ছাৰ টিম বাৰ্ণাৰ্ছ-লী — নতুন যুগৰ গুটেনবাৰ্গ

বহুতো বিশিষ্ট ব্যক্তিৰ লেখা বা বক্তৃতাত প্ৰসংগক্ৰমে “টাইম” আলোচনীৰ কুৰি শতিকাৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আৰু গোটেই শতিকাটোৰ সৰ্বশ্ৰেষ্ঠ এজন ব্যক্তিৰ তালিকাখনৰ কথা সততে পঢ়িবলৈ-শুনিবলৈ পোৱা যায়। সেয়েহে তালিকাখনৰ প্ৰতি আমাৰো কিছু কৌতুহল হয়। “ন’বেল বঁটা বিজয়ী লেখকসকল” ধৰণৰ গ্ৰন্থসমূহৰ দৰে এই “এশ”জন ব্যক্তিক সমৰি জীৱনী-গ্ৰন্থ এখন লিখিলে খুৱ ভাল গ্ৰন্থ এখন পোৱা যাব; যদিহে তাৰ লেখাসমূহ কেৱল চন-তাৰিখৰ উল্লেখেৰে ভৰি নাথাকি ব্যক্তিসকলৰ দোষ-গুণ, সৌভাগ্য-হতাশা-সাধনা, তেওঁলোকৰ কামৰ গুৰুত্ব বা অনিষ্টকাৰী উপাদান, বা তালিকাখনত যদিহে কিবা পক্ষপাতদুষ্টতা আছে সেই সকলোখিনি সামৰি লিখা হয়।

তালিকাখন পাঁচটা ভাগত ভগোৱা হৈছিল। নেতা আৰু বিপ্লৱীসকল, শিল্পী আৰু মনোৰঞ্জনকাৰীসকল, নিৰ্মাতা আৰু ওজস্বীসকল, বিজ্ঞানী আৰু চিন্তাবিদসকল, নায়ক আৰু লব্ধপ্ৰতিষ্ঠসকল। এই প্ৰতিটো ভাগতে নিৰ্বাচন কৰা হৈছিল ২০জনকৈ ব্যক্তি। বিজ্ঞানী আৰু চিন্তাবিদসকলৰ ভাগটোত যুতীয়াভাৱে অন্তৰ্ভুক্ত হোৱাসকলক মিলাই মুঠতে অন্তৰ্ভুক্ত হৈছিল ২৪জন ব্যক্তি। তাৰে ৪জন আছিল তালিকাখন প্ৰকাশৰ সময়ত জীৱিত ব্যক্তি (বৰ্তমান ৩জন জীৱিত), আৰু তেওঁলোকৰ এজনক বাদ দি বাকী তিনিওজনেই অন্তৰ্ভুক্ত হৈছিল কাৰোবাৰ সৈতে যুতীয়াভাৱে। সেই এজনৰ নামটো হ’ল— টিম বাৰ্ণাৰ্ছ-লী। তালিকাখন প্ৰকাশৰ সময়ত তেওঁৰ বয়স ৪৫ বছৰো পুৰ হোৱা নাছিল। অৰ্থাৎ তেওঁৰ কামৰ প্ৰভাৱ সেই শতিকাটোৰ শেষৰ এটা বা দুটা দশকতহে পৰিছিল বুলি পোনতেই অনুমান কৰিব পাৰি। কিন্তু সেইখিনি প্ৰভাৱেৰেই তেওঁ গোটেই শতিকাটোৰে সৰ্বাধিক গুৰুত্বপূৰ্ণ ২০জনৰ তালিকাত আইনষ্টাইন, ৰাইট ভাতৃদ্বয়, চিগমুণ্ড ফ্ৰয়েডৰ দৰে চৰ্চিত বিজ্ঞানীসকলৰ লগত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল! তেওঁক সততে কোৱা হয়— নতুন যুগৰ গুটেনবাৰ্গ।

পঞ্চদশ শতিকাত গুটেনবাৰ্গে (১৩৯৮-১৪৬৮) ছপাশালৰ বিকাশ সাধন কৰিছিল। ই পূৰ্বৰ তুলনাত তেনেই কম কষ্টেৰে বহু সংখ্যক ছপা-বস্তু প্ৰকাশ কৰাত যুগমীয়া প্ৰভাৱ পেলালে। ফলত মানুহৰ জ্ঞান-চৰ্চা সহজসাধ্য হৈ উঠিল। কোনো স্থানৰ মানুহৰ মাজত চৰ্চিত বিষয়-বস্তু আন দূৰ স্থানৰ মানুহে আহৰণ কৰাটো সুচল হৈ পৰাত কাৰোবাৰ সাধনালব্ধ আৰ্জিত জ্ঞান বহু অধিক মানুহৰ মাজলৈ বিয়পি গ’ল; ফলত অধ্যয়নৰ বিষয়-বস্তুৰ পৰিসৰ বাঢ়িবলৈ ধৰিলে। জ্যোতিৰ্বিদ কেপলাৰ(১৫৭১-১৬৩০)ৰ ভাষাৰে— “প্ৰতি বছৰে, বিশেষকৈ ১৫৬৩ চনৰ পৰা, প্ৰতিটো ক্ষেত্ৰতে প্ৰকাশিত লেখনিৰ সংখ্যা পাৰ হৈ যোৱা হাজাৰ বছৰত প্ৰকাশিত সমুদায় লেখাতকৈয়ো অধিক হৈ উঠিল।” আনহাতে, শোষিত মানুহক নিজৰ প্ৰাপ্যৰ প্ৰতি জগাই তুলিবলৈ, সংগ্ৰামী জনতাক একত্ৰিত কৰিবলৈ তেওঁলোকৰ মাজত লেখা বিতৰণো সহজ হৈ পৰিল। সাক্ষৰতাৰ হাৰ বৃদ্ধি, জনসংযোগ বা বৌদ্ধিক সংযোগকে আদি কৰি সমুদাই প্ৰভাৱে মানৱ সভ্যতাৰ বিকাশ খৰটকীয়া কৰি তুলিলে। কেৱল সেয়াই নহয়, দাৰিদ্ৰ আৰু আৰ্থিক-সংঘাতৰ মাজেৰে জীৱন পাৰ কৰি যোৱা গুটেনবাৰ্গৰ সেই বিকাশ সাধনে বিশ্বজুৰি সহস্ৰ সহস্ৰ মানুহৰ জীৱিকাৰ বাটো মুকলি কৰি দিলে। গুটেনবাৰ্গৰ সেই কামক গোটেই দ্বিতীয় সহস্ৰাব্দটোৰ শ্ৰেষ্ঠতম উদ্ভাৱন বুলিও বিবেচনা কৰা হয়।

