হৰীশ চন্দ্ৰ

যিসকল সুপুত্ৰৰ সফলতাৰ গৌৰৱেৰে গৌৰৱান্বিত হৈ ভাৰত মাতৃ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত উজ্জ্বলি উঠিছে, সেইসকলৰ ভিতৰত হৰীশ চন্দ্ৰ অৰ্থাৎ হৰীশ চন্দ্ৰ মাহৰোত্ৰাও অন্যতম। জন্ম হিচাপে ভাৰতীয় আৰু পিছত আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰা এইগৰাকী গণিতজ্ঞৰ জন্ম হয় ১৯২৩ চনৰ ১১ অক্টোবৰ তাৰিখে কানপুৰত। হৰীশৰ পিতৃ চন্দ্ৰকিশোৰ মাহৰোত্ৰা আছিল এগৰাকী চিভিল ইঞ্জিনিয়াৰ আৰু মাতৃ সত্যগতী শেঠ আছিল এগৰাকী সম্ভ্ৰান্ত আইনজীৱীৰ কন্যা। হৰীশৰ ল’ৰালিকালৰ বেছিভাগ সময় মাতুল-গৃহতেই অতিবাহিত হৈছিল। তাতে ঘৰুৱা শিক্ষক এজনৰ ওচৰত তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। সেই একে সময়তে তেওঁ গীত আৰু নৃত্যকো আপোন কৰি লয়। সৰুৰে পৰা পঢ়া-শুনাত আগৰণুৱা হৰীশ কিন্তু সঘনে বেমাৰত পৰিছিল। ১৯৩২ চনত ন বছৰ বয়সত তেওঁক এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্ত্তি কৰোৱা হয়।

চৈধ্য বছৰ বয়সত স্কুলীয়া শিক্ষা সাং কৰা হৰীশ কানপুৰৰে বিশ্বম্ভৰ নাথ সনাতন ধৰ্ম আন্তঃ মহাবিদ্যালয়ত ভৰ্ত্তি হয় আৰু তাৰপৰাই ১৯৪১ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ তাত্বিক পদাৰ্থবিজ্ঞান অধ্যয়নৰ বাবে এলাহাবাদ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰে। শুনা যায় যে এই বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত এবাৰ যেতিয়া চি. ভি. ৰমন নামৰ প্ৰখ্যাত পদাৰ্থবিজ্ঞানীজন পৰীক্ষক হিচাপে আহিছিল, তেতিয়াই হৰীশ চন্দ্ৰই তাৎক্ষণিকভাৱে ধ্বনিক কাগজ(Acoustic Paper)ৰ বিষয়ে থকা একমাত্ৰ প্ৰশ্নটোৰ সমাধান আগবঢ়াইছিল, যিটো মৃদংগমৰ কম্পনৰ তত্ত্ব(Theory of the vibration of mridangam)ৰ ওপৰত প্ৰতিষ্ঠিত আছিল। হৰীশৰ উত্তৰত সন্তুষ্ট হৈ ৰমনে তেওঁক ১০০% নম্বৰ দিছিল আৰু প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল। পল ডিৰাকৰ Principles of Quantum Mechanics নামৰ কিতাপখন পঢ়াৰ পিছত হৰীশ পদাৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰতি আগতকৈও বেছি আগ্ৰহী হৈ পৰে। ১৯৪৩ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁক তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ সমস্যাসমূহৰ সমাধানৰ কাম কৰিবৰ বাবে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰ(Indian Institute of Science, Bangalore)ত হোমী জাহাংগীৰ ভাবাৰ তত্ত্বাৱধানত স্নাতকোত্তৰ গৱেষণা সহযোগী হিচাপে নিযুক্তি দিয়া হয়। গৱেষণা সহযোগী হিচাপে হৰীশ চন্দ্ৰই ভাবাৰ সৈতে একেলগে ১৯৪৪ চনত “On the Theory of Point Particles” নামৰ প্ৰথমখন গৱেষণা-পত্ৰ প্ৰকাশ কৰি উলিয়ায়। ইয়াৰ পিছত তেওঁলোকে একেলগে আৰু কেইবাখনো গৱেষণা-পত্ৰ প্ৰকাশ কৰে।

১৯৪৫ চনত হৰীশ চন্দ্ৰ পল ডিৰাকৰ গৱেষক ছাত্ৰ হিচাপে কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ যায়। এই কেম্ব্ৰিজতে হৰীশ গণিত-বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ পৰে। ১৯৪৭ চনত পি.এইচ.ডি.ৰ কাম শেষ কৰি তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যায় আৰু তাতে তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ Institute of Advanced Studiesত ডিৰাকৰ সহকাৰী হিচাপে যোগদান কৰে আৰু এই প্ৰিন্সটনত থকা কালছোৱাতে হাৰমান ৱেইল, এমিল আৰ্টিন, ক্লাউড চেভালিৰ কাম-কাজৰদ্বাৰা অনুপ্ৰাণিত হয় আৰু লাহে লাহে তেওঁৰ চিন্তা-চৰ্চাবোৰো গণিতৰ ফালে ঢাল খায়।

