বৈজ্ঞানিক ব্যাখ্যা কেনে হোৱা উচিত

তলৰ ফটোখনত এটা সাধাৰণ উদাহৰণ দিছোঁ। বায়ুত অক্সিজেনৰ লগত কাৰ্বন মন’ক্সাইড মিহলি হৈ থাকিলে কিদৰে হাওঁফাওঁৰ তেজত হিম’গ্ল’বিন ৰিচেপ্টৰ চাইট বিলাকত অক্সিজেন সংযোজন হোৱাৰ সম্ভাৱনা কমি যায়, আৰু ফলস্বৰূপে মানুহজনৰ উশাহ লোৱাত কষ্ট হয়।

সিদ্ধান্ত:  কাৰ্বন মন’ক্সাইড গেছ প্ৰাণীৰ বাবে বিষাক্ত। 

এই সৰু উদাহৰণটো হৈছে পদাৰ্থ বিজ্ঞানৰ অন্তৰ্গত, পাৰিসাংখ্যিক বলবিজ্ঞান(statistical mechanics)ৰ এটা সাধাৰণ প্ৰয়োগ। Daniel V. Schroederৰ An Introduction to Thermal Physics কিতাপখনৰ সহায়ত লিখিছোঁ। তাত অলপ জটিল ভাষাত লিখা আছিল, মই স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ অলপ সহজভাৱে লিখিছোঁ। এই গাণিতিক মডেলটো সম্পূৰ্ণ যথাযথ (accruate) নহয়, কিন্তু এইটো এইকাৰণেই দিয়া হৈছে, যাতে এই উদাহৰণটোৰ পৰা বুজিব পৰা যায় — গণিত কিমান শক্তিশালী। এই উদাহৰণটো মই ইয়াত উল্লেখ কৰাৰ তাৎপৰ্য এটাই। মই আপোনাক বুজাব বিছাৰিছো যে, পদাৰ্থ-বিজ্ঞান-সমাজত গৃহীত হোৱা যিকোনো ধৰণৰ তত্ত্ব(theory)ৰ কিছুমান property বা criteria থাকে।

১) A theory should be mathematically consistent.

২) A theory should be experimentally verifiable.

৩) The experimental results should be reproducible.

ঠিক তেনেদৰে, বৈজ্ঞানিক গৱেষণা-পত্ৰবোৰৰো কিছুমান property বা criteria থাকে। (references, citation ইত্যাদি কিবা-কিবি, ইয়াত বহলাই নকওঁ।)

এতিয়া কিয় এই কথাবোৰ কৈছো, সেই প্ৰসংগলৈ আহোঁ। ফেচবুকতেই সন্মুখীন হোৱা দুটা ঘটনাৰ কথা কওঁ।

১) প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চাকি জ্বলাবলৈ আহ্বান কৰোতে এখন বিশ্ববিদ্যালয়ৰ পদাৰ্থ-বিজ্ঞানৰ এজন অধ্যাপকৰ ভিডিঅ’ আৰু ফেচবুকৰ পোষ্ট কেইটামান দেখিলোঁ। লগতে কোনোবা এটা “article”ৰ link এটাও দিয়া আছিলে, সেয়াও পঢ়িলো, আৰু পঢ়ি হতবাক হ’লোঁ। প্ৰধানমন্ত্ৰীজনৰ কথাবোৰক চ’ছিয়েল মেডিয়াত কোনো দুষ্টচক্ৰই অতিৰঞ্জিত কৰি অবৈজ্ঞানিক প্ৰচাৰ কৰা লক্ষ্য কৰি আহিছিলোঁ। তেওঁ এনেধৰণৰ ব্যাখ্যা কিছুমানৰেই justification কৰি আছিল। একো আগ-গুৰি নাইকীয়া বিজ্ঞান আৰু আয়ুৰ্বেদৰ শব্দৰ খিচিৰি। Doctor Strange চিনেমাখনৰ scriptৰ নিচিনা। প্ৰফেচাৰজনৰ ডিগ্ৰীকেইটাৰ ওপৰতে সন্দেহ উপজিল। এনেকৈও ভাবিবলৈ বাধ্য হ’লো যে কোনোবাই এওঁক ভাবুকি দি এনে অপবাখ্যাৰ বলপূৰ্বক প্ৰচাৰ চলাইছে নেকি! মানুহজনে ‘কমেণ্ট’ত নিজে কথাবোৰ ব্যাখ্যা নকৰে। তেওঁৰ ভক্ত দুজনমানেহে বৰকৈ তালফাল লগাই আছিলে। মই নিজকে সাংঘাটিক চোকা বুলি বুজাবলৈ যোৱা নাই, পিছে শিক্ষাৰ লগত জড়িত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ‘কমেণ্ট’ত তেওঁৰ এই কাৰ্য্যৰ বাবে লাজ পোৱা বুলি কৈছে, আৰু যুক্তিবাদী চিন্তাৰে আলোচনা কৰিব বিছাৰিছে। মইও নিজকে অন্ততঃ ইমানখিনি শিক্ষিত বুলি জানো; আন একো নহ’লেও বিজ্ঞানৰ শব্দবোৰৰ অপপ্ৰয়োগ কৰিলে অন্ততঃ গম পাওঁ। পিছে এইজন ছাৰ আকৌ আঁকোৰগোজ। ৰিপ্লাই নিদিয়েই!

