মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য অধ্যাপক দিবাকৰ চন্দ্ৰ ডেকাৰ সৈতে কথোপকথন

যশস্বী ৰসায়ন বিজ্ঞানী অধ্যাপক দিবাকৰ চন্দ্ৰ ডেকাই কিছুদিন পূৰ্বে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় Association of Chemistry Teachersৰ সভাপতি পদকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ সমিতিৰ বিষয়বাব পালনৰ অভিজ্ঞতাৰে তেখেত পুষ্ট। তেখেতৰ নেতৃত্বত গঢ় ল’বলগীয়া মাধৱদেৱ বিশ্ববিদ্যালয়লৈ অঞ্চলবাসীৰ লগতে সমগ্ৰ অসমবাসীৰো বহু আশা আছে। গণিত চ’ৰাৰ সৈতে হোৱা এটি আছুতীয়া সাক্ষাৎকাৰত তেখেতৰ পৰিকল্পনা, চিন্তাধাৰা, গৱেষণা আদিৰ সম্পৰ্কে প্ৰকাশ পাইছে। তলত সম্পূৰ্ণ সাক্ষাৎকাৰটি আগবঢ়োৱা হ’ল।

 

সাক্ষাৎগ্ৰহণ : ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য

 

ছাৰ পোনপ্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ।
► ধন্যবাদ।

 

ছাৰ উপাচাৰ্য পদটো লাভ কৰাৰ পাছত বৰ্তমান আপোনাৰ অনুভৱ?

► উপাচাৰ্যৰ পদটোত সন্মানৰ লগতে বিশাল দায়িত্ব জড়িত হৈ আছে। সন্মানৰ কথা মই ভবা নাই। উপাচাৰ্যৰ দায়িত্ব পোৱাৰ পাছতে মই ভাবিছোঁ – তৎকালীন আৰু ভৱিষ্যতৰ মোৰ কৰণীয় আৰু কাৰ্যপন্থা কি হ’ব। সেই লৈ মই চিন্তিত।

 

ছাৰ বৰ্তমান আপোনাৰ কাৰ্যপন্থা?

► যিহেতু মই প্ৰথম উপাচাৰ্য আৰু মোৰ কাৰ্যকাল প্ৰথম পাঁচ বছৰেই হ’ব, সেয়েহে মোৰ লক্ষ্য হ’ব – মাধৱদেৱ বিশ্ববিদ্যালয়খন কেনেকৈ গঢ় দিব পাৰোঁ, সুন্দৰভাৱে আৰম্ভ কৰিব পাৰোঁ আৰু এই পাঁচ বছৰত এটা সদৃঢ় ভেঁটি গঢ়িব পাৰোঁ।

 

বৰ্তমান কি কি stream আৰম্ভ কৰাৰ কথা আপুনি ভাবিছে?

► তাত দুটা ষ্ট্ৰীম ইতিমধ্যে আছেই – বিজ্ঞান আৰু কলা। ৰাইজৰ ফালৰ পৰা ইতিমধ্যে ক’বলৈ আৰম্ভ কৰিছে যে বানিজ্য তাত লাগিব। কিন্তু সকলোৰে লগত আলোচনা কৰি ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব, তাত চৰকাৰৰ সাহায্যও লাগিব, টকা-পইছাৰ কথা আছে আৰু আন্তঃগাঠনিৰ কথা আছে – এই সকলোবিলাক চাই আলোচনাৰ মাধ্যমেৰে আমি ঠিক কৰিম কি কি প্ৰগ্ৰেম, ক’ৰ্চ আৰম্ভ কৰা হ’ব।

 

সাধাৰণতে ৰাজ্যিক বিশ্ববিদ্যালয়বোৰে চৰকাৰৰ পৰা সাহায্য বেছি লাভ নকৰে বুলি এটা অভিযোগ আছে। আপুনি কি কয়?

► লাভ নকৰে বুলি অভিযোগটো…. আমি মানুহবিলাক অভিযোগ দিয়াত বৰ এক্সপাৰ্ট মানে। অভিযোগ আমি সদায় কৰি আহোঁ। সুন্দৰভাৱে যথাযথ প্ৰজেক্ট দিব পাৰিলে টকা-পইছাৰ অভাৱ নাই বুলিয়েই মই জানো আজিকালি। কিন্তু প্ৰজেক্টবিলাক নিখুঁত হ’ব লাগে আৰু যুক্তিসংগত হ’ব লাগে।

 

তাৰমানে আপুনি ক’ব খোজে যে সাধাৰণতে যিখিনি চেন্ট্ৰেল ইউনিভাৰ্চিটি, তাৰ তুলনাত আমাৰ ষ্টেট ইউনিভাৰ্চিটিখিনি পিছপৰি থকাৰ মূলতে দুৰ্নীতি কিবাকিবি ক্ষেত্ৰত চলি আছে?

► বহু ক্ষেত্ৰত চেন্ট্ৰেল ইউনিভাৰ্চিটিও পিছ পৰি আছে। কিছুমান আগবাঢ়ি গৈছে। আমাৰ অসম ৰাজ্যতে আছে। আমাৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি তুলনা কৰিলে ৰাইজে দেখিব, আটাইকেইখন সমানে আগবাঢ়ি যোৱা নাই। তেনেকৈ ৰাজ্যিক বিশ্ববিদ্যালয়কেইখনো সমানে আগবাঢ়ি যোৱা নাই। ইয়াৰ মূলতে হৈছে তাৰ কৰ্তৃপক্ষ, কৰ্তৃপক্ষৰ লগতে অনুষ্ঠানটোৰ লগত প্ৰতক্ষ্যভাৱে যিবিলাক মানুহ জড়িত হৈ আছে তেওঁলোকৰ সহায়-সহযোগিতাৰ অভাৱ।

 

আপোনাৰ প্ৰভাৱত বিশ্ববিদ্যালয়খনত এটা বিজ্ঞানৰ পৰিৱেশ গঢ় লৈ উঠিব। আপুনি কলাৰ পৰিৱেশটোত সমানে গুৰুত্ব দিব নে?

► বিজ্ঞানৰ আৰু গৱেষণাৰ পৰিৱেশটো সৃষ্টি কৰাটো উদ্দেশ্য হ’বই। লগতে কলা আৰু সংস্কৃতি, সাহিত্য – সেইবিলাকো সমানে আগবঢ়াই নিয়াটোত, বিজ্ঞানভিত্তিত সমানে আগবঢ়াই নিয়াটোত গুৰুত্ব দিয়া হ’ব। এই আটাইবিলাকেই সমাজৰ বাবে গুৰুত্ব আহিব।

 

মাধৱদেৱ বিশ্ববিদ্যালয় যিহেতু, মাধৱদেৱৰ নামেৰে কিবা বিশেষ আসন প্ৰতিষ্ঠা কৰাৰ কথা ভাবিছে নেকি?

► বৈষ্ণৱী যিটো সংস্কৃতি বা অধ্যয়ন, তাৰ বাবে নিশ্চয় কিবা এটা ব্যৱস্থা কৰা হ’ব।

 

উচ্চশিক্ষাৰ বাবে প্ৰথমে আপুনি কোনকেইটা বিভাগত বেছি গুৰুত্ব দিব?

► আটাইকেইটা বিষয়েই প্ৰয়োজন। কথাটো হ’ল, আলোচনাৰ মাধ্যমেৰে কৰা হ’ব। আটাইবিলাকেই – বানিজ্য, কলা – বুৰঞ্জী, দৰ্শন, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, জীৱ বিজ্ঞান – আটাইবিলাকেই প্ৰয়োজনীয়। কিন্তু কথাটো হ’ল, আন্তঃগাঁথনি ক’ত কিমান আছে। আৰু সম্ভৱ হ’লে অকণমান নতুন ধৰণে ক’ৰ্চবিলাক নিয়াৰ, যাতে employabilityটো বাঢ়ে আৰু তাৰ serviceটো সমাজে পায়, ৰাইজে পায়, সেইটোৱেই গুৰুত্ব দিয়া হ’ব। এনেই গতানুগতিক কিছুমান ক’ৰ্চ কৰি unemployability বঢ়োৱাটোৰ কোনো যুক্তি নাই।

 

তাৰমানে আপুনি টেকনিকেল ক’ৰ্চত বিশেষভাৱে গুৰুত্ব দিব?

