০ ৰ পৰা ৫০০ লৈকে অখণ্ড সংখ্যাসমূহৰ কিছুমান বৈশিষ্ট

ইয়াত সন্নিৱিষ্ট কিছুমান বৈশিষ্ট The Prime Pages, The On-Line Encyclopedia of Ineger Sequences আৰু টানিয়া কোভেনোভা (Tanya Khovanova) নামৰ গণিতজ্ঞগৰাকীৰ ৱেবছাইটৰ পৰা সংগ্ৰহ কৰি অনুবাদ কৰা হৈছে। আন কিছুমান বৈশিষ্ট কিছুমান গৱেষণা-পত্ৰৰ পৰা লোৱা আৰু আন কিছুমান তাৰ ভিত্তিত নিজে গণনা কৰি উলিওৱা।

ইয়াৰে কোনো এটা সংখ্যাৰ লগত প্ৰযোজ্য একোটা বৈশিষ্ট আন সংখ্যাৰ লগত খাটিব নে নাখাটে আৰু কিয় নাখাটে — সেইধৰণৰ কথাসমূহ লগে লগে ভাবি চালেহে প্ৰতিটো বৈশিষ্টৰ ৰস পোৱা যায়। কিছুমানৰ বৈশিষ্টৰ ক্ষেত্ৰত এই উত্তৰবোৰ উলিওৱাটো অতি জটিল।

ইয়াৰে কিছুসংখ্যকৰ সম্পৰ্কে পূৰ্বতে ইয়াতো দিয়া হৈছিল— গণিত পাঠ – ২ : কেইটামান সংখ্যাৰ একক ধৰ্ম

০ ♦⩥⋙ আটাইতকৈ সৰু বৰ্গ সংখ্যাটো।

ই হ’ল একমাত্ৰ সংখ্যা যি নেকি ধনাত্মকো নহয়, ঋণাত্মকো নহয়।

যদি কোনো বহুপদ ৰাশিৰ এটা মূল শূন্য হয়, তেন্তে তাৰ লেখডাল মূলবিন্দুৱেদি যাবই।

১ ♦⩥⋙ ই হ’ল একমাত্ৰ সংখ্যা যি মৌলিকো নহয়, যৌগিকো নহয়।

ই একমাত্ৰ স্বাভাৱিক সংখ্যা যাৰ ধণাত্মক উৎপাদক কেৱল এটা।

ই হ’ল একমাত্ৰ সংখ্যা যি নিজেই নিজৰ ক্ৰমগুণিত (ফেক্টৰিয়েল), নিজেই নিজৰ বৰ্গ, নিজেই নিজৰ ঘণ ইত্যাদি সকলো। অৰ্থাৎ \text{১}=\text{১}!={\text{১}}^{\text{২}}={\text{১}}^{\text{৩}}=\dots

যদি \text{২}^p-\text{১} টো এটা মাৰ্চিন মৌলিক সংখ্যা, তেন্তে তাক p ৰে হৰণ কৰিলে ১ বাকী থাকিব।

মাৰ্চিন মৌলিক সংখ্যাক দ্বৈত সাংখ্যিক প্ৰণালীত (binary numeral system) প্ৰকাশ কৰিলে প্ৰতিটো অংক ১ যুক্ত সংখ্যা এটা পোৱা যায়।

\text{১}=i^{\text{৪}}

\text{১}=-e^{\pi i}

২ ♦⩥⋙ আটাইতকৈ সৰু মৌলিক সংখ্যা।

ইয়েই একমাত্ৰ যুগ্ম মৌলিক সংখ্যা। বাকী সকলো মৌলিক সংখ্যা অযুগ্ম। অৰ্থাৎ, এককৰ ঘৰৰ অংকটোত ২ থকা ইয়েই একমাত্ৰ মৌলিক সংখ্যা।

ই হ’ল একমাত্ৰ সংখ্যা যাৰ ক্ৰমগুণিত(ফেক্টৰিয়েল)টো হ’ল এটা মৌলিক সংখ্যা। অৰ্থাৎ ২! = ২, এটা মৌলিক সংখ্যা।

২ তকৈ ডাঙৰ যিকোনো অখণ্ড সংখ্যা n ৰ বাবে x^n+y^n=z^n সমীকৰণটোৰ কোনো অখণ্ড সমাধান নাই।

২ ৰ বাহিৰে আন কোনো মৌলিক সংখ্যা নাই যাক দুটা ক্ৰমিক মৌলিক সংখ্যাৰ বিয়োগফল ৰূপে পাব পাৰি।

ক্ষেত্ৰ-তত্ত্বত আটাইতকৈ সৰু ক্ষেত্ৰখনত ২ টা মৌল আছে।

৩ ♦⩥⋙ ই হ’ল একমাত্ৰ মৌলিক সংখ্যা যাৰ পাছতেই এটা বৰ্গ সংখ্যা পোৱা যায়। অৰ্থাৎ ৩ৰ পাছতে পোৱা যায় ৪। ৪টো বৰ্গ সংখ্যা। এনেদৰে কোনো মৌলিক সংখ্যাৰ ঠিক পাছতে বৰ্গ সংখ্যা এটা পোৱা নাযায়।

ই হ’ল একমাত্ৰ ত্ৰিভূজীয় সংখ্যা যিটো নেকি এটা মৌলিক সংখ্যাও।

ই হ’ল একমাত্ৰ সংখ্যা, যি নেকি তাতকৈ সৰু আটাইবোৰ স্বাভাৱিক সংখ্যাৰ যোগফলৰ সমান।

ই হ’ল একমাত্ৰ মৌলিক সংখ্যা যিটো নেকি এটা মৌলিক সংখ্যা আৰু এটা যৌগিক সংখ্যাৰ মাজতে আছে। অৰ্থাৎ ৩ সংখ্যাটো ২ আৰু ৪ৰ মাজত আছে। ২ হ’ল মৌলিক সংখ্যা আৰু ৪ হ’ল যৌগিক সংখ্যা। এনেদৰে থকা মৌলিক সংখ্যা কেৱল ৩।

আটাইতকৈ সৰু সংখ্যাটো যাৰ অনোন্যকটো এটা পৰিসমাপ্ত দশমিক সংখ্যা নহয়।

৪ ♦⩥⋙ ই হ’ল একমাত্ৰ ধনাত্মক সংখ্যা যাক একে দুটা সংখ্যাৰে যোগফল আৰু পুৰণফল হিচাপে পাব পাৰি। ৪ = ২+২ = ২×২।

