‘মই বিশ্বাস কৰোঁ যে আমি যেনেকৈ জীয়াই আছো কিছুমান মানুহ সঁচাকৈ এতিয়াও তাতকৈ বহুখোজ আগবাঢ়ি আছে’

[এই সাক্ষাৎকাৰটি ‘দা হিন্দু’ কাকতত ২০১১ ৰ ২৬ ডিচেম্বৰত প্ৰকাশিত হৈছিল ইয়াৰ অনুবাদ ‘গণিত চ’ৰা’ত প্ৰকাশৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱাৰ কাৰণে এন. ৰাম (‘দা হিন্দু’ৰ প্ৰাক্তন সম্পাদক), এছ. কেশৱন আৰু আৰ. সুজাথা ধন্যবাদ জনালো। সাক্ষাৎকাৰটিৰ অসমীয়া অনুবাদ আগবঢ়ালে ৰূপালীম হাজৰিকাই।]

শ্রীনিবাস ৰামানুজন আয়েঙ্গাৰৰ বিখ্যাত জীৱনী The Man Who Knew Infinity, 1991 (‘অসীমলৈ জনা মানুহজন’)ৰ লিখক হ’ল ৰবাৰ্ট কানিগেল। কানিগেল এজন লিখক আৰু সাংবাদিক যি কেইবাখনো কিতাপ ৰচনা কৰাৰ উপৰিও Massachusetts Institute of Technologyত বিজ্ঞান লিখনি শিকাইছিল, বৰ্তমান Indian Academy of Science আমন্ত্ৰণক্ৰমে ৰামানুজনৰ ১২৫তম জন্মদিৱস উদযাপনৰ উপলক্ষে হাতত লোৱা কাৰ্য্যসূ্চীৰ অংশ হিচাপে এলানি বক্তৃতা দিবলৈ ভাৰতত আহি আছেহি। তেওঁক ভাৰতীয় গণিতলৈ আগবঢ়োৱা বৰঙণি তথা এই উচ্চমানৰ জীৱনীখনৰ কাৰণে অধিবেশনৰ প্ৰথমদিনা ২৬ ডিচেম্বৰত সন্মানীত কৰা হ’ব। উল্লেখযোগ্য যে সেইদিনাই প্ৰধানমন্ত্রী মনমোহন সিঙে ২০১২ চনটো ৰাষ্ট্ৰীয় গণিত বৰ্ষ হিচাপেও ঘোষণা কৰিব।

চেন্নাইৰ এই অনুষ্ঠানৰ পূৰ্বে কানিগেলে মুম্বাইৰ আমাৰ বিজ্ঞান প্ৰতিনিধি আৰ. ৰামচন্দ্ৰনৰ আগত ৰামানুজনৰ জীৱনসম্পৰ্কে তেওঁ নিজৰ গৱেষণাৰ বিষয়ে বহলাই কয়। সাক্ষা্ৎকাৰটোৰ একাংশ:

 

আপুনি কৈছিল যে প্ৰকাশকৰ তৰফৰ পৰা প্ৰথমে যেতিয়া আপোনাক ৰামানুজনৰ বিষয়ে লিখিবলৈ কোৱা হৈছিল আপুনি ৰামানুজনৰ বিষয়ে আনকি শুনাও নাছিল কিহে আপোনাৰ মনোযোগ আকৰ্ষণ কৰিলে আৰু এই বিষয়ে লিখিবলৈ উৎসাহীত কৰিলে?

