হাইপেছিয়া : বিশ্বৰ প্ৰথমগৰাকী নিৰ্যাতিতা মহিলা বিজ্ঞানী

হাইপেছিয়া (প্ৰাচীন গ্ৰীক ভাষাত উচ্চাৰণ ‘হুপাতিয়া’, ইংৰাজীত Hypatia) এগৰাকী বিজ্ঞানী, গণিতজ্ঞ, উদ্ভাৱক, দাৰ্শনিক আৰু প্ৰচীন অধ্যাপিকা। প্ৰায় ৩৭০ খ্ৰীষ্টাব্দত ইজিপ্তৰ আলেকজেন্দ্ৰিয়াত (Alexandria) তেওঁৰ জন্ম হয়। হাইপেছিয়াৰ দেউতাকৰ নাম থিওন (Theon)। থিওন গ্ৰীচৰ এজন খ্যাতিমান গণিতজ্ঞ আৰু দাৰ্শনিক আছিল। দেউতাকৰ প্ৰচেষ্টাত হাইপেছিয়াই বিজ্ঞান আৰু দৰ্শনৰ প্ৰতি আকৃষ্ট হয়। হাইপেছিয়া অসাধাৰণ মেধা আৰু প্ৰজ্ঞাৰ অধিকাৰিণী আছিল।

বিশ্বৰ বিজ্ঞান ইতিহাসত মহিলা বিজ্ঞানীৰ সংখ্যা একেবাৰে কম। পোলেণ্ডৰ (জীৱনৰ সৰহ ভাগ সময় ফ্ৰান্সত কৰ্মৰত) মেৰী কুৰীয়ে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰি বিশ্বজোৰা খ্যাতি লাভ কৰে। ভাৰতীয় পদাৰ্থ-বিজ্ঞানী তথা বতৰ-বিজ্ঞানী আন্না মণি (Anna Mani), মাৰ্কিন জীৱ-বিজ্ঞানী আৰু নোবেল বিজয়িনী বাৰবাৰা মেক্‌-ক্লিনটক (Barbara McClintock), অষ্ট্ৰিয়াৰ পৰমাণু-বিজ্ঞানী লিচা মাইত্নাৰ (Lise Meitner), ইংলণ্ডৰ জীৱাষ্ম-বিজ্ঞানী মেৰী আনিঙৰ (Mary Anning) দৰে প্ৰতিভাধৰ মহিলা বিজ্ঞানীয়ে বিজ্ঞান জগত উজলাই তোলে।