১৯৪৯ চনত হৰীশ চন্দ্ৰ হাৰ্ভাৰ্ডলৈ আৰু তাৰপিছত ১৯৫০ চনত কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায় আৰু তাত তেওঁ অধ্যাপক সদস্য হিচাপে যোগদান কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ত থাকোঁতেই ১৯৫০-১৯৬৩ সময়ছোৱাত তেওঁ ‘Semisimple lie groups’ৰ বিষয়ে গৱেষণা কৰে, যিটোক তেওঁৰ আটাইতকৈ শ্ৰেষ্ঠ গৱেষণা হিচাপে বিবেচনা কৰা হয়। সেই একে সময়তে তেওঁ ‘Discrete series representations of semisimple Lie groups’ৰ ওপৰতো বিশেষ গুৰুত্ব সহকাৰে অধ্যয়ন কৰে। আৰ্মাণ্ড ব’ৰেলৰ সহযোগত হৰীশে Arithmetic groupৰ তত্ব  প্ৰতিষ্ঠা কৰে আৰু সমধৰ্মী সসীম সংঘ (Finite group analogues) সম্বন্ধীয় কেইবাখনো গৱেষণা-পত্ৰ প্ৰকাশ কৰে। কেম্ব্ৰিজৰ সৈতে আনুষ্ঠানিকভাৱে সংযুক্ত হৈ থকা সময়তে ১৯৫২ চনৰপৰা ১৯৫৩ চনলৈ তেওঁ মুম্বাইৰ টাটা ইনষ্টিটিউটত কাম কৰে। এই সময়তে ১৯৫২ চনত ডᵒ কালে নামৰ এগৰাকী উদ্ভিদবিজ্ঞানীৰ কন্যা ললিতা কালেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰপিছত তেওঁ ১৯৫৫ চনৰপৰা ১৯৫৬ চনলৈ Institute for Advanced Studyত আৰু ১৯৫৭ চনৰপৰা ১৯৫৮ চনলৈ পেৰিচত Guggenheim Fellow হিচাপে কাম কৰে। তাৰপিছত হৰীশ Institute for Advanced Studyলৈ পুনৰ ঘূৰি আহে আৰু কিছুদিন তাতে কৰ্মৰত অৱস্থাত থাকে। ১৯৬১ চনত এই অনুস্থানটোৱে তেওঁক Sloan Fellow সন্মানেৰে সন্মানিত কৰে। ১৯৬৮ চনত হৰীশে Institute for Advanced Studyৰ School of Mathematicsত এটি সন্মানীয় অধ্যাপকৰ পদত নিযুক্তি পায় আৰু মৃত্যু পৰ্যন্ত তেওঁ তাতে কাম কৰে।

তিনিকুৰি বছৰীয়া জীৱনকালত হৰীশ চন্দ্ৰ কেইবাটাও সন্মানেৰে সন্মানিত হৈছিল। ১৯৫১ চনত তেওঁ ‘Representations of semisimple Lie algebras and groups’ সম্বন্ধীয় কেইবাখনো গৱেষণা-পত্ৰ প্ৰকাশ কৰিছিল, যাৰ বাবে তেওঁক ১৯৫৪ চনত American Mathematical Societyয়ে AMS Cole prize বঁটাৰে বিভূষিত কৰে। ১৯৭৩ চনত তেওঁ লণ্ডনৰ ৰয়েল চছাইটিৰ সভ্য নিৰ্বাচিত হয়। সেই একে বছৰতে তেওঁক দিল্লী বিশ্ববিদ্যালয়ৰ সন্মানসূচক ডিগ্ৰীও প্ৰদান কৰা হয়। ১৯৭৪ চনত Indian National Science Academyয়ে তেওঁৰ গাণিতিক অৱদানসমূহৰ বাবে তেওঁক ‘ৰামানুজন মেডেল’ সন্মানেৰে সন্মানিত কৰে। ১৯৭৫ চনত Indian Academy of Science আৰু Indian National Science Academyৰ সভ্য হয়। ১৯৮১ চনত হৰীশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ National Academy of Sciencesৰ সভ্য হয় আৰু Yale Universityয়ে তেওঁক সন্মানসূচক ডিগ্ৰী প্ৰদান কৰে।

প্ৰিন্সটনত আৰ্মন্দ ব’ৰেলৰ ৬০তম জন্মদিন উপলক্ষে অনুষ্ঠিত সন্মিলনত ভাগ ল’বলৈ যাওঁতে হৃদৰোগত আক্ৰান্ত হৈ ১৯৮৩ চনৰ ১৬ তাৰিখে হৰীশ চন্দ্ৰই ইহলীলা সম্বৰণ কৰে। ইয়াৰ আগতেও তেওঁ তিনিবাৰকৈ হৃদৰোগত আক্ৰান্ত হৈছিল। আটাইতকৈ দুখৰ বিষয় যে তেওঁৰ সন্মানাৰ্থে অনুষ্ঠিত হ’বলগীয়া একে ধৰণৰ সন্মিলনত ভাগ লোৱাৰ আগতেই তেওঁ মৃত্যুবৰণ কৰে। ভাৰত চৰকাৰে এইগৰাকী ব্যক্তিৰ প্ৰতি সন্মান জনাই তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু গণিতৰ প্ৰতি সমৰ্পিত এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ নাম হৰীশ চন্দ্ৰ গৱেষণা প্ৰতিষ্ঠান হিচাপে নামকৰণ কৰে। প্ৰথমে পদাৰ্থবিজ্ঞান আৰু পিছলৈ গণিতৰ সাধনাত ব্ৰতী হোৱা এইগৰাকী মহান মণিষীৰ অমূল্য অৱদানসমূহে আধুনিক পদাৰ্থবিজ্ঞান আৰু আধুনিক গণিত-বিজ্ঞানক উন্নতিৰ উচ্চ শিখৰলৈ ধাৱিত হোৱাত যঠেষ্ট পৰিমাণে সহায়ৰ হাত আগবঢ়ালে।

[ফটোত বাওঁপিনে থকা ব্যক্তিজনেই হৰীশ চন্দ্ৰ।]

No Comments

Post A Comment