চৰাইৰ পৰিভ্ৰমণ : প্ৰকৃতিৰ এক আশ্চৰ্য্যকৰ পৰিঘটনা

চৰাইৰ পৰিভ্ৰমণ বুলিলেই চৌদিশে কলৰোল তুলি আকশেদি জাকপাতি উৰি যোৱা চৰাইবোৰৰ কথাই আমাৰ মনলৈ আহে৷ পৰিভ্ৰমণ প্ৰকৃতিৰ আটাইতকৈ আশ্চৰ্য্যকৰ পৰিঘটনাসমূহৰ ভিতৰত অন্যতম৷ সমগ্ৰ বিশ্বৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত প্ৰায় ২০% অৰ্থাৎ প্ৰায় ২০০০ বিধ সৰু-বৰ চৰায়ে ঋতু অনুযায়ী খাদ্যবস্তু তথা বাসস্থানৰ সন্ধানত বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ ভিতৰত আটাইতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা চৰাইবিধ হ’ল আৰ্কটিক টাৰ্ন (Arctic Tern) নামৰ গঙাচিলনীজাতীয় চৰাইবিধ৷ এই চৰাইবিধে সুমেৰু (Arctic)ৰ পৰা কুমেৰু (Antarctic) লৈ প্ৰতিটো শীততে পৰিভ্ৰমণ কৰে আৰু গ্ৰীষ্মকালত উভতি আহে৷ এই অহা-যোৱাৰ দূৰত্ব প্ৰায় ৪০,৩০০ কিলোমিটাৰ৷ অন্য এটা আমোদজনক কথা হ’ল, প্ৰায়ভাগ চৰায়ে এঠাইৰ পৰা আন ঠাইলৈ উৰিয়ে পৰিভ্ৰমণ কৰে যদিও অন্য কিছু চৰায়ে সাঁতুৰি বা খোঁজেৰেও পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ উদাহৰণস্বৰূপে, পেংগুইণে যথেষ্ট দূৰত্ব সাঁতুৰি অতিক্ৰম কৰিব পাৰে৷ ঠিক তেনেকৈ উত্তৰ আমেৰিকাৰ ব্লু গ্ৰাউজ (Blue Grouse, বৈজ্ঞানিক নাম-Dendragapus obscurus) নামৰ কুকুৰাজাতীয় চৰাইবিধে খোঁজেৰে পৰিভ্ৰমণ কৰে৷ এই চৰাইবিধে সাধাৰণতে ৰকি পৰ্বতমালাত পৰ্ণপাতী অৰণ্যত বাস কৰা দেখা যায়৷ শীতকাল নমাৰ লগে লগে ইহঁতে সাগৰপৃষ্ঠৰ পৰা অধিক উচ্চতাৰ পৰ্বতসমূহত থকা সৰল গছৰ বনাঞ্চললৈ পৰিভ্ৰমণ কৰে৷ এই পৰিভ্ৰমণৰ দূৰত্ব কেৱল ৩০০ মিটাৰ হোৱাৰ হেতুকে এই চৰাইবিধে বিশ্বৰ আটাইতকৈ চমু পথৰ পৰিভ্ৰমী চৰাই হিচাপেও গীনিজ বুকত স্থান পাইছে৷


অসমলৈ অহা বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই ধৃতিৰাজ৷


শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈও পৰিভ্ৰমী চৰাইৰ সোঁত বয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, ধৃতিৰাজ (Bar-headed Goose) নামৰ বনৰীয়া হাঁহবিধ৷ ধৃতিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাইসমূহৰ মাজত অন্যতম৷ অবিশ্বাস্য হ’লেও সঁচা যে এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ কোনো কোনোৰ মতে মাউন্ট এভাৰেষ্টতো এই হাঁহবিধক দেখা পোৱাৰ নজিৰ আছে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে, দীঘলনেজীয়া (Northern Pintail), চাকৈ-চকোৱা (Ruddy Shelduck), কলীমূৰী হাঁহ (Common Teal), খন্তীয়া হাঁহ (Northern Shoveller) আৰু অন্যান্য চৰাই যেনে, বগা বালিমাহী (White Wagtail), বগাঢেৰা (Great White Pelican), বৰবালি বগুৱা (Wood Sandpiper), লৰীয়তী (Marsh Sandpiper), ৰামপৰা (Brown-headed Gull), গলমণিকা নাচনী (Red-throated Flycatcher) আদি উল্লেখযোগ্য৷