► টেকনিকেল ক’ৰ্চ বুলি ক’লে ধৰা ইঞ্জিনিয়াৰিং বা এনেকুৱা কথা পৰি যায়। আমাৰ ইঞ্জিনিয়াৰিং কলেজ বহুত হৈছে গোটেই ৰাজ্য জুৰি। গতিকে সেইটোৰ প্ৰয়োজন কিমান আছে, মাধৱদেৱ ইউনিভাৰ্চিটিত প্ৰয়োজন হ’ব নে নহয় মই নাজানোঁ; কিন্তু বেচিক চায়েন্সৰো গুৰুত্ব আছে।

 

তাৰমানে skill developmentত বেছি গুৰুত্ব দিব?

► Skill developmentৰ কিছুমান ক’ৰ্চ ল’ব পৰা যাব। চববিলাক ল’বৰ কাৰণেতো skilled personও লাগিব। ট্ৰেইনাৰ লাগিব। গতিকে সেইবিলাক পাম নে নাপাম সেইটোও চাব লাগিব। লগতে ট্ৰেইনাৰ এপইণ্টমেণ্ট দিয়াৰ আগতে চাব লাগিব আন্তঃগাঁথনি আমি গঢ়িব পাৰিছোঁ নে নাই। গতিকে আলোচনাৰ মাধ্যমেৰে দেখা যাব, কি কৰিব পৰা যায়। লগতে চৰকাৰৰ সহায়-সহযোগিতা লাগিব, টকা-পইছাৰ কথা আছে। যদি কিছুমান skilled ওচৰে-পাজৰে সহজে উপলব্ধ কৰিব পৰা যায়, তেতিয়াহ’লে আমি সেইটোত priority নিদি অন্য কিছুমান, যিটো ওচৰে-পাজৰে নাই কিন্তু প্ৰয়োজন আছে, সেইবিলাকত গুৰুত্ব দিয়া হ’ব।

 

তাৰমানে ছাৰ আপুনি বৰ্তমান বিশ্ববিদ্যালয়খনত সোমাই তাৰ skilledৰ ওপৰত বিশেষভাৱে গুৰুত্ব অৰ্পণ কৰিব, তাৰ লগতে ধৰক ইঞ্জিনিয়াৰিং বা অন্যান্য কিবাকিবিত গুৰুত্ব দিব? আৰু তাৰ বাবে আপুনি ইমানখিনি অভিজ্ঞ শিক্ষক প্ৰথমতে ক’ৰ পৰা লোৱাৰ কথা ভাবিছে?

► অভিজ্ঞ শিক্ষক পোৱা যাব। অভিজ্ঞ শিক্ষকৰ অভাৱ নহয়। অভিজ্ঞ শিক্ষক, ভাল শিক্ষক পাবলৈ হ’লে এটা সুস্থ-সুস্থিৰ বাতাৱৰণ সৃষ্টি কৰিব লাগিব। ভাল পৰিৱেশ থাকিলে মানুহ আগ্ৰহেৰে আগবাঢ়ি আহিব তালৈ যাবৰ কাৰণে। দ্বিতীয়তে ভাল মানুহ যেতিয়া আমি ল’ম, ভাল সুবিধাও দিব লাগিব তেওঁলোকক। তেওঁলোকক কাম কৰাৰ সুবিধা দিব লাগিব, তেওঁলোক থকাৰ সুবিধা কৰি দিব লাগিব, তেওঁলোকৰ ল’ৰা-ছোৱালী পঢ়া-শুনা কৰাৰ সুবিধা কৰি দিব লাগিব। গতিকে এই infrastructureবিলাক যদি আমি গঢ়ি তুলিব পাৰোঁ আৰু লগতে এটা ভাল শৈক্ষিক পৰিৱেশ গঠন কৰিব পাৰোঁ, মই ভাবোঁ skilled person বা দক্ষ শিক্ষকৰ অভাৱ নহ’ব।

 

ছাৰ কিমান বছৰমানৰ ভিতৰত মাধৱদেৱ বিশ্ববিদ্যালয়খন পূৰ্ণাংগ বিশ্ববিদ্যালয় হ’ব বুলি আপুনি ভাবে?

► কথাতে কোৱা হয়, Rome was not built in a day. এতিয়া মাধৱদেৱ বিশ্ববিদ্যালয় জন্ম হৈছেহে মাত্ৰ। আৰু মোৰ দায়িত্ব হৈছে পাঁচ বছৰ। গতিকে পাঁচ বছৰত এটা সুস্থ বুনিয়াদ গঠন কৰাটোৱেই হ’ব মোৰ লক্ষ্য। তাৰ পাছত পৰৱৰ্তী কালত কোন আহিব, কোনে নেতৃত্ব দিব সেইটো মই নাজানোঁ। কিন্তু এটা কথা ঠিক, সুন্দৰভাৱে পৰিকল্পনা কৰিলে, আৰু আজিকালি যিবিলাক সা-সুবিধা, টেকন’ল’জী আছে, সেইবিলাকৰ সহায় ল’লে মই ভাবোঁ – আগৰ দিনত, আজিৰ পৰা পঞ্চাছ বছৰ আগতে যিটো কাম কৰিবলৈ বিছ বছৰ লাগিছিল সেই কামটো আজিকালি দুই বছৰতো কৰিব পৰা যায়। গতিকে মই ভাবোঁ, এখন পূৰ্ণাংগ বিশ্ববিদ্যালয় হ’বৰ কাৰণে – পূৰ্ণাংগ বিশ্ববিদ্যালয় মাত্ৰ ক’ৰ্চ কেইটামান খুলিলেই, দুটামান ঘৰ সাজিলেই নহয় নহয় – সঁচা অৰ্থত পূৰ্ণাংগ হ’ব লাগিলে তাত এখন সুস্থ শিক্ষানুষ্ঠানৰ সকলো সুবিধা থাকিব লাগিব – লাইব্ৰেৰী থাকিব লাগিব, অন্যান্য আনুষংগিক সুবিধা থাকিব লাগিব, কেণ্টিন থাকিব লাগিব, বাসগৃহ থাকিব লাগিব, খেলা-ধূলাৰ ব্যৱস্থা থাকিব লাগিব – এই সকলোবিলাক কৰোঁতে সময় লাগিব। মই ভাবোঁ, দহ-পোন্ধৰ বছৰৰ ভিতৰত সম্ভৱ, যদিহে চৰকাৰৰ যথাযথ বা যিকোনো চ’ৰ্চৰ পৰা যথাযথ অনুদান লাভ কৰিব পাৰে।

 

ছাৰ, এইবাৰৰ পৰা ক্লাছ আৰম্ভ হ’ব?

► ক্লাছতো চলিয়েই আছে under-graduate. আগতেও চলি আছে, এতিয়াও চলি আছে। Post-graduate ক’ৰ্চটো এইবছৰ কৰা হ’ব নে নহয় তাৰ আলোচনা-বিলোচনা চলি আছে। খৰধৰকৈ আৰম্ভ কৰিলে ল’ৰা-ছোৱালীৰ অসুবিধা হ’ব নেকি সেইটো আমি বিবেচনা কৰিব লাগিব। আৰম্ভ কৰাটো সহজ, কিন্তু আৰম্ভ কৰাৰ পাছত যদি ল’ৰা-ছোৱালীয়ে সকলো সুবিধা নাপায়, যদি আমি উপযুক্ত শিক্ষক নিযুক্তি নিব নোৱাৰোঁ, তেতিয়াহ’লে নামভৰ্তি নকৰাই ভাল। এই সকলো কথা চালিজাৰিয়েই ঠিক কৰা হ’ব।

 

পিছত কৰিলে, সকলো entrance পৰীক্ষাৰ মাধ্যমেৰে আৰম্ভ কৰিব?

