বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা - ঈশান জ্যোতি বৰা : (৮) দা চিক্ৰেট অৱ নিক’লা টেছলা

“The present is theirs; the future, for which I really worked, is mine.” - Nikola Tesla.

কোঠাত পোহৰ বিয়পাই থকা বৈদ্যুতিক বাল্বটোৱে মানৱচক্ষুৰ সন্মুখলৈ লৈ আনে পৃথিৱীৰ অন্যতম এজন শ্ৰেষ্ঠ বিজ্ঞানী টমাছ আলভা এডিছনৰ ছবিখন৷ এডিছন নামৰ অপাৰ প্ৰতিভাশালী মানুহজনৰ নিষ্ঠা, একাগ্ৰতা আৰু জীৱনজোৰা অধ্যৱসায়ৰ একো একোখন ছবিয়ে মুহূৰ্ততে প্ৰতিজন শিক্ষিত মানুহক কৰি তোলে এডিছনৰ প্ৰতি শ্ৰদ্ধাশীল আৰু কৃতজ্ঞ৷ সেই শ্ৰদ্ধা আৰু কৃতজ্ঞতা এডিছনৰ প্ৰাপ্য৷ কাৰণ, গৱেষণাগাৰৰ সহস্ৰাধিক পৰীক্ষাত বিফল হৈয়ো ‘পৰাজয়’ৰ সন্মুখত শিৰনত নকৰা অদমনীয় মনোবলৰ অবিস্মৰণীয় প্ৰতিমূৰ্তি টমাছ আলভা এডিছনৰ প্ৰতিভা আৰু সাধনাৰ ভেঁটিত থিয় হৈয়েইতো মানৱ সমাজ প্ৰগতি আৰু উত্তৰণৰ দিশে এখোজ আগুৱাই আহিল৷ বিজুলী বাঁতি, গাড়ীৰ বেটেৰী, ফ’ন’গ্ৰাফ, ম’ছন পিকছাৰ কেমেৰাকে ধৰি একাধিক গুৰুত্বপূৰ্ণ আৱিষ্কাৰেৰে মানৱ-সমাজ আৰু বিজ্ঞান-জগত জ্যোতিময় কৰা মহান বিজ্ঞানীজনৰ জীৱন, যৌৱন আৰু ব্যক্তিত্বৰ বিষয়ে আধুনিক সমাজত মনোজ্ঞ চৰ্চা আৰু বিষদ আলোচনা হৈয়েই আছে৷ তেওঁৰ খ্যাতি, যশস্যা আৰু জনপ্ৰিয়তা কোনোকালে ম্লান হোৱা নাই আৰু তাৰ সম্ভাৱনাও নাই৷

‘মেনলো পাৰ্কৰ যাদুকৰ’ (The wizard of Menlo Park) - এইবুলিয়েই কোৱা হৈছিল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ আৱিষ্কাৰজনক৷ বিজুলীবাঁতি আৱিষ্কাৰ কৰি টমাছ আলভা এডিছন সমাজৰ দৃষ্টিত এজন ‘নায়ক’ হিচাপে পৰিগণিত হৈছিল৷ কাৰোবাৰ বাবে তেওঁ হৈ পৰিছিল ভগৱান৷ ৰাস্তাই-ঘাটে তেওঁৰ বিষয়ে সৰৱ তথা প্ৰশংসাসূচক চৰ্চা হৈছিল৷ তেওঁৰ সোঁৱে-বাঁৱে সমাৱেশ ঘটিছিল অসংখ্য গুণমুগ্ধৰ৷ সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলেও এডিছনক যথেষ্ট সমীহ কৰি চলিছিল৷ ক’ব পাৰি, এডিছন আৰু তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰসমূহে তেতিয়াৰ সমাজখনক একপ্ৰকাৰে সন্মোহিত কৰি ৰাখিছিল৷ ক’ব পাৰি, এই সন্মোহন আৰু আকৰ্ষণেই এডিছনক সমাজৰ এজন ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে গঢ়ি তুলিছিল৷

চৰ্চা আৰু আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা এজন প্ৰভাৱশালী মানুহৰ কাষলৈ যেতিয়া অন্য এজন প্ৰতিভাশালী মানুহৰ আগমন ঘটে; যেতিয়া সেই প্ৰতিষ্ঠিত মানুহজনৰ কৰ্ম আৰু চিন্তাৰ ওপৰত অখ্যাত আৰু অল্পচৰ্চিত অন্য এক বৌদ্ধিক শক্তিয়ে প্ৰশ্নচিহ্ন তোলে, তেতিয়া প্ৰভাৱশালী মানুহজনৰ মনত সামান্য পৰিমাণে বিব্ৰতবোধ জাগ্ৰত কৰিব পাৰে, তেওঁ এক ব্যাখ্যাহীন অসন্তুষ্টিত ভুগিব পাৰে৷ জনপ্ৰিয়তাৰ শীৰ্ষতম বিন্দুত অৱস্থান কৰা প্ৰভাৱশালী এই মানুহজনে অপৰিচিত এই ব্যক্তিজনৰ উপস্থাপিত মতসমূহৰ ওপৰত জ্ঞান আৰু যুক্তিৰ দৃষ্টি নিক্ষেপ নকৰি সন্দেহ আৰু শংকাৰ চকুৰেহে চাবলৈ আৰম্ভ কৰিব পাৰে৷ এনেতে দুই প্ৰতিভাৰ মাজত এখন ৰণৰ সূচনা হয়৷ এই ৰণ হয় নতুন চিন্তা আৰু প্ৰতিষ্ঠিত চিন্তাৰ মাজত৷ এই ৰণৰ এফালে থাকে এজন প্ৰভাৱশালী প্ৰতিভা আৰু আনফালে থাকে এজন অখ্যাত-অজ্ঞাত প্ৰতিভা৷ অঘোষিত ৰণখনত কোন জিকে, কোন হাৰে — সেইয়া নিৰ্ণয় কৰে সময়ে, যুদ্ধ কৰাৰ কৌশলে, নিৰ্ণয় কৰে দুই প্ৰতিদ্বন্দ্বীৰ সামৰ্থ্য আৰু তেওঁলোকৰ সমৰ্থকসকলৰ শক্তিয়ে৷

দুই প্ৰতিভাৰ মাজত আৰম্ভ হোৱা বৌদ্ধিক যুদ্ধখনৰ অপাৰ-বিচিত্ৰ ৰূপ দেখি সমাজ বিস্ময়াভিভূত হয়৷ সমাজৰ সচেতন-জিজ্ঞাসু শ্ৰেণীটোয়ে অপাৰ আগ্ৰহৰে বাট চায় যুদ্ধ শেষ হোৱালৈ৷ কাৰণ তেওঁলোকে হৃদয়ংগম কৰে যে— বৌদ্ধিক সক্ষমতাৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেই যিখন যুদ্ধৰ মূল নীতি আৰু যিখন যুদ্ধৰ পশ্চাদপটত এক কল্যাণমুখী শক্তিয়ে অহৰহ ক্ৰিয়া কৰি আছে; সেইখন যুদ্ধৰ পৰিণতি কেতিয়াও সমাজৰ বাবে হানিকাৰক হ’ব নোৱাৰে৷ তেওঁলোকে বিশ্বাস কৰে এই তয়াময়া যুদ্ধৰ অন্তত ভৱিষ্যতৰ সমাজখনে লাভ কৰিব একো একোটা অমূল্য আৰু অনবদ্য উপহাৰ-যিটো উপহাৰে পুনৰ এবাৰ সদম্ভে ঘোষণা কৰিব মানুহ হোৱাৰ গৌৰৱগাঁথা৷

ঊনৈশ শতিকাৰ শেষৰফালে আমেৰিকান বিজ্ঞানী টমাছ আলভা এডিছন আৰু অষ্ট্ৰিয়াৰ বৈদ্যুতিক অভিযন্তা নিক’লা টেছলাৰ মাজতো ঠিক এনে এখন যুদ্ধৰেই সূচনা হৈছিল৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল— এই যুদ্ধখনৰ এজন প্ৰতিদ্বন্দ্বীৰ কথাহে মানুহে মনত ৰাখিলে৷ আনজন প্ৰতিদ্বন্দ্বী অপাৰ প্ৰতিভাশালী নিক’লা টেছলাৰ অৱদান, গুণাৱলীতো বাদেই; তেওঁৰ নামটোৱেই বহুতৰ স্মৃতিজগতৰ পৰা অন্তৰ্হিত হৈছে৷

