টছিংবট, হাৰাৰিৰ ভৱিষ্যৎ-বাণী আৰু কৰ্ম-নিৰ্ভৰ মানুহ

টছিংবটঃ

এজন মানুহে নিৰ্দিষ্ট দূৰত্বত থকা আন এজন মানুহলৈ কল এটা দলিয়াই দিছে আৰু সেই মানুহজনে শূন্যতে কলটো ধৰিছে৷ এটা সাধাৰণ খেল৷ খেলটো নিয়াৰিকৈ চলি থাকিবলৈ কল ধৰোঁতাজনৰ দুটা গুণ থাকিলেই হ’ল৷ প্ৰথমটো হ’ল- দৃষ্টিশক্তি আৰু দ্বিতীয়টো হ’ল- কলটো আহি ক’ত পৰিব; তাক শুদ্ধকৈ অনুমান কৰাৰ দক্ষতা৷ এতিয়া ধৰি লওক, এই খেলখন আপুনি তেজ-মঙহৰ বন্ধুজনৰ পৰিৱৰ্তে শতাধিক এলগৰিথম আৰু ছফ্টৱেৰ নিৰ্দেশাৱলীৰে (Software Instructions) নিৰ্মিত এটা ৰ’বটৰ লগত খেলিব লগা হ’ল৷ কথাটো আগৰদৰেই সাধাৰণনে? নহয়৷ কাৰণ-

(১) কলটো দলিয়াই দিওঁতে দিশৰ সঘন পৰিৱৰ্তন হ’ব পাৰে৷ আগৰবাৰ যদি কলটো ‘ক’ দিশেৰে দলিওৱা হৈছে, পিছৰবাৰ ‘খ’ দিশেৰে দলিওৱা হ’ব৷ সাধাৰণ বুদ্ধিমত্তা থকা যিকোনো মানুহে দিশৰ পৰিৱৰ্তন ক্ষীপ্ৰতাৰে অনুধাৱন কৰিব পাৰে৷ কিন্তু ৰ’বটৰ দ্বাৰা কামটো সম্পন্ন কৰোৱাটো ইমান সহজ নহয়৷ কাৰণ কলটোতো কেৱল ‘ক’ আৰু ‘খ’ দিশেৰেই নাহে৷ কলটো অহাৰ কমেও এশটা পথ আছে৷ আৰু সেই এশটা পথৰো বিভিন্ন উপ-পথ থাকিব পাৰে৷ গতিকে অভিযন্তাই সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰত্যেকটো পথৰেই এক আৰ্হি তৈয়াৰ কৰিব লাগিব আৰু প্ৰত্যেকটো পথৰ বাবেই সৃষ্টি কৰিব লাগিব এক নিখুঁট কম্পিউটাৰ নিৰ্দেশ৷ লগতে ৰ’বটটোত সংস্থাপিত হৈ থকা ইমেজ চেন্সৰকো সেইবোৰ নিৰ্দেশৰ দ্বাৰা প্ৰশিক্ষিত কৰাব লাগিব৷ ইমেজ চেন্সৰ (Image Sensor) হৈছে ৰ’বটটোৰ চকু৷ সি কল অহাৰ দৃশ্যটো সংগ্ৰহ কৰি তাৎক্ষণিকভাৱে ৰ’বটটোলৈ দৰকাৰী নিৰ্দেশ প্ৰেৰণ কৰিব৷

(২) যদি মানুহ এজনে কলটো পূৰ্বতকৈ জোৰেৰে দলিয়াই দিবলৈ ওলাইছে, তেন্তে আমি মানুহজনৰ টান হৈ উঠা পেশীবোৰ চাই নতুবা মুখৰ অংগী-ভংগীলৈ চাই তাৰ উমান পাব পাৰোঁ৷ আমি গম পাব পাৰোঁ যে- এইবাৰ কলটো আগতকৈ জোৰেৰে আহিব৷ অৱশ্যে কেতিয়াবা আমাৰ চকুত ধূলি দিবলৈ প্ৰতিপক্ষই অভিনয়ো কৰিব পাৰে, আৰু দাঁত-মুখ কৰচি লৈও শেষত মন্থৰ গতিৰে কলটো আমালৈ নিক্ষেপ কৰিব পাৰে৷ তৎসত্ত্বেও মানুহ এজনৰ বাবে ভৰবেগৰ (Momentum) তাৰতম্য নিৰ্ণয় কৰা আৰু সেই অনুসৰি কলটোক কৰায়ত্ব কৰা কামটো সহজ৷ কিন্তু দৃষ্টিশক্তিবিহীন, পদাৰ্থবিজ্ঞানৰ জ্ঞানৰহিত, এটা যন্ত্ৰৰ বাবে এইটো মস্কিল কাম৷ তাতকৈও মস্কিল, যন্ত্ৰটোক ভৰবেগৰ তাৰতম্যৰ দ্বাৰা সুশিক্ষিত কৰোৱাটো৷