► সেইটোও আমি আলোচনাৰ পৰ্যায়তে আছোঁ। Entrance পাতিবলৈ এতিয়া সময় আছে নে নাই সেইটোও কথা। কাৰণ, ইউনিভাৰ্চিটিখনৰ দায়িত্ব লোৱা মোৰ এসপ্তাহ হৈছে। গতিকে এতিয়া সকলো নিয়ম-নীতিৰ কথা আছে। আমাৰ যিবিলাক regulation সেইবিলাক বনাব লাগিব। কমিটিবিলাক গঠন কৰিব লাগিব। Executive committee, Academic council, Core, Selection committee এই সকলোবিলাক গঠন কৰি ল’ব লাগিব। তাৰ পাছতহে কামবিলাক আগবঢ়াই নিব পৰা যাব। এই সকলোবিলাক কমিটি গঠন কৰোঁতেও মোক কিছু সময় লাগিব। কিছু নহ’লেও, অন্ততঃ এমাহৰ সময় লাগিব। গতিকে এইবিলাক নকৰাকে, এই যিবিলাক statutory body এইবিলাক গঠন নকৰাকে চিধাই নামভৰ্তি কৰিবলৈ গ’লে বিশ্ববিদ্যালয়খন বিপদত পৰিব আৰু ল’ৰা-ছোৱালীৰ মাজত অসন্তোষৰ ভাৱ গঢ়ি উঠিব। গতিকে এই regulation বিলাক কৰি লোৱাতো অত্যন্ত প্ৰয়োজন।

 

ছাৰ, বিশ্ববিদ্যালয় এখনৰ গুৰুত্ব হৈছে সাধাৰণ শ্ৰেণীৰ মানুহখিনিকো কিছুপৰিমাণে আগুৱাই নিয়া। তাৰ কাৰণে আপুনি কি ব্যৱস্থা কৰিম বুলি ভাবিছে?

► সাধাৰণ অসাধাৰণ বুলি কথা মই নাভাবো। বিশ্ববিদ্যালয়বিলাক হৈছে ৰাজহুৱা অনুষ্ঠান। এনেকুৱা ৰাজহুৱা অনুষ্ঠানে সকলো শ্ৰেণীৰ মানুহকে সুবিধা প্ৰদান কৰাটো উদ্দেশ্য হ’ব লাগিব। সেইটো উদ্দেশ্য হোৱা উচিত, যিহেতু ৰাজহুৱা অনুষ্ঠান। সাধাৰণ অসাধাৰণ বুলি কোনো কথা নাই। সকলোৱেই সুবিধা পাব লাগিব, বিচৰা সুবিধাখিনি আমি দিব পাৰিব লাগিব। সকলোকে লগত নিব পাৰিব লাগিব।

 

গুৱাহাটী বিশ্ববিদ্যালয়ত আপুনি বহু বছৰ শিক্ষকতা কৰিলে। বাহিৰৰ পৰা শুনা যায় যে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকল বহুত এলেহুৱা। ইয়ালৈ আহি সোনকালে কিবা এটা কাম কৰি নিয়াতো বহুত অসুবিধা। আপুনি কি ভাবে?

► এইবিলাক অভিযোগ বহুত শুনিছোঁ, কিন্তু যথাযথ অধ্যয়ন নকৰাকৈ বা মোৰ হাতত প্ৰমাণ নোহোৱাকৈ মই মতামত দিয়াটো মোৰ পজিচনৰ পৰা মই বিচৰা নাই। শুনিছোঁ, মইয়ো শুনিছোঁ এনেকুৱা।

 

আপুনি ব্যক্তিগত জীৱনত তেনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হোৱা নাই?

► দুই এটা সৰু-সুৰা হৈছোঁ। ইমান মেজৰ নহয়, কাৰণ মই ইয়াতে অধ্যয়ন কৰিছিলো বহু বছৰ আগতে। তেতিয়া আজিকালিৰ নিচিনা infrastructure নাছিল, নেটৱৰ্কৰ কথা নাছিল, গতিকে তেতিয়া যিবিলাক সুবিধা-অসুবিধা আছিল, এতিয়া সেই একে নহয়। আজিকালি হৈছে কি ইণ্টাৰনেটৰ দিন, সকলো সুবিধা, কম্পিউটাৰ আছে, গতিকে স্বাভাৱিকতে মানুহৰ আশাটো বাঢ়ি গৈছে। Fast হৈছে। আগতে যেতিয়া আমাক চাৰ্টিফিকেট এখন উলিয়াবৰ কাৰণে দুমাহ লাগে বুলি কৈছিল, আমি গ্ৰহণ কৰি লৈছিলোঁ। আজিকালি মানুহে গ্ৰহণ নকৰে। দুমাহ কিয় লাগে? সোনকালে হ’ব লাগে। গতিকে, যদি ভুক্তভোগীৰ এই কথাখিনি সঁচাকৈ ভুক্তভোগীৰ মতামত, তেতিয়াহ’লে সঁচাকৈ এইটো দুৰ্ভাগ্যজনক। সঁচাকৈ দুৰ্ভাগ্যজনক! শুনিছোঁ মই। গতিকে ভুক্তভোগীৰ দৃষ্টিভংগীৰে ক’বলৈ গ’লে এইটো দুৰ্ভাগ্যজনক। কামবিলাক সুচাৰু ৰূপে হ’ব লাগে আৰু ইউনিভাৰ্চিটি এখন student centric হ’ব লাগে, আৰু যিবিলাক মানুহে আশা কৰি কিবা এটা কামৰ কাৰণে আহে তেওঁলোকৰ কামবিলাক হ’ব লাগে। আৰু দুই এটা ক্ষেত্ৰত মইয়ো মুখামুখি হৈছোঁ। ইখন টেবুলৰ পৰা সিখন টেবুললৈ ফাইলবিলাক যথাসময়ত move নকৰে। পৰি থাকে। নোহোৱা নহয়, কথাটো একেবাৰে নুই কৰিব নোৱাৰি।

 

মাধৱদেৱ বিশ্ববিদ্যালয়ত এইসমূহ অসুবিধা নোহোৱা কৰিবলৈ আপুনি কি ব্যৱস্থা ল’ব?

► কি ব্যৱস্থা ল’ম সেইটো এতিয়াই কৈ দিব নোৱাৰোঁ, কিন্তু এনেকুৱা হোৱাটো নিবিচাৰিম। তাৰ প্ৰতিবিধান থাকিবই। আৰু আৰম্ভণিৰ পৰাই মই ভাবিছোঁ, যদি চিষ্টেমটো ভালভাৱে চলাই নিয়া যায়, চিষ্টেম এটা ভালদৰে সৃষ্টি কৰা যায়, তেতিয়াহ’লে এইবিলাক আঁসোৱাহ নাথাকিব। মই ভাবোঁ এইবিলাক problem নহয়, এইবিলাক মানুহৰ সৃষ্টি – যন্ত্ৰৰ সৃষ্টি নহয়, মানুহৰ সৃষ্টি। গতিকে মানুহক ভালদৰে পৰিচালনা কৰিব পাৰিলে বা motivate কৰিব পাৰিলে এইবিলাক নাথাকে।

 

গুৱাহাটী বিশ্ববিদ্যালয়খনে বিগত সময়ত স্নাতক শ্ৰেণীৰ ৰিজাল্ট-পাতি বহুত ভুলকৈ দিছে। বৰ্তমান এনেকুৱা হৈছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ কিছু সংখ্যক কলেজত কিছু সংখ্যক ভাল ল’ৰা-ছোৱালীয়ে নামভৰ্তি কৰিবলৈ ভয় কৰে। উদাহৰণস্বৰূপে যোৱাটো ছেমিষ্টাৰৰ ৰিজাল্ট দিওঁতে গুৱাহাটী বিশ্ববিদ্যালয়ে বহুখিনি ভুল কৰিছে। তেওঁলোকে কিছুসংখ্যকক অনুপস্থিত বুলি দিছে, কিছু সংখ্যকক ফেইল কৰাই দিছে। যিসকলক পাছ কৰাই দিয়া নাছিল, পিছত পেপাৰ-কল কৰোঁতে ভয় খাই এনেই কিছু নম্বৰ দি দিছে। অথচ কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী আছে যি পাছ কৰিবলগীয়াই নাছিল, আৰু কিছুসংখ্যকে বহুত বেছি নম্বৰ পাব লাগিছিল। আপুনি কি ভাবে এই বিষয়ত?

► পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ লুকঢাক হ’ব নালাগে। এই যিবিলাক অভিযোগ অনা হৈছে, এইবিলাক অভিযোগ যদিহে তথ্যভিত্তিক, যদি এশ শতাংশ সঁচা হয়, তেতিয়াহ’লে মই ক’ম – অত্যন্ত দুৰ্ভাগ্যজনক। পৰীক্ষাৰ ক্ষেত্ৰত কোনো আপোচ হ’ব নালাগে। পৰীক্ষা সকলোকে আচলতে। পৰীক্ষাৰ ক্ষেত্ৰত transparent হ’ব লাগে। চব কথাই ল’ৰা-ছোৱালীয়ে জানিব পাৰিব লাগে। ক’ত কি নম্বৰ দিছে, কিয় দিয়া হৈছে, কোনে কিমান পাইছে – চব কথা transparent হ’ব লাগে। তাত লুকঢাকৰ কোনো scope নাই। আৰু লগতে ল’ৰা-ছোৱালীয়ে যিবিলাক চাৰ্টিফিকেট-মাৰ্কছীট পায়, সেইবিলাকৰো মানদণ্ড উন্নত হ’ব লাগে। কাৰণ, আজিও মই মোৰ জীৱনৰ এমএছচি বা তাৰ পৰৱৰ্তী মাৰ্কছীট-চাৰ্টিফিকেটবিলাক ব্যৱহাৰ কৰি আছোঁ। গোটেই জীৱনটো ছাত্ৰ-ছাত্ৰীসকলে এই মাৰ্কছীট বা চাৰ্টিফিকেটখন বুকুত বান্ধি ফুৰিব লগা হয়। তাৰ যদি মানদণ্ড উন্নত নহয়!! হোৱাতো অতি কাম্য। মানদণ্ড উন্নত নহ’লে বিশ্ববিদ্যালয়খনৰো বদনাম হয়। কাৰণ এইবিলাক মাৰ্কছীট বা চাৰ্টিফিকেট বিভিন্ন ঠাইত, বিভিন্ন অনুষ্ঠানত জমা দিয়া হয়। এইটো কথা সঁচা যে দুই-চাৰিখন মাৰ্কছীট গুৱাহাটী বিশ্ববিদ্যালয়ৰো মই চাইছিলোঁ, সেইবিলাকৰ কোৱালিটিটো চালে সঁচাকৈয়ে বেয়া লাগে আৰু মই ভাবো অতি পৰিতাপৰ বিষয়।

 

ছাৰ, নম্বৰৰ সম্পৰ্কে আপুনি কি ক’ব?

► নম্বৰৰ…. মই কৈছোঁৱেই যে ইয়াত কোনো লুকঢাক থাকিব নালাগে। ইয়াত কম-বেছি দিয়াৰ প্ৰশ্ন নাহে। কিছুমান নিয়ম-নীতিৰ মাজেৰে পৰীক্ষা চলে। সেই নিয়ম-নীতিৰ মাজেৰে যি নম্বৰ পায় সেইখিনিয়েই আশ্বাস। অনা অভিযোগখিনি যে ক’ৰবাত কম দিয়া হৈছে ক’ৰবাত বেছি দিয়া হৈছে, সেইখিনিতো মই নাজানো কিমানদূৰ সঁচা কিমানদূৰ মিছা, গতিকে অধ্যয়ন নকৰাকৈ কোৱাটো মোৰ কাৰণে টান হ’ব।

 

গুৱাহাটী বিশ্ববিদ্যালয়ত স্পষ্ট নিৰ্দেশনা নাই বুলি বৰ্তমান বহুতে কয়….

► কিহৰ ওপৰত?

 

উদাহৰণস্বৰূপে এইবছৰ যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে পুনৰ scrutiny কৰিছিল, সেই সময়ত কলেজবিলাকলৈ ইউনিভাৰ্চিটিৰ ফালৰ পৰা কোনো নটিফিকেচন প্ৰেৰণ কৰা হোৱা নাছিল যে ছাত্ৰ-ছাত্ৰীয়ে পইছা জমা দি চালান ক’পিটো আনি ইউনিভাৰ্চিটিত জমা দিব লাগিব। কিন্তু শেষত ছাত্ৰ-ছাত্ৰীসকল বিশ্ববিদ্যালয়লৈ যেতিয়া আহিল, তেওঁলোকক কোৱা হ’ল যে তোমালোকে ক’পিটো জমা দিয়া নাই গতিকে scrutiny হোৱা নাই।

► তাৰমানে কথাটো ক’ব বিচৰা হৈছে যে চিষ্টেমটো এতিয়াও transparent হোৱা নাই। গুৱাহাটী বিশ্ববিদ্যালয় আজি কিমান বছৰ হ’ল? প্ৰায় সত্তৰ বছৰ হ’ল, পুৰণা বিশ্ববিদ্যালয় এখন। নহয় জানো? ইমান পুৰণা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এতিয়াও যদি এই পদ্ধতিবিলাক transparent হৈ উঠা নাই তেতিয়াহ’লে দুৰ্ভাগ্যজনক। যদি হৈ উঠা নাই সঁচাকৈ, হ’ব লাগে। ইতিমধ্যে হ’বই লাগিছিল।

 

ছাৰ যিকোনো মানুহে যদি এখন বিশ্ববিদ্যালয়ত দুৰ্নীতি কৰে তেতিয়াহ’লে শেষত গৈ উপাচাৰ্যজনৰ গাত লাগে। এনেকুৱা বহুকেইটা উদাহৰণ আমি দেখিছোঁ শেষত উপাচাৰ্যজনলৈ গুচি যায়। এই ক্ষেত্ৰত আপুনি কি ক’ব বিচাৰে।

► গুচি যায় বুলি কথাটো কিমান সমুচিত মই নাজানোঁ। কিন্তু এটা কথা ঠিক, যিকোনো অনুষ্ঠানৰে, বিশ্ববিদ্যালয় বুলি কথা নাই, মুৰব্বীজন transparent আৰু অতি সৎ ব্যক্তি হোৱাটো বাঞ্চনীয়। যদি মুৰব্বীজন সৎ আৰু নিষ্ঠাবান হয় তেন্তে বহু সমস্যাৰে সমাধান হয়, আৰু আনে দুৰ্নীতি কৰিবলৈ সাহস নকৰে। কিন্তু তাৰ মানে নহয় যে অকল মুৰব্বীজন সৎ হ’লেই অনুষ্ঠানখন সৎ হ’ব। অনুষ্ঠানৰ লগত জড়িত – প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত যিসকল ব্যক্তি থাকে সকলোৱে মুৰব্বীজনক সহায় কৰিব লাগিব। সহায় নকৰিলে অকল মুৰব্বীজনে – যদি বাকী সকলো মনুহ সৎ নহয়, অসৎ হয় – অকল মুৰব্বীজনে এখন অনুষ্ঠান সৎ কৰিব নোৱাৰে। কিন্তু মুৰব্বীজন সৎ হোৱা লগে লগে তাৰ লগত জড়িত অন্য বহুত অসৎ মানুহ সৎ হ’বলৈ বাধ্য। তেতিয়া বহু কথাই সৰল হৈ যায়। যদি মুৰব্বীজন নিজেই সৎ নহয়, তেতিয়াহ’লে স্বাভাৱিকতে অন্যান্যসকলে অসৎ পন্থা অৱলম্বন কৰিবলৈ সাহস পায়।

 

ৰাজনীতিৰ পৰা আপুনি মাধৱদেৱ বিশ্ববিদ্যালয়ক কিদৰে দূৰত ৰাখিব?