৪ৰ বাহিৰে বাকী যিকোনো যৌগিক সংখ্যা n ৰ ক্ষেত্ৰত, (n-1)! ক nৰে হৰণ যায়। যেনে: ৬ এটা যৌগিক সংখ্যা, আৰু (৬-১)! = ৫! = ১২০, যাক ৬ৰে হৰণ যায়।

পাঠ্যপুথিত থকাৰ দৰে, পৃথিৱীৰ সমতল মেপখনত কাষৰীয়া দেশবোৰ পৃথক পৃথককৈ বুজাবলৈ ৪টা বেলেগ বেলেগ ৰং হ’লেই যথেষ্ঠ। যিকোনো সমতলীয় মেপৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য।

ই হ’ল আটাইতকৈ সৰু যৌগিক সংখ্যাটো।

ইয়েই একমাত্ৰ বৰ্গ সংখ্যা যি দুটা যমজ মৌলিকৰ মাজত আছে।

৫ ♦⩥⋙ ই হ’ল একমাত্ৰ মৌলিক সংখ্যা যি নেকি দুটা মৌলিক সংখ্যাৰ বৰ্গৰ বিয়োগফল। \text{৫}={\text{৩}}^{\text{২}}-{\text{২}}^{\text{২}}
এককৰ ঘৰৰ অংকটোত ৫ থকা ইয়েই একমাত্ৰ মৌলিক সংখ্যা।
পাইথাগোৰীয় ত্ৰিভুজৰ আটাইতকৈ সৰু অতিভুজটো ৫।
৫ আৰু ৫ তকৈ ডাঙৰ মাত্ৰাৰ, এটা চলকযুক্ত বহুপদী সমীকৰণক মূলক (radical)ৰ সহায়ত সমাধান কৰিব নোৱাৰি।

৬ ♦⩥⋙ আটাইতকৈ সৰু নিখুঁত সংখ্যা।
একে তিনিটা পৃথক পৃথক ধণাত্মক সংখ্যাৰ যোগফল আৰু পূৰণফল হিচাপে কেৱল ৬কেই প্ৰকাশ কৰিব পাৰি। ৬ = ১+২+৩ = ১×২×৩।
আটাইতকৈ সৰু সংখ্যাটো, যিটো মাত্ৰাৰ কোনো ক্ষেত্ৰ নাই।

৭ ♦⩥⋙ ই হ’ল একমাত্ৰ মৌলিক সংখ্যা যাৰ পাছতেই এটা ঘণ সংখ্যা পোৱা যায়।
কেৱল ৰুলমাৰি আৰু কম্পাছৰ সহায়ত আঁকিব নোৱৰা আটাইতকৈ কম বাহু যুক্ত সুষম বহুভূজটোৰ বাহুৰ সংখ্যা ৭।
তিনিটা বৰ্গৰ যোগফল ৰূপে প্ৰকাশ কৰিব নোৱৰা আটাইতকৈ সৰু সংখ্যাটো।

৮ ♦⩥⋙ ১ক বাদ দি ৮য়েই হ’ল আটাইতকৈ সৰু সংখ্যা যাৰ ঘণফলৰ অংককেইটাৰ যোগফল নিজৰে সমান। {\text{৮}}^{\text{৩}}=\text{৫১২}। এই ঘণফলটোৰ অংককেইটাৰ যোগফল ৫+১+২ = ৮।
আটাইতকৈ ডাঙৰ ফিবোনাকি সংখ্যা যিটো নেকি এটা ঘণ সংখ্যাও।
৮ মাত্ৰাৰ ক্ষেত্ৰৰ উপক্ষেত্ৰ কেৱল দুটা।
দুটা মৌলিক সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পৰা আৰু লগতে দুটা যৌগিক সংখ্যাৰ যোগফল ৰূপেও প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু যৌগিক সংখ্যাটো। (৮ = ৩+৫ = ৪+৪।)

৯ ♦⩥⋙ ১ ক বাদ দি ৯ য়েই হ’ল একমাত্ৰ সংখ্যা যাৰ বৰ্গফলৰ অংককেইটাৰ যোগফল নিজৰে সমান।
ই আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা।
৯ মাত্ৰাৰ ক্ষেত্ৰৰ উপক্ষেত্ৰ কেৱল দুটা।

১০ ♦⩥⋙ দুটা মৌলিক উৎপাদক থকা সংখ্যাবোৰৰ ভিতৰত ১০এই হ’ল একমাত্ৰ সংখ্যা যাৰ মৌলিক উৎপাদক দুটাৰ যোগফলো মৌলিক, বিয়োগফলো মৌলিক।
তিনিটা ক্ৰমিক মৌলিক সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পৰা একমাত্ৰ যুগ্ম সংখ্যা।
\text{১০}^{\text{১০}}+\text{৯}^{\text{১০}}+\text{৮}^{\text{১০}}+\text{৭}^{\text{১০}}+\text{৬}^{\text{১০}}+\text{৫}^{\text{১০}}+\text{৪}^{\text{১০}}+\text{৩}^{\text{১০}}+\text{২}^{\text{১০}}+\text{১}^{\text{১০}}+\text{২}^{\text{১০}}+\text{৩}^{\text{১০}}+\text{৪}^{\text{১০}}+\text{৫}^{\text{১০}}+\text{৬}^{\text{১০}}+\text{৭}^{\text{১০}}+\text{৮}^{\text{১০}}+\text{৯}^{\text{১০}}+\text{১০}^{\text{১০}} টো ১১ টা অংক যুক্ত এটা মৌলিক সংখ্যা।

১০! = ৩৬২৮৮০০।

১১ ♦⩥⋙ যুগ্ম সংখ্যক অংকৰে গঠিত আটাইবোৰ পেলিনড্ৰম সংখ্যাক ১১ই হৰণ যায়।
ই হ’ল একমাত্ৰ মৌলিক পেলিনড্ৰমীয় সংখ্যা যিটো নেকি যুগ্ম সংখ্যক অংকৰে গঠিত।
\frac{\text{১১}^{\text{১১}}\times\text{২}^{\text{১১}}+\text{১}}{\text{২}^{\text{১১}}-\text{১}} এটা মৌলিক সংখ্যা।