২) শিলগুটি বেপাৰী এটাৰ লগত তৰ্ক কৰিলো। ৰং-বিৰঙৰ শিলগুটি বিক্ৰী কৰে মানুহটোৱে, আৰু সেয়া মানুহবোৰে আঙুলিত পিন্ধে। জ্যোতিষী বুলিও কয় এওঁলোকক। তেওঁ কোনোবা এটা নিউজ চেনেলত কৰ’না ভাইৰাছৰ সম্পৰ্কে আলোচনা এটাত string theoryৰ কথা কৈ আছিল। গুগলৰ পৰা পোৱা ফিজিক্সৰ শব্দ দুটামান শিকি লৈ তেওঁ অগাধ পণ্ডিত হৈ পৰিলে। তেওঁৰ পাণ্ডিত্যৰ এক উমান পালো, যেতিয়া তেওঁৰ ফেচবুকৰ কমেণ্ট চেকছনৰ পৰা আমাৰ কমেণ্টকেইটা চোৰৰ দৰে ডিলিট কৰি আমাক ব্লক কৰিলে। (screenshot থৈ দিছো, প্ৰয়োজন সাপেক্ষে হাঁহিবলৈ।)

ইমান কষ্ট কৰি আমি বিজ্ঞান পঢ়োঁ, আৰু এই সুবিধাবাদী মানুহ কিছুমানে ব্যক্তিগত স্বাৰ্থৰ বাবে বিজ্ঞানৰ অপ-ব্যাখ্যা কৰি, অপ-বিজ্ঞানবোৰৰ প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে। জনসাধাৰণো ইমানেই brain-washed হৈ পৰিছে যে আমি শিক্ষিতসকলে বুজাবলৈ গ’লেও মানি নলয়, নিজে বিশ্বাস কৰাখিনিকো যুক্তিৰে বাখ্যা কৰিব নোৱাৰে। অৱশেষত, আমি বুজোৱাখিনিও গৰুৰ আগত টোকাৰী বজোৱাৰ নিচিনা হয়, আৰু আমিও ভাগৰি যাওঁ। সেইকাৰণেই মই এই ফটোখনৰ জৰিয়তে বুজাবলৈ বিচাৰিছিলো যে বিজ্ঞানৰ ভাষা কেনেকুৱা। এখন ফটো নিশ্চয় যথেষ্ট নহয়, গতিকে আপোনালোকে নিজেই থুলমূলকৈ হ’লেও অলপ বিজ্ঞানৰ textbook পঢ়া আৰম্ভ কৰক। অনুগ্ৰহ কৰি ইণ্টাৰনেটৰ পৰা যিটি জ্ঞান নল’ব, কাৰণ তাত যিকোনো মানুহে লিখা যিকোনো ধৰণৰ তথ্য থাকিব পাৰে।

অৱশেষত, নিজকে অপ-বিজ্ঞানৰ পৰা বচাওক আৰু আন দহজনক সজাগ কৰক। প্ৰথম পদক্ষেপ হিচাপে নিজে পিন্ধি থকা তাবিজ, ৰঙীন শিলগুটি ইত্যাদিবোৰ খোলক, বাতৰি-কাকতত ৰাশিফল পঢ়া বন্ধ কৰক, টিভিত জ্যোতিষী বা কবিৰাজ ওলালে চেনেলটো সলাই দিয়ক, আৰু তলত দিয়া ধৰণৰ messageবোৰ ফৰৱাৰ্ড কৰা বন্ধ কৰক:

“If you share this post 10 times then you will not be affected by any issues.

Mr Bingo from Bangalore didn’t share this post and immediately fell down after slipping on a banana peel.”

No Comments

Post A Comment