“গণিতৰ মোৎজাৰ্ট” বুলি ক’লে টেৰেন্স টাৱে ভাল নাপায় কিয়

আমাৰ এই সময়ৰ আটাইতকৈ বিস্ময়কৰ গণিতজ্ঞজন কোন বুলি সুধিলে “টেৰেন্স টাও” বুলি সততে কোৱা হয়। যাৰ বয়স আজি ৪৪ বছৰ। তেওঁৰ দৰে প্ৰতিভা পুনৰ পাবলৈ পৃথিৱীয়ে কেইবা শতিকা অপেক্ষা কৰিবলগীয়া হয়। তেওঁক কোৱা হয় “গণিতৰ মোৎজাৰ্ট” বুলি। আমাৰ এ আৰ ৰহমানৰ সংগীত প্ৰতিভাৰ কথা আলোচনা কৰোঁতেও কেতিয়াবা মোৎজাৰ্টৰ নাম লোৱা হয়। মোৎজাৰ্টে পাঁছ বছৰ বয়সতে, দেউতাকে বায়েকক পিয়ানো বজাবলৈ শিকোৱা চাই চাই নিজেই বজাবলৈ শিকি পেলাইছিল। মাথোঁ ৩৫ বছৰ জীয়াই থকা মোৎজাৰ্টৰ নামটো সৰ্বকালৰ বাবে সংগীতৰ সমাৰ্থকত পৰিণত হ’ল। টেৰেন্স টাৱেও একেবাৰে সৰুতেই আনক দেখি দেখি নিজে অংক শিকিছিল আৰু তেওঁতকৈ বয়সত যথেষ্ট ডাঙৰ ছাত্ৰ-ছাত্ৰীৰ বিষয়খিনি পঢ়ি ডাঙৰবোৰকো বুজাব পৰা হৈছিল। মোৎজাৰ্টৰ পৰা সংগীত নিৰৱচ্ছিন্নভাবে বৈ অহা বুলি কোৱা হয়। আৰু টেৰেন্স টাৱে সেই শৈষৱ অতিক্ৰম কৰাৰে পৰা গণিতৰ বহু বিষয়ৰ বিশাৰদ ৰূপে অহৰহ নতুন নতুন তত্ত্ব বাহিৰ কৰি আছে, আৰু সেয়া কৰিছে অতি অসাধাৰণ বিচক্ষণতাৰে অতুলনীয় ৰূপে। সেয়েহে টাওক কোৱা হয় গণিতৰ মোৎজাৰ্ট। কিন্তু অলপতে টাৱে এই সম্পৰ্কত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

মোৎজাৰ্টৰ জীৱন কাহিনীক লৈ নিৰ্মিত, কেইবাটাও অস্কাৰ বিজয়ী চিনেমা “Amadeus”খনো টাৱে চাইছে। মোৎজাৰ্টৰ আচৰণ আৰু স্বভাৱ অলপ বিৰক্তিদায়ক। তেওঁ আছিল কিছু অহৌবলিয়া ধৰণৰ, স্ব-নিয়ন্ত্ৰণহীন, মানুহৰ লগত কথা-বতৰা বা মিলা-মিচা কৰাত সুষ্ঠ ব্যক্তিত্বশালী নহয়। তেওঁৰ আদব-কাইদা গণ্ডগুলীয়া। বলিয়া প্ৰতিভা এটিৰ ৰূপত এইবোৰ কথাক কেতিয়াবা ধৰা যায়। চিকিৎসা-বিজ্ঞানৰ কোনো কোনো গৱেষকে সেয়া তেওঁৰ এক স্নায়ৱিক গণ্ডগোল আছিল নেকি বুলিও চৰ্চা কৰে। ইয়াৰ বিপৰীতে টাও এজন শান্ত স্বভাৱৰ মানুহ, তেওঁ পৰিশীলিত ব্যক্তিত্বৰ অধিকাৰী, মৃদু স্বৰত বস্তুনিষ্ঠ তেওঁৰ কথা-বতৰা। টাওৰ মাজতো কিছুমান ব্যতিক্ৰমী আচৰণ আছে, কিন্তু তেওঁ স্ব-নিয়ন্ত্ৰিত। টাৱে কয় যে তেওঁ মোৎজাৰ্টৰ দৰে তেনেকুৱা হ’ব নিবিচাৰে, আৰু আনহাতে মোৎজাৰ্টৰ অকালতে বিয়োগ ঘটিছে। কিন্তু টাওক গণিতৰ মোৎজাৰ্ট বুলি ক’লে বৰ এটা ভাল নোপোৱাৰ মূল কাৰণটো ইয়াতকৈয়ো সুকীয়া।

