সঁচা কথা কয় কোনটোৱে?

আনদিনাৰ দৰে আজিও গোটেইকেইটা পুখুৰীপাৰত লগ হ'লহি। বাপুকণ, কনপিতৌ, জবা, মালতী আৰু সৰুপোনা। আনদিনাৰ দৰে আজিও আহিয়েই গোটাইকেইটাই শাৰী পাতি বহি ল’লে। আহোঁতে লগত কেচুঁ আনিছিলেই। এটা দুটাকৈ পাঁচোটা পোঙা পানীত ওপঙিবলৈ ধৰিলে।....

 

এপৰ-দুপৰকৈ ভালেখিনি সময় পাৰ হৈ গ'ল। আজি দেখোন খালৈত এটাও মাছ সোমোৱা নাই। আনদিনা ইমান সময় খালৈ আধা ভৰ্তিয়ে হয়। আজি ইহঁতৰ মন বহা নাই যেন পাইছো। মাছে টোপ খায়েই আছে তথাপি এটাও মাছ উঠাব পৰা নাই! কি বা কথা?

 

ঘটনাটো বুজিবলৈ বেছিপৰ নালাগিল। এহাতে পীৰাখন আৰু এহাতে ৰবাবটেঙা এটা লৈ যদু ককা ওলালহি। এতিয়াহে আমাৰ মনত পৰিল আজি চাগে ককায়ে সাঁথৰ ক’ব। সেয়ে ইহঁতকেইটাৰ মন উগুলথুগুল। হয় হয়। সেইটোৱেই হয়। ককায়ে কঁকালটো থ’বলৈ পালে কি নাপালে, গোটেইকেইটাই কাকাক আগুৰি ধৰিলে। ৰবাবটেঙা ৰবাবটেঙা হৈয়ে আছে। সিহঁতে ককাক প্ৰশ্ন সোধা আৰম্ভ কৰিলেই। বাৰু.... আমিও শুনোছোন…. যদু ককায় কি সাঁথৰ কয়….

 

বাপুকণ: ককা! আজি যঁজা ভাই-ককাইকেইটাৰ সাঁথৰটো ক’ম বুলিছিলা নহয়।

ককা: ৰহ অ', ক’ম নহয়। আগে টেঙাটো বখলিয়াই ল’বলৈ দে।

জবা: এ সেইটো পিছত খালেও হ’ব। আগেয়ে সাঁথৰটো কোৱা।

সৰুপোনা: নহয় ককা। আগেয়ে টেঙাতো খাই লওঁ নাকি।

মালতী: ধেই এইডাল। খালি খাঁও খাঁও। একে চৰে….

চাৰিওটাই সৰুপোনাক ধমকি দিলে।

 

ককাই সিঁহতৰ কাজিয়া ভাঙি ক’লে: বাৰু হ'ব দে। কৈয়ো থাকোঁ, টেঙাটো বখলিয়াইয়ো থাকোঁ। এতিয়া শুন—

এখন গাঁৱত এহাল ভাই-ককাই আছিল। দেখিবলৈ সাইলাখ একে। মানে যঁজা। তাৰে এটাৰ নাম এছিল ৰমেন….

 

সৰুপোনা: ৰ'বা ককা। এক মিনিট ৰ'বা। সদায়নো কিমান একেটা মানুহৰ নাম দি থকা। আগতেও তুমি ৰমেনৰ নামত কিমান সাঁথৰ কৈছা! এইবাৰ বেলেগ এটা নাম দিয়া।

 

এইবাৰ আকৌ সৰুপোনাৰ কথাত গোটেইকেইটাই হয়ভৰ দিলে। শেষত ককাই নামটো সলাবলগীয়া হ'ল।

 

ককা: বাৰু হ'ব দে! তাৰে এটাৰ নাম আছিল হৰি।

বাপুকণ: তাৰে এটা মানে? আগতে যাৰ নাম ৰমেন আছিল তাৰেই নাম এতিয়া হৰি হ'ল, নে ৰমেনক বাদ দি আনটোৰ?

ককা: এ বাপুৱে বৰ প্ৰশ্ন কৰ দে! আগতে যাৰ নাম ৰমেন আছিল তাৰেই নাম হৰি হ'ল আকৌ! তহঁতে সলাবলৈ দিলি কাৰণেহে সলালো। এতিয়া আকৌ খেলিমেলিখন কিয় লগাইছ?

কণপিতৌ: মানে ককা, এখন গাঁৱত এহাল যঁজা ভাই-ককাই আছিল। তাৰে এটাৰ নাম আছিল হৰি। আনটোৰ নাম কি এতিয়ালৈকে আমি নাজানো, নহয় জানো?

