![](https://i0.wp.com/as.gonitsora.com/wp-content/uploads/2018/02/Night-Sky.jpg?fit=1220%2C744&ssl=1)
01 Feb অ’লবাৰ্ছৰ সাঁথৰ : বিনন্দীয়া আকাশৰ নিশাৰ আন্ধাৰৰ ৰহস্য
নিশাৰ আকাশখন কিয় অন্ধকাৰ হৈ থাকে বাৰু? জন্মৰ পিছৰে পৰা দেখি অহা এই পৰিঘটনাটো আমাৰ সকলোৰে চকুত পৰে, কিন্তু এটা কৌতুহলী মনৰ অভাৱৰ বাবে আমি সত্যটো আৱিষ্কাৰ কৰাৰ পৰা বিৰত থাকোঁ। এক সাধাৰণ তথা গুৰুত্বপূৰ্ণ প্ৰশ্ন নিশ্চয় সকলোৰে মনত উদয় হয় যে, দিনত সূৰ্য্য নামৰ এটা সাধাৰণ তৰাৰ পৰা অহা পোহৰে গোটেই ধৰিত্ৰীৰ এফাল উজলাই তোলে, কিন্তু নিশাৰ ভাগত কৌটি কৌটি তৰাৰ উপস্থিতিৰ পিছতো আকাশখন কিয় অন্ধকাৰ হৈ ৰয়?
পোনপ্ৰথমতে প্ৰখ্যাত জ্যোর্তিবিজ্ঞানী কেপলাৰে ১৬১০ চনত এই সাঁথৰটোৰ কথা চিন্তা কৰিছিল বুলি তথ্য পোৱা যায় আৰু তাৰ পিছত ১৮ শতিকাত ছাৰ এডমাণ্ড হেলীয়ে সাঁথৰটো সমাধানৰ বাবে কিছু প্ৰচেষ্টা হাতত লয়। সাঁথৰটো উচৰ্গা কৰা হৈছে জার্মান জ্যোর্তিবিজ্ঞানী হেনৰিক উইলহেল্ম অ’লবাৰ্ছ(Heinrich Wilhelm Olbers)ৰ নামত, যিযে প্ৰথমবাৰৰ বাবে এই সাঁথৰটো ১৮২৩ চনত সমাধান কৰিছিল। কিছুমান সূত্ৰ মতে আকৌ, সাঁথৰটোৰ এক সফল সমাধান দিছিল লর্ড কেলভিনে ১৯০১ চনত আৰু বিখ্যাত সাহিত্যিক এডগাৰ এলান প’ৱে তেওঁৰ “ইউৰেকা” নামৰ ৰচনাত ইয়াৰ বিষয়ে উল্লেখ কৰিছিল।
এতিয়া আমি সাঁথৰটোলৈ আহোঁ। নিশাৰ লগে লগে আকাশখন কিয় অন্ধকাৰ হয়? ইয়াৰ এটা সাধাৰণ উত্তৰ হ’ল – পৃথিৱীয়ে নিজ কক্ষত সূৰ্য্যৰ চাৰিওফালে ঘূৰি থকা বাবে ৰাতিৰ ভাগত আমি সূৰ্য্যৰ অৱস্থিতিৰ বিপৰীত দিশত থাকো আৰু এই তৰাবোৰৰ পৰা খুব কম পৰিমাণৰ পোহৰ আমাৰ চকুত পৰেহি বাবে আমি আকাশখন অন্ধকাৰ দেখোঁ। এইটো নিতান্তই এই সাঁথৰটোৰ সমাধান হ’ব লাগে। কিন্তু, জ্যোর্তিবিজ্ঞানী অ’লবাৰ্ছৰ মতে এইটো সমাধান নহয়।