► ৰাজনীতিৰ দূৰত ৰখাৰ মানেটো মই বুজা নাই। ৰাজনীতি বুলি ক’লে আমি বেয়া মনোভাৱ এটা লৈ থাকোঁ। Politics is bad, সেইটো নহয় কিন্তু। পলিটিক্স ভালো আছে। আচলতে ভাল মানুহে কৰিলে পলিটিক্স কাম্য। পলিটিক্সেইটো এখন চৰকাৰ চলায়, এখন দেশ চলায়। তেওঁলোকেইটো পলিচি বনায়। গতিকে সৎ পলিটিক্সৰ পৰা বিশ্ববিদ্যালয় এখন আঁতৰি থকাৰটো কোনো যুক্তি নাই। তেওঁলোকেই আমাক সহায় কৰিব লাগিব। তেওঁলোকেই আমাৰ কাৰণে নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰিব লাগিব, assembly বা parliamentত। গতিকে আঁতৰি কিয় থাকিব লাগে, আঁতৰি থকাৰটো প্ৰশ্ন নাই। কথা হ’ল বেয়া পলিটিক্সৰ পৰা আঁতৰি থাকিব লাগে।

 

তাৰমানে মাধৱদেৱ বিশ্ববিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচন হ’ব?

► নিশ্চয় হ’ব।

 

তেজপুৰ বিশ্ববিদ্যালয়ত কিন্তু এতিয়াও তেনেকুৱা নিৰ্বাচন হোৱা নাই। আপুনি কি কয়?

► তেজপুৰত হোৱা নাই নেকি?

 

নাই হোৱা।

► মই নাজানোঁ, কিয় হোৱা নাই। তেওঁলোকে বিচৰা নাই নে হ’বলৈ দিয়া হোৱা নাই এইটো মই বিশেষ নাজানোঁ। কৰ্তৃপক্ষই নিদিয়াকৈ থাকিব নোৱাৰে, যদিহে ছাত্ৰবিলাকে বিচাৰে। আৰু তেনেকুৱা আমাৰ কিছুমান বিশ্ববিদ্যালয়ৰ নিচিনা rigorous election আইআইটি বিলাকতো নাই। তাৰ মানে নহয় যে তাত ছাত্ৰসকলৰ প্ৰতিনিধি নাথাকে।

 

ছাৰ, তেজপুৰ বিশ্ববিদ্যালয়তো প্ৰতিনিধি থাকে। কিন্তু এনেকুৱা পৰ্যায়ৰ নিৰ্বাচন নহয়।

► হয়তো ছাত্ৰ-ছাত্ৰীসকলে বিচৰা নাই চাগে। বিচাৰিলে হ’ব নিশ্চয়।

 

উপাচাৰ্যৰ নিচিনা পদসমূহ সাধাৰণতে ধৰক ৰাজনীতিৰ মেৰপাকত বন্দী। উদাহৰণস্বৰূপে অধ্যাপক অমৰজ্যোতি চৌধুৰী ছাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদৰ পৰা পদত্যাগ কৰিব লগা হৈছিল। আপুনি কি কয়?

► ৰাজনীতিৰ মেৰপাকত এতিয়াৰ উপাচাৰ্যৰ পদটো বন্ধ হৈ আছে বুলি মই নাভাবোঁ।

অমৰজ্যোতি চৌধুৰী ছাৰে কিয় তেতিয়া ৰিজাইন দি – তেওঁতো জইন কৰিছিলে – কিয় ৰিজাইন দি গুচি গ’ল সেইটোৰো মই সঠিক মূল্যায়ন কৰা নাই। তেওঁৰ ব্যক্তিগত কাৰণতো যাব পাৰে বা অন্য কিবা কাৰণতো যাব পাৰে, কিন্তু মই ৰাজনীতিৰ কাৰণে যোৱা বুলি নাভাবোঁ।

ৰাজনীতি নহয়। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ পদটো প্ৰায় এবছৰ পূৰণ কৰিব পৰা নাই। এবছৰৰ আগতেই বৰ্তমানৰ উপাচাৰ্যজনৰ কাৰ্যকাল শেষ হ’ল। আজি প্ৰায় এবছৰেই হ’ল। পূৰণ কৰিব পৰা নাই। ইয়াক আমি ৰাজনীতি বুলি ক’ম নেকি? ইয়াতেটো মই ৰাজনীতি দেখা নাই। ইয়াতে ৰাজনীতিতকৈয়ো মুষ্টিমেয় কেইজনমান মানুহৰ স্বাৰ্থ জড়িত আছে যেনহে লাগে। তেওঁলোকে ইচ্ছাকৃতভাৱে মেৰপাক লগাই এই প্ৰক্ৰিয়াটো, উপাচাৰ্য নিযুক্তি দিয়া প্ৰক্ৰিয়াটো বন্ধ কৰি ৰাখিছে বুলিহে মোৰ ভাৱ হয়।

 

dr-dibakar-chandra-deka

 

ছাৰ, আপোনাৰ অলপ ব্যক্তিগত জীৱনৰ কথালৈ আহোঁ। বৰ্তমান আপোনাৰ ঘৰত কোন কোন আছে?

► মোৰ একেবাৰে ঘৰত বুলি ক’ব লাগিলে, মোৰ পত্নী আৰু দুটা ল’ৰা। আৰু বাকী লগতে মোৰ অন্যান্যৰ ভিতৰত আছে মোৰ দাদা এজন আছে, তেওঁৰ পৰিয়াল আৰু বাইদেউ দুগৰাকী আছে, তেওঁলোকৰ পৰিয়াল। বেলেগ বেলেগ ঠাইত থাকে, বেলেগে বেলেগে থাকে।

 

আপুনি শৈশৱ ক’ত কটাইছিল?

► মোৰ জন্ম হৈছিল বৰ্তমানৰ নলবাৰী জিলাৰ মুকালমুৱা ৰাজহচক্ৰৰ কুৰিহা গাঁৱত। শৈশৱ বুলি নহয়, মেট্ৰিক পাছ কৰালৈকেতো গাঁৱতে থাকিলোঁ। তাৰ পাছত কটন কলেজলৈ আহিলোঁ, তাৰ পাছত বিশ্ববিদ্যালয়লৈ আহিলোঁ। কিন্তু গাঁৱৰ লগত এতিয়াও চলি আছে, বন্ধ হ’লেতো গাঁৱতেই থাকোঁ। মেট্ৰিকলৈকেতে এশ শতাংশ গাঁৱতে থাকিলোঁ, তাৰ পিছতো বহু সময় গাঁৱতে কটাইছোঁ।

 

এতিয়া গাঁৱৰ লগত সম্পৰ্ক আছেনে?

► এতিয়াও আছে।

 

মেট্ৰিক পৰীক্ষালৈকে আপুনি অসমীয়াতে পঢ়িছিল?

