পোহৰে ত্বৰান্বিত কৰিব পৰা এখন মহাকাশযান

প্ৰাচীন‌ মানৱ সভ্যতাৰ বহুতেই ভাবিছিল যে‌ মঙল গ্ৰহত মানুহৰ দৰেই উন্নত জীৱৰ বসতি আছে। কিন্তু মঙল গ্ৰহ সম্পৰ্কত বিজ্ঞান-প্ৰযুক্তিৰ আধুনিক উপকৰণসমূহৰ দ্বাৰা লাভ কৰা তথ্যৰ পৰা আমি নিশ্চিত হ’লো‌‌ যে মঙল গ্ৰহত‌‌ তেনে কোনো উন্নত জীৱৰ অস্থিত্ব নাই। হয়তো আজিৰ পৰা বহু কোটি‌ বছৰৰ আগত উন্নত‌ জীৱৰ অস্তিত্ব আছিল। বিভিন্ন মহাজাগতিক পৰিঘটনাৰ ফলত হয়তো সেইবোৰ সকলো ধ্বংস হৈ গৈছিল। যি কি‌‌ নহওক, ই এটা বেলেগ বিষয় আৰু এইক্ষেত্ৰত অধিক গৱেষণাৰো প্ৰয়োজন‌ আছে, আমি সেই বিষয়লৈ যাব খোজা নাই। আমি ক’ব বিচাৰিছোঁ মানৱ‌ সভ্যতাৰ অনুসন্ধিৎসু স্বভাৱটোৰ বিষয়ে। আমি মানৱ সমাজে সদায়‌ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অনুসন্ধান কৰিবলৈ চেষ্টা কৰি আহিছোঁ— আমি এই ব্ৰহ্মাণ্ডত সঁচাকৈয়ে অকলশৰীয়া নেকি? মহান বিজ্ঞানী ষ্টিফেন হকিঙক এবাৰ সোধা হৈছিল— “মহাবিশ্বৰ আন গ্ৰহত যদি সঁচাকৈয়ে উন্নত প্ৰানী আছে তেন্তে, ই আমাৰ পৃথিৱীৰ সৈতে কিয় যোগাযোগ নকৰে?” ইয়াৰ উত্তৰত হকিঙে কৈছিল— যেতিয়া এটা উন্নত সভ্যতাৰ বিকাশৰ গতি ত্বৰান্বিত‌ হয়, তেতিয়া নিজৰ মাজতেই হোৱা যুদ্ধ তথা মহামাৰী‌ আদিয়ে সিহঁতবোৰক শেষ কৰি পেলায়। হকিঙৰ মতে‌ পৃথিৱীতো এটা সময়ত মানুহৰ বসতি এনেবোৰ কাৰণতেই শেষ হ’ব। বৰ্ধিত জনবিস্ফোৰণৰ‌ বাবে পৃথিৱীখন আমাৰ বাবে বহু সৰু হৈ ‌গৈছে, ইয়াৰ প্ৰাকৃতিক সম্পদৰ ওপৰতো আমি নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছোঁ।‌ তদুপৰি জলবায়ু পৰিবৰ্তন অথবা অন্য গ্ৰহাণুৰ সংঘৰ্ষৰ দ্বাৰা আমাৰ পৃথিৱী তথা মানৱ সভ্যতা শেষ হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। যাৰ বাবেই আমি পৃথিৱী সদৃশ আন‌ গ্ৰহৰ সন্ধান কৰিব লাগিব। আন এচাম বিজ্ঞানীৰ মতে আমাৰ সৌৰজগতত এনে একো বিশেষ নাই যে যি ব্ৰহ্মাণ্ডৰ আন‌ ঠাইতবোৰত থাকিব নোৱাৰিব। আমাৰ তাৰকা ৰাজ্যত সূৰ্যৰ দৰে প্ৰায় ১০০ ৰ‌ পৰা ৪০০ কোটি তৰা আছে, যাক অতি কমেও ২০০ কোটি গ্ৰহ-উপগ্ৰহে পৰিভ্ৰমণ কৰি আছে। আমাৰ‌ তাৰকা ৰাজ্যখনতেই যদি ইমানবোৰ গ্ৰহ-নক্ষত্ৰ আছে তেন্তে অনন্ত ব্ৰহ্মাণ্ডত আমাৰ পৃথিৱীৰ‌ দৰে আৰু কিমান গ্ৰহ থাকিব লাগিব? এইটোয়ে এনে এটা কাৰণ যাৰ বাবেই আমি জীৱৰ‌ বাবে সাম্ভাৱ্যপূৰ্ণ গ্ৰহ এটাৰ‌ সন্ধান কৰাত‌ নিৰন্তৰ প্ৰয়াস কৰি আছোঁ। এই ক্ষেত্ৰত বিগত বৰ্ষবোৰত আমি বহুখিনি সফলতা অৰ্জন কৰিছোঁ। যিয়ে‌ আমাক অনাগত গৱেষণাৰ বাবে আৰু অধিক উৎসাহিত‌ কৰিব পাৰিছে। কিন্তু দুৰ্ভাগ্য এই যে পৃথিৱীৰ দৰে Habitable zone ত থকা এই গ্ৰহবোৰ আমাৰ পৰা বহু দূৰত্বত‌ অৱস্থিত!