(৩) তৃতীয় আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল- সময়ৰ হিচাপ৷ কলটো কোন সময়ত দলিওৱা হ’ব আৰু দুবাৰ দলিওৱাৰ মাজত সময়ৰ ব্যৱধান কিমান থাকিব – এই দুয়োটা কথায়েই কল ধৰোঁতা ৰ’বটটোৱে সঠিকভাৱে গণনা কৰিব পাৰিব লাগিব আৰু তাৰ বাবে সষ্টম হৈ থাকিব লাগিব৷ যদি ৰ’বট এটাই এইটো কাম নিখুঁটভাৱে প্ৰদৰ্শন কৰিব পাৰে, তেন্তে আমি ক’ব লাগিব যে- মানুহৰ দৰে সঠিক অনুমান কৰাত (Making an accurate guess) ৰ’বটটোৱে সাফল্য অৰ্জন কৰিছে আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বৈচিত্ৰ্যপূৰ্ণ জগতত ইয়াৰ দ্বাৰা এক উল্লেখযোগ্য অধ্যায় সংযোজিত হৈছে৷
এতিয়া এটা দৃশ্য কল্পনা কৰক৷ কল দলিওৱা আৰু কল ধৰা কামটো এটা ৰবটে কৰিব পৰা হৈ গৈছে৷ আৰু তাৰ শিক্ষক কোন? সি নিজেই!

কেইদিনমানৰ আগতে ঠিক এনেকুৱা জাতীয় খবৰ এটাই পঢ়িবলৈ পালোঁ৷ গুগল, এমআইটি, প্ৰিন্সটন আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ কেইজনমান গৱেষক আৰু অভিযন্তাই এখন যান্ত্ৰিক হাত (Mechanical Arm) নিৰ্মাণ কৰি উলিয়াইছে৷ যাৰ নাম দিয়া হৈছে – টছিংবট (TossingBot)৷ টছিংবটৰ কাম হৈছে বস্তু বোটলা আৰু বস্তুটো দলিয়াই বাকচত ভৰোৱা৷ বোটলা আৰু দলিওৱাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ নামেই টছিংবট৷ চমৎকাৰী কথাটো হ’ল এয়ে যে- টছিংবটক স্বশিক্ষিত কৰি তোলা হৈছে৷ অৰ্থাৎ, বলটো দলিয়াই বাকচত ভৰোৱাৰ কৌশলটো টছিংবটে নিজেই নিজকে শিকাব পাৰে৷ উল্লেখনীয় যে দহহাজাৰটা প্ৰয়াসৰ পিছত টছিংবটে এই কামটোত ৮৫% সফলতা অৰ্জন কৰিছে৷

ঘণ্টাত প্ৰায় ৫০০টা বস্তু ধৰিব পৰা টছিংবটৰ মূল আধাৰ হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু এই বুদ্ধিমত্তা হৈছে স্ব-উন্নতিসাধক (Self-Improving AI)৷ এই ক্ষেত্ৰত টছিংবটত সংযুক্ত হৈ থকা অভাৰহেড কেমেৰাই বিশেষ ভূমিকা পালন কৰে৷ তাৰ লগতে জড়িত হৈ আছে পদাৰ্থ বিজ্ঞান আৰু ‘ডিপ লাৰ্নিঙ’ৰ সন্মিলিত ধাৰণা৷ এতিয়া আমি জানিব লাগিব ডিপ লাৰ্নিংনো কি? ডিপ লাৰ্নিং (Deep Learning) হৈছে যন্ত্ৰ-শিক্ষাৰে (Machine Learning) এটা ভাগ৷ ইয়াৰ শিক্ষাৰ ধৰণটো হৈছে উদাহৰণ-ভিত্তিক৷ অৰ্থাৎ পূৰ্বনিৰ্ধাৰিত কোনো তথ্য নাইবা সমলৰ ওপৰত নিৰ্ভৰ কৰাতকৈ ডিপ লাৰ্নিঙে বাস্তৱ জীৱনৰ পৰা তথ্য সংগ্ৰহ কৰে৷ নিউৰেল নেটৱৰ্কৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত ডিপ লাৰ্ণিঙ প্ৰযুক্তিত কম্পিউটাৰ মডেল এটাই দৃশ্য, লিপি অথবা ধ্বনি সম্বন্ধীয় নানানটা কাম সন্দেহাতীত দক্ষতাৰে সম্পন্ন কৰিব পাৰে আৰু কেতিয়াবা ই মানুহৰ দক্ষতাকো অতিক্ৰম কৰি যায়৷ এইখিনিতে কৈ থোৱাটো দৰকাৰ যে, চালকবিহীন গাড়ীৰ আঁৰত থকা মূল প্ৰযুক্তিটোৱেই হৈছে ডিপ লাৰ্ণিং৷