► অসমীয়া মাধ্যম।

 

মাধ্যম সম্পৰ্কে আপুনি কি ক’ব?

► মই ভাবো মাতৃভাষাতেই প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰাটো খুৱেই প্ৰয়োজন আছে। মাতৃভাষাত সকলোৱে শিক্ষা গ্ৰহণ কৰিব লাগে। কিন্তু সময় সাপেক্ষে – বৰ্তমান যুগত – ইংৰাজী ভাষাটো খুৱেই প্ৰয়োজন হৈছে। ইংৰাজী ভাষাটোত গুৰুত্ব দিব লাগে এইকাৰণেই যে বিজ্ঞান বা মেডিকেল চায়েন্স বা ইঞ্জিনিয়াৰিং চায়েন্স পঢ়িব লাগিলে ইংৰাজী মাধ্যমত বহুত ভাল ভাল কিতাপ পোৱা যায়। সেইটো পৰ্যায়ৰ কিতাপ অসমীয়া মাধ্যমত আমি নাপাওঁ। যেতিয়া বস্তুটো গ্লোবেলাইজেছন হৈছে, গ্লোবেলাইজেছনৰ দিনত ইংৰাজীটো আমি বাদ দি চলিব নোৱাৰোঁ। আমি নাদৰ ভেকুলী নিচিনা অসমতে আবদ্ধ হৈ থাকিব লাগিব। কিন্তু প্ৰাৰম্ভিক শিক্ষাটো মাতৃভাষাত শিকাৰ লগতে ইংৰাজী ভাষাটো শিকিব লাগে। আৰু এটা ভাবোঁ, যদিও কয় সংস্কৃত ডেড লেংগুৱেজ, কিন্তু সংস্কৃত ভাষাটোৰ লগত আমাৰ ভাৰতীয় সংস্কৃতি বহুত বিশালভাৱে জড়িত। সংস্কৃত ভাষাটো জ্ঞানৰ ভঁৰাল। সংস্কৃত ভাষাটোৱে সঁচা অৰ্থত মানুহৰ চৰিত্ৰ গঠনত বহুত সহায় কৰে। সংস্কৃত ভাষাটোৰ শিক্ষা কেনেদৰে প্ৰতিজন ব্যক্তিৰ ওচৰলৈ নিব পৰা যায় সেইটো এটা চিন্তাৰ বিষয়। এইটো মোৰ ব্যক্তিগত মতামত। সংস্কৃত ভাষাটো ignore কৰিব নালাগে।

 

ৰসায়ন বিজ্ঞানৰ প্ৰতি আপুনি আগ্ৰহান্বিত হোৱাৰ কাৰণ?

► জীৱনটোৱেইটো কেমিষ্ট্ৰি। আমাৰ গোটেই লাইফটো কিছুমান কেমিকেল ৰিয়েকছন বা বিক্ৰিয়াৰ দ্বাৰা বুজাব পৰা যায়। আমাৰ প্ৰতিটো কথা, বতৰা, চিন্তা, ভাৱনা – আটাইবিলাক ক্ৰিয়া-প্ৰক্ৰিয়াৰ লগত ৰসায়ন বিজ্ঞান জড়িত। আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহাৰ্য প্ৰতিটো বস্তুৱেই ৰসায়ন বিজ্ঞানৰ অৱদান। ৰসায়ন বিজ্ঞানে আমাৰ জীৱন সঁচা অৰ্থত সহজ কৰি তুলিছে। ৰসায়ন বিজ্ঞানে আমাৰ সকলোৰে কাৰণে সুস্থ জীৱন যাপন কৰাত সহায় কৰিছে। ৰসায়ন বিজ্ঞানে নতুন পদাৰ্থ বা মেটেৰিয়েল সৃষ্টি কৰিব পাৰে। এইবিলাকেই প্ৰধান কাৰণ। যাৰ বাবে ৰসায়ন বিজ্ঞানে আমাৰ জীৱনটো বুজাত, চলাই নিয়াত বহু পৰিমাণে সহায় কৰে। এইটোৱেই মূল কথা, মই ৰসায়ন বিজ্ঞান কিয় ইমান ভাল পাওঁ।

 

ছাৰ, শিক্ষক বুলি ক’লে, একেবাৰে স্কুল পৰ্যায়ৰ শিক্ষকৰ পৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ ব্যক্তিগৰাকীলৈকে শিক্ষক। আৰু তেনেকুৱা দৃষ্টিভংগীৰে চাবলৈ গ’লে, আপুনি আটাইতকৈ শ্ৰেষ্ঠ শিক্ষক। এইটো পদত অধিষ্ঠিত হৈ আপুনি বাকীসকল শিক্ষকলৈ কি উপদেশ দিব?

► মই নাভাবো যে মই শ্ৰেষ্ঠ শিক্ষক, কিন্তু মই বেয়া শিক্ষক নহওঁ। মই এটাই কথা ক’ম যে সদায় positive competitionত গুৰুত্ব দিব লাগে। শিক্ষকেই হওক, ছাত্ৰই হওক। Positive competition. পাৰিলে আনক সহায় কৰিব লাগে, কিন্তু ঈৰ্ষা কৰিব নালাগে। Jealousy is very bad thing. ঈৰ্ষা কৰিব নাপায়। আনৰ ভাল হোৱাটো বিচাৰিব লাগে, পাৰিলে সহায় কৰিব লাগে, উন্নতি হোৱাত সহায় কৰিব লাগে, আৰু নোৱাৰিলে অন্ততঃ হিংসা কৰিব নাপায়, ঈৰ্ষা কৰিব নাপায়। আৰু negative competitionৰ পৰা আঁতৰি থাকিব লাগে। মই নিজেই ঈৰ্ষাৰ বলি হৈছোঁ, মই নাম ধৰি ক’ব খোজা নাই। মই নিজেই ঈৰ্ষাৰ বলি হৈছোঁ, যদিও মই জীৱনত কাকো ঈৰ্ষা কৰা নাই, কাকো হিংসা কৰা নাই। Positive competitionত মই সদায় থাকিম বা appreciate কৰোঁ।

 

আপোনাৰ প্ৰক্তন ছাত্ৰ-ছাত্ৰীসকলে আপোনাক খুৱ ভাল শিক্ষক বুলি কয়। যিসকলে আপোনাৰ সন্নিধ্যলৈ আহিছে, তেওঁলোকে ইউনিভাৰ্চিটিত লগ পোৱা প্ৰতিগৰাকীকে আপোনাৰ কথা কয়। আপুনি কি ভাবে?

► মই নাজানো তেওঁলোকে যে….

 

মানে আপোনাক তেওঁলোকে ভাল পোৱাৰ কাৰণ আপুনি কি বুলি ভাবে?

