ষ্টিফেন হকিং : এক অক্লান্ত মনৰ অৱলোকন

“I was never top of the class at school, but my classmates must have seen potential in me, because my nickname was ‘Einstein’…..”

স্কুলীয়া শিক্ষাত বিশেষ পাৰৰ্দশিতা নেদেখুওৱা অথবা সন্তোষজনক নম্বৰ লাভ নকৰা এজন ছাত্ৰইয়ো জীৱনৰ বাকী সময়চোৱাত কৰা কিছুমান ব্যতিক্ৰমী কাম তথা চিন্তাৰ বাবেও বুৰঞ্জীত নিজৰ নাম সোণালী আখৰে লিখি যাব পাৰে৷ বুৰঞ্জীৰ পাতত এনে বহু ব্যক্তিৰ নাম সোণালী আখৰে খোদিত৷ তাৰ ভিতৰত অন্যতম বিশ্ববিখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী (Theoretical Physicist) তথা গণিতজ্ঞ ষ্টিফেন হকিং। সম্পূৰ্ণ নাম ষ্টিফেন উইলিয়াম হকিং৷ স্কুলীয়া জীৱন কালত শ্ৰেণীকোঠাতকৈ বাহিৰতহে বেছি সময় কটাইছিল যদিও অতুলনীয় মেধাশক্তি আৰু স্মৰণশক্তিৰ গৰাকী হকিঙৰ অনুসন্ধিৎসু মনটো কিন্তু শান্ত থকা নাছিল৷ সেই অনুসন্ধিৎসু মনৰ তাড়নাতে এবাৰ হকিং আৰু তেওঁৰ কেইবাজনো সমনীয়াই লগ লাগি কিছুমান পেলনীয়া সামগ্ৰীয়ে এটা কম্পিউটাৰ সাজি উলিয়াইছিল৷ এনেবোৰ অদ্ভুত কামৰ কাৰণে সমনীয়াই তেওঁক “আইনষ্টাইন” নামেৰেও জোকাইছিল৷ কিন্তু সেইজন মানুহেই যে এটা সময়ত সঁচাকৈ “আইনষ্টাইন এৱাৰ্ড”কে ধৰি বিশ্বৰ বিভিন্ন সন্মানীয় বঁটাৰে সন্মানিত হ’ব বুলি সেইসময়ত হয়তো কোনেও ভবা নাছিল৷ তেওঁক ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘প্ৰেচিডেন্সিয়েল মেডেল অব ফ্ৰীডম’ সন্মানেৰেও বিভূষিত কৰা হৈছে৷ হকিঙৰ গৱেষণাত বিশেষকৈ বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক সূত্ৰসমূহৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ হকিঙৰ জীৱনৰ প্ৰথম বিখ্যাত গৱেষণা-পত্ৰখনত ৰ’জাৰ পেনৰ’জৰ সৈতে তেওঁ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰৰ আঁত ধৰি গৱেষণাৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱাইছিল যে মহাকাশ আৰু সময়ৰ আৰম্ভণি হৈছিল মহানাদৰ জৰিয়তে আৰু ইয়াৰ সমাপ্তি হয় কৃষ্ণগহ্বৰত (নিজস্ব মধ্যাকৰ্ষণ শক্তিৰ ফলত প্ৰকাণ্ড নক্ষত্ৰবোৰৰ জীৱন প্ৰক্ৰিয়াৰ শেষ স্তৰত ঘটা এক মহাজাগতিক পৰিঘটনাই সাধৰণতে কৃষ্ণগহ্বৰ বা Black  holes)৷ ষ্টিফেন হকিঙে মহানাদ তত্ব (Big bang theory) আৰু তাৰ পাছত কৃষ্ণগহ্বৰৰ ওপৰত কৰা বিশেষ গৱেষণাৰ বাবে ৩২ বছৰ বয়সতেই ব্ৰিটেইনৰ ৰয়েল চ’ছাইটিৰ সভ্য হিচাপে নিৰ্বাচিত হৈছিল৷ হকিঙে এনে কিছুমান বৈজ্ঞানিক গৱেষণাৰে সেইসময়ৰ সমসাময়িক বিজ্ঞানী সকলক বাৰুকৈয়ে চমক খুৱাইছিল৷

