চেদ্ৰিক ভিলানি আৰু ৰাজনীতিত বিজ্ঞানৰ ভৱিষ্যত

চেড্ৰিক ভিলানিৰ নাম শুনিছেনে? বাতৰিৰ কাৰণে আমাৰ অসমীয়া নিউজ চেনেলকেইটাৰ উপৰি ৰাষ্ট্ৰীয় বা /আৰু আন্তঃৰাষ্ট্ৰীয় নিউজ চেনেল চোৱা বহুতেই হয়তো শুনিছে আৰু বহুতে হয়তো আই.পি.এল., গোৰক্ষক, তিনি তালাক, নৰ্থ কোৰিয়া, ইছলামিক ষ্টেট আদিত ব্যস্ত হৈ থকাৰ বাবে চেড্ৰিক ভিলানিৰ নাম নুশুনিলে বা শুনিলে যদিও পাহৰি থাকিলে।

চেড্ৰিক ভিলানি হ’ল যোৱা মাহত নিৰ্বাচিত ফ্ৰাঞ্চৰ নতুন ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে এই মাহৰ মাজৰ ভাগত হ’বলগীয়া ফ্ৰাঞ্চৰ সংসদীয় নিৰ্বাচনৰ কাৰণে তেওঁৰ দল Le Republique En Marcheৰ প্ৰাৰ্থীত্ব দিয়া এজন ব্যক্তি।

এতিয়া আপোনাৰ মনত প্ৰশ্ন উঠিব যে ভিলানিৰ এনে কি বিশেষত্ব আছে যাৰ বাবে মই তেওঁৰ নাম লোৱাৰ প্ৰয়োজন অনুভৱ কৰিলোঁ। তেন্তে শুনক – ভিলানি এজন ফৰাচী গণিতজ্ঞ, যি ফিল্ডছ মেডেল (Fields Medal) অৰ্জন কৰি থৈছে। ফিল্ডছ মেডেলক গণিতৰ ক্ষেত্ৰখনত ন’বেল বঁটা আখ্যা দিয়া হয়। অৰ্থাৎ এক প্ৰকাৰে ক’বলৈ গ’লে ভিলানি এজন গণিতৰ ন’বেল বঁটা বিজয়ী ব্যক্তি। ফ্ৰাঞ্চত তেওঁৰ চিনাকি এজন গণিতৰ ‘ধৰ্ম প্ৰচাৰক’ৰ দৰে। ইচ্ছুকজনে চাব বিচাৰিলে ‘What’s So Sexy About Math’ শীৰ্ষক ভিলানিৰ বিশ্ববিশ্ৰুত বক্তৃতাটো এই লিংকটোলৈ গৈ চাব পাৰিব— https://www.ted.com/talks/cedric_villani_what_s_so_sexy_about_math। এই ভিলানিয়েই এতিয়া পেৰিচৰ সমীপবৰ্তী এক মফচলীয় অঞ্চলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব।

ভিলানি নিৰ্বাচনত জিকিবনে নিজিকে এতিয়াই খাটাংকৈ কোৱা টান। কিন্তু খাটাংকৈ ক’ব পৰা কথা হ’ল – বিশ্বৰ আন যিকোনো চহৰতকৈ পেৰিচত বেছি গণিতজ্ঞ আছে আৰু বিশ্বৰ আন যিকোনো চহৰতকৈ পেৰিচত সকলোতকৈ বেছি গণিতজ্ঞৰ নামেৰে নামাংকিত ৰাজহুৱা পথ আছে। আৰু পৰিসংখ্যাৰ দিশৰ পৰাও এখন দেশৰ সৰ্বমুঠ জনসংখ্যাৰ জনমুৰি হিচাপে ফ্ৰাঞ্চত বিশ্বৰ আন যিকোনো দেশৰ তুলনাত বেছি ফিল্ডছ মেডেল প্ৰাপ্ত গণিতজ্ঞ আছে। ক’ব পৰা যায়, ফ্ৰাঞ্চত গণিতজ্ঞসকল আমাৰ ভাৰতীয় লাইমলাইটৰ এককৰে জুখিলে ‘চেলিব্ৰেটি’ সদৃশ।