যি কি নহওক, নতুন এই প্ৰকল্পটোৱে কৃত্ৰিম বুদ্ধিমত্তাৰ এক উল্লেখনীয় দিশ স্পৰ্শ কৰিলে৷ এতিয়া অনাগত দিনত এই প্ৰকল্পত নতুন চিন্তা, নতুন প্ৰযুক্তি আৰু নানানটা কৌশলৰ আমদানি ঘটিব৷ সম্পূৰ্ণ ত্ৰুটিমুক্ত কৰি কিদৰে ইয়াৰ কাৰ্যক্ষমতা ১০০% পৰ্যন্ত বৃদ্ধি কৰিব পাৰি, কিদৰে ইয়াক সৰ্বসাধাৰণৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি- আদিৰ বিষয়েও চিন্তা-চৰ্চা চলিব৷ আৰু কি ঠিক, আজিৰ পৰা পঞ্চাছ বছৰমানৰ পিছত আপোনাৰ চোতালত কাকতখন দলিয়াবলৈ নতুবা আপুনি ফ্লেটৰ পৰা দলিয়াই দিয়া পলিথিনৰ টোপোলাটো ধৰিবলৈ হয়তো একো একোটা টছিংবটক নিয়োগ কৰা হ’ব!

 

হাৰাৰিৰ ভৱিষ্যৎ-বাণীঃ

 

য়ুভাল নোৱা হাৰাৰি (Yuval Noah Harari) হৈছে সাম্প্ৰতিক সময়ৰ এজন লেখত ল’বলগীয়া ইতিহাসবিদ আৰু সুপ্ৰতিষ্ঠিত লেখক৷ মানৱ জাতিৰ জন্ম আৰু উত্থানৰ শ্বাসৰুদ্ধকৰ বিৱৰণীৰে সমৃদ্ধ তেওঁৰ প্ৰথমখন গ্ৰন্থ ‘ছেপিয়েনছ্’এ (Sapiens) বিশ্বৰ বৌদ্ধিক মহলত একপ্ৰকাৰৰ খলকনিয়েই তুলিছিল৷ কিতাপখনৰ বিক্ৰীৰ হাৰো আছিল অভিলেখ সৃষ্টিকাৰী৷ হাৰাৰিৰ দ্বিতীয়খন গ্ৰন্থ হ’ম’ ডিউছ (Homo Deus) হ’ল ভৱিষ্যতৰ পৃথিৱীখনৰ এক সম্ভাৱ্য দলিল৷ সেইখন কিতাপ সন্দৰ্ভত বিশ্বখ্যাত সাহ্যিতিক কাজুউ ইশ্বিগুৰুৱে মন্তব্য দিছে- “Even more readable, even more important, than his excellent Sapiens”৷ ইতিহাস-লেখনৰ গতানুগতিক আৰু আমনিদায়ক পন্থা পৰিহাৰ কৰি হাৰাৰিয়ে তেওঁৰ কিতাপবোৰ লিখিছে এক নিমজ, গতিশীল আৰু সৰল ভাষাত৷ দুয়োখন কিতাপতে দৃষ্টিগোচৰ হৈছে তথ্যৰ যথোচিত উপস্থাপন আৰু তাৰ পুঙ্খানুপুঙ্খ ব্যাখ্যা৷ যিসমূহ বৈশিষ্ট্যই হাৰাৰিক এজন বিচক্ষণ ইতিহাসবিদ হিচাপেই নহয়, সমাজ-জীৱনৰ এজন অন্তৰ্দৃষ্টিসম্পন্ন পৰ্যবেক্ষক হিচাপেও চিহ্নিত কৰিছে৷

