“ভোকাতুৰ হৈ থাকা, জ্ঞানশূন্য হৈ থাকা”

[২০০৫ চনৰ ১২ জুন তাৰিখে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত ষ্টিভ জবছে প্ৰদান কৰা উদ্বোধনী বক্তৃতাটো সমসাময়িক পৃথিৱীত এটি প্ৰভাৱশালী বক্তৃতা হিচাপে পৰিচিত৷ এক উপন্যাসোপম জীৱন-পৰিক্ৰমাৰ অধিকাৰী ষ্টিভ জবছ্ আছিল প্ৰসিদ্ধ এপল কোম্পানীৰ অধ্যক্ষ, সহ-প্ৰতিষ্ঠাতা আৰু মুখ্য কাৰ্যবাহী বিষয়া; পিক্সাৰ এনিমেশ্যন ষ্টুডিঅ’ৰ মুখ্য বিনিয়োগকাৰী আৰু অধ্যক্ষ; আমেৰিকান আই.টি. কোম্পানী ‘নেক্সট্’ৰ প্ৰতিষ্ঠাতা, অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া৷ আজিৰ পৰা চৌধ্য বছৰৰ পূৰ্বে এজাক তৰুণৰ আগত ষ্টিভ জবছে প্ৰদান কৰা সেই বক্তৃতাটোৰ অন্তৰ্নিহিত বাৰ্তা আজিৰ তাৰিখতো অনুপ্ৰেৰণাদায়ী৷ বিশেষ বক্তৃতাটো অসমীয়ালৈকো ভাবানুবাদ কৰিবলৈ প্ৰয়াস কৰা হ’ল৷]

ধন্যবাদ! বিশ্বৰ এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ত আজি তোমালোকৰ প্ৰথমটো দিন৷ এনে এটা মুহূৰ্তত তোমালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই সন্মানীত অনুভৱ কৰিছোঁ৷ আচলতে সঁচা কথা ক’বলৈ গ’লে মোৰ কোনো স্নাতক ডিগ্ৰী নাই৷ আজিহে মই স্নাতক শ্ৰেণীৰ ইমান নিকটতম সান্নিধ্যলৈ আহিছোঁ৷ আজি তোমালোকক মোৰ জীৱনৰ তিনিটা সত্য কাহিনী শুনাম৷ বচ, সিমানেই৷ তাৰ বাহিৰে মই অইন প্ৰসংগৰ অৱতাৰণা নকৰোঁ৷ কেৱল তিনিটা কাহিনী৷

প্ৰথমটো কাহিনী হৈছে ‘যোগসূত্ৰ স্থাপন কৰা’ৰ কাহিনী৷ ৰিড নামৰ কলেজত প্ৰথম ছটা মাহ পঢ়িয়েই মই ওলাই আহিছিলোঁ৷ কিন্তু পিছত কলেজত পুনৰ যোগদান কৰিলোঁ আৰু তাৰ ওঠৰটামান মাহৰ পিছত মই কলেজ সম্পূৰ্ণভাৱে ত্যাগ কৰিলোঁ৷ এতিয়া কথা হ’ল, মইনো কলেজৰ পৰা ওলাই আহিছিলোঁ কিয়?

