ডেনিছ ৰিৎছী : যাৰ বাহুত ভৰ দি ওখ হৈছিল ষ্টিভ জৱছ, বিল গেটছ ইত্যাদি

২০১১ চনত, ডেনিছ ৰিৎছীৰ মৃত্যুত প্ৰকাশ কৰা এক প্ৰতিক্ৰিয়াত কম্পিউটাৰ-বিজ্ঞানৰ এজন বিখ্যাত ইতিহাস-লেখকে কৈছিল— “ৰিৎছী অলক্ষিতে থাকি গৈছিল। তেওঁৰ নামটো সৰ্বসাধাৰণৰ মুখে মুখে সমুলি নাছিল। কিন্তু… যদি আপোনাৰ এটা অনুবীক্ষণ-যন্ত্ৰ থাকিলহেঁতেন আৰু তাৰে কম্পিউটাৰৰ ভিতৰলৈ চাব পাৰিলেহেঁতেন, তেন্তে তাৰ ভিতৰত সৰ্বত্ৰে তেওঁৰ কামেই আপুনি দেখিবলৈ পালেহেঁতেন।”

আমি সাধাৰণ ব্যৱহাৰকাৰীসকলে কম্পিউটাৰ এটাৰে বিবিধ কাম কৰি থকা সময়ত তাৰ স্ক্ৰীণৰ সিপাৰৰ জগতখনৰ একো উম-ঘামেই নাপাওঁ। আমি কম্পিউটাৰত দিয়া প্ৰতিটো নিৰ্দেশ কাৰ্যকৰী হ’বলৈ, ভিতৰৰ যন্ত্ৰসমূহৰ নিয়ন্ত্ৰিত হ’বলৈ কম্পিউটাৰৰ বাবে বিশেষভাৱে কিছুমান সংকেতিক ভাষা তৈয়াৰ কৰি লোৱা হৈছে, যিসমূহক কোৱা হয় প্ৰগ্ৰেমিং লেংগুৱেজ। আজিৰ সম্পূৰ্ণ কম্পিউটাৰটো গঢ়ি উঠিবলৈ প্ৰয়োজনীয় প্ৰগ্ৰেমিং লেংগুৱেজসমূহ ব্যৱহাৰ কৰি সৰ্বমুঠ কোটি কোটি সংখ্যক শাৰী লিখিব লগা হয়। একোটা প্ৰগ্ৰেমিং লেংগুৱেজ আয়ত্ব কৰি একোটা কাম সম্পাদনৰ বাবে এটা প্ৰগ্ৰেম লিখি উলিওৱাটো বহু কষ্টসাধ্য কাম। ইয়াৰ বাবে বহু কল্পনা, এটাৰ পাছত এটাকৈ যুক্তি খটুৱাই তাৰ কাৰ্যকৰী ফলাফল বিবেচনা কৰিব পৰা সৃষ্টিশীল দক্ষতা আদিৰ প্ৰয়োজন হয়। বহুতে ইয়াক একোটা যুগজয়ী কবিতা লিখাৰ দৰে শিল্পকৰ্মৰ লগতো তুলনা কৰে।