Tim-Berners-Leeটিম বাৰ্ণাৰ্ছ-লীয়ে যি উদ্ভাৱন কৰিলে সেয়া পূৰ্বতে কল্পবিজ্ঞান লেখকৰো বিষয়-বস্তু আছিল। স্বনামধন্য কল্পবিজ্ঞান লেখক আৰ্থাৰ চি. ক্লাৰ্কে ১৯৭৪ চনৰ এটা সাক্ষাৎকাৰত এই বক্তব্য দাঙি ধৰিছিল যে ২০০১ চনলৈ মানুহে ঘৰতে বহি সেই সময়তকৈ বহু সৰু আকৃতিৰ কম্পিউটাৰৰ যোগেৰেই পৃথিৱীজুৰি সংযোগ স্থাপন কৰি সমুদায় তথ্যৰ সন্ধান কৰিব পাৰিব, আনকি ঘৰতে বহি মানুহে দূৰ প্ৰান্তৰ মানুহৰ লগত সামুহিক আলোচনা বা ব্যৱসায়িক কামো সম্পাদন কৰিব পাৰিব। একেজন লেখকেই ১৯৬৫ চনত “Dial F for Frankestein” শীৰ্ষক গল্পটোত বিশ্বব্যাপ্ত সংযোগৰ এক কল্পকথা বৰ্ণনা কৰিছিল। মাৰ্ক টোয়েইনে (ড° ভূপেন হাজৰিকাৰ “মই এটি যাযাবৰ” শীৰ্ষক গীতটিৰ “মাৰ্ক টোয়েইনৰ সমাধিত বহি গৰ্কীৰ কথা ক’লোঁ” শাৰীটিয়ে আমাৰ হয়তো বহুতৰে মনত তেওঁক অধিক পৰিচিত কৰি ৰাখিছে) ১৮৯৮ চনত “From The ‘London Times’ of 1904” শীৰ্ষক গল্পত বিশেষ দূৰসংযোগ সামগ্ৰীৰে যিকোনো প্ৰান্তৰ তথ্যৰ তাৎক্ষণিক আহৰণ, যিকোনো স্থানৰ তথ্য নিজ স্থানতে কায়িকভাৱে থকাৰ দৰে প্ৰত্যক্ষ কৰিব পৰা ব্যৱস্থা আদিৰ এক কল্পনা প্ৰকাশ কৰিছিল। এইধৰণৰ কল্পনাবোৰকে টিম বাৰ্ণাৰ্ছ-লীয়ে ১৯৮৯ চনত ৱৰ্ল্ড ৱাইড ৱেব (চমুকৈ ৱেব) উদ্ভাৱনৰ দ্বাৰা সাকাৰ কৰি তুলিলে৷ আজি ইয়াৰ ব্যৱহাৰ সৰ্বত্ৰে ইমানেই ব্যাপক যে প্ৰায়ভাগ মানুহেই ইণ্টাৰনেট আৰু ৱৰ্ল্ড ৱাইড ৱেব সমাৰ্থক বুলি ভাবে।

ইণ্টাৰনেট হ’ল তাঁৰ বা অনাতাঁৰ মাধ্যমেৰে পৃথক পৃথক কম্পিউটাৰ তথা আন বিভিন্ন সঁজুলিৰ মাজত তথ্য সৰবৰাহৰ এক বিশ্বজোৰা বৈদ্যুতিন কাৰ্য্যতন্ত্ৰ; এটা বিশ্বব্যাপ্ত সংযোগ ব্যৱস্থা। ৱৰ্ল্ড ৱাইড ৱেব উদ্ভাৱনৰ পূৰ্বৰ প্ৰায় তিনিটা দশকৰ পৰাই কিছুসংখ্যক প্ৰতিৰক্ষা সংস্থা, উচ্চ-শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আদিত টেক্সট বাৰ্তা প্ৰেৰণ বা বৰ্তমানৰ তুলনাত অতি সৰল ধৰণৰ টেক্সট ডকুমেণ্ট প্ৰেৰণ আদি কামেৰে ইণ্টাৰনেটৰ ব্যৱহাৰ হৈ আহিছিল; তেনে কিছুমান ব্যৱহাৰ এতিয়াও হয়। এইবোৰ পদ্ধতি কিছু সংখ্যক কাৰিকৰীভাৱে উচ্চ-শিক্ষিত অভিযন্তা বা গৱেষকৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু ৱৰ্ল্ড ৱাইড ৱেব— ব্যৱহাৰৰ তুলনামূলক সহজসাধ্যতা, খুৱ সুচল পদ্ধতিৰে তথ্যৰ চাহিদা পুৰণ কৰা আদি গুণৰ বাবে— উদ্ভাৱনৰ মুহূৰ্তৰ পৰাই খুৱ ত্বৰাণ্বিত গতিত ব্যৱহাৰ বাঢ়ি বৰ্তমান ২০১৬ চনত বিশ্বৰ অৰ্ধাংশ মানুহৰ মাজত ই বিয়পি পৰিল।