কাহিনীটো সূচনা হৈছিল মোৰ জন্মৰ আগতেই৷ মোৰ জন্মদাত্ৰী মাতৃ আছিল এগৰাকী অবিবাহিত গাভৰু আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰী৷ তেওঁ সিদ্ধান্ত ল’লে – তেওঁ মোক আনৰ হাতত তুলি দিব৷ মোৰ মায়ে দৃঢ়তাৰে অনুভৱ কৰিছিল যে কলেজ-ঊত্তীৰ্ণ কোনো স্নাতকৰ দ্বাৰা মই লালিত-পালিত হওঁ৷ অৱশেষত হৈছিলো সেয়াই৷ মই জন্ম হোৱা মাত্ৰকতে এজন উকিল আৰু তেওঁৰ সহধৰ্মিনীৰ হাতত চমজাই দিবলৈ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ল৷ কিন্তু মোৰ যেতিয়া আগমন ঘটিল, তেতিয়া শেষমুহূৰ্তত তেখেতসকলে ক‘লে যে তেওঁলোকে আচলতে এজনী ছোৱালীহে বিচাৰিছিল৷ ফলত মোৰ মা-দেউতাই অপেক্ষা কৰিবলগা হ’ল৷ কিন্তু হঠাতে এদিন মাজনিশা তেওঁলোকে এটা ফোনকল পালে৷ তেওঁলোকক সুধিলে – “আমি নিবিচৰাকৈয়ে এটি পুত্ৰ সন্তান পালোঁ৷ তাক আপোনালোকে গ্ৰহণ কৰিব নেকি?” তেওঁলোকে উত্তৰ দিলে – “নিশ্চয়!” পিছে জন্মদাত্ৰী মায়ে গম পালে যে মোক তুলি ল’বলৈ ওলোৱা মাগৰাকী স্নাতক নাছিল আৰু মোক তুলি ল’বলৈ ওলোৱা দেউতাজনে স্কুলৰ দেওনাই পাৰ কৰা নাছিল৷ সেয়ে মোৰ জন্মদাত্ৰী মায়ে ‘তুলি লোৱা’ৰ পত্ৰত চহী কৰিবলৈ অমান্তি হ’ল৷ কিন্তু কেইমাহমানৰ পিছত যেতিয়া তেওঁলোকে প্ৰতিশ্ৰুতি দিলে যে মোক কলেজলৈ পঠিওৱা হ’ব, তেতিয়া মোৰ জন্মদাত্ৰী মায়ে পূৰ্বমত সলাই পত্ৰত চহী কৰিলে৷ আৰু এনেকৈয়ে মোৰ জীৱনে পাতনি মেলিলে৷

যি কি নহওক, তাৰ ঠিক সোতৰ বছৰৰ পিছত মই কলেজত ভৰি দিলোঁ৷ কিন্তু মই অবুজৰ দৰে এনে এখন কলেজ নিৰ্বাচন কৰিছিলোঁ, যিখন কলেজ প্ৰায় ষ্টেনফৰ্ডৰ দৰেই ব্যয়বহুল আছিল আৰু য’ৰ পৰা শিক্ষা সমাপ্ত কৰিবলৈ হ’লে মোৰ পিতৃ-মাতৃৰ সমস্ত জমা ধনেই কলেজ-টিউছনত খৰচ হ’ব৷ ছটা মাহ কটোৱাৰ পিছত মই কলেজীয়া শিক্ষাৰ মূল্য বিচাৰি নোপোৱা হ’লোঁ; জীৱনটোক লৈ কি কৰিম – সেই সম্পৰ্কে ধাৰণা হেৰুৱাই পেলালোঁ৷ আৰু কলেজখনে মোক কেনেকৈ এই সংকটকালৰ পৰা উদ্ধাৰ কৰিব – তাৰো উৱাদিহ উলিওৱাত ব্যৰ্থ হ’লোঁ৷ এনেকৈয়ে কলেজত মই পিতৃ-মাতৃৰ সাঁচতীয়া ধনৰ সৰ্বাংশ ব্যয় কৰি থাকিলোঁ৷

এইবোৰ কথা ভাবি এদিন মই কলেজৰ পৰা ওলাই আহিলোঁ৷ মই বিশ্বাস কৰিছিলোঁ – এদিন সকলো ঠিক হৈ যাব৷ ঘটনাটো সেইমুহূৰ্তত বেছ অপ্ৰীতিকৰ আছিল৷ কিন্তু এতিয়া উভতি চালে দেখা পাওঁ – সেইটো মোৰ জীৱনৰ এটা শ্ৰেষ্ঠ সিদ্ধান্ত আছিল৷ কলেজৰ পৰা যেতিয়া ওলাই আহিলোঁ, তেতিয়া মোৰ অপ্ৰিয় বিষয়বোৰৰ পৰাও আঁতৰি থাকিব পৰা হ’লোঁ৷ তাৰ পৰিৱৰ্তে মোক আকৰ্ষিত কৰা বিষয়ৰ পাঠগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ৷ অৱশ্যে তাত ‘ৰোমাণ্টিকতা’ৰ কোনো আৱেশ নাছিল৷ মোৰ কোনো নিজা কোঠালি নাছিল, সেয়ে মই মোৰ বন্ধুসকলৰ মজিয়াতে শুইছিলোঁ৷ পানীয়ৰ বটল ওভতাই দি পাঁচটা চেণ্ট পাইছিলোঁ, তাৰে মই খাদ্যসামগ্ৰী ক্ৰয় কৰিছিলোঁ৷ আৰু প্ৰত্যেক ৰবিবাৰে মই টাউনৰ মাজেৰে সাত মাইল খোজ কাঢ়িছিলোঁ, হৰে কৃষ্ণ মন্দিৰত এসাঁজ সুন্দৰ ভাত খোৱাৰ আশাত৷ ভাতসাঁজ মোৰ প্ৰিয় আছিল৷