ঊনৈছ শতিকাৰ আগলৈকে শীতকালি যথেষ্ট সংখ্যক চৰাই ইউৰোপৰ পৰা অন্তৰ্ধান হৈ যোৱাটো পক্ষী নিৰীক্ষক সকলৰ বাবে এটা ৰহস্য হৈয়ে আছিল৷ অৱশ্যে ইয়াৰ প্ৰকৃত কাৰণ সম্পৰ্কে বহুজনে বহু ধাৰণা কৰিছিল৷ আনকি আজিৰ পৰা ৩০০০ বছৰ পূৰ্বেই এৰিষ্টটলে মত প্ৰকাশ কৰিছিল যে এই চৰাইবোৰে সাগৰৰ অতল বুকুত হয়তো শীতনিদ্ৰা (hibernation)ৰ বাবে গুচি যায়৷ অন্য কিছু বিশেষজ্ঞই আনকি চৰাইবোৰে চন্দ্ৰলৈ গৈ শীতকালটো অতিবাহিত কৰা বুলিও কল্পনা কৰিছিল৷ পোনপ্ৰথমবাৰৰ বাবে ১৮২২ চনৰ মে’ মাহৰ ২১ তাৰিখে আচম্বিতে এই প্ৰশ্নৰ উত্তৰ পোৱা গ’ল৷ এই দিনটোতে জাৰ্মানীত এটা কনুৱাজাতীয় হুৱাইট ষ্টৰ্ক (White Stork) চৰাই পোৱা গ’ল যাৰ ডিঙিত এপাত ৮০ ছেঃমিঃ দীঘল আফ্ৰিকান কাঁড়ে বিন্ধি থৈছিল৷ গম পোৱা গ’ল যে, এই চৰাইটোৱে আফ্ৰিকাত শীতকালিটো কটাই এই অৱস্থাতে পৰিভ্ৰমণ কৰি ইউৰোপৰ জাৰ্মানী পাইছিলহি৷ এই বিশেষ কাঁড়পাত বৰ্তমান ৰষ্টক বিশ্ববিদ্যালয়ৰ প্ৰাণী সংগ্ৰহালয়ত (Zoological Collection of the University of Rostock) সংৰক্ষণ কৰি ৰখা হৈছে৷ চৰায়ে এখন ঠাইৰ পৰা অন্য ঠাইলৈ ঋতু অনুযায়ী কৰা পৰিভ্ৰমণৰ প্ৰথমটো প্ৰমাণ হিচাপে এই ঘটনা খুবেই জনপ্ৰিয় হৈ পৰিল৷ অৱশ্যে এয়া কেৱল এক আৰম্ভণিহে আছিল৷ ইয়াৰ পিছতো এনে ২৫ টামান কাঁড়বিদ্ধ চৰায়ে পৰিভ্ৰমণ কৰাৰ তথ্য পোৱা গৈছে৷ এনেদৰে কাঁড়েৰে আঘাতপ্ৰাপ্ত হৈ পৰিভ্ৰমণ কৰি অহা এই কনুৱাজাতীয় চৰাইবোৰক ইংৰাজীত ‘Arrow-Stork’ বা জাৰ্মান ভাষাত ‘Pfeilstorch’ বুলি আখ্যা দিয়া হয়৷