১৯৪২ চনৰ ৮ জানুৱাৰীত, অৰ্থাৎ গেলিলিঅ’ গেলিলিৰ তিনিশ (৩০০)তম মৃত্যুবাৰ্ষিকী পূৰ্ণ হোৱা দিনটোতে ব্ৰিটিছ বিজ্ঞানীজনৰ জন্ম হৈছিল৷ কৰ্মজীৱনৰ ভৰপক অৱস্থাত তেওঁক এই কথা অৱগত কৰাত তেওঁৰ একমাত্ৰ উত্তৰটো আছিল যে সমগ্ৰ বিশ্বতে হাজাৰ হাজাৰ শিশুৱে সেই একেই তাৰিখতেই জন্মগ্ৰহণ কৰিছিল৷

দুৰ্ভাগ্যজনক ভাৱে জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী হিচাপে খ্যাতি লাভ কৰাৰ বহু আগতেই অৰ্থাৎ একৈশ বছৰ বয়সতে মগজুৰ নিয়ন্ত্ৰক স্নায়ুকোষৰ এক দুৰাৰোগ্য ব্যাধিয়ে (Motor Neuron disease) তেওঁক আক্ৰমণ কৰে৷ এইৰোগে স্বেচ্ছাধীন নিয়ন্ত্ৰণকাৰ্যক সহজসাধ্য কৰা ৰাজহাড়ৰ স্নায়ু আৰু মগজুৰ অংশবিশেষত প্ৰভাৱ বিস্তাৰ কৰি ৰোগীক পেৰালাইছিছ (paralysis) স্তৰলৈ লৈ যায়৷ কিন্তু এনে দুৰ্ভাগ্যৰ মাজতেই হকিঙৰ জীৱনত  সৌভাগ্যও দেখা দিছিল এই কাৰণেই যে এইৰোগ বিধে মস্তিষ্কৰ চিন্তা কৰা আৰু স্মৰণশক্তি নিয়ন্ত্ৰণ কৰা অংশকেইটাক বিকল কৰিব নোৱাৰে! এটা সময়লৈ তেওঁৰ এটা হাতৰ দুটা আঙুলীহে কাৰ্যক্ষম অৱস্থাত আছিলগৈ৷ এই আঙুলি দুটাৰেই কম্পিউটাৰৰ বুটাম টিপি আৰু Speech synthesizer ৰ সহায়ত মানুহৰ লগত সংযোগ তথা চেমিনাৰ আদিত ভাগ লৈছিল৷ সেই কম্পিউটাৰ ৱৰ্ড, স্পিছ ছিনথেছাইজাৰ সন্নিৱিষ্ট বিশেষ হুইল চেয়াৰখনৰ অবিহনে বিখ্যাত বিজ্ঞানীজনৰ কল্পনাই কৰিব নোৱাৰি৷ আজিৰ তেওঁৰ শাৰীৰিক সামৰ্থ্য আৰু অধিক জটিল। চিকিৎসকসকলে তেওঁ মাত্ৰ দুই বা তিনি বছৰ জীয়াই থাকিব বুলি ধৰি লৈছিল; কিন্তু শক্তিশালী মন তথা দৃঢ়তাৰ প্ৰতীকস্বৰূপ কেম্ব্ৰিজৰ গণিত শাস্ত্ৰৰ “লুকাচীয় অধ্যাপক” ড° হকিং বৰ্তমানেও বিজ্ঞানজগতৰ এক চমৎকাৰী সত্বা৷