মই মোৰ কৌতূহল আৰু স্বজ্ঞাক অনুসৰণ কৰি যিবোৰ ঘটনা-পৰিঘটনাৰ মুখামুখি হৈছিলোঁ, পাছত সেইবোৰেই মূল্যৱান হিচাপে প্ৰমাণিত হৈছিল৷ এটা উদাহৰণ দিওঁ৷ সেইসময়ত লিপিবিদ্যাৰ(কেলিগ্ৰাফী) নিৰ্দেশনা দিয়াত বোধহয় ৰিড কলেজ দেশৰ ভিতৰতেই শ্ৰেষ্ঠ আছিল৷ কেম্পাচৰ ভিতৰে-বাহিৰে, প্ৰতিখন ফলক, ড্ৰয়াৰৰ ওপৰৰ প্ৰতিটো লেবেলেই সুন্দৰ লিপিবিদ্যাৰ নিদৰ্শন আছিল৷ যিহেতু মই কলেজৰ পৰা ওলাই গৈছিলোঁ আৰু নিত্য-নৈমিত্তিক পাঠগ্ৰহণৰ পৰা বিৰত আছিলোঁ, মই লিপিবিদ্যা শিকিম বুলি ঠিৰ কৰিলোঁ৷ মই ‘ছেৰিফ’ আৰু ‘চেন ছেৰিফ’ শিকিলোঁ, বিভিন্ন যুক্তাক্ষৰৰ মাজৰ ব্যৱধানৰ বিবিধতাৰ বিষয়ে শিকিলোঁ, লগতে শিকিলোঁ – উৎকৃষ্টতম লিপিবিদ্যা উৎকৃষ্ট হয় কেনেকৈ! সেই শিক্ষা আছিল মনোমুগ্ধকৰ, ঐতিহাসিক৷ কলাত্মক দিশৰ পৰা কৌশলী, যাক বিজ্ঞানে স্পৰ্শ কৰিব নোৱাৰে৷ লিপিবিদ্যাই মোক মন্ত্ৰমুগ্ধ কৰি পেলাইছিল৷ কিন্তু সেই শিক্ষাৰ বাস্তৱিক প্ৰয়োগ মই তেতিয়া দেখা পোৱা নাছিলোঁ৷ কিন্তু তাৰ ঠিক দহ বছৰৰ পিছত, যেতিয়া আমি প্ৰথমটো ‘মেছিনটোছ’ কম্পিউটাৰৰ আৰ্হি তৈয়াৰ কৰিবলৈ বহিলোঁ, তেতিয়া সেই সমস্ত শিক্ষা মোৰ মানসপটলৈ উভতি আহিল৷ আমি ‘মেক’ৰ আৰ্হিত সৰ্বস্বখিনি সুমুৱাই দিলোঁ৷ সেইটো আছিল সুন্দৰ লিপিবিদ্যাৰে সমৃদ্ধ প্ৰথমটো কম্পিউটাৰ৷ এতিয়া যদিহে কলেজত মই সেই একমাত্ৰ বিষয়টোৰ শিক্ষা গ্ৰহণ নকৰিলোঁহেঁতেন, তেন্তে ‘মেক’ৰ মুদ্ৰাক্ষৰত ইমানবোৰ নমুনা (Typefaces) আৰু তাৰ সমান্তৰালকৈ ইমানবোৰ ব্যৱধানযুক্ত আখৰ-চিহ্ন (Typed Fonts) নাথাকিলহেঁতেন৷ কেৱল উইনড’জেহে ‘মেক’ৰ নকল কৰিছিল, গতিকে আন ব্যক্তিগত কম্পিউটাৰৰ তেনেকুৱা বৈশিষ্ট্য থকাৰ কোনো সম্ভাৱনা নাছিল৷ যদিহে মই কলেজ পৰিত্যাগ নকৰিলোঁহেঁতেন, লিপিবিদ্যা বিষয়ৰো শিক্ষাগ্ৰহণ কৰিব নোৱাৰিলোঁহেঁতেন আৰু ব্যক্তিগত কম্পিউটাৰতো এনে সুন্দৰ লিপিবিদ্যা সন্নিৱিষ্ট নহ’লহেঁতেন৷ সামান্য দূৰদৰ্শী হৈ এই যোগসূত্ৰবোৰ তেতিয়াই বিচাৰি উলিওৱাটো মোৰ পক্ষে বাৰুকৈয়ে অসম্ভৱ আছিল৷ কিন্তু দহ বছৰৰ পিছত যেতিয়া পিছলৈ ঘূৰি চালোঁ, তেতিয়া এইবোৰ সম্পূৰ্ণ স্পষ্ট হৈ মোৰ চকুত ধৰা দিলে৷ অৰ্থাৎ, তুমি আগলৈ চালে যোগসূত্ৰ স্থাপন কৰিব নোৱাৰা, কেৱল পিছলৈ চাইহে তুমি সিহঁতক সংযুক্ত কৰিব পাৰা৷ সেয়েহে তুমি বিশ্বাস কৰিব লাগিব যে ভৱিষ্যতৰ কোনোবা এটা সময়ত এই সূত্ৰবোৰ গৈ লগ হ’বই৷ কিবা এটা কথাত তুমি বিশ্বাস কৰিবই লাগিব, লাগিলে সেয়া তোমাৰ অন্তৰৰ পৰা অহা আহ্বানেই হওক; তোমাৰ ভাগ্য, তোমাৰ জীৱন, নাইবা তোমাৰ কৰ্মফলেই হওক৷ কাৰণ যোগসূত্ৰ স্থাপন হোৱাৰ বিশ্বাসটোৱে তোমাৰ হৃদয়ক অনুসৰণ কৰিবলৈ সদায়েই মনোবল যোগাই থাকিব; আনকি তুমি তোমাৰ চিনাকি পথটোৰ পৰা বিচ্যুত হৈ গ’লেও৷ এয়াই হৈছে তাৰ প্ৰভাৱ৷