যেতিয়া সম্পাদকে প্ৰথমে মোৰ এজেন্টৰ লগত যোগাযোগ কৰে আৰু এজেণ্টজনে মোক কয়, মোৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল- এইটো কাম হৈ নুঠিবগৈ। মই (জি, এইছ.) হাৰ্ডিৰ বিষয়ে নাজানিছিলোঁ। গণিতৰ ক্ষেত্ৰত মোৰ কিছু বেকগ্ৰাউন্ড আছিল, বহুত বেছি নহয়, একেবাৰে অলপ। কিন্তু ধাৰণাটো মই আওকাণো কৰা নাছিলোঁ। জন হপকিন্স ইউনিভাৰ্চিটিৰ পৰা মই একেবাৰে সৰুসুৰাকৈ প্ৰাৰম্ভিক গৱেষণা আৰম্ভ কৰিলো। তাৰ পিছতে ৰামানুজনৰ বিষয়ে বি.বি.চি.য়ে বনোৱা ডকুমেণ্টেৰী এখন মোৰ হাতত পৰে। তেতিয়ালৈ মই হাৰ্ডিৰ বিষয়ে একোকে জনা নাছিলো। আৰু তেতিয়াই কেনেবাকে কেৱল ৰামানুজনৰ বিষয়ে নিলিখি ৰামানুজন আৰু হাৰ্ডিৰ মাজৰ বন্ধুত্ব, গুৰু-শিষ্যৰ সম্পৰ্ক আৰু তেওঁলোকৰ উচ্চখাপৰ কৰ্মৰাজিৰ বিষয়ে লিখাৰ কথাটোৱে মোক আৰু বেছিকৈ আকৰ্ষণ কৰিবলৈ লয়।

সেইটো সময়ত মই ৰামানুজনৰ বিষয়ে, দক্ষীণ ভাৰতৰ সংস্কৃতি, ক’ৰো বিষয়ে একোকে নাজানিছিলো। কিন্তু সেই আৰম্ভণিৰ পৰাই তেওঁলোকৰ বন্ধুত্ব আৰু গণিতজগতৰ প্ৰতি আগবঢ়োৱা যুগ্ম অৱদানে মোক এই বিষয়ত আগ্ৰহী কৰি তুলিছিল।

 

Robert-Kanigelকিন্তু আপুনি ৰামানুজনৰ মনস্বত্ত্বৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰিছে-যিধৰণে তেওৰ চৰিত্ৰ গঠন হৈছিল, তেওঁ ডাঙৰ হোৱা মন্দিৰ নগৰীখনৰ বিষয়ে, তেওঁৰ ধৰ্মবিশ্বাসএনেকুৱা লাগে যেন সকলোখিনিয়ে তেওঁৰ গৱেষণাৰ বিষয়বস্তুৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল আপুনি সেইটো বিশ্বাস কৰেনে?

মই নাভাবো যে ই গণিতৰ ওপৰত কিবা প্ৰভাৱ পেলাইছিল। কোনো সম্পৰ্ক নাছিল, শূণ্য। মই ৰামানুজন কেনেকুৱা এটা পৰিবেশৰ পৰা ওলাই আহিছিল সেইটো দেখুৱাব বিচাৰিছিলো। কোনোবাই যদি তাৰ আৰু তেওঁৰ গৱেষণাৰ বিষয়বস্তুৰ মাজত কোনো যোগসূত্ৰৰ সন্ধান কৰিবলৈ যায় বিচাৰি চাব পাৰে, কিন্তু মই নাভাবো যে তেওঁ এই ক্ষেত্ৰত বেছিদূৰ আগবাঢ়িব পাৰিব।

যি কি নহওঁক, আমি যদি তেওঁৰ চৰিত্ৰ আৰু ব্যক্তিত্ত্বৰ বিষয়ে বুজিবলৈ চেষ্টা কৰোঁ, তেওঁৰ প্ৰতিপালন, ধৰ্মীয় প্ৰভাৱ, দক্ষিণ ভাৰত আৰু পিতৃ-মাতৃৰ লগত তেওঁৰ সম্পৰ্কৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। গতিকে মই ৰামানুজন আৰু গণিতৰ মাজত পোনপটীয়াকৈ একো সম্পৰ্ক নাই বুলি ক’ব বিচাৰিম। গণিতৰ লগত জড়িত থকাৰ বাহিৰেও তেওঁৰ জীৱনত মানৱীয় দিশ এটাও আছিল।

 

মই আচলতে ক’ব বিচাৰিছিলো, উদাহৰণস্বৰূপে কিতাপখনৰ নামটোকেই লওঁক, আৰু আপুলিও উল্লেখ কৰি আহিছে যে তেওঁ শূণ্য আৰু অসীমক দৈব্য পৰিঘটনাৰ লগত তুলনা কৰিছে। যেনে, 2n-1 এ এটা সমীকৰণস্বৰূপে লোৱা মানসমূহৰ আপুনি দিয়া উদাহৰণটোত ৰামানুজনে ঈশ্বৰৰ বাণীক প্ৰতিনিধিত্ব কৰাৰ কথা কৈছে……