ককা: হয় অ' পিতাই, হয়।

 

ককাৰ কথাত আটাইকেইটাই হাঁহি দিলে।

 

সৰুপোনা: বুজিলো বাৰু, এতিয়া পিছৰখিনি কোৱা।

ককা: অ শুন। সিহঁতহালৰ আকৌ, এটাই সদায় সঁচা কথা কয় আৰু আনটোৱে সদায় মিছা কথা কয়।

জবা: কোনটোৱে সঁচা কথা কয়? হৰিয়ে নে আনটোৱে?

মালতী: আনটোৰ নামটো বা আকৌ কি?

ককা: হৰিৰ বাদে আনটোৰ নাম কি সেইটো মই নাজানো। আৰু হৰিয়ে সঁচা কথা কয় নে ইটোৱে সঁচা কথা কয় সেইটোও মই নাজানো।

পঠনীয়:  গণিত অলিম্পিয়াড : প্ৰশ্নকাকত (কেটেগৰী-II)

বাপুকণ: মানে ককা, এহাল ককাই-ভাই আছিল। তাৰে এটাই সদায় সঁচা কয় আৰু আনটোৱে সদায় মিছা কয়। তাৰে এটাৰ নাম হৰি আৰু আনটোৰ নাম আমি নাজানো। আকৌ সঁচা কোৱাটো হৰি নে মিছা কোৱাটো হৰি সেইটোও আমি নাজানো। নহয় জানো?

ককা: হয়, তই ঠিকেই কৈছ।

কনপিতৌ: তেতিয়াহ'লে ককা, ইয়াৰ পৰা কিবা সাঁথৰ ওলাব জানো?

ককা: তই শুনছোন বাৰু, গম পাবি।

 

Image Source : Shutterstock

Image Source : Shutterstock

ককাই কৈ গ'ল—

“এদিনাখন গাঁৱৰ ৰাইজে আলচ কৰিলে যে যিহেতু ইহঁতহাল দেখিবলৈ একে, গতিকে সিহঁত দুটাৰ মাজৰ পৰা হৰিক বিচাৰি উলিওৱাৰ এটা উপায় উলিওৱা যাওক। যদি হৰি কোনটো উলিয়াব পাৰোঁ তেতিয়া আনটোকো চিনি উলিয়াব পাৰিম।

কেইবাদিনো চিন্তা-ভাৱনা আৰু আলোচনাৰ অন্তত গাঁৱৰে ডেকা কেইজনমানে এটা উপায় উলিয়ালে। তেওঁলোকে তিনিটা শব্দৰ এটা প্ৰশ্ন উলিয়ালে। তাৰ উত্তৰটো এটা শব্দতে দিব পাৰি। আৰু তেওঁলোকে দেখুৱালে যে প্ৰশ্নটোৰ হয়-সূচক উত্তৰ দিয়াজন সদায় হৰি হ’ব আৰু নঞৰ্থক উত্তৰ দিয়াজন হৰিৰ বাদে আনজন হ’ব। এতিয়া তহঁতে উলিয়াব পাৰিবিনে সেই প্ৰশ্নটো কি আছিল?”

 

ককাই এটুকুৰ এটুকুৰকৈ ৰবাবটেঙা আটাইকেইটাক দিলে। টেঙা খাই খাই সকলোৱে ভবাত লাগিল।

 

অলপ পিছতে বাপুকণে ক’লে—

বাপুকণ: ককা প্ৰশ্নটো “তুমি হৰি হয়নে?” হ'ব নেকি বাৰু?

ককা: তেনেকুৱাই; কিন্তু তই সোধাটো নহয়। তই যেনিবা কোনোবা এটাক সুধিলি “তুমি হৰি হয়নে?” ধৰি ল তই প্ৰশ্ন সোধাটো সঁচাকৈয়ে হৰি আৰু সি সদায় সঁচা কথা কয়। তেতিয়া তাৰ উত্তৰটো হ’ব “হয়”। তেতিয়া আনটো, (হৰিৰ বাহিৰে ইটো) হৰি নহ’ব আৰু সি সদায় মিছা কথা ক’ব। ফলত তাৰো উত্তৰ “হয়” হ’ব। অৰ্থাৎ তোৰ প্ৰশ্নটোৰ উত্তৰ দুয়োটাই “হয়” বুলি দিব। গতিকে তই কেনেকৈনো গম পাবি কোনটো হৰি!