দ্বিতীয়টো কাহিনী হৈছে প্ৰেম আৰু বিচ্ছেদৰ৷ মই নিজকে ভাগ্যৱান বুলি ভাবোঁ৷ কাৰণ জীৱনত কি কৰিব লাগে – সেয়া মই খুব সোনকালেই আৱিষ্কাৰ কৰি পেলাইছিলোঁ৷ ওৱজ (ষ্টিভ ওৱাজনিয়েক) আৰু মই – দুয়োটাই মোৰ দেউতাৰ গেৰেজত এপলৰ কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ মই তেতিয়া বিশবছৰীয়া৷ আমি প্ৰচুৰ মেহনত কৰিছিলোঁ৷ মাত্ৰ দহ বছৰৰ ভিতৰতে এপল গেৰেজৰ পৰা ওলাই আহি চাৰিহাজাৰ মানুহেৰে পৰিৱেষ্টিত হৈ থকা দুই বিলিয়ন ডলাৰ মূল্যৰ এটা কোম্পানীৰ ৰূপ পাইছিল৷ ত্ৰিশত ভৰি দিয়াৰ আগৰ চনটোতেই আমি আমাৰ উৎকৃষ্ট সৃষ্টি ‘মেছিনটছ’ক মুক্তি দিছিলোঁ৷ আৰু তাৰপিছত! মোক চাকৰিৰ পৰা উলিয়াই দিয়া হৈছিল! কেনেকৈ? তুমি প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ পৰা তোমাক খেদিব পাৰে কেনেকৈ? পিছে বাস্তৱত সেয়াই হৈছিল৷ এপলে বিস্তাৰ লাভ কৰাৰ সময়তে আমি এজন প্ৰতিভাৱান ব্যক্তিক নিযুক্তিপত্ৰ প্ৰদান কৰিছিলোঁ, একেলগে কাম কৰি যোৱাৰ চিন্তাত৷ প্ৰথম দুটামান বছৰ সকলো ঠিকে-ঠাকেই আছিল৷ কিন্তু তাৰ পিছতেই আমাৰ মতভেদ ঘটিছিল – ভৱিষ্যতৰ কৰ্মপন্থা সম্পৰ্কত৷ সদৌশেষত আমাৰ মাজত চূড়ান্ত বিভাজন হ’ল৷ বিভাজনৰ সময়ত আমাৰ কোম্পানী পৰিচালনাৰ অধ্যক্ষসকলে তেওঁকহে সমৰ্থন কৰিলে৷ যাৰ পৰিণতিত ত্ৰিশ বছৰ বয়সত মই পদচ্যুত হ’বলগীয়া হ’ল – ৰাজহুৱাকৈ৷ এনেকৈয়ে মোৰ প্ৰাপ্তবয়স্ক জীৱনৰ সকলোবোৰ লক্ষ্য নিশ্চিহ্ন হৈ গ’ল৷ মই ধূলিস্যাৎ হৈ গ’লোঁ৷ তাৰপিছৰ কেইটামান মাহত কি কৰিম ঠিৰাং কৰিব পৰা নাছিলোঁ৷ মোৰ অনুভৱ হৈছিল – মই যেন আগৰ প্ৰজন্মৰ উদ্যোগীসকলক অসন্মান কৰিলোঁ৷ তেওঁলোকে চমজাই দিয়া দণ্ডডাল মই যেন হেৰুৱাই পেলালোঁ! মই ডেভিড পেকাৰ্ড আৰু বব নয়চক লগ কৰি মোৰ অস্বস্তিদায়ক কৰ্ম-কাণ্ডৰ বাবে ক্ষমা বিচাৰিলোঁ৷ ৰাজহুৱা-ক্ষেত্ৰত মই এজন ব্যৰ্থতম মানুহ হৈ পৰিছিলোঁ৷ আনকি এদিন ভেলিৰ (ছিলিকন ভেলী) পৰা পলায়ন কৰিম বুলিও ভাবিছিলোঁ৷ পিছে ধীৰ গতিৰে আহি থকা কিবা এটাই পুনৰ যেন মোৰ মন-মস্তিষ্কত খোপনি পুতিছিল৷ মই যি কৰিছিলোঁ, তাক তেতিয়াও ভাল পাই আছিলোঁ৷ এপলত আৰম্ভ হোৱা ঘটনাক্ৰম তেতিয়াও সলনি হোৱা নাছিল; বৰঞ্চ মোক প্ৰত্যাখ্যান কৰা হৈছিল৷ তৎসত্ত্বেও মই ভালপাবলৈ এৰা নাছিলোঁ৷ সেইকাৰণে মই সিদ্ধান্ত ল’লোঁ – মই প্ৰত্যাৰ্ৱতন কৰিম৷