সংস্কৃতিৰ প্ৰভাৱ

সেই কাহিনীটো এটা জনবিশ্বাস। তেওঁ মোৰ লগত নহয়, পৰম্পৰাগত দক্ষিণ ভাৰতীয় সমাজ এখনৰ লগত ডাঙৰ-দীঘল হৈছিল যি তেওঁৰ ধৰ্মীয় জীৱন আৰু গৱেষণাৰ মাজত পোনপটীয়া সম্পৰ্ক দেখা পাইছিল। মই কাহিনীটো কৈছোহে। ইয়াক মোৰ কিতাপখনত স্থান দিছো। কিন্তু এইটো তেওঁৰ ধাৰ্মিকতা আৰু গৱেষণাৰ মাজত এটা গভীৰ সম্পৰ্ক আছে বুলি কোৱাৰ লগত একে নহয়। যদি আপুনি এখন জীৱনী পঢ়ি থাকে বা লিখি থাকে মই ভাবো দুটা ঘটনাৰ মাজত সাদৃশ্যতা বিচাৰিব যোৱাটো আমাৰ ভুল হ’ব। মই ভাবো যে জীৱনীৰ দৰে বস্তু এটাত আপুনি কোনো ঘটনা এটাৰ কাৰণে আন ঘটনা এটা হ’ল বুলি খাটাংকৈ ক’ব নোৱাৰে। আপুনি ই তেওঁৰ ব্যক্তিত্ত্ব, তেওঁৰ জীৱন, তেওঁৰ চৰিত্ৰ ওপৰত প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা কাৰক এটা বুলিহে ক’ব পাৰে।

 

আমি তেনেহ’লে এতিয়া ৰামানুজনক বুজি পাব পাৰিছো নে তেওঁ এতিয়াও ৰহস্যময় হৈয়েই আছে?

মই ভাবো তেওঁ এতিয়াও আগৰ দৰেই আছে। একেটা কথাই সাহিত্য, কলাৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব। পিকাছ’ৰ বুদ্ধিমত্তা কি? মানুহে ইয়াক যিকোনো সহজ উপায়েৰে বুজাবলৈ যাব কিন্তু মই ভাবো কামটো যুক্তিসংগত নহ’ব। মই বিশ্বাস কৰোঁ যে আমি যেনেকৈ জীয়াই আছো কিছুমান মানুহ সঁচাকৈ এতিয়াও তাতকৈ বহুখোজ আগবাঢ়ি আছে। তেওঁলোকৰ বুদ্ধিমত্তা, কলাসন্মত মনোভঙ্গী অলপ ৰহস্যপূৰ্ণ অথবা সাধাৰণৰ পৰিধিৰ কিছু আঁতৰত বুলি বিস্বাস কৰিবলৈ আমি বাধ্য হওঁ।

ইয়াৰ দ্বিতীয় বৈশিষ্ট এটাও দেখিবলৈ পোৱা যায়। এনে বহুত মানুহ আছে যি কিছুক্ষেত্ৰত অতি পাৰ্গত হোৱা স্বত্তেও জীৱনত বিশেষ একো কৰিবলৈ সক্ষম নহয়। তেওঁলোক তাতেই বন্দী হৈ ৰয়। মানুহৰ কিছুমান স্বভাৱজাত বৈশিষ্ট আছে- এক ইচ্ছা্, কিবা এটা কৰি দেখুওৱাৰ প্ৰৱল হেঁপাহ, এটা শক্তি যি তেওঁলোকক নিজৰ গণ্ডীৰ পৰা ওলাই আহি কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়- “মই নিজৰ এক সুকীয়া চিনাকি গঢ়ি তুলিমেই, একোৱে মোক বাধা দিব নোৱাৰে”। আৰু মই ভাবো একোজন পিকাছ’ বা একোজন ৰামানুজনৰ এই পৃথিৱীত কেনেকৈ উদ্ভৱ হ’ল এই কথাটো ব্যাখ্যা কৰাত মই কোৱা কথাখিনিয়ে যথেষ্ট সহায় কৰিব।

 

আৰু তেওঁৰ ক্ষেত্ৰত সেই শক্তিটো আহিছিল……

…এয়া তেওঁ মাকৰ ফালৰপৰা পাইছিল …এক শক্তিশালী চৰিত্ৰ।

 

আপুনি ইয়ালৈ অনুসন্ধান কৰিবলৈ আহোতে কোনো পূৰ্বপৰিকল্প আঁচনি হাতত লৈ আহিছিল নেকি? নে আপোনাৰ হাতত পৰা তথ্য অনুসৰি আপুনি কিতাপখন লিখি গৈছিল?

