষ্ণতা বাঢ়িছে৷ বিশেষকৈ কাৰ্বন ডাই-অক্সাইড প্ৰভৃতি গেছে বায়ুমণ্ডলত সেউজগৃহ প্ৰক্ৰিয়া চলাই থকাৰ ফল সেয়া৷ সম্প্ৰতি পৰিৱেশ বিজ্ঞানীসকল পতিয়ন গৈছে যে নেন’ফিল্টাৰ ব্যৱহাৰ কৰি উদ্যোগ-কাৰখানা আৰু যানবাহনে নির্গত কৰা ধোঁৱাৰপৰা কার্বন ডাই-অক্সাইড পৃথক কৰি উলিয়াব পৰা যাব। সফল হ’লে গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণত ই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব৷

গৱেষকসকলে উদ্ভিদৰ পাতৰ নিচিনা লগাকৈ নেন’পদাৰ্থৰ পাতো সাজি উলিয়াইছে। পাতবোৰে পোহৰ নাথাকিলেও কার্বন ডাই-অক্সাইড শোষণ কৰিব পাৰে। অসম্ভৱ যেন লগা এই কামটো আৰম্ভ কৰে কেডমিয়াম ছেলেনাইডৰ এটা নির্দিষ্ট আকাৰৰ নেন’ক্রিষ্টেলে। তাৰ লগত যদি ইণ্ডিয়াম পৰমাণুও যোগ দিয়া হয়, তেন্তে কৃত্রিম পাতবোৰে পোহৰৰ অনুপস্থিতিতো কার্বন ডাই-অক্সাইড শোষণ কৰিব পাৰে৷ প্ৰক্ৰিয়াটো সমুচিতভাৱে সক্ৰিয় হ’বলৈ হ’লে দুই-চাৰিখিলা পাতেই যথেষ্ট নহয়, একোখন কৃত্রিম বননিৰে প্রয়োজন হ’ব৷ তেনে বননি নির্মাণ কৰিব পাৰিলে সি পৰিৱেশ সংৰক্ষণত, গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণত নিশ্চিতভাৱে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব।

ৰণাংগণত:- বিজ্ঞানীসকলে ৰণাংগণতো নেন’প্রযুক্তি প্রয়োগৰ সুযোগ বিচাৰিছে। তেওঁলোকৰ অধ্যয়নক্ষেত্র একাধিক, যেনে— কেইমিনিটমানৰ ভিতৰতে বেক্টেৰিয়া নিমূল কৰিব পৰাকৈ নেন’ক্রিম প্রস্তুত কৰা, কথমপিহে দেখা যোৱাকৈ সৈনিকৰ ইউনিফর্ম প্রস্তুত কৰা, সৈনিকসকলৰ ৰক্তচাপ, হৃৎস্পন্দন আদি ধৰা পেলাব পৰাকৈ নেন’সংবেদক সজা, তেওঁলোকৰ বোজাৰ পৰিমাণ হ্রাস কৰা আদি বহুতো। এনেবোৰ ক্ষেত্ৰত সফল হ’লে যুদ্ধৰ কৌশলেই সলনি হ’বগৈ পাৰে।

অন্যান্য ক্ষেত্ৰত:- টেনিছ বল, ৰেকেট আদি খেলৰ কিছুমান সামগ্ৰী প্রস্তুত কৰাত নেন’প্রযুক্তিৰ সহায় লোৱা হৈছে। কম্পিউটাৰ চিপত নেন’প্রযুক্তি খটুৱাই কম্পিউটাৰক ক্ৰমে দ্রুততৰ কৰিব পৰা গৈছে।

বিজ্ঞানীসকলে নীলা বা অতিবেঙুনীয়া পোহৰ দিয়া লেজাৰ সৃষ্টি কৰা নেন’তাঁৰ প্রস্তুত কৰি উলিয়াইছে। বালিৰ আকাৰতকৈও সৰু, নীলা এল ই ডিও সাজি উলিয়াইছে৷ এনে এল ই ডিয়ে অতি কম বৈদ্যুতিক শক্তিৰে অত্যন্ত উজ্জ্বল পোহৰ দিব পাৰে।