ৰষ্টক বিশ্ববিদ্যালয়ৰ প্ৰাণী সংগ্ৰহালয়ত থকা কাঁড়বিদ্ধ হুৱাইট ষ্টৰ্ক চৰাইটো৷


এই আৰম্ভণিৰ পিছত যোৱা দুটা শতিকাত চৰাইৰ পৰিভ্ৰমণ সম্পৰ্কে আমাৰ বৈজ্ঞানিক তথ্যৰ সমল যথেষ্ট বৃদ্ধি পাইছে৷ শেহতীয়াকৈ চৰাইৰ ঠেঙত আঙঠি পিন্ধাই (bird ringing) ছেটেলাইটৰ সহায়ত ট্ৰেকিং (satellite and radio tracking), জিয়’ল’কেশ্যন (Geolocation) আৰু অন্যান্য উন্নত প্ৰযুক্তিৰ সহায়ত চৰাইৰ পৰিভ্ৰমণৰ বহুতো বিতং তথ্য পোৱা গৈছে৷ চৰাইৰ পৰিভ্ৰমণ অধ্যয়নৰ বাবে ছেটেলাইট ট্ৰেকিং প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ হয় নব্বৈৰ দশকতে৷ এই প্ৰযুক্তিৰ দ্বাৰা চৰাইৰ দেহত ছেটেলাইট ট্ৰেন্সমিটাৰ (Platform transmitter terminal বা PTT) স্থাপন কৰি বিভিন্ন সময়ত ইয়াৰ পৰিভ্ৰমণৰ গতিপথ সম্পৰ্কে তথ্য লাভ কৰিব পৰা যায়৷ বৰ্তমান পৰিভ্ৰমী চৰাইৰ পৰিভ্ৰমণৰ গতিপথ নিৰ্ধাৰণ, ঋতু অনুযায়ী ইয়াৰ পৰিবৰ্ত্তনৰ ধৰণ, আৰু জিৰণি লোৱা ঠাইসমূহৰ গুৰুত্ব সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে এই প্ৰযুক্তিৰ ব্যৱহাৰ খুবেই জনপ্ৰিয় হৈ উঠিছে৷ কিন্তু এনেধৰণৰ ছেটেলাইট ট্ৰেন্সমিটাৰ সৰঞ্জামসমূহৰ অধিক ওজনৰ বাবে এই প্ৰযুক্তি কেৱল ডাঙৰ আকাৰৰ চৰাই যেনে বগলী, হাঁহ আদিৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা সম্ভৱপৰ হৈছে৷ তাৰোপৰি এনে ট্ৰেন্সমিটাৰসমূহৰ বেটাৰীৰ আয়ুস কম হোৱাৰ বাবেও কিছু সীমাবদ্ধতা আহি পৰে৷ শেহতীয়াকৈ সৌৰশক্তিৰে পৰিচালিত বেটাৰীৰ প্ৰয়োগে ইয়াৰ আয়ুস ২-৩ বছৰ পৰ্যন্ত বৃদ্ধি কৰিছে৷ বৰ্তমানৰ তথ্য অনুসৰি আটাইতকৈ সৰু সৌৰশক্তিৰে পৰিচালিত পিটিটি ট্ৰেন্সমিটাৰৰ ওজন প্ৰায় ৫ গ্ৰাম যিটো এটা ১৫০-২০০ গ্ৰাম ওজনৰ চৰাই যেনে গংগাচিলনী (River Tern), লৰীয়তী (Marsh Sand-Piper) আদিৰ বাবে উপযুক্ত৷ 