এতিয়া আপোনাৰ মনত প্ৰশ্ন হ’ব পাৰে মইনো ভিলানিৰ কথা কিয় উলিয়ালো বা এই লেখাৰ কিয় এনে এক ‘শিৰোনাম’ ৰাখিলোঁ। মোৰ ব্যক্তিগত বিচাৰত গণিতজ্ঞ বা আন যিকোনো বিজ্ঞানী / বিজ্ঞান বিশেষজ্ঞ ৰাজনৈতিক ক্ষেত্ৰলৈ ওলাই অহাটো এক যোগাত্মক দিশ। কিয়নো বৰ্তমান সময়ত দেখা গৈছে যে অকল অসম (য’ত মন্ত্ৰীয়ে মন্ত্ৰালয় প্ৰৱেশৰ ‘মহেন্দ্ৰ ক্ষণ’ ঠিক কৰিবলৈ জ্যোতিষ শাস্ত্ৰৰ পণ্ডিতৰ দৰকাৰ পৰে) বা ভাৰত (য’ত প্ৰধানমন্ত্ৰীয়ে গণেশ দেৱতাৰ হাতীৰ ডিঙিটো প্ৰাচীন ভাৰতত প্লাষ্টিক চাৰ্জাৰীৰ জয়যাত্ৰাৰ চিহ্ন বুলি ইংগিত দিব বিচাৰে) বুলিয়েই নহয়, সমগ্র বিশ্বতে ৰাজনৈতিক ক্ষেত্ৰখনত বিজ্ঞানমনস্ক নেতাৰ অভাব ঘটিছে (ড’নাল্ড ট্ৰাম্পৰ মতে গ্লোবেল ৱাৰ্মিং এক গুজৱ মাত্ৰ) আৰু বৰ বাৰুকৈয়ে ঘটিছে। বৰঞ্চ বৰ্তমান বিশ্বৰ বহু সমস্যা সমাধান হোৱাৰ পৰিবৰ্তে একে ঠাইতে গেঠেলা মাৰি থকা বা অধিক চিন্তনীয় হৈ পৰাৰ এক অন্যতম মুখ্য কাৰণ হয়তো ৰাজনৈতিক নেতাৰ ব্যক্তিগত অবৈজ্ঞানিক বা বিজ্ঞানৰ পৰিপন্থী মানসিকতা (ভোট অৰ্জনৰ পপুলিজমৰ কথা বাদেই দিলোঁ বাৰু এখন্তেকৰ বাবে)। সেয়ে মই বিজ্ঞানৰ ক্ষেত্ৰৰ লগত বিশেষভাৱে জড়িত ব্যক্তিসকল ৰাজনৈতিক ক্ষেত্ৰলৈ ওলাই আহিলে সন্তোষ অনুভৱ কৰোঁ।

প্ৰশ্ন হয় বিজ্ঞানৰ জগতৰ মানুহসকল বাৰু বিশ্বৰ শেহতীয়া ৰাজনৈতিক পৰিবেশৰ দুশ্চিন্তাজনক আৰু জড়তাগ্ৰস্ত অৱস্থা অনুধাৱন কৰি ৰাজনীতিৰ পথাৰৰ প্ৰতি লাহে লাহে আগ্ৰহী হ’বলৈ, সমাজৰ সংস্কাৰৰ ক্ষেত্রত ৰাজনৈতিক সমাধানৰ গুৰুত্ব বুজি ৰাজনীতিৰ জগতলৈ আহিবলৈ আকৃষ্ট হৈছে নেকি! এই কথা খাটাংকৈ কোৱা টান যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত তেনে কুঁহিপাতৰ উকমুকনি একেবাৰে নুঠা নহয়। শেহতীয়াকৈ বিশেষভাৱে চৰ্চালৈ অহা তেনে এক কুঁহিপাতৰ নিদৰ্শন হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ 314 Action নামৰ সংগঠনটো। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনৰ পিছৰ পৰাই ড’নাল্ড ট্ৰাম্পৰ বিভিন্ন অবৈজ্ঞানিক শ্লোগানৰ ‘জনপ্ৰিয়তা’ দেখি বিভিন্ন বিজ্ঞানী আৰু বৈজ্ঞানিক চ’চাইটিৰ উদ্যোগত আমেৰিকাত আৰম্ভ হোৱা এক সংগবদ্ধ আন্দোলন হ’ল 314 Action যিটোৰ উদ্দেশ্য ২০১৮ চনত আমেৰিকাৰ সংসদলৈ হ’ব লগা মধ্যৱৰ্তী নিৰ্বাচনত যিমান পাৰি সিমানেই বিজ্ঞানী নিৰ্বাচিত কৰি পঠোৱা। (এই 314 সংখ্যাটো pi(পাই)ৰ প্ৰথম তিনিটা স্থানৰ মান 3.14ৰ পৰা লোৱা হৈছে।)