সেই সময়ত এইটো বিশ্বাস কৰা হৈছিল যে বিশ্বব্ৰহ্মাণ্ডখন অসীম আৰু স্থিৰ। গতিকে, নিশাৰ ভাগত যদি আমি আকাশলৈ চাওঁ, আমি যি দিশতেই নাচাওঁ কিয়, প্ৰত্যেকটো দিশতেই আমি এটা নক্ষত্র দেখা পামেই, যিহেতু বিশ্বব্ৰহ্মাণ্ডত অসীম সংখ্যক নক্ষত্র আছে। গতিকে, এই ভিত্তিত, গোটেই আকাশখন নক্ষত্ৰৰে ভৰপূৰ হৈ থাকিব লাগে আৰু তাৰ ফলত নিশাৰ ভাগত আকাশখন উজ্বল হৈ থাকিব লাগে! এই কথাটোৰ উত্তৰ এইধৰণে দিব পাৰি নেকি যে – যিহেতু তৰা এটাৰ পোহৰৰ প্ৰাৱল্য তৰাটোৰ আৰু পৰ্য্যবেক্ষকৰ মাজৰ দূৰত্বৰ ব্যস্তানুপাতিক, সেয়েহে ৰাতিৰ আকাশৰ তৰাবোৰ বহুত দূৰত্বত থকা বাবে আমাৰ দৃষ্টিত অনুজ্জ্বল হৈ ৰয়। সেয়েহে আমি আকাশখন অন্ধকাৰ দেখোঁ।
কিন্তু, এই উত্তৰটো প্ৰতিহত কৰিবলৈ অ’লবাৰ্ছে আন এক ধৰণেৰে নিজৰ মতামত সাব্যস্ত কৰিছে। ধৰা হ’ল, আমাৰ বিশ্বব্ৰহ্মাণ্ডখন সুষম। আমি কল্পনা কৰি লওঁ যে আমাৰ ওচৰত N সংখ্যক তাৰকাৰাজ্য আছে, গতিকে আমি বিশ্বব্ৰহ্মাণ্ডৰ যি ঠাইলৈকে নাযাওঁ কি সকলোতে N সংখ্যক তাৰকাৰাজ্যই পাম। যদি আমি পৃথিৱীখনক এটা গোলকৰ মূলবিন্দু বুলি ধৰি লওঁ আৰু এতিয়া আমি যদি নক্ষত্র এটাৰ প্ৰাৱল্য নিৰ্ধাৰণ কৰিবলৈ লওঁ (গোলকটোৰ আয়তনৰ সহায় লৈ) তেতিয়া দেখিম যে এই প্ৰাৱল্য দূৰত্বৰ ওপৰত নিৰ্ভৰ নকৰে। যদি আমি ধৰি লোৱা গোলকটোৰ আয়তন কম বুলি কল্পনা কৰোঁ, তেতিয়াহ’লে গোলকটোত থাকিব পৰা তাৰকাৰাজ্যৰ সংখ্যাও কম হ’ব, কিন্তু গোলকটো পৃথিৱীৰ নিচেই ওচৰত থকা বাবে, এটা নক্ষত্ৰৰ পৰা নিৰ্গত হোৱা পোহৰৰ প্ৰাৱল্য বেছি হ’ব। এতিযা, আমি যদি গোলকটো অলপ ডাঙৰকৈ কল্পনা কৰোঁ, তেতিয়াহ’লে গোলকটোত থকা তাৰকাৰাজ্যৰ সংখ্যা বেছি হ’ব। কিন্তু গোলকটো পৃথিৱীৰ পৰা দূৰত থকা বাবে গোলকটোৰ অন্তৰ্গত এটা নক্ষত্ৰৰ পৰা নিৰ্গত হোৱা পোহৰৰ প্ৰাৱল্য আশা কৰাতকৈ কম হ’ব। সেয়েহে, ওপৰত উল্লেখ কৰা দুয়োক্ষেত্ৰতে এটাই আনটোৰ ক্ষতি পূৰায়, মানে দূৰত্ব কম হ’লে তাৰকাৰাজ্যৰ সংখ্যা কম আৰু দূৰত্ব বেছি হ’লে তাৰকাৰাজ্যৰ সংখ্যা বেছি।
গতিকে, আমি যদি বিশ্বব্ৰহ্মাণ্ডখন কিছুমান গোলকৰ সমষ্টি বুলি ধৰি লওঁ, তেন্তে সকলো নক্ষত্ৰৰ পৰা সম প্ৰাৱল্যৰ পোহৰ নিৰ্গত হ’ব। তাত দূৰত্বই কোনোধৰণে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। এনেদৰে, অ’লবাৰ্ছে ৰাতিৰ আকাশখন অন্ধকাৰ হোৱাৰ সপক্ষে নিজৰ যুক্তি দৰ্শাই তাক শুদ্ধ বুলি প্ৰমাণিত কৰিলে। এতিয়া প্ৰশ্নটো হ’ল, ৰাতিৰ আকাশখন তেনেহ’লে অন্ধকাৰ কিয়?