এই পৰিভ্ৰমী চৰাইসমূহৰ বাট বিচাৰি পোৱাৰ ক্ষমতা (homing instinct) অতুলনীয় আৰু বহুদিন ধৰি ই বিজ্ঞানীসকলৰ বাবে কৌতুহলৰ বিষয় হৈ আহিছে৷ এই গুণৰ বাবেই পৰিভ্ৰমী চৰাইবোৰে বছৰ বছৰ ধৰি, শ শ মাইল অতিক্ৰম কৰি একে অঞ্চললৈকে উভতি আহিব পাৰে৷ উল্লেখযোগ্য যে পৰিভ্ৰমী চৰাইক পৰিভ্ৰমণৰ কালত কৃত্ৰিমভাৱে আবদ্ধ কৰি ৰাখিলে ইহঁতে কিছুমান অসহজ আচৰণ কৰে৷ এই সময়ত চৰাইক সঁজাত ভৰাই ৰাখিলেও ইহঁতে পৰিভ্ৰমণৰ গতিৰ দিশত উৰি মুকলি হৈ যাবলৈ চেষ্টা কৰে৷ এই অৱস্থাটোক প্ৰব্ৰজনীয় অস্থিৰতা (Migratory restlessness) বা ‘জুগুনৰুৱ’ (Zugunruhe) বুলি কোৱা হয়৷ জাৰ্মান ভাষাত ইয়াৰ অৰ্থ হ’ল; Zug-পৰিভ্ৰমণ, Unruhe-অস্থিৰতা ৷ পূৰ্ণবয়স্ক চৰাইৰ এনে ক্ষমতাৰ জোখ পোৱাৰ উদেশ্যেৰে মেংক্স শ্বিয়েৰৱাটাৰ (Manx Shearwater) নামৰ এবিধ সাগৰীয় চৰাইৰ প্ৰজাতিক ইহঁতৰ প্ৰজননস্থলী গ্ৰেটব্ৰিটেইনৰ কাষত থকা সৰু সৰু দ্বীপসমহূৰ পৰা বিমানেৰে আঁতৰাই লৈ যোৱা হৈছিল৷ ইয়াৰে এজাক চৰাই বষ্টনত আৰু আনজাকক ইটালীৰ ভেনিচত এৰি দিয়া হ’ল৷ কিন্তু অৱশেষত দেখা গ’ল যে দুয়োজাক চৰায়েই এই দুখন ঠাইৰ পৰা প্ৰতিদিনে ২৫০ মাইল দূৰত্ব অতিক্ৰম কৰি ১৪ দিনৰ ভিতৰতে নিজৰ মূল বাসস্থান পাইছিলগৈ৷

ইয়াৰ পৰৱৰ্ত্তী কালত বহুতো পৰীক্ষা-নিৰীক্ষাই প্ৰমাণ কৰিছে যে অনেক পৰিভ্ৰমী চৰায়ে সৌৰকম্পাছৰ সহায়ত পৰিভ্ৰমণৰ বাট উলিয়ায়৷ ১৯৫১ চনত গুস্তভ ক্ৰেমাৰ (Gustav Kramer) নামৰ জাৰ্মান প্ৰাণীবিজ্ঞানীজনে এই সৌৰ কম্পাছৰ আৱিস্কাৰ কৰে৷ তেওঁ ইউৰোপীয় শালিকাৰ প্ৰজাতি (European Starling) কিছুমানক বিশেষ সঁজা (orientation cage)ত বন্দী কৰি আইনাৰ সহায়ত সূৰ্য্যৰ আপেক্ষিক স্থানৰ সালসলনি কৰি পৰীক্ষা কৰে৷ এই পৰীক্ষাত দেখা গ’ল যে চৰাইবোৰে সূৰ্য্যৰ এই কৃত্ৰিম স্থানৰ সৈতে সমন্ধ ৰাখি নিজৰ প্ৰব্ৰজনীয় অস্থিৰতাৰ প্ৰকৃতি সলনি কৰিছিল৷ শেহতীয়া গৱেষণাই প্ৰমাণ কৰিছে যে চৰাইৰ এই সৌৰ কম্পাছৰ ব্যৱহাৰ ইয়াৰ দিন আৰু ৰাতিৰ তাৰতম্য (circadian rhythm)ৰ ওপৰত নিৰ্ভৰ কৰে৷ 