যুগদ্ৰষ্টা পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনক এবাৰ হেনো সোধা হৈছিল— “পৃথিৱীত আটাইতকৈ বুদ্ধিয়ক মানুহ হিচাপে চিনাকি দি আপোনাৰ কেনে অনুভৱ হয়?” জ্ঞান আৰু প্ৰজ্ঞাৰ সাধকজনে স্বভাৱসুলভ সৰলতাৰে ইয়াৰ উত্তৰত কৈছিল— “মই নাজানো৷ তোমালোকে নিক’লা টেছলাক সুধিব লাগিব৷”

চমৎকাৰী প্ৰতিভা আৰু অসামান্য বুদ্ধিমত্তাৰে পুষ্ট এইজন নিক’লা টেছলাৰ ব্যক্তিত্ব, জীৱন আৰু কৰ্মক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এখন ছবি হৈছে “দা চিক্ৰেট অৱ নিক’লা টেছলা” (The Secret of Nikola Tesla)৷ ১৯৮০ চনত মুক্তিপ্ৰাপ্ত ছবিখনৰ পৰিচালকৰ নাম ক্ৰষ্টো পাপিক (Krsto Papić)৷ আইভ’ ব্ৰেছনান (Ivo Brešan), ইভান কুছান (Ivan Kušan) আৰু ক্ৰষ্টো পাপিকৰ (Krsto Papić) দ্বাৰা ৰচিত আত্মজীৱনীমূলক কাহিনীটোৰ মুখ্য ভূমিকাত জীৱন্ত অভিনয় কৰিছে অভিনেতা পিটাৰ ব’জ’ভিকে (Petar Božović)৷

লেখাৰ আৰম্ভণিতে উল্লেখ কৰা এডিছন আৰু টেছলাৰ বিশেষ যুদ্ধখন ছবিখনৰ মূল উপজীৱ্য৷ ছবিখনৰ ভিতৰ’চৰালৈ সোমোৱাৰ আগেয়ে মহান বিজ্ঞানী টেছলাৰ বৰ্ণিল জীৱনত সামান্য আলোকপাত কৰি লোৱা যাওক৷

১৮৫৬ চনৰ ১০ জুলাইত বৰ্তমানৰ ক্ৰ’য়েছিয়াৰ স্মিলিজান নামৰ এখন গাঁৱত টেছলাৰ জন্ম হৈছিল৷ টেছলাৰ পিতাক মিলুটিন টেছলা (Milutin Tesla) আছিল গীৰ্জাৰ এজন যাজক৷ টেছলাৰ মাতৃৰ নাম আছিল ডুকা টেছলা (Đuka Tesla)৷ মাতৃ ডুকা আছিল অত্যন্ত সৃজনীশীল৷ ঘৰত ব্যৱহৃত সা-সঁজুলিকে ধৰি যান্ত্ৰিক আহিলা-পাতি নিৰ্মাণতো মাতৃ ডুকাই অপাৰ বিচক্ষণতা দেখুৱাইছিল৷ আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ শৰণাপন্ন নোহোৱা মাতৃ ডুকাৰ চাৰ্বিয়ান কাব্যৰ কবিতাও মুখস্থ আছিল৷ টেছলাই তেওঁৰ অসামান্য সৃজনীশীল প্ৰতিভা আৰু বিস্ময়কৰ স্মৰণশক্তি তেওঁৰ মাতৃৰ পৰাই জন্মসূত্ৰে আহৰণ কৰা বুলি ক’ব খোজে৷

১৮৬১ চনত গাঁও স্মিলিজানতে টেছলাই প্ৰাথমিক শিক্ষাগ্ৰহণ কৰে৷ ইয়াতে তেওঁ জাৰ্মান, গণিত আৰু ধৰ্মৰ পাঠ পঢ়ে৷ অৱশ্যে টেছলাই প্ৰাথমিক শিক্ষা সমাপ্ত কৰে অষ্ট্ৰিয়া ভূখণ্ডৰ গছপিকত য’লৈ টেছলাৰ পৰিয়াল ১৮৬২ চনত স্থানান্তৰিত হৈছিল৷ প্ৰাথমিক শিক্ষাৰ অন্তত টেছলাই মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে৷

বিদ্যালয়ত থকা সময়তেই টেছলাই তেওঁৰ অসামান্য প্ৰতিভাৰ চানেকি দাঙি ধৰিছিল৷ কিতাপ-কলমৰ সহায় অবিহনে, মগজুৰ ভিতৰতেই টেছলাই সমাকল গণিতৰ (Integral Calculus) সমস্যা সমাধান কৰিব পাৰিছিল৷ চাৰিবছৰীয়া পাঠ্যক্ৰম তিনিবছৰতে সমাপ্ত কৰি টেছলাই ১৮৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে৷ টেছলাৰ এনে অসাধাৰণ কাৰুকাৰ্যই তেওঁৰ শিক্ষকসকলক বিস্ময়াভিভূত কৰিছিল৷ তেওঁলোকে সন্দেহ কৰিছিল যে টেছলাই শিক্ষকসকলক ঠগি আছে৷ অৱশ্যে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বৈদ্যুতিক অভিযন্তা নিক’লা টেছলাক বিদ্যুতক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট কৰিছিল এজন পদাৰ্থ বিজ্ঞানৰ অধ্যাপকেই৷ তেওঁৰ মুখত শুনি থকা বিদ্যুতৰ আশ্বৰ্যকৰ ক্ৰিয়া-প্ৰক্ৰিয়াবোৰেই টেছলাক বিদ্যুৎক্ষেত্ৰখনৰ বিষয়ে অধিক অন্বেষণ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল৷

শিক্ষাগ্ৰহণৰ অন্তত ১৮৭৩ চনত টেছলা তেওঁৰ জন্মস্থান স্মিলিজান গাঁৱলৈ প্ৰত্যাৱৰ্তন কৰে৷ গাঁৱত পদাৰ্পণ কৰাৰ পাছতেই টেছলা কলেৰা ৰোগত আক্ৰান্ত হয়৷ ভয়ংকৰ কলেৰাৰ কোপদৃষ্টিৰ পৰা টেছলাৰ জীৱটো যেনেতেনেহে ৰক্ষা পৰিছিল৷ প্ৰায় নটা মাহ তেওঁ শয্যাশায়ী অৱস্থাত আছিল৷ এই সংকটৰ মুহূৰ্ততে অৱশ্যে এটা অপ্ৰত্যাশিত সংবাদ টেছলাৰ কাণত পৰিল৷ ঘোষণাটো আহিল শোকবিহ্বল দেউতাকৰ ফালৰ পৰা৷ টেছলাক দেউতাকে ধৰ্মযাজকৰ শিক্ষাৰে শিক্ষিত কৰাৰ আশা পুহি ৰাখিছিল৷ কিন্তু এতিয়া টেছলাৰ সুপ্ত হৈ থকা বিস্ময়কৰ প্ৰতিভাৰ উমান পাই দেউতাক ঘোষণা কৰিলে - টেছলা সুস্থ হৈ উঠিলেই টেছলাক ভালতকৈও ভাল অভিযান্ত্ৰিক বিদ্যালয়লৈ পঠিওৱা হ’ব৷

পিছে কলেৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ পিছত ১৮৭৪ চনত টেছলা মুখামুখি হ’বলগীয়া হ’ল আৰ্মীৰ এটা সাক্ষাৎকাৰৰ৷ কিন্তু টেছলা তাৰ পৰা পলাই ট’মিনগঞ্জ নামৰ ঠাই এডোখৰ পালেগৈ৷ প্ৰকৃতিৰ বিচিত্ৰ অনুপম উপাদানেৰে পৰিপূৰ্ণ এই ঠাইতেই টেছলাই চিকাৰীৰ বেশভূষা পৰিধান কৰি পাহাৰৰ ৰূপ-গুণ-সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰিলে৷ টেছলাৰ মন আৰু শৰীৰ প্ৰকৃতিয়ে শক্তি আৰু সামৰ্থ্যৰে উজ্জীৱিত কৰি তুলিলে৷ কালজয়ী সাহিত্যিক মাৰ্ক টোৱেইনৰ সৃষ্টিৰাজিকে ধৰি আন বহুতো গ্ৰন্থ এইসময়ছোৱাত নিক’লা টেছলাৰ বৌদ্ধিক সংগী হ’ল৷