২০১৬ চনৰ‌ ২৪ আগষ্টত সন্ধান‌ ওলোৱা ‌তেনে ‌এটা গ্ৰহ আছিল ‘প্ৰক্সিমা চেঞ্চুৰী বি’ (Proxima Century B)। যি প্ৰক্সিমা চেঞ্চুৰি নামৰ‌ এটা ৰঙা বাওনা তৰাক (Red dwarf planet) পৰিভ্ৰমণ কৰি আছে। পৃথিৱীৰ দৰে Habitable zone ত‌ থকা গ্ৰহটোৰ দূৰত্ব আমাৰ পৰা প্ৰায় ৪.৩৭ আলোকবৰ্ষ (আলোকবৰ্ষ হৈছে শূণ্য মাধ্যমেৰে এবছৰত পোহৰে অতিক্ৰম কৰা দূৰত্ব; প্ৰায় \text{৯.৪৬}\times\text{১০}^\text{১২} কিঃমিঃ)। আমাৰ‌ আলোচনাৰ কেন্দ্ৰবিন্দু‌ এই বিশেষ তৰাটো বা গ্ৰহটোও নহয়। হাজাৰ কোটি দূৰত্বত অৱস্থিত এই গ্ৰহবোৰক অধয়্যন কৰিবলৈ বিজ্ঞানীসকলে কেনে ধৰণেৰে‌ চিন্তা-চৰ্চা কৰিছে তথা কেনেধৰণৰ মহাকাশযান নিৰ্মাণৰ‌ পৰিকল্পনা চলিছে তেনে এক নতুন প্ৰযুক্তিৰ কথা আলোচনা কৰাটোহে এই লেখাৰ মূল উদ্দেশ্য।

বৰ্তমান যিধৰণৰ‌ মহাকাশযানৰ‌ দ্বাৰা আমি মহাকাশ অভিযান চলাই আছোঁ তেনেধৰণৰ মহাকাশযানৰ দ্বাৰা আমাৰ পৰা বহু কোটি দূৰত্বত অৱস্থিত গ্ৰহ-নক্ষত্ৰৰ তথ্য সংগ্ৰহ কৰাটো অসম্ভৱ। সেইসমূহৰ দূৰত্ব আমাৰ পৰা ইমানেই বেছি, সেই গ্ৰহ-নক্ষত্ৰবোৰলৈ মানৱবিহীন যান পঠাবলৈকে প্ৰয়োজন হ’ব প্ৰায় ৫০ হাজাৰ বছৰৰ পৰা ৬০ হাজাৰ বছৰৰো অধিক সময়। বৃহস্পতি অভিমুখে যোৱা নাছাৰ মানৱবিহীন মহাকাশযান জুন’ৰ (Juno) সৰ্বোচ্চ বেগ আছিল প্ৰতি ঘণ্টাত ২৬৫০০০ কিলোমিটাৰ। সেই বেগেৰে যানখনক ‘প্ৰক্সিমা চেঞ্চুৰী’লৈ যাবলৈ সময় লাগিব প্ৰায় ১৭১৫৭ বছৰ। গতিকে বৰ্তমানৰ মহাকাশ-যানসমূহত ব্যৱহৃত প্ৰযুক্তিৰ দ্বাৰা আমি ‘প্ৰক্সিমা চেঞ্চুৰী বি’ৰ দৰে বিশাল দূৰত্বত অৱস্থান কৰা গ্ৰহবোৰলৈ যান পঠোৱাটো অসম্ভৱ। সেই বেগত গৈ গ্ৰহটোৰ পৰা তথ্য সংগ্ৰহ কৰি পৃথিৱীলৈ পঠিয়াই মানে সমগ্ৰ মানৱ জাতিৰ‌ ধ্বংসও হ’ব পাৰে!