সেইজন হাৰাৰিৰে তৃতীয়খন কিতাপ হৈছে- “21 lessons for the 21st Century” (একৈশ শতিকাৰ একৈশটা শিকনি)৷ নামটোৰ পৰাই বোধহয় পাঠকে কিতাপখনৰ বিষয়বস্তুৰ উমান পাইছে৷ এইখন কিতাপ হৈছে বৰ্তমানৰ পৃথিৱীখনৰ বিষয়ে; মানুহক ধাহি-মুহি নিব খোজা আধুনিক পৃথিৱীৰ দ্ৰুততম ‘পৰিৱৰ্তন’ৰ বিষয়ে; আৰু সেই ‘পৰিৱৰ্তন’ৰ প্ৰচণ্ড শক্তিৰ লগত টিকি থাকিবলৈ আমি মানুহৰ জাতিটোৱে কেনেকৈ নিজকে গঢ়ি তুলিব লাগিব – তাৰ কিছুমান কলা, কৌশল আৰু পদ্ধতিৰ বিষয়ে৷

মুঠ একৈশটা অধ্যায়ত বিভক্ত কিতাপখনৰ দ্বিতীয়টো অধ্যায়ৰ নাম হৈছে ‘Work’ (কাম)৷ অধ্যায়ৰ নামটোৰ তলতে এটা বিশেষ শাৰী লিখা হৈছে, যিশাৰী কথা হয়তো উত্তৰ প্ৰজন্মৰ বাবে নিদ্ৰা-হৰণকাৰী হ’ব পাৰে৷ “যেতিয়া তোমালোক ডাঙৰ হ’বা, তেতিয়া হয়তো তোমালোকৰ ওচৰত একো কাম নাথাকিব৷” (When you grow up, you might not have a job.)

যান্ত্ৰিক ব্যৱস্থাৰ উল্লেখযোগ্য উত্তৰণ, অট’মেছন উদ্যোগৰ নিত্য-নতুন উদ্ভাৱন আৰু এইসমূহৰ বিস্তাৰ তথা প্ৰভাৱে চাকৰিজীৱীৰ জীৱনত সৃষ্টি কৰিব পৰা আহুকলীয়া পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি হাৰাৰীয়ে এই ভৱিষ্যৎ-বাণী কৰিব লগা হ’ল৷ অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে কিছুমান উন্নত মানৰ মাল্টিটাস্কিং ৰবটে সমগ্ৰ পৃথিৱীখন এদিনৰ ভিতৰতে নিজৰ হাতলৈ লৈ আহিব আৰু মানুহে কৰিব পৰা আটাইবোৰ কামেই এ.টি.এম. সদৃশ কিছুমান স্বয়ংক্ৰিয় যন্ত্ৰৰ দ্বাৰা সম্পন্ন হৈ উঠিব৷ প্ৰকৃত সমস্যা তাতকৈও গভীৰ আৰু চিন্তা-উদ্ৰেককাৰী৷ হাৰাৰিয়ে যুক্তিৰে সৈতে প্ৰকাশ কৰিছে যে চাকৰিহীনতাৰ ভীতিটোৰ বাবে তথ্য-প্ৰযুক্তিৰ যুগান্তকাৰী উত্থান সম্পূৰ্ণ দায়ী নহয়৷ তাৰ বাবে দায়ী জীৱ-বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ সন্মিলিত শক্তিও৷ (…The threat of job losses does not result merely from the rise of infotech. It results from the confluence of infotech with biotech)৷ কৈ থোৱাটো দৰকাৰ যে, অনাগত ভৱিষ্যতে এই দ্বিতীয়টো কাৰকহে মানৱ জাতিৰ বাবে অধিক ভীতি-প্ৰদৰ্শক হৈ উঠাৰ সম্ভাৱনা আছে৷

হাৰাৰীৰ ভৱিষ্যৎ-বাণীটোৰ গভীৰতাত প্ৰৱেশ কৰিবলৈ আমি চালকবিহীন গাড়ীৰ ধাৰণাটো চিন্তা কৰিব পাৰোঁ৷ প্ৰথমে বিচাৰ কৰোঁ মানুহে চলোৱা গাড়ীখনৰ কথাটো৷ ধৰা হওক, আপুনি পাহাৰীয়া ৰাস্তা এটাৰে গাড়ী এখন চলাই গৈ আছে৷ পিছে কিছুদূৰ গৈয়েই গাড়ীখন ৰখাব লগা হ’ল৷ কাৰণ, গাড়ীখনৰ পৰা পঞ্চাছ ফুট দূৰৈত ৰাস্তাৰ বাঁওকাষে ৰৈ থকা প্ৰকাণ্ড হাতী এটাই আপোনালৈ সন্দেহজনক দৃষ্টিৰে চাই আছে৷ এতিয়া আপুনি কি কৰিব?

(ক) গাড়ী ঘূৰাই ঘৰমুৱা হ’ব?

(খ) হাতীটোৱে ৰাস্তা পাৰ হোৱালৈ বাট চাই থাকিব?