জীৱনৰ আদি সময়ছোৱাত টেছলাই প্ৰায়ে এটা অদ্ভুত, আশ্বৰ্যকৰ অসুস্থতাত ভুগিছিল৷ এইয়া টেছলাই আত্মজীৱনীত লিখি থৈ যোৱা কথা৷ অসুস্থ হৈ থকা সময়ছোৱাত টেছলাৰ চকুৰ আগত পোহৰৰ বিকিৰিত ৰশ্মি কিছুমানে একো একোটা সপোনৰ দৰে অগা-দেৱা কৰিছিলহি৷ সপোনবোৰৰ লগত এটা বিশেষ শব্দ নাইবা ধাৰণা সংপৃক্ত হৈ আছিল৷ কোনোবা এক ক্ষণত এই বিশেষ দৃষ্টিৰ জৰিয়তে টেছলাই পৰিচিত সমস্যা একোটাৰ সমাধানৰ ইংগিত পাইছিল ৷ আহিলা নাইবা সঁজুলি এটাৰ নাম শুনাৰ মুহূৰ্ততে টেছলাই তাৰ ব্যৱহাৰিক ৰূপটো কল্পনা কৰিলৈ সক্ষম হৈছিল৷ টেছলাৰ কল্পনা-শক্তি আছিল অবিশ্বাস্যভাৱে বিস্ময়কৰ৷ নতুন আৱিষ্কাৰৰ নিৰ্মাণকাৰ্যত মনোনিৱেশ কৰাৰ আগতেই তেওঁ সেই বস্তুবিধৰ জোখ-মাখকে ধৰি সমস্ত নিৰ্মাণ-শৈলী সম্পূৰ্ণ নিখুঁতভাৱে মনৰ মাজতে গঢ় দিব পাৰিছিল৷ তেওঁ কাগজ-পাতিত নিৰ্মাণৰ ছবি অকাৰ পৰিৱৰ্তে স্মৃতিৰ পৰাহে নিৰ্মাণ সম্বন্ধীয় সমস্ত তথ্য-পাতি আহৰণ কৰিছিল৷ টেছলাৰ স্মৃতিৰ এই শক্তিক “Eidetic Memory” বুলি ক’ব পাৰি৷ যাৰ জৰিয়তে টেছলাৰ কল্পনা-শক্তি এখন আলোকচিত্ৰৰ দৰে নিখুঁত হৈ পৰিছিল৷

যি কি নহওক, সামৰিক শাখা এটাৰ পৰা বৃত্তি লাভ কৰি ১৮৭৫ চনত টেছলাই অষ্ট্ৰিয়াৰ গ্ৰেজত স্থাপিত অষ্ট্ৰিয়ান পলিটেক্‌নিকত নামভৰ্তি কৰে৷ শিক্ষাগ্ৰহণৰ প্ৰথম দুটা বছৰ টেছলাই এজন অতিশয় আদৰ্শৱান আৰু নিষ্ঠাৱান ছাত্ৰৰ ভূমিকা পালন কৰে৷ টেছলাৰ পুৱাৰ দৈনন্দিন কৰ্মসূচীত জিৰণি, ছুটি নাইবা দেওবাৰ নামৰ কোনো শব্দয়েই নাছিল৷ পুৱতি নিশা তিনি বজাৰ পৰা নিশা ১১ বজালৈকে টেছলা নিজ কামত অহৰহ ব্যস্ত হৈ আছিল৷ প্ৰথম বৰ্ষত তেওঁ এদিনো ক্লাছ ক্ষতি কৰা নাছিল৷ প্ৰয়োজনতকৈও দুগুণ বেছিসংখ্যক পৰীক্ষাত (সৰ্বমুঠ নটা) টেছলা উত্তীৰ্ণ হৈছিল৷ শিক্ষাৰ্থী টেছলাৰ কাণ্ডত হতভম্ব হৈ কাৰিকৰী বিভাগৰ প্ৰধানে টেছলাৰ দেউতাকলৈ চিঠি লিখি পঠিয়াইছিল— “Your son is a star of first rank.”৷ ১৮৭৯ চনত টেছলাৰ দেউতাকৰ মৃত্যুৰ পিছত টেছলাই কেতবোৰ চিঠি উদ্ধাৰ কৰিছিল যিবোৰ টেছলাৰ দেউতাকলৈ বিদ্যালয়ৰ অধ্যাপকে প্ৰেৰণ কৰিছিল৷ সেই চিঠিবোৰৰ জৰিয়তে দেউতাকক সতৰ্কবাণী দিয়া হৈছিল যে টেছলাক অনতিপলমে বিদ্যালয়ৰ পৰা লৈ যাবহি লাগে, অন্যথা অত্যধিক কাম কৰি তেওঁ ল’ৰাৰ বিদ্যালয়তে অকাল মৃত্যু ঘটিব৷

শিক্ষাগ্ৰহণৰ দ্বিতীয় বৰ্ষত টেছলাৰ লগত অধ্যাপক প’চ্ছেলৰ (Poeschl) বাদানুবাদ টেছলাৰ জীৱনৰ আন এক গুৰুত্বপূৰ্ণ দিশ৷ তৰ্কৰ বিষয়টো আছিল— গ্ৰামে ডাইনাম’৷ ডাইনাম’ হৈছে একমুখী প্ৰৱাহত চালিত হোৱা বিদ্যুৎ-যান্ত্ৰিক যন্ত্ৰ৷ সাধাৰণতে এইলেখীয়া যন্ত্ৰত কমুটেটৰ (Commutator) নামৰ অংশ থাকে যি বিদ্যুৎ-চুম্বকীয় বৰ্তনীত উৎপন্ন হোৱা পৰিৱৰ্তী প্ৰৱাহক একমুখী প্ৰৱাহলৈ ৰূপান্তৰিত কৰে৷ টেছলাই যুক্তি দৰ্শাইছিল যে— এই যন্ত্ৰটোত ‘কমিউটেটৰ’ৰ ব্যৱহাৰ অনাৱশ্যক৷

পঠনীয়:  ছাৰ টিম বাৰ্ণাৰ্ছ-লী — নতুন যুগৰ গুটেনবাৰ্গ

শিক্ষাগ্ৰহণৰ তৃতীয় বৰ্ষত টেছলাৰ ছন্দপতন ঘটিল৷ নিক’লা টেছলাৰ মন-মগজুত জুৱাৰ আসক্তি লম্ভিল৷ জলপানিতো হেৰুওৱাৰ পিছত টেছলাই নিজৰ ভাট্টা আৰু টিউচনৰ সমস্ত টকাও জুৱাৰ নিচাই কাঢ়ি নিলে৷ যেতিয়া পৰীক্ষাৰ সময় সমাগত হ’ল, তেতিয়া অপ্ৰস্তুত টেছলাই পৰীক্ষা পিছুৱাই দিবলৈ আহ্বান জনালে৷ যাতে টেছলাই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে৷ কিন্তু টেছলাৰ এই কাতৰ আহ্বানৰ প্ৰতি বিদ্যালয় কতৃপক্ষই কাণসাৰ নিদিলে৷ ইয়াৰ ফলাফল হিচাপে টেছলাই বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভ নকৰিলে আৰু অন্তিম ষান্মানিকৰ বাবে নম্বৰো নাপালে৷

১৮৭৮ চনৰ ডিচেম্বৰত টেছলাই পলিটেকনিক ত্যাগ কৰিবলৈ বাধ্য হয়৷ শিক্ষাজীৱনত সংঘটিত এই গুৰুতৰ বিসংগতিৰ কথা ঘৰৰ মানুহে যাতে গম নাপায়, তাৰ বাবে টেছলাই ঘৰৰ মানুহৰ পৰা আত্মগোপন কৰে৷ শিক্ষা আধাতে সামৰি টেছলা বৰ্তমানৰ শ্ল’ভেনিয়া আৰু তেতিয়াৰ ‘ম’ৰিবৰ’ নামে ঠাইলৈ যায়৷ তাতে টেছলাই নক্সাকাৰ (draftsman) হিচাপে কাম কৰে৷