১২ ♦⩥⋙ ই আটাইতকৈ সৰু সমৃদ্ধ সংখ্যা।

১৩ ♦⩥⋙ ই আটাইতকৈ সৰু মৌলিক সংখ্যা যাৰ অংককেইটাৰ যোগফল এটা বৰ্গ সংখ্যা।

১৪ ♦⩥⋙ ১!×২!×৩!×৪!×৫!×৬!×৭!×৮!×৯!×১০!×১১!×১২!×১৩!×১৪! + ১ টো এটা মৌলিক সংখ্যা।

১৪ হ’ল আটাইতকৈ ডাঙৰ সংখ্যাটো, যাতকৈ সৰু যিমানটা মৌলিক সংখ্যা আছে সিমানটাই সৰু যৌগিক সংখ্যাও আছে।

১৫ ♦⩥⋙ ই হ’ল আটাইতকৈ সৰু যৌগিক সংখ্যা, যিটো মাত্ৰাৰ সংঘ (group) কেৱল এটা আছে। Z_{\text{১৫}}

১৬ ♦⩥⋙ x^y=y^x আৰ্হিত প্ৰকাশ কৰিব পৰা এইটোৱেই একমাত্ৰ সংখ্যা, য’ত x আৰু y দুটা পৃথক সংখ্যা। \text{১৬}={\text{২}}^{\text{৪}}={\text{৪}}^{\text{২}}

১৭ ♦⩥⋙ x^y+y^x আৰ্হিত প্ৰকাশ কৰিব পৰা এইটোৱেই একমাত্ৰ মৌলিক সংখ্যা, য’ত x আৰু y দুটা মৌলিক সংখ্যা।
চাৰিটা ক্ৰমিক মৌলিক সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পৰা এইটোৱেই একমাত্ৰ মৌলিক সংখ্যা। [২ + ৩ + ৫ + ৭]

১৮ ♦⩥⋙ ই হ’ল একমাত্ৰ সংখ্যা যাৰ অংককেইটাৰ যোগফলৰ দুগুণ নিজৰে সমান।

১৯ ♦⩥⋙ ই আটাইতকৈ সৰু সংখ্যা যি নেকি তাৰ অংককেইটাৰ যোগফল আৰু পূৰণফলৰ সমষ্টিৰ সমান।

২০ ♦⩥⋙ ই হ’ল প্ৰথম ৬ টা ফিবোনাকি সংখ্যাৰ যোগফল। ২০ = ১+১+২+৩+৫+৮।

২০! = ২৪৩২৯০২০০৮১৭৬৬৪০০০০।

২১ ♦⩥⋙ আটাইতকৈ সৰু ফিবোনাকি সংখ্যা যাৰ অংককেইটা আৰু অংককেইটাৰ যোগফলো ফিবোনাকি সংখ্যা।

২২ ♦⩥⋙ এটাতকৈ অধিক অংক থকা ইয়েই আটাইতকৈ সৰু সংখ্যা যাৰ অংককেইটাৰ যোগফল আৰু পূৰণফল সমান।

২৩ ♦⩥⋙ ইয়াৰ বাহিৰে আন যিকোনো মৌলিক সংখ্যা pৰ বাবে, p! ৰ অংকৰ সংখ্যা p নহয়। ২৩! ৰ অংকৰ সংখ্যা ২৩। এই ধৰ্ম অকল ২৩ৰহে আছে।

২৪ ♦⩥⋙ ই হ’ল ১ক বাদ দি একমাত্ৰ সংখ্যা n, যাৰ বাবে \text{১}^{\text{২}}+\text{২}^{\text{২}} +\dots+n^{\text{২}} এটা পূৰ্ণবৰ্গ সংখ্যা। এই যোগফলটো হ’ল \text{৭০}^{\text{২}}

২৫ ♦⩥⋙ ই হ’ল আটাইতকৈ সৰু বৰ্গ সংখ্যা যাক দুটা বৰ্গ সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পাৰি। ২৫ = ৯ + ১৬, {\text{৫}}^{\text{২}}={\text{৩}}^{\text{২}}+{\text{৪}}^{\text{২}}

২৬ ♦⩥⋙ ই একমাত্ৰ স্বাভাৱিক সংখ্যা যি এটা বৰ্গ সংখ্যা আৰু এটা ঘণ সংখ্যাৰ মাজত আছে।

২৭ ♦⩥⋙ ই আটাইতকৈ ডাঙৰ সংখ্যা, যি নেকি তাৰ ঘণফলৰ অংকবোৰৰ যোগফলৰ সমান।
ই একমাত্ৰ সংখ্যা যি নেকি তাৰ অংকবোৰৰ যোগফলৰ তিনিগুণ।
২৭ মাত্ৰাৰ ক্ষেত্ৰৰ উপক্ষেত্ৰ কেৱল দুটা।

২৮ ♦⩥⋙ x^{\text{৩}}+\text{১} আৰ্হিত থকা ইয়েই হ’ল একমাত্ৰ যুগ্ম নিখুঁত সংখ্যা।

২৯ ♦⩥⋙ তিনিটা ক্ৰমিক বৰ্গ সংখ্যাৰ যোগফল ৰূপে পাব পৰা আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা। ২৯ = ৪+৯+১৬।

৩০ ♦⩥⋙ ই হ’ল আটাইতকৈ ডাঙৰ সংখ্যা, যাতকৈ সৰু পৰস্পৰ মৌলিক সংখ্যাবোৰ একোটা মৌলিক সংখ্যাও।

\text{৩০}=\text{৩৯৮২৯৩৩৮৭৬৬৮১}^{\text{৩}}-\text{৬৩৬৬০০৫৪৯৫১৫}^{\text{৩}}-\text{৩৯৭৭৫০৫৫৫৪৫৪৬}^{\text{৩}}
(কিন্তু, ৪০ আৰু ৫০ক তিনিটা ঘণকৰ যোগফলৰূপে প্ৰকাশ কৰিব নোৱাৰি৷ কাৰণ, ৪০ সংখ্যাটো ৯n+৪ আৰ্হিত আছে, আৰু ৫০ সংখ্যাটো ৯n+৫ আৰ্হিত আছে৷ \text{১০}=\text{২}^{\text{৩}}+\text{১}^{\text{৩}}+\text{১}^{\text{৩}}\text{২০}=\text{৩}^{\text{৩}}+\text{১}^{\text{৩}}-\text{২}^{\text{৩}}।)

৩১ ♦⩥⋙ পৃথক পৃথক বৰ্গ সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব নোৱৰা মুঠ সংখ্যা কেৱল ৩১টা।