টিম বাৰ্ণাৰ্ছ-লীৰ জন্ম হৈছিল ১৯৫৫ চনৰ ৮ জুনত লণ্ডনত। বৰ্তমান ৯০ বছৰ অতিক্ৰম কৰা তেওঁৰ মাক-দেউতাকৰ চাৰিটা সন্তানৰ টিম হ’ল প্ৰথম সন্তান। মাক-দেউতাক দুয়োগৰাকীয়েই আছিল গণিতজ্ঞ। কিন্তু তেওঁলোক আমি সাধাৰণতে লগ পোৱা মৰামুৱা গণিতজ্ঞসকলৰ দৰে নাছিল, তেওঁলোক আছিল খুৱ উদ্যমী, বিষয়টোৰ প্ৰতি খুৱেই আকৃষ্ট; বহু ৰাপ আছিল তেওঁলোকৰ। আৰু মাক আছিল বিশ্বৰ প্ৰথম কম্পিউটাৰ প্ৰগ্ৰেমাৰ সকলৰ এজন। তেওঁলোক দুয়ো বিশ্বৰ প্ৰথম বানিজ্যিক-কম্পিউটাৰ নিৰ্মাণৰ লগত জড়িত আছিল। পাঁচ-ছবছৰ বয়সত টিমক দেউতাকে নিজৰ কৰ্মক্ষেত্ৰলৈ কম্পিউটাৰ দেখুৱাবলৈ লৈ গৈছিল। অৱশ্যে কলেজ নোপোৱা পৰ্যন্ত তেওঁ কম্পিউটাৰ ব্যৱহাৰ কৰি পোৱা নাছিল। মাক-দেউতাক দুয়োৱে ঘৰত প্ৰায়ে গাণিতিক বিষয়-বস্তুৰ চৰ্চা কৰিছিল আৰু সেই কাৰ্যই বৈজ্ঞানিক বিষয়ৰ প্ৰতি টিমৰ আগ্ৰহ বৃদ্ধি কৰিলে। গাণিতিক সমস্যা সমাধানৰ যি ৰোমাঞ্চ সেয়া তেওঁলোকে টিমহঁতক বুজাইছিল, আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰতি উদগনি যোগাইছিল। ঘৰখনত গণিতচৰ্চাৰ আনন্দময় পৰিৱেশৰ সৈতে টিমৰ শৈষৱ আছিল খুৱ মধুৰ। তেওঁৰ দুজন লগৰীয়া আছিল, তিনিওৰে মাজত বিজ্ঞানৰ বিভিন্ন কথা-বতৰা চলিছিল, খেলা-ধূলা বৰ বেছি হোৱা নাছিল। তিনিওৱে বিজ্ঞানৰ এখন কিতাপ লিখাৰো চিন্তা কৰিছিল। সেই সময়বোৰতে টিমে পুতলা ৰেল আদি সঁজুলি নিৰ্মাণ কৰি নিয়ন্ত্ৰণৰ কৌশল উলিওৱাৰ চেষ্টা কৰিছিল। স্কুলত তেওঁ কেইজনমান ভাল শিক্ষকো লগ পালে, যিকেইজনে পাঠ্যপুথিৰ সমাধান একোটাৰ উপৰি ছাত্ৰ-ছাত্ৰীক ভাবিবলৈ শিকাইছিল যে তাতকৈ উন্নত সমাধান থাকিব পাৰে নেকি, বা তেনে সমস্যাৰ কিবা সাধাৰণীকৰণ থাকিব পাৰে নেকি। এনেদৰেই একেবাৰে সৰুৰে পৰাই গণিত, বৈদ্যুতিক তথা অণুবৈদ্যুতিক বিষয় চৰ্চাৰ প্ৰতি টিম উৎসাহী হৈ উঠিল, আৰু কৈশোৰত খুৱ পঢ়িবলৈ ল’লে কল্পবিজ্ঞানৰ লেখা।

tim berners-lee-wwwযিহেতু গণিত আছিল টিমৰ আটাইতকৈ প্ৰিয় বিষয় আৰু অণুবৈদ্যুতিক বিষয়তো তেওঁৰ আগ্ৰহ গঢ়ি উঠিছিল, সেয়েহে দুয়োটা বিষয়ৰ মাজতে থাকিবলৈ বুলি তেওঁ অক্সফ’ৰ্ডৰ কুইনছ্ কলেজত পদাৰ্থবিজ্ঞান পঢ়াৰ সিদ্ধান্ত ল’লে। কিন্তু পিছত তেওঁ বুজি উঠিছিল যে পদাৰ্থবিজ্ঞানো এটা পৃথক বিষয়। তেওঁ এজন গণিতজ্ঞ হোৱাও নহ’ল আৰু অণুবৈদ্যুতিক বিষয়তো সিদ্ধহস্ত হৈ নুঠিলগৈ; কিন্তু পদাৰ্থবিজ্ঞানে তেওঁক আন কিছুমান নতুন দিশ চিন্তা কৰিবলৈ শিকালে। কলেজীয়া দিনবোৰত আজৰি সময়ত পুৰণা টিভিৰ মনিটৰ, গাড়ীৰ বেটেৰী আদি লগ লগাই তেওঁ কম্পিউটাৰ নিৰ্মাণ কৰিছিল। নিজা পৰীক্ষা-নিৰীক্ষাবোৰৰ বাবে বিভাগীয় কম্পিউটাৰ-সঁজুলি অপব্যৱহাৰ কৰা বুলি তেওঁক পৰীক্ষাগাৰত বাৰণ কৰা হৈছিল, আৰু সেই বাধা প্ৰদান কৰা কাৰ্যকৰ্তাজন আছিল টিমৰ মাক-দেউতাকৰ সৈতে এসময়ত একেলগে কাম কৰা এজন চিনাকি মানুহ। সেই কথাটোৱে টিমক নিজা কম্পিউটাৰ নিৰ্মাণৰ বাবে বেছিকৈ উদ্বুদ্ধ কৰিলে। ১৯৭৬ চনত অক্সফ’ৰ্ডৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লৈ স্নাতকোত্তৰ, পদাৰ্থ বিজ্ঞান বা কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট আদি পৰৱৰ্তী উচ্চ ডিগ্ৰী ল’বলৈ টিমে কোনো আদৰ্শ ব্যক্তি পোৱা নাছিল; সেই দিশে কি কৰিব লাগিব সেই সম্পৰ্কে তেওঁৰ ভাল ধাৰণা নাছিল। কিন্তু তেওঁ জানিছিল, সৰুৰে পৰা যিখিনি বিষয়ত তেওঁৰ ৰাপ আছিল তাৰে তেওঁ যিখিনি দক্ষতা অৰ্জন কৰিছে সেই দক্ষতা সেই সময়ত খুৱ কমৰেই আছে। সেয়েহে তেওঁ কম্পিউটাৰ প্ৰগ্ৰেমাৰ হিচাপে উপাৰ্জনৰ পথ উলিয়ালে। আগশাৰীৰ দূৰসঞ্চাৰ সংস্থাকে ধৰি আন প্ৰতিষ্ঠানত কেইবছৰমান জড়িত থাকি তেওঁ কেইবাটাও প্ৰযুক্তিৰ বিকাশ সাধন কৰে। ১৯৮০ চনৰ মাজভাগত ইউৰোপীয় নিউক্লীয় গৱেষণা সংস্থা, চমুকৈ চাৰ্ন(CERN)ত কিছুমান কম্পিউটাৰ প্ৰগ্ৰেমিং জড়িত এটা ছমহীয়া প্ৰকল্পৰ বাবে কিছুসংখ্যক কনচাল্টেণ্ট নিয়োগ কৰা হৈছিল। কেইজনমান সহকৰ্মীৰ সৈতে সেই প্ৰকল্পতেই নিয়োজিত হৈ টিমে এইবাৰ জেনেভাস্থিত চাৰ্নলৈ যাত্ৰা কৰিলে।