যদিহে মোৎজাৰ্টৰ মাধ্যমেৰে স্বতঃস্ফূৰ্তভাৱে সংগীত বাহিৰ হৈ আহিছিল তেন্তে সি একদম সুকীয়া কথা। দৰাচলতে সেইটো বিশ্বাসযোগ্য কথাও নহয়। যদি সেইটো হয়ো, টাৱে কয় যে তাৰ পৰিৱৰ্তে তেওঁৰ মাজলৈ গাণিতিক অন্তৰ্দৃষ্টি যেতিয়া আহে সেয়া অতি কঠোৰ পৰিশ্ৰমৰ শেষতহে আহে। পঢ়াৰ জৰিয়তে, আন গণিতজ্ঞৰ জৰিয়তে, দীঘলীয়া পদযাত্ৰাৰ জৰিয়তে তেওঁ গাণিতিক ধাৰণাসমূহ আহৰণ কৰে। কেতিয়াবা নতুনকৈ মনলৈ অহা একোটা ধাৰণাই পূৰ্বতে ক’ৰবাত দেখা সেইধৰণৰ সমস্যা একোটা মনত পেলাই দিয়ে, যিটো নেকি এই ধাৰণাটোৰ সহায়ত এতিয়া সমাধান কৰিব পৰা যায় বা সমাধানটো কিছুদূৰ আগুৱাব পৰা যায়।

গাণিতিক সৃষ্টি একোটাত সদায় দেখা যায় যে দিনৰ পাছত দিন চেষ্টা কৰি থকা হৈছে, কিন্তু ফলশ্ৰুতিত গৈ একো নোলায়। বিজুলী-বাতিৰ বিকাশ সাধন কৰি থকা অৱস্থাত থমাছ আলভা এডিছনৰ যিটো কাহিনী — ফিলামেণ্ট নিৰ্মাণৰ বাবে তেওঁৰ দলটোৱে হেজাৰ বাৰ চেষ্টা কৰি কৰি বিফল হৈছে, আৰু কোনোবা এজনে হতাশ হৈ তেওঁক কৈছেগৈ যে এইটো নিৰ্মাণ কৰিব পৰা নাযাব; আৰু তেতিয়া এডিছনে কৈছে যে হেজাৰবাৰ বিফল হোৱাৰ জৰিয়তে এইটো প্ৰমাণ হোৱা নাই যে বস্তুটো নিৰ্মাণ কৰিব পৰা নাযাব, আচলতে এইটো ভালহে হৈছে যে এই এহেজাৰটা বস্তুৰে সেইটো নিৰ্মাণ কৰিব নোৱাৰি বুলি প্ৰমাণ হৈছে। গাণিতিক সৃষ্টিত এই কাহিনী অহৰহ ঘটি থাকে। টাৱেও সেই কথাই কয়। ইয়াত প্ৰায়ভাগ কামৰ শেষত একোৱেই পোৱা নাযায়; দিনৰ পাছত দিন আপুনি অংক এটা কৰি আছে আৰু শেষত গম পালে যে সেই পথেৰে গৈ গৈ নতুন একোৱেই নোলায়; তাৰ পাছত সেই কাগজ-পত্ৰবোৰ খালত পেলায়। কিন্তু সেই ফলহীনতাত উপনীত হৈয়ো বিষয়টো বহু শিকা যায়। টাৱে কয় যে গণিতত সিদ্ধ-হস্তসকলে সমস্যা একোটাৰ উত্তৰ উলিয়াবলৈ একদম সঠিক পথটোৱেই বাচি লয় আৰু উত্তৰটো উলিয়াই দিয়ে, এইধৰণৰ এটা ভুল ধাৰণা আছে। অসংখ্য ভুল-শুদ্ধৰ পৰীক্ষা-নিৰীক্ষা কৰি, বিভ্ৰান্তিকৰ ধাৰণা কিছুমানত লাগিহে বহু সময় পাৰ কৰা যায়। আৰু কেতিয়াবাহে উত্তৰটো পোৱা যায়। তেওঁ জোৰ দি কয় যে গাণিতিক সমাধানৰ কামটো অৰৈখিক, ই সিধাসিধি কাম নহয়। সেয়েহে তেওঁ মোৎজাৰ্ট নহয়। কিন্তু তথাপি টাৱৰ অসাধাৰণ অৱদানৰ বাবে তেওঁৰ অনুৰাগী আৰু তেওঁৰ কৰ্মৰ প্ৰতি মূৰ দোঁ খাই যোৱাসকলৰ সম্ভৱতঃ সকলোৰে মাজত তেওঁৰ এই পৰিচয়টো অতিকে প্ৰিয়।

1 Comment
  • Chandan Bora
    Posted at 16:27h, 07 May Reply

    আধৰুৱা আধৰুৱা লাগিল । আৰু যেন বহুত কিবাকিবি জানিবলৈ থাকিল । লিখকক ধন্যবাদ ।

Post A Comment