৩২ ♦⩥⋙ \text{৩২}=\text{১}^{\text{১}}+\text{২}^{\text{২}}+\text{৩}^{\text{৩}}

\text{৩২}-\text{৩}^{\text{২}} এটা মৌলিক সংখ্যা।
৩২ মাত্ৰাৰ ক্ষেত্ৰৰ উপক্ষেত্ৰ কেৱল দুটা।

৩৩ ♦⩥⋙ পৃথক পৃথক ত্ৰিভূজীয় সংখ্যাৰ যোগফলৰূপে প্ৰকাশ কৰিব নোৱৰা আটাইতকৈ ডাঙৰ সংখ্যা।

\text{৩৩}=\text{৮৮৬৬১২৮৯৭৫২৮৭৫২৮}^{\text{৩}}-\text{৮৭৭৮৪০৫৪৪২৮৬২২৩৯}^{\text{৩}}-\text{২৭৩৬১১১৪৬৮৮০৭০৪০}^{\text{৩}}

৩৪ ♦⩥⋙ ই হ’ল আটাইতকৈ সৰু সংখ্যা যাৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সংখ্যা দুটাৰ উৎপাদকৰ সংখ্যা, তাৰ নিজৰো উৎপাদকৰ সংখ্যাৰ সমান।

৩৫ ♦⩥⋙ ৩৫ = (১০ – ৩)(১০ – ৫)।

৩৫ মাত্ৰাৰ সংঘ (group) কেৱল এটা।

৩৬ ♦⩥⋙ ই আটাইতকৈ সৰু সমৃদ্ধ তথা ত্ৰিভূজীয় সংখ্যা।

৩৭ ♦⩥⋙ প্ৰথম ৩৭ টা মৌলিক সংখ্যাৰ যোগফলটো এটা ফিবোনাকি সংখ্যা।

৩৮ ♦⩥⋙ দুটা অযুগ্ম যৌগিক সংখ্যাৰ যোগফলৰূপে প্ৰকাশ কৰিব নোৱৰা আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা।

৩৯ ♦⩥⋙ পাইৰ মানৰ দশমিকৰ সোঁপিনৰ ৪৩তম আৰু ৪৪তম অংক দুটা ৩৯।

৪০ ♦⩥⋙ -\text{৪০}^\circ F=-\text{৪০}^\circ C

৪১ ♦⩥⋙ ৪১! + ১ টো এটা মৌলিক সংখ্যা।

৪২ ♦⩥⋙ যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে n^{\text{৭}}-n ক ৪২ ৰে হৰণ যায়।

\text{৪২}=(\text{-৮০৫৩৮৭৩৮৮১২০৭৫৯৭৪})^{\text{৩}}+\text{৮০৪৩৫৭৫৮১৪৫৮১৭৫১৫}^{\text{৩}}+\text{১২৬০২১২৩২৯৭৩৩৫৬৩১}^{\text{৩}}

৪৩ ♦⩥⋙ দুটা, তিনিটা, চাৰিটা বা পাঁচটা মৌলিক সংখ্যাৰ যোগফলৰূপে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু মৌলিক সংখ্যা।

৪৪ ♦⩥⋙ এখন সমতলক সাতটা বৃত্তৰে ভাগ কৰিলে সৰ্বাধিক ৪৪ খন পৃথক ক্ষেত্ৰ/অংশ পোৱা যাব।

৪৫ ♦⩥⋙ ই একমাত্ৰ সংখ্যা যি নেকি তাৰ অংককেইটাৰ যোগফলৰ পাঁচগুণৰ সমান।

৪৬ ♦⩥⋙ এই মাত্ৰাৰ সংঘ কেৱল দুটা৷ তাৰে এটাই ক্ৰম বিনিময় বিধি মানে আৰু আনটোৱে নামানে৷

৪৭ ♦⩥⋙ ৪ + ৭ = ১১, ৭ + ১১ = ১৮, ১১ + ১৮ = ২৯, আৰু ১৮ + ২৯ = ৪৭।

৪৮ ♦⩥⋙ ই হ’ল ১০টা উৎপাদক থকা আটাইতকৈ সৰু সংখ্যা।

৪৯ ♦⩥⋙ ইয়াৰ ঘণফলৰ শেষৰ অংক দুটা একেই। \text{৪৯}^{\text{৩}}=\text{১১৭৬৪৯}

৫০ ♦⩥⋙ ই আটাইতকৈ সৰু সংখ্যা যাক দুই ধৰণে দুটা বৰ্গ সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পাৰি। [\text{৫০}={\text{৭}}^{\text{২}}+{\text{১}}^{\text{২}}={\text{৫}}^{\text{২}}+{\text{৫}}^{\text{২}}।]

৫০! = ৩০৪১৪০৯৩২০১৭১৩৩৭৮০৪৩৬১২৬০৮১৬৬০৬৪৭৬৮৮৪৪৩৭৭৬৪১৫৬৮৯৬০৫১২০০০০০০০০০০০০।

৫১ ♦⩥⋙ ১৮০/৫১ ডিগ্ৰী কোণটো কেৱল ৰুলমাৰি আৰু কম্পাছৰ সহায়ত অংকণ কৰিব পাৰি৷

৫২ ♦⩥⋙ ৫২! + ৫২ + ১ টো এটা মৌলিক সংখ্যা।

৫৩ ♦⩥⋙ \text{১০০০}^{\text{৫৩}}-\text{৫৩} টো এটা মৌলিক সংখ্যা। এই আৰ্হিটো মৌলিক হোৱা আটাইতকৈ সৰু সংখ্যাটো ৫৩।

৫৪ ♦⩥⋙ তিনিটা বৰ্গৰ যোগফল ৰূপে তিনি ধৰণে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো। \text{৫৪}={\text{৭}}^{\text{২}}+{\text{২}}^{\text{২}}+{\text{১}}^{\text{২}}={\text{৬}}^{\text{২}}+{\text{৩}}^{\text{২}}+{\text{৩}}^{\text{২}}={\text{৫}}^{\text{২}}+{\text{৫}}^{\text{২}}+{\text{২}}^{\text{২}}

৫৫ ♦⩥⋙ ফিবোনাকি শ্ৰেণীত থকা সংখ্যাবোৰৰ ভিতৰত ইয়েই আটাইতকৈ ডাঙৰ ত্ৰিভূজীয় সংখ্যা।