অথবা

(গ) গাড়ীখন লাহে লাহে আগুৱাই নিব?

বিকল্প নিৰ্বাচনৰ এই ৰোমাঞ্চকৰ খেলখন আপোনাৰ বাবে ঠিক ডিছ্‌ক’ভাৰি চেনেলৰ এটা বিশেষ অনুষ্ঠানৰ দৰে হ’ব পাৰে য’ত বিভিন্ন সংকটপূৰ্ণ পৰিস্থিতিত আপোনাৰ সম্ভাৱ্য সঁহাৰি কি হ’ব – তাক সোধা হয়৷ সি যিয়েই নহওক – হঠাতে আপোনাৰ সমুখত উপস্থিত হোৱা এই বাধা অতিক্ৰম কৰোঁতে আপোনাক অলপ সময় নিশ্চয় লাগিব৷ তৎসত্ত্বেও ভাবি-গুণি লোৱা আপোনাৰ সেই সিদ্ধান্তটো যে সঠিক হ’ব – তাৰ কোনো নিশ্চয়তা নাই৷ হাতীটোৰ গতিবিধি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি সঠিক সিদ্ধান্ত এটা লোৱাত আপোনাৰ পূৰ্ব-আৰোপিত কেতবোৰ চিন্তা, কিছুমান বিভ্ৰান্তি নাইবা অনেক পক্ষপাতিত্বমূলক বিচাৰধাৰাই (Biased Thinking) নেতিবাচক ভূমিকা ল’ব পাৰে৷ ইয়াৰ ফলত আপুনি দুটা বিৰূপ ঘটনাৰ সমুখীন হ’ব পাৰে৷ আপোনাৰ যাত্ৰাভংগ হ’ব পাৰে৷ নাইবা হাতীটোৰ সৈতে প্ৰত্যক্ষ সংঘৰ্ষত আপোনাৰ মৃত্যু হ’ব পাৰে৷

কিন্তু এখন যন্ত্ৰচালিত গাড়ীৰ ক্ষেত্ৰত এনেকুৱা ভুল হোৱাৰ সম্ভাৱনা কম৷ আপোনাৰ যাত্ৰা সফল হোৱাৰ সম্ভাৱনা অধিক৷ হাতীটোৰ পৰৱৰ্তী পদক্ষেপটো কি হ’ব – অৰ্থাৎ, সি ৰাস্তাটো পাৰ হ’ব নে গাড়ীখন খেদি আহিব নে বহুপৰলৈকে ঠাইতে ৰৈ থাকিব – সেইবোৰৰ উত্তৰ যন্ত্ৰচালিত গাড়ীখনে হয়তো চমকপ্ৰদ নিৰ্ভুলতাৰে আপোনাক দি দিব পাৰিব৷ আৰু সেই অনুসৰি সি এটা তাৎক্ষণিক সিদ্ধান্ত লৈ ল’ব পাৰিব৷ দ্বিতীয়টো কথা হৈছে; যন্ত্ৰচালিত গাড়ীৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা উজ্জ্বল৷ ২০১২ চনত আমেৰিকাত সংঘটিত হোৱা পথ-দুৰ্ঘটনাৰ ৩১ শতাংশ দুৰ্ঘটনাই ঘটিছিল সুৰাপায়ী চালকৰ ভুলৰ বাবে৷ ৩০ শতাংশ দুৰ্ঘটনা ঘটিছিল অনিয়ন্ত্ৰিত বেগৰ কাৰণে৷ আৰু ২১ শতাংশ দুৰ্ঘটনা ঘটিছিল অমনোযোগী চালকৰ বাবে৷ কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰগ্ৰামিঙৰ শক্তিৰে সমৃদ্ধ গাড়ীয়ে এনেধৰণৰ ভুল কেতিয়াও নকৰে৷