পঠনীয়:  শ্ৰীনিৱাস ৰামানুজন

১৯৫৪ চনত পশ্চিম ইউৰোপৰ ১২খন ৰাষ্ট্ৰৰ সহযোগত গঠিত চাৰ্নত কণিকা পদাৰ্থবিজ্ঞানৰ বিশ্বৰ সৰ্ববৃহৎ গৱেষণাগাৰটি পৰিচালিত হয়। সেই গৱেষণাগাৰটি প্ৰতিষ্ঠাৰ বাবে ১৯৫২ চনত এটি নিউক্লীয় গৱেষণা পৰিষদ গঠন হৈছিল, সেই পৰিষদৰ মূল ফৰাচী নামৰ আদ্যাক্ষৰ সমূহেৰে গঠিত শব্দটো আছিল CERN। ১৯৫৪ চনত নতুন নামেৰে সংস্থাটো গঠন কৰা হয় যদিও উচ্চাৰণৰ সুবিধাৰ বাবে সংক্ষিপ্ত নামটো চাৰ্ন বুলিয়েই ৰখা হ’ল। বৰ্তমান চাৰ্নৰ সদস্য-ৰাষ্ট্ৰ ২২খন আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু বিশ্ববিদ্যালয় তথা গৱেষণা প্ৰতিষ্ঠান ইয়াৰ গৱেষণা-সহযোগী। বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ বাবে বিশ্ব-শ্ৰেষ্ঠ ভালেসংখ্যক পদাৰ্থবিদ, অভিযন্তা আদি ইয়াত কৰ্মৰত।

tim১৯৮০ চনৰ ২৩ জুনৰ পৰা আৰম্ভ কৰা সেই ছমহীয়া প্ৰকল্পটোত টিমহঁতৰ কাম আছিল প্ৰগ্ৰেমিঙৰ খুঁত নিৰ্ণয় কৰা, সেইবোৰ দূৰ কৰা, নতুন চফ্টৱেৰ নিৰ্মাণ কৰা ইত্যাদি। এইসমূহ আছিল এটা বৃহৎ তন্ত্ৰৰ অংশ; চাৰ্নৰ সেই সময়ত কৰ্মী আছিল প্ৰায় ১০ হাজাৰ। নতুন চফ্টৱেৰ এটা কাৰ্যত খটুৱাবলৈ আন চফ্টৱেৰসমূহৰ লগত ই কাম কৰিবনে নাই, পৃথক পৃথক হাৰ্ডৱেৰসমূহত ই কামত আহিবনে নাই ইত্যাদি কথা পৰীক্ষা কৰিবলগা হৈছিল। তাৰবাবে এটা সহজ উপায় হিচাপে সেইসমূহৰ নিৰ্মাণকৰ্তাৰ লগত তেওঁলোকে আলোচনা কৰিছিল, আৰু সেয়া কৰিব লগা হৈছিল পুৱা কফিৰ সময়ত সকলো যেতিয়া মিলিত হয় তেতিয়া। গতিকে, কোনজনক কোনটো কথা সুধিব সেয়া মানুহজনৰ নামে-চেহেৰাই মনত ৰাখিব লগা হৈছিল। ইফালে, টিমৰ আছে এটা অকণমানি বাধা— তেওঁ নামে-মানুহে মনত ৰাখিবলৈ অলপ অসুবিধা পায়। তেওঁৰ বাবে সেয়া আছিল হতাশাজনক পৰিস্থিতি। কিন্তু নিজৰ ভাষাৰেই— তেওঁ হ’ল সমস্যা একোটা সমাধানৰ ৰোমাঞ্চে অনুপ্ৰাণিত কৰা মানুহ। সেই সামান্য বাধাটোৱেই তেওঁক ৱেবৰ স্ৰষ্টালৈ ৰূপান্তৰিত কৰাত বহু বৰঙণি যোগালে। প্ৰত্যাহ্বানটো দূৰ কৰিবলৈ তেওঁ Enquire বুলি এটা চফ্টৱেৰ নিৰ্মাণ কৰিলে, যিটোত কিবা এটা বস্তু বা কোনোবা মানুহৰ বিষয়ে কিছু কথা লিখিব পৰা যায় আৰু তথ্যসমূহ আন একোটা তথ্যৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যায়। সেইটো টিমে নিজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিছিল। অৱশ্যে আনকো ব্যৱহাৰ কৰিবলৈ তেওঁ কৈছিল, কিন্তু কোনেও হয়তো ব্যৱহাৰ কৰা নাছিল। তেওঁ চাৰ্নৰ পৰা যাওঁতে এটা ফ্লপীত সেইটো দি থৈ গৈছিল যদিও কোনোবাই হেৰুৱাই পেলালে। কিন্তু ই আছিল টিমৰ ৱেবৰ ধাৰণাটোৰ প্ৰাৰম্ভিক এটা অতি গুৰুত্বপূৰ্ণ ধাৰণাৰ অংকুৰণ। আৰু সেই ধাৰণাটোৰেই পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা টিম এইভাৱে চালিত হৈছিল যে এনে বস্তু এটাৰে প্ৰকৃততে মানুহৰ সহায়ক হ’বগৈ নে নাই।