গতিকে মহাকাশৰ এনে বিশাল দূৰত্ব অতিক্ৰম কৰিবলৈ আমাক লাগিব এখন অত্যন্ত বেগী মহাকাশ-যান। যাৰ বেগ পোহৰৰ‌ বেগৰ (প্ৰতি ছেকেণ্ডত প্ৰায় তিনি লাখ কিলোমিটাৰ) প্ৰায় ওচৰা-ওচৰি হ’ব লাগিব। ২০১৬ চনত ষ্টিফে‌ন হকিং, য়োৰি মিলনাৰ (Yuri milner) তথা‌ নাছাৰ‌ বিজ্ঞানীসকলে গৱেষণা অব্যহত ৰখা এটা বিশেষ প্ৰকল্পৰ বিষয়ে‌‌ অৱগত‌ কৰাইছিল। সেই প্ৰকল্পটোৰ‌ নাম ৰখা হৈছিল ‘Breakthrough starshot’। প্ৰকল্পটো আছিল এনে এখন মহাকাশযানৰ বিষয়ে যাৰ দ্বাৰা অতি কম সময়ৰ‌ ব্যৱধানতেই ব্ৰহ্মাণ্ডীয় ভ্ৰমণ সম্ভৱহৈ উঠিব পাৰে। বিজ্ঞানীসকলে এনে এখন মহাকাশ‌যানৰ কথা ভাবিছে যিখন মাত্ৰ এটা ডাকটিকটৰ সমান! আচলতে মহাকাশযান বুলি ক’লে আমাৰ মনত‌ সচৰাচৰ যেনেকুৱা এটা ভাব আহে‌ Starshot প্ৰজেক্টৰ ক্ষেত্ৰত‌ কিন্তু তেনে নহয়। মহাকাশযানৰ ৰূপত তৈয়াৰ কৰা হ’ব কিছুমান ক্ষুদ্ৰ ‘ছিলিকন চিপ’হে। অৰ্থাৎ কেই চেন্টিমিটাৰমান দীঘল মহাকাশ যানখনৰ গাটোত অতি ক্ষুদ্ৰকায় ছিলিকন চিপ (Nano chip) একোটা সংযুক্ত হৈ থাকিব, য’ত লাখৰো অধিক ট্ৰেঞ্জিছট’ৰ‌ৰ এখন নেটৱৰ্ক থাকিব। আশ্চৰ্যজনক কথা যে এই যানখনক ত্বৰাম্বিত কৰিবলৈ কোনো ৰাসায়নিক ইন্ধনৰ প্ৰয়োজন ন’হব। ইয়াৰ বাবে পৃথিবীত কেইবাটাও শক্তিশালী লেজাৰ ৰশ্মি উৎপন্ন কৰিব পৰা ‘মেছিন’ক সংস্থাপিত কৰা হ’ব। আৰু এই শক্তিশালী লেজাৰ ৰশ্মিসমূহে যানখনক‌ (চিপবোৰক) ত্বৰান্বিত কৰিব। বিশেষ ব্যৱস্থাৰে এনে ধৰণৰ চিপবোৰক প্ৰথমে পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ পৰা মুক্ত কৰি মহাকাশত এৰি দিয়া হ’ব। তাৰ পাছতেই মহাকাশত উপঙি থকা এই চিপবোৰক লেজাৰ ৰশ্মিৰ দ্বাৰা ত্বাৰন্বিত কৰি সঠিক গতিপথ দিয়া হ’ব। এনেদৰে এটা গ্ৰহলৈ কেইবাহাজাৰো ‘নেন’চিপ’ পঠিওৱা হ’ব, কাৰণ মহাকাশৰ‌ বিপদসংকুল পৰিবেশত কিছুসংখ্যক বিকল হৈ পৰিলেও যাতে বাকীবোৰে তথ্য সংগ্ৰহ কৰি যাব পাৰে। বিজ্ঞানীসকলৰ মতে যানখনে পোহৰৰ বেগৰ ২০% গতিবেগ লাভ কৰিবলৈ সক্ষম হ’ব। অৰ্থাৎ প্ৰতি ঘন্টাত ২১৫৮.৫ লাখ কিলোমিটাৰ বেগেৰে যাবলৈ সক্ষম হ’ব। আৰু এই বেগেৰে যানখনক ‘প্ৰক্সিমা চেঞ্চুৰী’ পাবলৈ সময় লাগিব মাত্ৰ ২০-২৫ বছৰ সময়। কিন্তু লেজাৰৰ পোহৰেনো যানখনক কেনেকৈ ত্বৰান্বিত‌ কৰিব?