‘পঞ্চাছ বছৰমানৰ পিছত আপোনাৰ গাড়ীখন আপোনা-আপুনি চলি গৈ থাকিব৷’ এইধৰণৰ গাড়ীৰ কথা শুনিবলৈ আচহুৱা যেন লাগিব পাৰে; কিন্তু পৃথিৱীখন যে এনেকুৱা নহ’বগৈ – তাক আমি একে আষাৰে নস্যাৎ কৰিব নোৱাৰোঁ৷ কৃত্ৰিম বুদ্ধিমত্তা, নিউৰেল নেটৱৰ্ককে ধৰি বিগত সময়ত স্নায়ুবিজ্ঞান আৰু ব্যৱহাৰিক অৰ্থনীতিৰ সম্পৰ্কত নানান আলোচনা-গৱেষণা চলিছে৷ ক্ৰমান্বয়ে তেনে আলোচনাৰ চোক আৰু প্ৰৱণতা বাঢ়িছে৷ এইধৰণৰ গৱেষণাবোৰত এটা গুৰুতৰ কথা পোহৰলৈ আহিছে যে – ভিন ভিন সময়ত মানুহে গ্ৰহণ কৰা সিদ্ধান্তবোৰ অথবা ধাৰণাবোৰ দৰাচলতে স্বজ্ঞা-নিৰ্দেশিত নহয়৷ (যাক আমি ‘বিবেক’ বুলিও ক’ব পাৰোঁ৷) তাৰ পৰিৱৰ্তে সেইবোৰ হৈছে লাখ-লাখ নিউৰনে তৎক্ষণাৎ গণনা কৰি উলিউৱা কিছুমান সম্ভাৱনাহে৷ যিবোৰ সম্ভাৱনা ব্যক্ত কৰোঁতে মানুহৰ নানানটা ক্ৰূটি হ’ব পাৰে৷ সেইবোৰ ‘পাৰফেক্ট’ নহয়৷

নিকটতম ভৱিষ্যতত ঘটিব পৰা এটা ঘটনা সম্পৰ্কে অনুমান কৰা আৰু সেই অনুমানৰ ওপৰত ভিত্তি কৰি সঁহাৰি জনোৱাটো মানুহৰ এক প্ৰকৃতিগত চৰিত্ৰ৷ যন্ত্ৰ এটাই সেই চৰিত্ৰ আয়ত্বলৈ আনিব নোৱাৰে৷ তাত কোনো দ্বিমত নাই৷ কিন্তু যন্ত্ৰ এটাই ঘটনাৱলীসমূহৰ কিছুমান আৰ্হি (Pattern) সংৰক্ষণ কৰি থ’ব পাৰে, সেই ঘটনাবোৰৰ আঁৰত ক্ৰিয়া কৰি থকা কাৰক আৰু ঘটনাবোৰ সংঘটিত কৰোৱা কৰ্তাজনৰ আচৰণ, চিহ্ন নাইবা পৰিৱৰ্তন সংগ্ৰহ কৰি ৰাখিব পাৰে৷ আৰু সেইসমূহ তথ্যৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত নিৰ্দেশাৱলী তৈয়াৰ কৰিব পাৰে৷ আনহাতে মগজুত সঠিক পৰিমাণৰ তথ্য জমা হৈ থাকিলেও বিভিন্ন মনস্তাত্ত্বিক নাইবা অইন কোনো কাৰণত মানুহ এজনে সঠিক সময়ত সেইবোৰ তথ্যৰ সুপ্ৰয়োগ কৰাত ব্যৰ্থ হ’ব পাৰে৷ আঁতৰত থকা হাতীটোৱে পিছমুহূৰ্তত কি কৰিব, সেইয়া বনে-বনে ঘূৰি ফুৰা মানুহজনে নিশ্চয় জানে৷ তেওঁ পূৰ্বতে এনেধৰণৰ ঘটনাৰ সন্মুখীন হৈছে৷ কিন্তু যদিহে মানুহজনক সেইমুহূৰ্তত স্মৃতিশক্তিয়ে ঠগে, বা তেওঁ সুৰাসক্ত হৈ থাকে, বা তেওঁৰ কাষতে বহি থকা আতংকগ্ৰস্ত মানুহজনৰ গগনফলা চিঞৰৰ দ্বাৰা ভীতিগ্ৰস্ত হৈ মানুহজনে খৰখেদাকৈ এটা ‘ভুল সিদ্ধান্ত’ লৈ পেলায়; তেন্তে মানুহজনৰ বিপদ নিশ্চিত৷ যন্ত্ৰচালিত গাড়ী এখনক সেইবোৰ অনাকাংক্ষিত বাহ্যিক কাৰকে পৰিচালিত কৰিব নোৱাৰে৷ কম্পিউটাৰ নিৰ্দেশাৱলীৰে নিৰ্মিত গাড়ীখনে নিয়মমতেই সিদ্ধান্ত ল’ব আৰু নিয়মানুযায়ীয়েই গাড়ীখন চলাব৷

 

কৰ্ম-নিৰ্ভৰ মানুহঃ

 