আকৌ ধৰ, তই প্ৰশ্ন সোধাটো সঁচাকৈয়ে হৰি আৰু সি সদায় মিছা কথা কয়। তেতিয়া আকৌ দুয়োটাৰে উত্তৰ “নহয়” হ’ব। মুঠৰ ওপৰত তোৰ প্ৰশ্নটোৰ উত্তৰ দুয়োটাই একেটাই দিব। গতিকে তোৰ প্ৰশ্নটোৰ দ্বাৰা আমি গম পাব নোৱাৰিম।

 

জবা: ককা! যদি এনেকুৱা এটা প্ৰশ্ন সোধো যাৰ উত্তৰটো কি হ’ব লাগে আমি আগতেই জানো, যেনে ধৰক “ৰবাবটেঙা টেঙা হয়নে?” ইয়াৰ উত্তৰটো সদায় হয় হ’ব লাগিব। তেতিয়া কি হ’ব বাৰু?

ককা: বাৰু চাওঁচোন কি হয়। ধৰ, তই প্ৰশ্নটো যাক সুধিছিলি সি হৰি আৰু সি সদায় মিছা কথা কয়। তেতিয়া তাৰ উত্তৰটো হ’ব “নহয়”। আকৌ আনটো (হৰিক বাদ দি ইটো) হৰি নহ’ব আৰু সি সদায় সঁচা কথা ক’ব। গতিকে তাৰ উত্তৰটো হ’ব “হয়”। অৰ্থাৎ টোৰ প্ৰশ্নটোৰ এটাই উত্তৰ দিব “হয়” আৰু আনটোৱে উত্তৰ দিব “নহয়”। কিন্তু হৰিয়ে “হয়” কৈছে নে “নহয়” কৈছে সেইটো তই কেনেকৈ গম পাবি? উদাহৰণটোত মই ধৰিহে লৈছিলো যে হৰিয়ে মিছা কয় বুলি। গতিকে তোৰ প্ৰশ্নটোও শুদ্ধ নহ’ল।

 

কণপিতৌ: ককা! যদি মই সোধো “তুমি মিছা কোৱানে?”

অত সময় মনে মনে থকা সৰুপোনাই এইবাৰ মাত লগালে। সৰুপোনা: তেতিয়াও আগৰ নিচিনাই হ’ব। দুয়োটাৰে উত্তৰ “নকওঁ”ৱেই আহিব। সচাঁ কথা কোৱাটোৱে ক’ব যে সি মিছা কথা নকয়। মানে তাৰ উত্তৰটো হ’ব “নকওঁ”। আৰু মিছা কথা কোৱাটোৱে ক’ব যে সি মিছা কথা নকয়। মানে তাৰো উত্তৰটো “নকওঁ” হ’ব।

পঠনীয়:  সাঁথৰৰ উৎপত্তি আৰু ক্ৰমবিকাশ

ককা: বাঃ পোনা। তই ঠিক ধৰিলি।

 

বেলি ডুবিবৰ হ’ল আৰু ককাই সিহঁতক ঘৰলৈ যাবলৈ ক’লে। ককা: বাৰু! তহঁতে আজি ভাবিবিগৈ। কাইলৈ মোক উত্তৰটো দিব লাগিব। যা, এতিয়া ঘৰলৈ যা। সাজ লাগিবৰে হ’ল।

 

সকলো নিজ নিজ ঘৰলৈ ৰাওনা হ’ল। কাৰো মুখত মাত নাই। গোটেইকেইটা চিন্তাত মগ্ন। মাথোঁ সৰুপোনাইহে ভোৰভোৰালে, বোলে আজি সঁচা-মিছাখন কৰি থাকোঁতে এটাও মাছ ধৰিব নোৱাৰিলোঁ। আমাৰো কাপোৰ-কানি ক’লা হ’লত আমি ঘৰলৈ গুচি আহিলো। পিছে, প্ৰশ্নটোবা কি আছিল?

 

উত্তৰ: প্ৰশ্নটো আছিল “হৰিয়ে সঁচা কথা কয়নে?” এই প্ৰশ্নটোৰ যিয়ে “কয়” উত্তৰ দিব তেঁৱেই সদায় হৰি হ’ব আৰু “নকয়” উত্তৰ দিয়াজন হৰিৰ বাহিৰে আনজন হ’ব। ককাই যিদৰে আগৰ প্ৰশ্নবোৰ ভুল বুলি প্ৰমাণ কৰিছিল, একেদৰেই বিভিন্ন আৱস্থা (case)বোৰ বিশ্লষণ কৰিয়েই আমি এই প্ৰশ্নটোক শুদ্ধ বুলি প্ৰমাণ কৰিব পাৰিম।

 

[Raymond SmullyanAlice in Puzzle-Land গ্ৰন্থখনৰ এটা প্ৰবন্ধৰ আলমত লেখাটো যুগুত কৰা হৈছে।]

Featured Image Courtesy: Shutterstock

The following two tabs change content below.

উপম শৰ্মা

Latest posts by উপম শৰ্মা (see all)

No Comments

Sorry, the comment form is closed at this time.