ছিডি বা ডিভিডিত মাইক্ৰ’মিটাৰ আকাৰৰ ঠাইত তথ্য সঞ্চয় কৰি ৰখা হয়; আনহাতে ছিলিকনত সোণেৰে আৰ্হি প্রস্তুত কৰা নেন’মাধ্যমত নেন’মিটাৰ আকাৰৰ ঠাইতে তথ্য সঞ্চয় কৰিব পাৰি৷ তাৰ অৰ্থ, নেন’মাধ্যমত তথ্য সঞ্চয়ৰ ঘনত্ব ছিডি আৰু ডিভিডিতকৈও এক নিযুত গুণ বেছি৷

গৱেষকসকলে মাডাগাস্কাৰত পোৱা এটা প্রজাতিৰ, আৰু মধ্যপ্রাচ্য আৰু দক্ষিণ এছিয়াত পোৱা আন এটা প্রজাতিৰ মকৰাৰপৰা ছিল্ক আহৰণ কৰি মাত্র ২ নেন’মিটাৰ ব্যাসৰ আলোকীয় তন্তু প্রস্তুত কৰিছে। তেনে তন্তু দূৰসংযোগ ব্যবস্থাত ব্যবহাৰ কৰিব পাৰি।

কেইবিধমান খাদ্যসামগ্ৰী, লগতে খেতিত ব্যৱহাৰ কৰা কীটনাশক, অপতৃণনাশক আদি প্ৰস্তুত কৰা ক্ষেত্ৰতো নেন’প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে৷

এচাম গবেষকে আশা কৰে, এই প্ৰযুক্তিয়ে পৃথিৱীত জীৱৰ সংৰক্ষণো সম্ভৱ কৰিব৷ আনকি ইতিমধ্যে বিলুপ্ত হোৱা ডাইনছ’ৰ প্ৰভৃতি বহুতো প্ৰজাতিৰ প্ৰাণী পুনৰ সৃষ্টি কৰিব পৰা যাব।

ওপৰত উল্লেখ কৰাবোৰৰ উপৰি নেন’প্রযুক্তিৰ বহুতো ভিন্নসুৰী প্রয়োগ আছে।

ভাৰতত নেন’প্ৰযুক্তিৰ অধ্যয়ন

২০০৩ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগে এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰে। তাৰ যোগেদি ভাৰতত নেন’বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ গৱেষণাৰ জগতখনলৈ নতুন গতি বোৱাই অনা হয়। প্রসিদ্ধ বিজ্ঞানী, অধ্যাপক ছি এন আৰ ৰাৱৰ নেতৃত্বত বেংগালুৰত থকা জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰই এই বিষয়ত বিশ্বৰ সৈতে সমানে ফেৰ মাৰিব পৰা গৱেষণাৰ বাট সুগম কৰি তোলে। বিশেষকৈ কার্বন নেন’টিউবৰ আৱিষ্কাৰৰ কেইমাহমানৰ ভিতৰতে তাত কার্বনৰ নেন’টিউব প্রস্তুত কৰিব পাৰিছিল। কেন্দ্ৰটোৱে ২০০০ চনৰপৰাই উজু কৌশল আৰু নিম্ন ব্যয়ৰে বিভিন্ন প্রকৃতিৰ নেন’টিউব, নেন’দণ্ড আৰু নেন’তাঁৰ প্ৰস্তুত কৰি আহিছে। ভাৰতৰ এনে নেন’টিউব প্রস্তুত প্রক্রিয়াই সমগ্র বিশ্বৰে মনোযোগ আকর্ষণ কৰিছিল।

বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্রতিষ্ঠানৰ কঠিন অৱস্থা আৰু সংৰচনা ৰসায়ন গোটে ১৯৯০ দশকৰপৰাই নেন’ বিজ্ঞানৰ গৱেষণাত গভীৰভাৱে মনোনিৱেশ কৰি আছে। নেন’কণিকাৰ ইলেকট্রনিক সংৰচনা অধ্যয়নৰ ক্ষেত্ৰত সেই গোটটোৱে প্রায় বাটকটীয়াৰ কৃতিত্ব দাবী কৰিব পাৰে৷ তাৰ পদার্থবিজ্ঞান বিভাগ আৰু ধাতুবিদ্যা সংমণ্ডলেও স্বকীয় আৰু পাৰস্পৰিক সহযোগিতাৰে নেন’কণিকাৰ বিভিন্ন বৈশিষ্ট্য অধ্যয়ন কৰি আছে৷

হায়দৰাবাদৰ ভাৰতীয় ৰাসায়নিক প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে আৰম্ভণিতে সাংশ্লেষিক পেপটাইডভিত্তিক কাৰ্বন নেন’টিউব প্ৰস্তুত কৰাৰ জৰিয়তে এই দিশৰ গৱেষণাৰ পাতনি মেলিছিল৷

পুনেৰ ৰাষ্ট্রীয় ৰাসায়নিক গৱেষণাগাৰ আৰু আগৰকাৰ প্ৰতিষ্ঠানে বিশেষকৈ জীৱবৈজ্ঞানিক উৎসৰপৰা নেন’কণিকা সংশ্লেষণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য মানৰ গৱেষণা চলাই আছে। মন কৰিবলগীয়া যে প্রকৃতিত বহুতো অণুজীৱই অতি সুন্দৰ অজৈৱ নেন’সংৰচনা প্রস্তুত কৰে। বিজ্ঞানীসকলে এতিয়া বেক্টেৰিয়া, ইষ্ট, শেলুৱৈ, ভেঁকুৰ আদিৰ আলমত ভিন ভিন ৰাসায়নিক গাঁথনিৰ নেন’কণিকা প্রস্তুত কৰিবলৈ গৱেষণাত লাগিছে। তাৰ এটা দলে বিভিন্ন ভেঁকুৰ ব্যৱহাৰ কৰি ছিলভাৰ আৰু গ’ল্ডৰ নেন’কণিকা প্রস্তুত কৰিব পাৰি বুলি পতিয়ন গৈছে।

এলাহাবাদৰ নেন’প্রযুক্তি গৱেষণাগাৰত গৱেষকসকলে লাইকেন জীৱভৰ ব্যৱহাৰ কৰি বিশেষ নেন’কণিকা প্রস্তুত কৰাৰ প্রচেষ্টা চলাইছে।

এইবোৰৰ উপৰি ভাৰতৰ অন্যান্য ভালেমান প্রতিষ্ঠানৰ গৱেষণাগাৰত নেন’প্ৰযুক্তিৰ অধ্যয়ন চলি আছে৷ তাৰে কেইটামান প্রতিষ্ঠান হৈছে— “কলকাতাৰ ইণ্ডিয়ান এছ’ছিয়েশ্যন ফৰ দা কাল্টিভেশ্যন অব ছাইন্স, ইণ্ডিয়ান ইনষ্টিটিউট অব ছাইন্স, দেশৰ প্ৰায় আটাইকেইখন ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’ল’জি (আই আই টি), ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু ছি এছ আই আৰৰ অধীনৰ নেশ্যনেল ছেণ্টাৰ ফৰ নেন’ষ্ট্ৰাকছাৰড মেটেৰিয়েলছ আৰু ভালেকেইখন বিশ্ববিদ্যালয়। আমাৰ অসমৰো প্রায়কেইখন বিশ্ববিদ্যালয়ত নেন’বিজ্ঞান আৰু নেন’প্ৰযুক্তিৰ অধ্যয়নত গুৰুত্ব আৰোপ কৰা হৈছে।