ইয়ালৈ অহাৰ আগেয়ে মই যথেষ্ট পৰিমানে অধ্যয়ন কৰি আহিছিলো, আৰু খুবসম্ভৱ দুই কি তিনি সপ্তাহ কেম্ব্ৰিজত কটাইছিলোঁ। মই মোৰ ইয়াত কটাবলগীয়া সময়খিনিত ৰামানুজনৰ জীৱনৰ গুৰুত্বপূৰ্ণ কি কি ঠাইলৈ যাম আগেই নিৰ্দিষ্ট কৰি লৈছিলো। ৰামানুজন আছিল কুৰি শতিকাৰ প্ৰথমভাগৰ মানুহ আৰু এয়া ১৯৮৮ চন, তথাপি মই ৰামানুজনৰ জীৱনটো বিশ্লেষণ কৰিবলৈ যথাসম্ভৱ প্ৰচেষ্টা চলাইছো। সময়ৰ লগে লগে বহুতো সলনি হৈছে, কিন্তু মই মোৰ অনুসন্ধান এসময়ত ৰামানুজনে বাস কৰা অঞ্চলবো্ৰৰ পৰাই আৰম্ভ কৰিবলৈ থিৰাং কৰিলো।

বিভিন্ন ঘটনাবোৰৰ আপুনি আগবঢ়োৱা বৰ্ণনাবোৰ পঢ়িলে এনে লাগে যেন আপুনি সেই সময়ছোৱাত ৰামানুজনৰ লগত একেলগে বাস কৰিছিল, তেওঁক লগ পাইছিল। উদাহৰণস্বৰূপে আপুনি ৰামানুজনে কেনেকৈ খোজ কাঢ়ে তাৰো বিতং বৰ্ণনা দিছে।

আগেয়েও বহুতে ৰামানুজনৰ বিষয়ে লিখি গৈছে। এচ. আৰ. ৰঙ্গনাথন, পি. ভি. এচ. আয়াৰ, আৰ. ৰামচন্দ্ৰ ৰাও, ই. এইচ্. নেভিল, স্বয়ং হাৰ্ডিৰ লগতে আৰু বহুতো। এই লোকসকলে ৰামানুজনৰ একোটা সৰু সৰু অংশ ফুটাই তুলিছে আৰু মই সেই সকলোবোৰ একেলগে সামৰিবলৈ যত্নপৰ হৈছো। তেওঁলোক কোন কোন ক্ষেত্ৰত সহমত হৈছে, কোনবোৰ ক্ষেত্ৰত বেলেগ বেলেগ বৰ্ণনা দিছে সেই সকলোবোৰ অধ্যয়ন কৰিছো। গতিকেই ৰামানুজনে চুটি চুটি খোজ দি বাটেৰে কেনেকৈ পাৰ হৈ গৈছিল সেই কথা মই জনা হৈছো। বহু বছৰ ধৰি মই এই কাম কৰি আহিছো। বৃত্তিসূত্ৰে যোৱা ৪০ বছৰ ধৰি মই এজন লিখক আৰু এয়াই মোৰ জীৱন নিৰ্বাহৰ উপায়।

বেলেগ বেলেগ যেন লগা বিষয়বস্তুৰ মাজত সামঞ্জস্য বিচাৰি উলিয়াই পাঠকৰ কাৰণে কল্পনা আৰু বাস্তৱৰ মাজৰ সীমা উলঙ্ঘা নকৰাকৈ এক ফটফটীয়া চিত্ৰ দাঙি ধৰাই মোৰ উদ্দেশ্য।

 