৫৬ ♦⩥⋙ এটা ৮×৮ মাত্ৰাৰ মেট্ৰিক্সৰ মৌলবোৰ কেৱল ০ আৰু ১ হ’লে, তাৰ নিৰ্ণায়ক (determinant) অতি বেছি ৫৬ হ’ব পাৰে।

৫৭ ♦⩥⋙ পাইৰ মানৰ দশমিকৰ সোঁপিনৰ ৫৭তম অংকটো হ’ল ৪।

৫৮ ♦⩥⋙ ই প্ৰথম সাতটা মৌলিক সংখ্যাৰ যোগফলৰ সমান।

৫৯ ♦⩥⋙ (৫৯, ১৭৪০, ১৭৪১) এটা পাইথাগোৰীয় ত্ৰয়ী।

৬০ ♦⩥⋙ পাইথাগোৰীয় ত্ৰিভূজৰ বাহুত তিনিটাৰ মাপৰ পূৰণফলৰ আটাইতকৈ সৰু মানটো ৬০।

৬১ ♦⩥⋙ ই আটাইতকৈ সৰু মৌলিক সংখ্যা, যাক ওলোটা পিনৰ পৰা বিবেচনা কৰিলে পোৱা সংখ্যাটো এটা বৰ্গ সংখ্যা। [৬১ ক ওলোটো পিনৰ পৰা বিবেচনা কৰিলে পোৱা সংখ্যাটো ১৬।]

৬২ ♦⩥⋙ e ৰ দশমিকৰ সোঁপিনৰ ১৬৬তম আৰু ১৬৭তম অংক দুটা ৬২।

৬৩ ♦⩥⋙ x^{\text{২}}+y^{\text{২}}+z^{\text{২}}=\text{৬৩} সমীকৰণটোৰ কোনো অখণ্ড সমাধান নাই।

৬৪ ♦⩥⋙ এই মাত্ৰাৰ সংঘ ২৬৭ টা আছে৷ তাৰে ১১ টাই ক্ৰম বিনিময় বিধি মানে আৰু ২৫৬ টাই নামানে৷
১ক বাদ দিলে ৬৪ য়েই হ’ব আটাইতকৈ সৰু সংখ্যা যি নেকি এটা বৰ্গ সংখ্যা আৰু ঘণ সংখ্যাও। \text{৬৪}={\text{৮}}^{\text{২}}={\text{৪}}^{\text{৩}}

৬৫ ♦⩥⋙ n^{\text{২}}+\text{১} আৰ্হিত থকা আটাইতকৈ সৰু যৌগিক সংখ্যা, য’ত n টো যুগ্ম।

৬৬ ♦⩥⋙ ই আটাইতকৈ সৰু সমৃদ্ধ পেলিনড্ৰমিক সংখ্যা৷

৬৭ ♦⩥⋙ পৃথক পৃথক বৰ্গ সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব নোৱৰা আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা।

৬৮ ♦⩥⋙ দুটা মৌলিক সংখ্যাৰ যোগফল ৰূপে দুই ধৰণে প্ৰকাশ কৰিব পৰা আটাইতক ডাঙৰ যুগ্ম সংখ্যাটো। [৬৮ = ৭ + ৬১ = ৩১ + ৩৭]।

৬৯ ♦⩥⋙ {\text{১০}}^{\text{৬৯}}+\text{৬৯} আৰু {\text{১০০}}^{\text{৬৯}}-\text{৬৯} দুটা মৌলিক সংখ্যা।

৭০ ♦⩥⋙ {\text{২}}^{\text{৭০}} ক ওলোটা ক্ৰমত লিখিলে এটা মৌলিক সংখ্যা পোৱা যাব।

৭১ ♦⩥⋙ {\text{৭১}}^{\text{২}}=৭!+১!

৭২ ♦⩥⋙ দুটা ৭২ ডিগ্ৰী কোণ যুক্ত সমদ্বিবাহু ত্ৰিভুজক সোণালী ত্ৰিভুজ বোলে।

৭৩ ♦⩥⋙ ই হ’ল ২১ নম্বৰৰ মৌলিক সংখ্যা; ইয়াৰ অংকবোৰৰ ক্ৰমটো সলালে ৩৭ পোৱা যায়, যিটো ১২ নম্বৰৰ মৌলিক সংখ্যা।

৭৪ ♦⩥⋙ (২৪, ৭০, ৭৪) আৰু (৭৪, ১৩৬৮, ১৩৭০) দুটা পাইথাগোৰীয় ত্ৰয়ী।

৭৫ ♦⩥⋙ {\text{২}}^{\text{৭৫}}+\text{৭৫} এটা মৌলিক সংখ্যা।

৭৬ ♦⩥⋙ {(\text{৭৬}!)}^{\text{২}}+\text{১} এটা মৌলিক সংখ্যা।

৭৭ ♦⩥⋙ ৭৭! + ১ টো মৌলিক।

৭৮ ♦⩥⋙ চাৰিটা পৃথক বৰ্গৰ যোগফলৰূপে তিনি ধৰণেৰে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা।

৭৯ ♦⩥⋙ ই আটাইতকৈ সৰু মৌলিক সংখ্যা যাৰ অংকবোৰৰ যোগফলটো চতুৰ্থ ঘাতত প্ৰকাশ কৰিব পৰা যায়।

{\text{২}}^{\text{৭৯}} হ’ল ২ ৰ আটাইতকৈ কম ঘাত ৰূপে থকা সংখ্যা, যাৰ বাবে সি (Avogadro’s number, \text{৬}.\text{০২২১৩৬৭}\times{\text{১০}}^{\text{২৩}}) তকৈ ডাঙৰ। অৰ্থাৎ {\text{২}}^{\text{৭৮}} টো Avogadro’s number তকৈ সৰু।

৮০ ♦⩥⋙ \frac{{\text{১০}}^{\text{৮০}}-\text{৮০}}{\text{৮০}} আৰু {\text{৮০}}^{\text{৮০}+\text{১}}+{\text{৮০}+\text{১}}^{\text{৮০}} দুটা মৌলিক সংখ্যা।

৮১ ♦⩥⋙ ১ক বাদ দিলে ৮১ য়েই একমাত্ৰ সংখ্যা যি নেকি তাৰ অংককেইটাৰ যোগফলৰ বৰ্গৰ সমান।
৮১ মাত্ৰাৰ ক্ষেত্ৰৰ উপক্ষেত্ৰ ৩ টা।