পুত্ৰক বিচাৰি ১৮৭৯ চনৰ মাৰ্চত দেউতাক মিলুটিন ম’ৰিবৰত উপস্থিত হয়৷ কিন্তু দেউতাকৰ কাতৰ প্ৰাৰ্থনাক অগ্ৰাহ্য কৰি পুত্ৰ টেছলাই ম’ৰিবৰতে থকাৰ সিদ্ধান্ত লয়৷ সেইছোৱা সময়তে টেছলা এক স্নায়ৱিক বিজুতিৰ সন্মুখীন হয় যদিও সৌভাগ্যবশতঃ টেছলাৰ প্ৰাণ ৰক্ষা পৰে৷ তাৰ পিছৰ মাহতে দেউতাক মিলুটিনৰ ষাঠি বছৰ বয়সত মৃত্যু হয়৷

পিতাকৰ মৃত্যুৰ পিছত যুৱক টেছলাই ১৮৮০ চনত ‘প্ৰাগ্’লৈ গমন কৰে৷ (দুজন খুড়ায়েকৰ পৰা টেছলাই আৰ্থিক সাহায্য লাভ কৰে৷) এই যাত্ৰাৰ উদ্দেশ্য আছিল আধৰুৱা শিক্ষা সমাপ্ত কৰা৷ ‘প্ৰাগ্’ৰ চাৰ্লছ-ফাৰ্দিনাণ্ড বিশ্ববিদ্যালয়ত টেছলাৰ বিলম্বিত পদাৰ্পণৰ বাবে টেছলাই নামভৰ্তি কৰিব নোৱাৰিলে৷ তদুপৰি টেছলাই গ্ৰীচ আৰু ‘চেক’ (Czech) ভাষাৰো ভূ-ভা নাপাইছিল, যিকেইটা ভাষা পাঠ্যক্ৰমৰ বাবে নিতান্তই আৱশ্যকীয় আছিল৷ শেষত সেইখন বিশ্ববিদ্যালয়ৰ এজন অ’ডিটৰ হিচাপে (auditor) হিচাপে টেছলাই অধ্যাপকৰ বক্তৃতাসমূহ শুনাৰ সুযোগ লাভ কৰিছিল৷

পৰৱৰ্তী বছৰত অৰ্থাৎ ১৮৮১ চনত টেছলাই বুডাপেষ্টত থকা ‘চেণ্ট্ৰেল টেলিগ্ৰাফ অ’ফিচ’ত নক্সাকাৰ হিচাপে কাম কৰে৷ তাৰ ঠিক কেইটামান মাহৰ পিছতেই তেওঁৰ কৰ্মস্থলীৰ ঠিকনা সলনি হয়৷ টেছলাই ‘বুডাপেষ্ট টেলিফোন এক্সচেঞ্জ’ত মুখ্য ইলেক্ট্ৰিচিয়ানৰ পদত সংস্থাপিত হয়৷ এক্সচেঞ্জৰ মালিক হ’ল টিভাদাৰ পুছকাছ (Tivadar Puskás)৷ কাৰ্যনিৰ্বাহৰ সময়ছোৱাত টেছলাই টিভাদাৰ পুছকাছ মালিকানাধীন প্ৰতিষ্ঠানটোৰ গুৰুত্বপূৰ্ণ বিকাশ সাধন কৰে৷

১৮৮২ চনত টেছলাই পেৰিছস্থিত টমাছ আলভা এডিছনৰ বিখ্যাত ‘এডিছন’ কোম্পানীত চাকৰি কৰাৰ সুৱৰ্ণ সুযোগ লাভ কৰে৷ এই সুযোগটো প্ৰদান কৰে এক্সচেঞ্জৰ মালিক টিভাদাৰ পুছকাছে৷ এডিছন কোম্পানীৰ ‘Société Electrique Edison’ শাখাতেই টেছলাই নতুন কৰ্মজীৱনৰ পাতনি মেলে৷ টেছলাক বিজুলী-বাঁতি সংযোগ কৰাৰ (বৈদ্যুতিকীকৰণ) গুৰু দায়িত্ব অৰ্পণ কৰা হয়৷ বৈদ্যুতিকীকৰণৰ এই কামটোৱেই টেছলাৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰালটো টনকিয়াল কৰে বুলি ক’ব পাৰি৷ টেছলাৰ উদ্যম আৰু একাগ্ৰতাই কোম্পানীৰ উচ্চবৰ্গীয় সদস্যসকলক যথেষ্ট প্ৰভাৱান্বিত কৰে আৰু তেওঁলোকে টেছলাক ডাইনাম’ আৰু মটৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণৰ কামত নিয়োগ কৰে৷

১৮৮৪ চন৷ বোধহয় টেছলাৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সময়৷ কাৰণ সেইবছৰতে টেছলা মুখামুখি হয় সেই সময়ৰ পৃথিৱীৰ বহুচৰ্চিত আৰু প্ৰভাৱশালী ব্যক্তি টমাছ আলভা এডিছনৰ৷ পেৰিচত চলি থকা সমস্ত কামৰ নিৰীক্ষক তথা এডিছন কোম্পানীৰ মেনেজাৰ চাৰ্লছ বেট্‌চেলেৰক সেইবছৰ আমেৰিকাৰ নিউয়ৰ্কস্থিত ‘এডিছন মটৰ ৱৰ্কছ্’ৰ কাম-কাজ চোৱা-চিতা কৰিবলৈ মাতি পঠিউৱা হয়৷ বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞানেৰে ইতিমধ্যেই টেছলা এডিছনৰ কোম্পানীত সামান্য জনপ্ৰিয় হৈ উঠিছিল৷ কৰ্মৰ জৰিয়তে আহৰণ কৰা সেই সামান্য খ্যাতিয়েই টেছলাৰ বাবে এখন নতুন দুৱাৰ খুলি দিলে৷ মেনেজাৰ চাৰ্লছ বেট্‌চেলেৰৰ লগত এতিয়া নিক’লা টেছলাকো নিউয়ৰ্কস্থিত কোম্পানীলৈ আহিবলৈ নিৰ্দেশ দিয়া হ’ল৷ আৰু অৱশেষত ১৮৮৪ চনৰ জুন মাহত টেছলাই নিউউৰ্কৰ পদাৰ্পণ কৰে৷

টেছলাই নিউয়ৰ্কলৈ প্ৰব্ৰজন কৰা কালছোৱাৰপৰাই ‘দা ছিক্ৰেট অৱ নিক’লা টেছলা’ৰ মূল কাহিনী আগবাঢ়িছে৷ অৱশ্যে ছবিখনৰ প্ৰাৰম্ভতে এটা সাক্ষাৎকাৰৰ দৃশ্য দেখুউৱা হয়৷ নিউয়ৰ্কৰ হোটেলৰ এটা প্ৰায় অন্ধকাৰ কোঠাত বৃদ্ধ নিক’লা টেছলা আধা আন্ধাৰ-আধা পোহৰৰ মাজত এখন চকীত বহি থাকে৷ তেওঁৰ সন্মুখত বহি থকা ডেকা সাংবাদিকজনে টেছলাক কৰ্মময় জীৱন আৰু তেওঁৰ বিচিত্ৰ ব্যক্তিত্বৰ বিষয়ে একাধিক প্ৰশ্ন সোধে৷ প্ৰশ্নকালত টেছলা-সম্পৰ্কীয় নানানটা অদ্ভুত তথ্য পোহৰলৈ আহে৷ কেইবাবছৰৰো আগতে মৃত্যু হোৱা একালৰ সংগী ৱেষ্টিংহাউছ আৰু মাৰ্ক টোৱেইনৰ লগত টেছলাই শেহতীয়াকৈ বাৰ্তালাপ কৰা বুলি স্বীকাৰোক্তি দিয়ে যি কথাই সাংবাদিকজন হতবাক-বিস্মিত কৰে৷

