সামাজিক জীৱনত বিশুদ্ধ গণিতৰ ব্যৱহাৰ আৰু ভূমিকা

আমি পঢ়ি থকা গণিতৰ কিতাপখনক দুটা ভাগত ভাগ কৰি আমাৰ মাজত সমাধান বিচাৰি ভালদৰে আয়ত্ব কৰিবলৈ উলিয়াই দিয়া হৈছে। সাধাৰণতে গণিতক ভাগ কৰি বিচাৰ কৰাটো সহজ কাম নহয়। তথাপি বৰ্তমান সময়ত সমাজৰ লগতে শিক্ষাৰ্থীসকলৰ মাজতো প্ৰচলিত সামগ্ৰিক ভাগ দুটা হ’ল ব্যৱহাৰিক গণিত (applied mathematics) আৰু বিশুদ্ধ গণিত (pure mathematics)। গণিত বিষয়টোত বিশুদ্ধ গণিতে মূল শিপাৰ দৰে কাম কৰি আহি আছে। গণিতৰ পৰিসীমা বিশুদ্ধ গণিতে বহল আৰু বিস্তৃত কৰি ৰাখিছে। আমি সৰুতে পাই অহা সংখ্যাৰ সাধাৰণ জ্ঞানৰ পৰা বিশুদ্ধ গণিতৰ যি আৰম্ভ হয়, পিছলৈ কোনো শেষ বিচাৰি পোৱা নাযায়। সাধাৰণতে গণিতত থকা যৌক্তিক গণিতৰ (logical mathematics) সমস্ত থূপটোৱে বিশুদ্ধ গণিতক চিহ্নিত কৰে। মুঠতে বিশুদ্ধ গণিত(pure mathematics)ৰ পৰিসীমা বুলি ক’লে বিচাৰি পোৱা টান। ব্যৱহাৰিক গণিতৰ প্ৰতিটো অংকৰে আৰম্ভণি বা প্ৰমাণখিনি বিশুদ্ধ গণিতৰ পৰাই অহা দেখা যায়। ক’ব গ’লে বিশুদ্ধ গণিত ভালদৰে আয়ত্ব কৰিব নোৱাৰিলে গণিত বিষয়টোৰ শিক্ষা আধৰুৱা হৈ পৰিব। বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিশুদ্ধ গণিত সম্পূৰ্ণ গুৰুত্বহীন আৰু তাত্ত্বিক বুলি ভাবি পঢ়া বা গৱেষণা কৰাৰ পৰা দূৰত থাকিব বিচাৰে, কিন্তু তাৰ লগে লগে serious mathematician সকলে ইয়াৰ গুৰুত্ব ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অৱগত কৰি অহাও দেখা পোৱা গৈছে। বিশুদ্ধ গণিতৰ জৰিয়তে সমাজত হ’ব পৰা উন্নয়নৰ বিষয়েও অৱগত কৰা উচিত। বিশুদ্ধ গণিতে ব্যৱহাৰিক গণিতৰ দৰে পোনপটীয়াভাৱে কোনো ক্ষেত্ৰতে আগভাগ নলয়। ব্যৱহাৰিক গণিতত গাণিতিক ব্যৱহাৰিতাখিনিৰ উন্নয়ন ঘটাই তাৰ জৰিয়তে বিজ্ঞান, ব্যৱসায় বা কোনো নিৰ্দিষ্ট উদ্যোগৰ ক্ষেত্ৰখনত বিশিষ্ট অৱদান আগবঢ়াই আছে। কিন্তু তেনেদৰে বিশুদ্ধ গণিতে পোনপটীয়াভাৱে আগ-ভাগ নল’লেও সমস্ত ব্যৱহাৰিক গণিতৰ আৰম্ভণি যে বিশুদ্ধ গণিতৰ পৰাই হৈ আছে, সেই কথাও চাবলগীয়া। অৰ্থাৎ বিশুদ্ধ গণিতৰ উন্নয়নৰ জৰিয়তে সেই বিশেষ ব্যৱহাৰিক সমস্যাবোৰ সমাধান কৰিব পাৰি। সাধাৰণতে বিশুদ্ধ গণিতৰ ব্যৱহাৰ গোটেই ক্ষেত্ৰতে চাব গ’লে ব্যৱহাৰিক গণিততকৈ বেছি।

বিশুদ্ধ গণিতৰ এটি শাখা সংঘ তত্ত্ব (Group theory) ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানতো প্ৰয়োজনীয়। বৰ্তমানৰ সময়ত বেছিভাগ আধুনিক প্ৰযুক্তি বিশুদ্ধ গণিতৰ ওপৰত নিৰ্ভৰ কৰে। স্থাপত্য নিদৰ্শনৰ parametic design ৰ পৰা আৰম্ভ কৰি চিকিৎসা বিজ্ঞানৰ উত্তম আৱিষ্কাৰ MRI লৈকে সকলোতে বিশুদ্ধ গণিতে অতুলনীয় অৱদান আগবঢ়াই আছে। ৰসায়ন বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞানত লেখ তত্ত্ব(Graph theory)ৰ গুৰুত্বই বিশুদ্ধ গণিতৰ পৰিসীমা বঢ়াই তুলিছে। তেনেদৰে বৰ্তমানৰ সময়ছোৱাত শিক্ষাৰ লগতে আৰু বিভিন্ন ক্ষেত্ৰত বিশুদ্ধ গণিতৰ গুৰুত্ব অধিক। উদাৰণস্বৰূপে চাব গ’লে – Wavelet আৰু Fourier series য়ে Computer Graphics Design ত বিশেষ অৱদান আগবঢ়াই আছে। কিছুমান চিকিৎসা বিজ্ঞানৰ আহিলা, যেনে- blood pressure monitor আৰু diabetes monitor ৰ জৰিয়তে সুস্থ ফলাফল দিয়াত বিশুদ্ধ গণিতেই সহায়ক হৈ আছে। Data mining ৰ লগতো বিশুদ্ধ গণিত ওতঃপ্ৰোতভাৱে জড়িত। সংস্থিতি বিজ্ঞানে (Topology) কিছুমান আণৱিক গঠন বুজি পোৱাত সহায় কৰে। সংখ্যাতত্ত্বৰ মৌলিক সংখ্যাৰ সূত্ৰৰ জৰিয়তে বৰ্তমানৰ Computer security system design কৰাটো সম্ভৱ হৈছে। আমি বৰ্তমান ব্যৱহাৰ কৰি থকা অনলাইন বুকিং, শ্বপিং, বেংকিং আদি বিশুদ্ধ গণিতৰ দ্বাৰাই সম্ভৱ হৈ আহি আছে। তাৰোপৰি বৰ্তমানৰ ব্যৱহৃত অত্যাধুনিক আহিলা যেনে ম’বাইল, কম্পিউটাৰ আদিত বিশুদ্ধ গণিত অতিকে লাগতিয়াল।

No Comments

Post A Comment