চাৰ্নৰ পৰা গৈ টিম এটা কোম্পানীত জড়িত হ’ল, য’ত তেওঁ কম্পিউটাৰ নেটৱৰ্কৰ বহু অভিজ্ঞতা অৰ্জন কৰিলে। Enquire চফ্টৱেৰটো চাৰ্নৰ কৰ্মকৰ্তাই গ্ৰহণ কৰা নাছিল যদিও ই কিন্তু তাত তেওঁৰ এক উচ্চ প্ৰতিভাৰ ভাৱমূৰ্তি গঢ়ি তুলিছিল। ১৯৮৪ চনত পূৰ্ণকালীন বৃত্তি লৈ চাৰ্নত তেওঁ পুনৰ নিযুক্তি লাভ কৰিলে।

এইবাৰ টিমে পুনৰ নতুন প্ৰত্যাহ্বান আৰু হতাশাৰ মুখামুখি হ’ল। কম্পিউটাৰসমূহৰ কোনোটোত তথ্য ৰখা পদ্ধতি আন কোনোটোতকৈ পৃথক আছিল। প্ৰায়ভাগ সময়তেই একোটা তথ্যৰ প্ৰয়োজনত নিৰ্দিষ্ট কম্পিউটাৰসমূহ বিচাৰিব লগা হৈছিল। তাৰোপৰি পৰস্পৰে পৰস্পৰক তথ্যৰ যোগান নধৰিলে প্ৰয়োজনীয় তথ্য নিজে সন্ধান কৰাৰ সাধাৰণ উপায় নাছিল আৰু ইমান সংখ্যক বিজ্ঞানীৰ মাজত পৰস্পৰৰ যোগাযোগো আছিল দুৰূহ। এনেকুৱাও হৈছিল— কোনোবাই কেইবা সপ্তাহজোৰা কষ্টসাধ্য পৰীক্ষাৰে পোৱা তথ্যবস্তু একোটা আন কোনো বিজ্ঞানীয়ে বছৰ পূৰ্বেই নিৰ্ণয় কৰিছিল, যিটো সময়ত গম পোৱা নগৈছিল। এনেদৰেই মানৱ-শক্তিৰ বহু অযথা খৰচ সততে পৰিলক্ষিত হৈছিল। টিমে কল্পনা কৰিলে এটি সামুহিক তথ্যভাণ্ডাৰ য’ত একোটা ডকুমেণ্ট এটা নিৰ্দিষ্ট ঠিকনাৰে (যিটোক এতিয়া কোৱা হয় URL, ইউনিফৰ্ম ৰিচ’ৰ্চ লোকেটৰ, যাক আমি সাধাৰণে লিংক বুলি কৈ থাকোঁ) নিৰ্দেশিত হৈ থাকিব আৰু ইণ্টাৰনেট সংযোজিত যিকোনো ঠাইৰ যিকোনো কম্পিউটাৰৰ পৰাই সেই সমুদাই তথ্য আহৰণ কৰিব পৰা যাব। কোনো গৱেষকে গৱেষণাৰ ফলাফল তাত প্ৰকাশ কৰাৰ পাছতে আনে প্ৰয়োজনমতে তেনে তথ্যবস্তুৰ সন্ধান কৰিলে অনায়াসে সেইখিনি দেখা পাব! সেয়া আছিল কল্পনা; সম্পূৰ্ণ বিমূৰ্ত বস্তু। তেতিয়াৰ কল্পনাটো কিমান কঠিন আছিল আজি ৱেব ব্যৱহাৰকাৰীয়ে সেইটোও কল্পনা কৰা কঠিন!