বিজ্ঞানীসকল কেৱল বিজ্ঞানৰ লগতহে একান্ত আত্মীয়তাসম্পন্ন ব্যক্তি বুলি ভবাৰ এটা প্ৰৱণতা আমাৰ আছে৷ কিন্তু অনুসন্ধিৎসু মনটোৰ উপৰি তেওঁলোকৰ সৰহভাগেই আমাৰ দৰে সবলতা আৰু দুৰ্বলতাসম্পন্ন, দোষ আৰু ত্ৰুটিসম্পন্ন ব্যক্তি৷ তেওঁলোকৰো খামখেয়ালি আছে, বিনয় আৰু সহানুভূতিৰ দৰে মহান চাৰিত্ৰিক বৈশিষ্ট্যও আছে৷ ষ্টিফেন হকিঙৰ দৰে বিজ্ঞানীৰ যিয়েই সান্নিধ্য পাইছে সকলোৱেই তেওঁৰ তেজস্বী মন আৰু যোগাত্মক চিন্তাৰ কথা উল্লেখ কৰিছে৷ তাৰ ভিতৰত ভাৰতবৰ্ষৰ আগশাৰীৰ বিজ্ঞানী ড° এ. বি. পণ্ডিতে কেম্ব্ৰিজত ৰাসায়নিক ইঞ্জিনীয়াৰিঙৰ বিষয়ত গৱেষনা চলোৱাৰ সময়ত ড° হকিঙক লগ পোৱাৰ সৌভাগ্যৰ কথা ব্যক্ত কৰিছিল এনেদৰে— “আমাৰ সেই মিলনত যিটো কথাই মোৰ মনত বৰকৈ খুন্দিয়াইছিল, সেইটো হ’ল জ্ঞান-বিস্তাৰ কৰিবলৈ তেওঁৰ প্ৰবল ইচ্ছা আৰু মনৰ ভাৱ প্ৰকাশ কৰাত তেওঁ দৃঢ় প্ৰত্যয়৷ তেওঁৰ লগত ভাৱৰ আদান-প্ৰদান কৰিবলৈ মোৰ অক্ষমতা সৰ্ম্পকে মোৰ প্ৰাৰম্ভিক সংশয় শীঘ্ৰেই মনৰ পৰা দূৰ হ’ল৷ মই অনুভৱেই কৰা নাছিলো যে এনেকুৱা গুৰুত্বভাৱে শাৰীৰিক বাধাগ্ৰস্ত এগৰাকী ব্যক্তিৰ লগত মই কথা পাতিছোঁ৷ মোৰ ধাৰণা, তেৱোঁ সেই কথা অনুভৱ কৰিছিল আৰু শাৰীৰিক অক্ষমতাৰ বিষয়টো আমাৰ কথোপকথনৰ মাজলৈ কেতিয়াও আহি পৰা নাছিল৷” এবাৰ এক বৃত্তিমূলক বিজ্ঞান সন্মিলনত দিয়া ভাষণত হকিঙে কৈছিল – “পংগু শিশুবিলাকক একে বয়সৰ অন্য সুস্থ শিশু বিলাকৰ লগত মিলা-মিচা কৰাত সহায় কৰাটো অত্যন্ত জৰুৰী কাম৷ এনে কাৰ্যই তেওঁলোকৰ আত্মৰূপ ঠাৱৰ কৰে৷ যদি এনে এজন ব্যক্তিক অতি কম সময়ৰ পৰাই বেলেগ বুলি জ্ঞান কৰা হয় তেন্তে তেওঁ নিজকে মানৱ জাতিৰ সদস্য বুলি কেনেকৈ ভাবিব পাৰিব? এইটো বৰ্ণবৈষম্যৰ এটা ৰূপ৷”

ইয়াৰ উপৰি ষ্টিফেন হকিং মানুহজন খুব ধেমেলীয়া৷ তেওঁ speech synthesizer ৰ যোগেদি চেমিনাৰবোৰত প্ৰশ্নৰ উত্তৰ দিওঁতে কমেও দহমিনিট সময় লয়৷ এই সময়ত মানুহে উত্তৰ শুনিবলৈ ৰৈ ৰৈ আমনি পোৱা যেন দেখিলে কয় “আপোনালোকে খবৰ কাগজ পঢ়ি লওঁক”৷ এবাৰ এখন আলোচনা চক্ৰত এজনে তেওঁক প্ৰশ্ন কৰিলে— “ছাৰ, আপুনি কৃষ্ণ গহ্বৰেদি সোমাই যাব পাৰিবনে?”  হকিঙৰ ৰসিক উত্তৰ— “কিয় নোৱাৰিম? কৃষ্ণ গহ্বৰেদি সোমাই শ্বেতগহ্বৰেদি (white holes) ওলাই গৈ কোনোবা বেলেগ এখন ব্ৰহ্মাণ্ড পামগৈ৷ কিন্তু মোকহে বিচাৰি নেপাব, পাব মাত্ৰ কিছুমান কণা৷”

বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি সৰ্ম্পকে বহু বিজ্ঞানীয়ে বহু তত্ব আগবঢ়াই থৈছে৷ তাৰ ভিতৰত অন্যতম তথা সৰ্বোজন সমাদিত ষ্টিফেন হকিঙৰ “বিগ বেং থিয়ৰী”৷ য’ত তেওঁ নিউটন আৰু আইনষ্টাইনৰ মাধ্যাকৰ্ষণ তত্বৰ সহায়ত  আমাৰ বিশ্বব্ৰহ্মাণ্ডখন যে স্থিৰ নহয় তাৰ সম্পৰ্কে দিয়া গধুৰ বিশ্বাসযোগ্য বিশ্লেষনাত্মক তথ্যই বিশ্বৰ সকলো বিজ্ঞানীৰ মাজত খলকনি তুলিছিল৷ বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কত হকিঙে আগবঢ়োৱা সকলো তথ্যক সামৰি “In to the Universe with Stephen Hawkings” নামেৰে বিজ্ঞানভিত্তিক এখন তথ্যচিত্ৰ Discovery Channel যোগে প্ৰচাৰ হৈছিল৷ শেহতীয়াকৈ স্পেইনৰ এখন বাতৰি কাকতৰ সাক্ষাৎকাৰত হকিঙক বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ লগত “গড”(God)ৰ সম্পৰ্কৰ কথা শুধোঁতে তেওঁ কৈছে যে বিজ্ঞানৰ তত্বসমূহৰ যোগেদি যদি আমি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্যবোৰ বুজিবলৈ চেষ্টা কৰোঁ, কথাবোৰ নিজেই পোহৰলৈ আহিব তালৈ ‘গড'(God)ক টানি অনাটো অপ্ৰয়োজনীয় কথা৷ এই সম্পৰ্কত হকিঙৰ  ভাষাৰে “The law of science are sufficient to explain the origin of the universe, it is not necessary to invoke God.” ইয়াৰ উপৰি বিজ্ঞান আৰু ধৰ্মৰ সম্পৰ্কত শোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল— “Religion believes in miracles, but these are not compatible with science.”

সময়ৰ জন্মৰ পৰা সময়ৰ মৃত্যুলৈ সময়ৰ যি পৰিক্ৰমা, তাৰ ওপৰতেই বিজ্ঞানী ষ্টিফেন হকিঙে লিখি উলিয়াইছিল পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা বিজ্ঞানভিত্তিক গ্ৰন্থৰ অন্যতম “A Brief History of Time” নামৰ গ্ৰন্থখন। য’ত তেওঁ উল্লেখ কৰিছে যে সময় সৃষ্টি হোৱাৰ আগতে সৃষ্টিকৰ্তাৰ উপস্থিতি অসম্ভৱ অৰ্থাৎ সৃষ্টিকৰ্তাই সময় সৃষ্টি কৰা নাই। অৰ্থাৎ, ষ্টিফেন হকিং কৈছে যে সৃষ্টিকৰ্তাই এই বিশ্বব্ৰহ্মাণ্ড বা সময় কাকোৱেই সৃষ্টি কৰা নাই। হকিঙৰ ভাষাত— “One can’t prove that God doesn’t exist. But science makes God unnecessary and the laws of physics can explain the universe without the need for a creator.” ইয়াৰ উপৰি হকিঙৰ বিশ্বাস যে পদাৰ্থবিজ্ঞানৰ কোৱান্টাম মেকানিক্স, মহাকৰ্ষণৰ পৰা সকলো তত্ত্বক লগ লগাই যদি এটা “Unified theory” বা “Unification of physics”ৰ সৃষ্টি কৰিব পৰা যায় তেন্তে ইয়াৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কাৰণ আৰু বিশ্বব্ৰহ্মাণ্ডত আমাৰ অৱস্থানৰ লগতে সৃষ্টিকৰ্তাৰ মনটোও বুজিব পৰা হ’ব৷