কাৰোবাৰ কাৰোবাৰ মনত চাগে প্ৰশ্ন হৈছে – বিজ্ঞান ৰাজনীতিৰ উৰ্ধত হোৱা উচিত নহয় জানো? হয়, এখন আদৰ্শ পৃথিৱীত বিজ্ঞান ৰাজনীতিৰ উৰ্ধত হোৱাই সকলোৰে কাম্য। কিন্তু যদি পৃথিৱীখন আদৰ্শ অৱস্থাত নাথাকে, তেতিয়া? বৰ্তমানৰ পৃথিৱীত য’ত ৰাজনৈতিক নেতা, চৰকাৰী নীতি নিৰ্ধাৰক আদিয়ে (আৰু পৰিস্থিতি বিশেষে বিৰোধী পক্ষইয়ো) বিভিন্ন গুৰুত্বপূৰ্ণ আৰু ৰাজহুৱা স্বাৰ্থ জড়িত সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্রত বিজ্ঞানক সমূলি অৱজ্ঞা কৰে (আমাৰ সোঁৱনশিৰিৰ নদী-বান্ধৰ কথাই ধৰক – চৰকাৰৰ প্ৰতিবেদন বৈজ্ঞানিক নে বান্ধবিৰোধীৰ প্ৰতিবেদন বৈজ্ঞানিক, সাধাৰণ ৰাইজৰ কাৰণে একো ধৰিবই নোৱৰা কৰি পেলালে সকলোৱে মিলি) বা/ আৰু নিজৰ আদৰ্শগত অবৈজ্ঞানিক ‘গোড়ামি’বোৰ বলপূৰ্বকভাৱে জাপি দিয়াৰ চেষ্টাত থাকে, তেনে অৱস্থাত হয়তো বিজ্ঞানীসকল ৰাজনৈতিক পদৱীত অধিস্থিত হোৱাটো সময়ৰে দাবী, যাতে অযথা আৱেগ বা ধৰ্মীয় / মতবাদীয় গোড়ামিৰ পৰিবৰ্তে বৈজ্ঞানিক তথ্য, ডাটা, পৰিসংখ্যা আদি ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ একমাত্র ভিত্তি হৈ পৰে। আমাৰ ভাৰতীয় শাসন ব্যৱস্থাত হয়তো কেৱল নিউক্লীয়, মহাকাশ আৰু প্ৰতিৰক্ষাৰ অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতহে বিজ্ঞানীসকলৰ কথাই প্ৰায় শেষ কথা হয়গৈ (হয়তোহে দেই)। আন এক দিশৰ পৰা চাবলৈ গ’লে বিজ্ঞান ইতিমধ্যেই ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ আছেই। এটা উদাহৰণ হিচাপে, বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে এইবাৰৰ বাজেটত অসম চৰকাৰে কিমান ধন ধাৰ্য্য কৰিছে বাৰু!