সম্ভাৱ্য বিপদ

আকাশত ডাৱৰ থাকিলে পূৰ্ণিমাৰ জোনাকো কেতিয়াবা নিস্তেজ হৈ পৰে৷ নেন’প্ৰযুক্তিৰ ইমানবোৰ নান্দনিক সম্ভাৱনীয়তা সত্ত্বেও ক’ব লাগিব যে ইয়াৰ কিছুমান প্ৰয়োগে স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত অবাঞ্ছিত প্ৰভাৱ পেলাব পাৰে৷ কেইবছৰমান পূৰ্বে এমেৰিকান এছ’ছিয়েশ্যন ফৰ কেনছাৰ ৰিছাৰ্চ নামৰ সংস্থা এটাৰ এখন সভাত এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন উপস্থাপন কৰা হৈছিল৷ তাত কোৱা হৈছিল যে নেন’প্ৰযুক্তিয়ে ডি এন এৰ ক্ষতি সাধন কৰিব পাৰে৷ (ডি এন এ হৈছে জীৱকোষৰ কোষকেন্দ্ৰত থকা ক্ৰম’ছ’মৰ এটা উপাদান; ই এটা ডাঙৰ আকাৰৰ অণু৷) ডি এন এৰ ক্ষতিয়ে কেনছাৰ সৃষ্টিকে ধৰি কিছুমান বিৰূপ প্ৰভাৱ ঘটাব পাৰে৷

ইংলেণ্ডৰ ব্ৰিটিছ ৰয়েল কমিছন নামৰ সংস্থাটোৱে প্ৰসাধন সামগ্ৰীৰ বাণিজ্যিক ব্যৱহাৰৰ বিষয়ে ক্ষেত্ৰ অধ্যয়ন কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল৷ তাত কোৱা হৈছিল যে বিভিন্ন প্রসাধন সামগ্ৰীত থকা বিভিন্ন নেন’কণিকা প্রথম দৃষ্টিত আকর্ষণীয় ঠিকেই, কিন্তু তাৰ সৰহভাগেই স্বাস্থ্যৰ প্ৰতি ভাবুকি প্ৰদৰ্শন কৰে৷ কিয়নো সামগ্ৰীবোৰত থকা ফুলাৰিন অণুবোৰ মানুহৰ ছালে অনায়াসে শোষণ কৰিব পাৰে। কেইবিধমান তেনেকুৱা প্রসাধন সামগ্ৰী হৈছে—মুখত ঘঁহা মলম, দাঢ়ি খুৰাওঁতে সনা মলম, চুলিত সনা ৰং ইত্যাদি। উল্লেখ কৰা ভাল যে বহুতো কোম্পানীয়ে তেনেবোৰ সামগ্ৰীত আজিও নেন’কণিকা ব্যৱহাৰ নকৰে৷

নেন’কণিকাৰ সামৰিক ব্যৱহাৰে পৰিৱেশ প্ৰদূষণ ঘটোৱাৰ উপৰিও জনস্বাস্থ্যৰো বহুল ক্ষতি কৰিব বুলি আশংকা কৰা হৈছে৷ কণিকাবোৰে হেনো শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ ব্যৱস্থা নেওচিও পাৰ হৈ যাব পাৰিব৷ যিবোৰ এছবেষ্টছ নেন’ আকাৰৰ চুঙাৰ ৰূপত থকা পদাৰ্থেৰে নিৰ্মিত হয় সেইবোৰ শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক বুলি জনা হৈছে৷