কেন থম্পছনৰ সৈতে ৰিৎছী

ডেনিছ ৰিৎছী হ’ল UNIX অপাৰেটিং চিষ্টেমৰ সহ-নিৰ্মাতা, আৰু C প্ৰগ্ৰেমিং লেংগুৱেজৰ নিৰ্মাতা। আজিৰ পৰা ৪৫ বছৰ পূৰ্বে তেওঁ এইসমূহ নিৰ্মাণ কৰিছিল। এজন লেখকে লিখিছিল যে— “সেয়া আছিল ১৯৬৮ চন। ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন কৰ্মীবিলাকে ভিয়েটনাম যুদ্ধৰ প্ৰতিবাদী আন্দোলনত জপিয়াই পৰিছিল। আপাতদৃষ্টিত সেয়া এনে আছিল যেন পশ্চিমীয়া বিশ্ব নৱ-বিপ্লৱৰ দাঁতিত অস্থিৰ-অধীৰ হৈ হামখুৰি খাই পৰিবলৈ লৈছে। সেই সময়তেই, নিউ জাৰ্ছীৰ মাৰী হিলৰ শাকনিময়, নিদ্ৰালু নগৰ-উপকণ্ঠত গণিত আৰু পদাৰ্থবিজ্ঞানৰ এজন ডেকা স্নাতকে এটা সম্পূৰ্ণৰূপে ভিন্ন বিপ্লৱৰ ডিম্ব-উমনি দি আছিল।” ১৯৬৩ চনত পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লৈ ৰিৎছীয়ে ১৯৬৮ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত প্ৰায়োগিক গণিত বিভাগত ডক্টৰেট ডিগ্ৰীৰ কাম সম্পূৰ্ণ কৰে। সেয়া আছিল প্ৰধানকৈ কম্পিউটাৰৰ লগত জড়িত বিষয়। ইতিমধ্যে ১৯৬৭ চনত তেওঁ “বেল লেব”ত নিযুক্তি লাভ কৰিলে। তেওঁৰ দেউতাক আছিল বেল লেবত কৰ্মৰত এজন বিজ্ঞানী। সেইদিশৰ পৰাও তেওঁ বেল লেবৰ কিছু কাম তথা কম্পিউটাৰ জগতখনৰ লগত সৰুৰে পৰা পৰিচিত আছিল। সেই সময়ত আজিৰ দৰে কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ কোনো ডিগ্ৰী লোৱাৰ ব্যৱস্থা হোৱাই নাছিল। বেল লেব, “জেনেৰেল ইলেকট্ৰিক” আৰু এমআইটিৰ এটা যুটীয়া-প্ৰকল্পত ৰিৎছী জড়িত হ’ল। তেতিয়াৰ কম্পিউটাৰসমূহ আছিল পকাণ্ড আকৃতিৰ; আজিৰ দৰে বিবিধ কাম কৰাৰ পৰিবৰ্তে চাৰি-পাঁচটা কামতহে কম্পিউটাৰবোৰ ব্যৱহাৰ কৰিব পৰা হৈছিল; আজিৰ দৰে একে সময়তে একেটা কম্পিউটাৰত একাধিক কাম সমাপন কৰিব পৰা নহৈছিল; প্ৰতিটো কম্পিউটাৰৰ বাবে পৃথকে পৃথকে প্ৰগ্ৰেম কৰিব লগা হৈছিল; . . .। ৰিৎছী জড়িত হৈ থকা প্ৰকল্পটো আছিল অপাৰেটিং চিষ্টেম সম্পৰ্কীয়। দেখা গৈছিল যে— সেইটোৰ নিৰ্মাণ যেতিয়া সম্পূৰ্ণ হ’ব তাৰ পাছতো বহু জটিলতা একে ৰূপেই থাকি যাব, আৰু কামবিলাক ব্যয়বহুল হৈয়ে থাকিব। সেয়েহে কেইবছৰমানৰ অন্তত ৰিৎছীয়ে প্ৰকল্পটো এৰি দিয়ে আৰু এটা সৰল উপায়ৰ বাবে চিন্তা কৰি থকা আন এজন প্ৰগ্ৰেমাৰ কেন থম্পছনৰ সৈতে লগ লাগে। তেওঁলোকৰ নতুন পৰিকল্পনাটো প্ৰথমে তেওঁলোকৰ উচ্চবৰ্গসকলৰ মনঃপূত হোৱা নাছিল। কিন্তু কেইমাহমানৰ মূৰত, ১৯৭১ চনত, তেওঁলোকে UNIX নামেৰে তুলনামূলক সৰল অপাৰেটিং চিষ্টেমটো নিৰ্মাণ কৰিলে। ই বহুখিনি সমস্যা দূৰ কৰিবলৈ সক্ষম হ’ল। প্ৰধানকৈ, তাৰ সৈতে পৃথক পৃথক চফ্টৱেৰ সংযুক্ত কৰিব পৰা সুবিধা হ’ল। যিটো পূৰ্বতে কেতিয়াও সম্ভৱ নাছিল। পিছে, এই অপাৰেটিং চিষ্টেমটোও আছিল বহু লেহেমীয়া আৰু পূৰ্বৰ পদ্ধতিৰে তাক বাৰে বাৰে গঢ়ি তোলাটোও আছিল খুৱ কষ্টকৰ কাম। প্ৰগ্ৰেমাৰসকলৰ কাম সহজ কৰা লক্ষ্যৰে ৰিৎছীয়ে C নামৰ নতুন লেংগুৱেজটো সৃষ্টি কৰিলে। ১৯৭৩ চনত তেওঁ C ব্যৱহাৰ কৰি UNIX ক নতুনকৈ গঢ়ি তুলিলে। বহুতো উন্নত আৰু সহজ সুবিধাৰ বাবে এই লেংগুৱেজটো আজিও সৰ্বাধিক প্ৰয়োজনীয় লেংগুৱেজসমূহৰ এটা। কম্পিউটাৰৰ যন্ত্ৰাংশ— হাৰ্ডৱেৰৰ জটিলতাসমূহৰ লগত জড়িত নোহোৱাকৈয়ে বিভিন্ন কামৰ বাবে নতুন চফ্টৱেৰ নিৰ্মাণৰ বাটো ই মুকলি কৰিলে।