TimBL১৯৮৯ চনৰ ১২ মাৰ্চত টিমে চাৰ্নৰ কৰ্মীসকলৰ মাজত “Information Management : A proposal” শীৰ্ষক এক প্ৰস্তাৱ প্ৰচাৰ কৰিলে। সেইটো দৰকাৰি বুলি কোনোবাই ধাৰণা কৰিছিল নে নাই টিমে জানিবলৈ নাপালে। ১৯৯০ চনৰ মে’ মাহত তেওঁ পুনৰ সেই প্ৰস্তাৱটোৰ প্ৰচাৰ চলালে। পদাৰ্থবিজ্ঞানৰ গৱেষণা-কেন্দ্ৰ হিচাপে  কম্পিউটাৰ বিজ্ঞানৰ বস্তু এটা মূল প্ৰকল্প হিচাপে অনুমতি প্ৰদান কৰাটো সম্ভৱ নহৈছিল, সেয়ে প্ৰান্তীয় প্ৰকল্প হিচাপে কামত আগবাঢ়িবলৈ টিমৰ প্ৰকল্প-মুৰব্বীগৰাকীয়ে চেপ্তেম্বৰ মাহত অনুমতি প্ৰদান কৰিলে। প্ৰস্তাৱটো সম্পৰ্কত তেওঁৰ অভিমত আছিল— “ধূসৰ, কিন্তু ৰোমাঞ্চকৰ”; যিটো পিছত টিমে জানিবলৈ পাইছিল।  কৰ্তৃপক্ষৰ সৈতে সাম্ভাব্য মুঠ খৰচ আৰু প্ৰয়োজনীয় সহযোগী ইত্যাদি ঠিক কৰি ১৯৯০ চনৰ অক্টোবৰৰ পৰা “ৱৰ্ল্ড ৱাইড ৱেব” নামেৰে প্ৰকল্পটো টিমে আৰম্ভ কৰিলে। ইতিমধ্যে কম্পিউটাৰৰ বহু উৎকৰ্ষ সাধন হৈছিল। টিমে প্ৰয়োজনীয় আন ব্যৱস্থাসমূহ— কেনেকৈ তথ্য সঞ্চয় কৰা হ’ব, কেনেকৈ সেইসমূহ ইণ্টাৰনেটৰ জৰিয়তে আদান-প্ৰদান কৰা হ’ব, পুনৰ সেইসমূহ কম্পিউটাৰ স্ক্ৰীণত কেনেদৰে প্ৰদৰ্শন কৰিব পৰা যাব ইত্যাদি পদ্ধতিবোৰ তৈয়াৰ কৰি উলিয়ালে। তেওঁ নিজে ব্যৱহাৰ কৰা কম্পিউটাৰটোকে প্ৰথমটো ৱেব চাৰ্ভাৰ হিচাপে প্ৰস্তুত কৰিলে। যিটোৰ সমুখত এটুকুৰা কাগজ লগাই লিখি থোৱা হৈছিল— “এইটো এটা চাৰ্ভাৰ, ইয়াৰ বিজুলী সংযোগ বন্ধ কৰি নিদিব!” ইয়াৰ প্ৰধান কাম হ’ল তথ্য উপলব্ধ কৰা আৰু ইণ্টাৰনেট সংযোজিত কম্পিউটাৰলৈ তথ্য চালিত কৰা। ১৯৯০ চনৰ ডিচেম্বৰৰ শেষলৈ তেওঁ এটা ব্ৰাউজাৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়ালে, আৰু চাৰ্নৰ কৰ্মীসকলৰ মাজত সেইটো বিতৰণ কৰা হ’ল। ব্ৰাউজাৰে চাৰ্ভাৰৰ পৰা তথ্যসমূহ কম্পিউটাৰ স্ক্ৰীণত আমি দেখা পোৱা ধৰণে প্ৰদৰ্শন কৰে; আৰু আমি স্ক্ৰীণত দেখা পোৱা সেই একোটা পৃষ্ঠাকে কোৱা হয় একোটা ৱেব-পেজ। একেটা “ডমেইন নেম”ত আবদ্ধ ৱেব-পেজৰসমূহৰ সংগ্ৰহেই হ’ল এটা ৱেবছাইট। ১৯৯১ চনৰ ৬ আগষ্টত টিমে প্ৰথমটো ৱেবছাইট মুকলি কৰে। যিটোত প্ৰকল্পটোৰ সম্পৰ্কে তথা কেনেদৰে চাৰ্ভাৰ, ৱেবছাইট আদি নিৰ্মাণ কৰিব পাৰি সেই সকলো কথা সন্নিবিষ্ট কৰা হৈছিল। যোৱা ৬ আগষ্টত বিশ্বৰ এই প্ৰথম ৱেবছাইটটো নিৰ্মাণৰ ৰূপালী জয়ন্তী পাৰ হৈছে। টিমে সেই প্ৰস্তাৱটো প্ৰচাৰ কৰা প্ৰথম দিনটোৱেই ৱেবৰ উদ্ভাৱনৰ দিন হিচাপে গ্ৰহণ কৰা হয়। সেয়েহে ২০১৪ চনৰ ১২ মাৰ্চৰ পৰা বছৰটো জুৰি বিশ্বৰ আগশাৰীৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠান, প্ৰযুক্তি-কোম্পানী আদিয়ে বিভিন্ন ধৰণেৰে ৱেব উদ্ভাৱনৰ ৰূপালী জয়ন্তী পালন কৰে।

ৱৰ্ল্ড ৱাইড ৱেব উদ্ভাৱনৰ কুৰি বছৰ পূৰ্তিত বিশ্বৰ প্ৰথমটো ৱেব চাৰ্ভাৰ, অৰ্থাৎ চাৰ্নত নিজে ব্যৱহাৰ কৰা NeXT কম্পিউটাৰটোৰ কাষত টিম বাৰ্ণাৰ্ছ-লী। যিটো বৰ্তমান চাৰ্নৰ মিউজিয়ামত সংৰক্ষিত।

ৱৰ্ল্ড ৱাইড ৱেব উদ্ভাৱনৰ কুৰি বছৰ পূৰ্তিত বিশ্বৰ প্ৰথমটো ৱেব চাৰ্ভাৰ, অৰ্থাৎ চাৰ্নত নিজে ব্যৱহাৰ কৰা NeXT কম্পিউটাৰটোৰ কাষত টিম বাৰ্ণাৰ্ছ-লী। যিটো বৰ্তমান চাৰ্নৰ মিউজিয়ামত সংৰক্ষিত।

টিমে প্ৰথম ৱেবছাইটটো মুকলি কৰাৰ পাছতে এজন কৰ্মীয়ে চাৰ্নৰ ফ’ন-ডাইৰেক্টৰীটো ৱেবছাইটযোগে আপল’ড কৰিলে। এইটো হ’ল ৱেবৰ প্ৰথমটো ব্যৱহাৰ। তাৰ পাছতে আন বিজ্ঞানীসকলেও তেওঁলোকৰ গৱেষণা-ফল, চাৰ্ন সম্পৰ্কীয় বিবিধ তথ্য ইত্যাদি আপল’ড কৰাত লাগিল। ১৯৯২ চনত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত এটা চাৰ্ভাৰ স্থাপন কৰা হ’ল। সেইটো হ’ল ইউৰোপৰ বাহিৰত প্ৰথমটো চাৰ্ভাৰ। সেই বছৰ নিৰ্মিত হ’ল ১০টা ৱেবছাইট। ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্ন কৰ্তৃপক্ষই ৱেবৰ লগত জড়িত সকলো প্ৰযুক্তি বিনামূলীয়া বুলি ঘোষণা কৰিলে। তাৰ পছতে কম্পিউটাৰৰ লগত জড়িতসকলৰ মাজত এই প্ৰযুক্তি জনাজাত হৈ পৰিল।