এটা আমোদজনক অথচ চিন্তনীয় কথাৰ অৱতাৰণা কৰা ভাল; কেইবছৰমান পূর্বে বিখ্যাত জুৰাছিক পার্কৰ গ্ৰন্থকাৰ মাইকেল ক্রিছটনে ‘প্রে’ (Pray) নামৰ এখন কল্পবিজ্ঞান কাহিনী পুথি ৰচনা কৰিছে। তাত তেওঁ নেন’প্রযুক্তিৰে কৃত্রিম বুদ্ধিমত্তাৰ প্রয়োগৰ সম্ভাৱনীয়তাৰ জগতখনত অভিযান চলাইছে। গ্রন্থখনত অতি সূক্ষ্ম আৰু ‘ছুপাৰস্মার্ট ৰবটৰ কথা এনেদৰে সন্নিৱিষ্ট  কৰিছে যে সেই ৰবটবোৰে পুনৰ নিজৰ লেখীয়া ৰবট নিজেই সাজি উলিয়াব পাৰে! সেই ৰবটবোৰে সময়ত ক্ৰোধোন্মত্ত হৈ সাংঘাতিক পয়মাল ঘটাব পৰাৰ আশংকা কৰা হৈছে গ্ৰন্থখনত৷ কোনে জানে এই কল্পবিজ্ঞান এদিন বাস্তৱত পৰিণত নহ’ব৷ যদি হয়, মানুহে যন্ত্ৰৰ হাতত নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব পাৰে৷

সামৰণি

বৈজ্ঞানিক ইতিহাসৰ পাত লুটিয়ালে দেখা যায়, ১৭৮০ চনত ইউৰোপত প্ৰথমটো শিল্প বিপ্লৱ আৰম্ভ হৈছিল৷ ভাপকলৰ আৱিষ্কাৰ আৰু ব্যৱহাৰ, বস্ত্ৰশিল্প আদিয়ে যান্ত্ৰিক যুগৰ আগমন ঘটাই প্ৰথম শিল্প বিপ্লৱৰ পাতনি মেলিছিল৷ ১৮৪০ চনমানৰ পৰা ৰে’ল পৰিবহন আদিয়ে দ্বিতীয়টো, ১৯০০ চনৰপৰা বৈদ্যুতিক সা-সঁজুলি স্বয়ংক্ৰিয় যানবাহন আদিয়ে জন্ম দিছিল তৃতীয় শিল্প বিপ্লৱৰ৷ তাৰ পাছত ১৯৫০ চনৰপৰা বৰ্তমানলৈকে চলি আছে চতুর্থ শিল্প বিপ্লৱ— য’ৰপৰা আমি ইলেকট্রনিকছ, কম্পিউটাৰ, জৈৱ-ৰাসায়নিক দ্রব্য আদি গুৰুত্বপূর্ণ সামগ্ৰীসমূহ লাভ কৰিছোঁ৷

এতিয়া নেন’প্রযুক্তিয়ে অন্য এটা শিল্প বিপ্লৱৰ সূচনা কৰিব পাৰে। বিজ্ঞান-চিন্তাবিদসকলে অনুমান কৰিছে যে একে সময়তে আন এচাম চিন্তাবিদে নেন’প্রযুক্তিৰ সম্ভাব্য বিপদক লৈও আশংকা কৰিছে। কিন্তু বৈজ্ঞানিক গৱেষণাৰ ইতিহাসে তেনে সম্ভাৱনা সমর্থন নকৰে। গৱেষণাৰ গতিশীলতা অব্যাহত থকাটো নিশ্চিত।

তথ্যসূত্ৰ:

১) NANO – The Next Revolution – Mohan Sundar Rajan.

২) Physics of the future – Michio Kaku (Penguin Books).

৩) Applied Physics for Engineers – Neeraj Mehta.

৪) ইণ্টাৰনেট

[এই প্ৰবন্ধটো ২০১৭ চনৰ ১ জুলাই সংখ্যাৰ প্ৰান্তিকত প্ৰকাশিত। প্ৰবন্ধটো গণিত চ’ৰাত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে° ৰমেশ চন্দ্ৰ গোস্বামীদেৱক ধন্যবাদ জনালোঁ।

লেখাটো গণিত চ’ৰাত প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিয়া, লেখকৰ অনুমতি লোৱা আৰু প্ৰকাশৰ সকলো ব্যৱস্থা কৰাৰ মূলতে ঈশান জ্যোতি বৰা আৰু প্ৰাঞ্জল দাসক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

— সম্পাদক, গণিত চ’ৰা।]

 

1Comment
  • Thomash Changmai
    Posted at 01:38h, 11 July Reply

    I like it

Post A Comment