সাধাৰণতে কিছুমান মাংসাহাৰী চৰাই, বতাহী, চাতক আৰু জলচৰ চৰাইবোৰে দিনৰ ভাগত পৰিভ্ৰমণ কৰে৷ আনহাতে পেচ্ছেৰিফৰমিছ (Passeriformes) বৰ্গৰ অন্তৰ্ভুক্ত গানগোৱা চৰাই (Songbirds) যেনে বগা বালিমাহী, দহিকতৰা (Magpie Robin) আদিয়ে চিকাৰী চৰাই আৰু দিনৰ বেলিৰ উত্তাপৰ পৰা ৰক্ষা পাবলৈ নিশাৰ ভাগত পৰিভ্ৰমণ কৰে৷ নিশাৰ ভাগত পৰিভ্ৰমণ কৰা এই চৰাইবোৰৰ ক্ষেত্ৰত ৰাতিৰ আকাশৰ তৰাবোৰে কম্পাছৰ কাম কৰে বুলি অনুমান কৰা হয়৷ বিজ্ঞানীসকলে নিয়ন্ত্ৰিত পৰিবেশত চৰাইক কৃত্ৰিমভাৱে তৈয়াৰী তাৰকাগৃহত এৰি দি এই ধাৰণাৰ সত্যতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে৷ 

তাৰোপৰি পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ ব্যৱহাৰ কৰিও চৰায়ে পৰিভ্ৰমণৰ বাবে বাট বিচাৰি উলিয়ায় বুলি প্ৰমাণ পোৱা গৈছে৷ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ বিষুৱ ৰেখাৰ পৰা যিমানে দূৰত্ব বাঢ়ে সিমানেই অধিক শক্তিশালী হৈ উঠে৷ দুয়োটা মেৰুৰ অঞ্চলত ই আটাইতকৈ শক্তিশালী৷ বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে, চৰায়ে দুখন ঠাইৰ মাজৰ চুম্বকীয় ক্ষেত্ৰৰ শক্তিৰ নগণ্য পৰিবৰ্ত্তনসমূহো ধৰিব পাৰে আৰু ইয়াৰ সহায়তে গতিপথ নিৰ্ণয় কৰে৷ জাৰ্মান বিজ্ঞানীৰ এটা দলে ষাঠিৰ দশকত ইউৰোপীয়ান ৰবিন চৰাইক সঁজাত বন্দী কৰি সূৰ্য্য বা তৰাৰ পোহৰৰ উমান নোপোৱাকৈ ৰাখি চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱ পৰীক্ষা কৰিছিল৷ পৰিভ্ৰমণৰ সময়ত এই চৰাইবোৰে সৌৰ বা নিশাৰ কম্পাছৰ সহায় নোলোৱাকৈয়ে পৰিভ্ৰমণৰ সঠিক দিশ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল৷ তাৰোপৰি হেমহল্টজ কইল (Helmholtz coil) নামৰ সঁজুলিৰ সহায়ত চুম্বকীয় ক্ষেত্ৰখনৰ দিশৰ পৰিৱৰ্ত্তন কৰাত ইয়াৰ লগে লগে চৰাইসমূহৰ উৰাৰ দিশৰো পৰিৱৰ্ত্তন ঘটা দেখা গৈছে৷ এই পৰীক্ষাসমূহে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই চৰাইৰ পৰিভ্ৰমণত দিকনিৰ্দেশনা দিয়ে বুলি স্পষ্ট ইংগিত দিয়ে৷ এই দিকনিৰ্দেশক কম্পাছসমূহৰ উপৰি বহুতো চৰায়ে পৰ্বতমালা, নৈ, হ্ৰদৰ চিন ৰাখি বাট বুলে বুলিও ধাৰণা কৰা হয়৷ 