পঠনীয়:  পাইৰ কাহিনী

প্ৰথম ৱেবছাইটটো মুকলি কৰা প্ৰথম মাহত, অৰ্থাৎ ১৯৯১ চনৰ আগষ্ট মাহত গড় হিচাপে প্ৰতিদিনে টিমৰ চাৰ্ভাৰটোৰ হিটছ আছিল ১০০। পিছৰ বছৰ আগষ্ট মাহত ই হৈছিল ১০০০। আনহাতে, টিমে নিৰ্মাণ কৰা বিশ্বৰ প্ৰথম ব্ৰাউজাৰটো কেৱল NeXT কম্পিউটাৰতহে খটুৱাব পৰা গৈছিল আৰু ইয়াৰ দ্বাৰা স্ক্ৰীণত কেৱল আখৰহে প্ৰদৰ্শন কৰিব পৰা গৈছিল, ছবি আদি পৰা হোৱা নাছিল। আন অপাৰেটিং চিষ্টেমৰ বাবে দুই-তিনিটা ব্ৰাউজাৰ তাৰ পাছত নিৰ্মাণ হৈছিল যদিও ১৯৯৩ চনৰ জুনত যথেষ্ঠ উন্নত আৰু কেইবাটাও অপাৰেটিং চিষ্টেমত কামত অহা Mosaic ব্ৰাউজাৰৰ নিৰ্মাণে ৱেবৰ ব্যৱহাৰ বঢ়াত বহু সহায় কৰিলে। ১৯৯৩ চনৰ আগষ্টত টিমৰ চৰ্ভাৰত প্ৰতিদিনৰ হিটছ হ’লগৈ ১০,০০০। ১৯৯৪ চনৰ পৰা দূৰসঞ্চাৰ কোম্পানীবোৰে ইণ্টাৰনেট সংযোগ প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। যাৰ বাবে ইণ্টাৰনেট সংযোগ মানুহৰ ঘৰে ঘৰে আহি পৰিল। সেই বছৰ চাৰ্ভাৰৰ সংখ্যা ছশৰো অধিকলৈ বৃদ্ধি হ’ল আৰু ৱেবছাইটৰ সংখ্যা বৃদ্ধি হ’ল হাজাৰ সংখ্যকলৈ। বৰ্তমান মুঠ ৱেবছাইটৰ সংখ্যা হৈছেগৈ প্ৰায় ১০৭ কোটি। সেই সময়তে বিভিন্ন ব্ৰাউজাৰ নিৰ্মাণ আৰু তাৰ ব্যৱসায় আৰম্ভ হৈছিল, কিন্তু ১৯৯৫ চনত মাইক্ৰ’চফ্টে Internet Explorer নামৰ উন্নত ব্ৰাউজাৰটো বিনামূলীয়াকৈ মুকলি কৰাৰ লগে লগে সেই ব্যৱসায় তল পৰিল। ২০০৪ চনত আন এটা বিনামূলীয়া উন্নত ব্ৰাউজাৰ Firefox-এ আন এক মাত্ৰা প্ৰদান কৰিলে। ব্ৰাউজাৰ নিৰ্মাণ আৰু সেইসমূহৰ উন্নত সংস্কৰণ নিৰ্মাণৰ প্ৰতিযোগিতাই ৱেবছাইটসমূহত ছবি, অডিঅ’, ভিডিঅ’, পৰিসংখ্যা আদিৰ মনোগ্ৰাহী উপস্থাপন, পোনপটীয়া সম্প্ৰচাৰ, বিবিধ সম্পাদনাৰ ব্যৱস্থা ইত্যাদি উন্নত কৰিলে। আকৌ, বহু সাধনালব্ধ কিছুসংখ্যক ৱেবছাইট আৰু সেইসমূহত জড়িত নতুন তথ্য-প্ৰযুক্তিয়ে ৱেবৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ল’লে। ২০০০ চনত ৱেব ব্যৱহাৰ কৰিলে বিশ্বৰ মুঠ জনসংখ্যাৰ ৫ শতাংশই। ২০০৭ চনত ই হ’ল ১৭ শতাংশ। ২০১৪ চনত হ’লগৈ ৪০ শতাংশ। আনহাতে, ২০০০ চনৰ মুঠ ব্যৱহাৰকাৰীৰ তুলনাত ২০১৪ চনত মুঠ ব্যৱহাৰকাৰীৰ বৃদ্ধি হ’ল প্ৰায় ৮৫০ শতাংশ। এনেদৰেই গৱেষণা, ভাৱ বিনিময় ব্যৱস্থা, ধনৰ লেনদেন, ৰাজনীতি, মানৱসেৱা, নজনা ভাষাৰ লেখাৰ অনুবাদ পঢ়া, বিনোদন, মগজুকৰ্ষিত ক্ৰীড়া, ষ্ট্ৰীট ভিউ ইত্যাদি বিবিধ ক্ষেত্ৰত অবিশ্বাস্য পৰিৱৰ্তন আৰু সুচলতাৰে ৱৰ্ল্ড ৱাইড ৱেবে মানৱ-সভ্যতাৰ ধাৰাই সলনি কৰি পেলালে। আকৌ, বহু ব্যৱসায় ই সুচল কৰাৰ উপৰি ৱেব-প্ৰযুক্তি নিজেই হ’ল অলেখ মানুহৰ জীৱিকাৰ উপায়।

এনে এটা বস্তুৰে টিম সহস্ৰ অৰ্বুদ ধনৰ গৰাকী হ’ব পাৰিলেহেঁতেন। কিন্তু বহুতে তেওঁক ইয়াৰ দ্বাৰা উপাৰ্জনৰ বাবে খাটনি ধৰিলেও তেওঁ কেতিয়াও মান্তি নহৈছিল। এই সম্পৰ্কত টিমে ব্যাখ্যা কৰি কয় যে, তেওঁৰ উদ্যোগী দক্ষতাও নাছিল আৰু তেওঁৰ উদ্দেশ্য হৈছে— মানুহৰ ভৌগলিক সীমাহীন সংযোগত নতুন নতুন ধাৰণাৰ সমাহাৰেৰে ই যেনেকৈ নিজেও বিকশিত হৈছে আৰু সৃষ্টিশীলতাৰ নতুন দুৱাৰ খুলি শ্ৰেষ্ঠতৰ নতুন নতুন ব্যৱস্থা আগমনৰ সম্ভাৱনা দেখুৱাইছে, সেয়াহে। ইমান মানুহৰ মিলিত কল্পনা, স্পৃহা আৰু সহযোগত কিমান বিচক্ষণ কৰ্ম সমাপন কৰাতো সম্ভৱপৰ হ’ব পাৰে! এদিন কিমান পাকৈত হৈ উঠিবগৈ পাৰে মানুহ!