এইসকলৰ লগতে বিশ্বৰ প্ৰথম নিৰ্যাতিতা মহিলা বিজ্ঞানী হিচাবে যিগৰাকীৰ নাম উচ্চাৰিত হয়, তেওঁ হ’ল হাইপেছিয়া। বিজ্ঞানী আৰু দাৰ্শনিক হাইপেছিয়াক প্ৰায় ৪৫ বছৰ বয়সত এদল উন্মত্ত লোকে আক্ৰমণ কৰি পাশৱিক নিৰ্যাতনেৰে হত্যা কৰে। সেই সময়ৰ নব্য প্লেটোবাদী দৰ্শনৰ তেওঁ প্ৰধান প্ৰবৰ্তক আছিল। তেওঁ প্ৰচাৰ কৰিছিল— “ভুল চিন্তা কৰাতকৈ একো নকৰা ভাল।”, “কুসংস্কাৰক সত্য বুলি কোৱাটো এক অপৰাধ।”, “ৰূপকথাবোৰক ৰূপকথা হিচাপেই শিকোৱা উচিত, পৌৰাণিক কথাবোৰক পৌৰাণিক কথা হিচাপে, আৰু ৰহস্য-কথাবোৰক কাব্যিক কল্পনা হিচাপে। কুসংস্কাৰ-অন্ধবিশ্বাসবোৰক সত্য বুলি শিকোৱাটো এটা অতি ভয়ানক কথা। শিশু-মনে সেইবোৰ গ্ৰহণ কৰি লয় আৰু সত্য বুলি তেওঁলোকে বিশ্বাস কৰিবলৈ লয়। আৰু মাথোঁ বিৰাট কষ্ট আৰু হয়তো পৰিহাসৰ অন্তত বহু বছৰৰ মূৰত এইবোৰৰ পৰা মুক্ত হ’বলৈ সক্ষম হ’ব পাৰে।” আদি। সেই সময়ত আলেকজেন্দ্ৰিয়াত দুটা ধৰ্মীয় সংগঠনৰ মাজত তীব্ৰ সংঘাত হৈছিল। সমাজৰ উন্নতি কামনা কৰা, প্ৰতিবাদী, নাৰী স্বাধীনতাকামী, স্বাধীন মনৰ হাইপেছিয়া ইয়াৰ বলি হয়। হাইপেছিয়াৰ হত্যাত আলেকজেন্দ্ৰিয়াৰ শিক্ষিত সমাজত ক্ৰোধৰ জুই জ্বলি উঠে আৰু ঠায়ে ঠায়ে ৰক্তক্ষয়ী খণ্ডযুদ্ধ হয়। হাইপেছিয়াৰ কৰ্মই শতিকাৰ পাছত শতিকা জুৰি অনেক লেখক-সাহিত্যিক-দাৰ্শনিক, জ্ঞান-সন্ধানী মানুহ, সম-অধিকাৰ প্ৰত্যাশী জনতাক উৎসাহিত কৰিছে। হাইপেছিয়া সুন্দৰী নাৰী আছিল বুলি পৃথিৱী বিখ্যাত। অনেক লেখক-সাহিত্যিকে হাইপেছিয়াক সৌন্দৰ্যৰ দেৱী বুলি অভিহিত কৰিছে। তেওঁৰ জীৱনক কেন্দ্ৰ কৰি লেখা আৰু ১৮৫৩ চনত প্ৰকাশ কৰা উল্লেখযোগ্য উপন্যাসখন হ’ল বৃটিছ ঔপন্যাসিক চাৰ্লচ কিংছলিৰ (Charles Kingsley) “হাইপেছিয়া”।

হাইপেছিয়াই ডায়’ফেণ্টাছৰ “এৰিথমেটিকা”কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ গণিত-বিজ্ঞান গ্ৰন্থৰ পাণ্ডিত্যপূৰ্ণ সুদীৰ্ঘ ব্যাখ্যা লেখিছিল। যি দুটি যন্ত্ৰ আৱিস্কাৰ কৰাৰ বাবে হাইপেছিয়াক উদ্ভাৱক বুলি অভিহিত কৰা হয়, সেই দুটি যন্ত্ৰ হ’ল— এষ্ট্ৰোলেব (Astrolabe) আৰু হাইড্ৰ’স্কোপ (Hydroscope)। এষ্ট্ৰোলেবৰ সহায়ত গ্ৰহ-নক্ষত্ৰৰ দৈনন্দিন ঘূৰ্ণন কাৰ্য গণনাৰে তাৰিখ আৰু সময় নিৰ্ণয় কৰাৰ লগতে ভৱিষ্যতৰ নিৰ্দিষ্ট তাৰিখত গ্ৰহ-নক্ষত্ৰৰ অৱস্থিতি নিৰ্ণয় কৰা গৈছিল। আনহাতে হাইড্ৰ’স্কোপৰ দ্বাৰা তৰল পদাৰ্থৰ আপেক্ষিক গুৰুত্ব নিৰ্ণয় কৰা হৈছিল। তদুপৰি, পানীৰ অৱস্থা নিৰ্ণয় কৰাৰ বাবেও তেওঁ এটি যন্ত্ৰ নিৰ্মাণ কৰিছিল।

শীৰ্ষ ফটো: কিছুদিন পূৰ্বে ইজিপ্তত প্ৰতিষ্ঠা হোৱা হাইপেছিয়াৰ এটি মূৰ্ত্তি।

ফটো-উৎস: Egypt Independent.


1 Comment
  • Tilo Sonowal
    Posted at 22:18h, 16 September Reply

    Good

Post A Comment