অ’লবাৰ্ছৰ সাঁথৰটোৰ সমাধানটো মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ যুগান্তকাৰী আপেক্ষিকতাবাদৰ তত্ত্বৰ সহায়ত বুজিব পাৰোঁ। ১৩.৭ বিলিয়ন বছৰ পূৰ্বে মহানাদৰ জৰিয়তে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ আৰম্ভণি হৈছিল আৰু সেই সময়ৰে পৰাই বিস্তাৰিত হৈ আছে। গতিকে এই বিশ্বব্ৰহ্মাণ্ডত থকা প্ৰত্যেকটো নক্ষত্রই আমাৰ পৰা দূৰলৈ গৈ আছে। যেতিয়া নক্ষত্ৰ এটাৰ পৰা পোহৰ নিৰ্গত হয়, তেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰণৰ ফলত পোহৰো বিস্তাৰিত হয় আৰু ফলস্বৰূপে সেই বিশেষ পোহৰ-তৰংগৰ তৰংগদৈর্ঘ্য অধিক হয় আৰু কম্পনাংক কম হয়। ড’পলাৰৰ পৰিঘটনাৰ পৰা ওলাই পৰে যে এই সময়ছোৱাত পোহৰ তৰংগটো ‘ৰঙা ছিফ্ট’ (redshift) হৈ যায়। আকৌ হাব’লৰ সূত্ৰৰ পৰা আমি জানো যে এটা নক্ষত্র আমাৰ পৰা যিমান দূৰত আছে, সিমানেই বেগত ই আমাৰ পৰা আঁতৰি গৈ আছে। গতিকে সেই নক্ষত্রটোৰ পৰা নিৰ্গত হোৱা পোহৰ তৰংগটোৰ তৰংগদৈৰ্ঘ্য ক্ৰমান্বয়ে বাঢ়ি গৈ গৈ শেষত ‘অৱৰক্ত’(Infrared)ত প্ৰৱেশ কৰে আৰু পোহৰ তৰংগটোৱে চকুৰে দেখিব পৰা ক্ষমতাৰ বাহিৰ হৈ যায়। সেয়েহে আমি সেই পোহৰ দেখা নাপাওঁ।
অ’লবাৰৰ সাঁথৰৰ আনটো সমাধান হ’ল যে পদার্থবিজ্ঞানীসকলে এতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ডই কিমান বেগত বিস্তাৰ কৰি আছে সেয়া নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই। যদিওঁ, আপেক্ষিকতাবাদৰ সূত্ৰই দাবী কৰে যে কোনো বস্তুৱেই পোহৰৰ গতিবেগতকৈ অধিক বেগত গতি কৰিব নোৱাৰে কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ ক্ষেত্ৰত এই চৰ্ত প্রযোজ্য নহ’বও পাৰে। সেয়ে, যদি বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰণৰ গতিবেগ পোহৰৰ গতিবেগতকৈ অধিক হয়, তেতিয়াহ’লে অৱশ্যেই এটা নক্ষত্ৰৰ পৰা অহা পোহৰে আমাক কেতিয়াও ঢুকি পাব নোৱাৰে; যিহেতু নক্ষত্ৰটোৱে পোহৰৰ গতিবেগতকৈ অধিক বেগত গতি কৰি আছে।
ওপৰোক্ত সমাধান দুয়োটাকেই সাম্প্রতিক সময়ত সকলোৱে স্বীকাৰ কৰি লৈছে আৰু অ’লবাৰ্ছৰ এই সাঁথৰটো মহানাদ তত্ত্বৰ এক সমর্থক হিচাপে থিয় দিছে। অ’লবাৰ্ছৰ এই বহুমূলীয়া অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, কিয়নো জ্যোর্তিবিজ্ঞান, ব্ৰহ্মাণ্ডবিজ্ঞান বা মহানাদ তত্ব আৱিষ্কাৰ হোৱাৰ এক-ডেৰ শতিকা আগতেই এই সাঁথৰ সৃষ্টি কৰি পদার্থবিজ্ঞানৰ ক্ষেত্ৰখন চহকী কৰি নিজকে চিৰস্মৰণীয় কৰি থৈ গৈছে।
No Comments