যি সময়ত টেছলাই নিউয়ৰ্কত ভৰি থৈছিলগৈ, সেই সময়ত বিজ্ঞানী এডিছনে তেওঁৰ নতুনকৈ আৱিষ্কাৰ কৰা পৰম বিস্ময়কৰ যন্ত্ৰটোৰ নাম নিৰ্বাচন কৰাত ব্যস্ত আছিল৷ মানুহৰ মাজত অপাৰ কৌতূহল আৰু তীব্ৰ জিজ্ঞাসাৰ সৃষ্টি কৰা সেই যন্ত্ৰটোৰ নাম ৰখা হৈছিল ফ’ন’গ্ৰাফ; যিটো আছিল এডিছনৰ জীৱনৰ অন্যতম উল্লেখযোগ্য আৱিষ্কাৰ৷

তেনে এক ক্ষণতেই এডিছনৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ নিক’লা টেছলা৷ টেছলাৰ লগত আছিল তেওঁ প্ৰস্তুত কৰা মটৰৰ এখন নক্সা৷ এইখিনিতে দুটা উল্লেখ কৰিবলগীয়া কথা— এডিছন আৰু তেওঁৰ কোম্পানীয়ে যিমানবোৰ বৈদ্যুতিক আহিলা-সঁজুলি নিৰ্মাণ কৰিছিল, সেই সমূহ আহিলাক চালিত কৰা হৈছিল একমুখী প্ৰৱাহৰ জৰিয়তে -যাক ইংৰাজী ভাষাত Direct Current বুলি কোৱা হয় আৰু যাৰ সংক্ষিপ্ত ৰূপ D.C. বুলি জনা যায়৷ এডিছনে আৱিষ্কাৰ কৰা বিজুলী-বাঁতিটো জ্বলিবলৈও প্ৰয়োজন হৈছিল একমুখী প্ৰৱাহৰ৷ কিন্তু বৰ্তমান যুগত সকলো বৈদ্যুতিক সামগ্ৰী পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত হয়৷ যাক ইংৰাজী ভাষাত Alternating Current অৰ্থাৎ A.C. বুলি জনা হয়৷ সাধাৰণতে D.C. আৰু A.C. সংক্ষিপ্ত নাম দুটাহে প্ৰচলিত আৰু জনপ্ৰিয়৷

এডিছনৰ নেতৃত্বত আৰম্ভ হোৱা বিদ্যুৎ যোগান প্ৰক্ৰিয়াটোৰ মূল চালিকা শক্তি আছিল D.C.৷ মানুহে A.C.ৰ নাম-গোন্ধয়েই শুনা নাছিল৷ কিন্তু টেছলাই উপলব্ধি কৰিছিল— D.C. জৰিয়তে বিদ্যুৎ পৰিবহন আৰু বিতৰণ কৰাৰ প্ৰক্ৰিয়াটো সুফলদায়ক নহয়৷ আৰ্থিক আৰু কাৰিকৰী দুয়োটা পৰ্যায়তে লোকচান হয়৷ কম দূৰত্বৰ পৰিবহনৰ বাবেই উৎপাদনস্থলী আৰু উপভোক্তাৰ মাজত D.C.ৰ কেইবাটাও উৎপাদনকেন্দ্ৰ স্থাপন কৰিবলগা হৈছিল৷ D.C.ৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন কৰিবলৈ যাওঁতে লোকচানৰ পৰিমাণ হৈ পৰিছিল অস্বস্তিদায়ক৷ D.C.ৰ আটাইতকৈ ডাঙৰ অসুবিধাটো আছিল— D.C.ত বিদ্যুৎ প্ৰৱাহৰ ৰূপান্তৰণ সম্ভৱ নহৈছিল৷ এটা দিশত প্ৰৱাহিত হোৱাৰ কাৰণেই ইয়াৰ নাম একমুখী প্ৰৱাহ৷ কিন্তু A.C. আছিল ইয়াৰ ওলোটা৷ A.C.ত বিদ্যুতৰ সোঁত ধনাত্মক আৰু ঋনাত্মক — এই দুয়োটা দিশতে পৰিৱৰ্তিত হৈ থাকে৷ তদুপৰি A.C. ব্যৱস্থাত ট্ৰেন্সফৰ্মাৰৰ জৰিয়তে বিদ্যুৎ প্ৰৱাহৰ মান কমাই বিভৱভেদৰ পৰিমাণ বঢ়াব পাৰি, অথবা ইয়াৰ বিপৰীতটোও সম্ভৱ। অৰ্থাৎ বিভৱভেদৰ পৰিমাণ কমাই আনি প্ৰৱাহৰ মান বঢ়াব পাৰি৷ এই সুবিধাৰ কাৰণেই আধুনিক যুগত A.C.ৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন সম্ভৱ হৈছে৷ A.C.ৰ জৰিয়তে বিদ্যুৎ সৰবৰাহ কৰিলে বিদ্যুৎ শক্তিৰ যিমান অপচয় হয়, D.C.ৰ যোগেদি পৰিবহন কৰিলে বিদ্যুতৰ তাতকৈ অধিক গুণে অপচয় হয়৷

পৰিৱৰ্তী প্ৰৱাহৰ এই বৈশিষ্ট্যগত ধাৰণাটোক সাৰথি কৰিয়েই প্ৰৱল আত্মবিশ্বাসী টেছলা এডিছনৰ কাষ চাপিছিল৷ কিন্তু যেতিয়া নিক’লা টেছলাই তেওঁৰ অভিনৱ নক্সাটো এডিছনক দেখুৱাই Alternating Currentৰ প্ৰসংগ উলিয়ালে, তেতিয়া মহান বিজ্ঞানীজন হতভম্ব হৈ পৰিল৷ কিয়নো ইয়াৰ আগলৈকে তেওঁ এইদুটা শব্দ শুনায়েই নাছিল৷ নতুন প্ৰতিভাৰ অনুসন্ধিৎসু দৃষ্টিক একপ্ৰকাৰ অৱহেলা কৰি তেওঁৰ চকুত জিলিকি উঠিল বিদ্ৰোপমিশ্ৰিত আশ্বৰ্যৰ এক ক্ষীণ আভা৷ এডিছনে টেছলাৰ নক্সাটোক উপেক্ষা কৰিলে৷

পিছে টেছলা নিৰাশ নহ’ল৷ এডিছনৰ কোম্পানীত কাম কৰি থাকিল যদিও তেওঁৰ অৱচেতন মনত সেই বিশেষ ধাৰণাটোৱে অগা-দেৱা কৰি থাকিল৷ পিছে এডিছনৰ কোম্পানীত ছমাহ কাম কৰাৰ পিছত তেওঁ এডিছনৰ লগত হোৱা মনোমালিন্যৰ বাবে কোম্পানী ত্যাগ কৰিলে৷ মনোমালিন্যৰ কাৰণ ব’নাছ-সম্পৰ্কীয় বুলি ঠাৱৰ কৰা হয়৷

এদিন চহৰত এদল বনুৱাৰ লগত গাত খান্দি থকা অৱস্থাত টেছলাক দেখা পায় এখন প্ৰতিষ্ঠিত কাকতৰ সম্পাদক বব জনছন আৰু তেওঁৰ পত্নী কেথেৰিন জনছনে৷ এই দুজন ব্যক্তি বিশেষকৈ কেথেৰিনৰ লগত টেছলাৰ আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল৷ এই বন্ধুত্বৰ খাতিৰতে জনছন দম্পতীয়ে টেছলাক সামৰ্থানুযায়ী সহায় কৰাৰ আশ্বাস দিছিল৷ জীৱনৰ এইছোৱা সময়ক কষ্টদায়ক বুলি অভিহিত কৰি টেছলাই স্পষ্ট আক্ষেপেৰে কৈছে— “My high education in various branches of science, mechanics and literature seemed to me like a mockery.”