৮২ ♦⩥⋙ ইয়াৰ দুটা মৌলিক সংখ্যাৰ যোগফল ৰূপে পাঁচ ধৰণে প্ৰকাশ কৰিব পাৰি। ৮২ = ৩ + ৭৯ = ১১ + ৭১ = ২৩ + ৫৯ = ২৯ + ৫৩ = ৪১ + ৪১।

৮৩ ♦⩥⋙ ৮৩তম পেলিনড্ৰমীয় সংখ্যাটো হ’ল ৭৪৭, ইয়াক ৮৩ ৰে হৰণ যায়।

৮৪ ♦⩥⋙ ই হ’ল দুটা মৌলিক সংখ্যাৰ যোগফল ৰূপে আঠ ধৰণে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা। ৮৪ = ৫ + ৭৯ = ১১ + ৭৩ = ১৩ + ৭১ = ১৭ + ৬৭ = ২৩ + ৬১ = ৩১ + ৫৩ = ৩৭ + ৪৭ = ৪১ + ৪৩।

৮৫ ♦⩥⋙ {{\text{৮৫}}^{\text{১১}}-\text{৮৫}}{\text{১১}}\pm\text{১} দুটা যমজ মৌলিক।

৮৬ ♦⩥⋙ {\text{২}}^{\text{৮৬}} সংখ্যাটোৰ এটাও অংক ০ নহয়৷ সংখ্যাটোত ২৬ টা অংক আছে৷

৮৭ ♦⩥⋙ ই হ’ল প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ বৰ্গৰ যোগফল। \text{৮৭}=\text{২}^{\text{২}}+\text{৩}^{\text{২}}+\text{৫}^{\text{২}}+\text{৭}^{\text{২}}

৮৮ ♦⩥⋙ পৃথক পৃথক অযুগ্ম অংক যুক্ত মৌলিক সংখ্যা ৮৮ টা আছে।

৮৯ ♦⩥⋙ ই আটাইতকৈ সৰু মৌলিক সংখ্যা যাৰ অংকসমূহ যৌগিক সংখ্যা।

৯০ ♦⩥⋙ ই একমাত্ৰ সংখ্যা যি নেকি তাৰ অংককেইটাৰ যোগফল আৰু বৰ্গফলৰ সমষ্টিৰ সমান।

৯১ ♦⩥⋙ ৯১ = ৭×১৩।

৯২ ♦⩥⋙ x^{\text{২}}+y^{\text{২}}+z^{\text{২}}=\text{৯২} সমীকৰণটোৰ কোনো অখণ্ড সমাধান নাই।

৯৩ ♦⩥⋙ (৯৩!/৩৯!)+১ এটা মৌলিক সংখ্যা।

৯৪ ♦⩥⋙ (৯৪!/৪৯!)+১ এটা মৌলিক সংখ্যা।

৯৫ ♦⩥⋙ \text{৯৫}^{\text{০}}+\text{৯৫}^{\text{১}}+\text{৯৫}^{\text{২}}+\text{৯৫}^{\text{৩}}+\text{৯৫}^{\text{৪}}+\text{৯৫}^{\text{৫}}+\text{৯৫}^{\text{৬}} আৰু \text{৯৫}^{\text{০}}+\text{৯৫}^{\text{১}}+\text{৯৫}^{\text{২}}+\text{৯৫}^{\text{৩}}+\dots+\text{৯৫}^{\text{৫২২}} দুটা মৌলিক সংখ্যা।

৯৬ ♦⩥⋙ দুটা বৰ্গৰ বিয়োগফল ৰূপে চাৰি ধৰণে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা। \text{৯৬}={\text{১০}}^{\text{২}}-{\text{২}}^{\text{২}}={\text{১১}}^{\text{২}}-{\text{৫}}^{\text{২}}={\text{১৪}}^{\text{২}}-{\text{১০}}^{\text{২}}={\text{২৫}}^{\text{২}}-{\text{২৩}}^{\text{২}}

৯৭ ♦⩥⋙ ৯৭, ৯০৭, ৯০০৭, ৯০০০৭ আৰু ৯০০০০৭ আটাইকেইটা মৌলিক সংখ্যা। কিন্তু ৯০০০০০৭, ৯০০০০০০৭, ৯০০০০০০০৭, ৯০০০০০০০০৭ আৰু ৯০০০০০০০০০৭ আটাইকেইটা যৌগিক সংখ্যা।

৯৮ ♦⩥⋙ \text{৯৮}=\text{১}^{\text{৪}}+\text{২}^{\text{৪}}+\text{৩}^{\text{৪}}

৯৯ ♦⩥⋙ দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো।

৯৯!= ৯৩৩২৬২১৫৪৪৩৯৪৪১৫২৬৮১৬৯৯২৩৮৮৫৬২৬৬৭০০৪৯০৭১৫৯৬৮২৬৪৩৮১৬২১৪৬৮৫৯২৯৬৩৮৯৫২১৭৫৯৯৯৯৩২২৯৯১৫৬০৮৯৪১৪৬৩৯৭৬১৫৬৫১৮২৮৬২৫৩৬৯৭৯২০৮২৭২২৩৭৫৮২৫১১৮৫২১০৯১৬৮৬৪০০০০০০০০০০০০০০০০০০০০০০।

১০০ ♦⩥⋙ চাৰিটা ক্ৰমিক অশূন্য ঘণ সংখ্যাৰ যোগফল হোৱা আটাইতকৈ সৰু বৰ্গ সংখ্যা।

১০০!= ৯৩৩২৬২১৫৪৪৩৯৪৪১৫২৬৮১৬৯৯২৩৮৮৫৬২৬৬৭০০৪৯০৭১৫৯৬৮২৬৪৩৮১৬২১৪৬৮৫৯২৯৬৩৮৯৫২১৭৫৯৯৯৯৩২২৯৯১৫৬০৮৯৪১৪৬৩৯৭৬১৫৬৫১৮২৮৬২৫৩৬৯৭৯২০৮২৭২২৩৭৫৮২৫১১৮৫২১০৯১৬৮৬৪০০০০০০০০০০০০০০০০০০০০০০০০।

১০১ ♦⩥⋙ ১৩ সংখ্যাটোৰ মুঠ বিভাজন (partition) ১০১ টা। (অৰ্থাৎ ১৩ ক ১০১ টা পৃথক ধৰণে ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পাৰি।)