সেইফালৰ পৰা চাবলৈ গ’লে অসীমলৈ জনা মানুহজন’ নিশ্চয় আজিকালি প্ৰকাশ পাই থকা আন জীৱনীবোৰৰ পৰা পৃথক হ’ব…

আমেৰিকা যুক্তৰাষ্ট্ৰত অন্ততঃ একধৰণৰ বিপ্লৱ আৰম্ভ হৈছে- মই ভাৰত বা আন দেশৰ কথা নাজানো- আনুমানিক যোৱা ৩০ বছৰ ধৰি। ইয়াক নতুন সাংবাদিকতা, সৃষ্টিশীল সাংবাদিকতা বা নেৰেটিভ নন্-ফিকছন বুলি কোৱা যায়। এই আটাইবোৰেই এনে এটা প্ৰচেষ্টাক বুজায় যি কোনো এটা ঘটনাৰ সাধাৰণ, আমনিদায়ক, একঘেয়ামী বৰ্ণনাৰ পৰা আঁতৰি আহি প্ৰকৃত সত্যটো পোনপটীয়াভাৱে দাঙি ধৰে। মই নিজকে সেই পৰম্পৰা মানি চলা বুলি গণ্য কৰোঁ।

 

চিনেমাৰ প্ৰস্তা‍ৱ

হয়তো সেইকাৰণেই আপোনাৰ কিতাপখন চিনেমালৈ পৰিৱৰ্তিত কৰিবলৈ বিচাৰি আছে। সেই প্ৰস্তাৱটোৰ বিষয়ে কি কৰিব?

যোৱা ছয়-সাত বছৰে স্ক্ৰীণ-ৰাইটাৰ এজনে মোৰ কিতাপখনৰ এক স্বত্ত্ব তেওঁৰ হাতত ৰাখি থৈছে যাৰ অধীনত তেওঁ মোৰ কিতাপখনৰ কাহিনী আৰু শীৰ্ষক আৰু বিষয়বস্তুখিনি কথাছবি এখন নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব। যোৱা ছয় বছৰে বহুতকেইবাৰ সাল-সলনি কৰাৰ পিছত তেওঁ অন্তিম পৰ্য্যায়ৰ স্ক্ৰীণপ্লে’খন লিখি উলিয়াইছে। মই গম পোৱা মতে চিনেমাখনৰ মুখ্য চৰিত্ৰত ভাৰতীয় অভিনেতা মাধৱন চু্ক্তিবদ্ধ হৈছে আৰু ইয়াৰ নিৰ্মাতা এডৱাৰ্ড প্ৰেছমেন। চিনেমাখনৰ পৰৱৰ্তী পৰ্য্যায়ৰ কাম আৰম্ভ হোৱাৰ পথত।

হাৰ্ডি আৰু ৰামানুজন

ৰামানুজনৰ কেম্ব্ৰিজৰ জীৱনলৈ যোৱাৰ আগে আপুনি হাৰ্ডী, তেওঁৰ জীৱন, কেম্ব্ৰিজত তেওঁৰ অভিজ্ঞতা, আনকি তেওঁৰ এপ’ষ্টলছ্ চ’ছাইটি আৰু তেওঁৰ ব্যক্তিগত জীৱন বিষয়ে বিস্তৃত বৰ্ণনা আগবঢ়াইছে।

কিছুমান ক্ষেত্ৰত মই এইখন ৰামানুজন আৰু হাৰ্ডি দুয়োৰে দ্বৈত জীৱনী বুলি ক’ব বিচাৰো। যদি মোৰ বাহিৰে আন কোনোবায়ো এই কিতাপখন লিখিলেহেঁতেন, তেওঁলোকেও হাৰ্ডিক এক গুৰুত্ত্বপূৰ্ণ চৰিত্ৰ হিচাপে কাহিনীভাগত অন্তৰ্ভূক্ত কৰিলেহেঁতেন। মোৰ কাৰণে হাৰ্ডি আৰু তেওঁৰ বন্ধুত্বই ৰামানুজনৰ অধ্যয়ন তথা জীৱনৰ ওপৰত অতি গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। আৰু সেইকাৰণে মই বিশ্বাস কৰোঁ যে পাঠকে ৰামানুজনৰ লগতে হাৰ্ডিকো বুজিবলৈ যত্ন কৰা উচিত।