অপেক্ষাৰ ফল মিঠা৷ টেছলাৰ ক্ষেত্ৰতো সেয়াই ঘটিল৷ ১৮৮৬ চনত ৱেষ্টাৰ্ণ ইউনিয়নৰ অধীক্ষক আলফ্ৰেড ব্ৰাউন আৰু তেওঁৰ এজন সতীৰ্থৰ লগত টেছলাৰ সাক্ষাৎ হয়৷ কথোপকথনৰ অন্তত এই দুজন ব্যক্তিয়ে টেছলাৰ সপোনৰ প্ৰকল্পটোত আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁৰ হাতত এখন ‘চেক্’ অৰ্পণ কৰে৷ ১৮৮৭ চনৰ এপ্ৰিলত তেওঁলোকৰ সহযোগিতাত ‘টেছলা ইলেকট্ৰিক কোম্পানী’ স্থাপন কৰা হয় য’ত টেছলাই অভিনৱ আৰ্হিৰ মটৰটোৰ নিৰ্মাণকাৰ্যত গভীৰভাৱে মনোনিৱেশ কৰে৷ সেই বছৰৰে কোনোবা এটা দিনত টেছলাই তেওঁৰ কাৰখানাত ‘ইণ্ডাকছন মটৰ’(Induction Motor)ৰ নিৰ্মাণ সম্পূৰ্ণ কৰে৷ ক’ব পাৰি এই বিশেষ মটৰটোৰ আৱিষ্কাৰেই বৈদ্যুতিক ক্ষেত্ৰখনলৈ আলোড়ণকাৰী ধাৰা কঢ়িয়াই আনিলে৷ টেছলাৰ মটৰটো একমুখী প্ৰৱাহৰ পৰিৱৰ্তে পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত হৈছিল৷ এই বিশেষ মটৰটোত কমিউটেটৰ নামৰ অংশটো নাছিল যাৰ ফলত পূৰ্বৰ মটৰবোৰৰ দৰে এই মটৰত বিদ্যুতৰ অপচয় নহৈছিল৷ কমিউটেটৰযুক্ত মটৰবোৰত ‘স্পাৰ্কিঙ’ (Sparking)ৰ ফলত এক গুৰুত্বপূৰ্ণ পৰিমাণৰ বিদ্যুত ক্ষয় হৈছিল৷ প্ৰচলিত মটৰ আৰু টেছলাই নিৰ্মাণ কৰা মটৰটোৰ মাজত এইটোৱেই আছিল বিশেষ গুণগত পাৰ্থক্য৷ ১৮৮৮ চনৰ মে’ মাহত টেছলাৰ এই বিশেষ মটৰটোৱে ‘পেটেণ্ট্’ লাভ কৰে৷

‘টেছলা ইলেক্ট্ৰিক কোম্পানী’ৰ কাৰখানাত উদ্ভাৱন হোৱা এই নতুন যন্ত্ৰটোৰ বিষয়ে কোম্পানীয়ে বিভিন্ন মহলত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ ১৮৮৮ চনৰ ১৬ মে’ত ‘দা আমেৰিকান ইনষ্টিটিউট অৱ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰছ্’ৰ আগশাৰীৰ ব্যক্তিসকলৰ সন্মুখত টেছলাই তেওঁৰ মটৰটোৰ কলা-কৌশল আৰু কাৰ্যদক্ষতা প্ৰদৰ্শন কৰে৷ এই প্ৰদৰ্শনীৰ পিছতেই ‘Westinghouse Electric & Manufacturing Company’ৰ জৰ্জ ৱেষ্টিংহাউছে টেছলাক সাক্ষাৎ কৰে৷ পৰিৱৰ্তী প্ৰৱাহৰ বাণিজ্যিকীকৰণৰ প্ৰতি আকৃষ্ট ৱেষ্টিংহাউছ ঠিক এনে এটা মটৰৰেই সন্ধানত আছিল৷ টেছলাৰ মটৰটোৰ কাৰ্যদক্ষতাই তেওঁৰ দুচকুৰ আশা জীৱন্ত কৰি তুলিলে৷

পঠনীয়:  বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উত্তৰ পূৰ্বাঞ্চল

কিন্তু টেছলাৰ মটৰটোৰ কাৰ্যদক্ষতাৰ সন্দৰ্ভত এডিছনৰ সঁহাৰি আছিল চূড়ান্তভাৱে বিপৰীতধৰ্মী৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এডিছনে সম্পূৰ্ণ নিৰুদ্বেগ আৰু বেপৰোৱা ভংগীমাৰে কৈছিল যে এইটো মটৰৰ কোনো ব্যৱহাৰিক প্ৰয়োগ নাই৷ এডিছনৰ মতে এইয়া মাথোঁ টেছলাৰ এক কল্পনাহে৷

যি কি নহওক, ১৮৮৮ৰ জুলাইত টেছলা ইলেকট্ৰিক কোম্পানীৰ স্বত্বাধিকাৰী আলফ্ৰেড ব্ৰাউন আৰু চাৰ্লছ পেকে নিক’লা টেছলাৰ ইণ্ডাকছন মটৰ আৰু ট্ৰেন্সফৰ্মাৰৰ আৰ্হি জৰ্জ ৱেষ্টিংহাউছৰ হাতত অৰ্পণ কৰি বৃহৎ মূল্যৰ এখন চুক্তি স্বাক্ষৰ কৰে৷ টেছলাক এবছৰৰ বাবে ৱেষ্টিংহাউছৰ কোম্পানীৰ পিটছ্‌বাৰ্গস্থিত গৱেষণাগাৰত পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হয়৷ সেই নিযুক্তিও হৈছিল এক বৃহৎ মাহিলী দৰমহাৰ বিনিময়ত৷ (আজিৰ তাৰিখত সেই মাহিলী দৰমহাৰ পৰিমাণ হ’বগৈ প্ৰায় ৫৩,৩০০ ডলাৰ৷)

ঐতিহাসিক বিদ্যুতৰ যুদ্ধখনৰ সূচনা হৈছিল নায়েগ্ৰা জলপ্ৰপাতৰ পৰা বিদ্যুৎ শক্তি উৎপাদন আৰু পৰিবহনক কেন্দ্ৰ কৰি৷ কোৱাটো নিষ্প্ৰয়োজন যে যুদ্ধখনৰ প্ৰধান প্ৰতিদ্বন্দ্বী আছিল পৰিৱৰ্তী প্ৰৱাহৰ পৃষ্ঠপোষক জৰ্জ ৱেষ্টিংহাউছ আৰু একমুখী প্ৰৱাহৰ পৃষ্ঠপোষক টমাছ আলভা এডিছন৷ ৱেষ্টিংহাউছে যুক্তি দৰ্শাইছিল— টেছলাৰ মটৰটোৱে ইতিমধ্যেই ৪০টা ‘পেটেণ্ট’ লাভ কৰি নিজৰ গুৰুত্ব আৰু কাৰ্যদক্ষতা নিৰ্ভুলতাৰে প্ৰমাণ কৰিছে৷ টেছলাৰ মটৰটোৰ গুণ বখানি উদ্যোগী-উদ্ভাৱক ৱেষ্টিংহাউছে কৈছিল যে টেছলাৰ মটৰটোৰ জৰিয়তে পৰিৱৰ্তী প্ৰৱাহ উৎপাদন কৰিব পৰা যাব আৰু দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন সহজসাধ্য হৈ উঠিব৷ তীব্ৰ বিদ্ৰুপ আৰু ক্ষোভেৰে ইয়াৰ প্ৰত্যুত্তৰত এডিছনে কৈছিল যে— এই মটৰটো সম্পূৰ্ণ কাল্পনিক৷ নায়েগ্ৰা জলপ্ৰপাতৰ পৰা বিদ্যুৎ উৎপাদন, পৰিবহন, বিতৰণ কৰিবলৈ আমাৰ ওচৰত এটায়েই বিশ্বাসযোগ্য বিকল্প আছে— সেয়া হৈছে একমুখী প্ৰৱাহ৷

ইয়াতেই ক্ষান্ত নাথাকি এডিছনে তেওঁৰ প্ৰতিষ্ঠানৰ সন্মুখত একাধিক সাংবাদিক আৰু ব্যক্তি গোট খুৱাই পৰিৱৰ্তী প্ৰৱাহৰ ভয়াৱহতা আৰু নিৰাপত্তাহীনতাৰ প্ৰমাণ দাঙি ধৰিলে৷ বান্ধি থোৱা এটা কুকুৰৰ শৰীৰেৰে তেওঁলোকে পৰিৱৰ্তী প্ৰৱাহৰ সোঁত পাৰ কৰোৱালে৷ কুকুৰটোৱে তৎমুহূৰ্ততে প্ৰাণবায়ু এৰিলে৷ এজন চতুৰ ব্যৱসায়ীলৈ ৰূপ ধাৰণ কৰা বিজ্ঞানী এডিছনে জনতাক পতিয়ন নিয়াব বিচাৰিলে যে টেছলাৰ মটৰটোৰ ব্যৱহাৰে সকলোকে নিশ্চিত মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াব৷ গতিকে একমুখী প্ৰৱাহৰ ব্যৱহাৰৰ বাহিৰে এতিয়া গত্যন্তৰ নাই৷