ষ্টিফেন হকিঙৰ “A brief history of time”, “Theory of Everything”, “The Grand Design”, “Black holes and baby universe” আদি বিশ্বচৰ্চিত গ্ৰন্থসমূহৰ মাজেৰে বিশ্বব্ৰহ্মাণ্ড আৰু কৃষ্ণগহ্বৰৰ সৃষ্টি সম্পৰ্কত বিভিন্ন তথ্য পোহৰলৈ অনিছে যদিও বহুতৰে মাজত ষ্টিফেন হকিঙে এতিয়ালৈয়ো ন’বেল বঁটা নোপোৱা বিষয়টো বৰ্তমানেও এক চৰ্চিত বিষয় হৈ আছে৷ শেহতীয়াকৈ Israel Institute of Technology ৰ পদাৰ্থবিজ্ঞানী Jeff Steinhauerয়ে ষ্টিফেন হকিঙৰ ১৯৭৪ চনতে প্ৰকাশিত “Hawking Radiation” নামেৰে খ্যাত তাপ-গতিবিজ্ঞানৰ কৃষ্ণগহ্বৰ বিষয়ক এটা আৱিষ্কাৰৰ জৰিয়তে জ্যোতিৰ্পদাৰ্থবিজ্ঞানক যি নতুন দিগন্তৰ সন্ধান দিছিল, তাক পৰীক্ষাগাৰত কৃত্ৰিমভাৱে এটা ম’ডেল তৈয়াৰ কৰি এক কঠিন পৰীক্ষাৰদ্বাৰা যি ফলাফল লাভ কৰিছে, তাৰ সত্যসত্যাৰ প্ৰমাণে ষ্টিফেন হকিঙলৈ ন’বেল বঁটাৰ বাট মুকলি কৰিব বুলি চৰ্চিত হৈছে৷ ইয়াৰ আগতেও হকিঙৰ এই hypothesis ৰ ওপৰত বহুকেইজন বিজ্ঞানীয়ে পৰীক্ষা-নিৰীক্ষা চলাইছিল যদিও সফলতা লাভ কৰিব পৰা নাছিল৷ বৰ্তমানেও Steinhauerৰ এই গৱেষণাক বিজ্ঞানীসকলে খুব সূক্ষ্মভাৱে পৰ্যাবেক্ষণ কৰি আছে যদিও Steinhauer প্ৰবল আশাবাদী যে তেওঁৰ নতুন পৰীক্ষাই “Hawking Radition” তত্বক সত্যৰূপে প্ৰতিষ্ঠা কৰিব৷

সময়ে সময়ে হকিঙে ‘এলিয়েন’ ( alien) সম্পৰ্কীয় বহু ভৱিষ্যৎবাণী দি আহিছে আৰু এলিয়েনৰ পৰা হাত সাৰিবলৈ অন্য গ্ৰহত বিকল্প-নিবাসৰ কাৰণেও বিভিন্ন ভৱিষ্যৎবাণী কৰিছে৷ শেহতীয়াকৈ অক্সফ’ৰ্ড ইউনিয়নত হকিঙৰ ভৱিষ্যৎবাণী যে— অহা এহেজাৰ বছৰতকৈ কম সময়ৰ ভিতৰত পৃথিৱীৰ পৰা মানৱ জাতি বিলুপ্ত হ’ব৷ হকিঙৰ মতে মানৱ জাতিৰ ভৱিষ্যতৰ বাবে মানুহে মহাকাশ অভিযান অব্যাহত ৰাখিব লাগিব৷ তেওঁৰ সতৰ্কবাণী— “এই ভংগুৰ পৃথিৱীৰ পৰা পলাব নোৱাৰিলে আমি যে আৰু এহেজাৰ বছৰো বৰ্তি থাকিব নোৱাৰোঁ, সেই কথা আমি মনেই কৰা নাই৷” ইয়াৰ আগতেও হকিঙে পাৰমাণৱিক যুদ্ধ, কৃত্ৰিমভাৱে তৈয়াৰী জেনেটিকেল ভাইৰাছ তথা গোলকীয় উষ্ণতাৰ বাবে মানুহৰ অস্তিত্বলৈ ভাবুকি অহাৰ কথাও সতৰ্কবাণী দিছে৷

মনৰ দৃঢ়তাই মটৰ নিউৰনৰ দৰে মৰাত্মক শাৰীৰিক ব্যধিকো নেওচি ৭৪টা বসন্তও যে অতিক্ৰম কৰিব পাৰে তাৰেই উদাহৰণ ড° ষ্টিফেন হকিং৷ সঁচাকৈ জীৱনযুঁজৰ অক্লান্ত যোদ্ধা ষ্টিফেন হকিং৷ তেজস্বী মনৰ অধিকাৰী আধুনিক কালৰ শ্ৰেষ্ঠতম বিজ্ঞানীজনৰ কল্পনাৰো যেন সীমা নাই! সেয়েহে তেওঁৰ তেজস্বী মনৰ কল্পিত বাসনা— “ভৱিষ্যতে আমি চালকবিহীন গাড়ীসহ এনে ৰবট নিয়ন্ত্ৰিত বিশ্ব দেখা পাম, য’ত আমাৰ উত্তৰপুৰুষে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিব৷”

1 Comment
  • Tajtarpon Buragohain
    Posted at 17:49h, 23 December Reply

    Great Work done by you Bhargob and It is said that Stephen Hoking is the greatest scientist in the world. He is the creater of Big Bang theory and make a huge history in the earth. He is the father of science.

Post A Comment