সেইসময়ত এটা কথা মোৰ দৃষ্টিগোচৰ হোৱা নাছিল যে – এপলৰ লগত ঘটা এই বিচ্ছেদ মোৰ জীৱনৰ শ্ৰেষ্ঠতম পৰিঘটনা৷ সফল ব্যক্তিৰ গুৰু-গাম্ভীৰ্যখিনি ন-শিকাৰুৰ লঘুতালৈ ৰূপান্তৰ হৈছিল – যাৰ ওচৰত প্ৰতিটো কথাৰে সম্যক জ্ঞান নাই৷ এই সীমাৱদ্ধতাই মোক মোৰ জীৱনৰ সৰ্বাধিক সৃষ্টিশীল কালছোৱাত প্ৰৱেশ কৰাৰ সুযোগ আনি দিলে৷ আৰু পৰৱৰ্তী পাঁচটা বছৰত মই ‘নেক্সট’ আৰু ‘পিক্সাৰ’ নামৰ কোম্পানী দুটাৰ জন্ম দিলোঁ৷ আৰু এগৰাকী যুৱতীৰ প্ৰেমত পৰিলোঁ, যাৰ স’তে মই এদিন বিবাহপাশত আৱদ্ধ হ’ম৷ পিক্সাৰে পৃথিৱীৰ প্ৰথমখন কম্পিউটাৰ-সৃষ্ট এনিমেছন ছবি নিৰ্মাণ কৰিলে – “টয় ষ্ট’ৰি”৷ আৰু ই হৈছে আধুনিক পৃথিৱীৰ অন্যতম সফল এনিমেছন ষ্টুডিঅ’৷ সেই ঘটনাৰ পিছত এক স্মৰণযোগ্য পাকচক্ৰত পৰি এপলে ‘নেক্সট’কো ক্ৰয় কৰি ল’লে আৰু মোক পুনৰ এপললৈ মাতি পঠিওৱা হ’ল৷ অৰ্থাৎ ‘নেক্সট’ত নিৰ্মাণ কৰি থকা প্ৰযুক্তিটো পুনৰ্জন্মৰ পাছৰ ‘এপল’ত কেন্দ্ৰবিন্দু হৈ পৰিলগৈ৷ সিফালে লৰেন আৰু মই মিলি এটা সুখী পৰিয়ালো গঢ়িলোঁ৷ এতিয়া মই নিশ্চিত যে – এপলৰ লগত বিচ্ছেদ নঘটাহেঁতেন এইবোৰ ঘটনাৰ এটাও নঘটিলহেঁতেন৷ সঁচাকে, সোৱাদ অস্বস্তিকৰ হ’লেও ৰোগীয়ে দৰবটো খাব লাগিবই৷