 

The-Man-Who-Knew-Infinityহ’লেও শেষৰ ফালে আপুনি নিজেই কৈছে যে হাৰ্ডি ৰামানুজনৰ অকল গৱেষণাৰ প্ৰতিহে আগ্ৰহী আছিল, দুয়োৰে মাজত বন্ধুত্বৰ নিচিনা কোনোধৰণৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠা নাছিল- সেইফালৰ পৰা চাবলৈ গ’লে হাৰ্ডিয়ে ৰামানুজন মানুহজনৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব দিয়া নাছিল। তেওঁ ৰামানুজনক তেওঁৰ পাণ্ডিত্যৰ কাৰণে স্বীকৃতি দিছিল আৰু ৰামানুজনেও হাৰ্ডিক মানি চলিছিল।

আপুনি একেবাৰে শেষত কোৱা কথাষাৰৰ লগত মই একমত হ’ব নোৱাৰিম। ‘পণ্ডিত’ আৰু ‘মানি চলা’ এইবিষয়ে মই একো ক’ব নোৱাৰিম। কিন্তু হাৰ্ডি আৰু ৰামানুজনৰ সম্পৰ্কটো মোৰ কিছু আঁখজা লাগিছিল। কিতাপখনতো কম-বেছি পৰিমাণে মই সেই কথা উল্লেখ কৰি আহিছো।

হাৰ্ডি এজন ভাল মানুহ আছিল আৰু ৰামানুজনৰ কাৰণে তেওঁ নিজৰফালৰপৰা বহুখিনি কৰিছিল হ’লেও মই ভাবো তেওঁ ৰামানুজনৰ সেইসময়ত প্ৰয়োজন হোৱা ভাল বন্ধুজন হৈ উঠিব পৰা নাছিল। ইংলেণ্ডৰ সেই প্ৰতিকূল দিনবোৰক ৰামানুজনক মানসিকভাবে সাহস দিব পৰা বন্ধু এজনৰহে বেছি দৰকাৰ আছিল।

 

আপুনি ভাবে নেকি যে প্ৰকৃত বন্ধুত্বৰ অভাবে তেওঁৰ অধ্যয়নত কিবা প্ৰভাৱ পেলাইছিল।

মই সঠিককৈ ক’ব নোৱাৰিম। আমাৰ সকলোৰে পিতৃ-মাতৃৰ সৈতে এটা জটিল সম্পৰ্ক থাকে। কিছুমান অভিভাৱকে সন্তানৰ পৰা দূৰত্ব বজাই চলে, সন্তানক বেছি মনোযোগ দিব নোৱাৰে, কিন্তু সন্তানৰ পৰা বহুত ভাল ফলাফল আশা কৰে। আৰু ল’ৰা-ছোৱালীয়েও হয়তো তেনে অভিভাৱকৰ প্ৰতি কোনোধৰণৰ টান অনুভৱ নকৰে কিন্তু তেওঁলোকৰ আশাখিনি ঠিকে-ঠাকেই পূৰা কৰে। মই ভাবো হাৰ্ডি আৰু ৰামানুজনৰ সম্পৰ্কটোও বহুপৰিমাণে এনেকুৱাই আছিল। কিন্তু এই ধাৰণাটো সচাঁ বুলি প্ৰমাণ কৰিবলৈ মোৰ একো উপায় নাই। হাৰ্ডি ৰামানুজনৰ ভাল বন্ধু নহ’ব পাৰে কিন্তু তেওঁক গৱেষণাত আগবাঢ়িবলৈ উদগণি যোগাইছিল, মই বৰ ভালকৈ ক’ব নোৱাৰিম।

কিন্তু এইটো ক্ষেত্ৰত মই খাটাং যে ৰামানুজনে জানিছিল যে তেওঁ কাম কৰিবই লাগিব, আৰু তেওঁ কাম কৰিবলৈ বিচাৰিছিলো। আৰু ইউৰোপত ৰামানুজনৰ গৱেষণাৰ প্ৰতি মনোযোগ দিয়া হাৰ্ডিয়েই সম্ভৱতঃ একমাত্ৰ ব্যক্তি আছিল গতিকে স্বাভাৱিকতে তেওঁ হাৰ্ডিক সন্তষ্ট কৰিবলৈ বিচাৰিছিল।

 

নতুন আৰম্ভণি

আপোনাৰ কাহিনীত এতিয়াও এনে কোনো কথা বা ঘটনা আছে নেকি যাক লৈ আপুনি সন্তুষ্ট নহয় আৰু পিছত আকৌ এবাৰ চালি-জাৰি চাব বিচাৰে?