World-Wide-Web-Consortium-w3c-mit১৯৯৪ চনৰ অক্টোবৰত চাৰ্নৰ পৰা বিদায় লৈ টিমে এমআইটিত কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক হিচাপে যোগদান কৰে; আৰু ৱেবৰ বিকাশ, পৰিচালনা, সকলোৰে বাবে ইয়াৰ বিনামূল্য ব্যৱহাৰ্যতা আদিৰ নিশ্চিতিৰ বাবে এমআইটি আৰু চাৰ্নকে ধৰি আন কেইটিমান প্ৰতিষ্ঠানৰ সহযোগত ৱৰ্ল্ড ৱাইড ৱেব কনচৰ্টিয়াম (World Wide Web Consortium, চমুকৈ W3C) প্ৰতিষ্ঠা কৰে। বৰ্তমান ইয়াৰ চাৰিশৰো অধিক সদস্য-প্ৰতিষ্ঠান আছে আৰু আমাৰ ভাৰতকে ধৰি বিভিন্ন ৰাষ্ট্ৰত মুঠ ১৬টা কাৰ্যালয় আছে। ২০০৯ চনত তেওঁ ৱৰ্ল্ড ৱাইড ৱেব ফাউণ্ডেচন প্ৰতিষ্ঠা কৰা উপৰি ৱেব-প্ৰযুক্তিৰ লগত জড়িত বিভিন্ন কাৰ্যক্ৰমণিকাৰ বাবে প্ৰতিষ্ঠিত বহু সংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু চৰকাৰী-প্ৰশাসনৰ উপদেষ্টা হিচাপে বৰ্তমান তেওঁ জড়িত।

আজি কাগজৰ পুথি, বাতৰি-কাকত আদি সহজে গৈ নোপোৱা দুৰ্গম স্থানৰ বহু বাসিন্দাইয়ো ৱেব ব্ৰাউজ কৰাৰ সুবিধা হৈছে। বিশ্বৰ ১০০ শতাংশ মানুহে ৱেব ব্যৱহাৰ কৰিব পৰাকৈ ভৱিষ্যতৰ অতি কম দামী ম’বাইল ডিভাইছতো কেনেকৈ ৱেব ব্ৰাউজাৰ সংযোগ কৰিব পাৰি সেই দিশে বহু বিজ্ঞানীয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজিতকৈয়ো কাৰিকৰীভাৱে অধিক সহজেই উপযুক্ত সমল লাভৰ উন্নতৰ ব্যৱস্থাৰ বাবেও গৱেষণা চলি আছে। আজি ৱেব মানুহৰ মাজতে সীমাবদ্ধ হৈ থকাৰ পৰিৱৰ্তে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগেৰে কম্পিউটাৰে নিজেই তথ্যৰ সন্ধান কৰি স্বয়ংক্ৰিয়ভাৱে কাম সমাধা কৰি দিয়া প্ৰক্ৰিয়াও নিশ্চয় খুৱ সোনকালেই আহিব। ৱেব-প্ৰযুক্তিৰ লগত জড়িত এই প্ৰতিভাশালী অভিযন্তা, কম্পিউটাৰ বিজ্ঞানী আদিক নিলগাই আন মানুহৰ কৰ্তব্য হ’ল সময়ৰ লগে লগে আগবাঢ়ি অনুজ প্ৰজন্মৰ বাবে আৰু নিজৰ সভ্যতাৰ বিষয়ে বিশ্বক সম্ভেদ দিবৰ বাবে ৱেবক তথ্যবস্তুৰে সমৃদ্ধ কৰা। “সাঁচিপতীয়া যুগ”ৰ পৰা কাগজৰ যুগলৈ অসমীয়াৰ আগমন বহু পিছতীয়া। ৱেবৰ ব্যৱহাৰত আমাৰ একেবাৰে পলম হোৱা নাই যদিও সমৃদ্ধিত পলম হৈ গৈছেই বহুত। আনহাতে, আমাৰ কায়িক জগতখনত যেনেকৈ সুন্দৰৰ বিপৰীতে আছে কদৰ্যতা, তেনেকৈয়ে এই আভাসিক জগতখনতো ভালেৰে ভৰি থকাৰ মাজতেই আছে বহু বেয়া। কদৰ্য কায়িক জগতখনৰ পৰা নিজক বচাবলৈ সন্তান বা সহযাত্ৰীক পৰামৰ্শ দি কোনোবাই কেৱল নিজৰেই সন্তানটি বা আন এজনক সহায় কৰে তেনে নহয়, ই গোটেই সমাজলৈকে তেওঁলোকৰ এটা অৱদান। ঠিক তেনেদৰেই আভাসিক জগতখনৰো ধ্বংসকাৰী পৰিসৰটোত কোনোবা সোমাই নপৰিবলৈ ক’বলৈ অভিভাৱকে শিকাৰ সময় আহিছে। আৰু এই সকলো কথাৰ বাবে এই জগতখনত ভাল উপাদানবিলাক পৰ্যাপ্তভাৱে ভৰি পৰাটোত সকলোৱে সহযোগ কৰিব লাগিব। ৱেব কেৱল কথা পতাৰ মাধ্যম নহয়। টিম বাৰ্ণাৰ্ছ-লী কেতিয়াবা স্তম্ভিত হয়, যেতিয়া তেওঁ দেখে যে বহুতে নিজৰ পৰিসৰৰ নিজৰ ধৰণৰ মানুহ কিছুমান লৈ অহৰহ কথোপকথনতে ৱেব ব্যৱহাৰ কৰে!

Print Friendly, PDF & Email
No Comments

Post A Comment