মোৰ তৃতীয়টো কাহিনী হৈছে মৃত্যু সম্বন্ধীয়৷ মোৰ বয়স তেতিয়া সোতৰ বছৰ, যেতিয়া এই উদ্ধৃতিটো পঢ়িবলৈ পাইছিলোঁ – “যদি তুমি প্ৰতিটো দিনকেই জীৱনৰ শেষ দিন হিচাপে গণ্য কৰি জীয়াই থাকা, তেন্তে কোনোবা এদিন তুমি শুদ্ধ প্ৰতিপন্ন হ’বা৷” কথাটোৱে মোৰ মনত সাঁচ বহুৱালে৷ আৰু তাৰ পিছৰ তেত্ৰিশটা বছৰৰ প্ৰত্যেকটো পুৱাতেই মই আইনাখনৰ সন্মুখত থিয় হৈ নিজকে এটাই প্ৰশ্ন কৰি আহিছোঁ – “যদি আজিয়েই মোৰ জীৱনৰ অন্তিমটো দিন হয়, তেন্তে আজি কৰিম বুলি ভবা কামটোৱেই মই প্ৰকৃততে কৰিবলৈ ওলাইছোঁনে?” যেতিয়া এই প্ৰশ্নটোৰ উত্তৰ একেৰাহে কেইবাদিনলৈকে নঞাৰ্থক হোৱা দেখা পাওঁ, তেতিয়া মই বুজি উঠোঁ যে – কিবা এটা পৰিৱৰ্তন কৰাৰ সময় আহি পৰিছে৷

‘মই অতি সোনকালে এদিন মৰিম’ – এই অত্যন্ত দৰকাৰী চিন্তাটোৱে মোক জীৱনৰ কেতবোৰ গুৰুত্বপূৰ্ণ পথ চিনি উলিওৱাত সহায় কৰিছিল৷ কাৰণ সকলো বাহ্যিক আকাংক্ষা, সকলো গৌৰৱ, পৰাজয় অথবা লজ্জাৰ প্ৰতি থকা সমস্ত ভয় – এই প্ৰায় সকলোবোৰেই মৃত্যুৰ সমুখত ধূসৰ হৈ পৰিছিল৷ স্পষ্ট হৈ ৰৈছিল সবাতোকৈ গুৰুত্বপূৰ্ণ কামটো৷ দৰাচলতে “তোমাৰ এদিন মৃত্যু হ’ব” – এই কথাটো মনত ৰাখিয়েই ‘তুমি কি হেৰুৱাবা’ – শীৰ্ষক চিন্তাটো বৰ্জন কৰিব পাৰি৷ তুমি আগৰেপৰাই উদং৷ তেনেস্থলত অন্তৰৰ আহ্বান নুশুনাৰ কথাই থাকিব নোৱাৰে৷

এবছৰৰ আগতে মই কৰ্কট ৰোগত আক্ৰান্ত হ’লোঁ৷ পুৱা সেইদিনা ৭ বাজি ৩০ মিনিটত মোৰ এটা ‘স্কেন’ হৈছিল৷ স্কেনত স্পষ্টকৈ ওলাই পৰিল যে মোৰ অগ্নাশয়ত এটা টিউমাৰ আছে৷ তেতিয়ালৈকে মই জনায়েই নাছিলোঁ – অগ্নাশয় আচলতে হয়নো কি৷ চিকিৎসকে ক’লে যে – এইটো বোধহয় এনে একধৰণৰ কৰ্কট, যি সাধাৰণতে নিৰ্মূল নহয়৷ গতিকে মই তিনিমাহৰ পৰা ছমাহতকৈ বেছি দিন জীয়াই থকাৰ আশা নাই৷ চিকিৎসকসকলে মোক ঘৰলৈ গৈ অফিচৰ কাগজ-পত্ৰবোৰ চিজিল লগোৱাৰ দিহা দিলে৷ তাৰ অৰ্থ হ’ল – তেওঁলোকে মোক মৃত্যুৰ বাবে সাজু হোৱাৰ ইংগিত দিলে৷ তাৰ অৰ্থ হ’ল – মই মোৰ ল’ৰা-ছোৱালীক দহটামান বছৰত শুনাম বুলি ভবা সাধুবোৰ এতিয়া কেইমাহমানৰ ভিতৰতে শুনাব লাগিব৷ তাৰ অৰ্থ হ’ল – আত্মীয় আৰু স্বজনে কথাবোৰ সহজভাৱে ল’ব পৰাকৈ মই এতিয়াৰপৰা নিৰৱতা অৱলম্বন কৰিব লাগিব৷ তাৰ অৰ্থ হ’ল – মই সকলোৰে পৰা বিদায় মাগিব লাগিব৷