পৰিৱৰ্তী প্ৰৱাহৰ এই ধ্বংসমুখী প্ৰচাৰৰ ঢৌক ভেটিবলৈ টেছলাই এটা সাহসী সিদ্ধান্ত ল’লে৷ ৱেষ্টিংহাউছৰ চিনাকি সাংবাদিক, সমাজৰ প্ৰভাৱশালী ব্যক্তিক তেওঁৰ গৱেষণাকক্ষলৈ আমন্ত্ৰিত কৰিলে৷ সকলোৱে আসন গ্ৰহণ কৰাৰ পিছত টেছলাই বিশেষ পৰীক্ষাটো প্ৰদৰ্শন কৰিবলৈ আগুৱাই আহিল৷ দুটা বাল্বৰ মাজত এডাল তাঁৰ সংযোগ কৰি তাৰ মাজেৰে পৰিৱৰ্তী প্ৰৱাহ চালিত কৰিলে৷ বিভৱভেদৰ অত্যধিক ক্ষমতা বহন কৰিব নোৱাৰি এসময়ত তাঁৰডাল পুৰি ছাৰখাৰ হ’ল৷ এইবাৰ নিক’লা টেছলাই নিজৰ দুখন হাতকে তাঁৰডালৰ ঠাইত সংযুক্ত কৰাৰ কথা ঘোষণা কৰিলে৷ তেওঁ ক’লে যে ‘If my alternating current kills, then I deserve to be victimize myself.” তেওঁ এখন হাত ইলেকট্ৰ’ডত থৈ আনখন হাতেৰে আনডাল ইলেক্ট্ৰডত থ’বলৈ লওঁতেই সন্মুখত বহি থকা আসনৰ পৰা তেওঁৰ ভাল বন্ধু কেথেৰিন জনছন উঠি আহিল৷ টেছলাই কৰিবলৈ ওলোৱা কামটোৰ সম্ভাৱ্য ভয়াৱহতা উপলব্ধি কৰি কেথেৰিন আতঙ্কত কম্পমান হৈ উঠিছিল৷ পিছে আত্মবিশ্বাসী টেছলাই তেওঁৰ হাতখনেৰে কেথেৰিনৰ হাতত স্পৰ্শ কৰি দিলে৷ কেথেৰিনৰ আনখন হাত ইতিমধ্যেই আনডাল ইলেক্ট্ৰডত আছিলেই৷ টেছলাৰ হাতখনে কেথেৰিনৰ আঙুলিৰ মাজত আবদ্ধ হোৱাৰ ফলত বৰ্তনীটো সম্পূৰ্ণ হ’ল আৰু নুমাই যোৱা বাল্বদুটা জ্বলি উঠিল৷ উপস্থিত অতিথিবৃন্দই এই সমস্ত দৃশ্য পৰিমাপহীন বিস্ময় আৰু অনিৰ্বচনীয় কৌতূহলেৰে প্ৰত্যক্ষ কৰি থাকিল৷

ছবিখনৰ কাহিনীত ইয়াৰ পিছত প্ৰৱেশ কৰে জে. পি. মৰ্গানে৷ জে. পি. মৰ্গান আছিল এজন প্ৰতিপত্তিশালী আমেৰিকান বিনিয়োগকাৰী৷ মৰ্গানৰ সুবিশাল কক্ষত এডিছন আৰু টেছলাৰ মাজত পুনৰ এখন তৰ্কযুদ্ধ হয়৷ তৰ্কত এডিছনক অধিক আক্ৰমণাত্মক হৈ উঠা দেখা যায়৷ অৱশ্যে টেছলাৰ পৰিৱৰ্তী প্ৰৱাহৰ ধাৰণাইহে মৰ্গানৰ মন জয় কৰিবলৈ সক্ষম হ’ল আৰু মৰ্গানে টেছলাৰ লগত ব্যৱসায় কৰাৰ কথা প্ৰকাশ কৰিলে৷

এডিছনৰ কোম্পানীৰ সহায়ক বিভাগৰ এছাম মানুহ টেছলাৰ পৰিৱৰ্তী প্ৰৱাহৰ ধাৰণাটোৰ প্ৰতি আকৃষ্ট হৈছিল৷ নিজৰ A.C.-বিৰোধী মতসমূহক কোম্পানীৰ মানুহৰ মাজত সবলভাৱে পুনঃপ্ৰতিষ্ঠিত কৰিবৰ নোৱাৰাৰ বাবেই হয়তো বিদ্যুতৰ ব্যৱসায়ৰ প্ৰতি এডিছনে আকৰ্ষণ হেৰুৱাইছিল৷ আৰু অৱশেষত বিদ্যুতৰ ব্যৱসায় এৰি এডিছনে লো আকৰ শোধন কৰাৰ প্ৰকল্প এটাৰ সৈতে জড়িত হৈ পৰিল৷

পৰিৱৰ্তী প্ৰৱাহৰ ধাৰণাটোৰ জৰিয়তে লাভ কৰা ‘পেটেণ্ট’ আৰু উপাৰ্জন কৰা ধনৰ সহায়ত টেছলাই ব্যক্তিগত কেতবোৰ আকাংক্ষা পূৰণৰ দিশে আগবাঢ়িল৷ মানহাট্টানৰ একাধিক ঠাইত টেছলাই নিজৰ গৱেষণাগাৰ সাজি কেইবাটাও অভিনৱ আৱিষ্কাৰ কৰিলে৷ এইবোৰৰ ভিতৰত টেছলা কয়ল, তাঁৰবিহীন বৈদ্যুতিকীকৰণ, ভাপ চালিত দোলিত উৎপাদক আছিল প্ৰধান৷ টেছলাই আৱিষ্কাৰ কৰা কেইবাটাও অভিনৱ কৰ্মৰ নিদৰ্শনক ছবিখনত মনোগ্ৰাহীকৈ উপস্থাপন কৰা হৈছে৷ তাৰ ভিতৰত ৰিম’ট ৰেডিঅ’ কণ্ট্ৰ’ল, ক’ল’ৰাড’ স্প্ৰিংজ, ৱাৰ্ডেনক্লাইফ আদি৷

টেছলাৰ জীৱনৰ এটা দুৰ্ভাগ্যজনক ক্ষণক ছবিখনত উপস্থাপিত কৰা হৈছে৷ ১৮৯৫ চনৰ ১৩ মাৰ্চ৷ ছাউথ ফিফথ্ এভিনিউস্থিত টেছলাৰ গৱেষণাগাৰটোক প্ৰকাণ্ড অগ্নিশিখাই আগুৰি ধৰিলে৷ টেছলাৰ প্ৰাণতকৈও আপোন কিছুমান গুৰুত্বপূৰ্ণ নথি, আৰ্হি, সঁজুলি ভস্মীভূত হ’ল৷ জুইৰ এই তাণ্ডৱে টেছলাক মানসিকভাৱে যথেষ্ট হতাশ কৰি তুলিছিল৷ হতাশগ্ৰস্ততাৰ পৰা উলটি আহি টেছলাই নিজৰ গৱেষণাগাৰ হাউস্টনৰ দুটা মহলাত নিৰ্মাণ কৰিছিল৷