এই পৰীক্ষাসমূহে চৰাইৰ পৰিভ্ৰমণৰ দিকনিৰ্দেশকবোৰৰ বিষয়ে সম্ভেদ দিলেও পৰিভ্ৰমী চৰাইৰ বাট বিচাৰি উলিয়াব পৰাৰ সহজাত প্ৰবৃত্তিৰ বহু গুৰুত্বপূৰ্ণ দিশ এতিয়াও পোহৰলৈ আহিবলৈ বাকী৷ এটা উল্লেখযোগ্য পৰীক্ষাত জাৰ্মান বিজ্ঞানী হেনছ ৱালৰাফ (Hans Wallraff)এ পাৰ চৰাইৰ এটা জাকক বাহিৰৰ পৰা গতিপথ সম্পৰ্কীয় কোনো তথ্য নোপোৱাকৈ বন্ধ চিলিণ্ডাৰত কৃত্ৰিম অক্সিজেন প্ৰদান কৰি দূৰৰ অঞ্চল এটালৈ কঢ়িয়াই নিছিল৷ এই চিলিণ্ডাৰৰ ভিতৰত যাদৃচ্ছিকভাৱে(randomly) আন্ধাৰ-পোহৰ কৰি থাকি দিন-ৰাতিৰ তাৰতম্য নোহোৱা কৰা হৈছিল৷ আনকি চৰাইক বাট বিচৰাত সহায় কৰা চুম্বকীয় ক্ষেত্ৰখনৰ প্ৰভাৱো চিলিণ্ডাৰৰ ভিতৰত নোহোৱা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ এই সকলোবোৰ প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন কৰি অৱশেষত পাৰ চৰাইবোৰ অচিনাকি আৰু দূৰৰ ঠাই এখনত মুকলি কৰি দিয়া হ’ল৷ কিন্তু দেখা গ’ল যে প্ৰায়বিলাক চৰায়ে সুকলমে নিজৰ পুৰণা বাসস্থানলৈ উভতি আহিবলৈ সক্ষম হ’ল৷ গতিকে এই পৰীক্ষাটোৱে প্ৰমাণ কৰিলে যে, বাহ্যিক কম্পাছৰ উপৰিও চৰাইৰ নিজৰ অন্তৱৰ্ত্তী কম্পাছ বা মেপ থাকিব লাগিব৷ কিয়নো বাহ্যিক কম্পাছে দিশ নিৰ্দেশনা দিলেও চৰায়ে কোনটো দিশত ইয়াৰ পুৰণি বাসস্থান আছে সেইবিষয়ে ধাৰণা কৰিব নোৱাৰিব৷ এইদৰে কেতিয়াও নোযোৱা অচিনাকি ঠাই এখনৰ পৰা চৰায়ে কেনেকৈ নিজৰ পুৰণা বাসস্থানৰ দিশ বিচাৰি উলিয়ায় সেয়া এতিয়াও ৰহস্য হৈয়ে আছে৷ এইক্ষেত্ৰত চৰাইৰ ঘাণেন্দ্ৰিয়ই কিছু পৰিমাণে সহায় কৰে বুলি ধাৰণা কৰা হয়৷