অৱশ্যে বিজ্ঞানীসকল ৰাজনৈতিক ক্ষেত্রত ওতঃপ্ৰোতভাৱে জড়িত হ’বলৈ আৰম্ভ কৰাৰ লগে লগেই মৰ্ত্যলৈ স্বৰ্গ নামি আহিব, কথাটো নিশ্চয় তেনেকুৱাও নহয়। এক সৰু উমান হিচাপে বিজ্ঞানৰ বিষয়ৰ লগত বিশেষভাৱে জড়িত ব্যক্তিৰো ধৰ্মীয়/ মতবাদীয় অন্ধবিশ্বাস বা গোড়ামি কিমান উগ্ৰ হ’ব পাৰে, তাক ফে’চবুকতে বুজিব পাৰি।

টেকন’ক্ৰেটিক লিডাৰশ্বিপ (Technocratic Leadership) সম্বন্ধে ইতিমধ্যে বহু সৰু-বৰ পৰীক্ষা-নিৰিক্ষা বিভিন্ন সময়ত বিভিন্ন সমাজ আৰু ৰাষ্ট্ৰ ব্যৱস্থাত হৈ আহিছে। বিশেষকৈ কুৰি শতিকাৰ আৰম্ভণিত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত মূৰ ডাঙি উঠা সৰু-বৰ বিভিন্ন ‘Technocracy Movement’ আৰু সাংগঠিনক অভিযানৰ মূল উদ্দেশ্য আছিল ৰাজনৈতিক ব্যৱস্থাটোত পেছাদাৰী ৰাজনীতিবিদ আৰু ব্যৱসায়ীৰ আধিপত্য সমাপ্ত কৰি বিজ্ঞানী আৰু অভিযান্ত্ৰিক ক্ষেত্ৰৰ অভিজ্ঞতাপুষ্ট মানুহৰে ভৰাই তোলা। বৰ্তমান সময়ত বিজ্ঞানৰ লগত জড়িত ব্যক্তিৰ ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণৰ সকলোতকৈ উৎকৃষ্ট উদাহৰণ হয়তো জাৰ্মানীৰ বৰ্তমানৰ চেঞ্চেলৰ (আমাৰ প্ৰধানমন্ত্ৰীৰ সম পদবী) এঞ্জেলা মাৰ্কেল, যি কোৱাণ্টাম কেমিষ্ট্ৰিত পিএইছডি ডিগ্ৰী অৰ্জন কৰি থৈছে আৰু ফ’ৰ্বছ (Forbes) মেগাজিনৰ মতে বৰ্তমান বিশ্বৰ তৃতীয় (মহিলাৰ ভিতৰত প্ৰথম) শক্তিশালী ব্যক্তি।

ভাৰতৰ ইতিহাস এইক্ষেত্ৰত কেনে বাৰু বুলি কাৰোবাৰ মনলৈ প্ৰশ্ন আহিছে যদি ক’ব লাগিব যে শোচনীয় বুলিয়েই ধৰক। এ. পি. জে. আব্দুল কালাম আমাৰ ৰাষ্ট্ৰপতি আছিল, ৰাজা ৰামান্না আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী (ৰাজ্যিক) আছিল আৰু বিভিন্ন মন্ত্ৰীৰ কাৰণে বৈজ্ঞানিক উপদেষ্টা (Scientific Adviser) নিযুক্তি দিয়া হয় – কিন্তু এই উদাহৰণবোৰৰ কোনেও প্ৰত্যক্ষ নিৰ্বাচনত (সাধাৰণ ৰাইজৰ ভোট অৰ্জনত) নামিব লগা হোৱা নাই।

ভিলানিয়ে (বা তেনে কোনোৱে) হয়তো আমাৰ ভাৰতীয় ৰাজনীতিৰ প্ৰত্যক্ষ নিৰ্বাচনত কেতিয়াও ৰাইজৰ ভোট অৰ্জন কৰি জিকাৰ কথা কল্পনা কৰিবই নোৱাৰিব। গণিতৰ ভাষাত তেওঁ হয়তো ক’ব – It’s a highly improbable event.

 

[Venky Vembuৰ এটা লেখাৰ আলমত]

No Comments

Post A Comment