১০২ ♦⩥⋙ তিনিটা পৃথক পৃথক অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো।

১০৩ ♦⩥⋙ x^{\text{২}}+y^{\text{২}}+z^{\text{২}}=\text{১০৩} সমীকৰণটোৰ অখণ্ড সমাধান নাই।

১০৪ ♦⩥⋙ e^{\pi} ৰ ১০৪তম অংকটো ৫।

১০৫ ♦⩥⋙ \text{১০৫}-\text{২}^k বোৰ মৌলিক, য’ত k > ১।

১০৬ ♦⩥⋙ পাইৰ দশমিকৰ সোঁপিনৰ প্ৰথম ১০৬ টা অংকৰ যোগফলটো মৌলিক।

১০৭ ♦⩥⋙ \text{২}^{\text{১০৭}}-\text{১} টো এটা মাৰ্চিন মৌলিক সংখ্যা।

১০৮ ♦⩥⋙ \text{১০৮}=\text{১}^{\text{১}}\times\text{২}^{\text{২}}\times\text{৩}^{\text{৩}}

১০৯ ♦⩥⋙ ই হ’ল আটাইতকৈ সৰু সংখ্যা যাৰ পৃথক পৃথক অংকৰ পৰিমাণটো তাৰ বৰ্গটোৰ পৃথক পৃথক অংকৰ পৰিমাণতকৈ বেছি। [১০৯ ৰ বৰ্গ ১১৮৮১। ইহঁতৰ পৃথক পৃথক অংকৰ পৰিমাণ ক্ৰমে ৩ আৰু ২।]

১১০ ♦⩥⋙ \text{১১০}=\text{৫}^{\text{২}}+\text{৬}^{\text{২}}+\text{৭}^{\text{২}}

১১১ ♦⩥⋙ আটাইতকৈ সৰু অৰ্ধ-মৌলিক (semi-prime) যাৰ অংকবোৰ কেৱল ১।

১১২ ♦⩥⋙ ই হ’ল আটাইতকৈ সৰু বৰ্গটোৰ বাহু-দৈৰ্ঘ্য, যিটো বৰ্গক পৃথক পৃথক দৈৰ্ঘ্যৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ টাইলছেৰে পূৰ কৰিব পাৰি, য’ত টাইলছবোৰৰ বাহুৰ দৈৰ্ঘ্য অখণ্ড সংখ্যা।

১১৩ ♦⩥⋙ তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু মৌলিক সংখ্যা যাৰ অংকবোৰৰ যোগফল আৰু পূৰণফলো মৌলিক।

১১৪ ♦⩥⋙ e ৰ দশমিকৰ সোঁপিনৰ প্ৰথম ১১৪ টা অংকই গঠিত সংখ্যাটো মৌলিক।

১১৫ ♦⩥⋙ তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু মৌলিক সংখ্যা, যিটো সংখ্যাক abc বুলি ধৰিলে abc/(a×b×c) ও মৌলিক।

১১৬ ♦⩥⋙ ১১৬! + ১ টো মৌলিক।

১১৭ ♦⩥⋙ পাইৰ ১১৭তম অংকটো ০।

১১৮ ♦⩥⋙ ই হ’ল তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা যাৰ অংক তিনিটা লৈ গঠন কৰিব পৰা আটাইবোৰ সংখ্যাই মৌলিক। [৮১১ আৰু ১৮১ মৌলিক সংখ্যা]

১১৯ ♦⩥⋙ কোনো এটা ফেক্টৰিয়েলতকৈ ১ সৰু হোৱা আটাইতকৈ সৰু যৌগিক সংখ্যা। [১১৯ টো ১২০ তকৈ ১ সৰু। ১২০ = ৫!।]

১২০ ♦⩥⋙ সুষম ষড়ভূজৰ আটাইকেইটা অন্তৰ্ৱতী কোণৰ মাপ ১২০ ডিগ্ৰী।

১২১ ♦⩥⋙ ১ক বাদ দিলে ইয়েই হ’ল আটাইতকৈ সৰু পেলিনড্ৰমীয় বৰ্গ সংখ্যা।

\text{১}+n+n^{\text{২}}+n^{\text{৩}}+n^{\text{৪}} আৰ্হিত থকা একমাত্ৰ বৰ্গ সংখ্যা।

১২২ ♦⩥⋙ ১২২×১২২ = ১৪৮৮৪ আৰু ৪৮৮৪১ = ২২১×২২১।

১২২×২১৩ = ২৫৯৮৬ আৰু ৬৮৯৫২ = ৩১২×২২১।

১২৩ ♦⩥⋙ x^{\text{১২৩}}-\text{১২৩}=\text{০} সমীকৰণটোৰ বাস্তৱ সামাধান কেৱল এটা।

১২৪ ♦⩥⋙ ই হ’ল আটাইতকৈ সৰু সংখ্যা যাৰ প্ৰথম তিনিটা গুণিতকত ২ টো এটা অংক ৰূপে আছে।

১২৫ ♦⩥⋙ ই আটাইতকৈ সৰু ঘণ সংখ্যা যাক নেকি পৃথক পৃথক অশূন্য বৰ্গ সংখ্যাৰ যোগফলৰূপে প্ৰকাশ কৰিব পাৰি। \text{১২৫}={\text{৫}}^{\text{৩}}={\text{১১}}^{\text{২}}+{\text{২}}^{\text{২}}
১২৫ মাত্ৰাৰ সংঘ ৫ টা আছে।

১২৬ ♦⩥⋙ ইয়াক ক্ৰমিক বৰ্গ সংখ্যাৰ যোগফল ৰূপে পোৱা যায়।

১২৭ ♦⩥⋙ ইয়েই হ’ল আটাইতকৈ ডাঙৰ মাৰচিন মৌলিক সংখ্যা যি নেকি পৃথক পৃথক অংকৰে গঠিত।

\text{২}^{\text{১২৭}}-\text{১} মাৰ্চিন মৌলিক সংখ্যা।

১২৮ ♦⩥⋙ পৃথক পৃথক বৰ্গ সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব নোৱৰা আটাইতকৈ ডাঙৰ সংখ্যা।

১২৮ মাত্ৰাৰ সংঘ ২৩২৮ টা আছে।

\text{১২৮}=\text{১}\times{(\text{২}^{\text{২}})}^{\text{২}}\times\text{৮}

১২৮ মাত্ৰাৰ ক্ষেত্ৰৰ উপক্ষেত্ৰ কেৱল দুটা।

১২৯ ♦⩥⋙ তিনিটা বৰ্গৰ যোগফল ৰূপে চাৰি ধৰণে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো।

