বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ ক’ত?

প্ৰাচীন কালৰ পৰাই প্ৰকৃতিৰ বিশালতাক বুজিবলৈ মানুহৰ অনুসন্ধিৎসু মনটোৱে আপ্ৰাণ চেষ্টা কৰি আহিছে। বহুক্ষেত্ৰত সফলো হৈছে। খ্ৰীষ্টীয় ধাৰণামতে পৃথিৱীকেই মহাবিশ্বৰ কেন্দ্ৰ হিচাপে মানি লোৱা হৈছিল আৰু সূৰ্যকে ধৰি গোটেইবোৰ‌ গ্ৰহ-নক্ষত্ৰই পৃথিৱীক কেন্দ্ৰ কৰি ঘূৰে বুলি ভাবি লোৱা হৈছিল। গতিকে সেই সময়ত সেই জ্ঞানৰ আধাৰতেই ভাবি লোৱা ধাৰণাবোৰে কালক্ৰমত এক ধৰ্মীয় মৰ্যাদা পাই সুদৃঢ় জনবিশ্বাসত পৰিণত হৈছিল। কিন্তু পাছৰ পৰ্যায়ত বিজ্ঞানৰ ক্ৰমবৰ্ধমান যুক্তি-তথ্যই পূৰ্বৰ ধাৰণাসমূহ সলনি কৰি এক নতুন দৃষ্টিভংগীৰ প্ৰতিষ্ঠা কৰিলে।‌ গতিকে আমাৰ পৃথিৱী‌ যে বিশ্বব্রহ্মাণ্ডৰ কেন্দ্ৰ নহয়, সেই কথা আমি নিশ্চিত হ’লো। তথাপি অনুসন্ধিৎসু মানৱজাতিৰ যেন ইয়াতো প্ৰশ্নৰ শেষ ন’হল! আৰম্ভ হ’ল আৰু এটা নতুন প্ৰশ্নৰ— বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ ক’ত?

আমি দেখি থকা ক্ষুদ্ৰাতি-ক্ষুদ্ৰ পৰমাণু এটাৰ পৰা চন্দ্ৰ, সূৰ্য, পৃথিৱী ইত্যাদি সকলো‌ বস্তুৰে ‌এটা কেন্দ্ৰ আছে। সেই হিচাপে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰো এটা কেন্দ্ৰ থাকিব লাগে। কিন্তু সঁচাকৈ এনে‌ ‌এটা ‌বিন্দু আছে নেকি, যাক আমি বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি ক’ব পাৰো? যদি‌ সঁচাকৈয়ে তেনে কোনো নিৰ্দিষ্ট বিন্দু আছে, তেন্তে সেইটো ক’ত অৱস্থিত? যেতিয়া আমি বিশ্বব্ৰহ্মাণ্ড শব্দটো প্ৰয়োগ কৰো, তেতিয়া ইয়াৰ দুটা অৰ্থ প্ৰকাশ‌ হয়। প্ৰথমটোৱে সম্পূৰ্ণ অথবা অনন্ত বিশ্বব্ৰহ্মাণ্ডৰ কথা আৰু ‌আনটোৱে কেৱল দৃশ্যমান (Observable) বিশ্বব্ৰহ্মাণ্ডৰ‌ কথা প্ৰকাশ‌ কৰে‌। এই সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ সীমাৰ সঠিক নিৰ্ধাৰণ আজিও বিজ্ঞানীসকলৰ‌ বাবে এটা কঠিন সাঁথৰ। এই অনন্ত বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য সমূহৰ সম্পর্কে আজিও বিজ্ঞানীসকল‌ একমত হ’ব পৰা নাই। আনহাতে দৃশ্যমান বিশ্বব্ৰহ্মাণ্ড হৈছে আমি বৰ্তমানলৈকে দেখা পোৱা সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ এটা সৰু অংশ। অৰ্থাৎ সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ যিটো‌ ভাগৰ পৰা অহা পোহৰে আমাক ধৰা দিছেহি, সেই অংশটোহে‌ দৃশ্যমান বিশ্বব্ৰহ্মাণ্ড। সাধাৰণতে যেতিয়া আমি বিশ্বব্ৰহ্মাণ্ডৰ কথা কওঁ আচলতে আমি দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ কথাহে কওঁ। ঠিক সেইদৰে ‘Edge of the universe’ মানে হৈছে, দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ অন্তিম সীমা।‌