আগন্তুক সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কেৱল চালকবিহীন গাড়ী নাইবা টছিংবটতেই সীমাবদ্ধ হৈ নাথাকে৷ চিকিৎসা-বিজ্ঞানৰ জটিল ক্ষেত্ৰখনতো কৃত্ৰিম বুদ্ধিমত্তাই যুগান্তকাৰী ভূমিকা পালন কৰাৰ সম্ভাৱনা প্ৰৱল৷ লেখক হাৰাৰিয়ে কিছু যুক্তি আৰু কিছু তথ্যৰ আশ্ৰয় লৈ তাকো জলজল পটপটকৈ দেখুৱাইছে৷ ধৰা হ’ল- বিশ্ব স্বাস্থ্য সংস্থাই নতুনকৈ ধৰা পেলোৱা এবিধ বেমাৰ সম্পৰ্কত এটা জৰুৰী সূচনা ৰাজহুৱা কৰিলে আৰু তাৰ কাৰ্যকৰীকৰণৰ অৰ্থে সমগ্ৰ চিকিৎসক সমাজকে যাৱতীয় ব্যৱস্থা ল’বলৈ তৎক্ষণাৎ পৰামৰ্শ দিলে৷ এতিয়া ধৰি ল’লোঁ- সকলো চিকিৎসকে সংস্থাৰ কথা শুনিলে৷ কিন্তু তাৰ অৰ্থ এইটো নহয় যে- সকলোৱেই ততালিকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব নাইবা ব্যৱস্থাখিনি শুদ্ধতাৰে ল’ব পাৰিব৷ তাত নানানটা মানৱীয় আঁসোৱাহ (Human Error) ৰৈ যাব পাৰে৷ কিন্তু যদিহে মানুহৰ ঠাইত কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন এজন চিকিৎসকক সেই দায়িত্ব দিয়া হয় তেন্তে কথাটো বেলেগধৰণৰ হ’ব৷ ঠিক তেনেকৈয়ে যদি এটা এলেকাৰ, এখন ৰাজ্যৰ অথবা এখন দেশৰ সকলো চিকিৎসককে এক বিশেষ নেটৱৰ্কৰ দ্বাৰা সংঘবদ্ধ কৰা হয় আৰু যিকোনো নিৰ্দেশাৱলী তৎকালীনভাৱে গ্ৰহণ কৰিব পৰাকৈ কাৰ্যক্ষম কৰা হয়; তেন্তে সমগ্ৰ দৃশ্যপটটোৱেই সলনি হৈ পৰিব৷ অৱশ্যে এই প্ৰক্ৰিয়াটোৰ নেতিবাচক দিশ এটাও আছে৷ যদিহে সকলো চিকিৎসককে নিয়ন্ত্ৰণ কৰি থকা প্ৰণালীটোত কিবা যান্ত্ৰিক আঁসোৱাহ উদ্ভৱ হয়, তেতিয়া সেই বিশৃংখলতাৰ অনিয়ন্ত্ৰিত প্ৰৱাহ আটাইবোৰ যন্ত্ৰলৈকে চালিত হ’ব আৰু তেনেকৈয়ে বোধহয় ভাবিব নোৱাৰা এক অঘটনো সংঘটিত হ’ব৷ পিছে গুৰুত্বপূৰ্ণ কথাটো হ’ল- যন্ত্ৰ আৰু মানৱ-বিভ্ৰান্তিৰ তুলনামূলক বিশ্লেষণত সৰ্বশেষত যন্ত্ৰয়েই জয় সাব্যস্ত কৰিছে৷ সেয়েহে আশাবাদী হাৰাৰিয়ে শেষত স্পষ্টতাৰে মন্তব্য কৰিছে যে- “Hence It would be madness to block automation in fields such as transport and healthcare just in order to protect human jobs. After All, what we ultimately ought to protect is humans-not jobs. Redundant drivers and doctors will just have to find something else to do.” (কেৱল চাকৰি বচাবৰ কাৰণেই যাতায়াত আৰু স্বাস্থ্য-খণ্ডত অটোমেছনক গতিৰুদ্ধ কৰাটো একপ্ৰকাৰৰ পাগলামি হ’ব৷ যিহেতু আমি মানুহকহে বচাব লাগে, চাকৰিক নহয়৷ কৰ্মহীন চালক আৰু চিকিৎসকসকলে তেওঁলোকৰ বাবে অইন কাম বিচাৰি ল’ব লাগিব৷)