► তেওঁলোকক সোধা হ’লেই ভাল পাব। সেইটো হ’লে মইয়ো জানিবলৈ পালে সুখী হ’ম। তেওঁলোকে মোক কি কি কথাৰ কাৰণে ভাল পায়, তেওঁলোকৰ পৰা মই এতিয়াও ফিডবেক লোৱা নাই। মই নাজানিম। কিন্তু এটা কথা ঠিক, শিক্ষক হিচাপে মই সদায় চেষ্টা কৰোঁ কেনেকৈ lessonবিলাক সুন্দৰভাৱে delivery কৰিব পাৰোঁ, তেওঁলোকক সুন্দৰভাৱে বুজাব পাৰোঁ। আৰু তাৰ কাৰণে ছাত্ৰ-ছাত্ৰীতকৈ মই নিজেই বহুত বেছি সময় পঢ়া-শুনা কৰোঁ। গোটেই বিষয়টো আয়ত্ব কৰি এঘণ্টীয়া ক্লাছত খুৱ সহজভাৱে তেওঁলোকক কেনেকৈ বুজাই দিব পাৰোঁ তাৰ চেষ্টা সদায় মোৰ থাকে। আৰু মই ভাবো সকলো শিক্ষকেই extempore speech লৈ ক্লাছলৈ আহিব নালাগে, preparation কৰি আহিব লাগে। যিমানেই অভিজ্ঞ শিক্ষক নহওক, এতিয়া আমাৰ বয়সত যথেষ্ঠ অভিজ্ঞতা হৈছে, আৰম্ভণিতে যিমান পঢ়া-শুনা কৰিব লাগিছিল আজিকালি নালাগে, কিন্তু তথাপিও অন্ততঃ ক্লাছলৈ অহাৰ আগতে আধা ঘণ্টা সময় মই গোটেই ক্লাছত শিকাবলগা কথাখিনি চাই আহোঁ, প্লেন কৰি আহোঁ, খৰধৰকৈ মই ক্লাছলৈ আহিবলৈ বেয়া পাওঁ। আৰু এইখিনিয়েই সকলো শিক্ষকে, মই ভাবোঁ, মানি চলা উচিত।

 

বৰ্তমান অসংখ্য কলেজ-বিশ্ববিদ্যালয় গঢ়ি উঠিছে। সমান হাৰত স্কুল বিলাকো গঢ়ি উঠিছে, বিশেষকৈ প্ৰাইভেট স্কুলবিলাক গঢ়ি উঠিছে। শিক্ষাৰ প্ৰাইভেটাইজেছন কৰা বুলি সৰ্বত্ৰে চৰ্চা হৈছে। আপুনি কি ভাবে? এইটো ভাল নে বেয়া?

► প্ৰয়োজন আছে কাৰণেহে গঢ়ি উঠিছে। তাৰ কাষ্ট’মাৰ কোন? কোনবিলাক মানুহ? প্ৰাইভেট অনুষ্ঠানত যদি ছাত্ৰ-ছাত্ৰী নাথাকিলেহেঁতেন, নিজে নিজে মৰি গ’লহেঁতেন। এফালে আমি ক’ম প্ৰাইভেট শিক্ষানুষ্ঠানবিলাক বেয়া, আনহাতে আমিয়েই আমাৰ ল’ৰা-ছোৱালীক সেই শিক্ষানুষ্ঠানলৈ পঠিয়াইছোঁ – এই দুমুখীয়া নীতি কেনেকৈ হ’ব পাৰে? কেতিয়াও হ’ব নোৱাৰে। যদি সঁচাকৈ বেয়া, তেতিয়াহ’লে তালৈ ল’ৰা-ছোৱালী নগ’লহেঁতেন। আৰু আমাৰ অভিভাৱকসকলে, মাক-দেউতাকে তালৈ ল’ৰা-ছোৱালী নপঠিয়ালেহেঁতেন। তেতিয়া সেই প্ৰাইভেট স্কুলবিলাক নিজেই বন্ধ হ’লহেঁতেন। গতিকে প্ৰয়োজন আছে কাৰণেহে সেইবিলাক গঢ়ি উঠিছে। ক’ৰবাত কিবা যদি আমাৰ সমাজৰ ফালৰ পৰা বেয়া হৈছে, আমাৰ সমাজ-ব্যৱস্থাই বেয়া কৰিছে। সেইবিলাক প্ৰাইভেট অনুষ্ঠান গঢ়ি উঠাৰ মূলতে কি আছে সেইটো চালিজাৰি চাই, তাক compensate কৰিব পৰাকৈ যদিহে ৰাজহুৱা অনুষ্ঠানৰ ব্যৱস্থা কৰা হয়, তেতিয়াহ’লে নিশ্চয় মানুহে আদৰি ল’ব। কিন্তু এনেই বেয়া বুলি কোৱাটো উচিত নহয়। প্ৰয়োজন আছে, গতিকে গঢ়ি উঠিছে। মানুহৰ, সমাজৰ বহুতৰ অভাৱ পূৰণ কৰিছে সেইবিলাকে। গতিকে এনেই মুখত বেয়া বুলি ক’লে কেনেকৈ হ’ব?

 

বৰ্তমান আপুনি লণ্ডনৰ Royal Society of Chemistryৰ এজন সভ্য। তেওঁলোকৰ লগত কাম কৰাৰ অনুভৱ?

► Royal Society of Chemistry – এইটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ৰসায়ন বিজ্ঞানৰ সংগঠন। এই সংগঠনটোৰ মূল উদ্দেশ্য হৈছে ৰসায়ন বিজ্ঞানৰ ক্ৰমাগত উন্নতি সাধন কৰা আৰু লগতে ৰসায়ন বিজ্ঞানক জনপ্ৰিয় কৰি তোলা। এই সংগঠনৰ বহুধৰণৰ কাৰ্যসূচী থাকে। ৱৰ্কশ্বপ থাকে, ডিচকাছন থাকে। বেছিভাগেই অনলাইন, গোটেই পৃথিৱীতে আছে। এইবিলাকৰ লগত জড়িত হৈ নিজেও বহুত শিকিব পাৰি আৰু আনকো বহুত দিব পাৰি। Sharing of knowledge. Royal Society of Chemistry এটা বিশাল প্লেটফৰ্ম। য’ত আমি সকলোৱে knowledge শ্বেয়াৰ কৰিব পাৰোঁ। গতিকে এই অনুষ্ঠানৰ লগত জড়িত হৈ মই নিজেও উপকৃত হৈছোঁ আৰু আনকো উপকৃত কৰিছোঁ।

 

আপোনাৰ তিনিটা পেটেণ্ট আছে। এই সম্পৰ্কে অলপ জানিব বিচাৰোঁ।

► অঁ, মোৰ তিনিটা পেটেণ্ট আছে। এটা পেটেণ্ট হ’ল কলগছৰ পৰা পটেছিয়াম কাৰ্বনেট বনোৱা। এইটোৰ significance বা তাৰ মূল কথাটো হ’ল আমি যেনেকৈ ছ’ডিয়াম ক্ল’ৰাইড, ছ’ডিয়াম কাৰ্বনেট naturally তাৰ minesত খনিজ পদাৰ্থ হিচাপে পাওঁ, তেনেকৈ পটেছিয়াম কাৰ্বনেটৰ খনিজ নাই। ক’ৰবাত ক’ৰবাত অলপ অলপ আছে, সেইবিলাক সাগৰৰ পৰা শুকাই যোৱা খনিজ পদাৰ্থ। অন্যভাৱে বৃহৎ পৰিমাণে নাই। কিন্তু পটেছিয়াম কাৰ্বনেট আমাৰ বহুত প্ৰয়োজন আছে। Pharmaceutical বা অন্যধৰণৰ যেনে বেকিং পাউডাৰ বা তেনেকুৱা ধৰণৰ পদাৰ্থ উৎপাদন কৰাত পটেছিয়াম কাৰ্বনেট লাগে। কথাটো হ’ল পটেছিয়াম কাৰ্বনেটৰ বহুত প্ৰয়োগ আছে, কিন্তু naturally তাক খুৱ কম পৰিমাণে পোৱা যায়। মই গৱেষণা কৰি দেখিলোঁ যে কলগছত পটেছিয়াম কাৰ্বনেট যথেষ্ট পৰিমাণে থাকে। আৰু কলগছৰ কলটো খোৱাৰ পাছত গছডাল এনেই পেলাই দিয়া যায়। সেই গছডালৰ পৰা আমি ইচ্ছা কৰিলে পটেছিয়াম কাৰ্বনেট বনাব পাৰোঁ। সেই পটেছিয়াম কাৰ্বনেট কেনেকৈ বনাব পাৰোঁ সেইটোৱেই মই পেটেণ্টত দেখুৱাইছিলোঁ। আৰু তাৰ পৰা আমি কিছুমান potassium rich salt বনাব পাৰোঁ। আমাৰ শৰীৰত পটেছিয়াম supplement. বহুত প্ৰয়োজন। কিছুমান কিছুমান ক্ষেত্ৰত supplementary দিবলগীয়া হয়। যিবিলাক মানুহক পটেছিয়াম supplement দিবলগীয়া হয়, তেওঁলোকৰ ক্ষেত্ৰত আমি কলগছৰ পৰা এবিধ salt বা লৱণ বনাব পৰা যায়, যিবিলাকক পটেছিয়াম supplement হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। যিয়েই নহওক, পটেছিয়াম কাৰ্বনেটৰ বহুত প্ৰয়োগ আছে আৰু তাক আমি কলগছৰ পৰা বনাব পাৰোঁ, সেইটোৱেই এটা পেটেণ্ট।