আমি জানো পোহৰ ফ’টন‌ কণিকাৰে গঠিত। যেতিয়া এই ফ’টন কণিকাবোৰে‌ কোনো‌ বস্তুক খুন্দিয়াই, ই বস্তুটোত ক্ষুদ্ৰ চাপৰ সৃষ্টি কৰে। যিহেতু পোহৰৰ চাপ অতি সামান্য, যাৰ বাবে গধুৰ বস্তুক ই খুন্দিয়ালে বিশেষ কোনো প্ৰভাৱ দেখা নাযায়। জোহানছ কেপলাৰে (Johanes kepler) এই পৰিঘটনাটোক প্ৰথমে প্ৰত্যক্ষ কৰিছিল। কেপলাৰে সঠিকভাৱেই বুজাইছিল যে এই পৰিঘটনাৰ বাবেই সূৰ্যৰ পোহৰৰ চাপে ধুমকেতুবোৰৰ পৰা ধূলি আৰু বৰফৰ টুকুৰাবোৰ আঁতৰাই নেজৰ‌ দৰে সৃষ্টি কৰি সূৰ্যৰ পৰা আঁতৰাই পঠিয়ায়। বৰ্তমান কম্পিউটাৰ প্ৰযুক্তি এনেধৰণে আগবাঢ়ি গৈছে ‌যে বৈজ্ঞানিক গৱেষণাগাৰ এটাৰ সকলো তথ্যক আমি এটা ক্ষুদ্ৰ ছিলিকন চিপতে সংৰক্ষিত কৰি ৰাখিব পাৰোঁ। গতিকে ‘নেন’চিপ’ৰ মহাকাশ যানৰ ধাৰণাটো বাস্তৱত পৰিণত কৰিবলৈ হয়তো বেছি সময় নালাগিব। ‘নেন’চিপ’টোত কেমেৰা, সৌৰকোষ, সংবেদক সহ সকলো যাৱতীয় বৈজ্ঞানিক উপকৰণ থাকিব যি গ্ৰহটোৰ বাতাবৰণ তথা ৰেডিঅ’ তৰংগবোৰ বিশ্লেষণ কৰি পৃথিৱীলৈ‌ পঠিয়াব পাৰিব।

ৰকেটবোৰে নিজৰ ওজনটো ডাঙিবলৈকে বহু পৰিমানৰ শক্তিৰ অপচয় হয়। কিন্তু ‘নেন’চিপ’বোৰত তেনেধৰণৰ কোনো সমস্যা নাই। কাৰণ ইয়াক পৃথিৱীৰ পৰা লেজাৰৰ পোহৰে গতিবেগ প্ৰদান‌ কৰিব। এই চিপবোৰত কোনোধৰণৰ যান্ত্ৰিক উপকৰণ নাথাকে বাবেই যান্ত্ৰিক বিজুটিৰ কথাও নাহে। সেই হিচাপে যানখনৰ‌ উৎক্ষেপনত বহু অসুবিধাও আছে। যিহেতু ইয়াক লেজাৰ ৰশ্মিয়ে নিয়ন্ত্ৰণ কৰিব গতিকে যানখনৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহুখিনি অসুবিধা আহিব পাৰে। তদুপৰি পৃথিৱীৰ বায়ুমণ্ডলে লেজাৰ পোহৰৰ ৬০% পোহৰ শোষণ কৰি ল’ব, যাৰ বাবে যানখনৰ গতিবেগতো বিচ্ছুটি আহিব।‌ বহু বিজ্ঞানীৰ মতে শক্তিশালী লেজাৰৰ পোহৰৰ বাবে বায়ুমণ্ডল-বিহীন চন্দ্ৰ-পৃষ্ঠটো লেজাৰৰ উৎস কিছুমান সাজিব লাগিব। সমস্যা কিন্তু ইয়াতো আছে; অৰ্থাৎ লেজাৰৰ পোহৰ যদি সঠিক দিশত যাব নোৱাৰে তেন্তে যানখনৰ গতিপথটোৰ সালসলনি ঘটি লক্ষ্যস্থানৰ পৰা বিচ্ছুটি ঘটিব পাৰে। গতিকে নেন’চিপক মহাকাশ যান হিচাপে বাস্তৱত ৰূপান্তৰ কৰিবলৈ বিজ্ঞানীসকলে এই দিশবোৰত কাম কৰিব লাগিব। হয়তো ২০৩৫ চনলৈকে এই নেন’চিপৰ ধাৰণাটো বাস্তৱত পৰিণত হ’ব পাৰে। ইয়াৰোপৰি Ion engines, nuclear rockets, fusion rockets, antimatter starships, Space elevators আদিৰ দৰে বহু নতুন প্ৰযুক্তিৰ দ্ৰুতবেগী ৰকেট আৰু মহাকাশযানৰ‌ বিষয়ে গৱেষণা অব্যহত‌ আছে। গৱেষনাবোৰ বাস্তৱায়িত হ’লে এক নতুন বৈজ্ঞানিক যুগৰো‌ শুভাৰম্ভ হ’ব।

No Comments

Post A Comment