এতিয়া আমি যদি সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰৰ কথা কওঁ, তেন্তে জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে ‘সম্পূৰ্ণ’ বিশ্বব্ৰহ্মাণ্ডৰ কোনো স্থান বা বিন্দু নাই যাক আমি বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ হিচাপে বিবেচনা কৰিব পাৰো। কাৰণ ই সকলো‌‌ দিশতেই সমান‌ ৰূপত সম্প্ৰসাৰণ হৈছে। ইয়াৰ অৰ্থ এইয়ে যে সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি‌ একো‌ নাই। কিন্তু‌ ই কেনেকৈ সম্ভৱ? আমি ভালদৰে জানো যে বিস্ফোৰণ যেনেকুৱাই নহওক কিয়, ইয়াৰ কেন্দ্ৰটো থাকিবই লাগিব। য’ৰ পৰা ইয়াৰ বিস্ফোৰক পদাৰ্থসমূহ চাৰিওদিশে বিস্তাৰিত হ’ব। তেন্তে আজিৰ পৰা ১৩.৮ বিলিয়ন বছৰ আগতে বিগ বেং বিস্ফোৰণেৰে সৃষ্টি হোৱা‌ মহাবিশ্বৰ কেন্দ্ৰ নথকা কথাটো দেখোন কিবা হজম নোহোৱা বিধৰ! হয়তো প্ৰিয় পাঠক‌ সকলে ভাবিব পাৰে, নিশ্চয় কোনোবা এটা ঠাইত বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ এটা থাকিবই। কিন্তু আমি ভালদৰে চালে গ’ম পাম, বিগ বেং আৰু মানৱসৃষ্ট বোমাৰ মাজত এটা বিশাল পাৰ্থক্য আছে। আপোনাক যদি সোধা হয় বোমাটোৰ বিস্ফোৰণ ক’ত হৈছিল, তেন্তে আপুনি উত্তৰ দিব ‘আমুক’ ঠাইত বিস্ফোৰণ‌ হৈছিল। অৰ্থাৎ আপুনি ইয়াত স্থান(space)ৰ কথা কৈছে। মন‌ কৰিব, সেই বোমাটো বিস্ফোৰণ হ’বলৈ ‘স্থান’ তাত আগতেই মজুত আছিল। কিন্তু বিগ বেং বিস্ফোৰণৰ আগত কথাবোৰ‌ তেনেকুৱা নাছিল। কাৰণ বিগ বেঙৰ আগত স্থান আৰু সময়ৰ অস্তিত্বই নাছিল। গতিকে বিগ বেং বিস্ফোৰণ ‘ক’ত’ আৰু ‘কেতিয়া’ হৈছিল বুলি সোধা প্ৰশ্নটোৱেই অৰ্থহীন! কাৰণ ক’ত শব্দটোৱে পুনৰ ইয়াত ‘স্থান’ৰ কথাকেই বুজাইছে।