বেমাৰটোৰ লগত মই ওৰেটো দিন কটালোঁ৷ সেইদিনাই সন্ধ্যা মোৰ এটা বায়’পছি হ’ল৷ তেওঁলোকে মোৰ ডিঙিৰে এণ্ডস্ক’পডাল সুমুৱাই পেটৰ ভিতৰলৈ লৈ গ’ল৷ তাৰপিছত অন্ত্ৰত থকা মোৰ অগ্নাশয়ত এটা বেজীৰে খুচি টিউমাৰটোৰ পৰা দুটামান কোষ উলিয়াই আনিলে৷ সেইসময়ত মোৰ চেতনা নাছিল৷ কিন্তু কাষত ৰৈ থকা পত্নীয়ে মোক পাছত কৈছিল যে – যেতিয়া চিকিৎসকে অণুবীক্ষণ যন্ত্ৰৰ তলত কোষবোৰ চাইছিল, তেওঁলোক উচুপি উঠিছিল৷ কাৰণ সেয়া আছিল অগ্নাশয়ত হোৱা এক বিৰল প্ৰকাৰৰ কৰ্কট ৰোগ – যাক অস্ত্ৰোপচাৰৰ জৰিয়তে নিৰ্মূল কৰিব পাৰি৷ অৱশেষত এদিন মোৰ অস্ত্ৰোপচাৰ হ’ল৷ আৰু সৌভাগ্যক্ৰমে মই এতিয়া সুস্থ৷

সেয়াই আছিল মৃত্যুৰ লগত মোৰ নিকটতম সাক্ষাৎ৷ আৰু আশা কৰিছোঁ অনাগত দুটামান দশকলৈকে এই দূৰত্ব যাতে বৰ্তাই ৰাখিব পাৰোঁ৷

মৃত্যুৰ স’তে সহবাস কৰাৰ পাছত, তাৰ উপকাৰিতা কিন্তু বৌদ্ধিক ধাৰণাৰ সৈতে পৰিচিত হোৱাৰ পাছত, মই এতিয়া তোমালোকক সামান্য নিশ্চয়তাৰে ক’ব খুজোঁ যে – মৃত্যুক কোনেও নিবিচাৰে৷ আনকি স্বৰ্গলৈ যাবলৈ বাঞ্ছা কৰা ব্যক্তিসকলেও মৃত্যুকামনা নকৰে৷ তথাপিতো মৃত্যু হৈছে আমাৰ সকলোৰে উমৈহতীয়া গন্তব্যস্থান৷ তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ সেইটো হোৱাও অনুচিত৷ কিয়নো মৃত্যু মোৰ জীৱনৰ এক অনন্য শ্ৰেষ্ঠ উদ্ভাৱন৷ ই হৈছে জীৱন সলাব পৰা অনুঘটক৷ পুৰণিক সলাই যি নতুনৰ কাৰণে বাট মোকলাই দিয়ে৷

আৰু এইমুহূৰ্তত ‘নতুন’ হ’লা তোমালোক৷ পিছে আজিৰেপৰা তোমালোকৰো ক্ৰমাৎ বয়স বাঢ়িব আৰু তেনেকৈয়ে এদিন তোমালোক এই পৃথিৱীৰ পৰা অদৃশ্য হৈ যাবা৷ তাৰবাবে বৰ বেছি সময়ো নালাগে৷ কৈ থকা এই কথাবোৰ বৰ নাটকীয় যেন লাগিব পাৰে৷ কিন্তু এয়াই হৈছে পৰম সত্য৷
তোমালোকৰ হাতত বৰ বেছি সময় নাই৷ গতিকে অইন মানুহৰ জীৱন এটা গ্ৰহণ কৰি সময়বোৰ নষ্ট নকৰিবা৷ ‘প্ৰচলিত বিশ্বাস’ৰ জালত আৱদ্ধ নহ’বা৷ তেনেকুৱা কৰিলে তুমি অইন মানুহৰ চিন্তালব্ধ পৰিণতিবোৰক সাবটিহে জীয়াই থকা হ’ব৷ বাহিৰৰ পৰা অহা কোলাহলপূৰ্ণ উপদেশেৰে তোমাৰ ভিতৰৰ কণ্ঠটোক নিঃশেষ নকৰিবা৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথা – তোমাৰ অন্তৰ আৰু তোমাৰ স্বজ্ঞাৰ নিৰ্দেশ মানি চলিবলৈ সাহস দেখুৱাবা৷ তুমি প্ৰকৃততে কি হ’ব খোজা – সিহঁতে তাক জানে৷ ইয়াৰ বাহিৰে অইন আটাইবোৰ কথাই গৌণ৷