কেতিয়াবা সমালোচকে এনেকুৱা শব্দ ব্যৱহাৰ কৰে যে ‘এইখন এখন বৰ্ণনাত্মক জীৱনকাহিনী…’ মই তেনে কথা বিশ্বাস নকৰো। মোৰ মতে ফটো এখন উঠাওতে যেনেদৰে আমি অপ্ৰয়োজনীয় বস্তুখিনি বাদ দি লগাখিনি সুন্দৰকে তুলি ধৰিব বিচাৰো, ঠিক একেদৰে কিতাপ এখন লিখিবলৈ যাওঁতেও লিখকে সকলোখিনি বেলেগ-বেলেগ দিশৰ পৰা ভালকৈ চালি-জাৰি চাব লাগে। যিকোনো ভাল লিখনি এটাৰ এয়াই বৈশিষ্ট।

আশাকৰো যে কোনোবাদিনা বেলেগ কোনো জীৱনীকাৰে হয়তো ৰামানুজন আৰু হাৰ্ডিৰ কাহিনীৰ বেলেগ এটা দিশ উডঙাই দিব।

 

আপুনি অলাগতীয়াল বুলি ভাবি বাদ দিয়া এনে কোনো কথা পাইছেনেকি যি হয়তো গোটেই ঘটনাটোক নতুন এটা ৰূপ দিলেহেতেন?

ৰামানুজনে যি কঠিন ৰোগত প্ৰাণ এৰিছিল সেই ৰোগটো কি আছিল?

কিতাপখন ওলোৱাৰ পিছত ৰামানুজন কি ৰোগত ভুগিছিল এই বিষয়ে নতুন ধাৰণা কিছুমানৰ আৰম্ভণি হৈছে। সেইখিনি কথা সামৰিব পৰা হ’লে ভাল আ্ছিল। ইয়াৰ বাহিৰে নতুন কোনো কথা আৱিষ্কাৰ কৰা হৈছেনে নাই মই নাজানো। কিন্তু মই আশা ৰাখিছো কোনোবাদিনা এই কথাটো স্পষ্ট হৈ পৰিব।

 

আপুনি অন্য জীৱনীও লিখিছেসেইবোৰৰ লগত এইখনৰ তুলনা কৰিবলগীয়া হ’লে কেনেকৈ কৰিব।

প্ৰত্যেকটো চৰিত্ৰৰ ক্ষেত্ৰতে কিবা নহয় কিবা সমস্যা একোটা থাকে। উদাহৰণস্বৰূপে টেইলৰৰ (ৰবাৰ্ট কানিগেলৰ দ্য ওৱান বেষ্ট ৱে’: ফ্ৰেড্ৰেৰিক উইনশ্ল টেইলৰ এণ্ড দ্য এনিগমা অৱ এফিচিয়েন্সি) ক্ষেত্ৰত এটা সমস্যা আছিল যে তেওঁ মানুহজনে কথা-বতৰা পাতিবলৈ বৰ এটা নিবিচাৰে। তেওঁৰ চৰিত্ৰটো জটিল আছিল কিন্তু ইয়াৰ মাজতো মই তেওঁৰ বিষয়ে লিখাৰ সমল বিচাৰি উলিয়াইছিলো।

