বিৱৰ্তনৰ জৰিয়তে প্ৰথম আদিম মানুহ (Homo erectus), তাৰ পাছত আধুনিক বা চিন্তাশীল মানৱ (Homo sapiens) আৰু শেষত আহিছিল কাৰিকৰী মানৱ (Homo faber)৷ এই বিৱৰ্তনৰ প্ৰক্ৰিয়াতে মানুহে চিন্তাৰ ক্ষমতা লাভ কৰিছিল, লাভ কৰিছিল “গাঠনিকভাৱে বিৰোধসমৰ্থ বৃদ্ধাঙ্গুষ্ঠি”৷ বিৱৰ্তন প্ৰক্ৰিয়াত গাঠনিক পৰিৱৰ্তনৰ ফলত মানুহৰ হাতখনে নিৰ্মাণ কৰাৰ বা...

“Srinivasa Ramanujan was the strangest man in all of mathematics, probably in the entire history of science.” - Michio Kaku. (আমেৰিকাৰ তাত্ত্বিক পদাৰ্থবিদ।) যিকোনো এটা সংখ্যাক সেই একেই সংখ্যাৰে হৰণ কৰিলে হৰণফল ‘এক’ হয়৷ অষ্টম শ্ৰেণীত অংকৰ শিক্ষকজনে সেইদিনা এই কথাটো ছাত্ৰ-ছাত্ৰীহঁতক বুজাই আছিল৷ তেনেতে শিক্ষকজনক...

“Solitude matters, and for some people, it’s the air they breathe.” - Susan Cain. “তই ইমান ব’ৰ কিয়? মানুহৰ লগত কথাকে পাতিব নোখোজ যে৷ অলপ ছ’ছিয়েল হ’বলৈ শিকিবিচোন৷” “কি ছোৱালী অ’ এইজনী! মাত এটা দিবলৈ ওলাই নাহিল! নিবোকা-চামোন ক’ৰবাৰ!” “ল’ৰা-ছোৱালী ইমান লাজুকৰীয়া হ’লে নহ’ব ডাঙৰীয়া৷ ল’ৰাটোক অলপ স্মাৰ্ট...

“I regard the brain as a computer which will stop working when its components fail. There is no heaven or afterlife for broken-down computers; that is a fairy story for people afraid of the dark.” — Stephen Hawking. পঞ্চম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক এটা ডিজিটেল কেলকুলেটৰ...

সোতৰ বছৰীয়া এজনী ছোৱালী৷ মালবিকা ৰাজ যোশী৷ ঘৰ মুম্বাইত৷ মাকৰ নাম সুপ্ৰিয়া৷ দেউতাকৰ নাম ৰাজ৷ মালবিকা এজনী মেধাৱী ছোৱালী৷ ভাৰতৰ নম্বৰ-সৰ্বস্ব শিক্ষা-ব্যৱস্থাত সকলো বিষয়তে সৰ্বোচ্চ নম্বৰ লাভ কৰি শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ-পত্ৰ এখনৰ অধিকাৰিণী হোৱাকে ‘মেধাৱী ছাত্ৰী’ হিচাপে গণ্য কৰা হয়৷ পিছে এইক্ষেত্ৰত মেধাৱী ছাত্ৰী মালবিকা...

আমাৰ মাজৰ কিমানজনে গম পায় যে সংবিধানৰ ৫২তম অধ্যায়(ক)ৰ ৪২তম সংশোধনী মতে “বৈজ্ঞানিক মানসিকতা, মানৱীয়তা আৰু অনুসন্ধানশীলতাৰ অনুশীলন কৰা প্ৰত্যেক নাগৰিকৰে এটা কৰ্তব্য”। অৰ্থাৎ, বৈজ্ঞানিক মানসিকতা অৱলম্বন কৰাটো বৰ্তমান সময়ত নিতান্তই প্ৰয়োজনীয় হোৱাৰ উপৰি সংবিধান মতেও ই প্ৰত্যেক নাগৰিকৰ দেশৰ প্ৰতি থকা মৌলিক কৰ্তব্যৰ ভিতৰত...

এচ. কেছৱেনে কৈছে যে যদি কোনো ব্যক্তি গভীৰভাৱে আকৃষ্ট গণিতৰ প্ৰতি তেন্তে তেওঁ সঁচাকৈ গণিতত এক সন্তুশজনক ভৱিষ্যত গঢ়িব পাৰিব। গণিতৰ এক দীঘলীয়া আৰু পৌৰাণিক পৰম্পৰা আছে। সুল্ভাসুত্ৰাচ, শাস্ত্ৰসন্মত পৰিৱৰ্ত্তন গঠনৰ বাবে ব্যৱহাৰ কৰা লিখনি, য’ত বহুতো গাণিতিক পৰিণাম আৰু গঠন আছে। এইবোৰতে পাইথাগোৰাচ সূত্ৰৰ এক...

পৰিসংখ্যা বিজ্ঞান কি? ‘Statistics’ শব্দটো লেটিন শব্দ ‘Status’ ৰ পৰা উদ্ভৱ হৈছে। পৌৰাণিক কালত একোখন ৰাজ্যৰ লগত জড়িত বিভিন্ন তথ্য সমূহকে পৰিসংখ্যা বুলি ধৰা হৈছিল। বৰ্তমান সময়ত অৱশ্যে ‘Statistics’ শব্দটো একবচন ‘Statistic’ শব্দটোৰে কোনো ব্যক্তি সমষ্টি সম্পৰ্কীয় সাংখ্যিকীয় তথ্যৰ সংগ্ৰহ, বিশ্লেষণ আৰু তাৎপৰ্য্য ব্যাখ্যা কৰা বিজ্ঞানক...