আমি সৰুতেই পঢ়িছো অথবা শুনিছো, আমাৰ বিশ্বব্রহ্মাণ্ডখন বিগ বেং বিস্ফোৰণৰ আগত এটা সৰু বিন্দু ৰূপে আছিল, য’ত এটা ভয়ংকৰ বিস্ফোৰণ ঘটি আজিৰ অৱস্থা পাইছেহি! আচলতে বিগ বেঙৰ দৰে জটিল ধাৰণা এটা সাধাৰণ মানুহক সহজ কৰি বুজোৱাৰ স্বাৰ্থতেই এনেদৰে‌ বুজোৱা‌ হয়। আচলতে বিশ্বব্রহ্মাণ্ডৰ এটা নিশ্চিত সময়ত অনন্ত বিন্দুৱে একে ঠাইতে থূপ পাতি আছিল। আৰু বিশ্বব্রহ্মাণ্ডৰ সম্প্ৰসাৰণৰ বাবেই এনে বিন্দুবোৰৰ‌ দূৰত্ব ক্ৰমান্বৱে বাঢ়ি গৈছিল। কিন্তু আমি যদি সময়ৰ বিপৰীত দিশত যাওঁ, অৰ্থাৎ বহু কোটি বছৰীয়া অতীতলৈ ঘূৰি যাওঁ, তেন্তে দেখা পাম, এই বিন্দুবোৰৰ দূৰত্বও কমি গৈছে। আৰু এনেকুৱা এটা সময় আহিব য’ত ইহঁতৰ মাজৰ দূৰত্ব কমি শূন্য হৈ‌ পৰিব। অৱশেষত এনেকুৱা এটা অৱস্থা আহি পৰিব, য’ত কেৱল মাত্ৰ এটা বিন্দুহে থকা যেন লাগিব। এই বিন্দুটো দেখাত এটা যেন‌ লাগিলেও কিন্তু এনে বিন্দুত অসংখ্যা বিন্দু থাকিব পাৰে। যাক বিজ্ঞানীসকলে অপ্ৰতিমতা (Singularity) নামেৰে নামকৰণ‌ কৰিছে। কিন্তু এইখিনিতে মন‌ কৰিব লাগিব ইয়াত কোনো বিন্দুৰ‌ সৃষ্টিও হোৱা‌ নাই অথবা ধ্বংসও হোৱা নাই, কেৱল‌ সিহঁতৰ‌ মাজৰ দূৰত্ব‌ হ্ৰাস পাই শূন্য হৈছে। গতিকে এই বিশ্বব্ৰহ্মাণ্ড কেৱল এটা বিন্দুৰ পৰাই বিস্ফোৰিত হৈ সৃষ্টি হোৱা বুলি ক’ব নোৱাৰি। আচলতে ইয়াৰ সঠিক বিৱৰণটো হ’ব— বিশ্বব্রহ্মাণ্ড এনেকুৱা এটা অৱস্থাৰ (stage) পৰা সৃষ্টি হোৱা, য’ত অনন্ত বিন্দুৰ এটা থূপ আগৰ পৰাই মজ্জুত আছিল। কিন্তু সেই বিন্দুবোৰৰ মাজৰ দূৰত্ব শূন্য আছিল। ইয়াৰ পাছত সেই বিন্দুবোৰৰ মাজৰ দূৰত্ব ক্ৰমান্বৱে বাঢ়ি আহি আজিৰ অৱস্থা পাইছেহি। বিশ্বব্রহ্মাণ্ডৰ এই সম্প্ৰসাৰণ নীতি আজিও অব্যাহত আছে। বিংশ শতিকাৰ প্ৰথম ভাগতেই এডৱিন হাবল(Edwin Hubble)এ বিশ্বব্রহ্মাণ্ডৰ এই সম্প্ৰসাৰণ চৰিত্ৰৰ বিষয়ে যি তথ্য-সমৃদ্ধ প্ৰমাণ দাঙি ধৰিছিল, সেই প্ৰমাণে বিংশ শতিকাৰ আটাইতকৈ ডাঙৰ এক বৌদ্ধিক বিপ্লৱৰ সূচনা কৰিছিল!

যিহেতু বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ বিন্দু সমান ৰূপত সম্প্ৰসাৰণ ঘটিছিল, গতিকে এনেকুৱা কোনো নিৰ্দিষ্ট বিন্দু নাছিলেই, য’ৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল বুলি ভাবিব পাৰি। যাৰ বাবেই কোৱা হয়— বিশ্বব্ৰহ্মাণ্ডৰ কোনো কেন্দ্ৰ বিন্দু নাই। কথাটো এটা বেলুনৰ উদাহৰণে বুজিবলৈ চেষ্টা কৰো আহক। কিন্তু বেলুনৰ উদাহৰণে বিশ্বব্রহ্মাণ্ডৰ ব্যৱহাৰক সঠিক ৰূপত জানিবলৈ পৰ্যাপ্ত নহয় যদিও কথাখিনি বুজাত সহজ কৰিবলৈ এই উদাহৰণটো উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে বিজ্ঞানী আৰ্থাৰ এডিংটনে বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰিত চৰিত্ৰটোৰ এটা ধাৰণা দিবলৈ এই বেলুনৰ উদাহৰণটো প্ৰথম ব্যৱহাৰ কৰিছিল। ধৰাহ’ল, আপোনাৰ ওচৰত এটা ফুলাই নোথোৱা বেলুন আছে। আৰু এই অৱস্থাত বেলুনটোৱে বিগ বেঙৰ সময়ৰ বিশ্বব্ৰহ্মাণ্ডক বুজাব চেষ্টা কৰিছে। এনে অৱস্থাতে আপুনি বেলুনটোৰ গাত ধৰিব পৰাকৈ সৰু সৰুকৈ বিন্দু আঁকি লৈছে। ধৰাহ’ল এই বিন্দুবোৰে একো একোখন তাৰকাৰাজ্যক চিহ্নিত কৰিছে। যেতিয়া আমি বেলুনটো ফুলাম, দেখিম যে বেলুনৰ গাত থকা বিন্দুবোৰৰ দূৰত্ব ক্ৰমান্বৱে বাঢ়ি গৈছে। কাৰণ বেলুনটো বায়ুৰ‌ চাপত সম্প্ৰসাৰিত হৈছে। মন কৰিব, বেলুনটো ফুলাৰ লগে লগে গোটেইবোৰ বিন্দু সমান‌ ৰূপত চাৰিওফালে আঁতৰি যাব। অৰ্থাৎ নুফুলোৱা বেলুনটোৰ গাত যিবোৰ বিন্দু ওচৰা-ওচৰিকৈ আছিল, সেইবোৰ সমান ৰূপত আঁতৰি যাব। উল্লেখযোগ্য যে ইয়াত সম্পূৰ্ণ বেলুনটো ‌নহয়, কেৱল বেলুনৰ পৃষ্ঠভাগকহে বিশ্বব্ৰহ্মাণ্ড ৰূপে বুজোৱা ‌হৈছে। কিন্তু আমি এইটো ক’ব নোৱাৰো যে বেলুনটোত য’ৰ পৰা বায়ুৰ চাপ দিয়া হৈছে সেইটোয়ে ইয়াৰ কেন্দ্ৰ হ’ব। যিহেতু বেলুনটোৰ গাত আঁকি থোৱা গোটেইবোৰ বিন্দু সমান ৰূপত চাৰিওফালে আঁতৰি যাব, গতিকে আমি বিচাৰিব পাৰিম নেকি বেলুনটোৰ কেন্দ্ৰ ক’ত আছিল? নিশ্চয় নোৱাৰো! কাৰণ এনেকুৱা কোনো নিৰ্দিষ্ট বিন্দুয়েই‌ নোলাব, যাক বেলুনটোৰ কেন্দ্ৰ বুলি ক’ব পাৰিম।