UNIXৰ পাছত নিৰ্মিত কেইবাটাও অপাৰেটিং চিষ্টেম আৰু নতুন সুবিধাৰে বহুল ব্যৱহৃত প্ৰায়কেইটা নতুন লেংগুৱেজতো C ব্যৱহাৰ হৈছে। গুগল চাৰ্চ ইঞ্জিন, ৱেব ব্ৰাউজাৰ আদিতো C ব্যৱহাৰ হয়। ষ্টিভ জবছে প্ৰথমে কম্পিউটাৰ নিৰ্মাণত UNIX অপাৰেটিং চিষ্টেম খটুৱাইছিল, আৰু পাছত এপলৰ বিভিন্ন কম্পিউটাৰ-সঁজুলিসমূহ তৈয়াৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে C লেংগুৱেজ ব্যৱহাৰ কৰিছিল। প্ৰাৰম্ভিক সময়ত মাইক্ৰ’চফ্টেও C ব্যৱহাৰ কৰিছিল। সেয়েহে, ডেনিছ ৰিৎছীৰ সম্পৰ্কীয় বিভিন্ন লেখাত কোৱা হয়— তেওঁৰ বাহুত ভৰ দিয়েই ষ্টিভ জৱছ, বিল গেটছ, লিনাছ টোৰভল্ডছ আদি ওখ হৈছিল; তেওঁ নথকা হ’লে সেইসকলৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন। ডেনিছ ৰিৎছীৰ গুৰুত্ব বুজাবলৈ সেয়া কিছু অত্যুক্তি বুলিবও পাৰি; কাৰণ, সেইসকলৰ দক্ষতা আৰু চাৰিত্ৰিক বৈশিষ্টসমূহলৈ চাই একেষাৰে ক’ব পাৰি যে তেওঁলোকে কিবা কৰিলেইহেঁতেন। কিন্তু, ডেনিছ ৰিৎছী নোহোৱা হ’লে কম্পিউটাৰ, স্মাৰ্টফ’ন, বিবিধ চফ্টৱেৰ, ৱেব ব্ৰাউজিং, ৱেব চাৰ্চিং আদিৰ নানা সুবিধা আজিৰ ৰূপত আমি নাপালোঁহেঁতেন, আৰু ইমানখিনি পৰ্যায়ৰ সুবিধা পোৱাত বহুতেই পলম হৈ গ’লহেঁতেন।

No Comments

Post A Comment