বাকী দুটা পেটেণ্ট হ’ল, বায়’ডিজেল ইণ্ডাষ্ট্ৰীত যিটো কেটালিষ্ট লাগে সেই কেটালিষ্ট সম্পৰ্কে। পেলনীয়া কলগছ বা পেলনীয়া কিছুমান পদাৰ্থৰ পৰা আমি এটা কেটালিষ্ট বনাব পাৰোঁ। সেই কেটালিষ্টটো বায়’ডিজেল, যিটো আমাৰ তেল – খোৱাৰ উপযোগী, খোৱাৰ অনুপযোগী যিয়েই নহওক, oil and fats পৰা আমি বায়’ডিজেল বনাও, সেই বায়’ডিজেল বনাওতে আমাক এটা কেটালিষ্টৰ প্ৰয়োজন। এই কেটালিষ্টটো কেনেকৈ কলগছৰ পৰা বনাব পাৰি বা অন্যান্য পেলনীয়া পদাৰ্থৰ পৰা, বায়’মাছৰ পৰা বনাব পাৰি, সেইটোকে মই দেখুৱাইছোঁ। এতিয়া বায়’ডিজেল ইণ্ডাষ্ট্ৰী লাহে লাহে উন্নতি হ’ব ধৰিছে, আৰু যেতিয়া এইটো লাষ্ট স্কেলত আহিব, তেতিয়া মোৰ এই পেটেণ্টবিলাকে কাম দিব।

 

আৰু ছাৰ তৃতীয়টো পেটেণ্ট?

► এই দুটা – বায়’ডিজেল কেটালিষ্ট সম্পৰ্কত দুটা। দুটা বিভিন্ন পদাৰ্থৰ পৰা বনাইছোঁ। আৰু এটা হ’ল পটেছিয়াম কাৰ্বনেটৰ সম্পৰ্কত।

 

পৰীক্ষাৰ পদ্ধতি সম্পৰ্কে – subjective আৰু objective – প্ৰৱেশ পৰীক্ষাবিলাক objectiveত হয় আৰু সাধাৰণতে ছেমিষ্টাৰ পৰীক্ষাবিলাক subjectiveত হয়, কোনটো পদ্ধতি আপুনি বেছি সুবিধাজনক বুলি ভাবে?

► দুয়োটাৰে মিশ্ৰণ হোৱাটোৱেই ভাল। Subjective, objective বা mcq – মই ভাবো এটা পূৰ্ণাংগ পৰীক্ষাৰ বাবে দুয়োটা পদ্ধতিৰে সহায় ল’ব লাগে। তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসীমা আমি পৰীক্ষা কৰিব পাৰোঁ, তাৰে depthটো পৰীক্ষা কৰিব পাৰোঁ।

 

ছাৰ, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বৰ্তমান আপুনি উপাচাৰ্য যিহেতু, বৰ্তমান আপুনি অসমৰ কোনো যশস্বী ব্যক্তিক বিশ্ববিদ্যালয়খনলৈ কিবা পদ দি নিমন্ত্ৰণ কৰাৰ কথা ভাবিছে নেকি?

► বিশ্ববিদ্যালয় পাতি লওঁচোন। অকল এজন নহয়, অন্য ঠাইত থকা কিছুমান বিশেষ বিশেষ ক্ষেত্ৰৰ expertise থকা মানুহ যিকোনো বিশ্ববিদ্যালয়ে মাতিব লাগে। এখন বিশ্ববিদ্যালয় স্বয়ংসম্পূৰ্ণ সকলো ক্ষেত্ৰতে হ’ব নোৱাৰে, কিছুমান ক্ষেত্ৰত হ’ব পাৰে, সকলোতে নোৱাৰে। লগতে মই ক’ব বিচাৰোঁ যে জ্ঞানৰ আদান-প্ৰদান হ’ব লাগে। আৰু সকলো ল’ৰা-ছোৱালী সকলো বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে, সময়ৰো কথা আছে, টকা-পইছাৰো কথা আছে। গতিকে ল’ৰা-ছোৱালীৰ সুবিধাৰ কাৰণে আমি অন্যান্য অনুষ্ঠানৰ পৰা বিশেষ বিশেষ বিষয়ত expertise থকা মানুহক মাতি আনি ল’ৰা-ছোৱালীৰ লগত জ্ঞানৰ আদান-প্ৰদানৰ সুবিধা কৰি ল’ব লাগে। গতিকে মইয়ো নিশ্চয় মাধৱদেৱ বিশ্ববিদ্যালয়লৈ তেনেকুৱা মানুহক আমন্ত্ৰণ জনাম। আগে বিশ্ববিদ্যালয়খনৰ বুনিয়াদটো গঢ়ি লওঁ, তাৰ পাছত…।

 

কটন কলেজ বিশ্ববিদ্যালয় হওঁতে বহুখিনি সমস্যাৰ সন্মুখীন হৈছিল। বহুতে ভাল পাইছিল, বহুতে বেয়া পাইছিল। এতিয়া মাধৱদেৱ কলেজখনো বিশ্ববিদ্যালয় হ’ল। তেনে কিছুমান বিতৰ্ক দেখা যাব নেকি?

► সকলোৰে লগত আলোচনাৰ মাজেৰে এখন অনুষ্ঠান গঢ় দিলে মই ভাবো বিতৰ্কৰ অৱকাশ খুৱ বেছি নাথাকে। সৰুসুৰা কিছুমান বিতৰ্ক থাকিবই, গণতান্ত্ৰিক দেশত সেইবিলাক স্বাভাৱিক। আৰু আমি কোনো ভগৱান নহয়, মানুহহে, ক’ৰবাত দুই-এটা খুঁত থকাটোৱেই স্বভাৱিক। মই ভাবোঁ এখন বিশ্ববিদ্যালয়ৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে যিসকল মানুহ জড়িত, সকলোৰে লগত আলোচনাৰ মাধ্যমেৰে যদি বিশ্ববিদ্যালয়খন আগবঢ়াই নিব পৰা যায়, তেতিয়াহ’লে মই ভাবোঁ ইমান বেছি বিতৰ্কৰ অৱকাশ নাথাকে। আৰু সেইটো নহ’বৰ কাৰণেইটো বিভিন্ন কমিটি আছে। Academic council আছে, executive committee আছে, ক’ৰ্ট আছে, selection committee আছে। কমিটিবিলাকৰ মাজেৰে যেতিয়া সকলোবিলাক কৰণীয় আলোচনাৰ মাধ্যমেৰে আগবঢ়াই নিয়া যায়, বিতৰ্ক ক’ৰ পৰা আহিব? কোনে বিতৰ্ক কৰিব? যদি কোনোবাই deliberately, intentionally কৰে সেইটো বেলেগ কথা।

 

ছাৰ আজিলৈ ইমানতে সামৰিছোঁ৷ ইমানখিনি সময় দিয়া বাবে ধন্যবাদ জনালোঁ।
► Thank you. বহুত ধন্যবাদ।

 

সাক্ষাৎকাৰটিৰ কেইটিমান অংশ:

Image courtesy : Catalysis Congress

No Comments

Post A Comment