পিতা-পুত্ৰৰ মিলন ঘটোৱা ডৰিয়ান ষ্টাৰলিং চৰাইবিধ৷

পৰিভ্ৰমী চৰায়ে মানুহৰ জীৱনতো সংযোগ ঘটোৱাৰ দৰে আমোদজনক ঘটনাও নঘটা নহয়৷ ১৯৫০ ৰ দশকত উত্তৰ কোৰিয়াত অং হোং (Wong Hong) নামৰ পক্ষীবিদ গৰাকীয়ে তেওঁৰ নুমলীয়া পুত্ৰ প্যোং হোঙৰ সৈতে নিয়মীয়াকৈ চৰাই নিৰীক্ষণ কৰিছিল৷ কিন্তু সেইসময়তে হোৱা কোৰিয়াৰ যুদ্ধত এই পৰিয়ালটো ছেদেলি ভেদেলি হৈ পৰে৷ ফলত মাক-দেউতাক উত্তৰ কোৰিয়াতে ৰৈ যায় আৰু প্যোং হোঙৰ সৈতে বাকী কেইজন ককাই-ভাই দক্ষিণ কোৰিয়াত থাকিব লগা হয়৷ যুদ্ধকালীন পৰিস্থিতিত তেওঁলোকৰ মাজত যোগাযোগ বিছিন্ন হৈ পৰে৷ কালক্ৰমত প্যোং হোং দক্ষিণ কোৰিয়াৰে ক্যোংহী বিশ্ববিদ্যালয় (Kyunghee University)ৰ অধ্যাপক হয়গৈ৷ ১৯৬৪ চনৰ মে মাহত জাপানৰ য়ামাছিনা ইনষ্টিটিউট অব অৰ্নিথ’লজি (Yamashina Institute for Ornithology)লৈ এগৰাকী পক্ষীবিদৰ পৰা এখন চিঠি আহিল৷ চিঠিখনৰ বক্তব্য আছিল যে তেওঁ উত্তৰ কোৰিয়াত ঠেঙত জাপানীজ আঙঠি (ring) পিন্ধোৱা ডৰিয়ান ষ্টাৰলিং (Daurian Starling) নামৰ এটা শালিকাজাতীয় চৰাই পাইছে৷ চিঠিৰ প্ৰেৰকে এই চৰাইটোৰ পৰিভ্ৰমণৰ উৎসস্থানৰ বিষয়ে অধিক তথ্য জানিব খুজিছিল৷ অনুসন্ধানত গম পোৱা গ’ল যে এই চৰাইটোৰ ঠেঙত প্ৰকৃততে আঙঠি পিন্ধোৱা হৈছিল দক্ষিণ কোৰিয়াত৷ পিন্ধাইছিল চিঠিৰ প্ৰেৰক অৰ্থাৎ অং হোঙৰ পুত্ৰ প্যোং হোঙেহে৷ বহু বছৰৰ বিৰতিৰ মূৰত পিতা-পুত্ৰৰ মিলন এনেদৰে সম্ভৱ কৰি তুলিলে এই পৰিভ্ৰমী চৰাইবিধে৷


পৰিভ্ৰমণ চৰাইবোৰৰ বাবে এটা প্ৰত্যাহ্বানমূলক অভিযান, কিয়নো পৰিভ্ৰমণৰ সময়ত ইহঁতে বহুতো সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ উদাহৰণস্বৰূপে বনাঞ্চল ধ্বংস, চিকাৰ, প্ৰদুষণ, আকাশীযানৰ সৈতে সংঘৰ্ষৰ ফলত এনে বহুতো পৰিভ্ৰমী চৰাইৰ পথচ্যুতি ঘটি মৃত্যুৰ মুখতো পৰিব পাৰে৷ বনাঞ্চল ধ্বংসৰ ফলত চৰাইবোৰৰ প্ৰজনন কৰা অঞ্চল, খাদ্য আদিৰ অভাৱ হয়৷ তেনেদৰে চিকাৰ আৰু প্ৰদুষণে চৰাইৰ প্ৰজনন ক্ষমতা আৰু আয়ুস কমাই আনে৷ তাৰোপৰি পৰিভ্ৰমী চৰায়ে পক্ষীজ্বৰৰ দৰে কিছুমান সোঁচৰা ৰোগো এখন ঠাইৰ পৰা ইখনলৈ বিয়পাব পাৰে৷ এইবোৰ কাৰণতে চৰাইৰ পৰিভ্ৰমণৰ গতিপথ, মাজপথত জিৰণি লোৱা ঠাই (Stopover site), লক্ষ্যস্থান, সময় আদিৰ অধ্যয়ন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ যি কি নহওক এনে বহু কাৰণত চৰাইৰ পৰিভ্ৰমণৰ মনোমোহা দিশবোৰে চিৰদিন মানুহৰ মন শিহৰিত কৰি ৰাখিছে আৰু আগলৈও ৰাখিব৷ আহক আমি সকলোৱে শ শ মাইল অতিক্ৰমি আমাৰ অঞ্চলসমূহলৈ অহা এই ৰং-বিৰঙী অতিথিক বনাঞ্চল ধবংস, প্ৰদুষণ আদি সংকটৰ পৰা নিৰাময়ৰ উপায় উলিয়াই সাদৰেৰে অভ্যৰ্থনা জনাও৷

No Comments

Post A Comment