ওপৰৰ আলোচনাৰ পৰা আমি সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ সম্পৰ্কে কিছু কথা বুজি পালোঁ। এতিয়া আহো দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কে। দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আছেনে? ওপৰত যিহেতু কৈয়ে আহিছো দৃশ্যমান বিশ্বব্ৰহ্মাণ্ড হৈছে সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ মাত্ৰ এটা অংশহে, য’ৰ পৰা প্ৰতিফলিত/প্ৰতিসৰিত হৈ অহা পোহৰক আমি খালি চকুৰে অথবা প্ৰযুক্তিগত উপকৰণেৰে চিনাক্তকৰণ কৰিব পাৰিছো। ইয়াৰ অৰ্থ এইয়ে যে দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ ব্যাসে এই কথাত নিৰ্ভৰ কৰে যে আমি বিশ্বব্ৰহ্মাণ্ডৰ ক’ত আছোঁ? আমাৰ দৃশ্যমান বিশ্বব্ৰহ্মাণ্ড খন সেই ‘এলিয়েন’ৰ দৃশ্যমান বিশ্বব্রহ্মাণ্ডতকৈ বেলেগ হ’ব, কাৰণ এটা বিশাল অলোকবৰ্ষীয় দূৰত্বৰ বাবে ‘এলিয়েন’ৰ গ্ৰহলৈ যি পোহৰ পাইছেগৈ, সেইখিনি পোহৰ হয়তো আমাৰ পৃথিৱী পোৱাহি নাই। গতিকে দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰৰ কথা যদি কওঁ, তেন্তে ই এই কথাৰ ওপৰত নিৰ্ভৰ কৰে— আপুনি/আমি এই সময়ত ক’ত আছোঁ। আমি যদি পৃথিৱীত থাকো, তেন্তে পৃথিৱীয়েই হ’ব আমাৰ দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ। আৰু আমি যদি চন্দ্ৰত থাকো, তেন্তে চন্দ্ৰই হ’ব আমাৰ দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ। কিয়নো পোহৰ এটা নিৰ্দিষ্ট গতিত ভ্ৰমণ কৰে, গতিকে সকলো দিশৰ পৰা পোহৰ আহি আমাৰ চকুত ধৰা দিবলৈ সমানেই সময় লাগিব। অৰ্থাৎ সকলো দিশৰ পৰা পোহৰ আমাৰ কাষ পাবলৈ সমান দূৰত্ব অতিক্ৰম কৰিব লাগিব। আমি য’ত আছো সেই ঠাইক যদি কেন্দ্ৰ হিচাপে লৈ এটা বৃত্ত কল্পনা কৰো তেন্তে আমাৰ এখন দৃশ্যমান বিশ্বব্ৰহ্মাণ্ড পাম। কাৰণ আমি যি স্থানত আছো সেই স্থানৰ পৰাই যদি দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ গণনা কৰো, তেন্তে সেই স্থানেই হ’ব ইয়াৰ কেন্দ্ৰ। গতিকে পৃথিৱীৰ বাবে দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্র হ’ব পৃথিৱীখন নিজেই।

No Comments

Post A Comment