ৰামানুজনৰ ক্ষেত্ৰত মই তিনিধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলো- ভাৰতবৰ্ষ, ইংলেণ্ড আৰু গণিত। গণিত এটা কঠিন বিষয়, এজন আমেৰিকান ভাৰতলৈ আহি বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰিছিলো, তাকো ৭৫ বছৰৰ এটা বিৰাট সময়ৰ ব্যৱধান আছেই। ইংলেণ্ডৰ ক্ষেত্ৰটো এই কথা প্ৰযোজ্য। মানুহে ভাবে যে আমেৰিকান এজনৰ কাৰণে এইটো এটা উজু কাম কিন্তু কথাটো তেনেকুৱা নহয়। এনে কেতবোৰ জটিলতা আহি পৰিছিল। কিন্তু প্ৰত্যেকখন জীৱনী লিখোতে কিছু সমস্যা থাকেই। পাশ্চাত্যৰ মানুহে লিখা ৰামানুজনৰ এইখনেই প্ৰথমখন জীৱনী। কিছুমানে চাৰ্লছ ডিকেন্স বা আইজাক নিউটৰ জীৱনী লিখিবলৈ গৈ সমস্যাত পৰে কাৰণ তেওঁলোকৰ ওপৰত ইতিমধ্যেই ২০ খনমান কিতাপ লিখা হৈছে, নতুন সমল আৰু ক’ৰপৰা ওলাব? মই সেইটো অসুবিধা পোৱা নাছিলো কিন্তু আনধৰণৰ সমস্যা কিছুমানহে আহি পৰিছিল। কিন্তু লিখিবলৈ যাওতে আন জীৱনীবোৰতকৈ বহুত বেছি অসুবিধাও পোৱা নাছিলো।

 

কিন্তু আপুনিতো ক’লে যে এইখনৰ ক্ষেত্ৰত আহি পৰা বাধাবোৰ অইনবোৰতকৈ জটিল আছিল?

সেইটো মই অৱশ্যেই মানি ল’ব লাগিব। প্ৰকৃততেই গণিত এটা অতি কঠিন বিষয়। বিশেষ কোনো সফলতা নোহোৱাকৈ ইয়াৰ গূঢ়াৰ্থ বুজিবলৈ প্ৰয়াস কৰা, তাৰোপৰি দক্ষিণ ভাৰতীয় আৰু ইংলেণ্ডৰ সংস্কৃতিৰ বিশ্লেষণ কৰা।

 

আপুনি যদি আজি লিখিবলৈ আৰম্ভ কৰে, জীৱনীখন কি কি ক্ষেত্ৰত আগতকৈ বেলে হ’ব?

অতি সুন্দৰ প্ৰশ্ন। মই ‘অসীমলৈ জনা মানুহজন’ৰ পৰা আৰম্ভ কৰিম। ইয়াত কোনো সন্দেহ নাই যে ই আগৰপৰা বহুখিনি বেলেগ হ’ব। হয়তো মই এতিয়া কথাবোৰ বেলেগকৈ দেখিম। ২৫টা বছৰ পাৰ হৈ গৈছে। মোৰ বয়সো আগতকৈ বহুখিনি বাঢ়িল নহয়। হয়তো কথাবোৰ অইন ধৰণে ব্যাখ্যা কৰিম। আৰু সঁচাকে ক’বলৈ গ’লে এইটো বহুপৰিমাণে আপোনাৰ আর্থিক অৱস্থা, কামটোত আপুনি কিমানখিনি সময় দিব পাৰিব- সেই কথাবিলাকৰ ওপৰতো নিৰ্ভৰ কৰে। মই নাজানো। নেভিলে ৰামানুজনৰ বিষয়ে বিভিন্নজনলৈ লিখা চিঠিবোৰ মই মোৰ হাতত বিচাৰিম। মই ভাবো যে এতিয়াও মই হাৰ্ডিক আগৰ সমান গুৰুত্বই দিম। ব্ৰাৰ্ণ্টে ৰামানুজনৰ সম্পৰ্কে ইংৰাজী বা তামিলত প্ৰকাশ পোৱা যিকোনো নতুন সমল সংগ্ৰহ কৰাটো তেওঁৰ জীৱনৰ লক্ষ্য হিছাপে স্থিৰ কৰি লৈছে আৰু ইয়াৰ ওপৰত তেওঁ কেইবাখনো কিতাপ প্ৰকাশ কৰি উলিয়াইছে।

মই হয়তো সেই নতুন বস্তুবো্ৰৰ পৰা মোৰ যাত্ৰা আৰম্ভ কৰিম। তাৰে কিছুমান উৎকৃষ্ট মানৰ কেঁচা সমল।

1 Comment

Post A Comment