মোৰ কৈশোৰ অৱস্থাত ‘দা হ’ল আৰ্থ কেটালগ’ নামৰ এখন মনোগ্ৰাহী পুস্তিকা প্ৰকাশ পাইছিল৷ সেইখন আছিল আমাৰ প্ৰজন্মৰ এখন ‘বাইবেল’৷ মেনলো পাৰ্কৰ সমীপতে থকা ষ্টিৱাৰ্ড ব্ৰেণ্ড নামৰ ব্যক্তি এজন সেইখনৰ জন্মদাতা আছিল; যিয়ে একধৰণৰ কাব্যিক পৰশেৰে সেইখন প্ৰাণময় কৰি তুলিছিল৷ তেতিয়া ব্যক্তিগত কম্পিউটাৰ আৰু ডেস্কটপ কম্পিউটাৰ আৰ্ৱিভাৱ হোৱা নাছিল৷ সেয়া আছিল ষাঠিৰ দশক৷ গতিকে প্ৰতিটো কামেই টাইপৰাইটাৰ, কেঁচি আৰু পলাৰয়ড কেমেৰাৰ দ্বাৰা সম্পাদন হৈছিল৷ যেন ছপাবন্ধা আকৃতিত থকা গুগলহে! অৱশ্যে গুগলৰ প্ৰৱেশলৈ তেতিয়াও পয়ত্ৰিশ বছৰ বাকী৷ সেই পুস্তিকাখন আছিল আপোচবিহীন৷ পৰিষ্কাৰ কাম আৰু সুন্দৰ দৃষ্টিভংগীৰে পৰিপূৰ্ণ৷ ষ্টিৱাৰ্ট আৰু তেওঁৰ দলটোৱে ‘দা হ’ল আৰ্থ কেটালগ’ৰ একাধিক সংখ্যা প্ৰকাশ কৰিছিল৷ অৱশেষত এদিন তেওঁলোকৰ সময় উকলিল, আৰু তেওঁলোকে অন্তিমটো সংখ্যা প্ৰকাশ কৰিবলৈ ওলাল৷ সেয়া সত্তৰ দশকৰ মাজৰ সময়৷ মই তেতিয়া তোমালোকৰ বয়সৰ৷ অন্তিমটো সংখ্যাৰ পাছফালৰ প্ৰচ্ছদটোত সেইবাৰ এখন ফটোগ্ৰাফ আছিল৷ ফটোখন আছিল ধলপুৱাত দৃশ্যমান হোৱা এটা গ্ৰামীণ ৰাস্তাৰ৷ অভিযানপ্ৰিয় মানুহৰ বাবে সেইটো এটা লেখৰ ৰাস্তা আছিল৷ ফটোখনৰ তলত কেইটামান শব্দ লিখা আছিল – “Stay Hungry, Stay Foolish”৷ প্ৰস্থান কৰাৰ পূৰ্বে সেইয়া আছিল তেওঁলোকৰ (আলোচনীখনৰ) বিদায়ী-বাৰ্তা৷ ভোকাতুৰ হৈ থাকা, জ্ঞানশূন্য হৈ থাকা৷ কথাটো মইও গ্ৰহণ কৰিলোঁ৷ আৰু যিহেতু তোমালোকো এতিয়া নকৈ স্নাতক হ’বলৈ ওলাইছা, ময়ো তোমালোকৰ কাৰণে তাকেই কামনা কৰিম৷

ভোকাতুৰ হৈ থাকা, জ্ঞানশূন্য হৈ থাকা৷

সকলোকে বহুত বহুত ধন্যবাদ৷

ভাবানুবাদ: ঈশান জ্যোতি বৰা

বক্তৃতাটোৰ অসমীয়া অনুবাদটো শুনিবলৈ:

No Comments

Post A Comment