জে. পি. মৰ্গানৰ পৰা প্ৰাপ্ত ধন খটুৱাই ১৯০১ চনত টেছলাই এটা বৃহৎ প্ৰকল্প হাতত ল’লে৷ তাঁৰবিহীন পৰিবহন৷ ইয়াৰ বাবে প্ৰয়োজন হৈছিল এটা সুউচ্চ টাৱাৰ— যাৰ নাম আছিল ‘ৱাৰ্ডেনক্লাইফ টাৱাৰ’৷ নিউয়ৰ্কৰ শ্ব’ৰহ’মত টেছলাৰ এই প্ৰকল্প আৰম্ভ হ’ল৷ সেইসময়তে মাৰ্কণি নামৰ বিখ্যাত বিজ্ঞানীজনো ঠিক তেনে এটা প্ৰকল্পৰ ৰূপায়ণতে ব্যস্ত আছিল৷ টেছলাই যাক তেওঁ কৰি থকা প্ৰকল্পটোৰ নকল বুলি অভিহিত কৰিছিল৷ টেছলাই মাৰ্কণিক উচিত প্ৰত্যুত্তৰ দিয়াৰ প্ৰত্যাশাৰে আগতকৈও শক্তিশালী ‘ট্ৰেন্সমিটাৰ’ এটা নিৰ্মাণৰ কথা ভাবিলে৷ কিন্তু তেওঁৰ বিনিয়োগকাৰী মৰ্গানে টেছলাৰ প্ৰকল্পৰ বাবে অতিৰিক্ত অৰ্থ-সাহায্য দিবলৈ অমান্তি হ’ল৷ সপোনৰ প্ৰকল্পটোৰ বাবে অৰ্থ-সাহায্য বিচাৰি টেছলাই পৰৱৰ্তী পাঁচটা বছৰত জে. পি. মৰ্গানলৈ পঞ্চাছখনতকৈও অধিক অনুৰোধসূচক চিঠি প্ৰেৰণ কৰিছিল৷ জে. পি. মৰ্গানৰ বিয়োগৰ পিছত টেছলাই চিঠি লিখিছিল তেওঁৰ পুত্ৰ জেক মৰ্গানলৈ৷ এই সময়ৰ ভিতৰতে মাৰ্কণিয়ে তেওঁৰ আৱিষ্কাৰৰ জৰিয়তে জনাজাত আৰু প্ৰভাৱশালী হৈ পৰিল৷ ‘তাঁৰবিহীন পৰিবহন’ কৰা প্ৰথমজন ব্যক্তিহিচাপে মাৰ্কণিক সকলোৱে চিনি পালে৷

টেছলাৰ আকাংক্ষিত সাফল্যৰ সন্মুখত হেঙাৰ হৈ থিয় দিলেহি সংবাদ মহলৰ একাংশ মানুহ৷ তেওঁলোকে টেছলাৰ প্ৰকল্পক ‘ভুৱা’ আখ্যা দিলে৷ এইবোৰ বেমেজালিয়ে টেছলাৰ আৱিষ্কাৰৰ গতি স্তিমিত কৰি তুলিলে৷ ১৯০৫ চনত প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ হ’ল৷ সিপিনে ক্ৰমাৎ ধাৰত পোত যোৱা টেছলাই অৱশেষত ধাৰ মাৰিবলৈ ‘ৱাৰ্ডেনক্লাইফ’ৰ সম্পত্তি বন্ধকত দিবলগীয়া হ’ল৷ ১৯১৫ চনত টেছলাই এই সম্পত্তিও হেৰুৱালে আৰু ২০১৭ চনৰ এটা দুৰ্ভগীয়া ক্ষণত সমস্ত প্ৰকল্প ধ্বংস কৰি দিয়া হ’ল৷

‘দা ছিক্ৰেট অৱ নিক’লা টেছলা’ ছবিখনত টেছলাৰ জীৱনৰ এই সময়ছোৱালৈকে উপস্থাপিত কৰা হয়৷ আচলতে টেছলাৰ জীৱন-পৰিক্ৰমাৰ সমগ্ৰ কাহিনী হোটেলৰ কোঠাত বহি বৃদ্ধ টেছলাই কৰি থকা অতীত-সোঁৱৰণহে৷ ছবিখনত নেদেখুউৱা বহুকেইটা ঘটনা-পৰিঘটনাই টেছলাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ দখল কৰি আছে৷

টেছলাৰ ব্যক্তিত্বত কিছুমান এনে বৈশিষ্ট্য আছিল, যিবোৰ আন মানুহৰ ব্যক্তিত্বত খুব কমেইহে পৰিলক্ষিত হৈছিল৷ তেনে এটা বৈশিষ্ট্য আছিল— টেছলাই কোনোদিনেই কোনো মানুহৰ লগত কৰমৰ্দন নকৰিছিল৷ অত্যন্ত কষ্টসহিষ্ণু টেছলা অবিবাহিত আছিল৷ বিবাহ সম্বন্ধত টেছলাৰ ভাষ্য আছিল আমোদজনক৷ তেওঁ কৈছিল— “I do not think you can name many great inventions that have been made by married man.”

বিভিন্ন ঘাত-প্ৰতিঘাত, বিতৰ্ক, সংঘাতেৰে পৰিপূৰ্ণ টেছলা মানুহজন বহুতৰে ভাষাত ৰহস্যময় আছিল৷ তেওঁ যিধৰণে চিন্তা-চৰ্চা কৰিছিল, যিধৰণে তেওঁ আৱিষ্কাৰৰ সূত্ৰসমূহ লাভ কৰিছিল, যিধৰণে মানুহৰ লগত ভাৱ-বিনিময় কৰিছিল, যিদৰে জীৱনটো যাপন কৰিছিল, টেছলাৰ ভাৱ-ভংগী, অভিব্যক্তি — সেই সকলো দিশতে সদায়েই এক ৰহস্যৰ প্ৰলেপ আছিল৷ মানুহৰ বাবে টেছলা পৰম কৌতূহল আৰু আশ্বৰ্যৰ কাৰণ হৈ পৰিছিল৷ সেই কৌতূহল আৰু আশ্বৰ্য আজিকোপতি মাৰ যোৱা নাই৷

১৯৪৩ চনৰ ৭ জানুৱাৰীত নিউয়ৰ্ক হোটেলৰ ৩৩২৭ নং কোঠাত এলিছ ম’নাগহান নামৰ বনকৰা মহিলাগৰাকীয়ে টেছলাৰ অলৰ-অচৰ শৰীৰটো উদ্ধাৰ কৰে৷ টেছলাই তেওঁৰ কোঠাৰ দুৱাৰত আঁৰি থোৱা "do not disturb"ৰ কাগজখিলাক আওকাণ কৰি সোমাই যাওঁতেহে মহিলাগৰাকীয়ে এই দৃশ্য দেখা পালে, যিখন কাগজ দুদিন আগতেই তেওঁৰ দুৱাৰত ওলোমাই থৈছিল৷ স্বাস্থ্য-পৰীক্ষাৰ অন্তত পোহৰলৈ আহিল— ‘Coronary Thrombosis’ নামৰ ৰোগত আক্ৰান্ত হৈ টেছলাৰ মৃত্যু ঘটিছে৷ মৃত্যুৰ সময়ত টেছলাৰ বয়স আছিল ৮৬ বছৰ৷

এইদৰেই সৰ্বকালৰ এজন কালজয়ী বিজ্ঞানী নিক’লা টেছলাৰ জীৱনৰ কৰুণ অৱসান ঘটে৷

— ∞ —

(১) গুড উইল হাণ্টিং (২) ছামথিং ডা লৰ্ড মে’ড

(৩) লুচি (৪) ইণ্ডিপেণ্ডেন্স ডে’

(৫) দা মাৰ্টিয়ান

(৬) দা থিয়ৰি অৱ এভ‌্ৰিথিং

(৭) দা ইমিটেছন গেইম

(৮) দা চিক্ৰেট অৱ নিক’লা টেছলা

(৯) আইনষ্টাইন এণ্ড এডিংটন

(১০) দা মেন হু নিউ ইন্‌ফিনিটি

2 Comments
  • চন্দন বৰা
    Posted at 22:39h, 01 March

    ঈশান জ্যোতি বৰাৰ "বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা" পঢ়ি আপ্লুত হৈছো ৷ তেওঁৰ এইলানি ৰচনা পঢ়িলে অলপো অনুভৱ নহয় যে আমি বিজ্ঞানৰ দৰে কঠিন, ভয় লগা বিষয় এটা পঢ়ি আছোঁ ৷ লিখাবোৰ - বিজ্ঞানৰ প্ৰতি মানুহ আকৰ্ষিত হ’ব পৰাকৈ অতি সৰল ৷

  • ঈশান
    Posted at 20:28h, 03 March

    বহুত ধন্যবাদ আপোনাক। উৎসাহিত হ'লোঁ।