১৩০ ♦⩥⋙ ই ফিবোনাকি অনুক্ৰমৰ প্ৰথম পাঁচটা পদৰ ফেক্টৰিয়েলসমূহৰ যোগফলৰ সমান। [১৩০ = ১! + ১! + ২! + ৩! + ৫!।]

১৩১ ♦⩥⋙ ১৩১তম ফিবোনাকি সংখ্যাটো হ’ল আটাইতকৈ সৰু ফিবোনাকি মৌলিক সংখ্যা য’ত ০ ৰ পৰা ৯ লৈকে আটাইকেইটা অংকই আছে। [১৩১তম ফিবোনাকি সংখ্যাটো হ’ল ১০৬৬৩৪০৪১৭৪৯১৭১০৫৯৫৮১৪৫৭২১৬৯।]

১৩২ ♦⩥⋙ \text{১৩২}=\text{১}+\text{৩}+\text{২}^{\text{৭}}
ই হ’ল আটাইতকৈ সৰু সংখ্যাটো যাৰ অংকসমূহৰ পৰা দুটা দুটা অংক লৈ গঠন কৰিব পৰা আটাইকেইটা সংখ্যা যোগ কৰিলে সংখ্যাটোকে পোৱা যায়। [১৩২ = ১২ + ১৩ + ২১ + ২৩ + ৩১ + ৩২।]

১৩৩ ♦⩥⋙ প্ৰথম তিনিটা অৰ্ধ-মৌলিকৰ বৰ্গৰ যোগফলৰ সমান।

১৩৪ ♦⩥⋙ ১৩৪ = ২×৬৭, এটা অৰ্ধ-মৌলিক। আৰু \text{১৩৪}^{\text{২}}-\text{৬৭}^{\text{২}}=\text{১৩৪৬৭}

১৩৫ ♦⩥⋙ \text{১৩৫}=\text{১}\times\text{৩}^{\text{৩}}\times\text{৫}

\text{১৩৫}=\text{১}^{\text{১}}+\text{৩}^{\text{২}}+\text{৫}^{\text{৩}}
১৩৫ = (১+৩+৫)(১×৩×৫)। [এইটো বৈশিষ্টৰ সংখ্যা কেৱল তিনিটা: ১, ১৩৫ আৰু ১৪৪।]

১৩৬ ♦⩥⋙ \text{১৩৬}={(\text{১}+\text{৩}^{\text{২}})}^{\text{২}}+\text{৬}^{\text{২}}

১৩৭ ♦⩥⋙ তিনিটা পৃথক অংকৰে গঠিত আটাইতকৈ সৰু মৌলিক সংখ্যাটো, যাৰ এটা অংক আঁতৰাই দিলেও এটা মৌলিক সংখ্যাই পোৱা যায়।

১৩৮ ♦⩥⋙ কোনো ক্ষেত্ৰৰ (field) মাত্ৰা ১৩৮ হ’ব নোৱাৰে।

১৩৯ ♦⩥⋙ ১৩৯ আৰু ১৪৯ হ’ল প্ৰথম যোৰা ক্ৰমিক মৌলিক যি দুটাৰ অন্তৰ ১০।

১৪০ ♦⩥⋙ প্ৰথম সাতটা বৰ্গৰ যোগফল।

১৪১ ♦⩥⋙ ই এটা পেলিনড্ৰম সংখ্যা, যাক ৯, ১১, ১৩ আৰু ১৬ ভূমিত প্ৰকাশ কৰিলেও এটা এটা পেলিনড্ৰম পোৱা যায়।

১৪২ ♦⩥⋙ আটাইতকৈ সৰু অৰ্ধ-মৌলিক যাৰ উৎপাদকসমূহৰ যোগফলটো এটা ঘণ সংখ্যা।

১৪৩ ♦⩥⋙ \text{১৪৩}^{\text{১৪৩}} ৰ সোঁপিনৰ ১৪৩ টা অংকই গঠিত সংখ্যাটো মৌলিক।
তিনিটা অংকৰে গঠিত মৌলিক সংখ্যা মুঠতে ১৪৩ টা।

১৪৪ ♦⩥⋙ ১৪৪ = (১ + ৪)! + ৪!।

ফিবোনাকি অনুক্ৰমত থকা আটাইতকৈ ডাঙৰ বৰ্গ সংখ্যাটো।

ই আটাইতকৈ সৰু সংখ্যা যাৰ পঞ্চম ঘাতটো চাৰিটা পঞ্চম ঘাতৰ সংখ্যাৰ যোগফলৰ সমান। \text{১৪৪}^{\text{৫}}=\text{২৭}^{\text{৫}}+\text{৮৪}^{\text{৫}}+\text{১১০}^{\text{৫}}+\text{১১৩}^{\text{৫}}

১৪৪ = (১+৪+৪)(১×৪×৪)। [এইটো বৈশিষ্টৰ সংখ্যা কেৱল তিনিটা: ১, ১৩৫ আৰু ১৪৪।]

১৪৫ ♦⩥⋙ ১৪৫ = ১ + ৪! + ৫!।

১৪৬ ♦⩥⋙ সংখ্যাটো ওলোটা ক্ৰমত লিখিলে এটা মৌলিক সংখ্যা পোৱা যায়।

১৪৭ ♦⩥⋙ ইয়াৰ অংকসমূহ সমান্তৰ প্ৰগতিত আছে।

১৪৮ ♦⩥⋙ ইয়াক দুটা বৰ্গৰ যোগফল ৰূপে কেৱল এক ধৰণে প্ৰকাশ কৰিব পাৰি। ১৪৮ = ১৪৪ + ৪।

১৪৯ ♦⩥⋙ ই হ’ল আটাইতকৈ সৰু সংখ্যা যাৰ বৰ্গটো তিনিটা একে অংকৰে আৰম্ভ হৈছে। [১৪৯ ৰ বৰ্গ ২২২০১।]

১৫০ ♦⩥⋙ \text{২}^{\text{১৫০}}-\text{৩} আৰু \text{২}^{\text{১৫০}}-\text{৫} যমজ মৌলিক।

১৫১ ৰ পৰা ৩৫০ লৈ »

৩৫১ ৰ পৰা ৫০০ লৈ »

No Comments

Post A Comment