হাৰাৰিৰ কথা আলোচনা কৰি থাকোঁতেই ফৰচুন আলোচনীৰ এটা বিশেষ বাতৰি চকুত পৰিল৷ টাইৱানৰ এ.আই. বিশেষজ্ঞ (AI Expert) টাই ফু লিৰ মতে, অহা পোন্ধৰ বছৰত অট’মেছন উদ্যোগে ৪০% চাকৰিত ৰবটক প্ৰতিস্থাপিত কৰিব৷ অৰ্থাৎ এই ৪০% চাকৰিত মানুহৰ প্ৰয়োজন নোহোৱা হ’ব৷ কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত স্মৰণযোগ্য বৰঙণি আগবঢ়োৱা টাই ফু লিয়ে বিশ্বৰ প্ৰথমটো ‘স্পীকাৰমুক্ত বিৰতিহীন শব্দ-চিনাক্তকৰণ প্ৰক্ৰিয়া’ (Speaker-Independent Continuous speech recognition) উদ্ভাৱন কৰিছিল৷ গতিকে তেনে এক পৰিপ্ৰেক্ষিতত তেওঁৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ৷ তেওঁৰ মতে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰা মানুহখিনি৷ পৰৱৰ্তী পোন্ধৰটা বছৰ তেওঁলোকৰ বাবে চৰম প্ৰত্যাহ্বানপূৰ্ণ৷ এনেধৰণৰ সতৰ্কবাণী দি থৈছে প্ৰথিতযশা উদ্ভাৱক ইলন মাস্কেও৷ তেওঁ ভাবে যে অট’মেছনে গোটেই মানৱ জাতিৰে প্ৰচুৰ ক্ষতিসাধন কৰিব আৰু সেই ক্ষতিয়ে কুপ্ৰভাৱ পেলাব নিম্ন আয়ৰ শ্ৰেণীটোক৷

অৱশ্যে সেই ক্ষেত্ৰৰে একাংশ মানুহ এই ধাৰণাত সম্পূৰ্ণ পতিয়ন যোৱা নাই৷ তেওঁলোকৰ মতে, কৃত্ৰিম বুদ্ধিমত্তাই একাংশ চাকৰিৰ বিলুপ্তি সাধিব হয়, কিন্তু একেসময়তে ই কিছুমান নতুন চাকৰিৰো সৃষ্টি কৰিব৷ আৰু সেইবোৰ চাকৰিত মানুহ নিয়োজিত হ’ব পাৰিব৷

যি কি নহওক, ইতিহাসবিদ হাৰাৰিৰ ভৱিষ্যৎ-বাণী, বিশেষজ্ঞ টাই ফু লি অথবা ইল’ন মাস্কে পোষণ কৰা ধাৰণাৰ পৰা এইটো স্পষ্ট যে যন্ত্ৰ আৰু যান্ত্ৰিকতাই কৰ্ম-নিৰ্ভৰ মানুহৰ পৃথিৱীখন প্ৰভাৱান্বিত কৰিব৷ এতিয়া কথা হ’ল- সেই প্ৰভাৱৰ শক্তি কিমান হ’ব? তাৰ নিৰ্ভুল উত্তৰ কাৰোৰে হাতত নাই৷ বোধহয় টাই ফু লিৰ মতৰ বিৰোধিতা কৰা ব্যক্তিবিশেষেও সন্দেহাতীত আত্মবিশ্বাসেৰে এই বিষয়ে মতদান কৰিব নোৱাৰিব৷ হাৰাৰিৰ দৰে একাংশ তীক্ষ্ণধী ইতিহাসবিদে তথ্য আৰু বিশ্লেষণৰ জৰিয়তে আহৰণ কৰা কিছুমান মত সময়ে সময়ে নিশ্চয় ব্যক্ত কৰি থাকিব৷ কিন্তু শেষসময়ৰ ছবিখন চাবলৈ আমি হয়তো অপেক্ষা কৰিব লাগিব ‘সময়’লৈ৷ ভৱিষ্যতলৈ৷

 

টোকাঃ

(১) এলগৰিথম (Algorithm) : গাণনিক বা আন কোনো সমস্যা সমাধান কৰিবলৈ কম্পিউটাৰত তৈয়াৰ কৰা কেতবোৰ নীতি৷

(২) ব্যৱহাৰিক অৰ্থনীতি (Behavioral Economics) : অৰ্থনৈতিক সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত মানুহ এজনক মনস্তাত্তিক, সামাজিক, সাংস্কৃতিক আদি নানান কাৰকে প্ৰভাৱান্বিত কৰে৷ এইটো বিষয়ত তাৰেই আলোচনা কৰা হয়৷

 

তথ্য উৎস আৰু সহায়ক গ্ৰন্থঃ

১) Unifying Physics and Deep Learning with TossingBot

২) A.I. Expert Says Automation Could Replace 40% of Jobs in 15 Years

৩) 21 lessons for the 21st Century, Yuval Noah Harari.

 

1Comment
  • Uttam Nath
    Posted at 21:16h, 05 April Reply

    ভাল লাগিল পঢ়ি-জানি!

Post A Comment